চ’ৰাঘৰ / সমকাল / নাগৰিকত্ব (সংশোধনী) বিধেয়ক : অসম চুক্তি আৰু অসমবাসী৷৷ সুপ্ৰকাশ তালুকদাৰ৷৷

নাগৰিকত্ব (সংশোধনী) বিধেয়ক : অসম চুক্তি আৰু অসমবাসী৷৷ সুপ্ৰকাশ তালুকদাৰ৷৷

নাগৰিকত্ব [সংশোধনী] বিধেয়ক, ২০১৬ক কেন্দ্ৰ কৰি অসমৰ সমাজজীৱন কিমান উত্তাল আৰু অশান্ত হৈ পৰিছে তাৰ উমান পোৱা গ’ল বিধেয়কখনক লৈ গঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণৰ সময়ত। জাতি-জনগোষ্ঠী সম্পৰ্কীয় প্ৰশ্নবোৰক লৈ অসম এনেয়েও স্পৰ্শকাতৰ। কিন্তু নাগৰিকত্ব (সংশোধনী) বিধেয়কখনে ৰাজ্যখন যিদৰে জোকাৰি গৈছে, সেই প্ৰাবল্য সাম্প্ৰতিক অতীতত অসমত দেখিবলৈ পোৱা যোৱা নাছিল। গুৱাহাটী আৰু শিলচৰত শুনানিৰ সময়ত সমাজৰ বিভিন্ন অংশক প্ৰতিনিধিত্ব কৰা দল-সংগঠনবোৰৰ উৎকণ্ঠা ভৰা অংশগ্ৰহণ, শুনানিস্থলৰ আশে-পাশে হেজাৰ হেজাৰ মানুহৰ উপস্থিতি আদি আছিল অভাৱনীয়। মতামত গ্ৰহণ কৰি যুটীয়া সংসদীয় সমিতি ঘূৰি গ’ল যদিও বিধেয়কখনক কেন্দ্ৰ কৰি ক্ৰিয়া-প্ৰতিক্ৰিয়া মাৰ যোৱা নাই। দল-সংগঠনবোৰে নানা ধৰণৰ প্ৰতিবাদী আৰু গণসংযোগী কাৰ্যসূচী গ্ৰহণ কৰিছে। শিল্পী, লেখক-সাহিত্যিকসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই নহয়, সমূহীয়াভাৱে ৰাজপথলৈয়ো ওলাই আহিছে। ছপা আৰু ইলেকট্ৰনিক মাধ্যমৰ ২১জন সম্পাদক যুটীয়াভাৱে এই বিধেয়কখনৰ বিৰোধিতা কৰাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা। এনে প্ৰতিক্ৰিয়াবোৰে সমাজৰ সাধাৰণ মানুহখিনিকো যথেষ্ট ধৰণে প্ৰভাৱিত কৰিছে। এই বিধেয়কখন এতিয়া সৰ্বত্ৰ আলোচনাৰ বিষয়। 

চি পি আই (এম)-এ সামগ্ৰিকভাৱে এই বিলখনৰ বিৰোধিতা কৰিছে। কাৰণ ই ভাৰতীয় সংবিধানৰ মৰ্মবস্তুৰ পৰিপন্থী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ কোনো ব্যৱস্থা ভাৰতীয় সংবিধানত নাই। ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষত নাগৰিকত্ব দিয়া উচিত নে অনুচিত সেই বিতৰ্ক আজিৰ নহয়। ভাৰতীয় সংবিধান প্ৰণয়নৰ সময়তে বিষয়টো চৰ্চিত হৈছিল। কিন্তু সাংবিধানিক সভাই উত্তৰাধিকাৰৰ ভিত্তিত নহয়, ব্যক্তি বিশেষৰ দিশটো বিবেচনা কৰিহে নাগৰিকত্বৰ বিষয়ক সিদ্ধান্তবোৰ গ্ৰহণ কৰিবলৈ মত প্ৰকাশ কৰে। কিন্তু বিজেপি চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ জৰিয়তে সংবিধানৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ আছে, সেই মৌলিক কাঠামোটোৱে পৰিৱৰ্তন কৰিব বিচাৰিছে। কিন্তু ভাৰতীয় সংবিধানৰ মৌলিক চৰিত্ৰ পৰিৱৰ্তনৰ অধিকাৰ কাৰোৱেই নাই। সেয়ে চি পি আই (এম) আৰু অন্যান্য বাঁও-গণতান্ত্ৰিক দল-সংগঠনবোৰে এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম চুক্তি 

দ্বিতীয়তে অসমৰ কথা বিবেচনা কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰা হৈছে। অসম চুক্তিয়ে বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে ১৯৭১ চনৰ ২৪ মাৰ্চক সময়সীমা হিচাপে নিৰ্ধাৰণ কৰিছে। অৰ্থাৎ ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পাছত অবৈধভাৱে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। এই সময়সীমা নিৰ্ধাৰণৰ ইতিহাস আমি মনত ৰখা উচিত।

১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনৰ নেতৃবৃন্দৰ দাবী আছিল ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক ভিত্তি হিচাপে লৈ অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰা হওক। কিন্তু চি পি আই (এম) আৰু অন্যান্য বাঁওপন্থী দলবোৰে এই ভিত্তিবৰ্ষ সমৰ্থন কৰা নাছিল। কাৰণ কাৰ্যক্ষেত্ৰত ১৯৭১ চনত গঠন হোৱা বাংলাদেশে তাৰ পূৰ্বে অহা প্ৰব্ৰজনকাৰীসকলক ঘূৰাই লোৱাৰ বাস্তৱতা নাই। গতিকে ১৯৫১ চনক ভিত্তিবৰ্ষ কৰাৰ দ্বাৰা কোনো কাৰ্যকৰী ফল পোৱাৰ আশা নাছিল। বৰং অশান্তি, সংঘাত আৰু অনিশ্চয়তাত বাদে অইন একো লাভ হোৱাৰ সম্ভাৱনা নাছিল। সেয়েহে চি পি আই (এম)-এ প্ৰথমৰে পৰা ১৯৭১ চনৰ ২৪ মাৰ্চক বিদেশী চিনাক্তকৰণৰ সময়সীমা কৰাৰ দৃঢ়ভাৱে পোষকতা কৰিছিল। এই অৱস্থান গ্ৰহণ কৰাৰ বাবে চি পি আই (এম) আৰু অন্যান্য বাঁও দল-সংগঠনবোৰ ব্যাপক আক্ৰমণৰ মুখত পৰিছিল। গণ সংগঠন হিচাপে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল সেই সময়ৰ ক্ৰমবৰ্ধমান ছাত্ৰ সংগঠন এছ এফ আই। অসম আন্দোলনৰ প্ৰতি অসমীয়া জনসাধাৰণৰ সমৰ্থন আছিল ঐতিহাসিক। অস্তিত ৰক্ষাৰ আৱেগেৰে লক্ষ লক্ষ মানুহে ৬ বছৰ ধৰি এই আন্দোলনত অংশ লৈছিল, পুলিচ-মিলিটাৰীৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল। এই কথা যিদৰে সত্য তেনেদৰে এই কথাও সত্য যে নানা বিভাজনবাদী আৰু অগণতান্ত্ৰিক শক্তিয়ে এই আন্দোলনটোৰ সময়ছোৱাত অত্যন্ত সক্ৰিয় আছিল। আৰ এছ এছ কিদৰে আন্দোলনকাৰীসকলৰ মাজত সোমাই পৰিছিল সেই বিষয়ে এতিয়া গ্ৰন্থ আকাৰেও প্ৰকাশ পাইছে। একাংশ আন্দোলনকাৰীৰ ভিতৰত যে প্ৰচণ্ড মুছলমান বিৰোধিতা আছিল, সেয়া ১৯৮৩ চনৰ নেলীৰ নৃশংস গণহত্যাৰ মাজেৰে প্ৰতিফলিত হৈছে। আন্দোলনটোৰ সময়ত অসমৰ বিভিন্ন অঞ্চলত বাঙালী মানুহৰ ওপৰত অত্যাচাৰ কোনে অস্বীকাৰ কৰিব পাৰিব ? একাংশ আন্দোলনকাৰী যে অগণতান্ত্ৰিক আৰু হিংসাশ্ৰয়ী আছিল, আন্দোলনৰ সময়ত ৪৯জন চি পি আই (এম)ৰ সদস্য-সমৰ্থকৰ হত্যা আৰু অন্যান্য বাঁও-গণতান্ত্ৰিক দলৰ ওপৰত অসংখ্য লোকৰ ওপৰত আক্ৰমণৰ মাজেৰে সেয়া প্ৰতিফলিত হৈছে।

যি কি নহওক, এই বৃহৎ আন্দোলনৰ পৰিসমাপ্তি হৈছে ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনৰ নেতৃবৰ্গ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত অসম চুক্তিৰ মাজেৰে। এই চুক্তি সম্পৰ্কত চি পি আই [এম]সহ বাঁও দলবোৰে অৱস্থানকে ল’লে— ১৯৭১ চনৰ ২৪ মাৰ্চক বিদেশী বহিষ্কৰণৰ সময়সীমা হিচাপে একমুখে আদৰণি জনালে। কাৰণ ই আছিল বাঁও-দল-সংগঠনবোৰৰ দীৰ্ঘদিনীয়া অৱস্থান। অসম চুক্তিত থকা এটা দফাত চি পি আই (এম)-এ আপত্তি কৰিছিল। সেয়া হ’ল ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত যিসকল পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ পৰা অসমলৈ আহিছে তেওঁলোকক ১০ বছৰৰ বাবে ভোটাধিকাৰহীন কৰি ৰখা। অসমত স্থায়ীভাৱে ৰৈ যাবলগীয়া এচাম লোকক যুক্তিহীনভাৱে দহ বছৰ ভোটাধিকাৰহীন কৰি ৰাখিলে কাৰ কি স্বাৰ্থ পূৰণ হ’ব সেয়া ব্যাখ্যাতীত। এইখিনি মানুহে দহবছৰ পাছত আকৌ নাগৰিকত্বও পাব ! যি কি নহওক, নীতিগত কাৰণত অসম আন্দোলনত অংশ নোলোৱা বাঁওপন্থীসকলে ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি হিচাপে লৈ অসম চুক্তিৰ যি মূল ভিত্তিটো স্থাপিত হৈছিল, তাক সৰ্বান্তঃকৰণে সমৰ্থন কৰিছিল। অন্ধ বাঁওপন্থীবিৰোধীসকলে এতিয়াও বিষয়টোক লৈ অপপ্ৰচাৰ আৰু বিভ্ৰান্তি বিয়পোৱাত কাৰ্পণ্য নকৰে।

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ এতিয়া ৩৩ বছৰ হ’ল। ফলাফল ? বিদেশী নাগৰিক যিখিনি চিনাক্তকৰণ হৈছে, তেওঁলোকক বহিষ্কাৰ কৰা বা বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা নহ’ল বুলিবই পাৰি। এতিয়ালৈকে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ সৈতে যথাযথ আলোচনা কৰি অবৈধ প্ৰব্ৰজনকাৰীক ঘূৰাই পঠোৱাৰ কোনো আইনী ব্যৱস্থা নকৰিলে। অথচ অসম চুক্তিৰ ৫ [৮] ধাৰাত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল বিদেশীসকলক বহিষ্কৰণ (expel) ৰ উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব বুলি [5.8 Foreigners who came to Assam on or after March 25, 1971 shall continue to be detected deleted and practical steps shall be taken to expel such foreigners]। ফলত বিদেশী বুলি চিনাক্ত কৰাসকলক ডিটেনচন কেম্পত ৰাখিবলগীয়া হৈছে, যিটো কোনোমতে মানৱীয় ব্যৱস্থা বুলি ক’ব নোৱাৰি। বিদেশী চিনাক্তকৰণ ব্যৱস্থাৰ ত্ৰুটিবোৰতো আছেই। অসম-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰ নিৰ্মাণৰ কাম এতিয়ালৈ সম্পূৰ্ণ নহ’ল। এইবোৰ কাম ইমান জটিল আছিলনে? এনেবোৰ কাৰণত অসমীয়া মানুহে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰিছে।

চৰকাৰৰ এনে দায়িত্বজ্ঞানহীন ভূমিকাই অসমৰ জনসাধাৰণৰ মাজত সংঘাত বৃদ্ধিৰ বাটহে প্ৰশস্ত কৰিলে। অসমীয়া আৰু জনজাতীয় মানুহৰ মাজত এই সংশয় জীয়াই থাকিল যে অচিৰেই কিবা কাৰ্যকৰী ব্যৱস্থা নল’লে তেওঁলোক নিঃশেষ হ’ব। আনহাতে সংখ্যালঘু মানুহক ৰাজ্যখনৰ বহুতো স্থানত কেৱল সন্দেহ আৰু অনুমানৰ ভিত্তিতে অপমান আৰু হাৰাশাস্তি কৰা হ’ল।

এন আৰ চি সময়োপযোগীকৰণ 

এনে অৱস্থাত বিদেশী নাগৰিক সমস্যা সমাধানৰ বাবে অন্ততঃ বিদেশীখিনি চিনাক্তকৰণৰ কিবা এটা কাৰ্যকৰী ব্যৱস্থাৰ প্ৰয়োজন সকলোৱে অনুভৱ কৰিলে। লাহে লাহে এটা জনমত শক্তিশালী হ’ল যে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়সীমাৰ ভিত্তিত উন্নীতকৰণ তেনে এক পদক্ষেপ হ’ব পাৰে। প্ৰস্তাৱটোৱে সকলো ফালৰ পৰা সমৰ্থন পালে। অসমীয়া আৰু জনজাতীয় মানুহখিনিৰ ভাব হ’লঃ এনে এখন তালিকাই বিদেশী প্ৰব্ৰজনৰ পথ ৰুদ্ধ কৰিব। বিদেশী চিনাক্তকৰণতো সহায় কৰিব। আনহাতে বংগমূলীয় হিন্দু আৰু মুছলমানে ভাবিলে এখন শুদ্ধ এন আৰ চি আৰু তাৰ ভিত্তিত একোখন পৰিচয়পত্ৰই তেওঁলোকৰ যন্ত্ৰণাৰ ওৰ পেলাব। এইখিনি মানুহক ‘ডি’ ভোটাৰ ব্যৱস্থাই কম জলা-কলা কৰি থকা নাই।

কিন্তু ৰাইজে বিচাৰিলেও এন আৰ চি সময়োপযোগীকৰণৰ কাম মুঠেও আগবঢ়া নাছিল। কাৰণ চৰকাৰৰ সদিচ্ছা আৰু উদ্যোগৰ অভাৱ। অৱশেষত বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ। পৰিণতিত ২০১৫ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু নিৰীক্ষণত আৰম্ভ হ’ল অসমত ১৯৫১ চনৰ এন আৰ চি ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়সীমাৰ ভিত্তিত উন্নীতকৰণৰ জটিল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত বহুতো লোক যথেষ্ট হাৰাশাস্তিৰো সন্মুখীন হ’ল। হঠাতে আদি বাসিন্দা [Original Inhabitant) ৰ ধাৰণা এটা অনাৱশ্যকভাৱে সুমুৱাই দি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক অনিশ্চয়তা আৰু উদ্বিগ্নতাত পেলালে। তৎসত্ত্বেও ৰাইজে ধৈৰ্য ধৰি প্ৰক্ৰিয়াটোৰ সৈতে সহযোগ কৰিছে। কিন্তু যোৱা দুবছৰত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াক বিলম্বিত আৰু বাধাগ্ৰস্ত কৰাৰ বাবে নানা ধৰণে অপচেষ্টা চলাইছে। উচ্চতম ন্যায়ালয়ে এন আৰ চি প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক আদালতত সমালোচনাও কৰিছে। অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় মহাপঞ্জীয়কে [Registrar General of India]এন আৰ চি তালিকা প্ৰকাশৰ কাম পিছুৱাবলৈ বাৰে বাৰে চেষ্টা কৰিছে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশতহে ২০১৮ চনৰ ১ জানুৱাৰীত এন আৰ চিৰ প্ৰথমখন আংশিক তালিকা প্ৰকাশ কৰিছিল; অৱশ্যে যথেষ্ট ভুল-ত্ৰুটিসহ। অলপতে ন্যায়ালয়ে ৰাষ্ট্ৰীয় মহাপঞ্জীয়কক সতৰ্কবাণী শুনাইছে– এন আৰ চিৰ কামত বিধি-পথালি দিলে তেওঁক বদলি কৰাৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈ বাধ্য হ’ব বুলি। এতিয়া সকলোৱে আশাৰে বাট চাই আছে– অহা ৩০ জুনত এন আৰ চিৰ পূৰ্ণ খচৰা তালিকাখন ত্ৰুটিমুক্তভাৱে প্ৰকাশ পাব বুলি।

বিধেয়কৰ ৰাজনীতি-

কিন্তু বিজেপি চৰকাৰৰ লক্ষ্য বেলেগ। এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ মাজেৰে বিদেশী সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাটো তেওঁলোকে মুঠেই বিচৰা নাই। সেয়ে ৰাজ্যখনত দীৰ্ঘদিনৰ অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠা ঐকমত্য ভাঙি পেলাইছে। ২০১৫ চনত এন আৰ চি তালিকা প্ৰণয়নৰ কাম আৰম্ভ হোৱাৰ পাছতেই ২০১৬ চনত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন তেওঁলোকে লোকসভাত উত্থাপন কৰিছে। ইয়াৰ দ্বাৰা ১৯৭১ চনৰ ভিত্তিবৰ্ষ অসাৰ কৰি পেলাব বিচাৰিছে। অসমৰ জনসাধাৰণৰ তীব্ৰ বিৰোধিতা সত্ত্বেও তেওঁলোকে এই কাম কৰিছে। বিধেয়কখন সম্পৰ্কে বিৰোধী দলৰ বিভিন্ন আপত্তিৰ বাবে এইখন বিবেচনাৰ বাবে গ্ৰহণ নকৰি এটি যুটীয়া সংসদীয সমিতি গঠন কৰা হৈছে বিধেয়কখন পৰীক্ষা কৰি চোৱাৰ বাবে। গঠনৰ দিনাখনৰে পৰা অসমৰ জনসাধাৰণে দাবী কৰি আহিছে যে যুটীয়া সংসদীয় সমিতিয়ে অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ জনসাধাৰণৰ মত সংগ্ৰহ কৰক। কিন্তু নানা অজুহাতত বিজেপি সাংসদৰ বিপুল সংখ্যাগৰিষ্ঠতা থকা যুটীয়া সংসদীয় সমিতিখনে দিল্লীতে সাক্ষ্য গ্ৰহণ কৰিছিল, অসম ভ্ৰমণ কৰিব বিচৰা নাছিল। পিছে অসমৰ ৰাইজৰ প্ৰবল জনমতত ৭-৯ মে’ত তিনিদিনীয়াকৈ অসম ভ্ৰমণ কৰিলে– এদিন গুৱাহাটীত, দুদিন শিলচৰত। যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক সাম্প্ৰতিক অসমৰ সামাজিক আৰু ৰাজনৈতিক চৰ্চাৰ একেবাৰে সমুখলৈ লৈ আহিছে। শুনানিৰ সময়ত গুৱাহাটীত সৰহভাগ সংগঠনে আইনখনৰ বিৰোধিতা কৰিলে, শিলচৰত সৰহভাগে সমৰ্থন কৰিলে। কিন্তু বিষয়টো শুনানিতে সীমাবদ্ধ হৈ নাথাকিল। শুনানিৰ পাছত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাইজ ৰাজপথত। শ শ সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিছে। বিষয়টো এতিয়া কেৱল ৰাজনৈতিক দল-সংগঠনৰ বাবেই ‘ইচ্যু’ হৈ থকা নাই। সাহিত্য, সংস্কৃতিৰ সংগঠন, স্থানীয় ক্লাব, মহিলা সমিতি আদি বিভিন্ন ধৰণৰ সংগঠনে ৰাজপথলৈ আহি প্ৰতিবাদ কৰিছে।

সাধাৰণভাৱে অসমীয়া মানুহৰ মাজত এই আশংকা প্ৰবল হৈছে যে এই বিধেয়কখন আইনত পৰিণত হ’লে অসমত অসমীয়া মানুহ সম্পূৰ্ণভাৱে সংখ্যালঘুত পৰিণত হ’ব। ইতিমধ্যে যোৱা দশককেইটাত অসমৰ জনগাঁথনি যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে অসমীয়া আৰু জনজাতীয় জনসাধাৰণক যথেষ্ট উদ্বিগ্ন কৰি ৰাখিছে। অৱশ্যে এই জনগাঁথনিগত পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ প্ৰব্ৰজন নহয়, সেইকথাও বস্তুনিষ্ঠভাৱে বিশ্লেষণৰ প্ৰয়োজন আছে। যি কি নহওক জনগাঁথনি পৰিৱৰ্তনে উদ্বিগ্ন কৰা অৱস্থাতে যেতিয়া নাগৰিকত্ব (সংশোধনী) বিধেয়কখন অনা হৈছে, স্বাভাৱিকতে ই উত্তেজনাৰ সৃষ্টি কৰিছে. কাৰণ এই কথা কোনোমতে অস্বীকাৰ কৰিব নোৱাৰি যে বিধেয়কখনে বাংলাদেশৰ পৰা অসমলৈ নতুনকৈ প্ৰব্ৰজন উৎসাহিত কৰিব পাৰে। এনে প্ৰব্ৰজন কোনোমতেই সমৰ্থন কৰিব নোৱাৰি। কেৱল অসমৰ বাবে ১৯৭১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কৰা হ’ল। তাৰ আলমত নাগৰিকত্ব আইন, ১৯৫৫ত ৬ (ক) ধাৰা সংযোজন কৰা হ’ল। তদনুসৰি কেবল অসমৰ বাবে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১। তাৰপাছতো আকৌ বাংলাদেশৰ পৰা অসমলৈ অহাসকলক নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ এটা গ্ৰহণযোগ্য নহয়। বৰ্তমান অৱস্থাত বিধেয়কখন গৃহীত হ’লে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা সকলোৱে নাগৰিকত্ব পাব। কিন্তু পাছত ‘ফৰেইনাৰচ অৰ্ডাৰ’ চৰকাৰী নিৰ্দেশৰ দ্বাৰা সলনি কৰিয়েই এই সময়সীমা বাৰে বাৰে বৃদ্ধি কৰাৰ সুযোগো থাকিব। অৱশ্যে এচামে এনে এক ধাৰণা দিব বিচাৰিছে যে, বিধেয়কখন আইনত পৰিণত হ’লে বাংলাদেশত থকা সমুদায় হিন্দু অসমলৈকে আহিব। এয়াও এক অতিৰঞ্জন। বাংলাদেশৰ সকলো হিন্দু কেৱল অসমলৈকে অহাৰ সুযোগ নাই। এনে অতিৰঞ্জনে মানুহক উত্তেজিত কৰি ক্ষতিকাৰক উগ্ৰ জাতীয়তাবাদৰ কবলত পেলাব পাৰে।

বৰাক উপত্যকাত বহুতৰে মাজত এই বিলখনৰ প্ৰতি জনসমৰ্থন থকা দেখিবলৈ পোৱা গৈছে। দেশ বিভাজনৰ কেতবোৰ কৰুণ পৰিণতিয়ে বিশেষকৈ বাঙালী হিন্দুসকলৰ মাজত ক্ৰিয়া কৰি আছে। ছিলেটৰ বহুতৰ সৈতে বৰাকৰ বহু পৰিয়ালৰ মাজত ক্ৰিয়া কৰি আছে। এনে বহু পৰিয়াল পৰৱৰ্তী সময়ত সীমা পাৰ হৈ ইয়ালৈ আহি বসবাস কৰিবলৈ লৈছে। বৰ্তমানৰ বাংলাদেশ যেতিয়া পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ আছিল তেতিয়া সময়ে সময়ে তাত কেতবোৰ হিন্দু পৰিয়াল নিৰ্যাতনৰ সন্মুখীন হৈছিল অথবা নিৰ্যাতনৰ ভীতিয়ে তেওঁলোকক বিহবল কৰিছিল। এনেবোৰ কাৰণত সীমান্তৰ সিপাৰৰ পৰা অহা লোকসকলৰ প্ৰতি সহমৰ্মিতা মুঠেই অস্বাভাৱিক নহয়, বিশেষকৈ একেই ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ হোৱা বাবে। এইখিনি স্বীকাৰ কৰি লৈয়ো ক’ব লাগিব অসমৰ জনগাঁথনিৰ বাবে নতুনকৈ প্ৰব্ৰজনকাৰীক উৎসাহিত কৰিব নোৱাৰি। সেয়ে যি ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়সীমাক লৈ ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকা, হিন্দু-মুছলমান, অসমীয়া-বাঙালী সকলোৰে মাজত এক ধৰণৰ ঐকমত্য গঢ়ি উঠিছিল, তাক কোনো অজুহাততে ভংগ কৰা সমীচিন নহয়।

পৰিশেষত আমি সকলোৱে মনত ৰখা দৰকাৰ– এই বিধেয়কখন বিজেপিৰ এক বিশেষ ৰাজনীতিক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। কেন্দ্ৰত ক্ষমতালৈ অহা ৪ বছৰ হৈ গ’ল, কিন্তু মোদী চৰকাৰে জনসাধাৰণক সকাহ দিয়াত সমুলি ব্যৰ্থ হৈছে। সেয়েহে সাম্প্ৰদায়িক আৰু বিভাজনবাদী ৰাজনীতিয়েই বিজেপিৰ একমাত্ৰ ৰক্ষাকৱচ হ’ব পাৰে। এই অংকৰেই বিজেপিয়ে এই বিধেয়কখন প্ৰস্তুত কৰিছে। পূৰ্বাঞ্চলত পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসম তেওঁলোকৰ বিশেষ লক্ষ্য। নিজৰ সংকীৰ্ণ ৰাজনৈতিক লক্ষ্য পূৰণৰ বাবে তেওঁলোকে ৰাজ্যবোৰৰ শান্তি-সুস্থিৰতা, জাতি-জনগোষ্ঠীবোৰৰ ঐক্য-সংহতি কিদৰে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে তালৈ পৰোৱাই কৰা নাই। এই ৰাজনৈতিক অভিসন্ধি বুজিবৰ বাবে অসমৰ সকলো জনগোষ্ঠীৰ লোক উগ্ৰজাতীয়তা আৰু সংকীৰ্ণতাৰ ঊৰ্ধ্বলৈ যাব পাৰিব লাগিব। যদি এইক্ষেত্ৰত অসমবাসী ব্যৰ্থ হয়, তেনেহ’লে জাতিগত সংঘাত-সংঘৰ্ষই অসমক কোঙা কৰি পেলোৱাৰ দুৰ্ভাৱনা পুৰামাত্ৰাই আছে। এনে হ’বলৈ হ’লে বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভাজনৰ চক্ৰান্তই জয়লাভ কৰিব। এই সকলো দিশলৈ লক্ষ্য ৰাখি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰা উচিত। বিভেদ-বিভাজন আমাৰ পথ হ’ব নোৱাৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে