চ’ৰাঘৰ / সমকাল / শিক্ষাৰ ব্যক্তিগতকৰণ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগ৷৷ অংশুমান শৰ্মা

শিক্ষাৰ ব্যক্তিগতকৰণ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগ৷৷ অংশুমান শৰ্মা

কালি দেশৰ ৬২ খন উচ্চ শিক্ষানুষ্ঠানক স্বায়ত্বশাসন দিয়াৰ নামত শিক্ষানুষ্ঠানেকইখনক ডিগ্ৰী বিক্ৰী কৰা দোকানত পৰিণত কৰাৰ ব্যৱস্থা কৰা হল। এই ঘটনাৰ সৈতে নিকট সম্পৰ্ক আছে অসমৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি দিব বিচৰা ঘটনাৰ সৈতে ।

স্বায়ত্ত্বশাসন শব্দটো শুনিবলৈ ভাল৷ পিছে, এতিয়া কি অৰ্থত কোৱা হৈছে সেয়াহে গুৰুত্বপূৰ্ণ। আপাত দৃষ্টিত স্বায়ত্ত্বশাসন মানে এখন কলেজ বা বিশ্ববিদ্যালয় নিজেই নিজৰ মতে চলিব পাৰিব। ভাল কথা। পিছে নিজৰ মতে চলিব ধন-বিতো নিজেই গোটাব লাগিব। কাৰণ কৈছেই নহয়, স্বায়ত্ত্বশাসন। পিছে কলেজ বা শিক্ষানুষ্ঠান এখন টকা-পইচা পাব ক’ত? ছাত্ৰ-ছাত্ৰীৰ পৰাই গোটাব লাগিব। খুব বেছি শিক্ষানুষ্ঠানৰ সম্পত্তি খিনিকে ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰি দুই এক টকা উলিয়াব। কিন্তু মূলতঃ ভাৰ পৰিবহি ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ওপৰত।

পিছে আমিতো পইচা দিওঁ এই ৰাজহুৱা কামবোৰ কৰাৰ বাবে। পুৱা শুই উঠি লোৱা ব্ৰাছ ডালৰ পৰা চাহ কাপলৈ প্ৰতিটো কথাত আমি কৰ দিওঁ। ক’লৈ যায় এই টকা? এয়াতো অপোনাৰেই টকা। নীৰৱ মোদী, বিজয় মালিয়া যে কেইবা হাজাৰ কোটি টকা লৈ পলাল; এতিয়া আমাৰ পৰা ৰুকি ৰুকি উলিয়াই থকা হোৱা নাইনে?

২০১৬ চনতেই কেন্দ্ৰীয় চৰকাৰে “Some draft inputs for New Education policy” নামেৰে এন নীতি প্ৰণয়ন কৰিছিল। তাৰ পাছত Kasturangan Committee গঠন কৰে। নানা জটিল শব্দৰ অৱৰণেৰে আবৃত হ’লেও মন দি পঢ়ি চালে বুজিব যে মূল কথা এটাই, শিক্ষাত চৰকাৰে ব্যয় নকৰে। কিন্তু, চৰকাৰ যি সকলে চলায়, তাত কাৰো বাপেকৰ পইচা নাই। সকলো আমাৰে পকেটৰ পইচা, ৰাইজৰ পইচা। প্ৰতি দিনে আমি টকা দিওঁ কৰৰ নামত। পিছে চৰকাৰী বেংকৰ পৰাই এতিয়ালৈ মুঠ ২৭ হাজাৰ কোটি টকা উধাও হৈছে যোৱা দুই বছৰত। সেই টকা সংগ্ৰহৰ বাবে মাধ মাৰ সোধোঁৱা হৈছে ৰাইজৰ ওপৰতেই।

আনহাতে অসমৰ বহুবল্কী বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট অধিৱেশনত কৈছে যে বিগত বছৰত অসমে GST ৰ বাবদ অতি কমেও ৪৪০ কোটি অতিৰিক্ত ধন আহৰণ কৰিছে। তেন্তে এই ধনেৰে এখন বিশ্ববিদ্যালয় জীয়াই ৰাখিব নোৱাৰাৰ কাৰণ কি ? কাৰণ এটাই। কাৰণ চৰকাৰৰ মতে শিক্ষা মানুহৰ অধিকাৰ নহয়। ই এক ব্যৱসায়। ইয়াত বিনিয়োগ হ’ব পাৰে। কিন্তু বিনিয়োগকাৰীয়ে অসমৰ ভৱিষ্যৎ ছাত্ৰী সমাজ শিক্ষিত হওক বুলি বিনিয়োগ নকৰে। বিনিয়োগ কৰিব খুব বেছি কিছু দক্ষ শ্ৰমিক (Skilled Labour) সৃষ্টি হওক বুলি। গতিকে খুব বেছি Technical Institute হ’ব পাৰে। কিন্তু ৰাইজৰ ধনেৰে নাৰীক শিক্ষিত হ’ব দিব নোৱাৰে তেওঁলোকে। কিন্ত এই কথাও লুকাই থকা নাই যে বহু ইঞ্জিনিয়াৰিং স্নাতকেও এতিয়া বেংকৰ চাকৰিৰ বাবে কোচিং কৰিবলৈ শাৰী পাতি আছে।

পিছে শিক্ষাৰ ক্ৰমাৎ ব্যক্তিগতকৰৰ এই খেলখন বেছ জাকজমক ভাবে বহু দিনৰ পৰাই চলি আছিল। এতিয়া নগ্ন ভাবে চলিছে। বৰ বেছি প্ৰতিবাদ হ’লেই আপোনাক “এন্টি নেচনেল” বুলি চাব মাৰি দিব পৰা পৰিৱেশ এটা প্ৰথমতে প্ৰস্তুত কৰি লোৱা হৈছে ।

গতিকে “বেটি পঢ়াও বেটি বচাও”ৰ বিজ্ঞাপন দিয়া হ’ব পাৰে। এই সমগ্ৰ বিজ্ঞাপনৰ বাবেই The economic times-ৰ খবৰ মতে ৩ হাজাৰ কোটি টকা খৰচ হ’ব পাৰে। কিন্তু ৰাইজৰ ধনেৰে এখন বিশ্ববিদ্যালয় চলিব দিয়া নহ’ব।

এতিয়া আপুনিও ভাবিব পাৰে– এয়া এখন বিশ্ববিদ্যালয়ৰহে কথা। নতুনকৈ হৈছিল কিবা সমস্যা হ’ল ছাগৈ। আমাৰ কলেজখনততো একো হোৱা নাই। হয়, এতিয়ালৈ আপোনাৰ শিক্ষানুষ্ঠানখনত একো হোৱা নাই। কিন্তু নহ’ব বুলি কোনো নিশ্চয়তাও নাই। কোনো ঘটনাই বিক্ষিপ্ত নহয়। দিল্লীৰ JNU আৰু যোৰহাটৰ AWU কাৰো সমস্যায়েই ভিন্ন নহয়। একেই শিক্ষাক লাহে লাহে এক ব্যৱসায়ত পৰিণত কৰাৰ প্ৰয়াস৷

কোনোৱে সুধিব পাৰে, এই মহিলা বিশ্ববিদ্যালয়খনহে কিয় লক্ষ্য কৰি লোৱা হ’ল? তাৰ আঁৰত যে বৰ্তমানৰ শাসক দলৰ ব্ৰাহ্মণ্যবাদী মানসিকতাও আছে, সেয়া নুই কৰিব নোৱাৰি। একেই দলৰ ৰাজস্থানত চৰকাৰ আছে। ৰাজস্থান বিধান সভাৰ ভিতৰত মনুসংহিতাৰ ৰচক মনুৰ মূৰ্তি তেওঁলোকেই স্থাপন কৰিছে। এই মনুৰ শিক্ষা হল যে, যদি কোনো নাৰিয়ে ‘বেদ পাঠ শ্ৰৱণ’ কৰে, তেওঁৰ কাণত উত্তপ্ত শিহ ঢালি কাণ চিৰদিনৰ বাবে বেয়া কৰি দিব লাগে। বিভিন্ন সময়ত আৰ এছ এছৰ মানুহে নাৰী সম্পৰ্কত দি থকা নানা মন্তব্যই দেখুৱাই যে তেওঁলোকৰ মানসিকতা তাতকৈ বৰ বিশেষ বেলেগ নহয়। হয়তো তেওঁলোকে ভাবিছিল, মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নীৰৱে এই অপঘাত মানি ল’ব। ঘৰলৈ ঘূৰি যাব। ঘৰলৈ গৈ বিয়াত বহিব। তেওঁলোকৰ মনত নাৰীৰ অৱধাৰিত স্থান সেয়াই বাবে তেওঁলোকে ভাবে ‘কেৰিয়াৰ’ কেৱল ল’ৰাৰহে থাকে৷ নাৰীৰ ঠিকনা পাকঘৰ৷ গতিকে তেওঁলোকে হয়তো ভাবিছিল ৫০০ ছাত্ৰীয়ে ভাগ্যৰ লিখন বুলি মানি ল’ব সকলো। কিন্তু এনে হীন মানসিকতাক ভুল প্ৰমাণিত কৰাৰ বাবে অসম মহিলা বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰী ধান্যবাদৰ পাত্ৰী।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে