চ’ৰাঘৰ / সমকাল / জাতীয়তাবাদৰ নতুন তৰংগ৷৷ পঞ্চানন হাজৰিকা৷৷

জাতীয়তাবাদৰ নতুন তৰংগ৷৷ পঞ্চানন হাজৰিকা৷৷

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক যেতিয়াৰ পৰা অসমীয়া মধ্যবিত্তই অসমীয়া জাতীয়তাবাদ ৰক্ষাৰ ঠিকাটো দিছিল, তেতিয়াৰ পৰাই অসমীয়া জাতীয়তাবাদে ইয়াৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰূপতো হেৰুৱাইছিলে; ই সমাজৰ প্ৰান্তীয়, নিপীড়িত শ্ৰেণীটোৰ লগত সম্পৰ্কৰহিত হৈ পৰিছিল। একেদৰে ইয়াৰ মাজত নাছিল অসমৰ অন্য জনগোষ্ঠীৰ অধিকাৰকেন্দ্ৰিক প্ৰসংগবোৰো৷ ইফালে বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ এইবোৰ অন্যতম অংশীদাৰ বুলি ৰাজহুৱাভাৱে আৰু বিদ্যায়তনিক ভাবে কৈ থকা হৈছিল। আজি ক’বলগীয়া কথাটো কিন্তু অন্য ধৰণৰ— অসমীয়া জাতিৰ সন্মুখলৈ যে অতীততে সংকট অহা নাছিল, সেয়া কেতিয়াও নহয়। এক বিৰল জাতীয়তাবাদী প্ৰেৰণাই এনে সংকটৰ মুখামুখি হ’বলৈ অসমীয়াক সাহস দিছিল আৰু প্ৰস্তুত কৰিছিল, সেয়াও ঐতিহাসিক ভাবে সত্য। কিন্তু সেই প্ৰেৰণা সৃষ্টি কৰা সংগঠিত শক্তিবোৰ এই শতিকাত যে সলনি হৈ গৈছে আৰু তৎকালীন ভাবে এই প্ৰেৰণা দিয়াৰ দায়িত্ব সময়ৰ প্ৰয়োজনত অন্য কিছু অনুষ্ঠান-ব্যক্তিৰ হাতলৈ আহিছে, সেই ছবি এই সময়ত বেছি খোলোচা হৈ পৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰোধিতাৰ বাবে ৰাইজক সংগঠিত কৰিবলৈ আটাইতকৈ বেছিকৈ এই সময়ত যত্ন কৰিছে কোনে? এই জাতিধ্বংসী বিল খনৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হোৱা আৰু হাতে কামে লগা মানুহ কোনখিনি?

ৰাজ্যখনৰ একমাত্ৰ আঞ্চলিক দলটোৱে( জাতীয়তাবাদী আন্দোলনৰ গৰ্ভত যাৰ জন্ম) এই সময়ত কেৱল হুংকাৰ দিওঁতেই দায়িত্ব সামৰিছে। প্ৰেছ বিজ্ঞপ্তিত বিৰোধিতা কৰাৰ বাহিৰে ৰাইজক সংগঠিত কৰাৰ কোনো উদ্যোগ আছু নেতৃত্বৰো নাই, জাতীয় নায়কক মুর্দাবাদ বুলি চিঞৰিবলৈ তেওঁলোক নৈতিকভাৱেও অক্ষম।ইফালে তেওঁলোকে সম্পাদন কৰি অহা অসম চুক্তিৰে যোৱা থোৱা অৱস্থা। সাহিত্য সভাক ৰাজবংশীয়ে কেতিয়াবাই চাহিত্য চভা কৰিলে, হাজাৰ হাজাৰ শাখাই ভাষা- সাহিত্য ৰক্ষা কৰিবলৈ দলে দলে ওলাই আহিব পৰাৰ সম্ভাৱনা আৰু নাথাকিল। শাসক পক্ষৰ লগত এই কেইটা জাতীয় সংগঠনৰ ভিতৰুৱা ‘ভালপোৱা’ ৰ কথা বহুতে কৈ থাকে, কৈ থকাৰ বাবে বহুজন অপ্ৰিয়ও হয়। বাকী সত্ৰ মহাসভা কেতিয়াবাই নিজৰ বৰ্ণবাদী আৰু জাতিদ্রোহী চৰিত্ৰৰে নাঙঠ হৈছে, হাজাৰ স্পষ্টীকৰণ আৰু স্মাৰক পত্ৰ প্ৰত্যাহাৰে এই পাপবোৰৰ সহজ প্ৰায়শ্চিত নিদিয়ে।

এনে সময়তে জাতীয় সংকটৰ কথা জাতিটোক বুজোৱাৰ দায়িত্ব লোৱা দেখা গ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে সংগঠন, যি প্ৰগতিশীল জাতীয়তাবাদত বিশ্বাস কৰে বুলি ভবা যায় যদিও এওঁলোকে শ্ৰেণী সংগ্ৰামৰ মাজেৰে সুদীৰ্ঘ দিন ব্যৱস্থা পৰিবৰ্তনৰ কথা কৈ আহিছে। যিমান দূৰ মনত আছে, নাগৰিকত্ব সংশোধনী বিল খনক ইছ্যু হিচাপ ৰাইজৰ মাজলৈ প্ৰথম কৃষক মুক্তিয়ে উলিয়াই আনিছিল। (গুৱাহাটী প্ৰেছ ক্লাব ত প্ৰথমখন সংবাদ মেল দিছিল, তেতিয়া অখিল গগৈ কাজিৰঙাৰ ঘটনাটোৰ পিছত জেইলত আছিল। ভুল হ’বও পাৰে)। তেওঁলোকেই এই ইছ্যুটোক লৈ গাঁৱে গাঁৱে কিছু কাম কৰিছে আৰু আজিও বহু দল, মঞ্চ ,ব্যক্তিক স্মাৰক পত্ৰ যুগুতাওতে সহায়ো কৰিছে। কৃষক মুক্তিৰ আজি উপস্থিত থকা দুহেজাৰ কেডাৰৰ অংশগ্ৰহণো এই ক্ষেত্ৰত স্মৰণীয়।

এই প্ৰসংগক লৈ সৰৱ হোৱা ব্যক্তিসকলৰ ভিতৰত ডক্টৰ হীৰেন গোহাঁইৰ নামে প্ৰথমতে মনলৈ আহে, যি এই বিষয়ক লৈ নিৰবিচ্ছিন্ন ভাবে কেৱল লেখা মেলাই নহয়, ৰাজপথলৈও ওলাই আহিছে আৰু আন জাতীয় সংগঠনক ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰস্তাৱো দিছে। ডঃ গোহাঁই এজন বিশিষ্ট বাওঁ আদৰ্শৰ সমাজ বিজ্ঞানী বুলি অসমীয়া সমাজ- সাহিত্যৰ খবৰ ৰখা প্ৰত্যেকে জানে। ডঃ গোহাঁইৰ নেতৃত্বতে ‘ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ’ এখনো গঠন হৈছে আৰু সামাজিক জটিলতাৰ সময়ত নাগৰিক সমাজৰ দায়িত্ব আৰু গুৰুত্বৰ দিশ কিছুমান আকৌ তুলি ধৰিছে, ঠিক নব্বৈ দশকৰ ‘মাছ’ বা ‘গছ’ ৰ গুৰুত্বৰ দৰে। এই সময়ত এই জাতীয় ইছ্যুক লৈ সৰব হোৱা আৰু এই সংগ্ৰামখনৰ নেতৃত্ব ল’বলৈ ওলাই অহা মানুহখিনি কিন্তু তথাকথিত জাতীয়তাবাদী শিবিৰৰ মানুহ নহয়। আনকি আশীৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ অমানৱীয় আৰু উগ্ৰ ৰূপটোৰ সমালোচক হৈ থকা মহলটোৱে এই সময়ত আটাইতকৈ বেছিকৈ ৰাইজক হিন্দুত্ববাদী ৰাজনীতিৰ দুৰ্গন্ধ খিনি বুজাই দি ৰাইজক প্ৰতিবাদৰ বাটতো খুলি দিছে।

ভাল লগা কথা, উৎসাহদায়ক কথা, এই সংগ্ৰাম খনে বা সেইদিনা খানাপাৰা উত্তাল হৈ পৰা যুজঁ খনে অসমীয়া জাতীয়তাবাদৰ উদাৰ, গণতান্ত্ৰিক আৰু প্ৰগতিশীল দিশবোৰ উন্মোচন কৰিব। একেসময়তে সুবিধাবাদী আৰু ভণ্ড শ্ৰেণীতো এই দৃশ্যপটৰ পৰা নিজে নিজে আঁতৰি যোৱাটো সংগ্ৰামৰ প্ৰকৃত নেতৃত্বৰ কৰ্মসূচী ৰূপায়নৰ বাবেও ইতিবাচক কথাহে হব।

এটা মন্তব্য

  1. হিৰণ্ময় গোস্বামী

    ইতিহাসৰ পাতবোৰ উৱলি গলে সলাব সহজ হ’ল । দুটা বা ততোধিক আগতে কৰা ভুল যোগ দি একোতাকৈ নতুন শুদ্ধ উত্তৰ ৰঙীনকৈ উপস্থাপন কৰি পাতবোৰ সজাই-সলাই গলেই লেঠা শেষ । মহিমামণ্ডিত সমাজ হৈতষীসবৰ এনে নব্য উদাৰতাৰে মহীয়ান হৈ আজিৰ অসমৰ খাতিখোৱা খিলঞ্জীয়া মানুহে অসম আন্দোলনৰ সময়ছোৱাত পান কৰা অমৃত গৰল আদি পাহৰি যোৱা উচিত। নতুনকৈ যেন একো বিচাৰ নকৰে আৰু সৰলতাৰে যেন আগবাঢ়ি গৈ থাকে । মাত্ৰ কেইটামান কথা বা লেখা, ফ’টো আদিৰে যে অসম আন্দোলনৰ প্ৰকৃত ইতিহাস বেচি দিনলৈ সংৰক্ষিত নাথাকে তেৰাসৱে তেতিয়াই জানিছিল । গতিকে ভয় নাই, আজি আৰু কোনেও অসম আন্দোলনৰ সময়ছোৱাত সংঘতিত দুলীয়াজানৰ নৰমেধক কোনে কেনেকৈ অৱজ্ঞাসুচক দৃষ্টি ভংগীৰে বিচাৰ কৰি আন্দোলনৰ বিৰোধীতা কৰি গৈছিল তাক স্মৰণ নকৰে । নেলী, ফুলগুৰী চাপৰিত সেই ৰাতি কি হৈছিল তাৰ সুন্দৰ ব্যাখ্যা আৰু তাৰ অলংঘনীয় বিচাৰ কৰা হৈ গৈছে – সেই তাহানিতে । ভৱানীপুৰত ৰাতি সেইদিনা গীল বোলা জনে কাক কেনেদৰে হত্যা কৰিছিল তাৰ বৰ্ণনাও বোকাৰে লুতুৰি পুতুৰি কৰি যথাসাধ্য ভাৱে উপস্থাপন কৰা হৈ গৈছে । জুই পোৰা ৮৩’ ৰ সেই নিৰ্বাচনত যোগদান কৰা ৰাজনৈতিক দল সমুহৰ সপক্ষে যি সকল ভাষ্যকাৰে অতি সন্তৰ্পনে অৰাজনৈতিক চোলা পিন্ধি ধাৰাবাহিক ভাৱে আন্দোলনৰ বিৰোধিতা কৰি এইবোৰ সজাই গৈছিল তেওঁলোক আজিও গৰ্বিত যে সেইবোৰ তেনেকৈয়ে থাকিল । কিন্তু তেওঁলোকৰ কিছুমান ৰাজহুৱা কৰ্ম কাণ্ডৰ খতিয়ান আজিও বহুতে মনত ৰাখিছে । কেনেবাকৈ যেন এখন ছবি সৰ্বসাধাৰণৰ মনত অংকিত হৈ আছে । NRC আৰু নাগৰিক সংশোধনী বিলৰ কুচকাৱাজত অসম এতিয়া অগ্নিগৰ্ভ । ধুষৰ কলা ছবিখন সলাই পেলাবলৈ এয়াই যেন সুবৰ্ণ সুযোগ ।কথানাই যদিহে তাৰ বাবে ধৰ্ম আৰু ভাষাক ভিত্তি হিচাপে লোৱা হয় । আন্দোলনৰ সময়ত ধৰ্ম, ভাষা, সংস্কৃতি আদি সংহত সমাজৰ ভিত্তি হ’ব নোৱাৰে বুলি যদি চিঞৰি ক’ব পাৰিছিল আজি তাৰ ওলোটাতো কলেনো কি হব । সেইটো যদি তেতিয়াৰ ভুল আছিল এইটো এতিয়াৰ ভুল হওক । দুটা ভুল যোগ দিলে শুদ্ধ এটা পোৱা যাবই যাব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে