চ’ৰাঘৰ / সমকাল / সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নাগৰিকত্ব বিলৰ বিৰোধিতা কৰক

সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নাগৰিকত্ব বিলৰ বিৰোধিতা কৰক

ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ ছত্ৰছায়াত থকা দুই এক সংগঠনৰ বাহিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলমত নিৰ্বিশেষে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, মাৰ বান্ধি থিয় দিছে৷ শিল্পী,সাহিত্যিক আৰু সাংবাদিকসকলো ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিছে৷ ই আমাৰ জাতীয় জীৱন আৰু জাতীয় পৰিচয়ৰ বাবে গৌৰৱৰ কথা! কিন্তু আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ নাগৰিকত্ব আইনক লৈ সমগ্ৰ ৰাজ্যখন উত্তপ্ত হৈ থকা সময়তে কেতবোৰ মহলে কিছুমান বিভাজনবাদী আৰু সাম্প্ৰদায়িক মন্তব্য দি পৰিস্থিতিটো যেন অধিক উদ্গীৰণমুখী কৰিবলৈ চেষ্টা কৰি আছে৷ এচামে ইয়াৰ গইনা লৈ সাধাৰণ মানুহৰ মাজত বঙালী বিদ্বেষ আৰু অইন এচামে মুছলমান বিদ্বেষ বিয়পাই দিবলৈ যেন অহৰ্নিশে চেষ্টা কৰি আছে৷ কিন্তু কোনো পৰিস্থিতিতে আমি এনে প্ৰৰোচনাৰে প্ৰভাৱিত হ’ব নালাগিব৷ আমি তেনে কৰিলে যি উদ্দেশ্যেৰে কেন্দ্ৰত ক্ষমতাসীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিলখন উত্থাপন কৰিছে, সেই উদ্দেশ্যই সফল হ’ব, অৰ্থাৎ সাম্প্ৰদায়িক বিভাজনক সাৰপানী যোগোৱা হ’ব আৰু তাৰ পৰিণাম আমাৰ সকলোৰে বাবে হ’ব অতি ভয়াবহ৷ এটা কথা আমি কেতিয়াও পাহৰি যাব নালাগিব যে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰ মূল ভিত্তিটো হ’ল এটা সময়সীমা, কোনো ধৰ্ম বা ভাষা নহয়৷ হিন্দুৱে হওক, মুছলমানে হওক বা অইন কোনো ধৰ্মীয় বা ভাষিক সম্প্ৰদায়ৰে হওক ১৯৭১ চনৰ পিছত অহা কোনো বিদেশী নাগৰিককে নাগৰিকত্ব প্ৰদান কৰাৰ আমি বিৰোধী৷ ইয়াত কোনো আপোচৰ কথা নাহে৷ আমি বাৰে বাৰে সেইটোকে চিঞৰি থাকিব লাগিব আৰু তাতে অটল, অবিচল হৈ থাকিব লাগিব৷ এই কথাটো বাৰে বাৰে ৰাইজক বুজাব লাগিব৷ এই খিনিতে কোনো চন তাৰিখৰ কথা নকৈ হিন্দু মাত্ৰেই সকলোকে নাগৰিকত্ব প্ৰদান কৰাৰ বাবে বৰাক উপত্যকাত দিয়া হুমকি কিন্তু অতি আপত্তিজনক আৰু উদ্বেগজনকো৷ এয়া তাৰ সাধাৰণ মানুহৰ কথা নে কোনো প্ৰৰোচনাকাৰীৰ কথা, সেইটোও ভাবি চাবলগীয়া৷ এনে মনোভাব অতি নিন্দনীয় আৰু গৰ্হিত৷ সেই বুলি এই ধৰণৰ মতামতৰ দ্বাৰা প্ৰভাৱিত হৈ আমি আবেগিক উত্তেজনা বিয়পাই দিম সেইটো কোনো ক্ষেত্ৰতে উচিত নহ’ব৷ আবেগৰ প্ৰত্যুত্তৰ দিব লাগিব যুক্তি আৰু বিচাৰ বুদ্ধিৰেহে, আবেগিক উত্তেজনাৰে নহয়৷ নহ’লে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ মানুহে আৰম্ভ কৰা আন্দোলনটো বিপথে পৰিচালিত হোৱাৰ আশঙ্কা আছে৷ কোনো পৰিস্থিতিতে আমি সেইটো হ’ব দিব নালাগিব৷

আনহাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত মুখফুটাই একো কোৱা নাই, অথচ তেওঁৰ মন্ত্ৰীসভাৰ অইন সদস্য কেইজনমানে যিহকে তিহকে কৈ জনমতক উপলুঙা কৰাই নহয়, পৰিস্থিতি উত্তপ্ত কৰি তুলিছে৷ আচৰিত কথা পৰিস্থিতি এনে অগ্নিগৰ্ভা হৈ থাকোঁতে বি জে পিৰ এজন শীৰ্ষস্থানীয় নেতাই আহি কৈ গ’ল অসমৰ ৰাইজে যিমান যি প্ৰতিবাদ কৰিলেও বিদেশত নিগৃহীত হৈ ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীকো চৰকাৰে নাগৰিকত্ব দিবই দিব৷ অথচ হিন্দু ধৰ্মাৱলম্বী মানুহ বিদেশত নিগৃহীত হোৱাৰ কোনো প্ৰমাণ বি জে পিয়ে আজিলৈকে দিব পৰা নাই৷ এই নেতাজনৰ কথাই কি প্ৰমাণ কৰে? অৰ্থাৎ যুটীয়া সংসদীয় কমিটিয়ে যিয়ে নকৰক কিয় বিল পাছ হ’বই৷ কি বিপজ্জনক কথা! তাৰমানে আমাৰ সংগ্ৰাম আৰু দৃঢ় আৰু দীৰ্ঘদিনীয়া হ’ব৷ বিলখনৰ বিৰুদ্ধে আমি আৰু বেছি প্ৰতিবাদ মুখৰ হ’ব লাগিব৷ ৰাজ্য চৰকাৰেও যাতে বিলখনৰ বিৰোধিতা কৰি কেন্দ্ৰৰ ওচৰত হেঁচা দিয়ে তেনে পৰিৱেশৰ সৃষ্টি কৰিব লাগিব৷ নহ’লে দীৰ্ঘ দিনলৈ ৰাজ্যখনত এনে উত্তেজনা চলি থাকিলে কোন মুহূৰ্তত কি হয় তাৰ কি ঠিক! কোনে জানে আমাৰ সকলোৰে দৃষ্টি এই সমস্যাটোত আৱদ্ধ কৰি ৰাখি কৰ্ম সংস্থান, শিক্ষা, স্বাস্থ্য আৰু মূল্যবৃদ্ধিৰ দৰে মৌলিক সমস্যাবোৰৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই ৰখাৰো ই এক কৌশল হ’ব পাৰে৷ এওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল কি আৰু কৰিছে কি? সমস্যা সমাধান কৰিব ক’ত? নতুন নতুন সমস্যা সৃষ্টিৰে পৰিস্থিতি জটিলৰ পৰা জটিলতৰহে কৰি তুলিছে৷ সেয়েহে জনসাধাৰণক বিভাজিত কৰা যি কোনো প্ৰৱণতাৰ প্ৰতি আমি সদায় সজাগ হৈ থাকিব লাগিব৷ কোনেও কোনো পৰিস্থিতিতে যাতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কথা নকয় আৰু কাম নকৰে তাৰ প্ৰতিও অনবৰতে সতৰ্ক হৈ থাকিব লাগিব৷

হৰেকৃষ্ণ ডেকা, সভাপতি,

অজিত কুমাক ভূঞা,কাৰ্যকৰী সভাপতি

প্ৰশান্ত ৰাজগুৰু,উপ সভাপতি,

পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক,

অখিল ৰঞ্জন দত্ত ,যুটীয়া সম্পাদক
অসম নাগৰিক সমাজ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে