মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / তিৱা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা৷৷ ধীৰাজ পাটৰ৷৷

তিৱা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা৷৷ ধীৰাজ পাটৰ৷৷

অৱতৰণিকা :

অসম তথা উত্তৰ পূব ভাৰতলৈ অহা মঙ্গোলীয় প্ৰজাতিৰ অন্যতম জনগোষ্ঠী হৈছে তিৱাসকল। প্ৰাচীন কালৰে পৰা মঙ্গোলীয় প্ৰজাতিৰ লোকসকলে অসমলৈ স্তৰে স্তৰে আহি নিগাজিকৈ বসবাস কৰিবলৈ লয় যাক বৰ্তমান অসমৰ ভূমি পুত্ৰ বুলি কোৱা হয়। তিৱাসকলৰ মাজত শাৰীৰিক গঠন, বাসস্থান, খোৱা-লোৱা, সামাজিক লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি ইত্যাদিবোৰৰ মাজত মঙ্গোলীয় প্ৰজাতিৰ প্ৰায়বোৰ বৈশিষ্ট্য ফুটি উঠা দেখা যায়। ভাষাগত দিশৰ পৰা তিৱাসকল চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বতবৰ্মী শাখাৰ বড়োউপশাখাৰ অন্তৰ্গত। এই একোটাঠালৰ পৰা সৃষ্টি হোৱা ৰাভা, ডিমাচা, দেউৰী, হাজং আদি জনগোষ্ঠীৰ সৈতে প্ৰায় ওচৰ চপা। নিজস্ব ভাষা-সংস্কৃতিৰে সমৃদ্ধ তিৱা বা লালুংসকলে নিজকে তিৱা বুলি কৈ হে বেছি ভাল পায়। উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ জনগোষ্ঠীৰদৰেই তিৱাসকলৰো নিজস্ব-ভাষা-সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ। তেওঁলোকৰ সমাজ জীৱনৰ সাংস্কৃতিকি বৈচিত্ৰ্যই সকলোকে আকৰ্ষিত কৰি আহিছে। বছৰৰ বিভিন্ন সময়ত উদযাপন কৰা বিভিন্ন উৎসৱ-অনুষ্ঠানসমূহে তিৱাসকলৰ সাংস্কৃতিক ঐতিহ্য পৰম্পৰাক ধৰি ৰখাত বিশেষ অৰিহণা আগবঢ়াইছে।

অৱস্থিতি :

তিৱাসকলৰ বৰ্তমান অৱস্থিতি অসম, মৰিগাঁও, নগাঁও, কামৰূপ, কাৰ্বি আংলং আৰু কম বেছি পৰিমাণে ধেমাজি, শিৱসাগৰ, লখিমপুৰ, তিতাবৰ, দৰং জিলাত দেখিবলৈ পোৱা। তদুপৰি মেঘালয়ৰ বৰাপানী, খৈৰামষ্টেট আৰু মিলিষ্টেটত অঞ্চলতো তিৱা জনগোষ্ঠীয়লোকে বসতি কৰি বসতি কৰি আহিছে। চাকৰি বা অন্যান্য কাৰণত দুই একে বৰ্তমানে অসমৰ বিভিন্ন অ়্ঞ্চলত নিগাজিকৈ বাস কৰিব লৈছে যদিও সি নিচেই কম। জনসংখ্যাৰ ফালৰ পৰা তিৱাসকল নিচেই নিশকতীয়া। মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল তিৱাসকল পাহাৰ আৰু ভৈয়াম দুয়োটা অঞ্চলতে বাস কৰে।

ৰাজমোহন নাথে খ্ৰীষ্ট পূৰ্ব  ১৯০০ চনতে লালুঙসকলে ত্ৰিবেগ নামে ৰাজ্যত বসতি বিস্তাৰ কৰিছিল, যিখন ত্ৰিবেগ ৰাজ্য কপিলী আৰু কলং নদীৰ উপত্যকা অঞ্চলত আছিল। (Nath, 1978: 17)এই কলং, কপিলী, কিলিং নদীৰ পাৰত বসবাস কৰা লোকখিনিয়েই তিৱা বা লালুং হিচাপে জনাজাত।

তিৱা আৰু লালুং শব্দৰ উৎপত্তি  সম্পৰ্কে বিভিন্ন জনশ্ৰুতি, ঐতিহাসিক তথা ভাষাগত ব্যাখ্যা পোৱা যায় যদিও প্ৰকৃততে কৰ পৰা এই শব্দটো আহিছে কোৱা টান। তথাপি তিৱাসকলৰ আদিম অৱস্থিতি, প্ৰব্ৰজন আৰু বৰ্তমানৰ অৱস্থিতি তথা ভাষাগত দৃষ্টি কোণৰ পৰা এটা কথা কব পাৰি যে তিৱাসকলে তিব্বতৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বসতি বিস্তাৰ কৰোঁতে প্ৰধানকৈ নদী, বিল আদিৰ পাৰত বসবাস কৰিছিল। ভাষাগত দৃষ্টকোণৰ পৰাও তিৱা আৰু লালুং শব্দ দুটায়ে ইয়াৰ সাক্ষ্যবহন কৰে। এই ভাষাগত দৃষ্টিভংগীয়েই বিশেষ বিশ্বাসযোগ্য আৰু যুক্তিসংগত বুলি বহু পণ্ডিতে মতপোষণ কৰিছে।

প্ৰব্ৰজন :

তিৱাসকল মূলতঃ তিব্বত মালভূমিৰত অৱস্থান কৰিছিল বুলি বিভিন্ন পণ্ডিতে উল্লেখ কিৰিছে। হেমবৰুৱাই কৈছে যে—

There mongolians in general belong to the tibeto Burman family of the Indo-chinese group. The Kacharies, the Rabhas the Meches. the Miris the Lalungs the Garos the Nagas the Kukis and the like are the members of the early Mongloid group that migrated into the land. [Baruah, 1962:48]

বসবাসৰ উপযোগী তথা খেতি-বাতিৰ সুবিধাৰ বাবেই হয়তো চামে চামে এটা সমত তিৱাসকলে তিব্বত মালভূমি এৰি গিৰিপথেদি আহি অসমত বসতি কৰিবলৈ লয়। তিৱাসকলে প্ৰথমে লেওটি (লেও- টি) বা লুইতৰ উত্তৰপাৰত হিলালী ৰাজ্য পাতি তাতে থাকে। তাৰ পিছত ক্ৰমে দক্ষিণ পাৰলৈ আহি বসতি বিস্তাৰ কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। (বৰদলৈ, 1995: 48) তিৱাসকলৰ আদিম ৰাজ্য হিলালী (বৰ্তমানহেলেম)ৰ কথা এনেদৰে পোৱা যায়।–

the Dimasa the lalung branch of the Bodos were document in central Assam.  It is very likely that the lalungs whos are linguistically closely related to the Dimasa were also distributed on both sides of the Brahmaputra along with them the traditions that the lalungs liked at helem and that jongal Balahu was their hero may not be entrialy devoid of historical value. (বৰদলৈ ১৯৫৫: ৫২)

তেনেদৰে লালুং আৰু মিকিৰসকলক আহোম ৰজাসকলে স্থাপন কৰাৰ কথাও বুৰঞ্জীত পোৱা যায়। (ভূঞা, ১৫৮৫: ৮০) ৰাজমোহন নাথৰ মতে—

the lalungs are very much like mikirs. they are also diveded into twelve clans. They appear to have been all along associated with the jaintias liking on the North eastern slope of the khasi Hills on the boarder land of the plain districts of kamarupa and Nowgaong. Fron earliest times, there apppear to have been twelve states withein a small aaarea under the suzerainity of the jointia. Gobha was the biggest state, and then there were Nelley, Khola, Tapakuchi, Roha, Baropujia, Rani,Luki, beltola etc. [Nath, 1978 :112]

আহোম ৰজা স্বগৰ্দেউ জয়ধ্বজ সিংহৰ দিনত 700 তিৱালোকৰে সৈতে গোভাৰজা আহি স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ওচৰত শৰণাপন্ন হোৱাত স্বৰ্গদেৱে গোভা ৰজা আৰু তেওঁৰ প্ৰজাবৰ্গক খাগৰিজান অঞ্চল (বৰ্তমান নগাঁও জিলাত) বসবাস কৰিবলৈ অনুমতি প্ৰদান কৰে। গোভা ৰজা ইয়াৰ পূৰ্বে জয়ন্তীয়া ৰজাৰ অধীনত আছিল আৰু তেওঁলোকৰ সৈতে ৰাজনৈতিক সম্পৰ্ক থকাৰ কথাও বুৰঞ্জীতপোৱা যায়। এনেদৰেইবৃহত্তৰ মংগোলীয় প্ৰজাতিৰ লোকসকল দলে দলে ৰাজনৈতিক, সামাজিক তথা আৰ্থিক আদি কাৰণত অসমলৈ প্ৰব্ৰজন কৰিবলৈ লয়।

জীৱিকা:

তিৱাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। আন জনগোষ্ঠীয় লোকসকলৰ দৰে তিৱাসকলে হাল-কোৰ বাই পথাৰত শালি, আহু, বাউ ধান , মাহ আদি শস্যৰ খেতি কৰে। অন্যান্য শাকপাচলিৰ খেতিৰ লগতে কল, তামোল-পাণ, নাৰিকল,জালুক,জলকীয়াৰ খেতিও কৰা দেখা যায়। পাহাৰ অঞ্চলৰ তিৱাসকলে পাহাৰত হাবি জংঘল কাটি ঝুম বা আঁৰ পদ্ধতিৰে আলু, কচু, আদা, হালধি, লাউ-কোমোৰাৰ লগতে গোম ধান, কৰ্ণি ধান, মাকৈ আৰু আন আন শাক পাচলিৰ খেতি কৰে।তিৱাসকলৰ এই কৃষি কৰ্মৰ সৈতে বিভিন্নধৰ্মীয় তথা পৰম্পৰাগত আচাৰ-অনুষ্ঠান সম্পৃক্ত হৈ থকা দেখা যায়। ধানৰ গোজ লোৱা,ধানৰ আগ অনা, মাইৰাৱা মিছাৱা, মৰণা মৰা উৎসৱ, নৰা ছিগা খোৱা, হাদাৰি দিয়া আদি অনুষ্ঠানবোৰ কৃষিৰ সৈতে জড়িত অনুষ্ঠান।

সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা :

কোনো এটা জাতিৰ সংস্কৃতি সম্পৃক্ত হৈ থাকে সেই জাতিটোৰ বহুদিনীয়া পৰম্পৰাৰ মাজত। এই পৰম্পৰাইজাতিটোক অন্য জাতিৰ পৰা তথা সংস্কৃতিৰ পৰা পৃথক কৰি তোলে। উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা তিৱাসকলৰ সাংস্কৃতিক ঐতিহ্যৰ পৰিসৰ অতি ব্যাপক। যদিও জনসংখ্যাৰ ফালৰ পৰা এই জাতিটো আন জাতিতকৈ ক্ষুদ্ৰ তথাপি সাংস্কৃতিক পৰম্পৰাৰ দিশত ই অতিকে চহকী। বছৰৰ বিভিন্ন সময়ত উৎসৱ-অনুষ্ঠানৰ প্ৰয়োভৰ দেখিবলৈপোৱা যায়। তদুপৰি মানুহৰ জন্মৰ পৰা মৃতু্য পৰ্যন্ত সকলোবোৰ লোকাচাৰ, ৰীতি-নীতিও বিশেষ মনকৰিবলগীয়া।প্ৰধানতঃ কৃষিজীৱী হোৱা হেতুকেএই প্ৰায়বোৰউৎসৱ-অনুষ্ঠান কৃষিৰ সৈতে সম্পৰ্কিত। খেতিৰ বীজ সিঁচাৰপৰা খেতি চপোৱালৈকে বিবিধ পৰ্বতথাপৰম্পৰা পালন কেৰে। তিৱাসমাজত জন্ম, মৃত্যু, বিবাহ সম্পৰ্কীয় অনুষ্ঠানসমূহ বাহিৰেও বছৰত বিভি্ন উৎসৱ-অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁলোকৰ  প্ৰধানউৎসৱ সমূহ হৈছে— ছগ্ৰামিছাৱা,ওৱানছাৱা, ইয়াংলি, লাংখুন, খাপ্লাংৰাৱা, জংকং পূজা, খেলছাৱা, পান্থাইলাঙা, মুইনাৰি কাণ্ঠি বৰত, বিহু, জোনবিল মেলা, মাইৰাবা গোসাঁই উলিওৱা মেলা আদি।

তিৱাসকলৰ সাংস্কৃতিক ঐতিহ্য বিচাৰত উৎসৱ-অনুষ্ঠানসমূহে বিশেষ ভূমিকা লৈছে।কৃষিৰ লগত সম্পৰ্কীত এই উৎসৱ-অনুষ্ঠানসমূহত ধৰ্মীয় পূজা-পাতল, বলি-বিধান আদি জড়িত। প্ৰধানকৈ শাক্ত আৰু শৈৱ পৰম্পৰাত বিশ্বাসী তিৱাসকলে মূল উপাস্য দেৱতা হিচাপে ফা-মাহাদেউ বা হজাইদেউ অৰ্থাৎ শিৱক উপাসনা কৰে। বলি বিধানৰ ক্ষেত্ৰত ছাগলী, গাহৰি, কুকুৰা প্ৰায়বোৰ উৎসৱতে উছৰ্গা কৰে।তিৱাসকলৰ উৎসৱ-অনুষ্ঠানত ৰাজ পৃষঠপোষকতাৰো নিৰ্দশন পোৱা যায়। মধ্যযুগৰ পৰা প্ৰাক্-ব্ৰিটিছৰ সময়লৈকে বহু তিৱা ৰজাই ৰাজ্য শাসনৰ কথা বুৰঞ্জীত পোৱা যায়। বৰ্তমানৰ মৰিগাঁও, নগাঁও জিলাত সাতেৰজা, পাঁচো ৰজা বুলি দুটাপ্ৰধান ভাগত বিভিন্ন সৰু সৰু পোৱালি ৰজাই ৰাজ কাৰ্য চলোৱাৰ কথা জনা যায়। তদুপৰিএই সাতো ৰজা আৰু পাঁচো ৰজাৰ উপৰিও দাঁতিয়লীয়া ৰজাও কেইবাজন আছিল। এই ৰজাসমূহৰ ৰাজ্য সমূহ হৈছে—চহৰী, খলা, নেলী, গোভা, মায়ং, তেতেলীয়া, কুমৈ, ঘগুৱা, তৰাণীকলবাৰী, কুমৈ কছাৰী,বঘৰা, শুখনাগোগ,দমাল,দন্দুৱা, মিকিৰগঞা, বাৰপূজীয়া, টোপাকুছিয়া,খাইগড়ীয়া আৰু সৰা গাঁও। ইয়াৰেক্ৰমে চহৰী, খলা,নেলী,গোভা হৈছে দাঁতিয়লীয়া ৰাজ্য; মায়ং আৰু দ্দুৱাক বাদ দি বাকী সাতখন – তেতেলীয়া, কুমৈ,ঘগুৱা, তৰাণী কলবাৰী, কুমৈ কছাৰী, বঘৰা,শুখনাগোগক সাতো ৰাজ্য আৰু দমালক বাদ দি বাকী পাঁচখন—মিকিৰগঞা,বাৰপূজীয়া, টোপাকুছিয়া, খাইগড়ীয়া আৰু সৰাগাঁৱক পাঁচো ৰাজ্য বোলে। দমালৰাজ্য দাঁতিয়লীয়া ৰাজ্যনেলীৰ পৰা ফালৰি কাটি অহা বাবে ইয়াক পাঁচো ৰাজ্য আৰু সাতেো ৰাজ্যত ধৰা নহয়।

সাম্প্ৰিতক সময়তো পৰম্পৰাগত নিয়ম পালন কৰি কেইবাজনো তিৱা ৰজাইৰাজ কাৰ্য পালন কৰি আহিছে।অৱশ্যে এই তিৱা ৰজাসকলৰ ৰাজ অভিষেকৰ আড়ম্বৰ তথা ৰাজ কাৰ্যৰ কোনো ক্ষমতা নাই। ইপৰম্পৰাগতভাৱে এক পদবীলৈ পৰ্যৱসিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু এনে ৰজাসকলৰ পৃষ্ঠবোষকতাত আজিও বিভিন্ন ধৰণৰউৎসৱ-অনুষ্ঠানৰ আয়োজন চলি আছে। ঐতিহাসিক গোভা ৰজাৰ অধীনতজোনবিল মেলা, গোভা বিহু, গোসাঁই উলিওৱা মেলা, তেতেলীয়া তিৱা ৰজাৰ অধীনত বৰত উৎসৱ, ঐতিহাসিক খলা ৰজাৰ অধীনত ভেটিকাঢ়া উৎসৱ আজিও প্ৰচলিত। পাহাৰ অঞ্চলৰ তিৱাসকলে আকৌ তেওঁলোকৰ উৎসৱ-অনুষ্ঠানসমূহ চামাদি অৰ্থাৎ ডোকাচাঙৰ মূল বিষয়াসকলৰ নিৰ্দেশত তথা চাংদলৈ, চাংমাজি, ল’ৰ’ আদিৰ নেতৃত্বত বিভিন্ন ধৰণৰ পূজা, সেৱা অনুষ্ঠিত কৰে। ইয়াৰ ভিতৰত বসন্তকালীন উৎসৱ ছগ্ৰামিছাৱা, পিঠাগুৰি খুন্দা উৎসৱ ওৱানছাৱা, লাংখুন পূজা, ইয়াংলি পূজা আদি। এই উৎসৱসমূহ কেতিয়াবা এখন গাঁৱত অনুষ্ঠিতকৰি ওচৰৰ গাঁওসমূহক অংশগ্ৰহণৰ বাবে নিমণ্ত্ৰণ জনায়। সেই অনুসৰি সকলোৱে আহি উৎসৱ পালনত সহায় কৰে। এই উৎসৱসমূহত তিনি চাৰি বা পাঁচ বছৰৰ মূৰত এখন গাঁৱত অনুষ্ঠিত হয়। উৎসৱ আয়োজনৰ বাবে বিভিন্ন দ্ৰব্যৰ প্ৰয়োজন হয়। যিবোৰ সহজতে সংগ্ৰহ কৰিব পৰা নাযায়। বোধহয় সেই বাবেই এবাৰ এখন গাঁৱত অনুষ্ঠিত হোৱাৰ পিছত পৰৱৰ্তী চাৰি পাঁচবছৰলৈ অপেক্ষা কৰিব লগা হয়।

উল্লেখযোগ্য যে তিৱাসকলৰ জন্ম-মৃত্যু-বিবাহ সম্পৰ্কীয় অনুষ্ঠানসমূহৰ পৰম্পৰায়ো তিৱাসকলৰ সাংস্কৃতিকক্ষেত্ৰত বিশেষভূমিকা গ্ৰহণ কৰে। কেঁচুৱাৰ নাম কৰণ, অশৌচ বিধি, মৃত্যুসম্পৰ্কীয় লোকাচাৰ, বিবাহ আদি পৰম্পৰাত পানীয় অৰ্থাৎ জ্যু বা চ্যু,কুকুৰা, গাহৰি আদি অপৰিহাৰ্য। এনেবোৰ কাৰ্যত বিবিধ গীত-মাত গোৱা দেখা যায়। এইবোৰেও তিৱাসকলৰ পৰম্পৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

আনহাতে কৃষিকৰ্ম কৰাৰ পৰা চপোৱালৈ উদযাপিত প্ৰধান উৎসৱসমূহৰ উপৰিও কিছুমান সীমিত অংশগ্ৰহণ কৰা উৎসৱ অনুষ্ঠান আয়োজন কৰা হয় — ধানৰ গোঁজ লোৱা, নৰা ছিগা, ন-খোৱা, হাদাৰি বা সাঁউৰী দিয়া ইত্যাদি। এনেবোৰ অনুষ্ঠানেও জাতিটোৰ অস্তিত্ব ৰক্ষাকৰাৰ ক্ষেত্ৰত বিশেষ কাৰ্য় সাধন কৰিছে।

উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত  হৈ থাকে পৰম্পৰাগত পোছাক-পৰিচ্ছদ, খাদ্যাভাস, গীত-নৃত্য-বাদ্য ইত্যাদি। তিৱাসকলৰ সাংস্কৃতিক অধ্যয়নত এইবোৰে অধিক ভূমিকা গ্ৰহণ কৰিছে। তিৱাসকলৰ সকলোবোৰ অনুষ্ঠানতেগীত-নৃত্যৰ প্ৰাধান্য দেখা যায়। এই গীত-নৃত্যবোৰ বৈচিত্ৰই জাতীয় কৃষ্টি-সংস্কৃতি অক্ষুণ্ণ ৰখাইনহয়. ইয়াৰ যোগেদি সাংস্কৃতিক সমন্বয়ৰ ভাবপ্ৰদান কৰাটো বিশেষ অৱদান আগবঢ়ায়। তিৱাসকলৰ তেনেধৰণৰ উল্লেখযোগ্য নৃত্য গীত হৈছে—বৰত নৃত্য আৰু গীত, ছগ্ৰা নৃত্য আৰু গীত,লাংখুন নৃত্য আৰু গীত, ইয়াংলি নৃত্য, মাইৰাৱা নৃত্য আৰু গীত, ওৱানছাৱা নৃত্য আৰু গীত ইত্যাদি। নৃত্যৰ লগত জড়িত গীতৰ উপৰি অন্যান্য বহু গীত আছে যিবোৰে তিৱাসকলৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে। নৃত্যগীতৰ লগত জড়িত বাদ্যসমূহেও বিশেষ ভূমিকা লোৱা দেখাযায়। খ্ৰাম, পাংচি, পাতিঢোল, পেঁপা, কালি, থুৰাংআদিৰ সুৰে গীতৰ মাদকতা বৃদ্ধিৰ উপৰিওউৎসৱ-অনুষ্ঠানৰ জেউতি চৰায়।

সাংস্কৃতিক ঐতিহ্যৰ পৰিৱৰ্তন:

পৰিৱৰ্তন সময়ৰ আহ্বান। সংস্কৃতি গতিশীল। ই বোঁৱতী নদীৰ দৰে গতি কৰি থাকে।উৎসৱ-অনুষ্ঠান জীয়াই থাকিবলৈ পৰম্পৰা অটুট থকাৰ প্ৰয়োজন। অৱশ্যে সময়ৰ লগে লগে এই পৰম্পৰাৰ পৰিৱৰ্তনআৰু উত্তৰণ হোৱাটো স্বাভাৱিক। কি্তু এনে পৰিৱৰ্তন ইতিবাচক হৈছে নে নাই ইয়াক ফঁহিয়াই চোৱাৰ প্ৰয়োজন। আধুনিক শিক্ষা ব্যৱস্থা, পশ্চিমীয়া সভ্যতা আৰু তথ্য প্ৰযুক্তিবিদ্যাই সাংস্কৃতিক ঐতিহ্যত প্ৰভাৱ পেলায়। যাৰ ফলত পৰম্পৰাগত গীত-মাত-নৃত্যআদি ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে।উৎসৱ-অনুষ্ঠানসমূহৰ সৈতে জড়িত ঐন্দ্ৰজালিক ক্ৰিয়াকৰ্মসমূহো আজিৰ প্ৰজন্মই বিশ্বাস কৰিবলৈনিবিচাৰে। এনেবোৰ কাৰণত কিছু পৰিশিলত ৰূপ পৰিগ্ৰহ কৰা দেখিবলৈ পোৱা যায়। জোনবিল মেলা,গোসাঁই উলিওৱা মেলা তথা অন্যান্য উৎসৱসমূহৰ কথা উল্লেখযোগ্য। জোনবিল মেলাত তাহানিৰ পৰম্পৰাগত বিনিময় প্ৰথাৰ সমান্তৰালভাৱে দৈনন্দিন সমাজ জীৱনত প্ৰয়োজনীয় সা-সামগ্ৰীৰ বজাৰ বা মেলা বহে। আনহাতে মেলাৰ ঐতিহ্য-পৰম্পৰাক কেন্দ্ৰ কৰি ই এক পৰ্যটনৰ আকৰ্ষণীয় স্থান হিচাপেও গঢ়লৈ উঠা দেখা গৈছে। ফলত দেশ-বিদেশৰ বহু পৰ্যটকে আহি মেলা উপভোগ কৰি আনন্দলাভ কৰিছে। পৰম্পৰাগতভাৱে পালিত হৈ অহা এই উৎসৱে এক মেলামুখীতাৰ ফালে গতি কৰিছে। উল্লেখযোগ্য যে, এফালে যিদৰে জোনবিল মেলাই বিনিময় প্ৰথাৰ জৰিয়তে সমাজত সমাদৃত হৈছে,ঠিক তেনেদৰে মেলামুখীতাৰ বাবে ইয়াৰ ঐতিহ্যআৰু পৰম্পৰাত কিছু বিপৰ্যয় আহি পৰাও দেখিবলৈ পোৱা গৈছে। তদুপৰি বহাগ মাহত অনুষ্ঠিত গোসাঁই উলিওৱা মেলাৰ পৰম্পৰাই বৰ্তমান সময়ত বিস্তৃতি লাভ কৰা দেখা গৈছে। আনফালে তেতেলীয়া অঞ্চলত পালিতবৰত পূজাও কেৱল পালন নকৰিলে নহয় তেনে অৱস্থাপ্ৰাপ্ত হৈছ।যাৰ ফলত বৰতৰ মূল আধ্যাত্মিক গীত-মাতসমূহৰ বিপুপ্তি হৈছে। ইয়াৰ সংৰক্ষণৰ বাবেও তেনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

তেনেদেৰ  ধৰ্ময়ো এটা জাতিৰ সামাজিক পৰম্পৰাৰ পৰিৱৰ্তনত অৰিহণা যোগাব পাৰে। তিৱাসকলৰ মাজত পৰম্পৰাগত শাক্ত-শৈৱ পৰম্পৰাৰ পৰা ফালৰি কাটি আহি এচাম লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণকৰিছে আৰু আন এচামে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে। যাৰ ফলত পৰম্পৰাগতভাৱে পালিত তিৱাসকলৰ আচাৰ নীতি, খোৱা-বোৱা, উৎসৱ-অনুষ্ঠানৰ পৰিৱৰ্তন সাধন হৈছে। প্ৰধানকৈ ভৈয়াম অঞ্চলৰ প্ৰায়বোৰ লোকে বৈষ্ণৱ ধৰ্ম তথা শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি নিজ পৰম্পৰাক বাদ দিছে। তদুপৰি জাতিটোৰ অন্যতম চালিকা শক্তি ভাষাও তেওঁলোকৰ মাজৰ পৰা হেৰাই গৈছে। অৱশ্যে যদিও পাহাৰ অঞ্চলত খ্ৰীষ্টান ধৰ্মই গা কৰি উঠিছে তথাপি ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।

পূজা-পাৰ্বণসমূহৰ ক্ষেত্ৰতো জনসমাজত লোকপৰম্পৰাৰ প্ৰতি থকা আকৰ্ষণ প্ৰায় নাইকিয়া হৈ অহা দেখিবলৈ পোৱা গৈছে। মাল গোসাঁইৰ পূজাও প্ৰায় দেখিবলৈ পোৱা নাযায়। কেতিয়াবা অনুষ্টুপীয়াকৈ কোনো কোনো অঞ্চলত পালন কৰা দেখা যায় যদিওখুব কম সংখ্যক লোকৰদ্বাৰা পালিত হোৱা পৰিলক্ষিত হয়। শিঙাল পূজাও তিৱাসকলৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে।

সীমিত অংশগ্ৰহণ কৰা উৎসৱ-অনুষ্ঠানসমূহৰ ভিতৰত প্ৰধানকৈ কৃষিৰ সৈতে সম্পৰ্কিত অনুষ্ঠানবোৰৰ প্ৰাধান্যও লাহে লাহে কমি আহিছে। উৎসৱমুখৰ পৰিৱেশৰ পৰিৱৰ্তে কেৱল নিয়মটো কৰিয়েই  অনুষ্ঠান সামৰণি মৰা দেখা যায়। তিৱসকলৰ মাজত প্ৰচলিত নৰা ছিঙা, হাদাৰি প্ৰথাই পূৰ্বতে মহা আনন্দ-উল্লাসেৰে পুৰুষ মহিলা উভয়ে দলবদ্ধভাৱে গৃহস্থৰ ঘৰুৱা কাম বা পথাৰৰ কামত সহায় কৰি দিছিল। ঢোল, পেঁপা, তালৰ মূৰ্চ্ছনাত গোটেই পথাৰ ৰজনজনাই গৈছিল।গৃহস্থই সকলোকে ভোজ-ভাত খুৱাইছিল। কিন্তু সম্প্ৰতি এই ব্যৱস্থা আছে যদিও তাহানিৰ দৰে আনন্দ-উল্লাসৰ মাদকতা আজিকালি দেখিবলৈ পোৱা নাযায়। সংস্কাৰমূলক অনুষ্ঠানসমূহৰ মাজতো প্ৰায় একেই প্ৰৱণতাই গা কৰি উঠা দেখিবলৈ পোৱা গৈছে।ঠিক তেনেদৰে অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণতো এই উৎসৱ-অনুষ্ঠানসমূহৰ পৰিৱৰ্তন সাধিত হ’ব পাৰে। তিৱাসকলৰ সাংস্কৃতিকঐতিহ্যৰদিশতো এনেবোৰ কথা বিশেষভাৱে দেখিবলৈ পোৱা যায়।

সাম্প্ৰতিক সময়ত তিৱাসকলৰ সাংস্কৃতিক ঐতিহ্যক অক্ষুণ্ণ ৰাখিবৈল হলে এই উৎসৱ-অনুষ্ঠানসমূহক জীয়াই ৰখাতগুৰুত্ব প্ৰদান কৰিব লাগিব।এইবোৰ অনুষ্ঠান উদযাপিত অঞ্চলসমূহ পৰ্যটনৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰিলে একোটা সাংস্কৃতিক কমপ্লেক্স প্ৰতিষ্ঠা কৰি উৎসৱ-অনুষ্ঠানসমূহৰ সংৰক্ষণৰ বাবেও গুৰুত্ব প্ৰদান কৰিব লাগিব।

সামৰণি:

তিৱাসকলৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা আৰু পৰিৱৰ্তণৰ বিশ্লেষণত এটা সিদ্ধান্তলৈ আহিব পাৰি যে তেওঁলোকৰ উৎসৱ-অনুষ্ঠানসমূহৰ বিচিত্ৰতা আছে।প্ৰতিটো অনুষ্ঠানেই নৃত্যগীত প্ৰধান। তেনেদৰে সাজপোছাক আৰু খাদ্যাভাসেও বিশেষ গুৰুত্ব পাইছে। আনহাতে ৰজাদিনীয়া পৰম্পৰা, ৰাইজৰ উমৈহতীয়া সহযোগিতা তথা ডেকাচাং কেন্দ্ৰিক আৰু ঘৰুৱা এই ব্যৱস্থাৰ মাধ্যমেৰে উৎসৱ-অনুষ্ঠানসমূহ পালিত হৈ আহিছে। কিন্তু উল্লেখযোগ্য দিশটো হল সাম্প্ৰতিক সময়ত বিশ্বায়ন বা অন্য প্ৰয়ুক্তিবিদ্যাৰযুগত এনেবোৰ অনুষ্ঠানৰ মাজৈল পৰিৱৰ্তন আৰু সমাহৰণ হোৱাও পৰিলক্ষিত হৈছে। কিন্তু ইতিবাচক দৃষ্টিভংগীৰে পৰ্যালোচনা কিৰ সেই সমূহগ্ৰহণ বৰ্জন নকৰিলে অদূৰ ভৱিষ্যতে কিন্তু তিৱা সংস্কৃতিৰ ঐতিহ্যত বিশেষ বিশিষ্টতা দেখাপোৱা নাযাব। এই ক্ষেত্ৰত নৱ প্ৰজন্মক সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ সজাগতা শিবিৰ, কৰ্মশালা আদি আয়োজন কৰিব লাগিব। লগতে হেৰাইযাব ধৰা অনুষ্ঠানসমূহক পুনৰ  উদ্ধাৰৰ বাবে জাতীয় সংগঠনসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

প্ৰসংগ টোকা

নাথ, পূৰ্ণকান্ত : “তিৱা সংস্কৃত”, সোণাই পাৰৰ সোণকোষ (স্মৃতি গ্ৰন্থ), ১৯৯৭, পৃ. ২৭

বৰদলৈ, ডিম্বেশ্বৰ : “ইিতহাসৰ পাতত তিৱা জনগোষ্ঠী,” গবানে থালাৰ (স্মৃতি গ্ৰন্থ )তিৱা মাথনলাই তখ্ৰা, ১৯৯৫,, পৃ. ২, ৪০

ভূঞা, সূৰ্য কুমাৰ : কামৰূপ বুৰঞ্জী, অসম চৰকাৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, ১৫৮৫ শক, পৃ. ৮০

Baruah, Hem : The Read River and the Blue Hill, 3rd edition, 1962 p.48

Nath, Rajmohan : The Background of Assamese Culture, 2nd edition, 1978, p.17, 112

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে