চ’ৰাঘৰ / সমকাল / ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ বিচৰাসকললৈ একাষাৰ ৷৷ লক্ষ্যজ্যোতি গগৈ৷৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ বিচৰাসকললৈ একাষাৰ ৷৷ লক্ষ্যজ্যোতি গগৈ৷৷

এক .
মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৯৭১ চনক ভিত্তিবৰ্ষ কৰি NRC ৰ কাম চলি আছে বাবে ১৯৫১ বা ১৯৭১ চনৰ বিতৰ্কত সোমোৱা নাছিলোঁ। কিন্তু শেহতীয়াকৈ দেখা পাইছোঁ যিসকলে ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে বিচাৰে, তাৰ অধিকাংশই আৰ এছ এছৰ সমৰ্থক। তেওঁলোকেই নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ বিচাৰে, অথচ যুগ যুগান্তৰলৈ অহা হিন্দু বিদেশীক নাগৰিকত্বৰ পোষকতা কৰে৷ বহু ব্যক্তিয়ে নজনাকৈ আৰ এছ এছৰ এই জালত ভৰি দিছে। সেইবাবে কেইটামান কথা লিখাৰ চেষ্টা কৰিছোঁ।

দুই.
অসম চুক্তি স্বাক্ষৰ হৈছিল ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে। সেই তাৰিখৰ পৰা সুদীৰ্ঘ ৩০ টা বছৰে কোনো ব্যক্তিয়ে নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি কোৱা নাছিল কিয়? বৰ্তমান ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি দাবী কৰি থকা আৰু বিগত চৰকাৰৰ দিনত অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই তেতিয়া কিয় এবাৰো উচ্চাৰণ নকৰিলে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি?

তিনি.
অসমত NRC ৰ কাম চলি থাকোতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিজেপি-আৰ এছ এছে উঠি পৰি লাগিছে কিয়? কোনোবাই ভয়তে ১৯৫১/১৯৭১ ৰ বিতৰ্ক আনি নাগৰিকপঞ্জীৰ কাম কাজ বন্ধ কৰিব বিচাৰিছে নেকি?

চাৰি.
এতিয়া আহোঁ মূল কথালৈ। নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ সমৰ্থন কৰাসকলে সততে কৈ থাকে যে ভাৰতৰ অন্য ৰাজ্যত নাগৰিকত্ব ভিত্তিবৰ্ষ ১৯৫১, কেৱল অসমত কিয় ভিত্তিবৰ্ষ ১৯৭১ হ’ব! আচলতে যিসকলে এই কথাটো সত্য বুলি ভাবি আছে, তেওঁলোকে ভুল ভাবি আছে। তেওঁলোকে জনা উচিত যে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ৫ টা উপায় আছে—
১) জন্মসূত্ৰে (By Birth)-
ক. যিসকলৰ জন্ম ১ জুলাই ১৯৮৭ ৰ পূৰ্বে হৈছে, তেওঁলোকৰ মাক দেউতাক অবৈধ বিদেশী হ’লেও নাগৰিকত্ব লাভ কৰিব। (যিদৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নাগৰিকত্ব লাভ কৰিছে৷)
খ. যিসকলৰ জন্ম ১ জুলাই, ১৯৮৭ ৰ পিছত আৰু ২০০৩ চনৰ পূৰ্বে হৈছে, তেওঁলোকৰ পিতৃ বা মাতৃৰ যিকোনো এজন যদি ভাৰতীয় নাগৰিক হয় আৰু আনজন অবৈধ বিদেশী হ’লেও জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰিব।
গ. ২০০৩ চনৰ পিছত জন্ম হোৱাসকলৰ পিতৃ আৰু মাতৃ উভয়ে ভাৰতীয় হ’ব লাগিব। অৱশ্যে, যিকোনো এজন অবৈধ বিদেশী যদি নহয় তেনেহলেও তেওঁলোকৰ সন্তানে নাগৰিকত্ব পাব।

২) বংশধৰৰ দ্বাৰা (By Descent) – কোনো ভাৰতীয় নাগৰিকৰ সন্তান বিদেশত জন্ম হ’লে সেই সন্তানে বংশধৰ ক্ৰমে নাগৰিকত্ব পায়। ইয়াৰ বাবে কেইবাটাও নীতি-নিয়ম আছে।

৩) পঞ্জীয়নৰ দ্বাৰা (By Registration) – ভাৰতীয় মূলৰ ব্যক্তিয়ে সাত বছৰ একেৰাহে ভাৰতত বৈধভাৱে(With valid Passport & Visa) বসবাস কৰিলে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি, ভাৰতীয় নাগৰিকলৈ কোনো বৈধ বিদেশীয়ে বিয়া হৈ আহিলে বিবাহসূত্ৰে আৰু ভাৰতীয় পিতৃ-মাতৃৰ সন্তান বিদেশত জন্ম হলে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

৪) সমীকৰণৰ দ্বাৰা (By Neutralisation) – ভাৰতীয় নাগৰিকত্বৰ বাবে আনুগত্য দেখুওৱা সাহিত্য, শিল্প, বিজ্ঞান আদি বিভিন্ন দিশত পাৰদৰ্শিতা থকা, ভাৰতৰ স্বীকৃতি প্ৰাপ্ত ১৮ টা ভাষাৰ ভিতৰত যিকোনো এটা ভাষা ভালকৈ জনা, সৎ চৰিত্ৰৰ ব্যক্তিয়ে ভাৰতত ১২ বছৰ বৈধভাৱে বসবাস কৰিলে আৰু নিজ দেশৰ নাগৰিকত্ব ত্যাগ কৰিলে এই প্ৰক্ৰিয়াৰে নাগৰিকত্ব পাব পাৰে।

৫) ভাৰত ৰাষ্ট্ৰই কোনো এখন দেশৰ ভূমি অধিগ্ৰহণ কৰিলে সেই ভূমিত বসবাস কৰা ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যেনে – যোৱাবছৰ ভাৰত আৰু বাংলাদেশৰ মাজত ভূমি হস্তান্তৰ চুক্তি সম্পন্ন হৈছিল। এই চুক্তিৰ দ্বাৰা অসমে ভূমি হেৰুৱাইছিল যদিও অন্য ৰাজ্যই বাংলাদেশৰ পৰা ভূমি লাভ কৰিছিল। বাংলাদেশৰ পৰা ভাৰতে লাভ কৰা ভূমিত বসবাস কৰি থকা ব্যক্তিসকলে এই পদ্ধতিৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব।

৬) অসমৰ ক্ষেত্ৰত কিন্তু নাগৰিকত্ব লাভৰ নিয়ম সুকীয়া। অসমৰ ক্ষেত্ৰত 6A বুলি এটা বিশেষ অধিনিয়ম আছে। এই ধাৰাৰ অধীনত অসমৰ বাবে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ২৪ মাৰ্চ ১৯৭১ চনৰ পূৰ্বে অহা ব্যক্তিসকল। অৰ্থাৎ যিসকলে অসমলৈ ২৪ মাৰ্চ ১৯৭১ চনৰ পূৰ্বে অসমলৈ আহিছিল তেওঁলোকে বা তেওঁলোকৰ সতি সন্ততিয়েহে অসমৰ নাগৰিকত্ব লাভ কৰিব।

পাঁচ .
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে ভাৰতৰ অন্য কোনো ৰাজ্যত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নহয়, বৰঞ্চ অন্য ৰাজ্যসমূহত ১৯৮৭ চনলৈকে অবৈধ বিদেশীৰ সন্তানে নাগৰিকত্ব লাভ কৰিব৷ কিন্তু অসমত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অহাসকলহে নাগৰিকত্ব লাভ কৰিব। অৰ্থাৎ অসম চুক্তিৰ ফলতেই অসমে অন্য ৰাজ্যতকৈ কিছু হ’লেও সুবিধাজনক স্থিতিত আছে। গতিকে যিসকলে এই কথাটো নজনাকৈ ১৯৫১ ৰ সমৰ্থন কৰি আছে, তেওঁলোকে ভালকৈ অধ্যয়ন কৰি পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰ এছ এছে পেলোৱা জালত ভৰি নিদিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসম চুক্তি অনুসৰি ১৯৭১ ৰ ভিত্তিত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সুকলমে সম্পূৰ্ণ হ’বলৈ দিয়ক। আহক প্ৰথমে সকলোৱে মিলি ১৯৭১ চনৰ পিছত অহা সকলো বিদেশীক বিতাড়নৰ বাবে আৰু নতুনকৈ এজনো বাংলাদেশী যাতে আহিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰোঁ। তাৰ পিছত প্ৰয়োজন হ’লে ১৯৫১ ৰ ভিত্তিবৰ্ষ হিচাপে লৈ সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰিম।।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে