চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / বৰষুণৰ অন্য গদ্য, অন্য পদ্য৷৷ টুনুজ্যোতি গগৈ৷৷

বৰষুণৰ অন্য গদ্য, অন্য পদ্য৷৷ টুনুজ্যোতি গগৈ৷৷

ৰ’দৰ কোঁৱৰে বিয়লি বেলা তেওঁৰ কোঠাৰ ৰুদ্ধ বাতায়ন খুলি দিয়াৰ লগে লগে দেখিলে, ঘৰৰ সন্মুখৰ ফেটীগোমৰ ছালৰ দৰে মসৃণ পকীপথটোৰে আৰু অনন্ত ৰঙা হৈ পৰা দুজোপা কৃষ্ণচূড়াৰ তলেৰে লয়লাস খোজেৰে পাৰ হৈ গৈছে এগৰাকী গৌৰবৰ্ণী দীৰ্ঘাংগী, আহোঁ নাহোঁকৈ নামি অহা ‘সপোন যেন বৰষুণ’জাকে তিয়াই পেলাইছে ছত্ৰবিহীনাৰ দেহ বল্লৰী, নিতম্বলৈকে বৈ পৰা মেলা চুলিকোছাৰ পৰা এটোপ-দুটোপকৈ সৰিছে পানীৰ টোপাল নহয়, নীৰৱ মাধুৰ্য, তাইৰ বন তুলসীসদৃশ দুচকুত হয়তো জিলিকি উঠিছে ডাৱৰৰ সিপাৰৰ অদেখা ৰামধেনু৷ মুহূৰ্তৰ ভিতৰতে এখন মহানাটকৰ নায়ক হৈ পৰে ৰ’দৰ কোঁৱৰ— তেওঁ ভাৱে, তাই কি নৱকান্তৰ ‘আবেলি আবেলি গোন্ধোৱা’ খোপাৰ অধিকাৰী অৰুন্ধতী, যি উজাগৰি ৰাতি জীৱনৰ কোনোবা এক মাহেন্দ্ৰ ক্ষণত উমাল সান্নিধ্য লাভ কৰা কবিলৈ মনত পেলায়৷

নহয়, নহয়, তাই আন কোনো নহয়, তাই হ’ল তেওঁ ইমানদিনে মনে মনে বিচাৰি ফুৰা বৰষুণৰ কন্যা৷ সকলোৱে জানে, সকলো সৃষ্টিৰ মূলতে আছে ৰ’দ আৰু বৰষুণৰ ভালপোৱা৷ ৰ’দ অশান্ত, বৰষুণ শান্ত৷ ৰ’দ তীব্ৰ, বৰষুণ নম্ৰ৷ ৰ’দ মেজাজী, বৰষুণ মমতাময়ী৷ ৰ’দৰ কোঁৱৰে বৰষুণৰ কন্যাক ভালপোৱাতো প্ৰকৃতিৰ নিয়ম, ব্যতিক্ৰম নহয়৷ সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষাৰ স্বাৰ্থতে তেওঁ খোজৰ অপৰূপ ছন্দ তুলি জনসমুদ্ৰৰ মাজত হেৰাই যোৱা বৰষুণৰ কন্যাক এদিন নহয় এদিন বিচাৰি উলিয়াব লাগিব৷

বৰষুণ কন্যাৰ ঘৰ ক’ত? গুৱাহাটীত নিশ্চয় নহয়ঃ এজাক বৰষুণৰ পানীতে পথ-ঘৰ-বজাৰ একাকাৰ হৈ পৰা গুৱাহাটীৰ ললনাই জানো বৰষুণক ভাল পাব পাৰিব? (প্ৰচণ্ড অনুভূতিশীল মানুহে হয়তো পাৰে, সেয়ে অনুপমা বসুমতাৰীয়ে কৈছে—‘পাণ বজাৰত আজিৰ এই বাৰিষাৰ গধূলিয়েই যেন জীৱনৰ আটাইতকৈ মধুৰ গধূলিযকেৱল তুমি আৰু মই পৃথিৱীৰ প্ৰতি কোনো পৰোৱা নাই…৷) ধেমাজি-লখিমপুৰ-মাজুলীতো তাইৰ ঘৰ নিশ্চয় নহয়— বানৰ তাণ্ডৱত আপোন ঘৰৰ ভেটি-শইচ সম্ভৱা বিশাল পথাৰ হেৰুৱাই ইনাই বিনাই কন্দা বানবিধ্বস্ত ঠাইৰ ললনাৰ বৰষুণৰ প্ৰতি অভিমান-বিদ্বেষ থকাটো স্বাভাৱিক৷ তেন্তে তাইৰ ঘৰ কি তেজপুৰত? অসমৰ সবাতোকৈ ধুনীয়া চহৰখনৰ ধুনীয়া ললনাবোৰে টোপাল টোপাল বৰষুণত তিতি-বুৰি আত্মহাৰা নোহোৱাৰ কথাই নাই৷ নে ডিফুত? কাৰ্বি পাহাৰৰ সেই মনোৰম সৰু চহৰখনলৈ জিৰ জিৰকৈ নামি অহা বৰষুণত তিতাৰ আমেজ হয়তো কাৰ্বি গাভৰুৰ বাদে আনে উপলব্ধি কৰিব নোৱাৰে৷

‘আজি বাৰিষাৰ প্ৰথম বৰষুণ, তুমি চাগে’ দেখিছা মোৰ সপোন’— ঠেঙাৰ জেপৰ পৰা ম’বাইলটো উলিয়াই ৰ’দৰ কোঁৱৰে লিখি যায় এছ এম এছ—‘আজিতো নাছিল ইমান অকলে থকাৰ দিন, আজিতো নাছিল ইমান অকলে কন্দাৰ দিন৷’ বৰষুণ কন্যাৰ ম’বাইল নম্বৰ জনা হ’লে নিঃসন্দেহে এই এছ এম এছ তাইলৈ পঠিয়াব পাৰিলেেহঁতেন আৰু হয়তো তাই প্ৰত্যুত্তৰত লিখিলে হয়—‘বৰ্ষণমুখৰ উজাগৰী এই ৰাতি, গোপন অশ্ৰু বয় নিৰৱধি, বেদনা সাগৰ হয়, ধূসৰ শূন্য সউ আকাশ সাৱটি৷’

[কাণসমনীয়া ৰংমনলৈও তেওঁৰ চিঠি লিখিবৰ মন যায়–

…পৃথিৱীৰ বিশাল সেউজীয়া আৰু অনন্ত নীলা আকাশৰ মাজত কৈশৰোতে এৰি থৈ অহা মোৰ মৰমৰ গাঁওখন একেদৰেই আছেনে? বাৰিষাৰ বতৰত গাঁৱৰ মাজেৰে বৈ যোৱা নৈখন এতিয়াও মদগৰ্বিনী হৈ পৰেনে? তহঁতে চাগৈ কান্ধত নাঙল লৈ পুৱাই পথাৰলৈ ওলাই যাৱ আৰু জেঠে-আহাৰে চহ কৰা বোকা-মাটিত ৰঙিলীহঁতে সপোনবোৰ মুঠি মুঠিকৈ ৰুই যায়৷ তোৰ বৌহঁতে দ’ পথাৰত আবেলি আবেলি জাকৈ বাবলৈ যায়নে? আয়ে জীয়া মাছৰ লগত ঢেকীয়া আৰু কুমলীয়া ঔটেঙাৰ জোলটোপা আগৰ দৰেই ৰান্ধেনে? আমি যে সৰুতে আনৰ বাৰীয়ে বাৰীয়ে আম-কঠাল-জামুক-পনিয়ল বিচাৰি পিতপিতাই ফুৰিছিলোঁ, খেৰী ছালেৰে বাগৰি অহা পানীত কাগজৰ নাও নাও খেলিছিলেঁা, বৰ পুখুৰীত বৰশী বাইছিলেঁা–সেইবোৰ স্মৃতিয়ে তোক বাৰু আমনি কৰেনে· মোক কিন্তু বৰ কৰে অ’…]

জীৱনত কাৰোবাক গভীৰভাৱে ভাল পাবলৈ প্ৰতীক্ষা কৰি থকা জ্যোতিষ শিকদাৰে ‘গান ভালপোৱা ছোৱালীজনী’ক লৈ গল্প লিখিলেও বৰষুণ ভালপোৱা ছোৱালী অৰ্থাৎ বৰষুণ কন্যাক লৈ গল্প লিখা নাই৷ শিকদাৰৰ কল্পনাত নিঃসন্দেহে বৰষুণৰ কন্যা মূৰ্ত হৈ উঠিব এগৰাকী বিষাদবিমনা নাৰী ৰূপেহে—যাৰ হৃদয় বৰ্ষণমুখৰ ৰাতি এক অচিন বিষাদত হাহাকাৰ কৰি উঠে, হেজাৰ অপ্ৰাপ্তি, ভয়ংকৰ নিসংগতা আৰু সুতীব্ৰ¸ প্ৰেমহীনতাই যাৰ দুচকুৰ পৰা বৰষুণৰ সমান্তৰালভাৱে অবিৰাম গতিত লোতক সৰুৱায়৷ ৰ’দৰ কোঁৱৰে পঢ়িব পাৰিব সেই নাৰীৰ চকুলোৰে সেমেকা হৃদয়ৰ ভাষা, আলফুলে মচি দিব দুগালৰ চকুলো৷

তেওঁ যেন ৰূপান্তৰিত হৈছে ‘মেঘদূত’ৰ কুবেৰৰ শাপত ৰামগিৰি পৰ্বতত নিৰ্বাসিত হৈ থকা যক্ষলৈ, যি ‘আষাঢ়ৈস্য প্ৰথমো দিৱসে’ বিৰহী পত্নীৰ প্ৰতি কামনাত দগ্ধ হৈ মেঘৰ জৰিয়তে খবৰ পঠিয়াইছিল৷ মৈথিলী কবি বিদ্যাপতিৰ কবিতাও পঢ়িবলৈ মন গৈছে তেওঁৰ— য’ত ‘ই বৰ বদৰ মাহ ভাদৰ’ত প্ৰিয়তমাৰ অবৰ্তমানত বিষয়ীয়ে ‘কাম দাৰুণ’ অনুভৱ কৰাৰ কথা আছে৷

জীৱনৰ কোনো এক কেকুৰীত তেওঁ এদিন বৰষুণৰ কন্যাক লগ পোৱাটো খাটাং৷ প্ৰথম লগ পোৱাৰ দিনা সুৱাসনাৰ কন্ঠ আত্মসাৎ কৰি বৰষুণ কন্যাই যেন গাই উঠিব–‘ৰঙা ৰঙা কৃষ্ণচূড়াই হাঁহিছে, তাকে দেখি মৌচুমী নামিছে৷’ লগে লগে তেৱোঁ সীমান্তৰ কন্ঠ আত্মসাৎ কৰি গাব—‘কৃষ্ণচূড়াই নহয়, জুমি চোৱা, ই যে মোৰ কলিজাৰ ৰঙা তেজ৷’ তেজেৰে ৰঙা সেই কলিজাৰ দগমগীয়া ক্ষত, বৰষুণ কন্যাই হৃদয়ৰ চেনেহ মলমেৰে শুকুৱাই দিয়াৰ লগে লগে দুয়ো গাব—‘স্নেহে আমাৰ শত শ্ৰাৱণৰ…ধাৰাসাৰ বৃষ্টিৰ প্লাবন আনে… যৌৱন বাসনাৰ ৰিক্তোপকূল…পূৰ্ণ কৰে উন্মত্ত বানে…৷’ অথবা আবৃত্তি কৰিব ৰবি ঠাকুৰৰ সেই কবিতা— ‘এমন দিনে তাবে, বলা যায়য এমন ঘনঘোব, ববষায়…কেৱল অাঁখি দিয়ে অাঁখিব/ সুধা পিয়ে হৃদয় দিয়ে হৃদি অনুভৱ৷’

আৰু সেইদিনাই দুয়ো সন্ধান কৰিব ‘দীনবন্ধু’ত উপলব্ধ হোৱা সেই দীঘল অথচ পোন বাট, যি বাটেৰে এদিন দীনবন্ধুৰ ছোৱালী বাণীয়ে এক নতুন জীৱনৰ সপোন খেদি খেদি প্ৰেমিকৰ সৈতে গুচি গৈছিল আৰু দীনবন্ধুৱে আহত হৃদয়েৰে অথচ জী-েজাঁৱাইৰ মংগল কামনাৰে শুনিছিল বৰষুণৰ সেই গান–‘গোটেই অৰণ্যজুৰি …শুনো মাথোঁ আধা ফুটা গান…গুণ গুণ গুণ…৷’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে