চ’ৰাঘৰ / সমকাল / নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী প্ৰতিবাদ আৰু প্ৰাসংগিক কিছু প্ৰশ্ন ৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী প্ৰতিবাদ আৰু প্ৰাসংগিক কিছু প্ৰশ্ন ৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক বিৰোধিতালৈ ৰূপান্তৰিত হ’ব সেয়া সন্দেহজনক। কিন্তু এটা কথাত সন্দেহ নাই যে অসমত বিজেপিৰ ৰাজনীতিৰ সমালোচনা-বিৰোধিতাই প্ৰথমবাৰৰ বাবে ইয়াৰ জৰিয়তে এক সংহত-পুঞ্জীভূত ৰূপ পৰিগ্ৰহ কৰিলে – ইয়াৰ পাছত আৰু বিজেপিৰ সমালোচনা-বিৰোধিতা একে হৈ নাথাকে। দ্বিতীয়তে, বিজেপিক মতাদৰ্শগত-ৰাজনৈতিক স্তৰত সমালোচনা আৰু বিৰোধিতা কৰি অহা অসমৰ একমাত্ৰ গণ সংগঠন অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনীতিক জাতীয়-জনপ্ৰিয় স্তৰত এক নৈতিক ন্যায্যতা প্ৰদান কৰিছে এই প্ৰতিবাদে৷ কিছুসংখ্যক বুদ্ধিজীৱী-লেখকক বাদ দিলে, এই সংশোধনী বিধেয়কখন সম্পৰ্কে সচেতনতা সৃষ্টি তথা গণজাগৰণৰ ক্ষেত্ৰত প্ৰথমৰেপৰা মূল ভূমিকা লৈ আহিছে অখিল গগৈ তথা কৃষক মুক্তিয়ে৷ অসমত বিজেপি শাসনলৈ অহাৰ পাছত কৃষক মুক্তিৰ ৰাজনীতিৰ বাটত যিসমূহ হেঙাৰ আহি পৰিছিল, বৰ্তমানৰ প্ৰতিবাদে সেইসমূহ কিছু হ’লেও লাঘৱ কৰিব বুলি আশা কৰিব পাৰি৷

এই মুহূৰ্তত বিজেপি তথা সংঘ পৰিয়ালৰ সংগঠনবিলাকক বাদ দি বাকী প্ৰায়বোৰ সংগঠন তথা নাগৰিক সমাজ এই প্ৰতিবাদত নামি পৰিছে৷ প্ৰায় সকলোৱেই যে আন্তৰিকতাৰে জাতিৰ কল্যাণ কামনা কৰি উক্ত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ ওলাই আহিছে তাক লৈ সন্দেহ নাই৷ কিন্তু ইয়াৰ ভিতৰতো অসমীয়া জাতীয়তাবাদৰ ঠিকাদাৰসুলভ প্ৰধান সংগঠনসমূহৰ সুবিধাবাদী আৰু দ্বিচাৰী ৰাজনীতিৰ স্বৰূপটো খুবেই স্পষ্ট৷ এই সংগঠনসমূহে সদায়ে এটা ভাৰসাম্য ৰক্ষাৰ কৌশলপূৰ্ণ ৰাজনীতি কৰি আহিছে৷ প্ৰতিবাদী ৰাজনীতিও চলি থাকিব লাগিব আৰু চৰকাৰৰো কোনো অসুবিধা হ’ব নালাগিব – বিভিন্ন কৌশল অৱলম্বন কৰি এই ভাৰসাম্য অটুট ৰখাই তেওঁলোকৰ উদ্দেশ্য৷ ধৰক, টিভিত তেওঁলোকে মাৰিম-কাটিমকৈ হুলস্থূল লগাব, কিন্তু প্ৰয়োজনৰ সময়ত চুপচাপ বহি থাকিব৷ তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ ঘাই কাৰণ হ’ল প্ৰতিবাদী ৰাজনীতিৰ নিজৰ স্পে’চ অৰ্থাৎ জেগাখিনি সুৰক্ষিত কৰি ৰখা৷ বিধেয়কখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে এক জাতীয়-জনপ্ৰিয় ৰূপ লাভ কৰিছে – সেই জেগাখিনি কৃষক মুক্তিৰ নিচিনা প্ৰগতিশীল সংগঠনৰ হাতত এৰি দি তেওঁলোকে নিজৰ ভৰিত কুঠাৰ মাৰিব নোৱাৰে৷ কিন্তু ইয়াতো তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিব, কিন্তু বিজেপিৰ নীতি-আদৰ্শক লৈ মাত নামাতিব৷ তেওঁলোকে বুজি পোৱা নাই যে হিন্দুত্ববাদী সংগঠনবিলাকে অদূৰ ভৱিষ্যতে মূলসুঁতিৰ ৰাজনৈতিক স্পে’চখিনি দখল কৰি তেওঁলোকক তাৰপৰা বাহিৰ কৰি দিবলৈ মতাদৰ্শগত-ৰাজনৈতিক পথটো সাজু কৰি তুলিছে৷

বৰ্তমানৰ প্ৰতিবাদৰ মাজত আমি যিদৰে কিছু সম্ভাৱনা দেখিবলৈ পাইছো, সেইদৰে অন্তৰ্নিহিত সমস্যাও তাৰ মাজত পৰিলক্ষিত হৈছে৷ প্ৰতিবাদৰ ব্যাপকতা তথা সকলো শ্ৰেণীৰ অংশগ্ৰহণে ইয়াক জাতীয়-জনপ্ৰিয় ৰূপ প্ৰদান কৰিছে হয়, কিন্তু সেইটোৱেই তাৰ মতাদৰ্শগত-ৰাজনৈতিক চোক কমাই পেলাইছে – অৰ্থাৎ ই এক অৰাজনৈতিক ৰূপ লাভ কৰিছে৷ ইয়াৰ কাৰণ এই প্ৰতিবাদসমূহৰ মাজত পোৱা নাযায়, পোৱা যাব অসমৰ সমাজ-ৰাজনীতিত সৰ্বাত্মক আধিপত্য বিস্তাৰ কৰা জাতীয়তাবাদৰ মাজত৷ এই জাতীয়তাবাদৰ ব্যাকৰণ অনুসৰি, যিটো জাতীয় সেইটো ৰাজনৈতিক হ’ব নোৱাৰে – সকলো ৰাজনীতিৰ ঊৰ্ধত জাতিৰ স্থান৷ সেয়ে ইয়াত যিবিলাক সংগঠনে দশকৰ পাছত দশক ৰাজনীতি কৰি আহিছে, তাৰ সৰহভাগেই অৰাজনৈতিক৷ এতিয়া জাতি ৰক্ষাৰ বাবে সকলো ওলাই আহিছে৷ কিন্তু ৰাজনীতিৰ কথা ক’লে ইয়াৰ সৰহভাগেই পলাই-পত্ৰং দিব৷ তাৰ মানে, বিধেয়কখনৰ বিৰোধিতা কৰাটো প্ৰত্যেকৰে জাতীয় দায়িত্ব৷ কিন্তু চিধাচিধি বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়াটো এটা ৰাজনৈতিক কাম – ভাল-নিৰপেক্ষ মানুহে যিটো কাম কৰিব নাপায়৷ ইয়াৰ পৰিণামস্বৰূপে বিধেয়কখনৰ আঁৰৰ প্ৰকৃত বহল ৰাজনীতিটো ঢাক খাই পৰিছে৷ ই নিছক অসমীয়া জাতিৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ প্ৰশ্নত পৰিণত হৈছে৷ বিধেয়কখনক কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমীয়া জাতিক কৰা প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হৈছে, অসমৰ বিজেপি চৰকাৰক চিহ্নিত কৰা হৈছে ঘৰ বিভীষণ হিচাপে, সৰ্বানন্দ সোণোৱাল হৈ পৰিছে আইমাতৃৰ প্ৰতি দায়িত্ব পালন নকৰা নালায়ক সন্তান৷ তাৰ মাজতো জাতিৰ উদ্ধাৰৰ বাবে এক সৰ্বগুণসম্পন্ন নায়কৰ সন্ধান চলিছে৷ সৰ্বানন্দ সোণোৱালৰ মাজত তেনে সৰ্বগুণ আছিল বাবেই তেওঁক জাতীয় নায়ক বোলা হৈছিল : এতিয়া বিভিন্ন বাধ্যবাধকতাৰ মাজত পৰি নায়কে নায়কোচিত ভূমিকা পালন কৰিব পৰা নাই৷ কিন্তু সদিচ্ছা আৰু জাতিপ্ৰেম থাকিলে তেওঁ পাৰিব : সেই দুটা বস্তু আছে নে নাই, এই লৈ ৰাইজৰ মাজত এতিয়া মতভেদ হৈছে৷ কিন্তু তেওঁৰপৰা এক ‘যোগাত্মক সঁহাৰি’ পোৱাৰ পাছত এতিয়া বহুতৰে অন্তৰ গলি গৈছে৷ তেওঁলোকে আশা কৰিছে যে সোনকালেই সৰ্বানন্দই লাচিতৰ দৰে সাহসেৰে মূৰ দাঙি উঠিব আৰু অসম মাতৃৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰিব৷ ৰে’টৰিকৰ পৰ্যায়ত এইবোৰত আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু এই জাতীয়তাবাদী বাগধাৰাই হিন্দুত্বৰ বহল আৰু জটিল জঘন্য ৰাজনীতিক জাতি আৰু নায়কৰ মহাকাব্যিক লীলা-খেলালৈ পৰ্যবসিত কৰিছে, য’ৰপৰা ব্যাপক প্ৰতিৰোধী গণ ৰাজনীতিৰ বিকাশ কোনোকালেই সম্ভৱ নহ’ব৷ তাকেই সাৰ্থক প্ৰতিবাদ বুলিব পাৰি যি তাৰ লক্ষ্য-শক্তিটোৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিব পাৰে৷ কিন্তু বৰ্তমানৰ প্ৰতিবাদসমূহৰ আঁৰত প্ৰধানকৈ সক্ৰিয় জাতীয়তাবাদী বাগধাৰাটো এই ক্ষেত্ৰত বিশেষ সফল বুলিব নোৱাৰি৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা শতিকাৰ আশী-নব্বৈৰ দশকত অসমীয়া জাতীয়তাবাদে বিকাশ কৰা কেন্দ্ৰৰ অতিকেন্দ্ৰিক চৰিত্ৰ আৰু তাৰ অসমৰ প্ৰতি ‘মাহীআইৰ দৃষ্টি’ সম্পৰ্কীয় যিটো সমালোচনা, তাৰ অনুৰণন বৰ্তমানৰ প্ৰতিবাদসমূহৰ মাজত বহু পৰিমাণে শুনিবলৈ পোৱা গৈছে। কিন্তু বৰ্তমানৰ পৰিবৰ্তিত অৰ্থনৈতিক-ৰাজনৈতিক প্ৰেক্ষাপটত এই সমালোচনাৰে বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ স্বৰূপ সঠিক ৰূপত বুজি পোৱাটো সম্ভৱ নহয়। আমি প্ৰথমতেই উল্লেখ কৰিছো যে বৰ্তমানৰ প্ৰতিবাদসমূহে বিধেয়কখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় ৰূপ দিলে৷ এইটো কম কথা নহয়, আৰু এই কৃতিত্বটো ইয়াত ক’তো অস্বীকাৰ কৰিব খোজা হোৱা নাই৷ কিন্তু ই এই বিধেয়কখনৰ সৈতে বিজেপিৰ সামগ্ৰিক নীতি-আদৰ্শক সম্পৰ্কিত কৰি তাৰ সম্পূৰ্ণ স্বৰূপটো দাঙি ধৰিব নোৱাৰে৷ ভাৰতৰ আন আন অঞ্চলত বিজেপিৰ ৰাজনীতি তথা তাৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিৰোধসমূহৰ ওপৰত আলোকপাত কৰিব নোৱাৰে, আৰু তাৰ সৈতে আমাৰ বৰ্তমান প্ৰতিবাদসমূহক সম্পৰ্কিত কৰিব নোৱাৰে৷ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল, এই অসমৰে নিজকে অসমীয়া বুলি পৰিচয় দিব নোখোজা আন আন গোষ্ঠীৰ স্বাৰ্থক বিজেপিৰ ৰাজনীতিৰ প্ৰসংগত সঠিকভাৱে ব্যাখ্যা কৰিব নোৱাৰে – বৰং এক অসমীয়া আধিপত্যবাদৰহে জন্ম দিব পাৰে৷ এই অসমীয়া জাতীয়তাবাদী বাগধাৰাই খুব বেছি এক ব্যতিক্ৰম বা exceptionঅৰ দাবী কৰিব পাৰে – আন য’ত যি হয় হওক, কিন্তু অসমৰ অসমীয়া জাতিৰ ক্ষেত্ৰত এনে নচলিব৷ এই ৰাজনীতিৰ নিশ্চয়কৈ এক গৈৰিক আগ্ৰাসন-বিৰোধী ভূমিকা আছে। কিন্তু ইয়াৰ সৈতে বিজেপি-আৰ এছ এছৰ নীতি-আদৰ্শৰ এক সামগ্ৰিক সমালোচনা সংলগ্ন নহ’লে এই গণবিৰোধী শক্তিসমূহক পৰাস্ত কৰাটো কঠিন। কিয়নো এই বিধেয়কখনৰ নিচিনাকৈ হিন্দুত্ববাদী ৰাজনীতিৰ বাকীবোৰ কাৰবাৰ ইমান জলজল-পটপটকৈ ওলাই নাথাকে আৰু সিবোৰক অসমীয়া জাতিৰ প্ৰতি ভাবুকি বুলি এনেকৈ কৈ দিব পৰাও নাযায়। তদুপৰি এই বিধেয়কখনৰ প্ৰসংগটো যিকোনোপ্ৰকাৰে ঠাণ্ডা হ’লে এতিয়া প্ৰতিবাদস্থলীত সমবেত হোৱা জাতীয়তাবাদৰ ধ্বজাধাৰী সংগঠনবিলাক, ভাল-নিৰপেক্ষ মানুহবিলাকো নিতাল মাৰিব, মানৱতাবাদী ঋষিমুনিবিলাকো নিজৰ সাৰস্বত সাধনাত মগ্ন হ’ব। কিন্তু হিন্দুত্ববাদী ৰাজনীতিৰ পীড়ন জনসাধাৰণৰ ওপৰত চলিয়েই থাকিব।

বিজেপি-আৰ এছ এছ বা আন ভাষাত, সংঘ পৰিয়ালৰ প্ৰকৃত ৰাজনীতিটোনো কি? থোৰতে ক’বলৈ গ’লে, এই শক্তিসমূহে সাম্প্ৰতিক সময়ত হিন্দুত্ব আৰু নব্য উদাৰতাবাদ – এই দুই ৰাজনীতিক সমন্বিত ৰূপত প্ৰতিনিধিত্ব কৰে। হিন্দুত্ব আৰু নব্য উদাৰতাবাদ, এই দুইটাই হ’ল অন্তৰ্নিহিতভাৱেই হিংসাত্মক আৰু গণবিৰোধী। নব্য উদাৰতাবাদ হ’ল একধৰণৰ বজাৰ মৌলবাদ : আমেৰিকা তথা ইউৰোপৰ চহকী ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থত বহুজাতিক কোম্পানিসমূহৰদ্বাৰা পৰিচালিত ই এক অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক ব্যৱস্থা যাক ভাৰতবৰ্ষত গ্ৰহণ কৰা হৈছিল যোৱা শতিকাৰ শেষৰ পিনে কংগ্ৰেছৰ আমোলত। বৰ্তমান বিজেপি হ’ল তাৰ উগ্ৰতম পৃষ্ঠপোষক। কৃষকক ভূমিৰপৰা উচ্ছেদ, ক্ষুদ্ৰ পণ্য উৎপাদন ব্যৱস্থাৰ ধ্বংসসাধন, বহুজাতিক কোম্পানিৰ সৰ্বাত্মক আগ্ৰাসন আদি বিভিন্ন পদ্ধতিৰে নব্য উদাৰতাবাদে ভাৰতবৰ্ষৰ জনসাধাৰণৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণ নমাই আনিছে। বিমুদ্ৰাকৰণ আদি পদক্ষেপ প্ৰকৃতাৰ্থত এই প্ৰক্ৰিয়াৰে একোটাহঁত অংশ। আনহাতে, হিন্দুত্ব হ’ল সংঘ পৰিয়ালে প্ৰতিনিধিত্ব কৰা এক সাংস্কৃতিক-ৰাজনৈতিক প্ৰকল্প যাৰ সাংগঠনিক প্ৰকাশ প্ৰথম দেখিবলৈ পোৱা গৈছিল যোৱা শতিকাৰ দ্বিতীয় দশকৰপৰা। যোৱা শতিকাৰ নব্বৈৰ দশকৰপৰা, আৰু এতিয়া বিশেষকৈ বিজেপি শাসনাধিষ্ঠিত হোৱাৰ পাছৰপৰা ভাৰতৰ সমাজ-ৰাজনীতিত হিন্দুত্বৰ অভিযান পূৰ্ণ্যোদ্যমে চলিবলৈ ধৰিছে। হিন্দুত্বৰ লক্ষ্য হ’ল ভাৰতবৰ্ষৰ সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই এক হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। ইয়াৰ বাবে সংখ্যালঘু সমাজক চিৰন্তন শত্ৰুৰূপে চিহ্নিত কৰি হিন্দু সমাজক একত্ৰিত কৰা, সংবিধান তথা ৰাষ্ট্ৰব্যৱস্থাৰ ছেকুলাৰ ফ্ৰেমৱৰ্কটোক নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰা আৰু লাহে লাহে এই ফ্ৰেমৱৰ্কটোৰ ওপৰত হিন্দুত্বৰ আধিপত্য প্ৰতিষ্ঠা কৰা। থূলমূলকৈ সংঘ পৰিয়ালৰ ৰাজনীতিৰ এয়াই সাৰমৰ্ম – ইয়াৰ বাদে তেওঁলোকৰ হাতত দিবলৈ আৰু একো নাই। এই সম্পৰ্কে সমাজবিজ্ঞানীসকলে পূৰ্বৰেপৰাই সমালোচনা কৰি আহিছে। কিন্তু তৎসত্ত্বেও সকলোৱে এটাই আশা কৰিছিল যে অন্ততঃ হিন্দুত্বৰ ৰাজনীতি ভালকৈ কৰাৰ স্বাৰ্থতে বিজেপিয়ে উন্নয়নৰ কিছু কাম কৰিব। সেই ন্যূনতম আশাকণো ইতিমধ্যে নাইকিয়া হৈ গৈছে। তেওঁলোকে নব্য উদাৰতাবাদ আৰু হিন্দুত্ব – এই দুয়োটাৰ বোজা জনসাধাৰণৰ ওপৰত জোৰ-জবৰদস্তি জাপি দিব বিচাৰিছে। ইয়াৰ অজস্ৰ প্ৰমাণ আমি যোৱাকেইবছৰত সৰ্বভাৰতীয় পৰ্যায়ত তথা অসমত দেখি আহিছো। নাগৰিকত্ব সংশোধনী বিধেয়কখনো এই প্ৰক্ৰিয়াৰে এটা অংশ মাত্ৰ।

এই বিধেয়কখন দুটা দিশৰপৰা ভয়ংকৰ বুলি ধাৰণা হয়। প্ৰথমতে, ই ভাৰতীয় সংবিধানৰ মৌলিক উপাদান ছেকুলাৰবাদক নস্যাৎ কৰিছে। অৰ্থাৎ ই সাংবিধানিক প্ৰমূল্যৰ বিৰোধী। গতিকে আন কিবা ঘটক বা নঘটক, সংবিধানৰ ছেকুলাৰ চৰিত্ৰ বৰ্তাই ৰখাৰ স্বাৰ্থতেই ইয়াৰ বিৰোধিতা হোৱাৰ দৰকাৰ। দ্বিতীয়তে, ই আইনত পৰিণত হ’লে ভাৰতৰ সীমান্তৱৰ্তী বহুতো ৰাজ্যত, বিশেষকৈ অসমত ভয়ানক অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক পৰিস্থিতিৰ সৃষ্টি হ’ব। এই সম্পৰ্কত বিস্তাৰিত আলোচনা ইতিমধ্যে হৈছে, গতিকে ইয়াত দোহৰাৰ প্ৰয়োজন বোধ কৰা নাই। আমাৰ বোধেৰে এই বিধেয়কখনৰ এটা প্ৰধান উদ্দেশ্য হ’ল ভাৰতীয় সংবিধানৰ ওপৰত হিন্দুত্বৰ এক প্ৰতীকী আধিপত্য প্ৰতিষ্ঠা কৰা। আনহাতে, ভাৰতৰ বাহিৰত থকা হিন্দুসকলৰ ‘ওভতনিৰ অধিকাৰ’ক স্বীকৃতি দিয়াৰ আৰু একমাত্ৰ মুছলমানসকলক পৃথকীকৃত কৰাৰ মাধ্যমেৰে মুছলমান সমাজৰ বিপৰীতে সমগ্ৰ হিন্দু সমাজক একত্ৰিত কৰাটো ইয়াৰ উদ্দেশ্য। তাৰ বাবে বিশেষকৈ হিন্দু বাঙালীৰ এক বৃহৎ পৰিচিতিৰ নিৰ্মাণ কৰি তাৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হ’বলৈ বিচাৰিছে বিজেপি। মুছলমানৰ আগ্ৰাসনৰ ভীতি প্ৰদৰ্শন কৰি ইয়াৰ প্ৰতি বাকী জাতি-গোষ্ঠীসমূহৰ সন্মতি আদায় কৰিবলৈ বিচৰা হৈছে। দেখা গৈছে যে প্ৰথমৰেপৰা হিন্দুত্বই অসমীয়া জাতীয়তাবাদত অন্তৰ্নিহিত হৈ থকা সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদানসমূহৰ আশ্ৰয় লৈ আৰু সেইসমূহক জংগী ৰূপ দিয়াৰ জৰিয়তে অসমৰ সমাজ-ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ই একপ্ৰকাৰে অসমীয়া জাতীয়তাবাদক নিজৰ মাজত সুমুৱাই ল’বলৈ সক্ষম হৈছে। জাতি-মাটি-ভেটিৰ নামত, অৰ্থাৎ জাতীয়তাবাদৰ নামত হোৱা বিজেপিৰ প্ৰতি ব্যাপক জনসমৰ্থনেই ইয়াৰ প্ৰমাণ। গতিকে অসমীয়া জাতীয়তাবাদক গোটে-পাতে একে ৰূপত গ্ৰহণ কৰি বা আন ভাষাত তাৰ সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদানসমূহক প্ৰশ্নৰ কাঠগৰাত থিয় নকৰোৱাকৈ এতিয়া হিন্দুত্ববাদৰ বিৰুদ্ধে তাক প্ৰয়োগ কৰাটো সম্ভৱ নে?

বৰ্তমানে আলোচ্য বিধেয়কখনক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদসমূহে বহু সময়ত অসমীয়া-বাঙালী বিদ্বেষৰ পিনে গতি কৰিছে। অসমীয়া আৰু বাঙালীৰ মাজত পূৰ্বৰেপৰা সমন্বয়ৰ লগে লগে বহুতো সংঘাত-বিদ্বেষো চলি আহিছে। সেই ইতিহাস দোহৰাটো ইয়াত প্ৰয়োজনীয় নহয়। এটা কথা ঠিক যে অসমৰ বাঙালী সমাজৰ বহুখিনি ন্যায্য ক্ষোভ আৰু সমস্যা আছে। নাগৰিকত্ব প্ৰমাণ কৰাৰ নামত, ডি ভোটাৰৰ নামত হিন্দু আৰু মুছলমান যিসকল নিম্নবৰ্গ বাঙালীৰ ওপৰত আইনগত-সামাজিক অত্যাচাৰ হৈ আহিছে সেইসকলক লৈ কোনো অসমীয়া দল-সংগঠনে ইমান দিনে মাত মতা দেখা নাই। সিদিনা অখিল গগৈয়ে সুকুমাৰ বিশ্বাসৰ সৈতে হোৱা আলোচনাত টিভিত এই লৈ কৈছে যদিও ইমান দিনে এই প্ৰসংগত তেওঁৰো কোনো সক্ৰিয়তা পৰিলক্ষিত নহয়। কিন্তু নিম্নবৰ্গ বাঙালী জনসাধাৰণৰ এই সমস্যা সমাধানৰ বাবে বাংলাদেশৰপৰা হিন্দু বাঙালী আনিব লাগিবনে? প্ৰকৃতাৰ্থত বাঙালী সমাজৰ মাজত থকা ক্ষোভ তথা বাঙালী জাতীয়তাবাদৰ মাজত থকা সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদানসমূহক বিজেপিয়ে হিন্দুত্বৰ স্বাৰ্থত সুন্দৰভাৱে ব্যৱহাৰ কৰিছে। অসমীয়াই যিমান জোৰেৰে বিধেয়কখনৰ বিৰোধিতা কৰিছে, বৰাকৰ বাঙালীয়ে সিমান জোৰেৰে তাৰ সমৰ্থন কৰিছে। সেই সমৰ্থনত বিজেপি-কংগ্ৰেছৰ কোনো বিভেদ যেনেকৈ নাই, অধিক ক্ষেত্ৰতে বাঙালী জাতীয়তাবাদী সংগঠনৰ সৈতে ছেকুলাৰ নাগৰিক সমাজৰ কোনো পাৰ্থক্য নাই। এইদৰেই বৃহৎ বাঙালী জাতীয়তাবাদৰ জৰিয়তে তেওঁলোক হিন্দুত্বৰ জঘন্য গণবিৰোধী ৰাজনীতিত চামিল হৈছে, যাৰদ্বাৰা তেওঁলোকৰ অসমীয়া-বিৰোধী সাংস্কৃতিক অভিমান তৃপ্ত হোৱাৰ বাদে সাধাৰণ বাঙালী ৰাইজৰ কোনো উপকাৰ নহয়। বৰং তেওঁলোকে হিন্দুত্ব আৰু নব্য উদাৰতাবাদৰদ্বাৰা নিপীড়িত সকলো জাতিৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে থিয় দিছে। এতিয়া তেওঁলোকে ত্ৰাণকৰ্তা বুলি ভবা বিজেপি-আৰ এছ এছে যে প্ৰকৃতাৰ্থত আন সকলোৰে স্বাৰ্থক কবৰ দি হিন্দু ৰাষ্ট্ৰ গঠনৰ হকেহে তেওঁলোকক ব্যৱহাৰ কৰিছে, সেই কথা বুজি পোৱাতেই তেওঁলোকৰ মংগল। আশাৰ কথা যে তাৰ মাজতো ভালেমান ব্যক্তি তথা সংগঠনে পৰিস্থিতি বুজি চৰ্তসাপেক্ষে অসমীয়া ব্যক্তি তথা সংগঠনৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

এনে প্ৰেক্ষাপটত গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহৰ ভূমিকা কেনেধৰণৰ হ’ব? এই লৈ থিৰাংকৈ কোনো ৰাজনৈতিক ৰণনীতি দাঙি ধৰা টান, কিন্তু সক্ৰিয় শক্তিসমূহৰ পৰ্যবেক্ষণৰপৰা কিছু কথা অনুমান কৰিব পাৰি। অখিল গগৈ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনসাধাৰণৰ শ্ৰেণীগত সমস্যাসমূহক জাতীয় সমস্যাৰ ৰূপত তুলি ধৰিবলৈ বিভিন্ন সময়ত চেষ্টা কৰি আহিছে। আনকি বৃহৎ নদীবান্ধৰ সমস্যাটোকো জাতীয় সমস্যা হিচাপেই উপস্থাপন কৰিব বিচৰা হৈ আহিছে। তদুপৰি মধ্যবিত্তক ভাল লগাবলৈ, হাতত ৰাখিবলৈ তেওঁলোকে ভালেমান ইছ্যুত মাত মাতি আহিছে। আলোচ্য বিধেয়কৰ প্ৰশ্নটোকো জাতীয় প্ৰশ্ন ৰূপতেই তুলি ধৰা হৈছে। কিন্তু ইয়াৰপৰা গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহৰ নিজৰ কেনেধৰণৰ লাভ হৈছে? অসমীয়া মধ্যবিত্তই ইমান দিনে কৃষক নেতাৰ ছাব থকা অখিল গগৈ তথা কৃষক মুক্তিক বিশ্বাসত লৈছেনে? তেওঁলোকে ইমানবোৰ কাম কৰিলে, তাৰ বাবে কিবা কৃতিত্ব দিছেনে? (এতিয়া জাতীয় ইছ্যুত আন্দোলন কৰিছে বাবে মধ্যবিত্তই সংগ দিছে, গণবিৰোধী উচ্ছেদৰ বিৰোধিতা কৰাৰ সময়ত বিপৰীতে থিয় দিছিল, আনকি অখিল গগৈক অন্যায়ভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাছতো নিজৰ সংগঠনৰ বাদে আশা কৰাধৰণে প্ৰায় আন কোনোৱেই প্ৰতিবাদ কৰা নাছিল।) আমি দেখাত প্ৰায়বোৰ ইছ্যু তথা আন্দোলনকেই জাতীয় ৰূপ পোৱাৰ পাছত মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনসমূহে আত্মসাৎ কৰি ল’বলৈ সক্ষম হৈছে, তাৰ ফলস্বৰূপে অখিল গগৈ তথা কৃষক মুক্তি নিজৰ ঠাইতেই ৰৈ গৈছে। এই কাৰণতেই ইমান বছৰৰ পাছতো অসমৰ সমাজ-ৰাজনীতিত কৃষক মুক্তিৰ বাবে কোনো নিৰ্দিষ্ট মতাদৰ্শগত-ৰাজনৈতিক স্পে’চ নিৰ্মাণ নহ’ল। অসমজোৰা এক সংগঠন তথা সভাত মানুহ গোটাব পৰাৰ ওপৰতেই, আৰু কৃষক ৰাইজৰ আস্থাৰ ওপৰতেই সংগঠনটোৱে ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছে। কিয়নো ছেগাচোৰোকাকৈ মতাদৰ্শগত-ৰাজনৈতিক প্ৰচেষ্টা হাতত ল’লেও পিছ মুহূৰ্ততে জাতীয়তাবাদী শক্তিসমূহৰ সৈতে চিনিব নোৱৰাকৈ মিলি পৰিছে। অসমৰ সমাজ-ৰাজনীতিত জাতীয়তাবাদৰ এক অখণ্ড আধিপত্য আছে, আৰু তাকে সম্বল কৰি মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনসমূহে যুগ যুগ ধৰি আন্দোলন কৰি খাই আছে। এই প্ৰেক্ষাপটত ন্যায্য জাতীয় দাবী-দাবাসমূহৰ প্ৰতি গণতান্ত্ৰিক-প্ৰগতিশীল দল-সংগঠনে সক্ৰিয় সমৰ্থন আগ বঢ়াবই লাগিব, তাক নিজৰ প্ৰগতিশীল আন্দোলনৰ অন্তৰ্ভুক্ত কৰি ল’ব লাগিব। কিন্তু একে সময়তে যদি জাতীয়তাবাদী শক্তিসমূহৰ সমালোচনাও কৰা নাযায় তেন্তে গণতান্ত্ৰিক-প্ৰগতিশীল আন্দোলনৰ বাবে স্পে’চ মুকলি হ’ব কেনেকৈ? আৰু বাৰে বাৰে যদি মূলসুঁতিৰ জাতীয়তাবাদী শক্তিসমূহৰ পুৰণি স্পে’চখিনিকে ব্যৱহাৰ কৰি থকা হয় তেন্তে গণতান্ত্ৰিক-প্ৰগতিশীল আন্দোলনৰ সম্ভাৱনাখিনিও তাৰ মাজত জাহ নাযাবনে? মূলসুঁতিৰ জাতীয়তাবাদী সংগঠনসমূহক মতাদৰ্শগত-ৰাজনৈতিক সমালোচনা কৰাৰপৰা বিৰত থকাৰ ঘাই কাৰণ নিশ্চয়কৈ মধ্যবিত্তৰপৰা অধিক আঁতৰি যোৱাৰ ভয়। কিন্তু আচল প্ৰশ্নটো হ’ল, এই দ্বিধা তথা আপোচৰ ফলত ইমান দিনে কিবা লাভ হৈছেনে? বাঁওপন্থীসকলৰপৰা কৃষক মুক্তিয়ে ইমান দিনে সচেতনভাৱেই দূৰত্ব বজাই ৰখা যেন ভাব হয়। কিন্তু সেইটো কৰি সি মধ্যবিত্তক আশ্বস্ত কৰিব পাৰিছেনে, তাৰ প্ৰতি শ্ৰেণীগত সংশয় আঁতৰিছেনে? এই আটাইবোৰ প্ৰশ্ন আলোচ্য বিধেয়কখনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ ক্ষেত্ৰতো প্ৰযোজ্য। আজি জাতীয় দায়িত্ব পালন কৰিবলৈ দৌৰি অহা মধ্যবিত্তই কাইলৈ হিন্দুত্বৰ ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰামত তেওঁলোকক সংগ দিবনে? কালি-পৰহিলৈকে তেওঁলোকে হিন্দুত্ব আৰু নব্য উদাৰতাবাদৰ কথা কৈছিল। কিন্তু আন্দোলনটো মধ্যবিত্তৰ হাতত পৰাৰ পাছত সেই মতাদৰ্শগত-ৰাজনৈতিক সমালোচনা বৰ্তাই ৰাখিব পৰা যাবনে? যদি নাযায়, তেন্তে এই আপোচ-মীমাংসাৰ স্থায়ী প্ৰভাৱ কি?

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনটোক আমি সাম্প্ৰতিক অসমৰ সমাজ-ৰাজনীতিত এক টাৰ্নিং পইণ্ট হিচাপেই গ্ৰহণ কৰিছো আৰু তাৰ সম্ভাৱনাখিনিও স্বীকাৰ কৰিছো। কিন্তু একে সময়তে সংঘ পৰিবাৰৰ দীৰ্ঘম্যাদী ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰামৰ স্বাৰ্থতে এই মতাদৰ্শগত-ৰণনীতিগত প্ৰশ্নসমূহ উত্থাপন কৰিছো। আশা কৰিছো যে গণতান্ত্ৰিক-প্ৰগতিশীল মহলত এই লৈ প্ৰচুৰ বিতৰ্ক হ’ব, যিটোৱে আমাক ভৱিষ্যৎ ৰাজনীতিৰ বাট দেখুৱাই দিব। কিন্তু এটা কথাত কোনো সংশয় নাই যে নিছক অসমীয়া জাতীয়তাবাদী বাগধাৰাৰ পুনৰুৎপাদনে নহয়, বৰং তাৰ সমালোচনাইহে আমাক গণতান্ত্ৰিক-প্ৰগতিশীল ৰাজনীতিৰ সঠিক পথ নিৰ্দেশ কৰিব পাৰিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে