চ’ৰাঘৰ / কথাশিল্প / ৰাঙলী বুঢ়ীৰ দান৷৷ বিনন্দ চন্দ্ৰ বৰুৱা৷৷

ৰাঙলী বুঢ়ীৰ দান৷৷ বিনন্দ চন্দ্ৰ বৰুৱা৷৷

অ’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান,
জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ৷
 
মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ,
স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান৷
 
গগৈ সেনাপতি অকলে অাহিছে, চাপৰিত পাতিব ৰণ;
যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ৷
 
অসমীয়া সেনা তেনেই তাকৰীয়া, তথাপি জীৱন পণ,
ৰাখিব লাগিব সোণৰ অসম, দেশৰ জীৱন ধন৷
 
বনৰ বন-ৰজা, মানৰ শতৰু, দেশ ৰাখিবৰ হই;
সিবাৰ গৰু নিলে, কোঠাত সোমাই, মানকো কামুৰি থই৷
 
অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি অাঁচলৰ ধন,
তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথৌ মন৷
 
উঠ ৰঙামুৱা, ফেহুঁজালি দিলে, শুবৰ সকাম নাই,
দা- যাঠী লৈ, যা লৰা লৰি, বেগতে এমুঠি খাই৷
 
ৰাতিতে যতনাই ৰাখিছোঁ কৱচ, পিন্ধিব পাৰিবি তই
মানৰ যুজঁত পিতাৰা ঢুকাল, যুঁজলৈ কিহৰ ভয়?
 
এইদৰে কৈ, ৰাঙলী বুঢ়ীয়ে, ৰঙাক যুঁজলৈ পাচি,
জীৱন মৰণ ভৰিৰে গচকি যশ মান ল’লে বাচি৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে