মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / সমকাল / প্ৰসংগ এন আৰ চি : এতিয়া আমি কি কৰিম?৷৷ জিতেন বেজবৰুৱা৷৷

প্ৰসংগ এন আৰ চি : এতিয়া আমি কি কৰিম?৷৷ জিতেন বেজবৰুৱা৷৷

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ কিছু পূৰ্বৰপৰা আৰু বিশেষকৈ যোৱা ৩০ জুলাই, ২০১৮ তাৰিখে সেই খচৰা প্ৰকাশ পোৱাৰ পাছৰপৰা অসমৰ ভিতৰ আৰু বাহিৰৰ বিভিন্ন শক্তিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সংবাদ মাধ্যমৰ হৈ-হাল্লাৰ ফলস্বৰূপে এক ধুঁৱলি-কুঁৱলি পৰিবেশৰ সৃষ্টি হৈছে। একপ্ৰকাৰ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হোৱা বুলিও ক’ব পাৰি। যিহেতু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এক ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে এন আৰ চিৰ কাম-কাজ আগ বাঢ়িছে, গতিকে বাহিৰৰ এই ৰাজনৈতিক অচলাৱস্থাই সদ্যহতে প্ৰক্ৰিয়াটোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰিব যেন ভাব নহয়। কিন্তু যি সমস্যা সমাধানৰ বাবে যি উদ্দেশ্য আগত ৰাখি এন আৰ চি প্ৰক্ৰিয়াটোৰ সূচনা হৈছিল সেই প্ৰশ্নবোৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিবেশটোৱে খেলিমেলি কৰি মনিব নোৱৰা কৰি পেলাইছে। গতিকে বিশেষকৈ অসমৰ বাহিৰত বিষয়টোক কেন্দ্ৰ কৰি অহৰহ প্ৰচাৰ চলি থকা বাগধাৰাসমূহৰ প্ৰেক্ষাপটত আৰু এন আৰ চিৰ সম্পূৰ্ণ খচৰাটোৱে তুলি ধৰা সমস্যা তথা প্ৰশ্নবিলাকৰ আলোকত গোটেই বিষয়টো পুনৰ যুকিয়াই চোৱাৰ প্ৰয়োজন আহি পৰিছে। আমাৰ এই চমু আলোচনাটো ঘাইকৈ অসমীয়া সমাজৰ গণতান্ত্ৰিক-প্ৰগতিশীল অংশটোক উদ্দেশ্য কৰিয়েই আগ বঢ়োৱা হৈছে।

অসমৰ বাহিৰত এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰি যিসমূহ বাগধাৰাৰ প্ৰচাৰ কৰা হৈছে সেইবোৰ ঘাইকৈ মানৱাধিকাৰ-কেন্দ্ৰিক। অভিযোগ কৰা হৈছে যে উগ্ৰ জাতীয়তাবাদী অসমীয়াবিলাকে এন আৰ চিৰ জৰিয়তে মুছলমানসকলক বা বাঙালীসকলৰ ওপৰত উৎপীড়ন চলাইছে আৰু ৰাষ্ট্ৰবিহীন নাগৰিকত পৰিণত কৰি তেওঁলোকক ভাৰতৰপৰা খেদি পঠাবলৈ চেষ্টা কৰিছে। কিছু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান তথা ভাৰতৰ কিছু মহলে এন আৰ চিক সম্পূৰ্ণৰূপে মুছলমান-বিৰোধী ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে আৰু প্ৰবলভাৱে প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছে। আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে এন আৰ চি প্ৰক্ৰিয়াটোক অসমীয়াৰ বাঙালী-বিৰোধী ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে আৰু তাৰ বিৰোধিতা কৰিবলৈ উঠি-পৰি লাগিছে। তাৰ সৈতে এতিয়া অন্যান্য ৰাজনৈতিক দলেও যোগদান কৰিছে। ফলস্বৰূপে ৰাষ্ট্ৰীয় ৰাজনীতিত আৰু সংবাদ মাধ্যমত সামগ্ৰিকভাৱে মানৱাধিকাৰ লংঘনৰ প্ৰশ্নটোৱেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অসমত নাগৰিকত্বক কেন্দ্ৰ কৰি এচাম লোকৰ ওপৰত হাৰাশাস্তি হৈ অহাৰ কথাটো সত্য, আৰু এতিয়া এন আৰ চিৰ খচৰাত বাদ পৰা লোকসকলৰ ভৱিষ্যতৰ প্ৰশ্নটোও খুবেই জৰুৰী। এই লৈ আমি অলপ পাছত আলোচনা কৰিম। কিন্তু এই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাগধাৰাসমূহত এন আৰ চিক কেন্দ্ৰ কৰি অসম সম্পৰ্কে, অসমৰ সমাজ-ৰাজনীতি সম্পৰ্কে যিসমূহ সৰলীকৃত তথা ভুল ধাৰণা দাঙি ধৰা হৈছে সেইবোৰো আশ্চৰ্যকৰ। বাস্তৱৰ জীৱন্ত সমাজখনৰপৰা বিচ্ছিন্ন ৰূপত মানৱাধিকাৰ প্ৰশ্নটো বিবেচনা কৰিব নোৱাৰি। অসম নালাগে, পৃথিৱীৰ ক’তোৱেই কোনো বিমূৰ্ত মানৱ নাই যাৰ অধিকাৰ বাস্তৱ সমাজখনৰ বিভিন্ন সমাজ-ৰাজনৈতিক পৰিচিতি তথা তৎজনিত ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে সংলগ্ন হৈ থকা নাই। গতিকে মানৱাধিকাৰৰ প্ৰশ্নটো সংশ্লিষ্ট সমাজৰ আৰ্থ-ৰাজনৈতিক প্ৰশ্নবোৰৰপৰা নিলগাই বিবেচনা কৰিব নোৱাৰি। এটা কথা ঠিক যে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ অনুষ্ঠানসমূহে বিভিন্ন ঠাইত আৰু বিভিন্ন সময়ত খুবেই প্ৰশংসনীয় ভূমিকা পালন কৰি আহিছে, আৰু বহু সময়ত সমাধানহীন জটিল ৰাজনৈতিক পৰিস্থিতিত মানৱাধিকাৰ ৰক্ষাৰ কথাটোৱেই একমাত্ৰ মানৱীয় বিকল্প হিচাপে পৰিগণিত হ’ব পাৰে। কিন্তু অসমৰ আলোচ্য প্ৰসংগত দেখা গৈছে যে মানৱাধিকাৰ প্ৰশ্নটো তেনেই সৰলীকৃত আৰু বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। উদাহৰণস্বৰূপে ‘আৱাজ’ নামৰ অনুষ্ঠানটোৱে হাতত লোৱা “India: Stop deleting Muslims” শীৰ্ষক পিটিচনখনৰ কথা উল্লেখ কৰিব পাৰি। অসমৰ জটিল নৃগোষ্ঠীয় সামাজিক গাঁথনিৰ মাজত মুছলিম বুলি কোনো বিশুদ্ধ আৰু সমসত্ত্ব ধৰ্মীয় কেটেগৰি বিচাৰি পোৱা নাযায়। মুছলিম, হিন্দু আদি ধৰ্মীয় পৰিচিতিবিলাক বিভিন্ন জাতীয়-নৃগোষ্ঠীয় পৰিচিতিৰ সৈতে এৰাব নোৱৰাকৈ বান্ধ খাই আছে। গতিকে ইয়াৰ সমাজত এক সৰ্বাত্মক আৰু পৰিষ্কাৰ মুছলিম-বিৰোধী ৰাজনীতি ইমান সহজে গঢ় ল’ব নোৱাৰে। অসমীয়াভাষী মুছলিমসকলে নিজকে অসমীয়া বুলিয়েই পৰিচয় দিয়ে, আৰু এখন শুদ্ধ এন আৰ চিৰ দাবী এইসকলৰ মাজৰপৰাও সমানে আহিছে। আনহাতে, যিখিনি মূলসুঁতিৰ অসমীয়া মানুহে বিদেশী বিতাড়নৰ বাবে আৰু এতিয়া এন আৰ চিৰ বাবে আন্দোলন-দাবী কৰি আহিছে, সেইখিনি মানুহেই বিজেপিয়ে অনা মুছলিম-বিৰোধী ‘নাগৰিকত্ব সংশোধনী আইন, ২০১৬’ৰো প্ৰাণপণ বিৰোধিতা কৰি আহিছে। সৰল হিন্দু বনাম মুছলিম ৰাজনীতিৰ ওপৰত প্ৰতিষ্ঠিত বাগধাৰাই এইধৰণৰ জটিলতাবিলাক ব্যাখ্যা কৰিব নোৱাৰে। আনহাতে, সদ্যপ্ৰকাশিত এন আৰ চিৰ খচৰাত বাদ পৰা চল্লিশ লাখ লোকৰ ভিতৰত যেনেকৈ মুছলমান তথা বাঙালী লোক আছে, তেনেকৈ নাম অন্তৰ্ভুক্ত হোৱাবিলাকৰ ভিতৰতো লক্ষাধিক মুছলমান তথা বাঙালী লোক আছে। তদুপৰি বাদ পৰা আৰু অন্তৰ্ভুক্ত হোৱা – এই দুই ভাগতেই উক্ত আন আন থলুৱা জনগোষ্ঠীৰ লোকো বহুসংখ্যক আছে। খচৰাখনত ভুল আৰু সমস্যা দেধাৰ আছে, কিন্তু ইয়াত সেইটো আমাৰ প্ৰশ্ন নহয়। প্ৰশ্নটো হ’ল এই যে এন আৰ চিৰ প্ৰসংগটোক সৰল হিন্দু বনাম মুছলমান ৰূপ দিব নোৱাৰি, বা মুছলমান-বিৰোধী বা বাঙালী-বিৰোধী ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিব নোৱাৰি। এন আৰ চিত জড়িত বিষয়া বা কৰ্মচাৰীৰ সাম্প্ৰদায়িক-বৰ্ণবাদী বিদ্বেষে কোনো কোনো লোকৰ অন্তৰ্ভুক্তি বা বহিষ্কৰণৰ ক্ষেত্ৰত যে প্ৰভাৱ পেলাব পাৰে, সেই সম্ভাৱনা অনস্বীকাৰ্য। কিন্তু এনে ঘটনা বেছি পৰলৈ ধৰা নপৰাকৈ থাকিব নোৱাৰে আৰু পৰৱৰ্তী পুনৰ্বিবেচনাৰ জৰিয়তে সিবোৰক শুধৰাব পাৰি। এনে ঘটনা ঘটোৱা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাব লাগে। এই ক্ষেত্ৰত ৰাইজ তথা দল-সংগঠনবিলাকৰ সতৰ্কতা জৰুৰী। তদুপৰি হিন্দুত্ববাদী বিজেপি দলে প্ৰক্ৰিয়াটোক নিজাধৰণে পৰিচালিত কৰিবলৈ গোপনে চেষ্টা কৰিব পাৰে, এনে সম্ভাৱনা নুই কৰিব নোৱাৰি। আচলতে মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে বুলি বহুলব্যাপী ধাৰণাটো সৃষ্টি হোৱাৰ এটা ঘাই কাৰণ হ’ল অসমত তথা কেন্দ্ৰত বিজেপি চৰকাৰ থকাটো, কিয়নো সমগ্ৰ ভাৰতবৰ্ষজুৰি সম্প্ৰতি ধাৰাবাহিকভাৱে মুছলমানৰ ওপৰত উৎপীড়ন চলাই অহা হৈছে। কিন্তু যিটো ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে এন আৰ চিৰ প্ৰস্তুতি চলিছে তাতে এনে হস্তক্ষেপৰ সম্ভাৱনা খীণ, আৰু এন আৰ চি কৰ্তৃপক্ষই অন্ততঃ এতিয়ালৈকে কৰা কাৰ্যকলাপত তেনে লক্ষণ পৰিলক্ষিত হোৱা নাই। গতিকে এন আৰ চিক পোনপটীয়াভাৱে ষড়যন্ত্ৰ বুলি কৰা অভিযোগবিলাক সত্য নহয় বুলি নিঃসন্দেহে ক’ব পাৰি। এইখিনিতে মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছ তথা আন আন ৰাজনৈতিক দলে এন আৰ চিৰ বিৰুদ্ধে যিধৰণৰ অৰ্ধসত্য অভিযোগ উত্থাপন কৰিছে, তাৰ বিষয়ে দুটামান কথা কোৱা প্ৰয়োজন। এই বিৰোধিতাৰ আঁৰৰ প্ৰধান উদ্দেশ্য হ’ল লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিজে সংগঠিত হোৱা আৰু জনমতক পৰিচালিত কৰা। কংগ্ৰেছৰ বিভিন্ন স্ববিৰোধী বক্তব্য তথা ভূমিকাৰ ইতিহাস ইয়াৰ এটা ভাল উদাহৰণ। অসম সম্পৰ্কে যদি এই দলবিলাক বিশেষ চিন্তিত হ’লহেঁতেন, অসমৰ জনসাধাৰণৰ প্ৰতি যদি সহমৰ্মিতা থাকিলেহেঁতেন, তেন্তে অন্যান্য সহস্ৰ বিষয় তথা সমস্যাৰ কোনোবা নহয় কোনোবাটোত নিশ্চয়কৈ তেওঁলোকৰ সদৃশ ভূমিকা দেখিবলৈ পালোহেঁতেন। আনহাতে, মমতা বেনাৰ্জীৰ অত্যুগ্ৰ ভূমিকাক ৰাজনৈতিক ধাণ্ডাবাজি বুলি একে আষাৰে ক’ব পাৰি। আচলতে অসমৰ সমস্যা বা অসমৰ বাঙালীক লৈ মমতাৰ কোনো মতলব নাই। কিন্তু অনাগত পশ্চিম বংগৰ নিৰ্বাচন তথা লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে আহি পৰা ইমান ভাল ইছ্যু এটা মমতাই সহজে এৰি নিদিয়াই স্বাভাৱিক। সেইবাবেই তেওঁ অসমৰ বাঙালীৰ নাম লৈ পশ্চিম বংগৰ বাঙালীক বিজেপিৰ বিৰুদ্ধে সংগঠিত কৰাৰ চেষ্টা চলাইছে। গতিকে মমতাৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণৰ চেষ্টাত অসমৰ বাঙালীয়ে সহযোগ নকৰাই শ্ৰেয়। বাস্তৱিকতেও অসমৰ বাঙালী সমাজে মমতাৰ প্ৰতি সমৰ্থন আগ বঢ়োৱা নাই। তদুপৰি এনে চেষ্টাৰ পৰিণতিত তৃণমূলৰ অসম শাখাত খহনীয়াহে আৰম্ভ হৈছে। গতিকে মমতাৰ ৰাজনৈতিক ধাণ্ডাবাজি যে বিশেষ ফলপ্ৰসূ হ’ব তেনে সম্ভাৱনা আমি দেখা নাই।

কেৱল বাহিৰতে নহয়, সময়ৰ লগে লগে অসমৰ ভিতৰতো এন আৰ চিক লৈ সন্দেহ-সংশয় বাঢ়ি আহিছে। শেহতীয়া দশককেইটাত অসমৰ সমাজজীৱনত বিদেশী সমস্যাৰ অস্তিত্ব আৰু তাৰ সমাধানৰ প্ৰয়োজনক লৈ আৰু শেহতীয়াভাৱে এন আৰ চিক লৈ এনে এটা বহল ঐক্যমত গঢ় লৈ উঠিছে যে ইয়াত চিধাচিধি “এন আৰ চি বন্ধ কৰক” বা “এন আৰ চিৰ বিৰোধিতা কৰিছো” বুলি কোনেও সহজে কৈ দিব নোৱাৰে। বৰাকৰ বাঙালীৰ কথাটো অলপ সুকীয়া : তেওঁলোকৰ বহুতো দল-সংগঠনে বিভিন্নধৰণে এন আৰ চি প্ৰক্ৰিয়াটোক নস্যাৎ কৰি আহিছে। এই লৈ আমি ইয়াত আলোচনা কৰিব খোজা নাই, অন্যত্ৰ কেইবাবাৰো আলোচনা কৰিছো। ইয়াৰ বাহিৰে অন্য কোনো মহলে এন আৰ চিক নস্যাৎ কৰা বা বিৰোধিতা কৰা আমি ইমান দিনে দেখা নাই। কিন্তু এতিয়া পূৰ্ণাংগ খচৰা প্ৰকাশ হোৱাৰ পাছত বিভিন্নজনৰ কথাত এন আৰ চিক লৈ গভীৰ সন্দেহ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে, তাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। এইসমূহে পাকে-প্ৰকাৰে এন আৰ চিৰ গ্ৰহণযোগ্যতা আৰু কাৰ্যকৰিতাক লৈ যিটো ঐক্যমত আছিল তাকেই প্ৰশ্নৰ কাঠগৰাত থিয় কৰিছে। প্ৰকাশিত খচৰাটোত যিমানবোৰ খেলিমেলি ধৰা পৰিছে তাক লৈ এনে সন্দেহৰ অৱকাশ হোৱাটো স্বাভাৱিক। তাতোকৈ ডাঙৰ কথা খচৰাৰপৰা বাদ পৰা চল্লিছ লাখ লোকৰ কি হ’ব সেই প্ৰশ্নটো এক ভয়াৱহ প্ৰত্যাহ্বান ৰূপত আহি থিয় দিছে। এই দুটা সমস্যাৰ কেনেকৈ মীমাংসা কৰা যায় তাক লৈ সঠিক সিদ্ধান্তত উপনীত হোৱাটো জৰুৰী হৈ পৰিছে। কিন্তু আমি ভাবো যে অসমত থকা কোনোৱেই এই মুহূৰ্তত হঠাতে এন আৰ চি নালাগে বুলি কৈ দিব নোৱাৰে। যদি কয়, সেয়া হ’ব খুবেই দায়িত্বজ্ঞানহীন, অনৈতিহাসিক আৰু অপৰিণামদৰ্শী কাম। যদি এন আৰ চিক বাদ দিব লাগে, তেন্তে বিদেশী সমস্যাটোৰ সমাধানৰ বাবে আমি কি বিকল্প উপায় আগ বঢ়াব পাৰিম? বিদেশীৰ অনুপ্ৰবেশ অসমৰ এটা শতিকাজোৰা সমস্যা : অনুপ্ৰবেশে অসমৰ সম্পদৰ ওপৰত, সমাজ-সংস্কৃতিৰ ওপৰত এক গধুৰ হেঁচা প্ৰয়োগ কৰি আহিছে যাৰ পৰিণতিত অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীসমূহে দীৰ্ঘদিন ধৰি সমস্যা আৰু পৰিচয় সংকটত ভুগি আহিছে। অনুপ্ৰবেশৰ সমস্যা আৰু তাৰ প্ৰতি অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীসমূহৰ প্ৰতিবাদ-প্ৰতিৰোধে দশক দশকজুৰি অসমৰ সমাজজীৱন অশান্ত আৰু অস্থিৰ কৰি ৰাখিছে। এই সমস্যাৰ সমাধানৰ অৰ্থেই অসম আন্দোলনৰ অন্তত ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ভিত্তিত এন আৰ চি নৱায়নৰ কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে এন আৰ চিৰ যিকোনো আলোচনাত অসমৰ দীৰ্ঘদিনীয়া অনুপ্ৰবেশৰ সমস্যাটোক আগস্থান দিবই লাগিব, আৰু এই সমস্যাটোক নস্যাৎ কৰা এন আৰ চি-কেন্দ্ৰিক কোনোধৰণৰ আলোচনাই গ্ৰহণযোগ্য নহয়। এটা কথা ঠিক যে এন আৰ চিয়ে বিদেশী সমস্যাটোৰ সম্পূৰ্ণ সমাধান কোনোমতেই কৰিব নোৱাৰে, অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীবোৰৰ সমস্যা আৰু পৰিচয় সংকটৰো অৱসান ঘটাব নোৱাৰে। কিন্তু সঠিক ৰূপত সম্পাদিত হ’লে ই যে অসমৰ ৰাজনীতিত এক পৰ্বান্তৰৰ সূচনা কৰিব তাৰ বহুখিনি সম্ভাৱনা আছে, আৰু এই পৰ্বান্তৰৰ সামাজিক-ৰাজনৈতিক পৰিণাম শুভংকৰ হ’ব বুলিয়েই আমাৰ আশা। প্ৰথমতে, মুছলমানসকলে বহুদিন ধৰি উগ্ৰজাতীয়তাবাদীহঁতৰ হাতত বাংলাদেশী বুলি সন্দেহ আৰু সময়ে সময়ে নিগ্ৰহৰ পাত্ৰ হৈ আহিবলগা হৈছে। এন আৰ চিয়ে প্ৰথমবাৰৰ বাবে এই অপবাদ তথা উৎপীড়ন অন্ত পৰাৰ এক সম্ভাৱনা সৃষ্টি কৰিছে। এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত কাকো বাংলাদেশী বুলি অযথা হাৰাশাস্তি কৰাটো সহজ নহ’ব, তদুপৰি ইয়াৰ পৰিণামস্বৰূপে ভুক্তভোগী মুছলমানসকলৰ মনত আত্মবিশ্বাসৰ ভাবো প্ৰবলতৰ হ’ব। যদি এনে ঘটে, তেন্তে সেয়া হ’ব অসমৰ মুছলমান সমাজৰ বাবে সবাতোকৈ ডাঙৰ প্ৰাপ্তি। দ্বিতীয়তে, মূলসুঁতিৰ অসমীয়া দল-সংগঠনবিলাক উগ্ৰজাতীয়তাবাদী ৰাজনীতিৰ শক্তি হ্ৰাস পাব। ইমান দিনে অসমত বিদেশীক লৈ ৰাজনীতিৰ প্ৰধান আধাৰ হ’ল বিদেশীৰ অৱস্থিতি আৰু সংখ্যা সম্পৰ্কে ৰহস্যময় ধাৰণা। বিদেশী আছেনে নাই আৰু কিমান বিদেশী আছে – সেই লৈ চৰকাৰী পক্ষ আৰু দল-সংগঠনসমূহে বিভিন্ন সময়ত বিভিন্ন খেলিমেলি, স্ববিৰোধী আৰু কল্পনাপ্ৰসূত ধাৰণা তথা সংখ্যা উত্থাপন কৰি আহিছে, কাৰো লগত কাৰো মিল নাই। আৰু এই অস্পষ্টতা আৰু ৰহস্যময়তাই বিদেশী-কেন্দ্ৰিক ৰাজনীতিক সাৰ-পানী যোগাই আহিছে। কিন্তু এন আৰ চি হৈ গ’লে এই সমস্ত অস্পষ্টতা আৰু ৰহস্যময়তাৰ অন্ত পৰিব – দেখ দেখকৈ ওলাই পৰিব যে অসমত ইমান বিদেশী আছে। তাৰ পাছত আৰু অজানা-অলেখ বিদেশীৰ বিৰুদ্ধে ৰাজনীতি কৰাৰ থল নাথাকিব। তাৰ ঠাইত জাতীয়তাবাদী দল-সংগঠনবিলাকে অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীসমূহৰ বাবে আৰ্থ-ৰাজনৈতিক সুৰক্ষা তথা সংৰক্ষণৰ দাবীত আন্দোলন কৰিবলৈ বাধ্য হ’ব। অৰ্থাৎ বিদেশী খেদাৰ নঞৰ্থক ৰাজনীতিৰপৰা স্বগোষ্ঠীৰ সুৰক্ষাৰ সদৰ্থক ৰাজনীতিলৈ এক ৰূপান্তৰ ঘটিব। নঞৰ্থক ৰাজনীতিৰপৰা সদৰ্থক ৰাজনীতিলৈ এই ৰূপান্তৰ নিঃসন্দেহে অসমৰ সমাজজীৱনৰ বাবে শুভংকৰ বুলি পৰিগণিত হ’ব। এই ঘটনাবিলাক ঘটিব এন আৰ চিৰ নৱায়ন সঠিকভাৱে সম্পাদন হ’লে আৰু তাৰ বহল গ্ৰহণযোগ্যতা অটুট থাকিলেহে। সেইবাবেই এন আৰ চিৰ সফল নৱায়নত সকলো পক্ষই সহযোগ কৰা দৰকাৰ। এইখিনিতে উল্লেখ কৰিব লাগিব যে ভালেমান উগ্ৰজাতীয়তাবাদী লোকে পূৰ্ণাংগ খচৰা প্ৰকাশৰ পাছত ইমান কমসংখ্যক লোক তাৰপৰা বাদ পৰা দেখি আশ্চৰ্য প্ৰকাশ কৰিছে আৰু বিদেশীৰ সংখ্যা ইমান কোটি বা সিমান লাখ অধিক হ’ব লাগে বুলি হুলস্থূল লগাইছে। কিন্তু আমাৰ ভাব হয় যে এইসকল লোক এতিয়া নিঃসংগ, তেওঁলোকে অকলে গোটেই প্ৰক্ৰিয়াটোত খেলিমেলি লগাব নোৱাৰে। এন আৰ চি প্ৰক্ৰিয়াত মূল ভূমিকা লৈ অহা আছু আদি প্ৰধান জাতীয়তাবাদী দল-সংগঠনে এতিয়া হঠাতে কিবা কাৰণত ওলোটা পাক মাৰিব পাৰিব যেন ভাব নহয়। কিয়নো তেওঁলোক নিজস্ব কৰ্মৰদ্বাৰাই এতিয়া বান্ধ খাই আছে। তদুপৰি যি সময়ত বিদেশী খেদা আন্দোলন কৰি এইবোৰ দল-সংগঠনে অসমৰ সমাজ-ৰাজনীতিত আধিপত্য অৰ্জন কৰিছিল, তাতকৈ আজিৰ পৰিস্থিতি গুণগতভাৱে পৃথক। গতিকে এতিয়া যদি এন আৰ চিক লৈ তেওঁলোক অসন্তুষ্টও হয়, তথাপি তেওঁলোকে ইতিহাসৰ ওভতনি যাত্ৰা কৰি পূৰ্বৰ ৰাজনীতিলৈ ঘূৰি যাব নোৱাৰিব। কিয়নো তেনে চেষ্টা কৰিলেও তেওঁলোকে ব্যাপক জনসমৰ্থন গোটাব নোৱাৰিব। একেবোৰ সমস্যাৰ পিছত লাগি লাগি অসমৰ মানুহ এতিয়া হতাশ-অৱসন্ন হৈ পৰিছে। তেওঁলোকে বিদেশী সমস্যাৰ সমাধান নিশ্চয়কৈ বিচাৰে, কিন্তু গোটেই কথাটো শূন্যৰপৰা পুনৰ আৰম্ভ কৰিবলৈ প্ৰস্তুত নহ’ব বুলিয়েই আমাৰ বিশ্বাস। গতিকে এন আৰ চিৰ নৱায়ন যদি ভালকৈ সম্পাদন কৰিব পৰা যায়, তেন্তে লাহে লাহে অসমৰ ৰাজনীতিত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি আমাৰ ধাৰণা। শেষ হৈও শেষ নোহোৱা লেকেটা লগা এই বিদেশী সমস্যাই অসমৰ সমাজ-ৰাজনীতি ভাৰাক্ৰান্ত কৰি ৰখা বাবেই ইয়াত এতিয়ালৈকে আনধৰণৰ ৰাজনীতিৰ বাবে কোনো ক্ষেত্ৰ মুকলি হোৱা নাই। বাঁওপন্থী ৰাজনীতি কৰিবলৈ যোৱাসকলেও জাতীয় সমস্যাৰ মাজতে সদায় পাকঘূৰণি খাই খাই জীৱন পাত কৰিবলগা হৈছে। গতিকে এই জাতীয় সমস্যাটোৰ যদি এটা থানথিত লাগে তেন্তে আনধৰণৰ প্ৰগতিশীল ৰাজনীতিৰ বাবে ক্ৰমাৎ ক্ষেত্ৰ মুকলি হ’ব। কিছু লোকে এন আৰ চি-কেন্দ্ৰিক আলোচনা-বিলোচনাত শ্ৰেণী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে আৰু বিষয়টোক শ্ৰেণীগত ইছ্যু হিচাপে মীমাংসা কৰাৰ পোষকতা কৰিছে। কিন্তু আমি ভাবো যে এইমুহূৰ্তত এন আৰ চি বিষয়টোৰ কোনো শ্ৰেণীগত সমাধানসূত্ৰ সন্মুখত উপলব্ধ নহয়, আৰু যিসকলে তাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে তেওঁলোকেও কোনো বিকল্প দাঙি ধৰিব নোৱাৰে। এইমুহূৰ্তত এন আৰ চি-কেন্দ্ৰিক জাতীয় প্ৰশ্নৰ ট্ৰেফিক জামৰপৰা বাহিৰ ওলাই যোৱাটোৱেই প্ৰধান উদ্দেশ্য হোৱা উচিত। জাতীয়তাবাদৰ তাত্ত্বিক-ৰাজনৈতিক সমালোচনা জোৰদাৰভাৱে চলি থাকক, কিন্তু বাঁওপন্থীসকলে একে সময়তে এই ট্ৰেফিক জামৰপৰা বাহিৰ ওলাবৰ বাবে সঠিক ৰণনীতিৰো চিন্তা কৰক। অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীসমূহৰ মনত থকা নিৰাপত্তাহীনতা আৰু সংশয়ৰ ভাব নাইকিয়া পাৰিলে শ্ৰেণী ৰাজনীতিৰ বাট বহু দূৰলৈ সুচল হৈ পৰিব। এই কাম নিশ্চয়কৈ কেৱল এন আৰ চিয়ে কৰিব নোৱাৰে, কিন্তু এন আৰ চি এক ভাল আৰম্ভণি হ’ব পাৰে। জাতীয়তাবাদী ৰাজনীতিৰ চোক কমি আহিলে কেৱল শ্ৰেণী ৰাজনীতিয়েই নহয়, আন আন প্ৰগতিশীল সামাজিক ৰাজনীতিৰো বিকাশৰ অনুকূল বাতাবৰণ লাহে লাহে সৃষ্টি হ’ব।

এন আৰ চিক লৈ অসমৰ বাহিৰত হোৱা সমালোচনা-বিৰোধিতাসমূহ যিমানেই ভুল ধাৰণা আৰু তথ্যৰ ওপৰত আধাৰিত নহওক লাগিলে, সিবোৰে সামগ্ৰিকভাৱে অসমত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলালে। লক্ষাধিক মানুহে নাগৰিকত্বৰ বাবে দীৰ্ঘদিন ধৰি কিদৰে জীয়াতু ভুগি আহিছে (ডি ভোটাৰ, ডিটেন্সন কেম্প) – এই সত্যটো মূলসুঁতিৰ অসমীয়া সমাজক চকুত আঙুলি ৰাখি দেখুৱাই দিলে আৰু মানি ল’বলৈ বাধ্য কৰিলে। ইমান দিনে তেওঁলোকে এই ভয়াৱহ সত্যৰ প্ৰতি পিঠি দি আছিল। আনহাতে, এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰপৰা বাদ পৰা চল্লিছ লাখ লোকৰ কি হ’ব, সেই প্ৰশ্নটো অসমীয়া সমাজৰ সন্মুখত সজোৰে উত্থাপন কৰিলে। নহ’লে মূলসুঁতিৰ অসমীয়াই মিঠাই খাই এন আৰ চিৰ সফলতা উদযাপন কৰাতে ব্যস্ত আছিল। গতিকে এতিয়া এই দুই সমস্যাৰ ৰাজনৈতিক সমাধানৰ বাবে অসমীয়াই সাহস দেখুৱাব লাগে। এইসমূহ সমস্যা সমাধানৰ চাবিকাঠি অসমীয়াৰ হাতত নাই, ৰাষ্ট্ৰইহে সেই কাম কৰিব পাৰে। কিন্তু অসমীয়াই সমস্যাসমূহ স্বীকাৰ কৰি লৈ তাৰ সমাধানৰ বাবে সবল ৰাজনৈতিক দাবী উত্থাপন কৰিব পাৰে, আৰু তাকে কৰা উচিত। স্বজাতিৰ ৰক্ষাৰ বাবে আন কাকো অনাহক বলিৰ পঠা সজোৱাৰ অধিকাৰ কোনো জাতিৰে নাই। অসমীয়া জাতিৰ স্বাৰ্থত কোনো লোকক ৰাষ্ট্ৰবিহীন অৰ্ধমানৱত পৰিণত হ’বলৈ এৰি দিব নোৱাৰি। অসমীয়াই কাকো অনুগ্ৰহ কৰাৰ প্ৰয়োজন নাই, এয়া প্ৰকৃততে তেওঁলোকৰ নৈতিক দায়িত্ব। সি যি নহওক, ব’ৰ্ডাৰ পুলিচ আৰু বিদেশী ন্যায়াধিকৰণৰ তৎপৰতাত যধেমধে সন্দেহযুক্ত বিদেশী লোকৰ ওপৰত চলা হাৰাশাস্তি সোনকালেই বন্ধ হ’ব লাগে। তাৰ বাবে অসমীয়া দল-সংগঠনবিলাকে আগভাগ লৈ সংখ্যালঘু ৰাইজৰ সহযোগিতাত চৰকাৰৰ ওচৰত দাবী জনাব লাগে, আৰু বিদেশী চিনাক্তকৰণৰ বাবে ন্যায়সংগত আৰু মানৱীয় পদ্ধতি কেনেকৈ অৱলম্বন কৰিব পাৰি সেই লৈ হেঁচা প্ৰয়োগ কৰিব লাগে। কিন্তু সবাতোকৈ ডাঙৰ প্ৰশ্ন হ’ল খচৰাৰপৰা বাদ পৰাসকলৰ কি হ’ব সেইটো। সন্দেহ নাই যে ইয়াৰে বহুসংখ্যক প্ৰকৃত ভাৰতীয় লোক হ’ব যিসকলে সঠিকভাৱে নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব পৰা নাই। যিসকল অৱস্থাপন্ন শিক্ষিত লোক বাদ পৰিছে তেওঁলোকে নিজে নিজে সহজেই নাম অন্তৰ্ভুক্ত কৰাই ল’ব পাৰিব। কিন্তু সৰহভাগ অশিক্ষিত দুখীয়া লোকৰে এই লৈ সমস্যা হ’ব। বান-গৰাখহনীয়াত ঘৰ-বাৰী হেৰুওৱা, উচ্ছেদিত, দুবেলা দুমুঠি যেনেতেনে যোগাৰ কৰা ডাল দৰিদ্ৰ হাজাৰ হাজাৰ লোকৰ হাতত সম্পূৰ্ণ নথি-পত্ৰ নথকাই স্বাভাৱিক। তদুপৰি ইটো নথিৰ সৈতে সিটোৰ নাম, ঠিকনা, তাৰিখ আদি নিমিলাৰ ফলতো বহুতৰে নথি-পত্ৰ নাকচ হৈছে। গাঁৱৰ দৰিদ্ৰ লোকৰ মাজত নিজৰ নাম, নামৰ বানান, জন্মৰ তাৰিখ আদি লৈ আধুনিক সচেতনতা নথকাই স্বাভাৱিক। এই আটাইসকল লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ সহায়ৰ প্ৰয়োজন হ’ব, নিয়ম-নীতিৰ ক্ষেত্ৰত কিছু ৰেহাইৰ প্ৰয়োজন হ’ব। গতিকে লোকসকলক প্ৰত্যক্ষভাৱে সহায় কৰাৰ উপৰি এই লৈ এন আৰ চি কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ দৰকাৰ আৰু প্ৰয়োজন হ’লে ন্যায়ালয়ৰ ওচৰত আবেদন জনোৱাৰ দৰকাৰ। কিন্তু ইয়াৰ মাজেৰে যাতে কোনো বিদেশী সৰকি যাব নোৱাৰে তাৰ প্ৰতিও সতৰ্ক হ’ব লাগিব। ইয়াৰ পাছত আহিল শেষ প্ৰশ্নটো, শেষত যিসকল বিদেশী চিনাক্ত হ’ব তেওঁলোকক কি কৰা যাব? এই প্ৰশ্নৰ সদ্যহতে কোনো সঠিক উত্তৰ আমি দেখা পোৱা নাই, সি এতিয়াও ধুঁৱলি-কুঁৱলি হৈ আছে। এটা কথা অনুমান কৰিব পাৰি যে বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো আগ বঢ়াৰ লগে লগে যিসকল সঁচাকৈ বিদেশী আছে তেওঁলোকৰ একাংশই নিজে নিজে বাংলাদেশ নতুবা অসমৰ চুবুৰীয়া আন ৰাজ্যলৈ পলায়ন কৰিব। তদুপৰি অসমৰ ঘটনাৰাজিৰ খবৰ বিয়পি পৰাৰ লগে লগে বাংলাদেশৰপৰা নতুন অনুপ্ৰবেশো প্ৰায় কমি যাব বুলি আশা কৰিব পাৰি। কিন্তু চিনাক্ত বিদেশীসকলক এনেদৰে অনিশ্চিত ভৱিষ্যতৰ হাতত এৰি দিব নোৱাৰি, আৰু সকলোৰে বাবে পলায়নৰ সুবিধাও নহ’ব। গতিকে সেইসকলৰ বাবে কেনেধৰণৰ উপযুক্ত পলিচিগত উপায় উলিয়াব পাৰি তাৰ বাবে চিন্তা কৰিব লাগে আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে। উৎকৃষ্ট উপায়টো হ’ল তেওঁলোকক আনুষ্ঠানিকভাৱে বাংলাদেশৰ হাতত অৰ্পণ কৰা। কিন্তু এতিয়ালৈকে বাংলাদেশৰ সৈতে ভাৰতে কোনোধৰণৰ প্ৰত্যাবাসন চুক্তি কৰা নাই, আৰু সাম্প্ৰতিক আন্তৰ্জাতিক পৰিস্থিতিত তেনে সম্ভাৱনাও ক্ষীণ। তথাপি কেৱল তেনে এখন চুক্তিৰ জৰিয়তেহে সমস্যাটোৰ সম্পূৰ্ণ সমাধান কৰিব পৰা যাব। ডিটেন্সন কেম্পত ৰখা, নাগৰিক অধিকাৰ নিদিয়াকৈ ৱৰ্ক পাৰ্মিট দি ৰখা আদি আন উপায়বিলাকো বৰ ফলপ্ৰসূ আৰু ন্যায়সংগত নহ’ব বুলিয়েই বিভিন্নজনে মতামত আগ বঢ়াইছে। গতিকে এইমুহূৰ্তত চিনাক্ত বিদেশীসকলক লৈ কি কৰা যাব, তাৰ কোনো স্পষ্ট উত্তৰ নাই। এই লৈ অসমীয়া দল-সংগঠনবিলাকে চৰকাৰক উপযুক্ত পলিচিগত উপায় উলিয়াবৰ বাবে হেঁচা দিব লাগে। এন আৰ চিক লৈ সম্প্ৰতি অসমীয়া দল-সংগঠনৰ সন্মুখত এই দুটা দায়িত্ব আহি পৰিছে। প্ৰথম, নাম বাদ পৰাসকলৰ মাজত যিসকল ভাৰতীয় লোক আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে সকলোধৰণে সহযোগিতা আগ বঢ়োৱা; দ্বিতীয়, চিনাক্ত বিদেশীসকলৰ প্ৰত্যাবাসনৰ বাবে কাৰ্যপন্থা হাতত ল’বলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা। এই দুইটা দায়িত্ব পালন কৰিলেহে অসমীয়া মানুহে অসমৰ বাহিৰত এন আৰ চিৰ বিৰুদ্ধে উঠা অভিযোগ আৰু বিৰোধিতাৰ সঠিক আৰু দৃঢ় প্ৰত্যুত্তৰ দিব পাৰিব। এই ক্ষেত্ৰত অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল দল-সংগঠন তথা নাগৰিক সমাজৰ নেতৃবৰ্গই আগভাগ লোৱা উচিত, আৰু জাতীয়তাবাদী দল-সংগঠনক সেই প্ৰচেষ্টাত চামিল কৰা উচিত।

এতিয়া আহিল বিজেপিৰ প্ৰসংগ। অসমীয়া প্ৰগতিশীল শিবিৰৰপৰা বহুবাৰ কোৱা হৈ আহিছে যে বিজেপিয়ে প্ৰকৃততে এন আৰ চি নিবিচাৰে আৰু তাক বিধি-পথালি দিব বিচাৰে। কিন্তু এতিয়া দেখা গৈছে যে আন বিৰোধী ৰাজনৈতিক দলবিলাকৰ এন আৰ চি-বিৰোধিতাৰ বিপৰীতে বিজেপিয়ে তাক সবলভাৱে সমৰ্থন জনাইছে। ইয়াৰপৰা দুটা প্ৰশ্ন হয়। এই পট পৰিবৰ্তনে অসমীয়া প্ৰগতিশীল শিবিৰক ভুল প্ৰমাণিত কৰিলে নেকি? আৰু, বিজেপিৰ এই সমৰ্থনৰ চৰিত্ৰ কেনেকুৱা? আমি ভাবো যে মৰ্মমূলৰ দিশৰপৰা অসমীয়া প্ৰগতিশীল শিবিৰৰ ধাৰণাটো কোনোমতেই ভুল প্ৰমাণিত হোৱা নাই। অসম চুক্তি তথা এন আৰ চিয়ে ছেকুলাৰ নাগৰিকত্বৰ ধাৰণাক সমৰ্থন কৰে, আৰু ই সি অসমীয়া তথা অন্যান্য থলুৱা জনগোষ্ঠীবোৰৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে। কিন্তু বিজেপিয়ে ছেকুলাৰ নাগৰিকত্বৰ ধাৰণাক হাড়ে-হিমজুৱে বিৰোধিতা কৰে, আৰু অসমীয়া বা আন কোনো জনগোষ্ঠীৰে স্বাৰ্থক লৈ ইয়াৰ কোনো ভ্ৰূক্ষেপ নাই। সংঘ পৰিয়াল তথা বিজেপিৰ মূল উদ্দেশ্য হ’ল ভাৰতৰ সমাজ তথা ৰাষ্ট্ৰৰ ৰূপান্তৰ ঘটাই এক একশৈলিক হিন্দু সমাজ আৰু হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য সাধনৰ বাবে সি যাকে যেনেকৈ পাৰে ৰণকৌশলগতভাৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব খোজে। এন আৰ চিৰ ক্ষেত্ৰতো সেইটোৱেই ঘটিছে বুলি আমাৰ ধাৰণা। মুছলমানক ভীতিগ্ৰস্ত কৰা আৰু সম্ভৱ হ’লে বাহিৰ কৰি দিয়াটোৱেই আচল উদ্দেশ্য আৰু এই উদ্দেশ্য সাধনত এন আৰ চিয়ে আওপকীয়াকৈ সহায় কৰিব পাৰে। যিসকল বিদেশী চিনাক্ত হ’ব তাত নিশ্চয়কৈ হিন্দু আৰু মুছলমান উভয়েই থাকিব। কিন্তু হিন্দু বিদেশীসকলক নাগৰিকত্ব দিবৰ বাবে বিভিন্ন আইনী উপায় অৱলম্বন কৰা হৈছে, নাগৰিকত্ব সংশোধনী বিধেয়কখনো সাজু হৈ আছে। গতিকে বিদেশী বুলি বাকী থাকিবগৈ কেৱল মুছলমানকেইজন। গতিকে এনেকৈয়ে অসম চুক্তিৰ ছেকুলাৰ চৰিত্ৰক কবৰস্থ কৰাৰ সম্ভাৱনা প্ৰবল। ইয়াৰ কুচকাৱাজ ইতিমধ্যেই বিভিন্ন স্তৰত আৰম্ভ হৈছে। গতিকে এন আৰ চিৰ প্ৰতি বিজেপিয়ে আগ বঢ়োৱা সমৰ্থনৰ আঁৰত যে সাম্প্ৰদায়িক এজেণ্ডাহে লুকাই আছে সেই কথা বুজাটো অলপো জটিল নহয়। গতিকে অসমীয়া জাতীয়তাবাদী শক্তিবিলাকে বুজা উচিত যে কেৱল এন আৰ চিখন কৰিলেই নহয় – নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ বাতিল হ’লেহে আৰু তৎসংলগ্ন আন সকলো সাম্প্ৰদায়িক এজেণ্ডা পৰাভূত হ’লেহে অসম চুক্তিৰ আদৰ্শ ৰক্ষা পৰিব। কেৱল ইয়াৰ জৰিয়তেহে অসমীয়া জাতি আৰু অন্যান্য থলুৱা জনগোষ্ঠীবিলাকৰ স্বাৰ্থ আৰু পৰিচয় সুৰক্ষিত কৰাৰ প্ৰকৃত বাট মুকলি হ’ব। গণতান্ত্ৰিক-প্ৰগতিশীল দল-সংগঠন আৰু নাগৰিক সমাজৰ নেতৃবৰ্গই এই সত্যটোও আঙুলিয়াই দেখুওৱা দৰকাৰ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে