চ’ৰাঘৰ / সমকাল / অসমৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব৷৷ কৌশিক তালুকদাৰ৷৷

অসমৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব৷৷ কৌশিক তালুকদাৰ৷৷

যোৱা ৭ মে’ত খানাপাৰালৈ অহা জেপিচিৰ সন্মুখত হাজাৰ হাজাৰ অসমপ্ৰেমীয়ে স্পষ্ট ৰূপত সংবিধান তথা অসম-বিৰোধী ‘নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬’ৰ বিৰোধিতা কৰি জনাই দিলে যে কোনোপধ্যে ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধান তথা ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰিবলৈ দিয়া নহ’ব ৷ ডঃ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, প্ৰশান্ত ৰাজগুৰু, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা আদিৰ দৰে বিশিষ্ট ব্যক্তিয়ে গৈ বীৰদৰ্পে জেপিচিৰ আগত তথ্য-দলিল সহকাৰে উক্ত বিধেয়কখনৰ বিৰোধিতা কৰিলে ৷ মানস ৰবীন, প্ৰস্তুতি পৰাশৰৰ দৰে শিল্পীৰ লগতে বিভিন্ন প্ৰগতিবাদী-জাতীয়তাবাদী-বাওঁপন্থী অসমপ্ৰেমী দল-সংগঠনেও দেশৰ সংবিধান তথা অসমীয়া জাতিটোৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিছে৷ লগতে বিশেষভাৱে উল্লেখ্য যে দলীয় অনুশাসনৰ পৰৱাহ নকৰি কেৱল অসমীয়া জাতিটোৰ স্বাৰ্থৰ কথা চিন্তা কৰি বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিছে৷ বৰঠাকুৰ বাইদেউক ইতিহাসে মনত ৰাখিব ৷ আমোদজনক কথাটো হ’ল, জাতি বিক্ৰী কৰি ৰাজনীতি কৰা কংগ্ৰেছ, অগপ আদিৰ দৰে ৰাজনৈতিক দলেও বিৰোধিতা কৰিছে ৷ কিন্তু কথাটো হ’ল কংগ্ৰেছ বিজেপিতকৈ একো বেলেগ নহয় ৷ বিৰোধী পক্ষত থাকিলে অসমবাসী ৰাইজৰ পক্ষ লোৱাৰ ভাওনা কৰি ক্ষমতা পালেই জাতিধ্বংসী পদক্ষেপ লয়৷ আনহাতে অসমৰ জনসাধাৰণৰ মৰম-চেনেহ-আৱেগত জন্ম লোৱা অগপই যি ভূমিকা ল’ব লাগিছিল লোৱা নাই৷ ল’ব নোৱাৰাটো স্বাভাৱিক ৷ ক্ষমতাৰ লোভত অগপৰ নেতৃত্ব সুবিধাবাদী আৰু আপোচকামী হৈ পৰিছে৷ জাতিৰ স্বাৰ্থত খানাপাৰালৈ হাজাৰ হাজাৰ মানুহ ওলাই অহা দেখি অগপই কিবা এটা বুজিছে ৷ সেয়ে অসমবিৰোধী চৰকাৰৰ সংগ ত্যাগ নকৰাকৈয়ো অসমীয়া জাতিৰ স্বাৰ্থত আপোচহীনভাৱে কাম কৰিব বুলি সংবাদ মাধ্যমৰ আগত ভাওনা কৰিছে ৷ অসমৰ মানুহে কথাটো মন কৰক ৷ জাতিবিৰোধী শক্তিৰ লগত মিতিৰালি কৰি থকা জনে জাতিৰ স্বাৰ্থত কাম কৰিব বুলি আপুনি ভাবে নে? জাতিধ্বংসী বিধেয়কখন আইন হ’লে হেনো অগপই চৰকাৰৰ পৰা ওলাব৷ তেতিয়া অসমৰ কি লাভ হ’ব? হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পালে অসমৰ ভাষা-সংস্কৃতি নিঃশেষ হ’বই ৷ তেনে এক পৰিস্থিতিত অগপৰ ক্ষমতালোভী নেতৃত্বই অতি সহজে চোং সলাই কংগ্ৰেছ-বিজেপিত যোগদান কৰি ৰাজভোগ খাব ৷ আমাৰ দৃষ্টিত, আজিৰ তাৰিখত অগপৰ নেতৃত্ব সবাতোকৈ ডাঙৰ বিশ্বাসঘাতক৷ অসমৰ ৰাইজে এনেকুৱা সুবিধাবাদী-ক্ষমতালোভী আৰু দিল্লী-নাগপুৰৰ দালালি কৰা অগপৰ নেতৃত্বক বিশ্বাসত লোৱাটো মূৰ্খামি হ’ব ৷ যিসকল অগপৰ নেতা-কৰ্মীয়ে অসমীয়া জাতিটোক প্ৰাণ ভৰি ভাল পায় (ভালপোৱাৰ অভিনয় কৰা সকলৰ কথা কোৱা নাই) তেওঁলোকে বিজেপিৰ সংগ ত্যাগ কৰি ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল আঞ্চলিক শক্তি সমূহক একত্ৰিত কৰি জাতি বচোৱাৰ সংগ্ৰাম আৰম্ভ কৰক ৷ অন্যথা একালৰ ‘জাতীয় নায়ক’ আজি ‘জাতীয় খলনায়ক’ হোৱাৰ দৰে ‘অসম গণ পৰিষদ’ হৈ পৰিব ‘অসম গণশত্ৰু পৰিষদ’ ৷ আনহাতে শুনানিৰ দিনা আছু খানাপাৰাত উপস্থিত থকাটো উচিত আছিল ৷ দিল্লীত নিজৰ মতামত দি অহা বাবেই আছু খানাপাৰাত উপস্থিত নথকা কথাটোৱে কিহৰ ইংগিত দিয়ে? আছুৰ আন্তৰিকতাহীনতাৰ? শুনানিৰ বাবে অন্ততঃ অসমৰ ৰাইজক সাজু কৰি তোলাত আছুৱে বিশেষ ভূমিকা ল’ব নালাগিছিল নে? সি যি নহওক, অখিল গগৈৰ লগতে কৃষক মুক্তি, ছাত্ৰ মুক্তি, অসম ছাত্ৰ যুৱ সন্মিলন আদি সংগঠনে অসমৰ স্বাৰ্থত অসমৰ মানুহক জগাই তোলা বাবে নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ ৷ অখিল গগৈৰ নেতৃত্বত চলা আন্দোলনৰ বলতে যুটীয়া সংসদীয় কমিটীয়ে পুনৰ শুনানি ল’বলৈ আহিব বুলি কথা দিছে ৷ অখিল গগৈ প্ৰমুখ্যে উক্ত সংগঠনৰ কৰ্মকৰ্তাসকলে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহক জগাই তোলক যাতে সকলো অসমবাসী ৰাইজে জেপিচিৰ সন্মুখত নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে ৷ আছুৰ প্ৰতি আস্থা/বিশ্বাস প্ৰায় শেষ যদিও জাতিৰ স্বাৰ্থত পুনৰ এবাৰ আহ্বান জনাইছো- অন্ততঃ পৰৱৰ্তী শুনানিৰ বাবে অসমবাসীক সাজু কৰি তোলাত আছুৱে সহায় কৰক ৷ জেপিচিয়ে সত্য আৰু ন্যায়ৰ পক্ষত থাকি ৰায় দিব বুলি সন্দেহ আছে যদিও অসমৰ মানুহৰ চিঞৰ কমিটিখনৰ জৰিয়তে দিল্লীৰ কাণত হয়তো পৰিব ৷

সি যি কি নহওক, ডঃ হীৰেন গোহাঁই প্ৰমুখ্যে আন আন বুদ্ধিজীৱী-সাংবাদিক, বিশিষ্ট নাগৰিকসকল আজি আমাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনৰ অগ্ৰণী যোদ্ধা হৈ পৰিছে৷ ডঃ গোহাঁই আৰু অখিল গগৈৰ বলিষ্ঠ নেতৃত্বক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো৷ মূল কথাটো হ’ল— সংগ্ৰাম এতিয়া আৰম্ভ হৈছেহে, বিজয়ী নোহোৱালৈ অসমীয়া জাতিয়ে যুঁজিব লাগিব৷ অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আমি কিদৰে বিজয়ী হ’ব পাৰিম সেই বিষয়ে মতাদৰ্শ-নিৰ্বিশেষে সকলো অসমপ্ৰেমী ব্যক্তি-দল-সংগঠনে আলোচনা কৰি আগবাঢ়িব লাগিব৷ অলপতে ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ‘অভিমত’ অনুষ্ঠানত অখিল গগৈ আৰু বাংলাভাষী অসমীয়াৰ নেতা সুকুমাৰ বিশ্বাসে অসমত কোনো বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ’ব বুলি আৰু সম্প্ৰীতি-সমন্বয়েৰে অসমখন গঢ়ি তুলিব বুলি একলগ হৈ অসমবাসীক প্ৰতিশ্ৰুতি দিছে ৷ এয়া শুভ কথা ৷ অৰ্ধেন্দু দে, শিলাদিত্য আদিৰ দৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা বাংলাভাষীয়ে অসমত অসমীয়া-বঙালী, হিন্দু-মুছলমানৰ সংঘাত লগোৱাৰ চেষ্টা কৰি আহিছে ৷ এইক্ষেত্ৰত কংগ্ৰেছ-বিজেপিৰ একে ৰূপ, সমানেই বিপদজনক ৷ আনহাতে, সৰ্বানন্দ সোণোৱাল, ডঃ হিমন্ত বিশ্ব শৰ্মা, কামাখ্যা প্ৰসাদ তাছা, ৰাজেন গোহাঁই, ৰঞ্জিত দাস আদিৰ দৰে অসমীয়াই দলীয়/ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ বাবে কি পৰ্যায়ৰ অসমবিৰোধী ভূমিকা লৈছে সকলোৱে দেখিছে ৷ পৰিশেষত, এই কথা পুনৰ দোহাৰিব খুজিছোঁ যে আমাৰ সংগ্ৰাম কোনো বাংলাভাষীৰ বিৰুদ্ধে নহয়, আমাৰ যুঁজখন হৈছে অবৈধ বিদেশী (বাংলাদেশী)ৰ বিপক্ষেহে ৷ কিন্তু অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত জয়ী হ’বলৈ হ’লে দিল্লী-নাগপুৰৰ দালালি কৰা অসমীয়া তথা সাম্প্ৰদায়িক ৰাজনীতি কৰা ব্যক্তি-দল-সংগঠনক সামাজিক-ৰাজনৈতিকভাৱে নিঃশেষ কৰিবই লাগিব ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে