চ’ৰাঘৰ / কথাশিল্প / লেনিনক বগৰাই দিলো৷৷ শান্তনু শৰ্মা৷৷

লেনিনক বগৰাই দিলো৷৷ শান্তনু শৰ্মা৷৷

এইবাৰ লেনিনক বগৰাই দিলো, ভাৰত মাতা কী জয়
এইবাৰ মাওৰ ৰেড বুক পুৰি পেলালো, ভাৰত মাতা কী জয়
ঘোষণা কৰিলো মাৰ্ক্সৰ মৃত্যু, দলিয়াই পেলালো হাভানা চিগাৰ
জুই দিলো ফিডেলৰ দাড়িত, চে-গুৱেভাৰাৰ টুপীত

আগবাঢ়ি গ’লো আৰু ক’লো লেনিন মৰিছিল চিফিলিচত
মাও আছিল যৌনাচাৰী…
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়

এইবাৰ ভাঙিম ৰবীন্দ্ৰনাথ, এইবাৰ ভাঙিম গান্ধীক
বেছি কৰিলে ভাঙি পেলাম শূদ্ৰ বিপ্লৱৰ কথা কোৱা স্বামীজীক

পাকঘৰ ভাঙিম, পাকঘৰতে সোমাই মাৰিম
কি খাবি, কি পিন্ধিবি, কিং ৰং ভাল পাবি সকলো আমি ক’ম
আমাৰ মতে চলিবি

ইমান দেশভক্তি জমা হৈ আছে মন-প্ৰাণত

জ্ঞানীৰ বিজ্ঞান গণতন্ত্ৰবাদীৰ গান
আমাৰ শ্ৰুতলিপিতহে শুনিবি বেদ-বিজ্ঞান তান

কটা মূৰ গণেশৰ লাগি গ’ল — আমাৰ বিজ্ঞান
হেজাৰ বছৰীয়া গ্ৰহান্তৰৰ যান — আমাৰ বিজ্ঞান
ডাৰউইন মিছলীয়া বিৱৰ্তনবাদ মিছা — আমাৰ বিজ্ঞান
কি এক চাৰ্জিকেল ষ্ট্ৰাইক

আমাৰ কন্যাকুমাৰী আবৰি আছে আশাৰাম, বাপুৰাম
ৰক বাবা, পপ বাবা, পৰগামী স্বামী
আৰ্যাৱৰ্ত্তৰ উত্তৰাধিকাৰ
দেখা নাই যোগৰ বিয়োগ, বিয়োগৰ যোগ
পতঞ্জলী-পানিনি প্ৰভাত…

আঠ লাখৰ চ্যুট — পাগল হৈ যা ড’নাল্ড ট্ৰাম্প
এশ ত্ৰিশ কোটি আম ভাৰতীয়ৰ শ্ৰম, মগজু আৰু ভূমি—
পাগল কৰি দিম আমেৰিকাক

দৰ কৰ ঘৰ সকলো দিছো খুলি লৈ যা আমেৰিকা
বৈচিত্ৰতা বিচিত্ৰ কথা, প্ৰথমখন বুৰঞ্জীৰ মালিক আমি!
খুলি দিছো দক্ষিণ-পশ্চিম সকলো দুৱাৰ…

দেখা নাই, কেনেকৈ বগৰাই দিলো লেনিন…??

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে