চ’ৰাঘৰ / কথাশিল্প / হঠাতে হেৰাই যোৱা মানুহজন ৷৷ পঞ্চানন হাজৰিকা৷৷

হঠাতে হেৰাই যোৱা মানুহজন ৷৷ পঞ্চানন হাজৰিকা৷৷

(পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাৰ্ঘ্য)

তেওঁ চিঞৰিছিল
তেওঁৰ নিজাকৈ এটা কন্ঠ আছিল
তেওঁ আছিল এখন যুঁজাৰু চিলা
সপোন আছিল বাবেই সংগ্ৰাম কৰিছিল
উশাহত ধাৰন কৰিছিল
এই মাটি,এই মানুহৰ প্ৰতি
দুৰ্বাৰ ভালপোৱা

কলমৰ জোঙা নিবটোৰে
তেওঁ ক্ষত-বিক্ষত কৰিছিল
ৰাতিবোৰ,নিশাচৰ চিঞৰবোৰ
আন্ধাৰ ফালি তেৱেঁই কাটিব খুজিছিল
সূৰ্যোদয়ৰ সোণালী বাট

তেওঁ সূৰ্য ভালপোৱা মানুহ
ৰঙা ফুল ভাল পোৱা অগ্নিময় মানুহ

অথচ তেওঁ হেৰাই থাকিল
তেজৰ ডোঙাত এদিন পৰি ৰ’ল
এটা প্ৰতিবাদ মুখৰ শংখ
নিতাল মাৰি

মানুহবোৰে দুখত কান্দিল
মানুহবোৰে খঙত চিঞৰিল
চক্ৰবেহুৰ চৌপাশে
অসহায় জনতাৰ মৌনতা

ল’ৰা এটাই এতিয়াও লাইব্ৰেৰীত
তেওঁৰ কিতাপ খুচৰি থাকে
ৰাতি ৰাতি মম জ্বলাই
সি চাংলট ফেনলা পঢ়ে
নতুনকৈ ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি লিখে

তাৰ চশমাৰ ঘূৰনীয়া আইনাত
সৌৱা তেওঁৰে উজ্জ্বল মুখ

উত্তাল সাগৰৰ সকলো গৰ্জন
আৰু অশান্ত বতাহৰ সৰৱ কন্ঠত
তেওঁ জীয়াই থাকে।‌

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে