চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / জাতীয়তাবাদ কি?৷৷ টুনুজ্যোতি গগৈ৷৷

জাতীয়তাবাদ কি?৷৷ টুনুজ্যোতি গগৈ৷৷

ইংৰাজী ভাষাৰ Nation আৰু Nationalism শব্দ দুটা অসমীয়া ভাষাত ‘জাতি’ আৰু ‘জাতীয়তাবাদ’ হিচাবে ব্যৱহৃত হৈ আহিছে। ইংৰাজী ভাষাত Nationalism বুলিলে ‘‘Ideology of Nationhood’ বুজোৱাৰ দৰে অসমীয়া ভাষাত জাতীয়তাবাদ বুলিলে জাতি সম্পৰ্কীয় মতবাদকে বুজায়। কোনো ব্যক্তি বা সমষ্টিয়ে আত্ম পৰিচয়ক ত্যাগ কৰি আত্ম স্বাৰ্থ থিৰাং কৰিব নোৱৰাৰ দৰে কোনো জাতীয়তাবাদ জাতি পৰিচয় আৰু জাতি স্বাৰ্থক জলঞ্জালি দি গঢ় লৈ উঠিব নোৱাৰে।

নক’লেও হয় যে এক নিৰ্দিষ্ট ভূখণ্ডত দীৰ্ঘ কাল জুৰি বসবাস কৰি থকা বিভিন্ন জনসমষ্টি ঐতিহাসিক পৰিক্ৰমাৰ জৰিয়তে এটা উমৈহতীয়া চেতনা-ভাৱনাৰ অধিকাৰী হৈ উঠে। বিভিন্ন দিশত সাদৃশ্য থকা এক বৃহত্তৰ সাংস্কৃতিক জীৱন তেওঁলোকৰ মাজত উমৈহতীয়া সাঁচেৰে গঢ় লৈ উঠাৰ ফলতেই তেওঁলোকে ভাবিবলৈ লয়–‘আমি একে জাতিৰ মানুহ।’ এই ভাবনাই হ’ল জাতীয় চেতনা– যি চেতনাই জন্ম দিয়ে জাতীয় পৰিচয় অথবা জাতীয় সত্তা। এনেকৈয়ে একোখন সামন্তীয় অথবা অৰ্ধ জনজাতীয় সমাজত ওচৰা-উচৰিকৈ বহুকাল ধৰি বসবাস কৰা বিভিন্ন জনসমষ্টিয়ে এক উমৈহতীয়া চিনাকিৰ জৰিয়তে সৃষ্টি কৰে একোটা জাতিৰ। সেই জাতিৰ আৱেগ-অনুভৱ, আশা-আকাংক্ষা এক আদৰ্শবাদত প্ৰোথিত হৈ মতাদৰ্শৰ ৰূপ লয় আৰু সেই মতাদৰ্শই জাতীয়তাবাদ ৰূপে পৰিচিত হয়।
এক নিৰ্দিষ্ট অঞ্চলত বসবাস কৰা বিভিন্ন জনসমষ্টি একীভূত হ’বলৈ হ’লে প্ৰথমেই ইটো জনসমষ্টিয়ে সিটো জনসমষ্টিৰ সৈতে ভাব বিনিময় কৰাটো প্ৰয়োজন হৈ পৰে। ভাব বিনিময়ৰ বাবেই প্ৰয়োজন হয় এটা উমৈহতীয়া ভাষাৰ। ধ্ৰুপদী সাঁচৰ জাতি গঠন প্ৰক্ৰিয়াত উমৈহতীয়া ভাষাই সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই উমৈহতীয়া ভাষাটো প্ৰথমাৱস্থাত সংশ্লিষ্ট জনসমষ্টিসমূহৰ মাজত সংযোগী ভাষা ৰূপে বিকাশিত হৈ পৰৱৰ্তী সময়ত জাতীয় ভাষালৈ পৰিণত হয় আৰু লাহে লাহে জাতীয় সংস্কৃতি, সাহিত্য, শিক্ষা আদিৰ চৰ্চাৰ মাধ্যম হৈ পৰে। সাধাৰণতে জনসমষ্টিসমূহৰ মাজৰ সবাতোকৈ বৃহৎ আৰু প্ৰভাৱশালী জনসমষ্টিটোৰ ভাষাকে অন্য জনসমষ্টিবোৰে সংযোগী ভাষা হিচাপে গ্ৰহণ কৰি ভাব বিনিময় কৰিবলৈ লয়। কেতিয়াবা বিভিন্ন জনসমষ্টিৰ ভাষাৰ উপাদানৰ সহায়ত এটা নতুন সংযোগী ভাষাৰো উৎপত্তি হয়।

শেহতীয়াকৈ সাম্ৰাজ্যবাদ সৃষ্টি ঔপনিৱেশিক পৰিৱেশ-পৰিস্থিতিত উমৈহতীয়া নৃ-গোষ্ঠীগত চিনাকিয়ে একোটা জাতীয় সত্তাৰ জন্ম দিয়া পৰিলক্ষিত হৈছে। এনে জাতিসত্তাৰ জাতীয়তাবাদক নৃ-গোষ্ঠীভিত্তিক জাতীয়তাবাদ বোলা হয়। কেতিয়াবা আকৌ উমৈহতীয়া ধৰ্মীয় পৰিচয়কো জাতীয় সত্তা নিৰ্মাণৰ উপাদান হিচাবে প্ৰক্ষেপ কৰা হয়। দৃষ্টান্ত স্বৰূপে, ইজৰাইলী জাতীয় পৰিচয়, পাকিস্তানী জাতীয় পৰিচয় আদিৰ কথা ক’ব পাৰি। এয়াই হৈছে ধৰ্মভিত্তিক জাতীয়তাবাদ।

লক্ষণীয় যে ভাষাভিত্তিক ধ্ৰুপদী সাঁচৰ জাতি গঠনৰ প্ৰক্ৰিয়া সদায়ে বৰ্হিমুখী আৰু গতিশীল। ইয়াত সকলো সময়তে অন্য জনসমষ্টিৰ পৰা নতুন নতুন মানুহ আহি গণতান্ত্ৰিক প্ৰমূল্য আৰু মানৱীয় ভ্ৰাতৃত্ববোধৰ জৰিয়তে জাতীয় জীৱনত প্ৰৱেশ কৰাৰ সুবিধা থাকে। ফলত জাতীয় জীৱনৰ পৰিসীমাও প্ৰসাৰিত হৈ থাকে। কিন্তু, নৃ-গোষ্ঠীভিত্তিক বা ধৰ্মভিত্তিক জাতিগঠনৰ প্ৰক্ৰিয়া অন্তৰ্মুখী। সেই প্ৰক্ৰিয়াত নিৰ্দিষ্ট নৃ-গোষ্ঠী বা নিৰ্দিষ্ট ধৰ্মক জাতীয় পৰিচয়ৰ আওতালৈ অনা হয় বাবে জাতীয় জীৱনৰ পৰিসীমাও ধৰা-বন্ধা হয়। তেনে জাতিসত্তা বা জাতীয়তাবাদত গণতান্ত্ৰিক প্ৰমূল্য আৰু ভ্ৰাতৃত্ববোধৰ অৱকাশ তেনেকৈ নথকাৰ ফলত উগ্ৰ সাম্প্ৰদায়িকতা বা উগ্ৰ ধৰ্মান্ধতাই মূৰ দাঙি উঠাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

ধ্ৰুপদী সাঁচৰ জাতিসত্তা বা জাতীয়তাবাদ ভাষা আৰু ধৰ্মক আধাৰ কৰিও গঢ় লৈ উঠিব পাৰে। কিন্তু, সময়ৰ গতিত ইয়াৰে কোনো এক উপাদান, বিশেষকৈ ধৰ্ম নিস্ক্ৰিয় আৰু অলাগতিয়াল হৈ পৰাৰ সম্ভাৱনা থাকে। সেইদৰে, ধ্ৰুপদী সাঁচৰ জাতিসত্তা বা জাতীয়তাবাদত সততে গণতান্ত্ৰিক প্ৰমূল্য পৰিলক্ষিত হ’লেও তাৰ মাজত অগণতান্ত্ৰিক ৰূপ এটাও সুপ্ত হৈ থাকে। জাতীয়তাবাদৰ গণতান্ত্ৰিক ৰূপটোক সুস্থ জাতীয়তাবাদ আৰু অগণতান্ত্ৰিক ৰূপটোক উগ্ৰ জাতীয়তাবাদ বুলি কোৱা হয়। সুস্থ জাতীয়তাবাদৰ চৰিত্ৰ সহিষ্ণু, উদাৰ, যুক্তিনিৰ্ভৰ আৰু গঠনমুখী হোৱাৰ বিপৰীতে উগ্ৰ জাতীয়তাবাদৰ চৰিত্ৰ অসহিষ্ণু, সংকীৰ্ণ, আৱেগনিৰ্ভৰ, দমনীয় আৰু ভাঙোনমুখী।

জাতিসত্তাৰ ভেটিত গঢ় লৈ উঠে জাতীয়তাবাদ। কিন্তু, জাতীয়তাবাদৰ গঠন প্ৰক্ৰিয়া স্বতঃস্ফূৰ্ত নহয়; একোটা জাতিৰ শিক্ষা-দীক্ষাত আগবঢ়া, সচেতন আৰু প্ৰভাৱশালী শ্ৰেণীটোৱে, বিশেষকৈ মধ্যশ্ৰেণীয়ে জাতীয় সমলবোৰৰ সহায়ত পৰিকল্পিত বৌদ্ধিক প্ৰচেষ্টাৰে জাতীয়তাবাদ গঠন বা নিৰ্মাণ কৰে। কোনো জাতিৰ অন্তৰ্গত এক বিশেষ জনসমষ্টিৰ মাজত বহু প্ৰচলিত আৰু অন্য জনসমষ্টিৰ দ্বাৰাও সমাদৃত লোক উৎসৱ, লোকবাদ্য, লোকবস্ত্ৰ, ঐতিহাসিক বীৰ-বীৰাংগনা আদিকে জাতীয় সমল বুলি অভিহিত কৰিব পাৰি। বিশ্বৰ প্ৰতিটো জাতিৰ ইতিহাস অধ্যয়নে এয়া স্পষ্ট কৰি আহিছে যে একোটা জাতিৰ মাজত উত্থানশীল মধ্যবিত্ত শ্ৰেণীয়েই জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰে। অৰ্থাৎ এটা জাতিৰ মাজত এক মধ্যবিত্ত শ্ৰেণী উত্থান হোৱাৰ পাছতহে জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হয়। সমাজ বিজ্ঞানীসকলে আধুনিক জাতি এটাক অৰ্ধকৃত্ৰিম নিৰ্মাণ বুলি অভিহিত কৰি কৈছে যে বৌদ্ধিক চিন্তা-চৰ্চাৰ জৰিয়তে জাতি গঠনৰ বাবে প্ৰয়োজনীয় মতাদৰ্শও নিৰ্মাণ কৰি ল’ব পাৰি। অৱশ্যে, জাতি বা জাতীয়তাবাদ শূন্যত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বাস্তৱত পৰিলক্ষিত কিছুমান আধাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই জাতি বা জাতীয়তাবাদ নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা হয়।

সি যি নহওক, এটা জাতিৰ মাজত পুঁজিবাদী সমাজ ব্যৱস্থাৰ সা-সুবিধাবোৰ (চাকৰি, ব্যৱসায়, ঠিকা-ঠুকলি আদি) উপলব্ধ হোৱাৰ পাছতে মধ্যবিত্ত শ্ৰেণীৰ উত্থান হয়। পুঁজিবাদৰ প্ৰবক্তাসকলে পুঁজিবাদৰ বিকাশৰ স্বাৰ্থতে জাতিটোৰ নতুন প্ৰজন্মৰ মাজত আধুনিক শিক্ষা ব্যৱস্থা প্ৰসাৰত গুৰুত্ব দিয়ে আৰু আধুনিক শিক্ষাৰে শিক্ষিত প্ৰজন্মটোৱে বহিৰ্বিশ্বত নিজৰ স্থিতি সবল কৰিবৰ বাবে জাতীয় পৰিচয়ৰ সন্ধানত ব্ৰতী হয়। তেওঁলোকে জাতীয় সমলবোৰ বাচি-বিচাৰি উলিয়াই জাতীয়তাবাদ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। লক্ষণীয় যে বিভিন্ন জন সমষ্টিৰে গঠিত এটা জাতিৰ দুটামান নিৰ্দিষ্ট জনসমষ্টিয়ে পুঁজিবাদী ব্যৱস্থাৰ সা-সুবিধাবোৰ প্ৰথমে উপভোগ কৰাৰ সুবিধা পালে বা সেই জন সমষ্টিৰ মাজৰ নতুন প্ৰজন্মটো আধুনিক শিক্ষাৰে শিক্ষিত হ’লে জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত সংশ্লিষ্ট জনসমষ্টিসমূহৰ লোক-সাহিত্য বা লোক-সংস্কৃতিৰ উপাদানসমূহ জাতীয় সমলৰূপে প্ৰক্ষেপিত হোৱাৰ সম্ভাৱনা থাকে।

আধুনিক সমাজবিজ্ঞানীসকলে জাতীয়তাবাদক মূলতঃ দুই ভাগত ভগাইছে– (১) নাগৰিক জাতীয়তাবাদ আৰু (২) নৃগোষ্ঠীগত জাতীয়তাবাদ। বেছিভাগ সমাজ বিজ্ঞানীয়েই মতপোষণ কৰে যে নাগৰিক জাতীয়তাবাদ ধ্ৰুপদী সাঁচৰ আৰু নিৰ্ভেজাল চৰিত্ৰৰ জাতীয়তাবাদ। এই জাতীয়তাবাদ এক ৰাজনৈতিক সামাজিক মতাদৰ্শ হিচাপে ফৰাচী বিপ্লৱৰ পাছতে ফ্ৰান্সত উদ্ভৱ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ গঠনৰ সময়ত গৃহীত হোৱা সংবিধানতেই নাগৰিক জাতীয়তাবাদৰ মৰ্মবস্তু প্ৰতিষ্ঠিত হোৱা বুলি চৰ্চিত হৈ আহিছে। ঐতিহাসিক ই.জে. হ’বচবামৰ মতে, উল্লিখিত দুই ঐতিহাসিক ঘটনাৰ জৰিয়তে ১৭৮০ চনত আধুনিক জাতীয়তাবাদৰ উন্মেষ ঘটে। নাগৰিক জাতীয়তাবাদৰ কেতবোৰ সীমাবদ্ধতাও আছে। প্ৰথম সীমাবদ্ধতা হ’ল, ই এক সুষম নাগৰিক সমাজ গঠন কৰিবলৈ যাওঁতে সমাজৰ বিভিন্নতা আৰু পাৰ্থক্যবোৰক কম স্বীকৃতি দিয়ে। এই বিভিন্নতা আৰু পাথৰ্ক্যবোৰ ভাষা, ধৰ্ম, জাতি, বৰ্ণ, সংস্কৃতি সকলো ধৰণৰ হ’ব পাৰে। (বৰা, ডাঃ ধ্ৰুৱজ্যোতি; জাতীয়তাবাদ (২য় খণ্ড) – http://muktosinta.org/jatiyatabad-ii/)

ইপিনে, নৃগোষ্ঠীগত বা এথনিক জাতীয়তাবাদৰ ‘এথনিক’ শব্দটো গ্ৰীক ‘এথনচ্’ শব্দটোৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল, একে ৰক্তৰ সম্পৰ্কৰে সম্পৰ্কিত সদস্যসকলক লৈ গঠিত এটা জনগোট। কিন্তু, বৰ্তমান এই অৰ্থ সম্প্ৰসাৰিত হৈছে। বৰ্তমান নৃগোষ্ঠী বুলিলে এক উমৈহতীয়া বা একে উৎসৰ পৰা উৎপত্তি হৈ¸ বিকাশ লাভ কৰা গোটকহে বুজা যায়। ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ মতে–‘ এই একে উৎসৰ পৰা উদ্ভৱ হোৱাৰ ধাৰণাটোৰ লগতে উমৈহতীয়া ভাষা, উমৈহতীয়া সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা তথা এক বা একাধিক অঞ্চলত পৰম্পৰাগতভাৱে বসবাস কৰাৰ বাবেও এটা জনগোষ্ঠীৰ মাজত গোষ্ঠীচেতনা আৰু জাতীয়তাবাদী ধ্যান-ধাৰণা বিকশিত হোৱাত সহায় কৰে। … আধুনিক যুগৰ এই আদিম গোষ্ঠীচেতনাই পৰিস্থিতি সাপেক্ষে অধিক বিকশিত হৈ আধুনিক জাতীয়তাবাদী চিন্তা-চেতনা আৰু মতাদৰ্শৰ ৰূপ গ্ৰহণ কৰিছে। … ইউৰোপত জাৰ্মানসকলৰ মাজতেই পোন প্ৰথমবাৰৰ বাবে এনে এথনিক বা নৃগোষ্ঠীগত জাতীয়তাবাদৰ উন্মেষ ঘটা বুলি কোৱা হয়।’ (পূৰ্ব উল্লিখিত প্ৰবন্ধ)

জাতীয়তাবাদ মূলতেই হ’ল এক ৰাজনৈতিক প্ৰকল্প। অৰ্থাৎ জাতীয়তাবাদৰ মাজত সদায় এক ৰাজনৈতিক লক্ষ্য থাকে। এক নিৰ্দিষ্ট ভূ-খণ্ডত এটা জাতিৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা কৰাটোৱেই সহজ অৰ্থত ৰাজনৈতিক লক্ষ্য বুলি অভিহিত কৰিব পাৰি। এই লক্ষ্য এখন স্বাধীন দেশ গঠনো হ’ব পাৰে, পৰিস্থিতি সাপেক্ষে বিভিন্ন ধৰণৰ স্বায়ত্বশাসনো হ’ব পাৰে। এটা জাতিৰ মধ্যবিত্ত শ্ৰেণীয়ে জাতীয়তাবাদী মতাদৰ্শৰ সহায়তে নিজৰ স্বাৰ্থ আৰু ৰাজনৈতিক আকাংক্ষা পূৰণৰ বাবে প্ৰয়াস কৰে। এই প্ৰসংগতে এ ডি স্মিথৰ মন্তব্য এটি প্ৰণিধানযোগ্য–‘… nationalists have a vital role to play in the construction of nations, not as culinary artists or social engineers, but as political archaeologists rediscovering and reinterpreting the communal past in order to regenerate the community. Their task is indeed selective – they forget as well as remember the past – but to succeed in their task they must meet certain criteria. Their interpretations must be consonant not only with the ideological demands of nationalism, but also with the scientific evidence, popular resonance and patterning of particular ethnohistories. Episodes like the recovery of Hatsor and Masada, of the tomb of Tutankhamun, the legends of the Kalevala, and the ruins of Teotihuacan, have met these criteria and in different ways have come to underpin and define the sense of modern nationality in Israel, Egypt, Finland and Mexico. Yigal Yadin, Howard Carter, Elias Lonnrot and Manuel Gamio form essential links in the complex relationship between an active national present and an often ancient ethnic heritage, between the defining ethnic past and its modern nationalist authenticators and appropriators. In this continually renewed two-way relationship between ethnic past and nationalist present lies the secret of the nation’s explosive energy and the awful power it exerts over its members.’ [Gastronomy or geology? The role of nationalism in the reconstruction of nations, https://onlinelibrary.wiley.com.]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে