চ’ৰাঘৰ / কথাশিল্প / নতুন মানুহ আৰু নতুন সাহিত্য৷৷ টুনুজ্যোতি গগৈ৷৷

নতুন মানুহ আৰু নতুন সাহিত্য৷৷ টুনুজ্যোতি গগৈ৷৷

দেশে দেশে শোষণৰ পৰিৱৰ্তে মুক্তিৰ, অন্যায়ৰ পৰিৱৰ্তে ন্যায়ৰ, বিভাজনৰ পৰিৱৰ্তে একতাৰ, স্থবিৰতাৰ পৰিৱৰ্তে গতিশীলতাৰ জোঁৱাৰ উঠিছে৷ এক বিজ্ঞানসন্মত আদৰ্শ সন্মুখত ৰাখি বিশ্বমানৱ সংগ্ৰামৰ সৰু বৰ পথেৰে সন্মুখলৈ অগ্ৰসৰ হোৱাৰ লগে লগে তাৰ প্ৰভাৱ অৱধাৰিত ভাবে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো পৰিছে, পৰাটোৱেই স্বাভাৱিক৷ কাৰণ, শিল্প-সাহিত্যত বাস্তৱৰ প্ৰতিফলন ঘটে বা সমাজক বাদ দি সাহিত্য সৃষ্টি কৰাটো সম্ভৱ নহয়৷

অসমৰ একমাত্ৰ প্ৰগতিশীল সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদে জন্মলগ্নৰ পৰাই সামাজিক দায়বদ্ধতাক স্বীকাৰ কৰি এক প্ৰগতিশীল বৌদ্ধিক আন্দোলন গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে৷ নতুন সাহিত্য পৰিষদে জন্মলগ্নতেই ঘোষণা কৰিছিল যে নতুন সাহিত্য সময় বা বয়সৰ লেখেৰে নতুন নহয়, দৃষ্টিভংগী আৰু বিচাৰ ধাৰাৰ ফালৰপৰাহে নতুন৷ গতিকে আমাৰ লক্ষ্যই হৈছে– সমাজৰ শেষৰজন মানুহৰ আশা-আকাংক্ষাক বাস্তৱসন্মত অথচ সুৰুচিপূৰ্ণভাৱে সাহিত্যত চিত্ৰিত কৰা আৰু সমাজতান্ত্ৰিক সংগ্ৰামত চামিল হোৱা৷

আমাৰ বাবে জীৱন মানে এক ভাৰ ব’ব নোৱৰা বোজা– সূৰ্যোদয় হ’ল, নতুন দিন এটা আহিল আৰু পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম কৰি থাকোতেই সূৰ্য ডুবিল৷ কিন্তু, জীৱনৰ পৰিসৰ যে ইয়াতকৈ বিশাল, জীৱনৰ যে অন্য এটা অৰ্থ আছে; এই চেতনা আমাৰ নাই বা থাকিলেও জীৱনক পৰিপূৰ্ণতাৰ মৰ্যদাৰে উপচাই পেলোৱাৰ সমগ্ৰ পথেই ৰুদ্ধ হৈ পৰিছে৷ এই ৰুদ্ধ পথ কোনে মুকলি কৰিব? নিশ্চয় নতুন সাহিত্য পৰিষদৰ দৰে অনুষ্ঠানবোৰেই৷ হয়, বাঁওপন্থী শিল্পী-সাহিত্যিকসকল কেৱল কাগজৰ বাঘ নহৈ সমাজ আন্দোলনৰ লগত জড়িত হ’ব বিচাৰে বাবেই লেনিনে পাৰ্টি সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তেওঁৰ মতে, বুৰ্জোৱা সমাজত শিল্পী-সাহিত্যিক কেতিয়াও স্বাধীন হ’ব নোৱাৰে৷ বৰং শিল্পী সাহিত্যিকক বুৰ্জুৱাই নিজা স্বাৰ্থতহে ব্যৱহাৰ কৰে৷

অৱশ্যে মাৰ্ক্স-এংগেলেছ-লেনিনে শিল্প-সাহিত্যক পাৰ্টিৰ বহতীয়া কৰাৰ পক্ষপাতি নাছিল; তেওঁলোকে চিৰায়ত সাহিত্যৰ সাৰ্বজনীনতাক তৰ্কাতীতভাৱে স্বীকাৰ কৰি গৈছে৷ প্ৰসংগতঃ ক’ব পাৰি যে লিঅ’ টলষ্টয় বলশ্বেভিক আন্দোলনৰ লগত জড়িত নাছিল যদিও লেনিনে তেওঁৰ প্ৰতি অপৰসীম সন্মান প্ৰদৰ্শন কৰি কৈছিল – ‘ভৱিষ্যতৰ লেখকসকলে টলষ্টয়ৰ ৰচনা এই কাৰণেই পঢ়িব লাগিব যে তেওঁঁৰ ৰচনা হ’ল ৰাছিয়াৰ নিপীড়িত কৃষকৰ দাপোণ, তেওঁৰ সৃষ্টিৰাজি অধ্যয়ন কৰিব লাগিব নিজকে চিনিবলৈ৷’ সন্দেহ নাই, জীৱনক চিনাই দিয়া কাৰ্যই লেখকৰ দায়বদ্ধতা৷

ভাৰত বা অসমৰ বাঁওপন্থী আদৰ্শ যে পশ্চিমৰ পৰাই অন্যান্য চিন্তাধাৰাৰ দৰে আহৰিত, ই দ্ব্যাৰ্থহীনভাৱে সত্য৷ ইয়াৰ বহল ব্যাখ্যালৈ নগৈ অসমীয়া বাঁওপন্থী সাহিত্যৰ তিনিটা ধাৰাক আঙুলিয়াই দিব পাৰি –(১) সামন্তবাদ বিৰোধী ধাৰা, (২) সাম্ৰাজ্যবাদ বিৰোধী ধাৰা আৰু (৩) পুঁজিবাদ বিৰোধী ধাৰা৷ এনে ধাৰাৰ সাহিত্যই শোষণ মুক্তিৰ স্বাৰ্থত অৰ্ধসামন্তবাদী, সাম্ৰাজ্যবাদী আৰু পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰুদ্ধে শাব্দিক সংগ্ৰাম চলাই আহিছে আৰু থাকিব৷ কিন্তু সমস্যা আহিছে এই খিনিতেই যে আমাক বিভ্ৰান্ত আৰু বিনষ্ট কৰিবলৈ প্ৰতিক্ৰিয়াশীল চক্ৰ এটাই অষ্টপ্ৰহৰ চেষ্টা চলাই আছে৷

উদাহৰণ স্বৰূপে আমি মনত পেলাব লাগিব ত্ৰিপুৰাৰ লোক কবি ব্ৰজলাল অধিকাৰীক৷ অষ্টম দৰিদ্ৰ পৰিয়ালৰ যুৱক ব্ৰজলালে গান গাই ত্ৰিপুৰাৰ জনগণক ঐক্যবদ্ধ কৰিব বিচাৰিছিল আৰু সেই অপৰাধতেই তেওঁক হত্যা কৰা হৈছিল৷ ব্ৰজলালৰ ‘মা কালী’ৰ উদ্দেশ্যে নিবেদিত গানৰ সুৰৰ মাজত যি ৰঙা সেন্দূৰৰ টিপ, ভৰিৰ আলতা আছিল; সেইবোৰ এদিন সংগ্ৰামৰ ৰঙা পতাকালৈ পৰিৱৰ্তিত হ’ল৷ সেয়ে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰাৰ বাহিৰে প্ৰতিক্ৰিয়াশীলসকলৰ অন্য পথ নাছিল৷ পৰিতাপৰ কথা – অসমতো এনে এটা প্ৰতিক্ৰিয়াশীল মঞ্চ গঠন হৈছে, য’ত নেকি বাঁও বিৰোধী ৰক্ষণশীল অনুষ্ঠানৰ মানুহেও ক্ষণিকৰ বাবে প্ৰগতিশীল (?) চিন্তা-চৰ্চা কৰে৷ ই এক ভয়ংকৰ প্ৰৱণতা : ৰাম গগৈৰ দৰে বাঁওপন্থী ভাবধাৰাৰ আটাইতকৈ বীৰ্যবান আৰু উদ্দীপ্ত কবি এজনো সাহিত্য সভাৰ দৰে বাঁও বিৰোধী অনুষ্ঠানত সাংগঠনিকভাৱে জড়িত হৈ প্ৰগতিশীল কক্ষপথৰ পৰা স্খলিত হৈছিল আৰু বহুতো সম্ভাৱনাপূৰ্ণ প্ৰগতিশীল সাহিত্যকক বিপথে পৰিচালিত কৰিছিল৷

সন্দেহ নাই, এনে প্ৰতিক্ৰিয়াশীলসকলেই বৰ্তমান ‘নতুন মানুহ’ৰ মুখা পিন্ধি প্ৰকৃত নতুন মানুহসকলক ধ্বংসৰ নিকৃষ্ট কাৰচাজি কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ সোণালী সপোন ৰচিছে৷ প্ৰকৃত নতুন মানুহে ভুল কৰিছে, দিকভ্ৰান্ত হৈছে, প্ৰমূল্যৰ সংকটত পতিত হৈছে সঁচা, কিন্তু তেওঁলোকে পিছক্ষণতে অজ্ঞতা আৰু সীমাবদ্ধতাৰ বান্ধোন খুলি সুপৰিশীলিত আদৰ্শৰে উদ্বুদ্ধ হৈ পুনৰ মূল পথলৈ ফিৰি আহিছে৷ হেজাৰ উপেক্ষা, হেজাৰ বঞ্চনা, হেজাৰ যন্ত্ৰণা অতিক্ৰম কৰি নতুন সদায় নতুন হৈ থাকিব; সমাজবাদী চিন্তা প্ৰসূত নতুন সাহিত্য সৃষ্টিৰে সমাজলৈ নতুন জাগৰণ আনিব৷

(এই লেখাটো লেখিছিলো সোতৰ বছৰৰ পূৰ্বে, নতুন সাহিত্য পৰিষদৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সময়ত৷ লেখাটোত নিশ্চয় কোমল বয়সৰ ৰোমান্টিক আৱেগ ফুটি উঠিছে, কিন্তু কথাবোৰ দেখোন বিশেষ সলনি হোৱা নাই!)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে