চ’ৰাঘৰ / সমকাল / নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কিছু কথা ৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কিছু কথা ৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন গৃহীত নহ’লেও ইয়াৰ উত্থাপন অসমীয়াৰ কাৰণে মংগলজনক বিষয় হিচাপেই পৰিগণিত হৈছে। নহ’লে আমি সঁচাকৈ আমাৰ কি আছিল আৰু কি আছে গমকে লোৱা নাছিলোঁ। তেনেকৈয়ে হয়তো এদিন ত্ৰিপুৰীসকলে নিজৰ মাটিত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল, বাঙালী আধিপত্যত নিজৰ ভাষা হেৰুৱাইছিল। তেনেকৈয়ে হয়তো এদিন আমাৰ কছাৰী ৰাজ্য কাছাৰকে আদি কৰি সমস্ত বৰাক উপত্যকাত ‘অফিচিয়েল লেংগুৱেজ’ বাংলা হৈ পৰিছিল। আমাৰ বাকী থকা ব্ৰহ্মপুত্র উপত্যকাৰ ভাগ্য অলপ হ’লেও ভাল, আমি অন্ততঃ জুইত সম্পূৰ্ণ জাহ যোৱাৰ আগতেই এই বিধেয়কৰ কৃপাত সাৰ পালোঁ।

আমি সাহিত্য-সংস্কৃতিৰ লগত জড়িত মানুহ, তাতে আছোঁ অসমৰ বাহিৰত। ইয়াত কৰ্মসূত্রে আৰু ব্যক্তিগতভাৱেও বেছিকৈ হিন্দীভাষী আৰু বাংলাভাষী বন্ধু-বান্ধৱৰ লগতে উঠা-বহা। ৰাজনীতিৰ পৰা সহস্রযোজন দূৰত্বত থাকিবলৈ ভালপোৱা এই মানুহখিনিৰ লগতে আমাৰ সহজ জীৱন যাপন। আনকি ইয়াত আমাৰ যৎকিঞ্চিত যি কিতাপ আছে, তাৰ আধা হিন্দী [ইয়াৰ দোকানত গুলজাৰ-ফৈজৰ হিন্দী কিতাপ পাইছোঁ, অসমত পোৱা নাছিলোঁ], আৰু বাকী ইংৰাজী-বাংলা-অসমীয়া। আমাৰ মোবাইলৰ playlist ত “তুমি রবে নিরবে” বা “আমার’ পরাণ যাহা চাই” যিমান বাজে “বিমূৰ্ত মোৰ” বা “অপৰূপা” সিমান নাবাজে ছাগৈ। চিনেমাও বাংলা-হিন্দীয়ে প্ৰথম পছন্দ। গতিকে অসমৰ মানুহে যাতে মোক হিন্দী বিদ্বেষী বা বাংলা বিদ্বেষী বুলি নাভাবে বা অসমৰ পুৰণি হিন্দী ভাষী বা পুৰণি বাংলাভাষীৰ অসমলৈ অৱদানৰ বিষয়েও সোঁৱৰাই নিদিয়ে। কথাখিনি আমি নিজৰ যৌক্তিক বিশ্লেষণেৰেই চাম।

আচৰিত আমিবোৰ। ইমান শিক্ষিত, জনাবুজা— অথচ নিজৰ অধিকাৰ- মান খিনি চিনি নাপাওঁ। ‘প্ৰফেট’ত চুবুৰীয়াৰ মাজৰ চকোৱা খনকে ভাঙিবলৈ মানা কৰিছে আৰু আমি পাৰস্পৰিক মৰ্যাদা-দূৰত্ব নুবুজি নিজৰ ঘৰ এৰি দি নঙলাৰ বাহিৰত বহিবলৈ ৰাজী আছোঁ। তাৰ মাজতে আকৌ বহুজনে এতিয়াও প্রশ্ন কৰিছে— বিদেশীক খেদিবলৈ , অসমীয়ানো কোন? এই প্রশ্নটো আমি নিজকে কৰিলেই হ’ল। আৰু সমুখৰ জনক। যিয়ে উত্তৰটো ‘মই নহয়’ বুলি দিয়ে, তাকেই খেদাৰ ব্যৱস্থা কৰিলেই সমস্যাবোৰ সহজ হৈ যায়। অসমত থাকি যি অসমীয়া ক’ব নাজানে, অসমীয়া সংস্কৃতিক নিজৰ বুলি অনুভৱ নকৰে সি অসমীয়া নহয়। আৰু সেইবাবেই, যদি ‘অসমীয়াত্ব’ৰ মাপ নিৰূপক যন্ত্র থাকিলেহেতেন, অসমৰ জনজাতীয় বংশোদ্ভৱ মোৰ নিচিনা মানুহতকৈ জ্যোতিপ্ৰ্সাদ (আগৰৱালা) বহুত বেছি অসমীয়া হ’লহেতেন। As simple as that. ধৰ্ম নাই, উপজাতি নাই- ‘অসমীয়া’ ইমান উদাৰ এটা চিনাকি- তাকে লৈ মানুহৰ বিভ্ৰান্তিৰ অন্ত নাই! একো কৰিব নালাগে৷ ভাষাটো শিক, ইয়াৰ সংস্কৃ্তি নিজৰ কৰি ল- হৈ যাবি অসমীয়া! এইকেইদিনত দেখিছোঁ দুগৰাকীমান জনজাতীয় বন্ধু বান্ধৱী, যাৰ বহুদিনীয়া অভিমান ক্ষোভ এতিয়া পাৰ বাগৰি আহিছে। ‘আমাক হীনচকুৰে চাইছিলি নহয়- পা এতিয়া মজাটো!’, ‘আমাৰ মাটিত আহি আমাক হেয় কৰিছিলি নহয়- এতিয়া নাহিবি আমাক বিচাৰি’— ঠিক এই ক্ষোভ। কিন্তু কাৰ প্রতি? বৰ্ণহিন্দুৰ ওচৰত বঞ্চনাৰ ইতিহাস আমাৰ অসমৰ (কেৱল অসমৰ?) জনজাতীয় লোকৰ আছে। যুগ যুগৰ অন্যায়ৰ পাচত তেওঁলোকৰ বিচ্ছিন্নতাবাদী মনোভাৱ বা ‘তথাকথিত অসমীয়া’ ( বৰ্ণহিন্দু?)ৰ প্ৰতি বিক্ষোভ স্বাভাৱিক। আন্তঃকন্দলৰ দৰে সেই যুঁজ অসমে বহন কৰিয়ে আছে। কিন্তু এইসময় সেই বিষয়ত লাগি থকাৰ নহয়। সেই কথা জনজাতি-বৰ্ণহিন্দু প্ৰমুখ্যে সকলো অসমীয়াই বুজা উচিত।

জানো, আজি বিদেশী অর্থাৎ বাংলাদেশীসকলেই আমাৰ জাতিৰ ভাবুকি আৰু সেয়ে আমাৰ যুঁজ তেওঁলোকৰ বিৰুদ্ধেহে। কিন্তু এইখিনি বুজি উঠিবলৈ যাওঁতে আমি এইকেইদিনত যি অলপ ইতিহাস-[আমাৰ আৰু আমাৰ চুবুৰীয়া ৰাজ্যৰ] ভ্ৰমণ কৰিলো৷ সেইবোৰ দেখি গমিহে অসমীয়া ভাষাটোৰ বাবে ইমান চিন্তিত হৈ পৰিছোঁ। আৰু আমি স্পষ্টকৈ ক’ম, সেয়া মাথোঁ নতুনকৈ আহিবপৰা বাংলাদেশীৰ শঙ্কাৰে উদ্ভুত নহয়। সিদিনা শ্ৰদ্ধেয় হোমেন বৰগোহাঞিৰ লেখনিৰ পৰা ১৯৭১চনৰ আমি ৬৭% অসমীয়াভাষীৰ পৰা কিদৰে এতিয়া ৪৮% হৈ অসমত ভাষিক সংখ্যালঘূত পৰিণত হ’লো পাইছোঁ। আৰু সাধাৰণ জ্ঞানেৰে আমি সেয়া জনগোষ্ঠীয় বিচ্ছিন্নতাবাদৰ লগতে বৰ্হিৰাজ্যৰ পৰা অহা অসমবাসীৰ সহযোগহীনতাৰ বাবে বুলি মূলত ধৰি লৈছোঁ। তাৰ পিচত আমাৰ কৰণীয় কি?

অসম নামৰ ভৌগোলিক অঞ্চলটোৰ ভিতৰৰ স্থায়ী মানুহখিনিকে ‘অসমীয়া’ বুলি কয় আৰু অসম অঞ্চলটোৰ মানুহখিনিয়েহে ‘অসমীয়া’ ভাষাটো কয়। অসমত যিহেতো আমি বড়ো, ডিমাছা, কাৰ্বি, মিছিং, ৰাভা ইত্যাদি নিজৰ একোটা ভাষা থকা বহুতো জনজাতি আছোঁ, সৌ অতীজতে বিভিন্ন প্ৰান্তৰ পৰা অহা টাই-আহোম, ব্ৰাহ্মণ, কলিতাৰ উপৰিও ৰাজস্থান, বিহাৰ, পশ্চিমবংগৰ পৰা নিজ নিজ ভাষালৈ আহি অসমীয়া সমাজত মিলি যোৱা মানুহখিনি আছোঁ, সেই সকলোৰে মাজত ভাৱৰ আদান প্ৰদানৰ বাবে উমৈহতীয়া ভাবে ব্যৱহৃত ভাষাটোহে অসমীয়া। ই কোনোবা এটা বিশেষ শ্ৰেণীৰ/ বিশেষ এটা জাতিৰ পৈতৃক সম্পত্তি নহয়। কোঁচ-কলিতাজন যিমান অসমীয়া, কছাৰী-আহোমজনো সিমান অসমীয়া। অসমীয়া ভাষাটো বামুণ-কায়স্থৰ যিমান, বড়ো-কৈৱৰ্তৰো সিমান। অসমীয়া সংযোগী ভাষা হিচাপে আমি ব্যৱহাৰ কৰিবই লাগিব। আৰু গোটেই অসমখনত আমি এই সংযোগী ভাষাৰে ভাৱৰ আদান প্ৰদান কৰিবলৈ যাওঁতে আমাৰ সৰু বড়ো বা ৰাভা সমাজত নিজ নিজ ভাষাটোৰ চৰ্চা এৰি দিলে নহ’ব; তেতিয়া সি লুপ্তপ্ৰায় হ’ব। এই ভাষাবোৰৰ আদিভূমি অসম। অসমৰ সংস্কৃতি ইহতৰ অবিহনে সম্পূৰ্ণ নহয়। কিন্তু এতিয়া অসমত ভাষাৰ ক্ষেত্ৰত যিটো হৈছে সেয়া হৈছে অসমৰ বাহিৰত চলা ভাষাৰ আমাৰ ইয়াত আধিপত্য। বাংলা হওক হিন্দী হওক— সেই ভাষা ব্যৱহাৰ হ’বলৈ নিজৰ নিজৰ একোটা অঞ্চল আছে। ঠিক অসমীয়াৰ বাবে অসম থকাৰ দৰে। তেনেস্থলত আমি কিয় আমাৰ ঠাই অন্য ভাষাভাষীক এৰি দিম? আমি দিল্লীত অসমীয়া ভাষাৰ বিদ্যালয় পাতিবলৈ নাযাওঁ, নিজৰ মাজত অসমীয়াত কথা পাতিলেও দিল্লীবাসীৰ লগত সংযোগী ভাষা হিন্দীতে পাতিম। সেইদৰে যদি মই কাইলৈ পাঞ্জাৱ বা মহাৰাষ্ট্রত মাটি কিনি থিতাপি লওঁ, মোৰ লগত অসমীয়া কলনি এটা বহাই পঞ্জাৱী বা মাৰাঠীৰ প্রতি ভাবুকি অন্ততঃ হ’বলৈ নাযাওঁ। নিজৰ ঘৰত নিজৰ শিপাডাল জীয়াই ৰখাৰ চেষ্টা কৰিও সেই ঠাইৰ ভাষা সংস্কৃতিত মিলি যাম। এই সন্মান সেই স্থানৰ প্ৰাপ্য। আমিও বহিঃ ৰাজ্যৰ পৰা অহা অসমবাসীৰ পৰা সিমানেই আশা কৰোঁ, আনক তেওঁলোকৰ সাংস্কৃতিক উপাদান, আমি গ্রহণ কৰিম। কিন্তু তেওঁলোকে লগত অনা সংস্কৃতিক আধিপত্য জন্মাবলৈ দিলে নহ’ব। তেওঁলোকে লৈ অহা ভাষা এটাক আমাৰ মাটিত ‘অফিচিয়েল লেংগুৱেজ’ কৰাৰ বাবে আন্দোলন কৰাৰ স্পৰ্ধা কৰিলে নহ’ব। আমাৰ ইয়াত নিগাজিকৈ থাকি ‘অসমীয়া ক’ব নাজানো’ বুলি ক’লে নহ’ব। নিজে নকৰিলেও, আনে কৰিলে সমৰ্থন আগবঢ়ালে নহ’ব; প্ৰতিবাদ নকৰিলে নহ’ব। মই বুজি পোৱা নাই- ব্ৰহ্মপুত্ৰ উপত্যকাৰো বহু অঞ্চলত এতিয়াও হিন্দী বা বাংলা বিদ্যালয় আছে কিয়?এই ভাসাসমুহ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ৰাখক ঐচ্ছিক বিষয় হিচাপে। ইংৰাজী মধ্যমৰ বিদ্যালয়ততো তাকেই কৰা হয়। গুৱাহাটীৰ এখন বাংলা স্কুলত টে’টত আৱেদন কৰোঁতে তেওঁলোকে নিজে মোক অসমীয়া বিষয় পঢ়াবলৈও বাংলা fluency ৰ বাবে বাঙালী প্ৰাৰ্থীক পছন্দ কৰিব বুলি যুক্তিসংগতভাবেই কৈছিল। সেইটো যুক্তি বুজিছিলোঁ; গুৱাহাটীৰ মাজমজিয়াত দুখনকৈ বাংলা বিদ্যালয় কিয় (এখন পল্টন বজাৰ, এখন মালিগাওঁ- আৰু ক’ত আছে নাজানো) সেইটোহে নুবুজিলোঁ।

আকৌ কৈছোঁ, যদি অসমৰ মাটি বহিঃৰাজ্যৰ লোকক বিক্ৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে এটা সীমা বান্ধি নিদিয়ে, তেনেহ’লে আমি নিজেই এই ক্ষেত্ৰত সচেতনতা বৃ্দ্ধি কৰিব লাগিব। আৰু দ্বিতীয়তে, অসমত থকা প্ৰতিটো ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষাটো লিখিব, পঢ়িব জনা কৰি তুলিব লাগিব।

ককাই সৰুতে ৰজা চলমনৰ সাধু কওঁতে এটা সাধু খুউব কৈছিল— একেটা কেঁচুৱা লৈ দুজনী মানুহে নিজকে মাক বোলে। ৰজাই যেতিয়া কেঁচুৱাটো দুচেও কৰি আধা আধা কৰি দুয়োকে দিব খুজিলে এগৰাকীয়ে মানি ল’লে, এগৰাকীয়ে নামানি আনগৰাকীকে কেঁচুৱাটো দি দিবলৈ ক’লে। ৰজাই কাটিবলৈ মানি নলৈ আনগৰাকীক দিবলৈ কোৱা মানুহগৰাকীক মাক বুলি চিনাক্ত কৰি কেঁচুৱাটো সঁপিলে। এই কেইদিন আমাৰ অস্তিত্বৰ সংকটৰ সময়ত অসমীয়াই কাৰো ওচৰত প্ৰমাণ বিচাৰিবলৈ নাযায়— কিন্তু দেহে-মনে ‘অসমীয়া’ হৈ পৰাজনৰ পৰা সেই প্ৰমাণ স্বতঃস্ফূৰ্ত ভাবেই পোৱা যাব। যাৰ পৰা পোৱা নাযায়, তাক যেন আমাৰ উদাৰ অসমীয়াই বৰপীৰা পাৰি বহুৱাই নথয়।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে