চ’ৰাঘৰ / সমকাল / ভাৰতৰ পদাতিক সেনাৰ ৰাইফল, যুদ্ধনীতি ইত্যাদি৷৷ সুমন্ত কাকতি৷৷

ভাৰতৰ পদাতিক সেনাৰ ৰাইফল, যুদ্ধনীতি ইত্যাদি৷৷ সুমন্ত কাকতি৷৷

পৰিসংখ্যাৰ দৃষ্টিৰে চাবলৈ গ’লে বিশ্বৰ দ্বিতীয় বৃহত্তম স্থলসেনা হৈছে ভাৰতবৰ্ষৰ। জন্মসূত্ৰে লাভ কৰা যুদ্ধোন্মাদ চুবুৰীয়া পাকিস্থান আৰু চীনৰ ৰণ দুন্দুভিৰ বাবে সদাসষ্টম তৃতীয় বিশ্বৰ দৰিদ্ৰ দেশ ভাৰতেও বাজেটৰ অধিকাংশ ধন প্ৰতিৰক্ষা ক্ষেত্ৰতেই খৰচ কৰিব লগা হৈছে। স্বাধীন পৰিচিতি লাভ কৰাৰ পাছৰে পৰাই ভাৰতে নিজৰ সাৰ্বভৌম অস্তিত্ব ৰক্ষাৰ বাবে পাঁচখনকৈ পূৰ্ণপৰ্যায়ৰ যুদ্ধ তথা সঘনে ছদ্মযুদ্ধত অৱতীৰ্ণ হ’বলগীয়াত পৰিছে।  হেৰুৱাব লগা হৈছে বুজন সংখ্যক ধন আৰু অগণন তেজাল যুৱক , নিৰীহ অসামৰিক নাগৰিক। মূলতঃ নিষ্পত্তিবিহীন সীমা বিবাদেই এই সংঘাতবোৰৰ মুখ্য কাৰণ বুলি বিবেচিত হৈ আহিছে যদিও এতিয়া যুদ্ধক্ষেত্ৰৰ প্ৰসাৰণ ভৌগোলিক-সামৰিক, বাণিজ্যিক ,অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবেও হৈছে বুলি একাংশ সামৰিক বিশেষজ্ঞই মতপোষণ কৰিছে। এনে এক জটিল সন্ধিক্ষণত ভাৰতৰ সাৰ্বভৌমত্বৰ বাবে প্ৰতিৰক্ষাৰ সেনাবাহিনীৰ আধুনিকীকৰণ নিতান্তই আৱশ্যক। যুদ্ধোম্মাদ অতি জাতিয়তাবাদী টি.ভি চেনেলৰ চিঞৰ আৰু শাসনাধিষ্ঠ দলৰ ফোঁপোলা ভাষণৰ পৰা আঁতৰি আহি অলপ যদি তল-ওপৰ খুঁচৰি চোৱাৰ প্ৰয়াস কৰো, তেন্তে সেনাবাহিনীৰ তথৈবচ অৱস্থাটো ওলাই পৰে। পাঁচখন যুদ্ধ আৰু ততোধিক সামৰিক সংঘাতৰ অভিজ্ঞতাৰে পুষ্ট ভাৰতীয় সেনাৰ হাতত যুদ্ধৰ বাবে প্ৰাথমিক আৰু অত্যন্ত দৰকাৰী আহিলা “এছল্ট ৰাইফলটোৱে” পৰ্যাপ্ত ৰূপত উপলব্ধ হোৱা নাই । যিকোনো পাৰম্পৰিক  যুদ্ধত জয়লাভৰ বাবে পদাতিক সেনাৰ কাৰ্যকুশলতাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় ; এই পদাতিক সেনা নিজৰ প্ৰাথমিক সঁজুলি এছল্ট ৰাইফলটোৰ অবিহনে মৃন্ময়মূৰ্তিৰ বাদে একো নহয়। বিখ্যাত সমৰনীতিবিদ মেজৰ জেনেৰেল জি.মাষ্টেৰৱে কৈ গৈছে— ” There is, on an average one Hundred soldiers to every ten cavalry and every single chariot; the infantry is really Queen of Battle”

ইয়াৰ দ্বাৰাই  পদাতিক সেনাৰ গুৰুত্ব আৰু প্ৰভাৱৰ কথা বাৰুকৈয়ে প্ৰতীয়মান হয়। কিন্ত তিনিটা দশক ধৰি ভাৰতৰ পদাতিক সেনাই যিটো ৰাইফল ব্যৱহাৰ কৰি আহিছ সেইটোৰ কুশলতা পৰীক্ষা কৰিলে ভাৰতৰ পদাতিক সেনা চীন-পাকিস্থানৰ লগত সমান্তৰাল ভাৱে দুটা- ফ্ৰণ্টৰ যুঁজত নামিবলৈ মুঠেও সাজু নহয়। ভাৰতৰ সেনাই ব্যৱহাৰ কৰা স্বদেশ নিৰ্মিত ইনচাছ  ( ইণ্ডিয়ান ম্লল আৰ্ম ছিষ্টেম) ৫.৫৬×৪৫ মি:মি: ব্যাসাৰ্ধৰ গুলি ব্যৱহাৰ কৰা ৰাইফলটো নিম্নস্তৰৰ আৰু বেমেজালিৰে পৰিপূৰ্ণ বুলি প্ৰায় এটা দশক ধৰি দেশৰ অৱসৰপ্ৰাপ্ত সেনাবিষয়া, সামৰিক বিশেষজ্ঞসকলে সকীয়াই আহিছে। ১৯৯৮ চনত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হোৱা ৰাইফলটোৰ কাৰ্গিল যুদ্ধত প্ৰদৰ্শন আছিল একেবাৰে নিম্নমানৰ। অতি কম উষ্ণতাত সঘনে জাম হৈ বিকল হোৱা, মেগাজিন ভঙা আদি বেমেজালিৰে পৰিপূৰ্ণ ৰাইফলটো ভাৰতীয় সেনাৰ বাবে অভিশাপত পৰিণত হয়৷ কিয়নো প্ৰতিপক্ষৰ প্ৰশিক্ষিত অনুপ্ৰৱেশকাৰীৰৰ হাতত আছিল উন্নত একে ছিৰিজৰ ৰাইফল আৰু হেকলাৰ এণ্ড কোচ্চ জি৩ ৰাইফল। নিম্নমানৰ সেৱাত অতিষ্ঠ হৈ সেনাই যুদ্ধৰ মাজতে ইয়াক প্ৰত্যাহাৰ কৰে আৰু বিকল্পৰূপে ৰাষ্ট্ৰীয় ৰাইফলছৰ বাবে ক্ৰয় কৰা একে ছিৰিজৰ ক্লন ৰাইফলবোৰ মোতায়েন কৰিবলগীয়াত পৰে। যুদ্ধৰ সমাপ্তিৰ পিছত কিছু সালসলনি ঘটোৱা হয় যদিও আওপুৰণি প্ৰযুক্তিৰ বাবে ইনছাছ সমসাময়িক অন্য ৰাইফলৰ সৈতে ফেৰ মাৰিব পৰা পৰ্যায়ৰ ন’হল। ইয়াৰ মূল্য ভৰিব লগা লগা হয় দেশৰ তেজাল যুৱক জোৱানসকলে।

ক্ৰমবৰ্ধমান প্ৰয়োজনীয়া আৰু সময়ৰ দাবীক অনুভৱ কৰি সেনাই বিগত সময়ছোৱাত কেবাবাৰো আধুনিকীকৰণৰ কথা কৈ আহিছে যদিও মূৰকত ৰঙা ফিটাৰ মেৰপেচ আৰু দুৰ্নীতিগ্ৰস্ত উচ্চপ্ৰদস্থ আমোলাৰ অন্তহীন কেৰামতালিৰ বাবেই এয়া কেৱল কাগজতেই আৱদ্ধ হৈ ৰৈছে । লোকসভাৰ প্ৰতিৰক্ষা কমিটিৰ প্ৰতিবেদন আৰু সামৰিক বিশেষজ্ঞৰ বাৰাম্বাৰ সকীয়নিৰ পিছত নিৰ্মলা সীতাৰমণ নেতৃত্বাধীন Defense Acquisition council এ ৭২ হাজাৰৰ অধিক অত্যাধুনিক উচ্চ ক্ষমতাসম্পন্ন এছল্ট ৰাইফল আৰু ৯০,০০০ ৰ ততোধিক কাৰ্বাইন ৩,৭০০ কৌটি টকাৰ ব্যয়সাপেক্ষে ক্ৰয় কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু বিশ্বৰ ১২ টা আগশাৰীৰ ৰাইফল নিৰ্মাতা প্ৰতিষ্ঠানলৈ ৰাইফলৰ বিৱৰণ বিচাৰি আবেদন প্ৰেৰণ কৰে । ইয়াৰ উদ্দেশ্য আছিল স্বদেশী নিম্নমানৰ ইনচাছ ৰাইফল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আওপুৰণি ব্ৰিটিছ ষ্টেৰলিং কাৰ্বাইনক বিদায় দিয়া। প্ৰকাশিত বাতৰি অনুসৰি যোগান ধৰিব লগীয়া ৰাইফলটোৰ প্ৰভাৱী ৰেঞ্জ হ’ব লাগিব ৫০০ মিটাৰ আৰু ওজন হ’ব লাগিব ৪ কেজি। আনহাতে কাৰ্বাইনটোৰ ৰেঞ্জ হ’ব লাগিব ৩০০ মিটাৰ ওজন ৩ কেজি আৰু গুলী হ’ব লাগিব ৫.৫৬×৪৫ মিঃমিঃ  ৰাউণ্ডতকৈ অধিক  ক্ষমতাসম্পন্ন । আনহাতে ৰাইফলটোৰ গুলী হ’ব লাগিব ৭.৬২×৪১ মিঃ মিঃ ব্যাসাৰ্ধৰ যি ছোভিয়েট ৭.৬২×৩৯ গুলীতকৈ ডাঙৰ আৰু নাটো ষ্টেণ্ডাৰ্ড ৭.৬২×৫১ কৈ সৰু । সেনাৰ বিবৃতিমতে এনে গুলীয়ে ক্লজ কোৰ্ৱাটাৰ যুদ্ধ,তথা পাৰম্পৰিক যুদ্ধত অতিৰিক্তভাৱে সহায় কৰিব কিয়নো ইয়াৰ গতি আৰু প্ৰতিৰোধী ক্ষমতা পাৰম্পৰিক ৫.৫৬ গুলীতকৈ বহুগুণে অধিক। কিন্ত আচৰিত কথা এয়ে যে ৭.৬২×৪১ মিঃমিঃৰ গুলী কোনো দেশৰ ৰাইফল নিৰ্মাতাই উৎপাদন নকৰে ব্যৱহাৰ কৰাটো দূৰৰেই কথা ; তেনেস্থলত কিহৰ ওপৰত ভিত্তি কৰি অস্তিত্বহীন ৭.৬২ × ৪১ মিঃ মিঃৰ গুলী বাছনি কৰা হ’ল সেয়া বিতৰ্কৰ বিষয়। একাংশৰ মতে এয়া প্ৰতিৰক্ষা মন্ত্ৰাণালয়ৰ বিষয়া আৰু সেনাবাহিনীৰ উচ্চপদবীৰ বিষয়াৰ কু-চক্ৰান্ত ; নিয়মীয়া অস্ত্ৰ ক্ৰয়ৰ গতি মন্থৰ কৰি বিপদসংকুল সময়ত যাতে ইমাৰজেন্সী অস্ত্ৰ -ক্ৰয়ত টকা ঘটাটোৱেই মূল লক্ষ্য বুলি একাংশ সৎবিষয়াই আঙুলিয়াই দিছে।

সেনাৰ সৰ্বমুঠ পদাতিক (ইনফেণ্ট্ৰী) সেনাৰ সংখ্যা হৈছে সৰ্বমুঠ ৪,৫০,০০০ যদিও ইয়াৰ অৰ্ধেক সংখ্যককহে সীমান্তৰ যুদ্ধত বা সুৰক্ষাৰ বাবে মোতায়েন কৰা হয় । গতিকে ভাৰতৰ সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱাটে সিদ্ধান্ত গ্ৰহণ কৰি কৈছে যে সীমান্তত মোতায়েন কৰা প্ৰথম প্ৰতিৰক্ষালানিৰ সৈন্যক প্ৰথমতে বিদেশী অত্যাধুনিক ৰাইফল প্ৰদান কৰা হ’ব  আৰু অন্য সেনাক দ্বিতীয়শাৰীৰ সৈন্যক কমমূল্যৰ স্বদেশনিৰ্মিত ৰাইফল প্ৰদান কৰা হ’ব। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত দুটাকৈ খ্যাতিসম্পন্ন বিদেশী কোম্পানীয়ে ভাৰতত কাৰখানা খুলি ভাৰতৰ বৃহৎ অস্ত্ৰৰ বজাৰখনত প্ৰৱেশ কৰিবলৈ হেতাওপৰা  লগাইছেই। ইজৰাইলৰ প্ৰখ্যাত অস্ত্ৰ নিৰ্মাতা সংস্থা ইজৰাইলী ৱেপেন ইণ্ডাষ্ট্ৰিজে ভাৰতৰ পুঞ্জলয়ড লিমিটেডৰ লগত কৰা দ্বিপাক্ষিক চুক্তি মৰ্মে মধ্যপ্ৰদেশত ইতিমধ্যে কাৰখানা খুলি উৎপাদন আৰম্ভ কৰিছেই, তেঁওলোকৰ প্ৰেছ বিজ্ঞপ্তি মৰ্মে উক্ত কাৰখানাত টেভোৰ টাৰ ৰাইফল আৰু এক্স-৯৫ কাৰ্বাইন প্ৰস্তুত কৰিছে। আনহাতে ৰাছিয়াৰ বিখ্যাত একে ছিৰিজৰ ৰাইফল নিৰ্মাতা অগ্ৰণী সংস্থা কালাছনিকভে ভাৰত চৰকাৰ অধীনস্থ প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ সহযোগত তেঁওলোকৰ অত্যাধুনিক একে-১০৩ ৰ উন্নত সংস্কৰণ ভাৰতত তৈয়াৰ কৰিব। আশা কৰা হৈছে যে এই স্বদেশ নিৰ্মিত একে-১০৩ ৰাইফলেৰে দ্বিতীয় শাৰীৰৰ সেনাৰ অভাৱ  পূৰণ কৰা হ’ব। ভাৰতে বিদেশী ৰাইফলৰ প্ৰতি বেছি প্ৰত্যয় দেখুওৱাৰ মূলতেই হৈছে ভাৰতীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠানবোৰৰ চূড়ান্ত অকৰ্মণ্যতা আৰু অদুৰদৰ্শিতা। ইনচাছৰ পিছত ইছাপুৰ ৰাইফল ফেক্টৰী আৰু প্ৰতিৰক্ষা গৱেষণা সংস্থা (DRDO) ই কোটিটকাৰ অপচয়েৰে নিৰ্মাণ কৰা আটাইকেইটা ৰাইফল যেনে এক্স কেলিবাৰ, ঘাতক, কালান্তাক ,ট্ৰিকি এছল্ট ৰাইফ’ল আৰু মাল্টি কেলিবাৰ এছল্ট  ৰাইফলক সেনা বাহিনীৰ পৰীক্ষণ দলে তীৰ্যক মন্তব্যৰে প্ৰত্যাখান কৰে। সেনাই পিছত ৰাইফলকেইটা ব্যৱহাৰৰ অনুপযোগী বুলি জনায়। সেয়ে উপায়ন্তৰ হৈ সেনাই বিদেশী নিৰ্মাতাৰ পৰা ৰাইফল ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে; কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া অনুমোদন মৰ্মেই সেনাৰ এটি উচ্চস্তৰীয় দলে নিজৰ পছন্দৰ মাৰাণাস্ত্ৰটো বিচাৰি বিদেশলৈ ৰাওনা হৈছে। এওঁলোকে আমেৰিকাৰ কল্ট, ছুইজাৰলেণ্ডৰ ছিগ ছগাৰ, ইটালীৰ বেৰেটা, সংযুক্ত আৰৱ আমীৰ শ্বাহীৰ কাৰাকাল , ইজৰাইলৰ আই ডব্লিউ আই , দক্ষিণ কোৰিয়াৰ এছ কি ইউ মোটিভ আদি ৰাইফল নিৰ্মাতাৰ কাৰখানাৰ পৰীক্ষাগাৰত ব্যাপক পৰীক্ষণসুচীৰ দ্বাৰা নিজৰ পচন্দৰ ৰাইফলটো নিৰ্বাচন কৰিব। কোৱা বাহুল্য যে বেৰেটা কোম্পানীৰ এম৯২ পিষ্টল, এম এক্স -৪ কাৰ্বাইন, ইজৰাইলৰ টেভোৰ ৰাইফল আৰু ছিগ ছগাৰৰ এছ জি -৫৫০ ৰাইফল ভাৰতৰ স্পেচিয়েল ফৰ্চে ব্যৱহাৰ কৰে। এই লোভনীয় ৰাইফল কিনা প্ৰক্ৰিয়াৰ এটি আনুষংগিক আমোদজনক তথ্য হৈছে জাৰ্মানীৰ প্ৰখ্যাত হেকলাৰ এণ্ড কল্ডছ আৰু বেলজিয়ামৰ এফ.এন হাৰ্ছাল কোম্পানীয়ে আগ্ৰহ প্ৰকাশ নকৰাটো, আমেৰিকাৰ দুধৰ্ষ নেভী ছিল সহিতে অইন দেশৰ স্পেচিয়ল ফৰ্চৰ প্ৰথম পছন্দৰ ৰাইফল যোগান ধৰা প্ৰতিষ্ঠান দুটাই আগ্ৰহ প্ৰকাশ নকৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। এক বিশেষ সুত্ৰৰ মতে তেঁওলোকে ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত হ’ব লগা সম্ভাৱিত দালালি আৰু দুৰ্নীতিৰ আংশকা কৰিয়েই এই লোভনীয় চুক্তিৰ অংশীদাৰ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। বিদেশী ৰাইফল ক্ৰয় কৰাৰ বাবে ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ লোৱা নাই , ইয়াৰ পূৰ্বতে ২০১১ চনতো ৩ লক্ষাধিক ৰাইফল কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেইবাৰ সেনাই বিচাৰিছিল এনে এটা ৰাইফল যিয়ে বেৰেলৰ যৎসামান্য সলনিৰ যোগেদি একে সময়তে ৫.৫৬×৪৫ , ৭.৬২×৫১  আৰু ৭.৬২×৩৯ মিঃমিঃ ৰাউণ্ড গুলি ৬০০গুলি প্ৰতি মিনিট হিচাপত নিক্ষেপ কৰিব পাৰে । আভ্যন্তৰীণ সংঘাতত আৰু সীমান্তত  প্ৰশিক্ষিত পাকিস্থানী সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈ সেনাই একেটা ৰাইফলতেই বেলেগ বেলেগ চৰিত্ৰৰ সমাৱেশ ঘটাব বিচাৰিছিল যদিও বাস্তৱত আছিল সেয়া আছিল  দুঃস্বপ্নৰ সমাৰ্থক৷ কিয়নো তিনিবিধ বেৰেল আৰু গুলী একেলগে কঢ়িওৱাৰ ফলত এজন সৈন্যই কঢ়িয়াব লগা ওজন বহুলাংশে বৃদ্ধি পায় আৰু তেওঁৰ সক্ষমতা আৰু মনস্তাস্ত্বিক দিশত নেতিবাচক প্ৰভাৱ পৰে। এনেবোৰ কাৰণতেই পাঁচটাকৈ এইশ্ৰেণীৰ বিদেশী ৰাইফল পৰীক্ষা কৰাৰ পিছত বাতিল কৰিবলগীয়া হয়। এই প্ৰক্ৰিয়াত অংশ লৈছিল ইজৰাইলী ৱেপেন ইণ্ডাষ্ট্ৰিজৰ গালিল এছ ৰাইফল, ছুইচ ছিগছগাৰ এছ জি ৫৫১ ৰাইফল, ইটালীৰ বেৰেটাৰ এআৰএক্স -১৬০, চেক গণৰাজ্যৰ চিঝে- ৮০৫ ব্ৰেন  আৰু কল্ট কোম্পানীৰ এম-১৬ ৰাইফল । কিন্ত উপেক্ষা কৰা হৈছিল হেকলাৰ এণ্ড কল্ডছৰ নতুন ৰাইফল ছিৰিজক, ৰিমিংটনৰ এচাপ্টিড কমবেট ৰাইফল আৰু বেলজিয়ামৰ এফ এন হাৰ্ছেলৰ এফ এন এফচিএআৰ ৰাইফল। উল্লেখনীয় যে উপৰোক্ত আটাইকেইটা ৰাইফল আমেৰিকাৰ উচ্চ প্ৰশিক্ষিত স্পেচিয়েল ফৰ্চৰ প্ৰথম পছন্দৰ ৰাইফল। নিজৰ কেটেগৰীত এইকেইটা ৰাইফল একেবাৰে মজুত আছিল। এনেবোৰ লেহেমীয়া আন্তৰিকতাবিহীন অস্ত্ৰ -ক্ৰয়ৰ প্ৰক্ৰিয়া পৰ্য্যবেক্ষণ কৰিলে স্বাভাবিকতেই প্ৰশ্ন এটি জাগ্ৰত হয় -কেনেকৈ আওপুৰণি অস্ত্ৰৰে যুদ্ধ কৰি সশস্ত্ৰ সেনাই ভাৰতবৰ্ষক সুৰক্ষা দিব? ভাৰতৰ সেনাৰ অস্ত্ৰৰ ইতিহাস যদি মেলি চোৱা যায়, তেন্তে ওলাই পৰে কিছুমান আশ্চৰ্যজনক তথা উদ্বেগজনক কিছু তথ্য৷ কিয়নো জন্মলগ্নৰে পৰা ভাৰতৰ সেনাৰ চাহিদা ,প্ৰয়োজনীয়তা পূৰাব পৰাকৈ কোনোকালেই উপযুক্ত ৰাইফল প্ৰদান কৰা হোৱা নাছিল। তথাপিও একাংশৰ তেজাল যুৱকৰ দেশপ্ৰেম, কৰ্তব্যপৰায়ণতা, একাগ্ৰ কৰ্তব্যনিষ্ঠা তথা বলিদানৰ বলতহে সেনাই ভাৰতৰ সাৰ্বভৌম অস্তিত্ব অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ।

চমু ইতিহাস :
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ভাৰতক সৈন্য শক্তিৰ নীতিৰ পৰিৱৰ্তে কোমল শক্তি(soft power) নীতিৰেহে পৰিচালিত কৰিব খুজিছিল৷ কাৰণ আছিল অহিংসা, উদাৰতাৰ পৰা উদয়হোৱা ভাৰতৰ ইতিহাস। উক্ত মৰাত্মক ভুলৰ বাবেই নেহেৰুৱে সেনাৰ আধুনিকীকৰণ আৰু সমৰ প্ৰস্তুতিত গুৰুত্ব দিব খোজা নাছিল। নেহেৰুক চমক খুৱাই যেতিয়া পাকিস্থানে ১৯৪৮ চনত ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া ব্ৰিটিছ কামাণ্ডাৰৰ নেতৃত্বাধীন সেনাই ভাল প্ৰদৰ্শন কৰি পাকিস্থানক পৰ্যুদস্ত কৰিলে। কেইমানমান পূৰ্বে স্বাধীন হোৱা দুয়োখন দেশৰ সেনাই একে ৰাইফল যেনে থ্ৰী নট থ্ৰী আৰু ষ্ট্ৰেৰলিং ছাব মেচিন গান ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হোৱা নাছিল, অস্ত্ৰৰ বৈসাদৃশ্য নথকাত পদাতিক সেনাই সহজে নিজৰ গতিবিধি আৰু ৰণনীতি প্ৰস্তত কৰিব পাৰিছিল। অহিংসা আৰু পঞ্চশীল নীতিৰ দৰে ৰমন্যাসী ভাৱধাৰাৰ নেহেৰুৱে পাকিস্থানৰ বিৰুদ্ধে জয়ত উৎফুল্লিত হৈ সেনাৰ আধুনিকীকৰণৰ জৰিয়তে সু-সজ্জিত কৰা বিষয়টোক সম্পূৰ্ণৰুপে অৱহেলা কৰে। ইয়াৰ কুফল ভুগিবলগীয়া হয় ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধত, যেতিয়া নেহেৰুৰ বিশ্বনেতা হোৱাৰ সপোন আৰু দাম্ভিকতাক বিদীৰ্ণ কৰি ৰঙা চীনে হাত দিছিল ভাৰতৰ পশ্চিম সীমান্তত। এইযুদ্ধত চীনৰ অত্যাধুনিক টাইপে-৫৬ ( ছোভিয়েট একে -৪৭ ৰ উন্নত চীনা সংস্কৰণ) ৰাইফলৰ বিৰুদ্ধে ভাৰতৰ সেনাই যুঁজিছিল ১৮৯৫ চনতেই নিৰ্মিত লি এনফিল্ডৰ থ্ৰী নট থ্ৰী ৰাইফলেৰে, যি প্ৰতিপক্ষৰ উন্নত ৰাইফলৰ তুলনাত আছিল পুতলা সদৃশ। ৩০ টা গুলীৰ মেগজিনেৰে প্ৰতি ছেকেণ্ড ৬০০ গুলী নিৰ্গমণৰ ক্ষমতা থকা টাইপে -৫৬ ৰ আগত কেৱল মাত্ৰ ৫ টা গুলী মেগজিনৰ শ্ল অৱ ফায়াৰৰ বল্ট একছন থ্ৰী নট থ্ৰীৰ কোনো উত্তৰেই নাছিল। অস্ত্ৰৰ এনে বৈসাদৃশ্যৰ সুযোগ লৈ চীনা সৈন্যই ভাৰতৰ সেনাক পৰাভূত কৰি ভাৰতৰ অভ্যন্তৰলৈ বীৰদৰ্পে সোমাই আহিছিল। ইয়াৰ পিছতেই ভাৰতৰ সেনাক উন্নত ৰূপ দিয়াৰ বাবে ব্যাপক চিন্তন-মন্থন আৰম্ভ হয় আৰু থ্ৰী নট থ্ৰীক আঁতৰাই বেলজিয়াম নিৰ্মিত FN/NFL ৰ ৰাইফলৰ এটা ক্লন ইছাপুৰ ৰাইফল ফেক্টৰীত নিৰ্মাণ কৰা হয় আৰু এইটোৰ কিছু আসোঁৱাহ থাকিলেও প্ৰায়  চাৰিটা দশকলৈ মূল অস্ত্ৰৰূপে ব্যৱহাৰ হয়৷ ১৯৭১ চনৰ যুদ্ধত ইয়াৰ ব্যৱহাৰ আছিল ব্যাপক। কিন্ত সকলো ৰাইফলৰে এটা নিৰ্দিষ্ট প্ৰভাৱী সময় থাকে, সময়ে সময়ে উন্নত প্ৰযুক্তিৰ লগত তাল মিলাই নচলিলে পৰিণাম যথেষ্ট ভয়াবহ হয়গৈ। শান্তিৰক্ষা বাহিনী হিচাপে ভাৰতে  শ্ৰীলংকাত পদাৰ্পণ কৰা সময়লৈকে এই এছ এল আৰ ৰাইফল বিশ বছৰ পুৰণি হৈ গৈছিল। তামিল টাইগাৰৰ স্বয়ংক্ৰিয় একে -৪৭ ৰাইফলৰ লগত এটা গুলী/ এক ছেকেণ্ডত নিৰ্গত কৰা এই ৰাইফলেৰে যুঁজোতে ভাৰতীয় সেনাই ত্ৰাহি-মধূসুধন সুঁৱৰিছিল, বিকল্প হিচাপে ব্যৱহাৰ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ষ্টেৰলিং কাৰ্বাইনেও পৰিণত হৈছিল ক্ৰীড়নকত৷ কিয়নো মাত্ৰ ৯ মিঃ মিঃ পিষ্টলৰ গুলী থকা এই ৰাইফলৰ সক্ৰিয় ৰেঞ্জ আছিল মাথোঁ ১০০ মিটাৰ আৰু সৰু গুলীৰ বাবে প্ৰতিৰোধী ক্ষমতাও আছিল নগণ্য৷ এই কাৰ্বাইন মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কমখৰচী আৰু সংখ্যাত অধিক উৎপাদন কৰিব পৰাকৈ ডিজাইন কৰা হৈছিল। অস্ত্ৰৰ এনে বৈসাদৃশ্যৰ বাবেই ভাৰতৰ বিক্ৰমী সেনাই বিফলতাক আঁকোৱালি ল’ব লগা হৈছিল। আটাইতকৈ বেছি ক্ষতি হৈছিল ভাৰতৰ উচ্চ প্ৰশিক্ষিত পেৰা কমাণ্ডোৰ, যাক দিয়া হৈছিল আটাইতকৈ জটিল আৰু অসম্ভৱ অপাৰেচনবোৰ। সাধাৰণ পদাতিক সেনাৰ বাবে অসম্ভৱ ,কঠিন অপাৰেচনৰ দায়িত্ব সৰু গোটৰ স্পেচিয়ল ফৰ্চক দিয়া হয় , যাৰ বাবে তেঁওলোকৰ দৰকাৰ হয় অত্যাধুনিক অস্ত্ৰ আৰু উচ্চ প্ৰশিক্ষণৰ । কিন্ত তেঁওলোকৰ প্ৰয়োজনীয়তাক উলাই কৰি দিয়া হৈছিল একেই মান্ধাতাযুগৰ কাৰ্বাইন আৰু নিম্নস্তৰৰ ৰাইফলটো। সেনাৰ এই  বিফলতাত ব্যথিত হৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ততাতৈয়াকৈ ৰোমানিয়া, বুলগেৰিয়া, চেকোশ্লভাকিয়া আদি দেশৰ পৰা একে ছিৰিজৰ ৰাইফল সংস্কৰণ জোৰাটাপলি মাৰিব পৰাকৈ আমদানি কৰা হয়। একে সময়তে ইছাপুৰ ৰাইফল ফেক্টৰীয়েও এছ এল আৰক উন্নত কৰি অটোমেটিক ৰূপ দিবলৈ চেষ্টা কৰে যদিও বেয়াকৈ মুখ ঠেকেচা খায় ৷ নিম্নমানৰ প্ৰদৰ্শন আৰু মাত্ৰাধিক ৰাইফলৰ বাবে আৰ্মিয়ে ইয়াক বিদায় জনায়।

ইনচাছ ৰাইফল :
পূৰ্বৱতী ৰাইফলবোৰৰ বিফলতাত ব্যথিত হৈ ভাৰত চৰকাৰে স্বদেশতেই নতুনকৈ অত্যাধুনিক প্ৰযুক্তিৰে ৰাইফল এটি নিৰ্মানৰ দায়িত্ব প্ৰদান কৰে ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থাক (DRDO) । এটা দশকৰ পৰিশ্ৰম আৰু কোটি টকা অপব্যয়ৰ পিছত ইনচাছ ৰাইফলটো প্ৰস্তুত হৈ উঠে ১৯৯৮ চনত আৰু কাৰ্গিল যুদ্ধত ইয়াৰ আচল পৰীক্ষণ ঘটে। ইনচাছ ৰাইফল অতি উচ্চতাৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ মূৰৰ কামোৰণি হৈ পৰে। অতি ঠাণ্ডা পৰিবেশত সঘনে পলিমাৰ মেগাজিন ভাঙি পৰে, তেল ছিটিকি আহি সৈনিকৰ চকুত পৰে, অনেক আঘাতপ্ৰাপ্ত হয়। যুদ্ধক্ষেত্ৰৰ এনে ভয়াবহ বিপৰ্যয়ৰ পিছত যুদ্ধৰ মাজভাগতেই ইয়াক প্ৰত্যাহাৰ কৰি একে-৪৭ ৰে সেনাক সজ্জিত কৰা হয়। যুদ্ধৰ পিছত ইয়াৰ সাময়িক উন্নত কৰিলেও  সেনাবাহিনীৰ জোৱানসকলে ইয়াক মুঠেও পছন্দ নকৰে; বিশ্বৰ সৰ্ব্বোচ্চ উচ্চতাৰ যুদ্ধক্ষেত্ৰ ছিয়াচেনত মোতায়েন কৰা সৈন্য আৰু কাশ্মীৰত উগ্ৰপন্থী দমনত নিয়োজিত ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে ইনচাছৰ সলনি একে-৪৭ হে পছন্দ কৰে। মাওবাদী উগ্ৰপন্থী দমনত কৰ্তব্যৰত চি আৰ পি এফৰ কোব্ৰা কমাণ্ডোৰো প্ৰথম পছন্দ ইজৰাইলী এক্স-৯৫ বা একে-৪৭।

ইনছাছৰ কেৰোণ :
ইনচাছৰ ডিজাইন কৰোতে ভাৰতীয় বৈজ্ঞানিকসকলে মূলতঃ পশ্চিমীয়া দেশৰ সৈন্যনীতি আৰু ডিজাইনক ভিত্তি কৰি লৈছিল। উদাহৰণস্বৰুপে মূল আৰ্হিটো ধাৰ কৰা হৈছিল ৰাছিয়ান একে-৪৭ ৰ পৰা, গুলী নিৰ্বাচনত ভৰাসা কৰিছিল নাটো ৫.৫৬×৪৫ ৰাউণ্ডৰ ওপৰত। ৰাইফলৰ অন্য কাৰিকৰী দিশসমূহ যেনে বাডষ্টক, ট্ৰিগাৰ মেকানিজিম আৰু গেছ অপাৰেটিং ছিষ্টেমৰ বাবে আমাৰ বিজ্ঞানীসকল নিৰ্ভৰ আছিল পশ্চিমীয়া দেশৰ ৰাইফলৰ ওপৰত। প্ৰায়ভাগ শ্ৰেষ্ঠ পাৰম্পৰিক ৰাইফলৰ উপাদানৰ সংমিশ্ৰণত এটি সংকৰ সৃষ্টি হ’লেও ই কোনোকালেই আধুনিক নাছিল৷ ইয়াৰ অন্তৰালত কেতবোৰ সৰু অথচ ক্ষতিকাৰক উপাদান নিহিত হৈ আছে। ৰাইফল এটা নিৰ্মাণ কৰোতে যথেষ্ট বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হয়। মূলতঃ যুদ্ধৰত সৈনিকৰ অভিজ্ঞতা আৰু দেশখনৰ সামৰিক/ৰণনীতিগত দিশ-দৰ্শনত গুৰুত্ব দিয়া হয়। ইতিহাসৰ প্ৰত্যেকটো মহান ৰাইফল এনে পদ্ধতিগত গৱেষণাৰ ফলশ্ৰুতিতেই তৈয়াৰ হৈ উঠিছিল৷ উদাহৰণস্বৰূপে একে -৪৭ আৰু আমেৰিকাৰ এম ৪ কাৰ্বাইন। একে-৪৭ ৰাছিয়াৰ প্ৰচণ্ড ঠাণ্ডা আৰু বোকাময় পৰিস্থিতিত সুকলমে কাম কৰিবলৈ ডিজাইন কৰা হৈছিল৷ আনহাতে এম৪ ডিজাইন কৰা হৈছিল আমেৰিকা জড়িত হ’বলগীয়া সম্ভাব্য আগন্তুক চহৰৰ যুদ্ধৰ বাবে (Urban Warfare)। চহৰৰ সংকুচিত পৰিৱেশত খাপ খাব পৰাকৈ এম৪ৰ বেৰেল চুটি কৰা হৈছিল আৰু গুলী দিয়া হৈছিল সৰু ৫.৫৬×৪৫ মিঃমিঃৰ যাতে সৈন্যই একেবাৰতে অধিক গুলি কঢ়িয়াই নিব পাৰে। কিন্ত ভাৰতৰ নিৰ্মাতাসকলে ভাৰতৰ সেনাৰ বিশাল অভিজ্ঞতা, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তাক সম্পূৰ্ণৰূপে অৱহেলা কৰি একপ্ৰকাৰ আকোৰগোঁজ স্থিতি লৈ অবিবেচকভাৱে ৰাইফলটো অনেক ক্ৰটিসহিতে সেনাৰ হাতত অৰ্পন কৰে, লগতে নিৰ্লজ্জভাৱে বাঃ বাঃ লবলৈকো কুণ্ঠাবোধ নকৰিলে।

ভাৰতৰ সেনাই পশ্চিমৰ দেশৰ তুলনাত এক সম্পূৰ্ণ বেলেগ পৰিস্থিতিত  কাম কৰিব লগা হয়, যেনে চীন সীমান্তৰ -৩০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পৰা ৰাজস্থানৰ ৬০ ডিগ্ৰী উষ্ণতাৰ পৰা ঘন জংঘলেৰে আবেষ্টিত এলেকাসমূহেই হৈছে ভাৰতীয় সৈনিকৰ বহল কৰ্মক্ষেত্ৰ । তেনেস্থলত এনেবোৰ দিশ সাঙুৰি এটি ৰাইফল প্ৰস্তুত কৰাৰ প্ৰয়োজন আছিল প্ৰয়োজনসাপেক্ষে বিদেশী নিৰ্মাতাৰ সহায় লৈ৷ কিন্তু এনেবোৰ দিশক একাষৰীয়া কৰি বনোৱা হ’ল এটা নিম্নস্তৰৰ ৰাইফল। আনহাতে ইয়াৰ ৰাউণ্ড নিৰ্বাচন কৰোতেও বিজ্ঞানীসকলে যথেষ্ট অপৰিপক্কতাৰ পৰিচয় দিলে৷ এটা মাৰাত্মক ভুল কৰি আগতে ব্যৱহাৰ কৰা ৭.৬২×৫১ মিঃমিঃ ৰাউণ্ডৰ পৰা আঁতৰি আহি অতি সৰু ৫.৫৬×৪৫ মিঃমিঃৰ গুলী ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়, যিটো সময়ত ইয়াৰ জন্মদিঁওতা নাটো সেনায়ো এই গুলি ব্যৱহাৰ কৰাৰ ওপৰত পুনৰ চিন্তন-মন্থন কৰি আছিল। এইটো ৰাউণ্ডৰ প্ৰতিৰোধী ক্ষমতা নিচেই তাকৰ আছিল সেইবাবে বেছিভাগ নাটো কামাণ্ডাৰে ইয়াক ব্যৱহাৰ কৰাৰ পক্ষপাতী নাছিল৷ দুৰ্ভাগ্যক্ৰমে আমাৰ অপৰিপক্ক চেতনাহীন বৈজ্ঞানিকক হাত-বাউল দি মাতিছিল এইটো ৰাউণ্ডেহে। ভিয়েটনামৰ যুদ্ধত প্ৰথমবাৰলৈ এইবিধ গুলীৰ পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটিছিল যুদ্ধনীতিত হোৱা ব্যাপক পৰিবৰ্তনৰ ফলস্বৰূপে। নব্যনিৰ্মিত এম-১৬ ৰাইফলত এইবিধ গুলী প্ৰথমবাৰলৈ ব্যৱহৃত হৈছিল, ইয়াৰ পূৰ্বে আমেৰিকাৰ সৈন্যৰ মূখ্য অস্ত্ৰ আছিল এম-১৪ ৰাইফল যিয়ে ব্যৱহাৰ কৰিছিল গধুৰ অথচ ভয়ংকৰ ৭.৬২×৫১ মিঃমিঃৰ গুলী। গধুৰ হোৱা বাবে সৈন্যই এইবিধ গুলি খুব কমসংখ্যকহে কঢ়িয়াই নিব পাৰিছিল আৰু ভিয়েটনামৰ গেৰিলাৰ একে-৪৭ৰ  লগত দীৰ্ঘদিনধৰি জংঘলত যুদ্ধ কৰিবলগীয়া হওঁতে  সম্মুখীন হৈছিল ভীষণ সমস্যাৰ। সমস্যাক গুৰুতৰ ৰূপে উপলদ্ধি কৰি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে আমেৰিকাৰ উদ্ভাৱকসকলে আৱিস্কাৰ কৰে উল্লেখিত ৫.৫৬×৪৫ মিঃমিঃৰ গুলী। ইয়াৰ ফলত সৈনিকসকলে অধিকহাৰত গুলী কঢ়িয়াই নিব পাৰিছিল আৰু ৰিকইল কম হোৱা বাবে নতুন অটোমেটিক এম-১৬ ৰাইফলেৰে প্ৰতিপক্ষক ব্যতিব্যস্ত কৰিবলৈ সক্ষম হৈছিল। স্মৰ্তব্য যে ইয়াৰ লগত এটা বৃহৎ মনস্তাত্বিক দিশো অংগাগিকভাৱে জড়িত হৈ আছিল । ৫.৫৬×৪৫ মিঃমিঃ ৰাউণ্ডে প্ৰতিপক্ষৰ সৈন্যক তিতাতে মৃত্যু দিয়াতকৈ জটিল ৰূপে আঘাতপ্ৰাপ্তহে কৰিছিল, যাৰ ফলত আঘাতপ্ৰাপ্ত সৈনিকজনৰ চিকিৎসাত ব্যস্ত হ’ব লগা হৈছিল অন্য দুজন যুঁজাৰু সৈনিক। অৰ্থাৎ এটা গুলীৰ বাবে তিনিজন কাৰ্যক্ষম যুঁজাৰুৰ যুদ্ধত অনুপস্থিতি। যুদ্ধৰ সংকটময় জটিল পৰিস্থিতিত কম ক্ষতি সাপেক্ষে লাভ কৰা মনস্তাত্বিক জয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল আৰু জয়-পৰাজয়ত বিবেচক ব্যৱধান আনিছিল। পশ্চিমীয়া সেনাই সন্মূখীন হোৱা এনে পৰিস্থিতি ভাৰতৰ সেনাই সম্মূখীন হোৱা নাছিল গতিকে পশ্চিমীয়া যুদ্ধ দৰ্শন ভাৰতৰ সৈন্যৰ ওপৰত জাপি দিয়াটো আছিল চূড়ান্ত বাতুলামি বুলিয়েই আখ্যায়িত কৰিব পাৰি। উগ্ৰপন্থী সমস্যা আৰু আগ্ৰাসী শত্ৰুদেশৰ সৈন্যৰ লগত সমানে মোকাবিলা কৰিবলৈ প্ৰয়োজন আছিল অত্যাধুনিক প্ৰযুক্তিৰ কাৰ্য্যক্ষম ৰাইফল এটাৰ, কিন্তু এইবোৰ আনুষংগিক গুৰুত্বপূৰ্ণ দিশক আওকাণ কৰি আগবাঢ়িছিল ভাৰতীয় কৰ্তৃপক্ষ। উল্লেখ্য যে ইনচাছ ৰাইফলত প্ৰয়োজন সাপেক্ষে টেলিস্কোপ, থাৰ্মেল ইমেজাৰ আদি নতুন যুদ্ধক্ষেত্ৰৰ প্ৰয়োজনীয় আহিলা সমূহ সংলগ্ন কৰিব পৰাকৈ পিকাটেনী ৰেইলৰো সংযোগ কৰা হোৱা নাছিল। যিটো সময়ত এই আওপুৰণি প্ৰযুক্তিৰ ৰাইফলেৰে ভাৰতৰ সেনাই গণৰাজ্য দিৱসৰ পেৰেডত বুকু ফিন্দাই মাৰ্চ কৰিছিল, সেই সময়তেই তদানীন্তন সমৰশাস্ত্ৰ ধাৱমান হৈছিল এক নতুন কনচেপ্টৰ দিশে। পাৰম্পৰিক ৰাইফলৰ ডিজাইনত থকা আসোঁৱাহ আঁতৰ কৰিবলৈ অষ্ট্ৰিয়াৰ উদ্ভাৱকৰ মগজুৰ বৈপ্লৱিক চিন্তাৰ ফচল ৰূপে জন্ম লৈছিল একবিংশ শতিকাৰ প্ৰযুক্তি  “বুলপাপ ডিজাইনৰ” ৰাইফলে। এইপ্ৰকাৰৰ  ৰাইফলত  মেগাজিন , গেছ অপাৰেটিং ছিষ্টেম আদিবোৰ ট্ৰিগাৰৰ পিছপিনে থাকে যাৰফলত বেৰেলৰ দৈৰ্ঘ কিছু হ্ৰাস কৰিটো সম্ভৱ হয়; কিন্ত ইয়াৰ ফলত গুলীৰ গতি আৰু প্ৰতিৰোধী ক্ষমতাত নূন্যতমো হীন-ডেঢ়ি নঘটে। এনেবোৰ বৈপ্লৱিক চিন্তা প্ৰয়োগ কৰাৰ পিছত ৰাইফলটো হৈ পৰে সম্পূৰ্ণৰুপে কমপেক্ট, যাৰ বাবে সৈনিকে গুলী-চালনাৰ সময়ত হাত-চকুৰ দ্ৰুত সঞ্চালনৰ সুবিধা পায় আৰু প্ৰদৰ্শনৰ উন্নতি ঘটে। অষ্ট্ৰিয়াৰ ষ্ট্ৰেইয়াৰ অগ ৰাইফলত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ হোৱা এনে প্ৰযুক্তিৰ বিপুল সম্ভাৱনীয়তাক লক্ষ্য কৰি অন্যান্য দেশসমূহেও নিজৰ নিজৰ ৰাইফলত এনে প্ৰযুক্তিৰ সমাবেশ ঘটোৱা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ব্ৰিটেইনৰ এছ এ -৮০ এছল্ট ৰাইফল , বেলজিয়ামৰ এফ এন হাৰ্ছেলৰ পি-২০০০ আৰু পি -৯০ , ফ্ৰাণ্সৰ ফামাছ আৰু চীনৰ টাইপে QBZ-95 প্ৰভৃতি ৰাইফল । ইজৰাইলেও এই প্ৰযুক্তিৰ দ্বাৰা আকৰ্ষিত হৈ নিজস্ব টেভোৰ টাৰ -২১ নিৰ্মাণ কৰে৷ পঢ়ুৱৈ সকলে জানি সুখী হ’ব যে আমাৰ ভাৰতৰ তিনিটা দুৰ্দান্ত উচ্চ প্ৰশিক্ষিত স্পেচিয়েল ফৰ্চ ক্ৰমে নৌসেনাৰ মাৰ্কোছ কমাণ্ডো, বায়ুসেনাৰ গৰুড় কমাণ্ডো আৰু স্থলসেনাৰ অভিজ্ঞ পেৰা কমাণ্ডোৱে এইবিধ ৰাইফলক মুখ্য অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। এই ৰাইফলটো পেৰাকমাণ্ডো বেটেলিয়নৰ ডেপুটী কামাণ্ডাৰ মেজৰ জেনেৰেল প্ৰকাশ কাটুচৰ ঐকান্তিক প্ৰচেষ্টাৰ বলত ভাৰতৰ স্পেচিয়েল ফৰ্চত অৰ্ন্তভুক্ত হয় ।

ভাৰতৰ সেনাবাহিনীৰ সন্মুখত অনেক প্ৰতিবাধক, সমস্যা আছে। সামৰিক বিশেষজ্ঞসকলৰ মতে দক্ষিণ-এছিয়াত অচিৰেই কম সময়ৰ অথচ বিশাল পৰিসৰত যুদ্ধ হ’ব। এনে যুদ্ধত জয়-পৰাজয় বহুলাংশে নিৰ্ভৰ কৰিব পদাতিক সেনাৰ ওপৰত ,কিন্ত যদিহে পদাতিক সেনাৰ ওচৰত যদি পাকিস্থানৰ নব্য-আমদানীকৃত অত্যাধুনিক ব্ৰেন-৮০৫ আৰু চীনৰ টাইপে QBZ-95 লগত সমানে যুঁজ দিব পৰাকৈ উন্নত ৰাইফল নেথাকে তেন্তে ফলাফল যে বিষম হ’ব সেয়া নিশ্চিত, দেশৰ স্বাৰ্থ বাৰুকৈয়ে বিপন্ন হ’ব। এইক্ষেত্ৰত ভাৰতৰ সাধাৰণ  নাগৰিকৰো কৰ্তব্য থাকিব ,ৰাজনৈতিক দলৰ দেশপ্ৰেমৰ ভেল্কীবাজিত ভোল নগৈ যদি চৰকাৰ সমন্বিতে সামৰিক কৰ্তৃপক্ষক নিৰন্তৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰে তেন্তে সামৰিক কৰ্তৃপক্ষয়ো নিশ্চয় ভাৰতৰ সুৰক্ষা প্ৰণালীৰ সুৰুঙাবোৰ মাৰিবলৈ যত্ন ল’ব আৰু সেয়াই উৎকৃষ্ট গণতন্ত্ৰৰ প্ৰতি নাগৰিক ,সামৰিক বাহিনী আৰু চৰকাৰৰ কৰ্তব্যনিষ্ঠাৰ শ্ৰেষ্ঠতম নিদৰ্শন

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে