চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কৃষ্টিৰ উৰ্বৰথলী বৰমাৰ্জঙত দুনিশা৷৷ মুংছা জনাৰ্দন পাটৰ৷৷

কৃষ্টিৰ উৰ্বৰথলী বৰমাৰ্জঙত দুনিশা৷৷ মুংছা জনাৰ্দন পাটৰ৷৷

বৰমাৰ্জং। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন পৰিচিত তিৱা গাঁও — য’ত উদ্ভাসিত হৈ আছে তিৱা সংস্কৃতিৰ নানা ৰূপ, য’ত বিৰাজমান জনগোষ্ঠীটোৰ সমৃদ্ধ আৰু শক্তিশালী কৰি তুলিব পৰাকৈ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ। সাংগঠনিক নতুবা সাংস্কৃতিক বিভিন্ন অনুষ্ঠানৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চি, উমচোৱাই ইত্যাদি বিভিন্ন তিৱা এলেকালৈ গৈ থকা হয় যদিও উক্ত বৰমাৰ্জং গাঁওখনলৈ যোৱাৰ সুভাগ্য ঘটিছিল যোৱা বছৰ গাঁওখনত অনুষ্ঠিত হোৱা লাংখুন ফুজা উপলক্ষে। বান্ধৱী তথা ‘থোৰাং’ গোষ্ঠীৰ সক্ৰিয় সদস্যা বৰ্ণালী আমফিয়ে ফোন কৰি জনালে বৰমাৰ্জঙৰ উক্ত ফুজালৈ যোৱাৰ পৰিকল্পনা। ময়ো না নকৰিলো। কাৰণ মই ইতিমধ্যে মনতে বান্ধি লৈছিলো যোৱাৰ কথা। সেয়ে নিৰ্ধাৰিত দিন অনুযায়ী ফুজাৰ আগদিনা অৰ্থাৎ ১৭ ছেপ্তেম্বৰ , দেওবাৰে পুৱা নগাঁৱৰ পৰা ব্যক্তিগত গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলো বন্ধু তথা গোষ্ঠীৰ সদস্য জ্যোতিষ্মান ফামজঙৰ সৈতে। বাটত বৰ্ণালীক লৈ ড্ৰাইভাৰ চিটত পংকজ দাৰ সৈতে মুঠ চাৰিজন সদস্যই নেলি হৈ আৰম্ভ কৰিলো পাহাৰলৈ বুলি যাত্ৰা। মনতে গুণগুনালো— ‘চৌ চৌ মখা লিং” (ব’লা ব’লা পাহাৰ যাওঁ)।

পাহাৰৰ মাজে মাজে একা-বেঁকা পথটোৰে যাত্ৰা কৰাৰ অভিজ্ঞতা বহু আছে৷ প্ৰতিটো যাত্ৰাই মনলৈ কঢ়িয়াই আনে আনন্দ, প্ৰদান কৰে এক নতুন মাত্ৰা। সেই যাত্ৰাও ব্যতিক্ৰম নাছিল। পাহাৰৰ সৌন্দৰ্য উপভোগ কৰি কৰি চাউণ্ড ছিষ্টেমৰ গীতৰ সুৰত সুৰ মিলাই বিভিন্ন তালত আটাইবোৰে গাই গৈছিলো গীত, প্ৰকাশ কৰি গৈছিলো পূৰ্বৰ যাত্ৰাপথৰ অভিজ্ঞতাৰ কথা। আহ! কি অপূৰ্ব, অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য! শ্বিলঙৰ সৌন্দৰ্যতকৈ কোনো গুণে কম নহয় এই সৌন্দৰ্য। মাথোঁ প্ৰয়োজন পৰ্যটনৰ উপযোগীকৈ কিছু সজাই পৰাই লোৱাৰ। পাহাৰৰ উচ্চতাৰ সমানে সমানে বাহি আহিছিল পাহাৰৰ মিন্দাই কুকুৰা তথা জিলিৰ মাত। যাত্ৰাপথত আমাৰ দৃষ্টিগোচৰ হৈছিল পাহাৰীয়া এক বিশেষ খুম্ (ফুল)ৰ। প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ সুবিধাৰ্থে থকা ভিউ পইণ্টটোত পুনৰবাৰ ৰৈ উপভোগ কৰিছিলো দৃষ্টিনন্দন দৃশ্য। দূৰ দূৰণিলৈ পাহাৰ, মাথোঁ পাহাৰ, মাজে মাজে ডাৱৰ আৰু পানী। কাষৰ পাহাৰত ৰিণিকি ৰিণিকি চকুত ধৰা দিয়েহি ৰঙা মাটিৰ কেঁচা পথ আৰু সিঁচৰিত হৈ থকা কিছু গাঁও। পূৰ্বৰ উভতনি যাত্ৰাবোৰত প্ৰায়েই মন কৰো নিশাৰ চাকিৰ পোহৰত জোনাকী পৰুৱা সদৃশ উজলি থাকে সেই গাঁওবোৰ।

প্ৰাকৃতিক মনোমোহাৰে ভৰা যাত্ৰাৰ অন্তত অসমৰ পৰিষ্কাৰ গাঁও চিকদামখাখন অতিক্ৰমি আমাৰ গন্তব্য স্থানত উপস্থিত হৈছিলোগৈ। আমাক আদৰিবলৈ যেন ৰৈ আছিল বৰমাৰ্জং গাঁৱৰ প্ৰৱেশদ্বাৰত ওখ প্ৰকাণ্ড জোঙা আকৃতিৰ এটা শিল। লোক বিশ্বাসমতে সেই জোঙা আকৃতিৰ শিলটো হৈছে আৰাধ্য দেৱতা ‘বালাখঙ’ৰ। গাঁওখনৰ মংগলাৰ্থে যুগান্তৰ প্ৰহৰীৰ দৰে থিয় হৈ আছে যুগে যুগে। গাঁওখনত প্ৰৱেশ কৰিয়েই পৰিলক্ষিত হোৱা প্ৰথমটো দিশ হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু তিৱা আৰ্হিৰ ঘৰ অৰ্থাৎ ‘ন-বাৰ’ বোৰ আৰু লাংৰা গেটবোৰ। আধুনিকতাৰ প্ৰভাৱত দুই এক পকী ঘৰ নিৰ্মাণ কৰিছে যদিও অধিকাংশ লোকৰে আছে ন-বাৰ। তদুপৰি পকী ঘৰ থকাসকলৰো আছে ন-বাৰ। এই ন-বাৰ হ’ল স্বকীয় বাঁহ খেৰেৰে নিৰ্মিত তিৱা ঘৰ। যি ঘৰ ভৈয়ামৰ বিভিন্ন ফেষ্টিভেল নতুবা গুৱাহাটীৰ কলাক্ষেত্ৰত আৰু ৰাজ্যিক সংগ্ৰাহলয়ত পৰিলক্ষিত হয়। বৰমাৰ্জঙত উপস্থিত হৈ আমি প্ৰৱেশ কৰিলো কজাল (ভাইটি) তপেশ মেলাঙৰ ঘৰত। সময় তেতিয়া দিনৰ ৰৰ বাজিছিল। পূৰ্ব পৰিকল্পনা অনুযায়ী আমি গোটেইবোৰ থকা কৰাৰ ব্যৱস্থা তপেশৰ ঘৰতে ঠিক কৰিছিলো। তপেশ হ’ল ‘থোৰাং’ গোষ্ঠীৰ সহায়ক সদস্য, গাঁৱৰ উদ্যামি যুৱক। এইখিনিতে আমি ‘থোৰাং’ৰ বিষয়ে এক আভাস দিব বিচাৰিছো। থোৰাং হ’ল এক গোষ্ঠী যি অংকুৰিত অৱস্থাত আছে। আমাৰ এটাই উদ্দেশ্য, পাহাৰৰ কৃষ্টি-সংস্কৃতিসমূহৰ সৈতে ভৈয়ামৰ লোকসকলৰ পৰিচয় কৰোৱাৰ লগতে তিৱা কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ। আমাৰ এটাই প্ৰচেষ্টা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু কৃষ্টি-সংস্কৃতিয়ে দেশ তথা বিশ্বৰ বুকুত পৰিচিত হৈ পৰক। সেই উদ্দেশ্যেৰেই আমাৰ সৈতে যোগাযোগৰে যাত্ৰা কৰিছিল কেইবাজনো সাহিত্যিক, ফটোগ্ৰাফাৰ, সাংবাদিক, ইতিহাসবিদ। তেওঁলোকৰ আগমন ঘটিছিল উক্ত পূজাৰ দিনা। সেয়েহে ব্যৱস্থাপনা দিশটোৰ চোৱা-চিতাৰ বাবে এদিন পূৰ্বে যাত্ৰা কৰিছিলো আমি। এক পৰিষ্কাৰ আটোমটোকাৰি তিৱা ঘৰ ন-বাৰ। বাৰান্দাত বহি লক্ষ্য কৰিছিলো ঘৰৰ চোতালৰ বাঁওহাতে এটা কুৱা আৰু ওচৰতে পাছপালৰ জুৰিৰ লগত সংলগ্ন হৈ থকা পাইপ যুক্ত এটা টেপ। ঘৰৰ সকলোবোৰ দৈনন্দি কাৰ্যত ব্যৱহৃত এই পানী। ঘৰৰ চৌপাশে নানাবিধ খুম্। তাৰ মাজে মাজে কেইবাবিধো ঔষধিযুক্ত খুম্ যেনে ডুমৰি খুম্, থডালি ফাং খুম্। এই খুম্ (ফুল)ৰ পাত আৰু গছৰ ছাল গেষ্ট্ৰিকৰ মহৌষধ। ঘৰৰ চাৰিওফালে থকা বেৰবোৰত বগাই আছিল ‘চবাই’ এক লতাজাতীয় ঔষধি উদ্ভিদ। আৰু আছিল ‘থিচিমলি’ পলুৰ বাবে ব্যৱহৃত পাত। পিছফালে আছিল আদা, হালধিৰ খেতি। মনতে উৎসাহিত হৈ পৰিছিলো প্ৰকৃতিৰ মাজত দুটা দিন দুটি নিশা কটোৱাৰ কথা ভাবি। দুপৰীয়া প্ৰখৰ ৰ’দত ঘৰখনত আগমণ ঘটিছিল বিচানি পাইৰ। তপেশৰ বাইক। পিঠিত আছিল পাহাৰৰ পৰা বুটলি অনা খৰিৰে পূৰ্ণ এটা ‘খ’। পাইয়ে দুখন হাতেৰে আমাক জনাইছিল চেৱা। কঠোৰ পৰিশ্ৰমৰ মাজতো সুখৰ হাঁহিটোৰে আমাৰ বাবে যুগুতাইছিল আহাৰ। মাজে মাজে মুখত কিত। বাঁহৰ চুঙাত মাছ খচৰং পাত (টেঙা মৰা) আৰু ৰঙালাউৰ আঞ্জা। পাহাৰৰ পৰিশ্ৰমী অতিথি পৰায়ণ তিৱা মহিলাৰ এক জীৱন্ত ৰূপ আমাৰ সন্মুখত। নাই কোনো দুখ, নাই কোনো ভাগৰ। মাথোঁ পৰিশ্ৰম। ঘৰৰ ভিতৰত বহি আহাৰ গ্ৰহণৰ সময়ত লক্ষ্য কৰিছিলো কোঠাটোৰ চাৰিওপালে খাপে খাপে বেৰবোৰ ঢাক খাই থকাকৈ ওখকৈ ৰাখিছে ‘মাইচিচাল’ বোৰ। মাইচিচাল হ’ল তিৱাসকলৰ বছৰটোৰ বাবে ধানবোৰ অনিষ্ট নোহোৱাকৈ ৰখা পাত্ৰ, যিবোৰ এক বিশেষ কায়দাৰে বান্ধি ৰখা হয়। ভৈয়ামৰ দৰে তাত ভড়াল নাথাকে। গোটেই বছৰটোৰ বাবে সঞ্চিত কৰিৰাখে সেই ধানবোৰ। ন-বাৰৰ বাৰান্দাত বহি থাকোতে আগমন ঘটিছিল বিভিন্ন পাণ্ঠাই, আচি, আনি, মামাইৰ। তেওঁলোকৰ মাজত তিৱা কথোপকথোনবোৰে অনুভৱ কৰাইছিল যেন অতদিনে পঢ়ি অহা তিৱা ভাষা শিক্ষণ পুথি মুখলি নতুবা অন্য পুথি সমূহৰ তিৱা কথোপকথনবোৰৰ ঠিক জীৱন্ত ৰূপবোৰৰহে যেন প্ৰতিফলন। ময়ো যিমান পাৰো সুৰতে সুৰ মিলাই শিকি থকা তিৱা মাতেৰে কথা পাতিব চেষ্টা কৰিছিলো। ভুল হোৱাবোৰ তেওঁলোকে শুধৰাই দিছিল।

আবেলি তিনি মান বজাত লাংগাৰডাঙালৈকে আগুৱাই আহি গুৱাহাটীৰ পৰা অহা তিনিজন বন্ধুক লৈ আকৌ উভতি গৈছিলো বৰমাৰ্জঙলৈ। ইতিমধ্যে গাঁওখনত এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছিল। সন্ধিয়া লাংখুন পূজাৰ আগমুহূৰ্তৰ পৰ্ব চাবৰ বাবে গাঁৱৰ চামাদিত উপস্থিত হৈছিলোগৈ সকলোৱে। সকলোৱে মানে পুৰুষ সদস্যসকলে। যিহেতু প্ৰচলিত প্ৰথা অনুযায়ী ছোৱালীসকলৰ চামাদিত উঠাত বাধা। এক আহল বহল প্ৰকাণ্ড গছৰ খুঁটা যুক্ত চামাদি। য’ত সকলো ডেকা, বুঢ়া-মেথা আহি উপস্থিত হৈছিল। চামাদিৰ ওপৰত জ্বলাই ৰখা হৈছিল দুইকুৰা জুই। বহিবৰ বাবে চাৰিকোণীয়াকৈ পাৰি থোৱা আছিল কাঠৰ কুণ্ডাৰ দীঘলীয়া দুই শাৰী আসন। চামাদিৰ এটা খুটাত আছিল গাহৰীৰ মূৰৰ কংকালৰ মালা। ঐতিহ্য বহনকাৰী সেই চামাদিৰ কাষতেই আছে আধুনিক কংক্ৰিটৰ চামাদি। ইয়ে বিশ্বয়নৰ আংশিক প্ৰভাৱৰ উমান দিয়ে। ডেকাচাঙত জুইৰ তাপলৈ অনুভৱ কৰিছিলো শীতৰ আগমন। যিহেতু পাহাৰত আগতিয়াকৈ শীতৰ নামে। চামাদিৰ ওপৰত পাণ্ঠাইসকলে দুটা ভাগত বিভক্ত হৈ আৰম্ভ কৰিলে নৃত্য। বাজি উঠিল খ্ৰাম, পাংচি,উচ্চাৰিত হ’ল লাৰগা লাৰগা……. গীত। চামাদিৰ তলত এচামে পাহাৰৰ পৰা কাটি অনা বিজুলি বাঁহত ফুল তুলি নিৰ্মাণ কৰিব ধৰিলে লাংখন। চামাদিৰ ওপৰত বয়োজ্যেষ্ঠসকলে তমাল, শাৰী শাৰী কৰি গছৰ লতা জাতীয় এক ৰচিৰে বান্ধি গীত গাই গাই নিৰ্মাণ কৰিলে পূজাত ব্যৱহৃত আমজুৰ। নৃত্যৰ আখৰা পৰ্ব উপভোগ কৰি চামাদিৰ পৰা নামি আহি ফৰকাল আকাশখনলৈ লক্ষ্য কৰি অনুভৱ কৰিলো তৰাবোৰৰ উপস্থিতি সেইেদিনা যেন অন্য দিনতকৈ কিছু কাষত। কাৰণ হাজাৰ হাজাৰ ফুট উচ্চতাত আছো আমি। আহ! চাৰিওফালে নিৰ্মল চেঁচা বতাহ। কাণত বাজি আছিল জিলিৰ মাত। কৰবাৰ পৰা ভাঁহি আহিছিল পাংচিৰ সুৰ। আবি (আইতা) ৰ গীত। লগৰ বন্ধু এজনে প্ৰশ্ন কৰিছিল, তোমালোক এনে পৰিৱেশতেই ডাঙৰ হৈছা নে· মই মনতে ঊাবিলো সেইটোৱেইটো দুভাগ্য। এনে এখন সমাজ তথা পৰিৱেশৰ পৰা বঞ্চিত হৈ ৰ’লো অতদিনে। বঞ্চিত হৈ ৰলো আপোন মানুহখিনিৰ সান্নিধ্যৰপৰা। যি সান্নিধ্য এতিয়া লাভ কৰিছো সুভাগ্যক্ৰমে। নিশা তপেশৰ ঘৰত জুইকুৰা জ্বলাই বাঁহৰ চুঙাত ‘জু’ (মদ) আৰু চুঙাৰ মাংস গ্ৰহণ কৰি বিভিন্ন কথা, গীত-মাতেৰে নিদ্ৰাৰ কোলাত পৰিলো পিছদিনাৰ পূজাৰ বিষয়ে ভাবি। লগতে আহিবলগীয়া অন্য অতিথিসকলৰ অপ্যায়নৰ কথা ভাবি।

তাৰিখ ১৮ ছেপ্টেম্বৰ৷ পুৱা চাৰি মান বজাতে সাৰ পালো কাষৰ ঘৰৰ পৰা ভাঁহি অহা কিছু শব্দত। ভালকৈ গম লৈ নিশ্চত হ’লো সেয়া তিৱা মন্ত্ৰ পাঠ। কি সৌভাগ্য মন্ত্ৰৰ মাতত দিনটোৰ আৰম্ভণি! আচলতে গাঁওখনৰ প্ৰত্যেক ঘৰতে চামাদিৰ লাংখন ফুজা ভাগৰ আগেয়ে ৰাতিপুৱাতেই ঘৰে ঘৰে মিন্দাইক পূজা অৰ্পণ কৰা হয়। প্ৰত্যেকৰ ঘৰে ঘৰে আমৰি বৰাই, বাদল মাজি, ফুৰিম চৰা তিনিজন দেৱতাক উপাসনা কৰে স্বকীয় ৰীতি-নীতিৰে। আমৰি বৰাই পূৰ্বপুৰুষ পিতৃ-মাতৃক বুজোৱা হয়। বাদল মাজি হ’ল সূৰ্য আৰু ফুৰিম চৰা।

বৰমাৰ্জং গাঁৱত মুঠ পাঁচটা কুলৰ লোক আছে। মেলাং, পুমা, আমচং, মাদাৰ আৰু মাচলাই। কুলভেদে দেৱতালৈ বলি হিচাপে আগবঢ়োৱা চৰাইৰ সংখ্য পৃথক পৃথক। কোনোবাটো কুলে যদি পাঁচটা কুকুৰা আগবঢ়াই, তেন্তে কোনোবটোৱে ছয়টা, কোনোবাটোৱে আকৌ এটা। তপেশৰ ঘৰৰ মেলাং কুলৰ নিয়ম অনুযায়ী পুৱা তাৰ পাবা (দেউতাক) ন-বাৰৰ ভিতৰৰপৰা আৰম্ভ কৰিলে ফুজা। ‘খুমবালা ফুলৰ মালা’ এই ফুজাৰ বাবে ব্যৱহৃত হয় আৰু লগত চাৰিটা জলপানৰ টোপোলা থাকে। যিকেইটা তৰা পাতেৰে বন্ধা হয়। নিৰ্দিষ্ট টোপোলকেইটা নিশাৰ ভাগতেই ঘৰৰ নিৰ্দিষ্ট এগৰাকী গৃহস্থীয়ে বান্ধি ৰাখে। টোপোলবোৰ পুৰুষ বা মহিলা যিগৰাকীয়ে বান্ধে তেওঁহে চুব পাৰে। পুৱা পূজা সমাপ্ত হোৱাৰ পাছত জেলাগৰাকীয়ে সেই টোপোলাবোৰ খোলে আৰু প্ৰসাদ হিচাপে সকলোকে বিতৰণ কৰে। সেই ভাগ আমিও পাইছিলো। তাৰোপৰি ঘৰলৈও কলপাতত মেৰিয়াই আহিবৰ দিনা প্ৰেৰণ কৰিছিল। ঘৰৰ ভিতৰত ইকুৰি খঞ্জা (কলপাত) ত নিয়ম নীতি কৰি ভিতৰৰ পৰা ওলাই আহি ঘৰৰ বাৰীৰ একোণত পূৰ্ৱ দিশমুৱা হৈ ফুজা পৰ্ব আৰম্ভ কৰে। সামান্য দূৰত্বত দুই কোণত দুডাল সৰু বাঁহৰ লেকেচি পুতা হয়। লেকেচি দুডালৰ তলত দুভাগত কলপাতত ‘জু’ আৰু খুমবালা ৰখা হয়। বলি দিবলগীয়া বগা আৰু ৰঙা কুকুৰা দুটাত তুলসী পানী ছটিয়াই থাকে। তিৱা মন্ত্ৰ পাঠ কৰি চৰাই দুটা দুডাল লেকেচিৰ তলত থকা কলপাতত বলি দি তেজ অৰ্পণ কৰে। প্ৰথমতে দুডালকৈ পাখী গুঁজি দিয়ে। মুঠতে তিনিটা ভাগত পূজা দিয়া হয়। বাঁওহাতে বাদল মাজিক বগা চৰাই , সোঁহাতে আমৰি বৰাইক ৰঙা চৰাই আৰু মাজত ফুৰিম চৰাক কেৱল ‘জু’ আৰু জলপান অৰ্পণ কৰে। মাজৰ ভাগটোত বলিৰ তেজ অৰ্পণ নকৰে। তিনিওটা ভাগতে চৰলং (নহৰু), আদা লগতে ৰংজু (চিৰা) অৰ্পণ কৰে। সম্পূৰ্ণ স্বকীয় মন্ত্ৰ পাঠেৰে উক্ত পূজাভাগ সমাপন কৰাৰ পাছত ফিডৰি মাদৰি (পিতৃ-মাতৃ, মৃতকৰ পূৰ্বপুৰুষ) ৰ বাবে ঘৰৰ চোতালত ঘৰখনৰ কণিষ্ঠ ল’ৰাজনে পুনৰ তিনিটা কুকুৰা বলি দিয়ে মন্ত্ৰপাঠৰে –
পথৰ ফিউআনে, পাগান ফিউআনে
চনাই ফিউআনে, ফনৰা ফিউআনে
চা দেউৰী, চা হাডাৰী….।

বলি চৰাই কেইটাৰ পেটু ফালি ঘৰৰ জেলাজনে মঙল চাই যে আগন্তুক শস্য উৎপাদন কেনে হ’ব, বৰষুণ কেনে হ’ব ইত্যাদি। ঘৰৰ পূজাভাগ সমাপন কৰি সকলোৱে সাজু হয় গাঁৱৰ লাংখুন ফুজাৰ বাবে। ইতিমধ্যে থোৰাঙৰ সদস্য-সদস্যা ৰাহুল, পাৰ্থ, পল্লৱীকে আদি কৰি অন্য অতিথিসকল আহি গাঁওখনত উপস্থিত হৈছিল। তপেশৰ ঘৰত এক উদুলি মুদুলি পৰিৱেশ। অতিথিৰে ভৰি পৰিছিল ঘৰৰ ভিতৰ বাহিৰ। তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা) ৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাটৰ ছাৰ, শ্ৰদ্ধাৰ তখ্ৰাৰ সভাপতি লালংছিং মাদাৰ মামা, ৰিমল আমচি দা আৰু যোগেশ বৰদলৈ দা হঁতক লগ পাই আলোচনা কৰিলো বহু বিষয়। আমি লৈ যোৱা অতিথিবোৰক গাঁওখনতে থকা মোহন ফাডাৰৰ শিলাকৃৰ্তি মুৰ্তি পৰিদৰ্শন কৰালো। লোকবিশ্বাস মতে মোহন ফাদাৰ এক বীৰ আছিল যি এতিয়া শিলৰ মুৰ্তিত পৰিণত হ’ল। মোহন মাদাৰ হেনো লুম্ফৈ ফৈদৰ ৰজা আছিল। প্ৰকৃত নাম আছিল ৰতছিং লুম্ফৈ। গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ভাষ্যমতে তেওঁলোকৰ বিশ্বাস মোহন ফাদাৰৰ আত্মাই ৰাতি ৰাতি গাঁওখনৰ সুৰক্ষাৰ বাবে পৰিভ্ৰমণ কৰা পূৰ্বপুৰুষসকলে প্ৰত্যক্ষ কৰিছিল। সেয়া এক লোক বিশ্বাস।

ডেকাচাঙত লাংখুন ফুজাৰ প্ৰস্তুতি চলিছিল। নৃত্যত অংশ ল’বলগীয়া পাণ্ঠাইবোৰে চাংদলৈ, চাংমাজি অন্যান্য দলপতিসকলৰ ঘৰে ঘৰে ভাগহৈ সু-সজ্জিত সাজ পৰিধান কৰে। ডেকা ল’ৰাবোৰৰ মাজৰপৰা এই দলপতিবোৰ নিৰ্বাচন কৰি দিয়া হয়। চামাদিৰ পূজা অৰ্পণ কৰাৰ পাছত ল’ৰাবোৰে নৃত্য আৰম্ভ কৰে। চামাদিৰ কাষত পুতি ৰখা ওখ ওখ লাংখুনবোৰৰ মাজে মাজে খ্ৰামৰ তালে তালে গাঁৱৰ পাণ্ঠাইসকলে কৰিছিল নৃত্য। তাৰ পাছত ক্ৰমান্বয়ে হাদাৰি ঘৰত আৰু ল’ৰৰ ঘৰত গৈ নৃত্য কৰে। লাংখুন পূজাত চগ্ৰা ফুজাৰ সময়ৰ দৰে অন্য ঘৰবোৰত গৈ নৃত্য প্ৰদৰ্শণ কৰা নহয়। ল’ৰৰ ঘৰত নৃত্য কৰাৰ সময়ত চোতালৰ এক নিৰ্দিষ্ট ঠাইত প্ৰায় চল্লিশটা সৰু মুৰ্গী বালা খঙৰ, থাউলিয়া বা থগৰিয়া, বাদলমাজি, মাচলাং, চাবৰি, চমফ্লেং দেৱতাৰ নামত বলি দি উৰ্চগা কৰে। লোকবিশ্বাস এই পূজা ভাগৰ জৰিয়তে দেৱতাক আগ কৰাৰ পাছতেই গাঁৱত কৰা বিভিন্ন আদা, হালধি ইত্যাদি খেতিসমূহৰ ওপৰিও ৰঙালাউ, কচু সেৱন কৰিব পায়। ল’ৰৰ ঘৰত নৃত্য পৰিৱেশনৰ সময়ত দলপতিসকলক এক উচ্চ সন্মান প্ৰদান কৰা হয়। চাংদলৈ, চাংমাজি, পুৰুমা, খুৰাইছাকে প্ৰমুখ্য কৰি দলপতিসকলক সন্মান প্ৰদৰ্শন কৰি আগলি কলপাত পাৰি একাষে বহিবৰ বাবে আসন পাৰি দিয়া হয়। আৰু তেওঁলোকে গীত গাই গাই বাকী ডেকাবোৰক নৃত্যত উৎসাহ যুগুৱা পৰিলক্ষিত হয়।

পূজা সমাপনৰ পাছত নিশাৰ ভাগত দলপতিসকলৰ সৈতে গাঁৱৰ আটাইবোৰ ল’ৰাই পূজাত ব্যৱহৃত লাংখুনবোৰ পথাৰৰ মাজত গাঁৱৰ এমূৰত গৈ পুতি থৈ আহে অৰ্থাৎ বিসৰ্জন দি আহে। পিছদিনা পুৱা ডেকাচাঙত চিৰা জলপানৰ টোপোলাসমূহ বান্ধি ল’ৰ হাদাৰি আৰু অন্যসকলক সন্মান স্বৰূপে প্ৰদান কৰে।

ইতিমধ্যে আমাৰ অতিথিসকলো আবেলি পূজাৰ লগতে তিৱা জনগোষ্ঠীয় খাদ্য উপভোগ কৰি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিলে। আমাৰ এই যাত্ৰাত প্ৰাগ নিউজৰ তুলসী মান্তা দায়ো যথেষ্ট সহায় কৰিছিল। দিনযোৰা ব্যস্ততাৰ অন্তত আমিও আবেলি ওলাই আহিলো উলুকুঞ্চিৰ অভিমুখে। উমচোৱাইত আমাৰ সংগী হিচাপে যোগ দিলে কজাল ভদ্ৰ অমাচি আৰু মিঠুন মিথিয়ে। সঁচাকৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঠাই এই পশ্চিম কাৰ্বি আংলং। অঞ্চলটোত আছে কেইবাটাও জলপ্ৰপাত, ট্ৰেকিঙৰ বাবে আছে সুবিধা, হলৌ বান্দৰো পৰিলক্ষিত হয় হেনো কিছু অঞ্চলত। তাদুপৰি বিভিন্ন অৰ্কিডৰ সমাহাৰ পাহাৰত। থোৰাং গোষ্ঠীৰ প্ৰচেষ্টাই হ’ল, এই সমলবোৰৰ বিষয়ে ভৈয়ামৰ ৰাইজে অৱগত হওক। যিবোৰৰ সম্বন্ধে আমিও সৌ সিদিনালৈকে আছিলো অজ্ঞ। ভদ্ৰ আৰু মিঠুনক এৰি পুনৰ বৰমাৰ্জঙলৈ গ’লো যাত্ৰাৰ শেষ নিশাটোৰ বাবে। ইমানবোৰ দুখ ভাগৰৰ মাজতো গাঁওখনত ঘৰে ঘৰে ভাহি আহিছিল—‘হিল হিল হিলয়া’ লাংখুনৰ গীত। আমিও তপেশৰ ঘৰত বিচানী পাই, ককায়েক মনজিৎ, মই, বৰ্ণালী, জ্যোতিষ্মান, পংকজৰ সহিতে গীতৰ শৰাই জুৰিলো। তিৱা, কাৰ্বি, বড়ো, বিহু, ভূপেন্দ্ৰ সংগীতেৰে বৰমাৰ্জঙৰ দুদিনীয়া যাত্ৰাৰ অধিক ষ্মৰণীয় কৰি ৰখাৰ চেষ্টা চলালো।

পুৱা ৰজ্ঝ ছেপ্তেম্বৰ, মঙ্গলবাৰ আমাৰ উভতনি যাত্ৰা। আমাক প্ৰত্যেককে মৰমৰ চিনস্বৰূপে কলপাতেৰে বান্ধি দিয়া জলপানৰ টোপোলাৰ সহিতে বিদায় ল’ব উলালো বুকুত এৰি অহাৰ বেদনা লয়। সেইবাবেই হয়তো পুৱাৰে পৰা বৰষুণ জাকো দি আছিল অহৰ্নিষে। ড্ৰাইভাৰৰ চিটত এইবাৰ মই। বৰমাজৰ্ং আৰু চিকদামাখাৰ মাজৰ শিলৰ ওপৰেৰে বৈ যোৱা জুৰিৰ ওপৰেৰে আহি পাহাৰৰ সৈতে থকা ডাৱৰৰ কুঁৱলি ভেদি চলিছিল আমাৰ উভতনি যাত্ৰা। থোৰাঙৰ উভতনি যাত্ৰা। কি অস্থিৰ অনুভৱ কৰিছিলো বৰমাৰ্জং তোমাক এৰি থৈ আহি। কম সময়ৰ ভিতৰতে তুমি আপোন হৈ পৰিছিলা। এতিয়াও স্মৃতিবোৰে মনত দোলা দি আছে। মন্ত্ৰবোৰ কাণত বাজি আছে। তোমাক পাহৰণিৰ গৰ্ভত নথওঁ বৰমাৰ্জং। আকৌ যাম তোমাৰ বুকুলৈ। আকৌ ৰাতিৰ আকাশখন চাম তোমাৰ পৰা। তোমাৰ বুকুৱেদি বৈ থকা জুৰিৰ পানী সেৱনেৰে দেহ শীতল কৰিম। আকৌ নৃত্য কৰিম ডেকাচাঙত। বৰমাৰ্জঙৰ মাদকতা ভৰা সেই বৰ্ণনা কৈ শেষ কৰিব নোৱাৰি। যিয়ে এবাৰ গৈছে প্ৰকৃতিৰ সেই জগতখনলৈ তেওঁহে অনুভৱ কৰিব পাৰিব। প্ৰত্যেকেই এবাৰলৈ পাহাৰৰ বুকুলৈ। স্বকীয় পৰম্পৰাগত পাহাৰৰ অন্য বিভিন্ন ঠাইৰ অনুষ্ঠানবোৰলৈ। কাৰণ এইবোৰ আমাৰ সংস্কৃতি, যি সংস্কৃতিয়ে আমাক সাহস, প্ৰেৰণা আৰু উৎসাহ জগাব। প্ৰতিজনকে গৌৰৱান্বিত কৰি তুলিব যে আমি তিৱা।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে