চ’ৰাঘৰ / কথাশিল্প / জুবিন যদি কমৰেড হ’লহেঁতেন৷৷ বিকাশজ্যোতি শইকীয়া৷৷

জুবিন যদি কমৰেড হ’লহেঁতেন৷৷ বিকাশজ্যোতি শইকীয়া৷৷

জুবিন যদি কমৰেড হ’লহেঁতেন

সঁচাকৈয়ে জুবিন যদি কমৰেড হ’লহেঁতেন অথবা বিপ্লৱী
কল্পনা কৰক জুবিনৰ হাতত একে ৪৭, বেগত ডায়েৰী, কলম-কাগজ, টুথপেষ্ট, ব্ৰাছ
কিছু নথিপত্ৰ, থাকি যোৱা কেইখনমান বিস্কুট, ৰেজৰ ব্লেড,
দুখনমান পুৰণি আলোচনী, পেপাৰ কাটিং

গাঁৱৰ মাজেৰে চাইকেল চলাই যেতিয়া জুবিন পাৰ হৈ গ’লহেঁতেন
পিয়াঁহত অচিনাকি মানুহ এঘৰত এগৰাকী অচিনাকী তিৰোতাক
আই বুলি মাতি পানী খুজি খালেহেঁতেন
দুপৰীয়া, আঘোণৰ দুপৰীয়া এটাত ধান দাই থকা দাৱনীৰ স’তে
ৰবাব টেঙাৰ সোৱাদ ল’লেহেঁতেন,
বহুতো চিনাকী অচিনাকী চকুৰ চাৱনিৰ মাজেৰে পাৰ হৈ যাওঁতে
জুবিনৰ পিঠিত ওলমি থাকিলেহেঁতেন এটা বেগ

গান গোৱা জুবিন, গীটাৰ বজোৱা জুবিন, বিহু গোৱা জুবিন
যদি কমৰেড হ’লহেঁতেন
হ’লহেঁতেনন যদি এটা নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য
জুবিনে জানিলেহেঁতেন খাটি খোৱা মানুহৰ জীৱনৰ বেথা
ভোক আৰু ভাগৰ, সপোন অথবা হতাশা
জোনাক ৰাতি এটাত চোতালত বহি জুবনে ক’লেহেঁতেন
চাৰু মজুমদাৰৰ নক্সালবাড়ীৰ কথা, ভিয়েৎনামৰ গেৰিলা সংগ্ৰামৰ কথা
পাঠ কৰিলেহেঁতেন নিক’লাছ গি্যেনৰ কবিতা
নেৰুদাৰ স্পেইনৰ নিহত সেনাৰ মাতৃৰ প্ৰতি সমব্যথী হৈ উঠিলেহেতেঁন

আৰু কি হ’লহেঁতেন অথবা ন’লহহেঁতেন জুবিন
জুবিন যদি কমৰেড হ’লহেঁতেন অথবা বিপ্লৱী, জুবিনৰ হাতত থাকিলেহেতেঁন
এখন গীটাৰ, জু্বিনে গালেহেতেঁন মাটি আৰু মানুহৰ গান
জুবিনৰ কণ্ঠত থাকিলেহেঁতেন পিট চিগাৰ অথবা পল ৰবচন
সহস্ব্ৰ মানুহৰ বুকুৰ ধ্বনি জীপাল হৈ জুবিনৰ গানৰ গুণগুণণি…

কি হ’লহেঁতেন জুবিনৰ ছদ্মনাম যাৰ আঁৰত এটা উন্মাদনা
কি হ’লহেঁতেন জুবিনৰ ঠিকনা যাৰ আঁৰত এটা অনুসৰণ
কি হ’লহেঁতেন জুবিনৰ দৈন্দদিন যাৰ আঁৰত এটা কুচ-কাৱাজ

অথচ জুবিন বিপ্লৱী নহয় অথবা কমৰেড, জুবিন মাথোঁ এটা ধুনীয়া চোলা
লেপটপত হাত থৈ জুবিনৰ বহুজাতিক কোম্পানীৰ ধুনীয়া হৰ্ডিং
পশ্চিমৰ পাৰফিউম জুবিনৰ খীণ কায়াত, দীঘল চুলিৰ জুবিন মুম্বাইৱালা
বতাহত জুবি্ন, উশাহত জুবিন, জুবিন যৌৱনৰ কম্পনাংক

কলপনা কৰক জুবিন যদি বিপ্লৱী হ’লহেঁতেন অথবা কমৰেড
কোনোবা এদিন খবৰ আহিলহেঁতেন,
জুবিন পৰি ৰৈছে ধাননি পথাৰত
জুবিনৰ নিষ্প্ৰাণ দেহৰ পৰা বিয়পি পৰিলহেতেঁন মাটিৰ সেই মাটিময় গোন্ধ
হয়তো এজাক বৰষুণে তিয়ালেহেঁতেন বুকুবোৰ
এটা চিয়ঁৰে ফালি থৈ গ’লহেঁতেন এই উপত্যকা

কি হ’লহেতেঁন অথবা নহ’লহেতেঁন
যদি জুবিন বিপ্লৱী হ’লহেতেঁন…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে