চ’ৰাঘৰ / সমকাল / বিহুনামত ভেদাভেদৰ বিপৰীতে সমন্বয় আৰু ঐক্য৷৷ ভবেশ নাথ৷৷

বিহুনামত ভেদাভেদৰ বিপৰীতে সমন্বয় আৰু ঐক্য৷৷ ভবেশ নাথ৷৷

জাতীয় সংস্কৃতিৰ ৰূপ পোৱা, অসমৰ হিয়াৰ আমঠু , আমাৰ বাপতি সাহোন ‘বিহু’ এক কৃষিভিত্তিক উৎসৱ হ’লেও কেৱল মাত্ৰ কৃষিকেন্দ্ৰিক কথা-বতৰাতেই আমাৰ ‘বিহু’টো সীমাবদ্ধ হৈ থকা নাই। বিহুনামবোৰত প্ৰতিফলিত হোৱা সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিয়ে এই কথাৰেই ইংগিত দিয়ে। সেইবাবেই লোকসংস্কৃতিৰ গৱেষক, গণশিল্পী হেমাংগ বিশ্বাস দেৱে বিহু সম্পৰ্কত কৈছিল— “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত সি নাই বিহুগীতত। চৰাই- চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ লোক সংগীতত বিৰল। বিহুগীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ।” সচাকৈয়ে অপূৰ্ব সৌন্দৰ্য্যৰে ভৰপূৰ, অশিক্ষিত গ্ৰাম্য কৃষিজীৱী চহা লোকৰ মুখ বাগৰি বাগৰি আহি আজিৰ অৱস্থা পোৱা বিহুনামবোৰ অসমীয়া লোক সাহিত্যৰ এক অনৱদ্য অৱদান। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি জাত-পাত বিৰোধিতা, সামন্তবাদৰ বিৰোধিতা, দৰিদ্ৰতা, সমন্বয়, জনগোষ্ঠীয় ঐক্য, নদ-নদী, পাহাৰ-পৰ্বত, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঐতিহ্য প্ৰসিদ্ধ ঠাই আদি বিভিন্ন বিষয় বিহুনামবোৰত পূৰ্বৰে পৰা প্ৰতিফলিত হৈ আহিছে।

‘বিহু’ সকলো জাতি-জনগোষ্ঠী, সকলো সম্প্ৰদায়, সকলো শ্ৰেণীৰ মানুহৰ মাজতে জনপ্ৰিয় হৈ পৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হৈছে বিহুৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ তথা ইয়াৰ জাত-পাত বিৰোধী স্থিতি। এই প্ৰসংগত  হেমাংগ বিশ্বাস দেৱে  কৈছে—”ধর্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্রমশীল জীৱনৰ প্রতি অসীম মমতা৷” বিহুৰ দৰ্শন প্ৰকৃততে এয়াহে। সেয়েহে  বিহুনামবোৰতো তেনেকুৱা বিশেষ ধৰ্মীয় প্ৰভাৱৰ কথা পোৱা নাযায়। যি অলপ অচৰপ ধৰ্মীয় প্ৰভাৱ বিহুনামবোৰত প্ৰতিফলিত হোৱা দেখা যায়, সেইখিনি মূলত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰভাৱৰ পৰাহে অহা বুলি বিহু বিশেষজ্ঞ তথা লোকসংস্কৃতিৰ গৱেষক সকলে ক’ব খোজে। এই ক্ষেত্ৰত বিহু বিশেষজ্ঞ , বিশিষ্ট লিখক ইছমাইল হুছেইন দেৱৰ বক্তব্য এনেধৰণৰ—” ৰঙালী বিহুৰ মূলগত বা শিপাজনিত দিশটো পৰিবেশন পদ্ধতিৰ সৈতে জড়িত। কাৰণ ৰঙালী বিহুৰ নাচ আৰু বাদ্যৰ সৈতে পৰিবেশন কৰা বিহুনাম বা বনঘোষাৰ ঐতিহ্যগত চৰিত্ৰ আৰু বৈশিষ্ট্যৰ বিচাৰ কৰিলে দেখা যায় যে এইবোৰত মূলতঃ প্ৰকৃতি, প্ৰেম, জাতীয় ঐতিহ্য, আনন্দ , বিষাদ আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে।…. হুঁচৰি নামত যিখিনি ধৰ্মীয় প্ৰভাৱ পৰিছে, সেইখিনি মূলত শংকৰী ধৰ্ম আৰু সংস্কৃতিৰহে প্ৰভাৱ ….. ।” অৰ্থাৎ বিহুনামবোৰত প্ৰতিফলিত হোৱা ইয়াৰ চৰিত্ৰগত বৈশিষ্ট্য ই প্ৰমাণ কৰে যে বিহু পূৰ্বৰে পৰা  ধৰ্মীয় প্ৰভাৱৰ পৰা মুক্ত আছিল। তাদুপৰি, এইখিনি সময়ত সমগ্র ভাৰতবৰ্ষত নতুন বছৰক আদৰাৰ বিভিন্ন বসন্তকালীন উৎসৱ পালন কৰা হয়। কিন্তু সেইসমূহ উৎসৱত ধৰ্ম কিবা নহয় কিবা প্ৰকাৰে জড়িত, যিটো বিহুৰ ক্ষেত্ৰত ব্যতিক্ৰম। আনহাতে সৰ্বভাৰতীয় পৰ্যায়ত পালিত হোৱা বিভিন্ন উৎসৱ যেনে- দূৰ্গাপূজা, দীপান্বিতা, ফাকুৱা, ষট পূজা, গণেশ পূজা আদিবোৰো মূলত ধৰ্মকেন্দ্ৰিক। বিপৰীতে বিহুত এই উৎসৱবোৰৰ দৰে ধৰ্মকেন্দ্ৰীক চৰিত্ৰ বিচাৰি পোৱা নাযায়। বৰঞ্চ ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, দেৱতা-,উপদেৱতা , ইহকাল- পৰকাল আদিৰ প্ৰভাৱৰ পৰা ‘বিহু’ মুক্তহে হোৱাহে দেখা যায়।

বিহুৰ ধৰ্মনিৰপেক্ষ তথা জাত-পাত বিৰোধী স্থিতিৰ উমান পোৱা যায় বিহুনামবোৰত । জাত-পাত, সাম্প্ৰদায়িকতাৰ বিপৰীতে ‘বিহু’ ৱে সদায় সমন্বয়  আৰু ঐক্যৰহে পোষকতা কৰি আহিছে। উদাহৰণস্বৰূপে বিহুনামত পোৱা যায় ––
” পাহাৰো আমাৰে          ভৈয়ামো আমাৰে
‎             বৰলুইত মিলনৰ সাকো,
‎  অতিকে চেনেহৰ           ব’হাগৰ বিহুটি
‎             নেপাতি কেনেকৈ থাকোঁ। ”

ইয়াত , পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিৰ প্ৰসংগ অনা হৈছে। অসমৰ মাজেৰে বৈ যোৱা ‘লুইতখন’ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন, সেই অৰ্থকেই বুজাব বিচৰা হৈছে বিহুনামটোৰ জৰিয়তে।
আকৌ,
” লুইতৰ চাপৰিত           কহুৱা ফুলিলে
‎             ফুলিলে শিমলু ফুল,
‎আই অসমীয়ে               সবাকো আদৰে
‎           নিবিচাৰি জাতি কুল।”

বিহুনামটোত জাত-পাত , সম্প্ৰদায়ৰ উৰ্দ্ধত ৰখা হৈছে আই অসমীক। অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক জাতি, ধৰ্ম, ভাষা, নিৰ্বিশেষে আই অসমীয়ে একতাৰ ডোলেৰে বান্ধি ৰাখিব বিচাৰে। অসমবাসীৰ উদাৰতা , সকলোকে আপোন কৰি লব বিচৰা প্ৰৱণতাৰ কথা বিহুনামটোত প্ৰকাশ পাইছে।
ঠিক তেনেদৰে পাহাৰ ভৈয়ামৰ ঐক্য বিচাৰি বিহুনামত গোৱা হৈছে এনেদৰে––
” পৰ্বতত চৰিলে             আজলী হৰিণী
‎              ভৈয়ামত চৰিলে গাই,
‎  পৰ্বত – ভৈয়ামৰ           সমধ নিছিঙিবি
‎             আমাৰ একেজনী আই। ”

একেধৰণে বিহুনামত পোৱা যায়––
” হাবিতে জিলিকে          কপৌফুলৰ থোপা
লুভীয়া ডেকালৈ চাই,
নানা জাতি মিলি           বিহু পাতিছো
‎             ভাঙোতা কোনোৱে নাই। ”

ঠিক সেইদৰে,  পাহাৰ আৰু ভৈয়ামত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সমিলমিলেৰে গঢ় লৈ উঠা অসমীয়া জাতিসত্তাক একগোট হবলৈ আহ্বান জনাই বিহুনামত গাইছে––
” পাহাৰৰ জুৰিটি          ভৈয়ামলৈ নামে
‎              কঢ়িয়াই মৰমৰ সোত,
‎বুৰঞ্জীৰ পাতকে             উজ্জ্বলাই তোলা
‎              গঢ়ো এই একতাৰ গোট। ”

এনেদৰে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰতিচ্ছবি অনেক বিহুনামত পোৱা যায়।

সমাজৰ জাত-পাত কেন্দ্ৰিক ৰক্ষণশীলতাৰ বিপৰীতে প্ৰতিবাদী সত্তাও প্ৰতিফলিত হৈছে বিহুনামত—
” চ’তে গৈয়ে গৈয়ে             ব’হাগে পালেহি
‎               ফুলিলে বাবৰি ফুল,
‎   তোমাৰে লগতে               মৰো যদি মৰিম মই
‎              এৰি যাম নিজৰে কুল।”

ইয়াত, নিজৰ জাতি, বংশ মৰ্যদা, সমাজৰ ৰক্ষণশীলতাক নেওচি প্ৰিয়জনক পাবলৈ হাবিয়াস কৰিছে প্ৰেয়সীয়ে। সমাজৰ জাত-পাত কেন্দ্ৰীক নিয়ম নীতিৰ বিৰুদ্ধে ইয়াত প্ৰেয়সী এক প্ৰতিবাদী সত্তা হিচাপে মূৰ্ত হৈ উঠিছে। একেদৰে প্ৰচলিত জাত-পাতৰ ব্যৱধান, বাধা-নিষেধলৈ বে-পৰোৱাভাৱে প্ৰত্যাহ্বান জনাই বিহুনামত গোৱা হৈছে এনেদৰে––
” তোমালৈ চাওঁতে           জপনা দিওঁতে
‎               বিন্ধিলে অঘৈয়া হুলে,
‎  তোমাৰ মন গ’লে           মোৰো মন গ’লে
‎              কি কৰিব কলিতা কুলে। ”

কোনোবা উচ্চ বংশৰ ডেকা কোনোবা নিম্ন বংশৰ গাভৰুৰ ৰূপ-যৌৱনত আকৃষ্ট হৈ সমাজত চলি থকা জাত-পাত, ৰক্ষণশীল নীতিৰ বাবেই আকোঁৱালি ল’ব নোৱাৰাৰ কথাও বিহুনামত প্ৰকাশ পাইছে। নিজৰ আপোন জনক পাবলৈ হাবিয়াস কৰিও সমাজৰ এনে বান্ধোনৰ বাবেই নিজৰ প্ৰিয়জনক পাবলৈ সক্ষম নোহোৱাৰ বেদনা বিহুনামত পোৱা যায় এইদৰে ––
” ফুলনিবাৰীলৈ           চাইনো পঠিয়ালো
‎           কোনপাহি ধুনীয়া ফুল,
‎তোমাৰে লগতে          দেহা দিলোঁহেতেন
‎          তুমি হ’লা অজাতি কুল।”

একেদৰে , প্ৰচলিত সমাজ খনৰ জাত -পাত, উচ্চ-নীচ, ভেদভাৱ আদিক আক্ষেপ কৰি বিহুনামত গাইছে––
” ধনশিৰি দলংখন             বান্ধিলে চেনাইকণ
‎              লোহাৰে শলখা মাৰি,
‎  আমাকে ভেটিলে              সমাজৰ বান্ধোনে
‎              দুটি দেহা দুফাল কৰি। ”

আকৌ , বিহুনামত পোৱা যায়––
” জাজী নৈক ভেটিলে             জেঙে ঐ জাৱৰে
‎              লুইতক ভেটিলে কোনে,
‎  আমাক ভেটিছে              সমাজৰ বান্ধোনে
‎              মনকনো ভেটিব কোনে।”

অৰ্থাৎ,  সমাজৰ নিয়ম নীতিয়ে কায়িকভাৱে দুটা শৰীৰকহে ক্ষণিক সময়ৰ বাবে মিলন হোৱাত বাধা দি ৰাখিব পাৰে। কিন্তু মনৰ মিলনক সমাজৰ ৰক্ষণশীল নীতিয়ে কোনোকালে বেছিদিনলৈ বাধা দি ৰাখিব নোৱাৰে। সেই মনৰ মিলনেই হয়তো ৰক্ষণশীল সমাজ খনৰ জাত-পাত কেন্দ্ৰীক নিয়ম নীতিৰ বিৰুদ্ধে এটা সময়ত প্ৰতিবাদী কণ্ঠ হৈ উঠিব; সেই ভাবাৰ্থকেই মূলত প্ৰকাশ কৰিব বিচৰা হৈছে বিহুনামটোৰ জৰিয়তে।

আকৌ, জাত-পাত বিৰোধী স্থিতিৰ বিপৰীতে সমন্বয় আৰু ঐক্যৰ মনোভাৱ বিহুনামত প্ৰকাশ পাইছে এইদৰে––
” কমাৰে সজালে            দাহেকৈ কটাৰী
‎              কুমাৰে সাজিলে চৰু,
‎ তোমাৰে আমাৰে            নাই ভেদাভেদ
‎              একেটি গোহাঁলিৰ গৰু।”

সেইদৰে, গ্ৰাম্য সমাজখনত বিহুৰ জৰিয়তে ঐক্যৰ ভাৱ সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ নিদৰ্শনো বিহুনামত পোৱা যায় । উদাহৰণস্বৰূপে ––
” চোতালে চোতালে              আমি বিহু মাৰো
‎                বিহুনাম হুঁচৰি গাই,
‎   গয়া -গিয়াতিয়ে                 নাচো লগে ভাগে
‎               আমাৰ যে ভিন-পৰ নাই। ”

মানুহ হিচাপে আমাৰ জাতি এটাই , সেয়া হৈছে ‘মানৱ জাতি’। ধৰ্ম, জাত-পাত, সম্প্ৰদায়ৰ জৰিয়তে মানুহক শ্ৰেণীবিভাজন কৰিব যোৱাৰ প্ৰৱণতা সমাজ জীৱনৰ বাবে শুভলক্ষণ নহয়। বিভেদকামী মানসিকতাই জাতীয় ঐক্যক সদায় বিনষ্টহে কৰে। এনে প্ৰতিচ্ছবি তুলি ধৰিয়েই মানৱীয়তাৰ জয়গান বিহুনামত গোৱা হৈছে এইদৰে––
” তগৰো ফুলিলে          নাহৰো ফুলিলে
‎              বিৰিখে সলালে পাত,
‎ আমাৰনো দেশতে        ন ফুল ফুলিলে
‎              মানুহৰ একেটি জাত। ”

জাত-পাত, সমাজৰ ৰক্ষণশীল নীতি-নিয়মৰ বিৰুদ্ধে বিহুৰ ‘ঐক্য আৰু সমন্বয়’ কেন্দ্ৰিক স্থিতিৰ বাবেই আদিম জনজাতীয় সমাজৰ পৰা উদ্ভুত হোৱা বিহুটোৱে  সকলোৰে মন-প্ৰাণ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়তো বিহুৰ এনে এক স্থিতিৰ প্ৰাসংগিকতা পূৰ্বতকৈ হয়তো অধিক বৃদ্ধিহে পাইছে। কিয়নো বৰ্তমান সময়ত দেখা গৈছে যে সমগ্র অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ‘অসমীয়া’ বুলি নিজকে চিনাকি দিয়াৰ প্ৰৱণতা পাহৰি পৰিচিতিসত্তাৰ ৰাজনীতিৰ বোকোচাত উঠি বিছিন্নতাবাদী মানসিকতাৰেহে নিজকে চিনাকি দিবলৈ প্ৰয়াস কৰিছে। এনে মানসিকতাই নিশ্চিতভাৱে বৃহত্তৰ অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়াক বাধা আৰোপ কৰিব‌ । বিপৰীতে ‘বিহু’ তথা ‘বিহুনাম’ বোৰত প্ৰতিফলিত হোৱা সমন্বয় আৰু ঐক্যৰ বৈশিষ্ট্য ই সদায় সমিলমিলেৰে বৃহৎ অসমীয়া জাতি গঠনৰ কথাহে আমাক সোৱৰাই আহিছে। যিটো সময়ত ধৰ্ম, জাত-পাত, উচ্চ-নীচ আদিৰ প্ৰভাৱত সমাজ জীৱন বিশৃংখল হোৱাৰ উপক্ৰম হৈছে, সেই সময়ত বিহুনামত প্ৰতিফলিত হোৱা ঐক্য আৰু সমন্বয়ৰ বৈশিষ্ট্যসমূহক জনমানসত প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। এনে কৰিব পাৰিলেহে হয়তো ভবিষ্যতে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে এক বৃহত্তৰ অসমীয়া সমাজ গঠনৰ পৰিবেশ গঢ় দিব পৰা যাব। অন্যথা জাতীয় সংস্কৃতিৰ মৰ্যদা পোৱা আমাৰ বিহুটোৱে ইয়াৰ জাতীয় চৰিত্ৰ হেৰুৱাবলৈ বেছিদিন নালাগিব। সদৌশেষত জাতীয় উৎসৱ বিহুটোৱে সকলো সম্প্ৰদায়ৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰক, বিভেদকামী শক্তিবোৰৰ বিৰুদ্ধে ‘বিহু’  সমন্বয়ৰ প্ৰতীক হওক ; তাকেই কামনা কৰিলোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে