চ’ৰাঘৰ / সমকাল / কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

জম্মুৰ কাঠুৱা জিলাৰ ৰসনা গাঁৱত ঘটা নৃশংস হত্যা-ধৰ্ষণৰ ঘটনাটোক লৈ কাঠুৱা চহৰ তথা জিলাখনতে বহু সংখ্যক হিন্দু ৰাইজে অভিযুক্ত কেইজনক জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিছাকৈ ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰা বুলি দাবী কৰি যি তীব্ৰ আন্দোলন চলাই আছিল, সেয়া প্ৰত্যক্ষ কৰি আমি ভাৰতবাসীৰ লগতে আজি সমগ্ৰ বিশ্ব ঘৃণাত শিয়ঁৰি উঠিছে। কাঠুৱাৰ উকীল সংস্থায়ো আদালতত গোচৰটোৰ অগ্ৰগতিত বাধা দি সকলোৰে ঘৃণাৰ পাত্ৰ হৈছে। যদিও এখন জিলাক সাধাৰণতে কাঠচিতীয়া বোলা উচিত নহয়, এইক্ষেত্ৰত তাৰ বৃহৎ সংখ্যক লোকে যি কৰিছে তাক লক্ষ্য কৰি তেনেকৈ কোৱাটো ভুল নহ’ব। এনে এক অবিশ্বাস্য, ঘৃণনীয় আন্দোলন কেনেকৈ জনপ্ৰিয় হ’ব পাৰিলে তাকে বুজিবলৈ সামান্য চেষ্টা কৰিছোঁ।

কাশ্মীৰ উপত্যকাৰ পৰা কাশ্মীৰী হিন্দু পণ্ডিতসকলক দুই দশক মানৰ আগতে কাশ্মীৰী উগ্ৰপন্থীৰ দ্বাৰা বিতাড়িত হোৱাৰ পিছৰে পৰা একে জনগোষ্ঠীৰ জম্মুবাসী কাশ্মীৰী হিন্দুসকলে আতংকত ভুগি ৰছীকে সাপ যেন দেখিবলৈ লৈছে। সেয়ে নিৰীহ জনজাতীয় গুজ্জৰ-বকৰৱাল পশুপালক সকলে প্ৰতি শীতকালত পশুবোৰ লৈ জম্মুৰ সমতল ভূমিলৈ আহি ছাউনী পতাৰ অতি পৰম্পৰাগত চিনাকি প্ৰক্ৰিয়াটোতো তেওঁলোকে আৱিষ্কাৰ কৰিছে কাশ্মীৰী হিন্দু সকলক জম্মু অঞ্চলতো সংখ্যালঘু কৰি তুলি বিতাড়ণ কৰাৰ কাশ্মীৰী-পাকিস্তানী মিলিত ষড়যন্ত্ৰ!

অথচ প্ৰধানকৈ ছিয়া ধৰ্মী গুজ্জৰ-বকৰৱাল সকল ছুন্নী উগ্ৰপন্থীৰ কাশ্মীৰী-পাকিস্তানী উগ্ৰপন্থাৰ অংশীদাৰ হোৱাটো অকল্পনীয় কথা। কাহানিও এইসকলে কাশ্মীৰী উগ্ৰপন্থাত, কাশ্মীৰী বিচ্ছিন্নতাবাদৰ সমৰ্থনত যোগ দিয়াও নাই। তদুপৰি ছুন্নী উগ্ৰপন্থী মৌলবাদী বিচাৰধাৰাত ছিয়াসকল সদায় ঘৃণা আৰু প্ৰত্যাখ্যানৰ পাত্ৰ হৈয়ে আহিছে।

এনেকৈ ভুল ধাৰণাৰ বলি হৈ “বকৰৱাল খেদা” আন্দোলনক জম্মুবাসী হিন্দু সকলে এক জাতীয় সংগ্ৰাম হিচাপে গ্ৰহণ কৰিছে। সেয়ে যেতিয়া এক অবিশ্বাস্য, অকল্পনীয় ধৰণৰ গোচৰত কেইবাজনো বিভিন্ন বয়সৰ কাঠুৱাবাসী হিন্দু লোক কাশ্মীৰী আৰক্ষীৰ দ্বাৰা অভিযুক্ত হ’ল, তেওঁলোকে তাক কাশ্মীৰী আৰক্ষীৰ কাশ্মীৰী-হিন্দু বিৰোধী ষড়যন্ত্ৰৰ বাদে আন একো বুলি ভাবিব নোৱাৰিলে (যদিও কেইবাগৰাকী কাশ্মীৰী হিন্দু আৰক্ষী বিষয়াই তদন্তত আগভাগ লৈছে)। আততায়ীৰ ঘৰৰ মানুহে যেনেকৈ প্ৰায়ে বিশ্বাস কৰিব নোৱাৰে যে তেওঁলোকৰ আপোন মানুহজনে জঘন্যতম অপৰাধ কৰিছে, এই আততায়ী কেইজনৰ জীয়েক/মাক আদি আত্মীয় তথা ওচৰ-চুবুৰীয়াৰ ক্ষেত্ৰতো বোধহয় একেই ঘটিল, লাগিলে এই ক্ষেত্ৰত থকাৰ দৰে যিমানে অকাট্য প্ৰমাণ হাজিৰ নাথাকক কিয়।

নহয়, বোধহয় কেৱল অভিযোগত অবিশ্বাসেই নহয় – নিজৰ সুদীৰ্ঘ জীৱন কালটোত অসম জুৰি কেইবাখনো নৰক দেখি অহা এজন আদহীয়া অসমীয়া হিচাপে মই আৰু বহুত কিবা কিবি বুজি পাইছোঁ। মনত পৰিছে ১৯৮০ চনৰ আগভাগত উত্তৰ কামৰূপৰ গ্ৰামাঞ্চলত নিৰীহ বঙালীসকলৰ ওপৰত এচাম আন্দোলন সমৰ্থক অসমীয়া যুৱকে কৰা বীভৎস অত্যাচাৰ-হত্যাৰ সম্পৰ্কে গুৱাহাটীৰ এক বুদ্ধিজীৱী পৰিয়ালৰ নাৰী এগৰাকীয়ে মোৰ মাৰ আগত কৰা আপত্তি – “আমাৰ ল’ৰা হতে বাৰু অলপ অত্যাচাৰ কৰিলেই, নিৰুপমা বৰগোহাঞি বাইদেৱে নো তাৰ কিয় প্ৰতিবাদ কৰিব লাগে?” নিজৰ জনগোষ্ঠীৰ মানুহে আন জনগোষ্ঠীৰ মানুহৰ ওপৰত কৰা অত্যাচাৰ বেয়া নোপোৱা এনে ভয়াবহ পৰিস্থিতিতে হোমেন বৰগোহাঞি দেৱে ৰচিছিল বিখ্যাত “অশ্ৰুৰ উৎস যেতিয়া শুকাই যায়” প্ৰৱন্ধটো।

সেয়ে বকৰৱাল বিতাড়ণৰ স্বাৰ্থত (আমাৰ কিমান জনে ফেচবুকতে ম্যানমাৰ মডেলেৰে এটা জনগোষ্ঠীক বিতাড়ণৰ সপোন দেখি আছে মই জানো) আঠ বছৰীয়া মৰমলগা ছোৱালী এজনীক কেইবাদিনো ড্ৰাগছ খুৱাই আধা চেতন কৰি ৰাখি তাৰ পিছত মাৰি পেলাই জনগোষ্ঠীটোক আতংকগ্ৰস্ত কৰাৰ প্ৰৌঢ় অৱসৰপ্ৰাপ্ত চাকৰিয়ালজনৰ উৰ্বৰ মস্তিষ্কৰ পৰিকল্পনাটোক যে কাঠুৱা তথা জম্মু বাসী হিন্দু কাশ্মীৰী ৰাইজে তথা নেতৃত্বই (একাধিক দলৰ!) যে আগতেই বুজি পোৱা নাছিল সেয়া ঠিক সম্ভৱ নহয়। আনকি পৰিকল্পনাত ভাগ লোৱা উদণ্ড এচামৰ মানসিক বিকৃতিৰ বাবে যে সেই ঘটনাই শিশুৰ গণ-ধৰ্ষণৰ পৰ্যায় পালেগৈ, তাকো “আমাৰ ল’ৰাহতঁৰ বেছি বেছি” বুলিয়ে তেওঁলোকে ক্ষমাৰ চকুৰে চাবলৈ সাজু সেয়াও বুজিব পৰা গৈছে।

আশা কৰোঁ, ধৰ্ষণকাৰী-হত্যাকাৰী-পৰিকল্পনাকাৰী সকলে যথোচিত শাস্তি পাব‌। কিন্তু যিসকল ৰাইজ আৰু যিসকল নেতাই প্ৰকৃত সত্যক বুজি পায়ো (নুবুজা সকলৰ কথা কোৱা নাই) নিজৰ জনগোষ্ঠীৰ বুলিয়ে সেই আততায়ীহঁতক বচাবলৈ ইচ্ছা কৰিছে সেই নৰাধমহঁতক কোনে, কোন আইনে ফাচি বা যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰিব? অথচ তেওঁলোকৰ পাপ জানো কম?

সেয়ে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হব লাগে যে সাম্প্ৰদায়িক বিদ্বেষৰ তথা হিংসাৰ পথেৰে আমি নাযাওঁ। এই পথ বৰ পিছল, বৰ ভয়ংকৰ, বৰ দ খাৱৈৰে ভৰা। এই পথেৰে গৈ আমি এনে এঠাই পাবগৈ য’ত নিজকে দেখি নিজেই আতংকত উচপ খাই উঠিম! আৰু লগতে, এইটোও নিশ্চিত যে এই পথত তেজ, মৃত্যু আৰু হত্যাৰ বাদে আন একো নাপাম। কিয়নো তেজৰ উত্তৰ সদায় তেজেৰেই আহে, হত্যাৰ উত্তৰ হত্যাৰেই!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে