চ’ৰাঘৰ / সমকাল / দিল্লীত অসমীয়াৰ জীৱন-মৰণৰ শুনানি৷৷ শিৱজিৎ দত্ত৷৷

দিল্লীত অসমীয়াৰ জীৱন-মৰণৰ শুনানি৷৷ শিৱজিৎ দত্ত৷৷

 

বিশ্বৰ মঞ্চত জীয়াই থকাৰ যোগ্যতা অসমীয়া জাতিৰ আছেনে? ১৭ এপ্রিলত দিল্লীত অসমীয়া জাতিৰ বিনাশ বা বিকাশৰ চূড়ান্ত আখৰাৰ। কথাটোৱে অসম তোলপাৰ কৰিব লাগিছিল। সিদিনা পুৱাই অসমীয়া বাতৰিকাকতত দেখিলোঁ ৰঙালীৰ উছাহ’ক লৈ বিৰাট ডাঙৰ হেডলাইন। কিন্তু, হিন্দু বাংলাদেশীৰ নাগৰিকত্বক লৈ সিদিনা দিল্লীত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানি বিষয়ক খবৰ প্ৰকাশ কৰা হৈছে এটা চুকত। অসমৰ ভাগ্য সলাব খোজা এই সমিতিৰ শুনানি হ’ব লাগিছিল অসমত, হৈছে দিল্লীত। তাৰিখ লোৱা হৈছে বিহুৰ মাজত, যাতে ঢোল-পেপা-গগনাত মতলীয়া অসমীয়াই তত ধৰিব নোৱৰাকৈয়ে কামফেৰা হৈ যায়। শুনানিলৈ ১৪টা সংগঠনক মাতিছে। কোনো কোনো মাধ্যমত ১৮টা সংগঠন উপস্থিত আছিল বুলি প্রকাশ। জাতিৰ জীৱন-মৰণৰ প্রশ্ন জড়িত এই বিষয়টো সন্দৰ্ভত পুংখানুপুংখ খবৰৰ পুনঃ পুনঃ প্ৰচাৰ নোহোৱাত অথবা পর্যাপ্ত প্রচাৰ নোহোৱাত সচেতন লোকৰ হাততো উপস্থিত সংগঠনৰ সংখ্যাক লৈ নিশ্চিত তথ্য নাই।

আমাৰ স্থিতি যদি এনেকুৱা হয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়ে যদি দিয়ক, কিন্তু কেৱল অসমৰ ওপৰত জাপি নিদি অন্যান্য ৰাজ্যত ভগাই দিয়ক, তেন্তে হাতৰ কুঠাৰ ভৰিত মৰাহে হ’ব। কাৰণ, কৌশলগত কাৰণতে জে পি চিয়ে কথাটো মানি লোৱা যেন দেখুৱাই আইনখন পাক্কা কৰি পেলাব। আইনমতে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি ল’ব পাৰিলে তেওঁলোক ভাৰতীয় নাগৰিক হ’ব আৰু পিছলৈ কিছু পলমকৈ ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক আকৌ অসমতেই সংস্থাপিত কৰিব। গতিকে, আমি এনে স্থিতিহে ল’ব লাগে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্রদান সংবিধানবিৰোধী আৰু গণতন্ত্র প্রতিকূল। অগত্যা কেন্দ্ৰৰ চালাকিৰ সমুখত আকৌ এবাৰ (নহয়, শেষবাৰৰ বাবে) অসমীয়া জাতিয়ে ঠগ খোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিব। গতিকে, কিছুদিনৰ ভিতৰতে অসমীয়া জাতি বিশ্ব মানচিত্ৰৰ পৰা । হেৰাই যোৱাটো অৱধাৰিত হৈ পৰিব।

সৌভাগ্যৰ কথা যে ১৭ এপ্রিলৰ শুনানিত উপস্থিত থকা আটাইকেইটা সংগঠনে এই বিধেয়কৰ বিৰোধ কৰা বুলি শুনা গৈছে। তেওঁলোকে হেনো কৈছে যে এই বিধেয়কে অসম চুক্তি ভংগ কৰিব, এই বিধেয়ক আইনত পৰিণত হ’লে অসম নানাধৰণে ক্ষতিগ্রস্ত হ’ব আৰু এই বিধেয়কে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব খোজাটো অসাংবিধানিক। কথাখিনি তেওঁলোকে শুনানিৰ পিছত সংবাদ মেল সম্বোধন কৰিও আকৌ এবাৰ দোহাৰিছে বুলি শুনিবলৈ পাইছোঁ। যদিহে কথাটো হয়, তেন্তে ক’ব লাগিব যে অসমীয়া জাতিৰ বাবে তেওঁলোকে ঐতিহাসিক ভূমিকা পালন কৰিছে। অৱশ্যে জাতি ৰক্ষাৰ সংগ্ৰামৰ এয়া আৰম্ভণিহে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬খনৰ চৰিত্ৰ সাম্প্রদায়িক, অগণতান্ত্রিক, সংবিধানবিৰোধী আৰু অসমবিৰোধী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্রদানে সংবিধানৰ লগতে ভাৰতীয় গণতন্ত্রৰ মুল বৈশিষ্ট্য অর্থাৎ ধর্মনিৰপেক্ষতাত মোক্ষম আঘাত হানিব। ই হৈছে হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ পথত এক সুকৌশলী পদক্ষেপ। এবাৰ যদি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি ল’ব পৰা যায়, তেন্তে সেই উদাহৰণক সাৰথি। কৰি ইয়াতকৈয়ো ডাঙৰ আৰু ভয়াৱহ পদক্ষেপ লৈ ভৱিষ্যতে সংবিধানৰে সংশোধন ঘটাই আইনী প্রক্রিয়াৰেই ধর্মনিৰপেক্ষতাৰ। কথাবোৰ আঁতৰাই দিবৰ বাট মুকলি হ’ব। কাৰণ সাধাৰণতে ভৱিষ্যতৰ আইনৰ বাবে পূৰ্বৰ আইন পাঠেয় হৈ থকা দেখা যায়।

এচামে অসমবাসীক উদ্ভট যুক্তিৰে এইবুলি ফুচুলাইছে যে হিন্দু বাংলাদেশীৰ সংস্থাপনে হিন্দুৰ সংখ্যা বঢ়াই অসমীয়া জাতিক বাংলাদেশী মুছলমানৰ আগ্রাসনৰ পৰা ৰক্ষা কৰিব। কথাটো গোকাট মিছা আৰু ভিত্তিহীন। ধর্মভিত্তিক ‘জাতিৰ ধাৰণা মধ্যযুগীয়। কিন্তু আধুনিক জাতিৰ আধাৰ ধর্ম নহয়, ভাষা-সংস্কৃতি আদিহে। মনত ৰখা ভাল যে ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত বাংলাভাষীৰ সংখ্যা প্রায় ২৮ শতাংশ আৰু অসমীয়াভাষীৰ সংখ্যা প্রায় ৪৮ শতাংশ। ২০১১ চনৰ লোকপিয়লত বাংলাভাষী তাতোকৈ বাঢ়িছে আৰু অসমীয়াভাষী তাতোকৈ কমিছে। অসমীয়াভাষীৰ এই সংখ্যাটোৱো আহিছে অভিবাসী মুছলমানে নিজকে অসমীয়াভাষী বুলি পৰিচয় দিয়া গুণেহে। হিন্দু বাংলাদেশীৰ সংখ্যা বৃদ্ধিয়ে অচিৰেই অসমীয়াভাষীক ভাষিক সংখ্যালঘুত পৰিণত কৰিব আৰু স্বাভাৱিকভাৱেই বাংলা অসমৰ ৰাজ্যভাষা হোৱাৰ থল থাকিব। অসমীয়াই দুৰলৈ ঠেলি থকা অভিবাসী মুছলমানে নিজকে বাংলাভাষী বুলি পৰিচয় দিলে উক্ত বিপদ কাঁড়ৰ গতিৰে আহি উপস্থিত হ’ব। তেতিয়া বিশ্বৰ ইতিহাসত বহু ভাষা হেৰাই যোৱাৰ দৰে অসমীয়াও হেৰাই থাকিব। মনত ৰখা ভাল যে ইতিহাসত আজিলৈ ধৰ্মৰ মৃত্যু হোৱা নাই, কিন্তু হাজাৰ হাজাৰ ভাষাৰ বিলয় ঘটিছে।

এই সংশোধনীয়ে অসম চুক্তিৰো মুল কথাটোক নাকচ কৰি চুক্তিখন অসাৰ কৰিব বিচাৰিছে। চুক্তিমতে ১৯৭১ চনৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে নলয়। এই সংশোধনীয়ে এই মূল দফাটোকে উৰাই দিব খুজিছে। আছু আৰু অসম গণ পৰিষদে যেন বাহিৰত দেখুৱাই কেটেৰাই মাতিছে, কিন্তু ভিতৰি বিজেপিৰ বেথা এৰিব পৰা নাই। অসম গণ পৰিষদে হুংকাৰ দিছে যে বিধেয়কখন আইনত পৰিণত হ’লে সমর্থন এৰি দিব। আৰে! সেইখন আইন হৈ যোৱাৰ পিছত, অসমীয়া জাতিৰ শ্মশান যাত্রা সমাপ্ত হোৱাৰ পিছত, তোমালোক বিজেপিৰ লগত থাকিলাই বা নাথাকিলাই, তাত কাৰ কি আহে যায়?

কোৱা হৈছে যে ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল— গতিকে পাকিস্তান, বাংলাদেশ আদিৰ নিপীড়িত হিন্দু মানুহৰ প্রতি আমাৰ দায়িত্ব আছে। এইটো অনৈতিহাসিক দাবী। কাৰণ, ধৰ্মৰ ভিত্তিত জিন্নাই পাকিস্তান সৃষ্টি কৰিছিল সঁচা, কিন্তু সেই সময়ত সকলো হিন্দু আৰু সকলো মুছলমানে দেশবিভাজন বিচৰা নাছিল। গণমাধ্যমৰ প্ৰসাৰ নঘটা সেই সময়ত বহু লোকে গমেই পোৱা নাছিল দেশত কি ঘটি আছে, বহুতে নিজৰ মত প্রকাশ কৰাৰ সুযোগেই পোৱা নাছিল। এক মুছলিম দল আৰু এক মুছলিম নেতাৰ কাম-কাজৰ বাবে সকলো মুছলিমক জগৰীয়া কৰিব নোৱাৰি। সৰহসংখ্যক হিন্দু-মুছলমান আছিল ওপৰৰ পৰা কোনোবাই জাপি দিয়া সিদ্ধান্ত আৰু পৰিস্থিতিৰ অসহায় ক্রীড়নক। আজি জে পি চিৰ আগত মই নিবিচৰা কথা এটা যদি সংগঠনসমূহৰ নেতৃত্বই কৈ আহে, তেন্তে তাৰ বাবে মই দায়ী হম নেকি?

এক ঐতিহাসিক দুর্ভাগ্যৰ মাজেদি দেশ বিভাজন হ’ল। কিন্তু বিভাজনৰ পিছত ভাৰত, পাকিস্তান, বাংলাদেশ আদি পৃথক পৃথক দেশ। প্রত্যেক দেশৰ নাগৰিকৰ দায়িত্ব সেই দেশৰ চৰকাৰে ল’ব। হিন্দু বুলিয়ে বিদেশী নাগৰিকক লৈ আইন প্রণয়ন কৰিবলৈ যোৱাটো গণতন্ত্রবিৰোধী, অসাংবিধানিক আৰু দৃষ্টিকটুভাৱে সাম্প্রদায়িক। হাড়ৰ মজ্জাত সাম্প্রদায়িকতাৰ বীজ সোমাই থকা মানুহৰ মগজুত এই আধুনিক, গণতান্ত্রিক কথাৰ প্ৰৱেশ অৱশ্যেই নিষেধ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে