মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / আৰু এখন স্বাধীনতা সংগ্ৰাম৷৷ টুনুজ্যোতি গগৈ৷৷

আৰু এখন স্বাধীনতা সংগ্ৰাম৷৷ টুনুজ্যোতি গগৈ৷৷

আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাবে বুকু ফুলাই গৌৰৱ কৰিবলৈ বা স্বাধীনতা দিৱস উৎসৱত আনন্দ-উৎসাহেৰে ভাগ ল’বলৈ কোনোদিনেই আন্তৰিক তাগিদা অনুভৱ কৰা নাই। স্বাধীনতাৰ এসত্তৰ বছৰৰ পাছতো দেশৰ গৰিষ্ঠসংখ্যক মানুহে যেতিয়া অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হয়, শিক্ষা-চিকিৎসা-জীৱনৰ নিৰাপত্তা আদি সকলোবোৰ দিশতে বিভিন্নধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ থাকে; তেতিয়া এখন স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱ কৰাৰ অৱকাশো নাথাকে। দেশৰ কোটি কোটি দৰিদ্ৰ, নিবনুৱা, আশিক্ষিত আদি লোকৰ বাবে স্বাধীনতা নামৰ শব্দটোৱেই প্ৰহসনৰ এক প্ৰতীক হৈ পৰিছে। দেশত ঋণৰ বোজা বহন কৰিব নোৱাৰি ইজনৰ পাছত সিজন কৃষকে আত্মহত্যা কৰিয়েই আছে, বঞ্চিত-লাঞ্চিতসকলে প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত মিছিলৰ পাছত মিছিল বাহিৰ কৰিয়েই আছে আৰু এইসকলৰ হৈ মাত মতা জনৰ কণ্ঠৰোধ কৰাৰ অপচেষ্টা চলিছে। স্বাধীনতা শব্দটো সেইসকলৰ বাবেহে অৰ্থপূৰ্ণ – যিসকলে ৰাজকোষত সিন্ধি দি ধন-সম্পত্তিৰ পাহাৰ গঢ়িছে, সৰ্বসাধাৰণৰ মূৰত কঁঠাল ভাঙি খাবলৈ শিকিছে, বিভিন্ন অপৰাধমূলক কাম-কাজত লিপ্ত হৈয়ো আইনৰ সুৰুঙাৰে ৰঙাঘৰলৈ নোযোৱাকৈ থাকিব পাৰিছে।

স্বাধীনতা সংগ্ৰামীসকলে, বিশেষকৈ মহাত্মা গান্ধীয়ে সপোন দেখিছিল– স্বাধীন ভাৰতত উকীল আৰু নাপিতৰ উপাৰ্জন সমান হ’ব আৰু দলিত-সংখ্যালঘুসকলে তথাকথিত উচ্চবৰ্ণৰ লোকসকলৰ সৈতে একেশাৰীতে বহিব পাৰিব। স্বাধীনতা প্ৰাপ্তিৰ পাছত ভাৰতবাসীৰ মাজত সঘনে উচ্চাৰিত হৈছিল ‘ৰামৰাজ্য’, ‘গ্ৰাম স্বৰাজ’ ‘শ্ৰেণীহীন সমাজ’ আদি শব্দবোৰ। বেছিভাগেই ভাবিছিল যে স্বাধীনতা প্ৰাপ্তিৰ পাছত দেশৰ সকলো নাগৰিক অভাৱৰপৰা মুক্ত হ’ব, নিবনুৱাসকলে উপযুক্ত কৰ্মসংস্থানেৰে নিজকে প্ৰতিষ্ঠা কৰিব, সকলোৱে নিজ প্ৰতিভা বিকাশৰ সুবিধা পাব আৰু দেশখন সুখ-শান্তি-সমৃদ্ধিৰে ভৰি পৰিব। এখন শ্ৰেণীহীন আৰু ধৰ্ম নিৰপেক্ষ দেশ গঢ়াৰ সপোনত বেছিভাগ লোকেই বিভোৰ হৈছিল। বাস্তৱত দেখা গ’ল যে গান্ধীৰ ‘গ্ৰাম স্বৰাজ’ৰ সপোন বাস্তৱায়িত নহ’ল। স্বাধীন দেশখনত পুঁজিপতিৰ পত্নীয়ে কোটিটকীয়া বিলাসী ম’বাইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে জৰৌৰোৱা পঁজাত বাস কৰা কোটি কোটি জনতাই এমুঠি ভাতৰ বাবে হাহাকাৰ কৰে। ধৰ্ম-জাত-পাতৰ নামত ক্ষমতাকেন্দ্ৰিক ৰাজনীতি অব্যাহত আছে আৰু দলিত-সংখ্যালঘু-জনজাতীয়সকলৰ সাংবিধানিক অধিকাৰ বাৰে বাৰে খৰ্ব কৰিব বিচৰা হৈছে।

স্মৰণীয় যে স্বাধীন ভাৰতৰ সংবিধানখন কেনেকুৱা হ’ব, সেয়া ১৯৪২ চনৰ আঠ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গৃহীত কৰা বৃটিছৰ ভাৰত ত্যাগ প্ৰস্তাৱত প্ৰসংগক্ৰমে উল্লেখ কৰা হৈছিল। তাত কোৱা হৈছিল যে ভৱিষ্যতৰ সংবিধানখন সংঘীয় (Federal) আৰ্হিত হ’ব লাগে, য’ত বিভিন্ন গোট (Unit) অৰ্থাৎ ৰাজ্যসমূহৰ বাবে পূৰ্ণ পৰ্যায়ৰ স্বনিয়ন্ত্ৰণৰ অধিকাৰ থাকিব। এই কথাখিনি ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সংবিধান সভাত দাখিল কৰা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱতো ব্যক্ত কৰিছিল। কিন্তু, পৰিতাপৰ বিষয় যে ভাৰতৰ সংবিধান সভাই প্ৰণয়ন কৰা সংবিধানখনত ভাৰত ত্যাগ প্ৰস্তাৱৰ সংবিধান সম্পৰ্কীয় কথাখিনি সন্নিৱিষ্ট নহ’ল। অংগ ৰাজ্যসমূহে পূৰ্ণ পৰ্যায়ৰ স্বনিয়ন্ত্ৰণৰ অধিকাৰ পোৱা হ’লে ভাৰতৰ বিভিন্ন প্ৰান্তত বিচ্ছিন্নতাবাদৰ সমস্যাই মূৰ দাঙি নুঠিলহেঁতেন আৰু বিভিন্ন ধৰণৰ সশস্ত্ৰ সংগ্ৰামো সৃষ্টি নহ’লহেঁতেন। উল্লেখ্য যে স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰসংগটো ৰাষ্ট্ৰসংঘৰ চনদৰ উপৰি সাৰ্বজনীন মানৱাধিকাৰ ঘোষণাপত্ৰৰ আলমত প্ৰণীত দুখন আন্তজাৰ্তিক চুক্তিৰ এক নং ধাৰাতে ব্যক্ত কৰা হৈছে। অংগৰাজ্যসমূহে স্বনিয়ন্ত্ৰণৰ অধিকাৰ নাপালে যে প্ৰকৃত স্বাধীনতা নিৰৰ্থক হৈ পৰে, সেয়া অসমৰ জনসাধাৰণে অতদিনে ভোগ কৰি অহা সমস্যাসমূহেই প্ৰমাণ কৰে।

বিশাল ভাৰতৰ সৈতে অবিভক্ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰত কিছু সম্পৰ্ক থাকিলেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত কোনো সম্পৰ্ক নাছিল। ইয়াণ্ডাবু সন্ধি সম্পন্ন হোৱাৰ পূৰ্বলৈকে অসম এখন স্বাধীন সাৰ্বভৌম দেশ হিচাবেই পৰিচিত আছিল। প্ৰাকৃতিক সম্পদত চহকী এই দেশখনক ব্ৰিটিছ প্ৰশাসনে প্ৰশাসনিক সুবিধাৰ্থে ভাৰতৰ সৈতে চামিল কৰাৰ পাছৰ পৰাই অসমৰ স্বাধীনতাৰ সূৰ্য অস্তমিত হয়। ব্ৰিটিছ ঔপনিৱেশিক শক্তিয়ে ভাৰতক স্বাধীনতা দিয়াৰ লগে লগে অসমকো সুকীয়াভাৱে স্বাধীনতা দিব লাগিছিল। কিন্তু, প্ৰাকৃতিক সম্পদত অসম ঐশ্বৰ্যশালী হোৱা বাবেই বিদেশী শাসক পক্ষই অসমক ভাৰতৰ সৈতে চামিল কৰিহে তথাকথিত স্বাধীনতা প্ৰদান কৰিলে। হেজাৰ হেজাৰ বিঘা সোণ হেন মাটিত খোলা চাহ বাগিচা, তৈলক্ষেত্ৰ, কয়লাক্ষেত্ৰ আদিৰে পৰিপূৰ্ণ অসমৰ প্ৰতি দেশী-বিদেশী শাসকপক্ষৰ লোলুপ দৃষ্টি থকাটো স্বাভাৱিক আছিল। তথাকথিত স্বাধীনতা বুলি এই কাৰণেই কৈছো যে বিদেশী শাসকপক্ষই দেশীয় বুৰ্জোৱা, দালাল, পুঁজিপতিসকলৰ নেতৃত্বত থকা জাতীয় কংগ্ৰেছৰ ওচৰত ভাৰত উপমহাদেশক চক্ৰান্তমূলকভাৱে দ্বিখণ্ডিত কৰি ক্ষমতাহে হস্তান্তৰ কৰিছিল; ঔপনিৱেশিক লুণ্ঠন পূৰ্বৰ দৰেই অব্যাহত ৰাখিবৰ বাবে অৰ্থনৈতিক স্বাধীনতা দিয়া নাছিল। অৰ্থনৈতিক স্বতন্ত্ৰতা অবিহনে কোনো এখন দেশে লাভ কৰা স্বাধীনতাক প্ৰকৃত স্বাধীনতা বুলি ক’ব নোৱাৰি।

স্বাধীন অসমৰ শাসকপক্ষ মাজে সময়ে বিভিন্ন অন্তৰ্কন্দলত জৰ্জৰিত হৈ থকাৰ ফলত শাসিতপক্ষ কিছু পৰিমাণে উত্যক্ত হ’বলগীয়া হ’লেও জনসাধাৰণে জীৱনৰ মৌলিক প্ৰয়োজনবোৰৰ বাবে হাহাকাৰ কৰিব লগা নহৈছিল। অসমৰ জনসাধাৰণে এক স্বনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতিৰ আওতাত তুলনামূলকভাৱে স্বচ্ছলভাৱেই জীৱননিৰ্বাহ কৰিছিল। কিন্তু, স্বাধীনতা লাভ কৰাৰ পাছৰ পৰাই অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে তথৈবচ হৈ পৰিল। স্বাধীন দেশখনত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে গঠিত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ অকৰ্মণ্যতা, অপৰিপক্কতা, অদূৰদৰ্শিতা, সীমাহীন দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বাবেই ধ্বংস হৈ পৰিল গ্ৰাম্য অৰ্থনীতিৰ কাঠামো – ধনে-ধানে উভেনদী ভোগালী গাঁওবোৰ ৰূপান্তৰিত হ’ল ধন-ধানহীন কঙালী গাঁৱলৈ। সময়ৰ দাবী অনুসৰি ৰাজ্যৰ ঠায়ে ঠায়ে উদ্যোগীকৰণ আৰম্ভ হ’ল ঠিকেই, কিন্তু স্থানীয় নিবনুৱা দুজনমান তৃতীয়-চতুৰ্থ বৰ্গৰ পদত সংস্থাপিত হোৱাৰ বাদে (বিষয়াৰ পদত নিযুক্ত হোৱা অসমীয়া কেইজননো আছে?) ৰাজ্যখনৰ সামগ্ৰিক বিকাশ নহ’ল।

কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি দীৰ্ঘদিনৰ পৰাই অভিযোগ উঠি আহিছে। অসমৰ চাহ-তেল-কয়লা আদিক কেন্দ্ৰই ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰিলেও অসমৰ বান বা খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে গণ্য নকৰে। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ জৰিয়তে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰাকৃতিক সমস্যা এটাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব নিবিচাৰে। কেন্দ্ৰৰ এনে বৈষম্যমূলক দৃষ্টিভংগীৰ বাবেই অসমত আলফাৰ দৰে এক সশস্ত্ৰ সংগঠনৰ উত্থান ঘটিছিল। স্বাধীনতাৰ দাবীত আলফাই গ্ৰহণ কৰা পন্থা ভুল নে শুদ্ধ, সেয়া অন্য আলোচনাৰ বিষয়; কিন্তু আলফাৰ দাবীৰ ঐতিহাসিক ভিত্তিও আছিল। বৰ্তমান বিভিন্ন কাৰণত সাৰ্বভৌম স্বাধীন অসমৰ সপোন কাৰো পক্ষেই বাস্তৱায়িত কৰাৰ পথ সুগম হৈ থকা নাই। তথাপি, ভাৰত ত্যাগ প্ৰস্তাৱত উল্লেখ থকা স্বনিয়ন্ত্ৰণৰ দাবীত প্ৰতিখন অংগ ৰাজ্যই সৰৱ হৈ উঠা উচিত।

লক্ষণীয় যে কেৱল অসমৰে নহয়, ভাৰতৰ অন্যান্য অংগৰাজ্যসমূহৰ থলুৱা অৰ্থনীতিও ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতৰ শস্যাগাৰ ৰূপে পৰিচিত অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ আদি ৰাজ্যৰ কৃষকসকলে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে। ঋণ পৰিশোধ কৰিব নোৱাৰি কৃষকসকলে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা ঘটনাই এখন স্বাধীন দেশৰ থলুৱা অৰ্থনীতিৰ বিধ্বস্ত ৰূপটোৱেই উদঙাই নিদিয়ে, স্বাধীনতাৰ প্ৰকৃত স্বৰূপো উদঙাই দিয়ে। স্বাধীন দেশৰ কৃষক-শ্ৰমিকসকলে জীয়াই থকাৰ অধিকাৰ হেৰুৱাৰ এনে পৰিৱেশ ১৯৯১ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে অৰ্থনৈতিক উদাৰ নীতি গ্ৰহণ কৰাৰ পাছৰ পৰাই ৰচনা হৈছিল। আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ পথ ত্যাগ কৰি পুঁজিবাদী বিশ্বায়নৰ নামত বিদেশী বহুজাতিক প্ৰতিষ্ঠানৰ বাবে ভাৰতৰ বিশাল বজাৰখন মুক্ত কৰি দিয়াৰ ফলতেই সৰ্বসাধাৰণৰ অৱস্থা তথৈবচ হৈ পৰিল। প্ৰকৃততে জীয়াই থকাৰ অধিকাৰ (যি অধিকাৰ কামৰ অধিকাৰৰ জৰিয়তে অহাটো নিশ্চিত) মৌলিক অধিকাৰ ৰূপে স্বীকৃত হ’লেহে সৰ্বসাধাৰণে সঁচা অৰ্থত স্বাধীন দেশৰ নাগৰিক হিচাবে মূৰ দাঙি জীৱন নিৰ্বাহ কৰাৰ সুযোগ পাব।

প্ৰসংগক্ৰমে উল্লেখ কৰি থওঁ যে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘ভাৰত বিধাতা’ শীৰ্ষক একত্ৰিছ শাৰীৰ গীতটিৰ নিৰ্বাচিত সাত শাৰীয়েই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃত। ১৯১১ চনত ব্ৰিটিছ সাম্ৰাজ্যৰ ৰাজকুমাৰ পঞ্চম জৰ্জ ভাৰতলৈ আহোতে তেওঁক সম্ভাষণ জনাবলৈ ঠাকুৰে ‘ভাৰত বিধাতা’ গীতটি লেখিছিল। গীতটিৰ শেষৰ শাৰী কেইটিমান লক্ষ্য কৰক–
‘পতন-অভ্যুদয়-বন্ধুৰ পন্থা, যুগ যুগ ধাবিত যাত্ৰী
হে চিৰ সাৰথি, তব ৰথচক্ৰে মুখৰিত পথ দিনৰাত্ৰি।
দাৰুণ বিপ্লব-মাঝে তব শঙ্খধ্বনি বাজে সংকট দুঃখত্ৰাতা।
জনগণ পথ পৰিচায়ক জয় হে ভাৰত ভাগ্য বিধাতা।
… …. … … …. … … …. …
ঘোৰতিমিৰ ঘন নিবিড় নিশীথে পীড়িত মূৰ্ছিত দেশে
জাগ্ৰত ছিল তব অবিচল মঙ্গল নতনয়নে অনিমেষে।
দুঃস্বপ্নে আতঙ্কে ৰক্ষা কৰিলে অহো
স্নেহময়ী তুমি মাতা
… …. … … …. … … …. …
ৰাত্ৰি প্ৰভাতিল, উদিল ৰবিচ্ছবি পূৰ্ব উদয়গিৰি ভালে
গাহে বিহঙ্গম, পূণ্য সমীৰণ নব জীবন ৰসে ঢালে।
তব কৰুণাৰুণৰাগে নিদ্ৰিত ভাৰত জাগে
তব চৰণ নত মাথা।
জয় জয় জয় হে, জয় ৰাজেশ্বৰ ভাৰত ভাগ্যবিধাতা।’

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গোলামি মানসিকতা ভাৱে-ভাষাই মূৰ্ত হৈ উঠা এই গীতটিৰ নিৰ্বাচিত অংশ ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃত হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য নাজানো, কিন্তু সম্পূৰ্ণ গীতটি পঢ়িবলৈ-শুনিবলৈ পোৱা স্বাধীন দেশৰ এজন স্বাভিমানী নাগৰিকে ৰাষ্ট্ৰীয় সংগীতটি মন খুলি উদাত্ত কণ্ঠেৰে গাব নোৱাৰে।

সি যি নহওক, শেহতীয়াকৈ দেশত মুক্ত চিন্তাৰ কৰাৰ পৰিৱেশেই নোহোৱা হৈছে। গণতান্ত্ৰিক চেতনাসম্পন্ন ব্যক্তিসকলৰ কণ্ঠৰোধ কৰিবলৈ এক স্বৈৰাচাৰী শক্তিয়ে অহৰহ অপচেষ্টা কৰি আছে। নিৰ্ধাৰণ কৰা হৈছে দেশপ্ৰেমৰ নতুন সংজ্ঞা। শাসক শ্ৰেণীৰ ডাঙৰ ভুলটো হ’ল এই যে তেওঁলোকে প্ৰতিবাদী শক্তিসমূহে উত্থাপন কৰিব বিচৰা ৰাজনৈতিক প্ৰশ্নবোৰক আইন-শৃংখলাৰ প্ৰশ্ন বুলি গণ্য কৰে আৰু প্ৰতিবাদী শক্তিসমূহৰ ওপৰত ৰাষ্ট্ৰ সন্ত্ৰাস জাপি দয়ে। এই ৰাষ্ট্ৰ সন্ত্ৰাসেই সৃষ্টি কৰে বিভিন্নধৰণৰ ব্যক্তি বা সমষ্টি সন্ত্ৰাস। সেইদৰে, শাসক গোষ্ঠীয়ে সশস্ত্ৰ আৰক্ষী-সামৰিক বাহিনীৰে পৰিৱেষ্টিত এক সন্ত্ৰাসিত পৰিৱেশৰ মাজত মহা আড়ম্বৰেৰে স্বাধীনতা দিৱস পালন কৰি দেশৰ আশী শতাংশ দৰিদ্ৰ, খাটিখোৱা, নিম্ন মধ্যবিত্ত লোকক জোৰকৈ বুজাই দিয়ে যে এয়াই দেশৰ স্বাধীনতা উৎসৱ ! পোন্ধৰ আগষ্টৰ আগে-পিছে চৰকাৰৰ তৎপৰতাত সূচনা হোৱা যুদ্ধ সদৃশ পৰিৱেশ আৰু স্বাধীনতা দিৱস পালনৰ নামত সৰ্বসাধাৰণৰ ওপৰত চলোৱা জোৰ-জুলুমে সচেতন নাগৰিকৰ মনত এনে ভাৱহে উদ্ৰেক কৰে যে এয়া স্বাধীনতা দিৱস নহয়, ৰাষ্ট্ৰই ক্ষমতা কুক্ষিগত কৰি ৰাখিবলৈ আতংকিত হৈ চলোৱা কুচ-কাৱাজহে! ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলে গণতন্ত্ৰ আৰু আৰক্ষী-ৰাষ্ট্ৰৰ মাজৰ পাৰ্থক্য যিমানেই হদয়াংগম কৰিব পাৰিব, সিমানেই গণতন্ত্ৰৰ স্বাস্থ্যও নিৰোগী হৈ থাকিব।

এনেবোৰ কাৰণতে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সম মৰ্যাদা, সমাধিকাৰ স্থাপনৰ স্বাৰ্থত দেশীয় দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰী শাসকপক্ষৰ বিৰুদ্ধে দ্বিতীয় এখন স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰাটো প্ৰয়োজন হৈ পৰিছে। দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক মহাসংগ্ৰামৰ প্ৰস্তুতি চলাই দেশৰ পৰা অসমতা, দৰিদ্ৰতা, নিৰক্ষৰতা, সংস্থানহীনতা, নিৰাপত্তাহীনতা, সাম্প্ৰদায়িকতা আদি দূৰ কৰিব পাৰিলেহে সকলো শ্ৰেণীৰ নাগৰিকে স্বাধীনতাৰ প্ৰকৃত অৰ্থ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে