চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / খডাংছ্যৰ সাধু৷৷ মৈত্ৰেয়ী পাটৰ৷৷

খডাংছ্যৰ সাধু৷৷ মৈত্ৰেয়ী পাটৰ৷৷

চোলাৰ জেপত তামোল কাটি দুপৰ যেন ৰাতি এটা
দাঁতিয়লীয়া,
সেই দিন ধৰি কলৈ যায়
ফৰিংফুটা জোনাকত শিলৰ পাহাৰবোৰৰ মাত
পোটোকা পৰা দেহাবোৰ জুইত সেঁকি
বুঢ়াবোৰে মেলিছিল সাধুকথাৰ কুঁকি
পেন্দুকণাহঁতে গালত হাত দি শুনিছিল—

“মাত থাগাইছে চ্যাত্‌ব থাও”

ভাষা থাকিলেহে থাকিব জাতি
জাতি থাকিলেহে পৰম্পৰা

সাধুকথাত সকলো খডাংছ্যৰ
খডাংছ্যৰ হাগ্ৰা মাখা,লিবিঙে নেম্‌ খডাংছ্যৰ-

গালত হাত দি পেন্দুকণাহঁতে শুনিছিল সেউজীয়াৰ সাধুকথা
আৰু মহাজীৱনৰ বাবে বুঢ়াবোৰক খুজিছিল
এডোখৰ সেউজীয়া মাটি

তাৰপিছত,জুই বাঢ়িছে
বছৰে বছৰে জোনাকত শিলৰ পাহাৰৰ হাত
“খডাংছ্যৰ আয়ুচত্‌,পৃথিৱী খডাংছ্যৰ”

সাধুকথাবোৰে নিচুকনি গীত এটি হৈ বতাহত উৰি ফুৰিছে
চোলাৰ জেপত তামোল কাটি দুপৰ যেন ৰাতিটো
সেই দিন ধৰি কলৈ জানো গৈয়েই আছে

তিৱা শব্দাৰ্থ:
খডাংছ্যৰ-সেউজীয়া
হাগ্ৰা-অৰণ্য
মাখা-পাহাৰ
নেম্‌-পৰম্পৰা/ৰীতি
আয়ুচত্‌-কবিতা ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে