চ’ৰাঘৰ / কথাশিল্প / দু:সময়ৰ কবিতা ৷৷ গীতিৰেখা দত্ত৷৷

দু:সময়ৰ কবিতা ৷৷ গীতিৰেখা দত্ত৷৷

মানুহবোৰে এতিয়া কাপোৰ সলাইছে
ছোঁঘৰৰ ৰখীয়া হৈ চাই আছোঁ সেই দৃশ্য
অলপ পিছত সকলো মঞ্চত উঠিব
সকলো উঠিব
আৰু অতদিনে আওৰাই থকা সংলাপবোৰ
দাৰি কমা ভাববোধক সকলো যথাৰ্থ ৰূপত ৰাখি
উবুৰিয়াই বাকি দিব
হেলজেনৰ পাণ্ডু বৰণীয়া পোহৰেৰে
চেপি ৰখা মঞ্চটোৰ বুকুত৷
অত দিনৰ অতবোৰ আখৰাত দিয়া একেটা গঢ়তে চিঞৰবোৰ ওলাই আহিব নিজৰ নিজৰ ভঙ্গিমাৰে
আৰু উফৰি উফৰি ওলাই আহি মঞ্চত নিজৰ বাবে তৈয়াৰ কৰি ৰখা সুবিধাজনক জ’নটোত
টপকৈ আহি বহি পৰিব

অহ্, দৰ্শক সকল আপোনালোকে এয়া কি দেখিছে
চিঞৰবোৰে দপদপাইছে উকিয়াইছে চটফটাইছে
(চিঞৰবোৰ পূৰ্ব নিৰূপিত পূৰ্ব প্ৰস্তুত)
তেওঁলোকৰ খোজৰ ভৰত
মিছিল কৰি ওলাই অহা গুৰি পৰুৱাবোৰ চেপেটা লাগিছে

পোহৰ পোহৰ
এচুকত বহি চাই থকা পৰিচালকৰ নিৰ্দেশ
মঞ্চত তেজ ৰঙা পোহৰ ছটিওৱা যায়
অহ্, দৰ্শক সকল আপোনালোকে এয়া কি দেখিছে
ভয় খাইছে
কলিজা ভকভকাইছে
এয়া তেজ নহয়
মুঠেও নহয়
তেজ ৰঙা পোহৰ
ছয়াময়া পোহৰ
চকুৰ ভ্ৰমজাল আঁতৰ কৰি মূৰৰ টুপি খুলি চাওক
আটাইবিলাকে মঞ্চত নিজৰ অভিনয় দক্ষতাৰে নিয়াইছে
আৰু আপুনি জাতীয় চেতনাত আকণ্ঠ ডুব গৈ
ভিজা ভিজা হাতেৰে হাত তালি বজাইছে
অলপ পিছত নাট ভাগিব
আপুনি নাক ঘোৰঘোৰাই টোপনি মাৰিব
আৰু তেতিয়া উদং মঞ্চলৈ
গুড়িপৰুৱা বোৰ ওলাই আহিব মিছিল কৰি
(গুৰি পৰুৱাবোৰে নাটকৰ মঞ্চ চিনি নাপায়৷)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে