চ’ৰাঘৰ / সমকাল / ধৰ্ষণ আৰু বাগধাৰাৰ কচৰৎ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

ধৰ্ষণ আৰু বাগধাৰাৰ কচৰৎ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ জঘন্য অপৰাধকেইটা অত্যন্ত মৰ্মান্তিক। প্ৰতিটো ঘটনাৰ নিকা আৰু খৰতকীয়া তদন্ত সুনিশ্চিত হ’ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে ৷ সাধাৰণভাৱে এনে অপৰাধ প্ৰৱণতাই পুৰুষৰ প্ৰভুত্ব, প্ৰভুত্ববাদী অতিশয্য, বঞ্চনাই জন্ম দিয়া অনৈতিক মানসিকতা আৰু সীমাহীন ভোগবাদৰ দৰে কাৰকৰ পৰা সাৰপানী পায়৷ পিছে, সম্প্ৰতি ধৰ্ষণৰ বিতৰ্কবোৰে সমাধানৰ দিশত অত্যাৱশ্যকীয় দিশবোৰ উন্মোচন কৰাতকৈ কিছুমান জনপ্ৰিয় বাগধাৰাৰ কচৰৎলৈহে ৰূপান্তৰ হোৱা দেখা গৈছে। এইটো অনস্বীকাৰ্য যে গণতান্ত্ৰিক দেশত ঘৰৰ ভিতৰে বাহিৰে শিশু আৰু নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সচেতন সমাজৰ বহু কৰণীয় আছে৷

তাৰ সলনি এতিয়াৰ জনপ্ৰিয় বিতৰ্কৰ দাবী হ’ল অসমত ধৰ্ষণৰ অপৰাধ অবৈধ বিশেষকৈ মুছলমান ধৰ্মীয় অনুপ্ৰৱেশৰ লগত পোনপটীয়াকৈ জড়িত৷ এই ধৰ্মীয় গোষ্ঠীৰ মাজত অপৰাধ পৰায়ণতা কিয় বেছি, তাৰ বিভিন্ন বিশ্লেষণে চ’চিয়েল মেডিয়া দখল কৰিছে৷ মনস্তাত্বিক, ধৰ্মীয়, পৰম্পৰা-সংস্কৃতিজনিত অপৰিপক্কতা আদি বিভিন্ন কাৰণেৰে দিয়া বিশ্লেষণবোৰ কিমান ল’ৰামতীয়া বুজাত অলপো অসুবিধা নহয়। সমসাময়িকভাৱে অনুপ্ৰৱেশৰ উপৰি ছেকুলাৰ-সাম্প্ৰদায়িকতাবাদ আৰু সোঁ-বাওঁ ৰাজনীতিৰ নিৰ্বাচনী অৰিয়াঅৰিত আলোচনাই কি দিশ ল’লে আলোচকসকলে যেন নিজেই তৰ্কিব নোৱাৰিলে৷ তাৰ মানে, ধৰ্ষণৰ দৰে অপৰাধ এটা আমাৰ কে’বাদশক পুৰনি আৰু আজিও জ্বলন্ত হৈ থকা বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ দ্বাৰাহে ৰোধ কৰিব পৰা যাব৷

নিৰপেক্ষতাৰ স্বৰূপ উদঙাই (আত্মসন্তুষ্টি?) কিছুৱে নিজৰ নিৰপেক্ষ স্থিতি এইবুলি মজবুত কৰিছে যে হিন্দু বাংলাদেশীৰ আগ্ৰাসন বুলি কোৱাসকলে অপৰাধীৰ ধৰ্ম নাই বুলি কোৱাটো হেনো পক্ষপাতদৃষ্ট হৈছে৷ ঠিকেই, অপৰাধী বা বিদেশীৰ কোনো ধৰ্ম নাই ৷ পিছে অসমৰ দীৰ্ঘদিনীয়া বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ লগত শেহতীয়াকৈ সংযোজিত হিন্দু বাংলাদেশী জাতীয় বিশেষ সংজ্ঞাৰ বিৰোধিতা কৰা মানেই মুছলমান বাংলাদেশীৰ বন্ধু বুলি কৰা প্ৰচাৰ সৰলীকৰণ আৰু উদ্দেশ্যপ্ৰণোদিত মাথোঁ ৷ বিদেশী অনুপ্ৰৱেশৰ প্ৰশ্নটোৰ বহু ঐতিহাসিক পৰ্যালোচনা হৈছে। এইখিনিতে এইটোও সত্য যে ”অসমত বিদেশী নাই” বুলি কৈ বাংলাদেশীৰ প্ৰব্ৰজনক লৈ নিৰ্বাচনী অংকও হৈ আহিছে ৷ কিন্তু, এয়াও মন কৰিবলগীয়া যে এনে প্ৰতিষ্ঠানিক ঘোষণাই প্ৰাক-নিৰ্বাচনী সমস্যা আৰু তাৰ বাস্তৱায়িত সমাধানৰ মাজত থকা বিশাল ব্যৱধানৰো ইংগিত দিয়ে। বিদেশী সমস্যা সমাধানৰ দুয়োতা নিৰৱচ্ছিন্ন পদক্ষেপ – চিনাক্তকৰণ আৰু বিতাড়নৰ বাবে প্ৰায়োজনীয় সাংবিধানিক, প্ৰশাসনীয় আৰু আইনগত প্ৰক্ৰিয়াবোৰ উপযুক্তভাৱে সমৃদ্ধনে? চিনাক্তকৰণৰ ক্ষেত্ৰত “হিন্দু বাংলাদেশী”ৰ প্ৰসংগটো আকৌ অৱতৰণা হৈছে। আকৌ, চিনাক্তকৰণৰ মাপকাঠি যিয়েই নহওক, বিতাড়নেই হল সমাধানৰ মূল পদক্ষেপ। সেয়া, প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ লগত হৈ থকা বিভিন্ন দ্বি-পাক্ষিক আলোচ্য বিষয়বোৰৰ সামগ্ৰিকতাৰ মাজত বিদেশী বিতাৰণে কিমান অগ্ৰাধিকাৰ পায়, তাৰ ওপৰতে সম্পূৰ্ণকৈ ইয়াৰ সমাধানসূত্ৰ নিৰ্ভৰ কৰি আহিছে। মুঠৰ ওপৰত এই বিতৰ্কৰ পৰিধি বহল আৰু এতিয়াৰ প্ৰাসংগিকতা কেৱল ৰূপায়ণহে মাথোঁ। ধৰ্ষণৰ বিতৰ্কত ই বাস্তৱিক আৰু সময়োপযোগী হোৱা নাই ৷

কোনোবা আলোচনাত এই বুলিও দাবী কৰা হৈছে যে যদি অপৰাধীৰ ধৰ্ম নাই, তেন্তে উচ্চ বৰ্ণৰ পুৰুষে নিম্ন বৰ্ণৰ মহিলাক বলাৎকাৰ কৰাৰ ক্ষেত্ৰতো কথাটো একে হ’ব লাগে। এইবিলাক দাবী আচলতে এক বস্তুনিষ্ঠ সমাজ চিন্তাৰ বিপৰীতে একচেটিয়া অপৰিপক্কতাৰ চুড়ান্ত নিদৰ্শন। এই ক্ষেত্ৰত জাতীয়তাবাদী ফ্ৰেমৱৰ্কটোত নাৰীৰ অৱস্থান আৰু তাৰ আনুষংগিক আধুনিক ৰাষ্ট্ৰৰ প্ৰশাসনিক প্ৰযুক্তি সম্বন্ধে অলপ বিশ্লেষণ কৰিলেই সকলোবোৰ স্পষ্ট হৈ পৰে৷ এফালে আমি-তোমালোকৰ ওপৰত প্ৰতিষ্ঠিত জাতীয় চেতনাত নাৰী যেনেকৈ স্বভিমানৰ প্ৰতীক আৰু আনফালে এক পুৰুষতান্ত্ৰিক গণ্ডীৰ মাজত অৱস্থিত একোজনী অবলা নাৰী ৷ গতিকে, সামাজিক স্তৰত এই পুৰুষতান্ত্ৰিক ব্যৱস্থাটো সকলো নাৰীৰ বাবে একে হৈ নাথাকে । এনে বিষয়বোৰ নাৰী মুক্তিৰ প্ৰশ্নৰ লগত পোনপটীয়াকৈ জড়িত। কিন্তু এনে আলোচনাবোৰৰ এক বস্তুনিষ্ঠ পটভূমি নাথাকিলে বিপথগামী আৰু উদ্দেশ্য প্ৰনোদিত হোৱাটো স্বাভাৱিক ৷

আকৌ, এই সুযোগতে ছেকুলাৰিজমৰ তৰাং বিতৰ্কয়ো আকাশ-পাতাল এক কৰি দিছে। চাওঁচোন এই বিতৰ্কৰ গুৰিবোৰ ক’ত? ভাৰতবৰ্ষত ছেকুলাৰিজমৰ বিতৰ্কৰ ভেঁটি দুই ধৰণৰ অসন্তুষ্টিৰ পৰা উদ্ভৱ হৈছে। প্ৰথমটো হ’ল ‘critique of non-existence’, অৰ্থাৎ ছেকুলাৰিজম হ’ল পাশ্চাত্যৰ পৰা আমদানিকৃত আৰু ই ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰ পৰিপন্থী। এই অসন্তুষ্টিৰ পটভূমিক আকৌ দুই ধৰণে বিভক্ত কৰিব পাৰি। এটা হ’ল জেমচ মিলৰ ঔপনিৱেশিক অধিপত্যক ন্যায্যতা দিয়া দুই-দেশীয় তত্ত্বৰে নিৰ্মিত ধৰ্মীয় জাতীয়তাবাদ, যি হিন্দু-মুছলমানৰ শত্ৰুতাক সহজাত বুলি প্ৰতিপন্ন কৰিব বিচাৰে। অন্যটো হ’ল, ছেকুলাৰিজমৰ উত্তৰ-আধুনিকতাবাদী সমালোচনা যি সমাজ-সাংস্কৃতিক বিৱৰ্তনলৈ ছেকুলাৰিজমৰ যান্ত্ৰিকতাধৰ্মী প্ৰযুক্তিগত সীমাৱদ্ধতা আঙুলিয়াই দিছে। এই সমালোচনাত প্ৰফেচৰ আশীষ নন্দীয়ে বিশেষ ভূমিকা লৈছে আৰু দ্বিতীয়টো অসন্তুষ্টি ভাৰতবৰ্ষত ছেকুলাৰিজমৰ প্ৰয়োগিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা, হস্তক্ষেপ আৰু তাৰ বৰ্ধিত বিসংগতিৰ প্ৰশ্নত উদ্ভৱ হৈছে।

কিন্তু, ভাৰতবৰ্ষত ছেকুলাৰিজমৰ বিতৰ্ক বহুধাবিভক্ত হ’লেও, এক প্ৰশাসনিক প্ৰযুক্তি হিচাবে ছেকুলাৰিজমে ঔপনিৱেশিক শাসনলৈ সুচলতা আনিছিল আৰু অন্যহাতেদি তাৰ পটভূমিয়ে ঔপনিৱেশিক বিৰোধী আন্দোলনক সুচাৰুৰূপে সংগঠিত কৰাত সহায় কৰিছিল৷ স্বৰাজোত্তৰ ভাৰততো ইয়াৰ ঐতিহাসিক আৱশ্যকতা সন্দেহাতীত। ভাৰতীয় সংবিধানৰপৰা বিভিন্ন সামাজিক সংস্কাৰলৈকে আধুনিকতা আৰু পাশ্চাত্যৰ প্ৰভাৱ আছে ৷ আধুনিকতাৰ যান্ত্ৰিক সীমাবদ্ধতা আছে যদিও ঐতিহাসিকভাৱে ই এক অনিবাৰ্য পৰ্যায়৷ হিন্দুসমাজৰ বিভিন্ন সামাজিক সংস্কাৰৰ ফলস্বৰূপেই এক ঐকিক পাৰচ’নেল আইন আমি পাইছোঁ আৰু তাত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো বিবাদমুক্ত নাছিল৷ আজি যি ধৰণেৰে এক প্ৰগতিশীল হিন্দুসমাজক লৈ আমি গৌৰৱাম্বিত, তাৰ মূল সেই আধুনিকতাই অনা সামাজিক সংস্কাৰেই নহয়নে? গতিকে বহিৰাগতৰ অৱদানমুক্ত সমাজ কল্পনাতীত৷ সংসদীয় গণতন্ত্ৰ বা ছেকুলাৰিজম এই সকলোবোৰ যদি বহিৰাগত বুলি বাদ দিবলৈ হয় তেন্তে প্ৰশাসনৰ বাবে বিকল্প কি হ’লহেতেন? এইবোৰ বাহিৰৰ পৰা জাপি দিয়া নহয়, বৰঞ্চ, বিৱৰ্তিত পৰিস্থিতিত গ্ৰহণ কৰাহে৷ কিন্তু, আজি এক সঁচা আনুষ্ঠানিক দায়বদ্ধতাৰ খাতিৰত সময়ানুক্ৰমে সংস্কাৰৰ প্ৰয়োজন হ’ব, যাতে বিশ্বজনীন মানৱ অধিকাৰ আৰু সংস্কৃতিক অধিকাৰৰ মাজৰ সংঘাতৰ মকামিলা হয় ৷

এনে অনাহকত আৰু প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক বাগধাৰাই আমাৰ মাজত এক বিকৃত জাতীয়তাবাদী চেতনা, আশংকা আৰু ঘৃণাৰ বীজ নিশ্চয় ৰোপন কৰিছে৷ কিন্তু ধৰ্ষণৰ দৰে এক জঘন্য অপৰাধ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় মানবীয় দৃষ্টিকোণ আৰু লগে লগে বাস্তৱিক সামাজিক তথা প্ৰশাসনিক দায়িত্ব আৰু পদক্ষেপৰ দিশটো একেবাৰে অৱহেলিত হৈ ৰৈ গৈছে৷ আলোচনা আৰু বিতৰ্কবোৰ চাই এনে লাগিছে যেন ধৰ্ষণৰ দৰে অপৰাধ নিৰ্মূলতকৈ নিজে মগন হৈ থকা ৰাজনৈতিক বাগধাৰাৰ কচৰতৰ বাবেহে সকলো বেছি আগ্ৰহী ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে