চ’ৰাঘৰ / কথাশিল্প / গছবোৰ নাৰী, নাৰীবোৰ গছ৷৷ দীপালী বৰা৷৷

গছবোৰ নাৰী, নাৰীবোৰ গছ৷৷ দীপালী বৰা৷৷

গছবোৰ নাৰীৰ দৰে

শিপাই শিপাই ধনশিৰি ৰাগ মেলে
এপিয়লা আকাশ হৈ
হৃদয়ত পোখা মেলে , সেউজীয়া হৈ হাঁহে
ফুল হৈ সুবাস বিলায়
ৰ’দত ছাঁ দিয়ে
ভাগৰত বা দিয়ে
ভোকৰ বেলিকা দিয়ে বুকুৰ শাহ

নাৰীবোৰ গছৰ দৰে, উশাহত বাঢ়ি আহে
শিপা মেলি অৰণ্য হয়
ছাটি ধৰে সেউজীয়াৰ সোপানেৰে
আলষণীয়ে ধৰা জীৱনৰ
পানীমৰলী দুখবোৰক
আপোন ইচ্ছাৰে শুহি লৈ
অকাতৰে দি যাব পাৰে আপোনাক
আন্তৰিকতাৰ অক্সিজেন

গছবোৰ নাৰী , কোনোকালে মানুহ নহয়
নাৰীবোৰ গছ , কোনোকালে মানুহ নহয়

মানুহে মন গ’লেই
উজাৰ কৰিব খোজে গছবোৰ অথবা
ৰুই থ’ব খোজে নাৰীবোৰ
মাথোঁ সলাই ল’ব নোৱাৰে বুকুবোৰ
গছৰ স’তে অথবা নাৰীৰ স’তে
কোনোকালে ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে