চ’ৰাঘৰ / কথাশিল্প / অভিমন্যু৷৷ উত্তম বৰুৱা৷৷

অভিমন্যু৷৷ উত্তম বৰুৱা৷৷

অভিমন্যু, পুৰুষে কন্দা দেখিছ কেতিয়াবা?
তেন্তে কিয় কান্দ তই?
পলে পলে বৰণ সলোৱা তেজপিয়াৰ দলে
তোক গিলি পেলাব খোজে,
আন্ধাৰত পুৰুষত্ব দেখুওৱা
সেই নপুংশকৰ দলটিক তই কৰ নেকি ভয়?

দ্ৰৌপদী মাতৃৰ বুকুৰ পিয়াহ
তই পান কৰা নাই,
মাথোঁ খোজে খোজে তই পি গৈছ
মাতৃ অপমানৰ অবিৰত হলাহল।
প্ৰতিশোধৰ দাবানলত আকণ্ঠ ডুবি
হ’ তই সংহাৰকাৰী নীলকণ্ঠ!

ক্ৰৌঞ্চ বিয়োগত কাতৰ মহৰ্ষিয়ে পুনৰ
কাপ-মৈলাম লৈ লিখক চিত্ৰগুপ্তৰ অভিসন্ধি।
বিৰহ কাতৰ ক্লান্ত মাতৃৰ শোকৰ নিদ্ৰাই
তোক জানো শুবলৈ দিয়ে?

তই জাগি উঠ হে ভ্ৰুণ,
হিংসা সন্ত্ৰাসৰ ভ্ৰুণাৱৰণ ফালি,
সপ্তৰথী নাৰায়ণীৰ অভিপ্ৰেত নাশি
জ্বলি উঠ এক বিভীষিকা হৈ,
তই অভিমন্যু,
চক্ৰবেহু তই ভাঙিব লাগিবই!!!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে