চ’ৰাঘৰ / সমকাল / যৌনশিক্ষাৰ বিতৰ্ক আৰু অন্যান্য৷৷ সুমন্ত কাকতি ৷৷

যৌনশিক্ষাৰ বিতৰ্ক আৰু অন্যান্য৷৷ সুমন্ত কাকতি ৷৷

একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ চমকপ্ৰদ উন্নতিয়েও আজিকোপতি দূৰ কৰিবলৈ অসমৰ্থ পশ্চাদগামী ভাৰতীয়ৰ মনৰ অন্ধকাৰ, প্ৰায়ে আলোচনাৰ তুংগত উঠা ‘বিদ্যালয়ত যৌন শিক্ষা’ৰ বিতৰ্কই ইয়াৰ জ্বলন্ত উদাহৰণ৷ সমগ্ৰ বিশ্বৰ যৌন অপৰাধৰ সূচাংকত ভাৰতবৰ্ষ এখন অগ্ৰণী দেশ, ভাৰতৰ ১৬% সন্তান- সম্ভৱা নাৰীৰ বয়স ১৪ ৰ পৰা ১৯ বছৰৰ ভিতৰত, ৪৭% কিশোৰেই প্ৰাপ্তবয়স্ক হোৱাৰ আগেয়েই দুৰাৰোগ্য যৌন ৰোগত আক্ৰান্ত হয়, স্তন কৰ্কট ৰোগীৰ সংখ্যা ভাৰততেই সৰ্বাধিক৷ তদুপৰি, ভূতৰ ওপৰত দানৱ পৰাদি জনসংখ্যা বিস্ফোৰণ৷ এইবোৰ সমস্যাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰা হয় কিশোৰ-কিশোৰীৰ কোমল, অবুজ আৰু উদ্বাউল মনোৱস্থাক৷ কিন্তু, বয়সন্ধি কালৰ এনেবোৰ সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত কোনো নিশ্চিত কাৰ্যপন্থা নাই৷ এনেবোৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ বিদ্যালয়ত পাশ্চাত্যৰ আৰ্হি অনুসৰণ কৰি যৌনশিক্ষাৰ পাঠ সন্নিবিষ্ট কৰাৰ দাবী সজোৰে উত্থাপন হৈ অহাৰ সমান্তৰালভাৱে ইয়াৰ প্ৰতিবাদত একাংশ সোঁপন্থী ৰাজনীতিক আৰু ৰক্ষণশীল লোকে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কিন্তু তাৰ মাজতে ওলমি ৰয় বিতৰ্কৰ প্ৰাথমিক ভিত্তিটো।
দৰাচলতে ভাৰতীয়ৰ অপ্ৰগতিশীল আৰু সময়ৰ দাবীক আওকাণ কৰা চিন্তাধাৰাই এইটো সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়৷ এই পশ্চাদগামী অন্তঃসাৰশূন্যতাৰ বাবেই সামাজিক প্ৰগতিৰ ক্ষেত্ৰত বাৰেপতি উজুতি খাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এইচাম লোকৰ বিষয়নিষ্ঠ ভয়ৰ মূল কাৰণ হৈছে তথাকথিত ৰক্ষণশীল ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ৷ এঁওলোকে মতপোষণ কৰে যে পাশ্চাত্য আৰ্হিত এনে শিক্ষাৰ আমদানি কৰিলে ই ভাৰতীয় পৰম্পৰালৈ সংশয় আনিব, সংস্কৃতিৰ বিভূতিত চেকা লাগিব৷ বেদ, উপনিষদ, মনু সংহিতাৰ দৰে গ্ৰন্থৰ আদৰ্শ বাক্যৰে পৰিচালিত ভাৰতীয়ই নসাৎ কৰে এনে প্ৰগতিসুলভ বিতৰ্কৰ৷ ভেংকেয়া নাইডু নেতৃত্বাধীন সংসদীয় কমিটিৰ প্ৰতিবেদন আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ শেহতীয়া মন্তব্যই ইয়াৰ প্ৰমাণ৷ বহুক্ষেত্ৰত সচেতন নাগৰিকেও ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈয়ো মুখঠেকেচা খাবলগীয়া হয় ন্যায়ালয়ৰ অন্তহীন কেৰামতালিৰ বাবে।
এইটো শিবিৰৰ মানুহে ক’ব বিচাৰে যে যৌনশিক্ষাই কোমলমতীয়া মনত নেতিবাচক প্ৰভাৱ পেলাব৷ পখিলা খেদা বয়সত তেঁওলোক বলি হ’ব জটিলতম সাঁথৰৰ। নাৰীক আজিকোপতি যথোচিত ন্যায় দিবলৈ সক্ষম নোহোৱা মুকবধিৰ সমাজত যৌনাচাৰ আৰু যৌনগন্ধী ছবি সুলভ হৈ পৰিব বুলি তেঁওলোকে যুক্তি আগবঢ়ায়৷ কিন্ত তেওঁলোকৰ নীচাত্মিকতাই আওকাণ কৰে বিতৰ্কৰ ভেটিটো৷ আন একাংশ চিন্তাবিদে পৰম্পৰাগত চিন্তাৰ প্ৰতি বিষেদগাৰ প্ৰদৰ্শন কৰি মুকলিকৈ যৌনশিক্ষাৰ প্ৰচলনৰ পোষকতা কৰে৷ তেঁওলোকৰ মতে সুশৃংখলিতভাৱে প্ৰদান কৰা যৌনশিক্ষাই গঢ়ি তুলিব এখন ভাৰসম্য থকা সমাজ৷ যৌনশিক্ষাই লিংগবৈষম্য দুৰীকৰণত নিৰ্ণায়ক ভূমিকা ল‘ব বুলি এঁওলোকে দৃঢ়মত পোষণ কৰে৷ এওঁলোকে কয় যে অহৰ্নিশে আত্মীয়ৰ দ্বাৰা যৌনশোষণৰ বলি হোৱা শিশুৱেও ইয়াৰ পৰা উপকৃত হৈ নিজৰ প্ৰতি হোৱা অবিচাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিব৷ এওঁলোকক কোমল বয়সতেই ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ বিষয়ে সজাগ কৰি তোলাৰ বিষয়ে এওলোকে কয়। যৌনশিক্ষাৰ দ্বাৰা ভাৰসম্য আৰু বৈষম্যবিহীন সমাজৰ কথা কওঁতে এইচাম লোকে জাপানৰ উদাহৰণ মানুহৰ আগত দাঙি ধৰে৷ তেঁওলোকে কয় যে জাপানত বহুলভাৱে যৌনশিক্ষাৰ প্ৰৱৰ্তনৰ পিছতো দেশৰ ঐক্য-সংস্কৃতিলৈ ভাবুকি অনাটো পৰিলক্ষিত হোৱা নাই, বৰং এনে পাঠ লোৱাৰ পিছত তেঁওলোকৰ জীৱন-ধাৰণ সুসংহতভাৱে পৰিচালিত হৈছে, যৌনৰোগী আৰু যৌন অত্যাচাৰ আশাতীত ভাবেই কমিছে।
সমস্যাৰ গুৰুত্ব উপলদ্ধি কৰি বিশ্বৰ আইন প্ৰণেতাসকলেও বিদ্যালয়ত যৌনশিক্ষাৰ পোষকতা কৰি আহিছে। সংযুক্ত মানৱ অধিকাৰ বিধিৰ ২১নং দফাটোত যৌনশিক্ষাক এক প্ৰাথমিক অধিকাৰ হিচাপে গুৰুত্ব দিয়াটো পৰিলক্ষিত হৈছে। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, তেঁওলোকৰ অনিষ্ট কাৰোৰে কাম্য নহয়৷ কিন্ত দেশৰ মংগল তথা সৰ্বাংগীন উন্নতিৰ এনেবোৰ পদক্ষেপ নিতান্তই জৰুৰী৷ লিংগবৈষম্য দুৰ কৰাটোত যৌনশিক্ষাৰ ভূমিকা অপৰিসীম বাবে এনে শিক্ষাৰ প্ৰচলনৰ আৱশ্যকতা আছে৷ ভাৰতৰ ৪৭% ছাত্ৰ-ছাত্ৰীয়ে যৌনশিক্ষাৰ সপক্ষে সমৰ্থন  ব্যক্ত কৰি জনমত গঢ়ি তুলিছে৷ UNICEF ৰ এক শেহতীয়া প্ৰতিবেদন মতে যৌনশিক্ষাৰ প্ৰচলন থকা দেশত যৌন অপৰাধ আৰু প্ৰসুতি হত্যাৰ মাত্ৰা বহুলাংশে কমিছে।
সকলো বস্তৰেই ধনাত্মক আৰু ঋণাত্মক দিশ দুয়োটাই থাকে৷ দেশৰ উৰ্ধতন কৰ্তৃপক্ষই আটাইবোৰ দিশ পৰীক্ষা কৰি তাৰ মুকলি বিতৰ্কৰ দ্বাৰা ইপ্সিত পদক্ষেপ উলিওৱাটোৱে হ’ব যথোচিত পদক্ষেপ৷ অন্যথা সমস্যাক অৱহেলা কৰা ৰীতি হ’ব বাতুলতাৰ পৰিচায়ক ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে