চ’ৰাঘৰ / সমকাল / মতাদৰ্শ আৰু ৰাজনৈতিক ৰূপান্তৰ৷৷ ইন্দ্ৰিজৎ বৰা৷৷

মতাদৰ্শ আৰু ৰাজনৈতিক ৰূপান্তৰ৷৷ ইন্দ্ৰিজৎ বৰা৷৷

ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ইতিহাসত বামপন্থী ৰাজনীতিৰ নিৰ্বাচনী ফলাফল মাত্ৰ তিনিখন ৰাজ্যতে সীমাবদ্ধ বুলি ক’ব পাৰি ৷ অৱশ্যে কেন্দ্ৰত ত্ৰিশংকু সংসদৰ দৰে অস্থিৰতাৰ সময়ত কেতিয়াবা ভিতৰৰ পৰা আৰু কেতিয়াবা বাহিৰৰ পৰা চৰকাৰৰ অংশও হ’ল কেইবাৰমান। এইবিলাকক বাওঁশিবিৰৰে বহুতে একপ্ৰকাৰৰ ভেকোভাওনা বুলিয়ে আখ্যা দিয়ে ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰ্বাচনী ৰাজনীতিক এক গণ সংগঠনৰ মাধ্যম হিচাবেহে ব্যৱহাৰ কৰা হয় বুলি সততে দাবী কৰা হয়৷ কিন্তু এই মাধ্যমৰ সীমাবদ্ধতা এতিয়া প্ৰায় প্ৰতীয়মান৷ কাৰণ, শাসনৰ গণ্ডীৰ ভিতৰত থাকি গনমুখী হৈ থকাৰ কোনো গ্যাৰান্টি নাই ৷ গতিকে, সংসদীয় গণতন্ত্ৰত নিৰ্বাচনী ৰাজনীতিৰে সমাজবাদ সাম্যবাদ নাহে৷

ঐতিহাসিকভাৱে আৰ্থ-সামাজিক বিৱৰ্তন প্ৰক্ৰিয়াৰ পৰা শাসনত অধিষ্ঠিত হৈও কোনো পন্থীয়েই নিজস্ব দৃষ্টিকোণ সম্পূৰ্ণকৈ আঁতৰাই ৰাখিব নোৱাৰে। প্ৰশাসনিক প্ৰযুক্তিৰ উপাদানসমূহ নিৰ্ণয়ত এনে পন্থীগত দৃষ্টিকোণতকৈ আৰ্থ-সামাজিক শক্তিবিলাকৰ প্ৰভাৱহে মূল হৈ পৰে। তেন্তে সংসদীয় গণতন্ত্ৰত নিৰ্বাচনী ৰাজনীতি নাথাকিব নেকি? গতিকে প্ৰতিষ্ঠান বিৰোধিতাৰ কাৰণটোকে দলগত অংক পৰিহাৰ কৰি বিশ্লেষণ কৰা যাওক ৷ যদি আৰ্থ-সামাজিক শক্তিৰ পৃষ্ঠপোষকতা অবিহনে ৰাজনীতি অসম্ভৱ, তেনেহ’লে সামাজিক সুৰক্ষাৰ প্ৰশ্নবোৰ একেবাৰে নোহোৱা হৈ যাব নেকি?

মূল কথাটো হ’ল, দলগত অংকত বামপন্থী ৰাজনীতি কোনোদিন বিশেষ প্ৰত্যাহ্বান হৈ উঠা নাছিল৷ তৎসত্বেও একমাত্ৰ শত্ৰু অথবা দেশদ্ৰোহী হিচাবে চিনাক্ত কৰি নিঃশেষ কৰাৰ অভিযান বহু পুৰণি। এই শত্ৰু চিনাক্তকৰণৰ পটভূমিয়েই যুক্তিবাদ৷ বামপন্থী মতাদৰ্শই নিৰ্বাচনী অংকৰ পৰা অব্যাহতি লৈ এক সমাজ-সাংস্কৃতিক পৰ্যায়লৈ ৰূপান্তৰ হ’লেও এই দ্বন্দ্ব অব্যহত থাকিব৷ গতিকে যুদ্ধখন নিৰ্বাচনী ৰাজনীতি নহয়, যুদ্ধখন তাত্ত্বিক৷ এই যুক্তি নিত্য-নৈমিত্তিক আৰু ইয়েই সমাজৰ অস্তিত্ব, ইয়াৰ বাবে কোনো বাদৰ লেবেল নিষ্প্ৰয়োজন৷ সংসদীয় গণতন্ত্ৰত বিভিন্ন দল অথবা ৰাজনৈতিক শক্তি হিচাবে দেখা পোৱা লেবেলবোৰ মাথোঁ জড় ৰাজনৈতিক অংক৷ এইখিনিতে একচেটিয়া স্বাৰ্থসিদ্ধিৰ বাবে যুক্তিবাদৰ উপস্থিতি একেবাৰে অপ্ৰত্যাশিত আৰু তাৰ বাবে প্ৰবল বুদ্ধিমত্তা-বিদ্বেষ কাম্য। তেতিয়াহে ইতিহাসৰ নামত সাধুকথা লিখি আমোদ-প্ৰমোদ অথবা কৌতুক অভিনয় সম্ভৱ হ’ব ৷

ব্যক্তিকেন্দ্ৰিক উদ্দেশ্যক পাৰ্থিৱ সামাজিক জীৱনতকৈ আধিক গুৰুত্ব আৰোপ কৰা দৰ্শনেই ভাৱবাদ। গতিকে ব্যক্তিগত স্বাৰ্থক সুৰক্ষিত কৰিবলৈ অনিয়ন্ত্ৰিত ৰাষ্ট্ৰবাদ লাগিব – তেনে এটা বাদ আচলতে একচেটিয়া স্বাৰ্থসিদ্ধিৰ বাবে ৰক্ষণশীল প্ৰতিক্ৰিয়াৰহে সৃষ্টি। কাৰণ নিয়ন্ত্ৰণ নকৰিবলৈ কোনো মানৱ প্ৰযুক্তি নালাগে। কিন্তু এই নিয়ন্ত্ৰণ জ্ঞানোদ্বীপ্ত প্ৰমূল্য, উদ্যমশীল ভাৱনা আৰু পুঁজিৰ সম্প্ৰসাৰণৰ অধিকাৰৰ ওপৰত নিশ্চয় প্ৰতিষ্ঠিত হ’ব পাৰে। সেয়ে ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

তাৰ বিপৰীতে ঐতিহাসিক বস্তুবাদ হ’ল প্ৰগতিশীল চিন্তাৰ পথ প্ৰদৰ্শক। এই দৰ্শনেই আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰো ভেটি সুদৃঢ় কৰে। সময়ৰ বুকুত এই দৰ্শনৰ ৰাজনৈতিক সংস্কৰণবিলাকো আচলতে প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিবিলাকৰ আত্মপ্ৰকাশৰ বাবেহে প্ৰণয়ন হোৱা দেখা যায়। আজি অবাওঁপন্থী বুলি ঢোল বজালেও নিজ অগোচৰেই বিশ্লেষণাত্মক দিশত ঐতিহাসিক বস্তুবাদৰ প্ৰয়োগ যেনেকৈ দেখা যায়, তেনেকৈ স্থিতাৱস্থাবাদী প্ৰৱণতাৰ বলি হৈ ঐতিহাসিক বস্তুবাদ পাহৰি পেলোৱা বাওঁপন্থী লেবেলও আছে। গতিকে নিৰ্বাচনী ৰাজনীতিয়ে সৃষ্টি কৰা এনে পন্থীগত লেবেলবিলাকে জন্ম দিয়া কৌতুকধৰ্মী আলোচনাবিলাক তেনেই খন্তেকীয়া । সেয়ে, নিৰ্বাচনী ৰাজনীতিৰ পৰা উচিত দূৰত্ব বজাই ৰখা বিশ্লেষণত বিনোদনধৰ্মিতা নথাকিব পাৰে, কিন্তু ই সুদূৰপ্ৰসাৰী।

এই বাস্তৱ পৃথিৱীত ৰক্ষণশীলতা আৰু প্ৰগতিশীলতাৰ আপেক্ষিক অৱস্থিতি বিদ্যমান। তাতে ক্ৰমবিৱৰ্তনমূলক সাঁথৰবোৰে ৰক্ষণশীল চক্ৰটোকে শক্তিশালী কৰে৷ যেনেকৈ সৰ্বধিকাৰবাদে বৰ্তাই ৰখা নব্য সামন্তীয়সকলৰ পৰা নতুন পুঁজিলৈ ক্ষমতাৰ হস্তান্তৰ৷ এই হস্তান্তৰ প্ৰগতিশীলনে? সৰ্বাধিকাৰৰ নামত নব্য সামন্তবাদৰ জন্ম দিয়াটো উত্তৰ-ঔপনিৱেশিক তৃতীয় বিশ্বৰ পৰিঘটনা৷ গতিকে, এতিয়া নব্য-উদাৰবাদ অনিবাৰ্য হৈ পৰিছে আৰু আহক৷ বজাৰৰ নৈতিকতাৰ ভেঁটিত পুঁজিৰ বিকাশ হওক৷ গনতন্ত্ৰয়ো এই নব্য-উদাৰবাদৰ মাজতেই যিমান পাৰে অকণমান জেগা উলিয়াই লওক৷ পিছে নব্য-উদাৰবাদে সৰ্বাধিকাৰবাদী সমাজ চেতনাক আমাৰ গণতান্ত্ৰিক পৰম্পৰাৰ পৰা জানো নিঃশেষ কৰি পেলাব পাৰিব৷ গতিকে সংঘাতবোৰ আহিবই আৰু প্ৰতিদ্বন্দ্বিতাও অব্যাহত থাকিব৷ মুক্ত অৰ্থনীতিৰ নামত বজাৰৰ বন্যতাৰ মুখলৈ সকলো ঠেলি দিয়াৰ বিৰোধিতা হবই ৷

এইখিনিতে, মানুহৰ মাজত থকা আৰ্থ-সামাজিক সম্পৰ্কবিলাকৰ পুনৰ্নিৰ্মাণৰ প্ৰচেষ্টা কেৱল ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিতেই সীমাবদ্ধ নহ়য়, ব্যক্তিসত্তাবিলাকৰ সামাজিক সচেতনতা অবিহনে সেয়া অসাৰ৷ কাৰণ ব্যক্তিসচেতনতাই হ’ল পাৰ্থিৱ আৰ্থ-সামাজিক শক্তিবিলাকৰ ৰাজনৈতিক প্ৰকাশ৷ মানৱ সমাজত ব্যক্তিসচেতনতা গঢ় দিয়ে সামাজিক-সাংস্কৃতিক বিৱৰ্তনেহে। সেয়ে, সামাজিক-সাংস্কৃতিক বিবৰ্তনেহে যে ৰাজনৈতিক সমাজব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগিব, তাত কোনো সন্দেহ নাই৷ তাৰ বিপৰীতে কোনো ৰাষ্ট্ৰব্যৱস্থা কেৱল ৰাজনৈতিকভাৱে ওপৰৰ পৰা জাপি দি প্ৰগতিশীল সামাজিক-সাংস্কৃতিক বিৱৰ্তন আনিব নোৱাৰি৷

গতিকে আদৰ্শবাদৰ লেবেলবোৰ কেতিয়া প্ৰকট হৈ উঠে? যেতিয়া আদৰ্শবাদী অণুকম্পাই আদৰ্শবাদতকৈও প্ৰাধান্যতা লাভ কৰে ৷ সমাজ চিন্তা বামপন্থী ৰাজনীতিৰ দৰে মাৰ্ক্সবাদতেই শেষ কৰিলে নহব ৷ বস্তুনিষ্ঠ অধ্যয়নৰ পৰিসৰ বহলাই লৈ যোৱাত মাৰ্ক্সবাদ হ’ব লাগিব আৰম্ভণিহে ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে