চ’ৰাঘৰ / কথাশিল্প / লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ বিশেষ উল্লেখেৰে)

অৱতৰণিকাঃ

লোকসংস্কৃতি অধ্যয়নৰ মানকসমূহৰ ভিতৰত লিংগ অন্যতম। সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসংস্কৃতিৰ লিংগ অধ্যয়নে সামৰি লোৱা কিছুমান দিশ হ’ল— সংস্কৃতি বা লোকসংস্কৃতি ৰূপায়ণৰ লিংগ-প্ৰেক্ষিত(Gender Perspective)-ৰ অন্বেষণ কৰা, লোকসংস্কৃতিৰ বিভিন্ন শাখাত নাৰী আৰু পুৰুষৰ প্ৰাধান্যৰ বিশিষ্টতা আৰু প্ৰৱণতাৰ তুলনামূলক আলোচনা কৰা, লোকসংস্কৃতিৰ বিভিন্ন শাখাৰ মাজত নিৰ্দিষ্ট লিংগৰ কণ্ঠস্বৰ(Gender Voice) কিভাৱে ফুটি উঠিছে, তাক লক্ষ্য কৰা, বৈষম্যৰ বিৰুদ্ধে নাৰীৰ প্ৰতিবাদী-চেতনাৰ উন্মেষ বা বিকাশক লক্ষ্য কৰা, লিংগ-নিৰ্দিষ্ট(Gender Specific) লোকসংস্কৃতিৰ স্বৰূপ আৰু বৈশিষ্ট্যক লক্ষ্য কৰা ইত্যাদি।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত সাধুসমূহৰ নাৰী চৰিত্ৰ আৰু তাৰ মাজত প্ৰতিফলিত অসমীয়া সমাজৰ স্বৰূপ আদিৰ বিষয়ে কিছু অধ্যয়ন-গৱেষণা হৈছে যদিও সেই সাধুসমূহ লোকসংস্কৃতিৰ লিংগ অধ্যয়নৰ দৃষ্টিভংগীৰে আলোচনা হোৱা নাই। এই আলোচনাত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ লিংগ বিশ্লেষণ আগবঢ়াবৰ যত্ন কৰা হৈছে।

লিংগ ধাৰণা তথা লিংগ অধ্যয়নঃ

Sex আৰু Gender-ৰ অৰ্থ একে নহয়। Sex জৈৱিক আৰু লিংগ(Gender) সামাজিকভাৱে নিৰ্মিত। অৰ্থাৎ, সমাজ-ব্যৱস্থাইহে আমাৰ লৈংগিক পৰিচয়(Gender Identity) নিৰ্মাণ কৰে।

ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সমাজতাত্ত্বিক আলোচনাৰ প্ৰসংগত বৰ্তমান অনেক ন ন দিশ সংযুক্ত হৈছে। এনে দিশসমূহৰ ভিতৰত লিংগ ধাৰণা(Gender Concept) আৰু লিংগ অধ্যয়ন(Gender Studies) অন্যতম। পোনতে বিংশ শতিকাৰ পঞ্চাছৰ দশকত পাশ্চাত্য দেশত সমাজ-সংস্কৃতিৰ গতি-প্ৰকৃতি বিচাৰ কৰাৰ ক্ষেত্ৰত আৰু লগতে লিংগবিশেষৰ প্ৰতি কৰা সামাজিক নানা ব্যৱহাৰ-আচৰণৰ প্ৰৱণতাক বিচাৰ কৰাৰ প্ৰসংগত লিংগ ধাৰণা এক উল্লেখযোগ্য বৌদ্ধিক বিদ্যাশাখা হিচাপে প্ৰয়োগ হৈছিল। বৰ্তমান লিংগ ধাৰণা তথা লিংগ অধ্যয়নে এক স্বতন্ত্ৰ বিদ্যায়তনিক ক্ষেত্ৰ ৰূপে আত্মপ্ৰকাশ কৰিছে।

লিংগ অধ্যয়নৰ লগত নাৰীবাদো সাঙোৰ খাই আছে। ঊনবিংশ শতিকাৰ শেহৰ ফালে নাৰীৰ সম-অধিকাৰৰ দাবীত নাৰীবাদৰ উদ্ভৱ হৈছিল। নাৰীবাদে লিংগ বৈষম্যৰ বিৰুদ্ধে বিশেষভাৱে যুঁজ দিছিল। লিংগ অধ্যয়ন আৰু নাৰীবাদৰ সহযোগত হোৱা আলোচনা-বিশ্লেষণসমূহ লোকবিদ্যা বা লোকসংস্কৃতিৰ বিশ্লেষণ-গৱেষণাৰ ক্ষেত্ৰতো প্ৰাসংগিক।

নাৰীবাদে পশ্চিমীয়া দেশসমূহৰ লগতে প্ৰাচ্যতো বিকাশ লাভ কৰিছে। সেই হ’লেও কিন্তু আমাৰ বহুবোৰ লোকায়ত সমাজ লিংগ-বৈষম্যৰ সমস্যাৰ পৰা আঁতৰত নহয়। সংস্কৃতিৰ অনেক ক্ষেত্ৰত এই বৈষম্যৰ স্বাক্ষৰ পোৱা যায়। শেখ মকবুল ইসলামে[১] এইসমূহক ‘লোকসংস্কৃতিৰ লিংগ-মাত্ৰা’(Gender Dimension of Folklore)-ৰ অন্তৰ্গত বুলিছে।

লিংগ অধ্যয়ন আৰু সামাজিক লিংগ নিৰ্মাণ প্ৰসংগঃ

লিংগ অধ্যয়নৰ আলোচনাৰ এটা মূল বিষয় হ’ল সামাজিক লিংগ নিৰ্মাণ। এই সম্পৰ্কে ফৰাচী লেখিকা চিম’ন ড্য ব’ভোৱাই তেওঁৰ ‘The Second Sex’(1949) নামৰ গ্ৰন্থখনত আলোচনা দাঙি ধৰিছে। ব’ভোৱাৰ বিখ্যাত উক্তি ‘One is not born, but rather becomes, women’[২]-ৰ দ্বাৰা লিংগ অধ্যয়ন বিষয়টো বিশেষভাৱে প্ৰভাৱিত। ব’ভোৱাই নাৰীৰ যৌন প্ৰকৃতিত বিশ্বাস কৰা নাছিল। তেওঁ গুৰুত্ব দিছিল মানৱ প্ৰকৃতিত। ব’ভোৱাই মানুহৰ লিংগ নিৰ্মাণ  বা লিংগ পৰিচয়(Gender Identity) যে সমাজসৃষ্ট, সেই কথা প্ৰমাণ কৰিবৰ যত্ন কৰিছিল।

লিংগ অধ্যয়নে সামাজিক-সাংস্কৃতিক লিংগৰ আলোচনাত গুৰুত্ব দিয়ে। ইয়াৰ আলোচনা প্ৰসংগত অৱশ্যে জৈৱবৈজ্ঞানিক লিংগ(Biological Sex) বিষয়টোক অস্বীকাৰ কৰা নহয়। কাৰণ, তাৰ আধাৰতেই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি সামাজিক লিংগৰ নিৰ্মাণ হয়। সামাজিকীকৰণ প্ৰক্ৰিয়াই ল’ৰা-ছোৱালীক জৈৱবৈজ্ঞানিক লিংগ অনুসৰি ‘পুৰুষ-নাৰীৰ আচৰণ’ কৰিবলৈ শিক্ষা দিয়ে। লগতে ‘নাৰী-পুৰুষৰ গুণ’ আহৰণ সম্পৰ্কেও শিক্ষা দিয়ে। এই প্ৰসংগত হানছ বাৰ্টেনছে(Hans Bertens) ‘Literary Theory the Basics’ নামৰ গ্ৰন্থত এনেদৰে কৈছে— “… নাৰী হোৱা মানে কি সেই বিষয়ে ক’বলৈ হ’লে প্ৰায়ে স্বাভাৱিকতে ভয়াতুৰ, মৰম লগা, বুজিবলৈ সহজ, নিৰ্ভৰশীল আত্মপুতৌজনক আদি গুণৰ কথা কোৱা হয়। এই গুণবোৰৰ প্ৰদৰ্শনেৰে নাৰীৰ ভূমিকা পালন কৰিবলৈ দি নাৰীৰ নিৰ্মাণ কৰা হয়।”[৩]

লিংগ অধ্যয়নৰ আলোচনাৰ ক্ষেত্ৰঃ

লিংগ অধ্যয়নৰ পৰিসৰ অতি বহল। লিংগ অধ্যয়নৰ পৰিসৰে সামৰি লোৱা দিশ কেতবোৰ এনেদৰে নিৰ্দেশ কৰিব পাৰি—

  • আমাৰ সমাজ-ব্যৱস্থাত নাৰী আৰু পুৰুষৰ অৱস্থান কেনেধৰণৰ তাক বিচাৰ কৰা
  • সেই অৱস্থানৰ এক তুলনাত্মক বিচাৰ-বিশ্লেষণ দাঙি ধৰা
  • সমাজত নাৰী আৰু পুৰুষৰ অধিকাৰ আৰু সুবিধা ভোগৰ পাৰ্থক্য বিশ্লেষণ কৰা
  • লিংগ ভূমিকা(Gender Role) আৰু লিংগ ভূমিকা সামাজিকীকৰণ(Gender Role Socialization) প্ৰক্ৰিয়াৰ আলোচনা দাঙি ধৰা
  • লিংগ-সমতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা
  • লিংগ-বৈষম্য দূৰীকৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা ইত্যাদি।

লিংগ অধ্যয়ন আৰু লোকসংস্কৃতি অধ্যয়নঃ

লোকসংস্কৃতিৰ লগত লিংগৰ এক ওচৰ সম্বন্ধ বুলিব পাৰি। কাৰণ, লোকসংস্কৃতিৰ বহল পথাৰখনলৈ চকু দিলেই নাৰীক আশ্ৰয় কৰি গঢ় লৈ উঠা লোকসংস্কৃতিৰ অনেক সমল দেখা যায়। শেখ মকবুল ইসলামে সঠিকভাৱেই কৈছে— “বহুক্ষেত্ৰত লোকসংস্কৃতিৰ নানা বিষয় প্ৰধানত নাৰী আশ্ৰিত, অথবা কেৱল মাত্ৰ নাৰী আশ্ৰিত।”[৪] অসমীয়া লোকসংস্কৃতিলৈ চালে দেখা যায় যে আইনাম, আই সবাহ, বিয়ানাম, ভেকুলী বিয়াৰ নাম, লখিমী সবাহৰ নাম, আয়ুস তোলা প্ৰথা, প্ৰসূতি সবাহ আদি লোকসংস্কৃতিৰ বহুতো উপাদান নাৰী সমাজৰ নিজা সম্পদ।

আনহাতে, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, নাওখেলৰ গীত(বহলভাৱে নাৱৰীয়াৰ গীত) আদিত পুৰুষৰ প্ৰাধান্য চকুত পৰে। এনে কাৰণতে লোকসংস্কৃতিৰ আলোচনা প্ৰসংগত লিংগ প্ৰাধান্যৰ বিষয়টোক নিলগাই ৰাখিব নোৱাৰি।

সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসমাজ আৰু লোকসংস্কৃতিৰ বিচাৰ-বিশ্লেষণৰ প্ৰসংগত লিংগ-প্ৰেক্ষিত(Geneder Perspective)-ক এক অতি গুৰুত্বপূৰ্ণ বিদ্যায়তনিক পৰিসৰ(Academic Domein) ৰূপে স্বীকৃতি দিব পাৰি। পূৰ্বতে লোকসংস্কৃতিৰ আলোচনা প্ৰসংগত লিংগ বিষয়টোৰ কিছু দিশ আলোচিত হৈছে। লোকসাহিত্যত নাৰী, নাৰীকেন্দ্ৰিক লোকসংস্কৃতি আদিৰ বিষয়ে কেতবোৰ আলোচনা হৈছে। ইবিলাকৰ মাজত লিংগ অধ্যয়ন বা লিংগ ভাবনাৰ মূল সুৰৰ কিছু অনুৰণন শুনা যায়। অৱশ্যে তাত্ত্বিক দিশ(লিংগতত্ত্ব ভাবনা)-ৰ পৰা লোকসংস্কৃতিৰ বিশ্লেষণে বিশেষ অগ্ৰগতি লাভ কৰা নাই।

লোকসংস্কৃতিৰ লিংগ অধ্যয়নৰ পৰিসৰঃ

লোকসংস্কৃতি অধ্যয়নৰ কিছুমান মানক(Parameter) আছে আৰু তাৰ আধাৰতেই লোকসংস্কৃতিৰ বিশ্লেষণ দাঙি ধৰা হয়। সেয়া হ’ব পাৰে ধৰ্ম, অঞ্চল, ভাষা, অনুষংগ(Context), বয়স ইত্যাদি। এনে মানকসমূহৰ ভিতৰত লিংগ(Gender)ও এটা গুৰুত্বপূৰ্ণ মানক। এনেদৰেই লোকসংস্কৃতিৰ লগত লিংগৰ সম্পৰ্ক অনুধাৱন কৰিব পাৰি।

লিংগ-প্ৰেক্ষিতৰ দৃষ্টিৰে লোকসংস্কৃতিৰ বিভিন্ন উপাদানৰ ব্যাখা-বিশ্লেষণ সম্ভৱ। লোকসংস্কৃতিৰ বিশ্লেষণত লিংগ বিষয়টোৰ প্ৰয়োগে এতিয়াও বিশেষ প্ৰসাৰ লাভ কৰা নাই। লিংগ-প্ৰেক্ষিতত ইয়াৰ আলোচনা হোৱা প্ৰয়োজন।

লোকসংস্কৃতিৰ লিংগ অধ্যয়নে তাৰ পৰিসৰত অনেক দিশেই সামৰি ল’ব পাৰে। তলত তেনে কিছুমান দিশ সংক্ষেপে উল্লেখ কৰা হ’ল—

  • সংস্কৃতি বা লোকসংস্কৃতি ৰূপায়নৰ লিংগ-প্ৰেক্ষিত(Gender Perspective)-ৰ অন্বেষণ কৰা।
  • লোকসংস্কৃতি ৰূপায়ণৰ ক্ষেত্ৰত লিংগ-অনুশাসন(Gender Domination) আৰু লিংগ-প্ৰাধান্যক লক্ষ্য কৰা।
  • লিংগ-নিৰ্দিষ্ট(Gender Specific) লোকসংস্কৃতিৰ স্বৰূপ আৰু বৈশিষ্ট্যক লক্ষ্য কৰা।
  • লোকসংস্কৃতিৰ বিভিন্ন শাখাত নাৰী আৰু পুৰুষৰ প্ৰাধান্যৰ বিশিষ্টতা আৰু প্ৰৱণতাৰ তুলনামূলক আলোচনা কৰা।
  • লোকসংস্কৃতিৰ বিভিন্ন শাখা, বিশেষকৈ মৌখিক সাহিত্যৰ বিভিন্ন শাখাৰ আভ্যন্তৰীণ বৈশিষ্ট্য বিচাৰ কৰি লিংগবিশেষৰ প্ৰতি মনস্তত্ত্ব(Gender Psychy) কিদৰে ফুটি উঠিছে, তাৰ বিচাৰ কৰা।
  • লোকসংস্কৃতিৰ বিভিন্ন শাখাৰ মাজত নিৰ্দিষ্ট লিংগৰ কণ্ঠস্বৰ(Gender Voice) কিভাৱে ফুটি উঠিছে, তাক লক্ষ্য কৰা।
  • নাৰী সমাজে লাভ কৰা প্ৰতিকূলতা-সমস্যা-বঞ্চনা আৰু বৈষম্যক কেনেদৰে মৌখিক সাহিত্যৰ মাজত তুলি ধৰিছে, সেয়া লক্ষ্য কৰা।
  • বৈষম্যৰ বিৰুদ্ধে নাৰীৰ প্ৰতিবাদী-চেতনাৰ উন্মেষ বা বিকাশক লক্ষ্য কৰা।
  • প্ৰথাগত কোনবোৰ ঘটনাক নাৰী-মানসে কিদৰে পুনৰব্যাখা(Reinterpret) কৰে, সেয়া লক্ষ্য কৰা।
  • নাৰী আৰু পুৰুষৰ প্ৰতি সমাজ-মানসৰ যি পাৰ্থক্য প্ৰতীয়মান হয়, তাক নিৰীক্ষণ কৰা।
  • লোকসংস্কৃতিৰ বিভিন্ন শাখাই কিদৰে Gender Role-ৰ ধাৰণা সমাজত বিয়পাই দিয়ে আৰু Gender Role Socialization-ৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে, তাক বিচাৰ কৰা।
  • লোকসংস্কৃতিৰ বিভিন্ন শাখালৈ নাৰীৰ অৱদানক গুৰুত্বসহকাৰে বিচাৰ কৰা।[৫]

লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্যঃ

লক্ষ্মীনাথ বেজবৰুৱাৰ বহুমুখী সাহিত্যিক প্ৰতিভাৰ এটি উল্লেখযোগ্য স্বাক্ষৰ হ’ল তেওঁৰদ্বাৰা ৰচিত শিশু-সাহিত্যৰাজি। কথনশৈলী আৰু উদ্দেশ্যধৰ্মিতাৰ দিশৰ পৰা বেজবৰুৱাৰ শিশু-সাহিত্যৰাজি অতি মনোৰম। এই সম্পৰ্কত সূৰ্য হাজৰিকাই ‘ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্য সম্ভাৰ’ গ্ৰন্থ ‘আগকথা’ত এনেদৰে লিখিছে— “বেজৰুৱাদেৱৰ পূৰ্বৱৰ্তী সাহিত্যাৱলীত শিশু-সাহিত্যৰ সমল পোৱা যায় যদিও বেজবৰুৱাদেৱৰ কথনশৈলী আৰু উদ্দেশ্যধৰ্মিতাৰ দিশৰপৰা বিশ্লেষণ কৰিলে দেখা যায় যে,— সম্পূৰ্ণ শিশু-সাহিত্য ৰূপত বেজবৰুৱাদেৱৰ সৃষ্টিত শিশু-সাহিত্যৰ ৰস সৰ্বোৎকৃষ্ট। সেয়েহে প্ৰকৃতাৰ্থত বেজবৰুৱাদেৱেই প্ৰথম অসমীয়া শিশু-সাহিত্যিক।”[৬] বেজবৰুৱাই তেওঁৰ শিশু-সাহিত্যত এক এক নতুন দৃষ্টিভংগীৰে অসমীয়া সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, সংস্কৃতি, ঐতিহ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটাবলৈ যত্ন কৰিছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-উপযোগী গ্ৰন্থকেইখনক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) সাধুকথাঃ

                 ১. বুঢ়ী আইৰ সাধু

                 ২. ককাদেউতা আৰু নাতিল’ৰা

                 ৩. জুনুকা।

         (খ) নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰসংগযুক্ত গ্ৰন্থঃ

                 ১. শ্ৰীভগৱৎ কথা

                 ২. বাখৰ

                 ৩. কামত কৃতিত্ব লভিবৰ সংকেত।

ইয়াৰ প্ৰথমটো থূলত নৈতিক শিক্ষাৰ প্ৰকাশ আছে যদিও নিৰ্ভেজাল মনোৰঞ্জনকহে প্ৰধান স্থান দিয়া হৈছে। আনহাতে, দ্বিতীয়টো থূলত নৈতিক আৰু আধ্যাত্মিক শক্তিৰে চৰিত্ৰ গঠনৰ বাবে শিশু-মনক উৎসাহিত কৰিবলৈ চেষ্টা কৰা হৈছে। অৱশ্যে, শিশু-সাহিত্যিক হিচাপে দুয়োটা থূলেই মনোৰম আৰু আকৰ্ষণীয়। লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্যৰ এই থূল দুটাক ক্ৰমে মনোৰঞ্জক আৰু উপদেশাত্মক— এই দুটা শ্ৰেণীটো ভাগ কৰি দেখুৱাব পাৰি। সেয়া যি কি নহওক, এই কথা ঠিক যে, “পৰ্যবেক্ষণশীল, সুচিন্তিত লেখক বেজবৰুৱাৰ শিশু-সাহিত্য সৃষ্টিত হাত দিয়াৰ পূৰ্বেই হয়তো এই শ্ৰেণীৰ সাহিত্য সম্পৰ্কে এক সুস্পষ্ট ধাৰণা আছিল। শিশু-সাহিত্য সৃষ্টি কৰা নহয়; ইয়াক শিশুৰ বাবে নিৰ্মাণহে কৰা হয়, সেই কথা তেওঁ নিশ্চয় অনুভৱ কৰিছিল। তেওঁৰ দুই শ্ৰেণীৰ ৰচনাৰ ছত্ৰে ছত্ৰে সেয়ে এই সচেতন, অনুভৱী লেখকজন উপস্থিত।”[৭]

বুঢ়ী আইৰ সাধুঃ

‘বুঢ়ী আইৰ সাধু’ অসমীয়া শিশু-সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ এক মহৎ অৱদান। সাধুকথাৰ এই সংগ্ৰহটি প্ৰথম প্ৰকাশ পাইছিল ১৯১১ চনত। ২০১১ চনত ‘বুঢ়ী আইৰ সাধু’ৰ প্ৰকাশে শতবৰ্ষ সম্পূৰ্ণ কৰিলে। কিন্তু বৰ্তমানেও গ্ৰন্থখনিৰ আদৰ কমি যোৱা নাই। পুথিখনত মুঠ ৩০ টা সাধু আছে। এই সাধুসমূহ তেওঁ বিভিন্নজনৰপৰা সংগ্ৰহ কৰিছিল। অৱশ্যে তাৰ মাজত কথক বেজবৰুৱাহে বৰ্তমান। এই প্ৰসংগত তেওঁৰ এই মন্তব্যলৈ চকু দিব পাৰি—

“… তলত নাম দিয়াসকলৰপৰা আমি এই কিতাপত দিয়া সৰহভাগ সাধু পাইছিলোঁ; কিন্তু কোনটো কাৰপৰা পোৱা গৈছিল, সেইটো কোৱা অসাধ্য, কাৰণ, নানা ৰকমকৈ লিখা একেটা সাধুকে আমি কেইবাজনৰপৰা পাইছিলোঁ আৰু সেই আটাইবোৰ পঢ়ি মিলাই, বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছোঁ। স্বৰূপাৰ্থত তেওঁলোকে যি ভাষাত সাধুবোৰ লেখি পঠিয়াইছিল সেই ভাষা এই সাধুবোৰত নাই বুলিলেই হয়। দৈৱাৎহে কোনোবাটোত এশাৰী আধশাৰী আছে।”[৮]

বিভিন্ন দিশৰপৰা ‘বুঢ়ী আইৰ সাধু’ৰ পাতনিখন যথেষ্ট মূল্যৱান। ইয়াৰ মাজেদি বেজবৰুৱাৰ সাধুকথা সম্পৰ্কে থকা তেওঁৰ বিদ্যায়তনিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ উমান পোৱা যায়। ইয়াৰ মাজেদি বেজবৰুৱাৰ জাতীয়তাবোধৰ ছবি এখনো প্ৰকাশিত হৈছে। ‘বুঢ়ী আইৰ সাধু’ৰ সাধুবোৰৰ মাজেৰে বেজবৰুৱাৰ জাতীয় ঐতিহ্য ৰক্ষা আৰু প্ৰয়োগৰ প্ৰচেষ্ট চকুত পৰে। ইয়াৰ উদাহৰণ হিচাপে সাধুবোৰত চিত্ৰিত সাংস্কৃতিক উপাদান, অসমীয়া ভাষাৰ নিভাঁজ প্ৰয়োগ আৰু গীতাংশ আদিৰ কথা ক’ব পাৰি। বেজবৰুৱাই অনুভৱ কৰিছিল—

“প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধুকথা(Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনচৰিত, পুৰণি সাধুবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনচৰিত। কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মছ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মছ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি”(Philology), অৰ্থাৎ ভাষাতত্ত্ব আৰু “মাইথ’লজি”(Mythology), অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ(Folklore), অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল।”[৯]

‘বুঢ়ী আইৰ সাধু’ৰ নিৰ্বাচিত সাধুৰ লিংগ বিশ্লেষণঃ

তলত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ লিংগ বিশ্লেষণ আগবঢ়াবৰ যত্ন কৰা হ’ল—

পুত্ৰ সন্তান কামনাঃ

আমাৰ সমাজখনত কন্যা সন্তানতকৈ পুত্ৰ সন্তানকহে যে অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল, সেই সত্য সাধুকথাৰ মাজত প্ৰকাশিত হৈছে। কন্যা সন্তানৰ প্ৰতি অৱহেলা কৰা হৈছিল বা কন্যা সন্তান কামনা কৰা নহৈছিল। সাধুকথাৰ মাজত চিত্ৰিত পুত্ৰৰ প্ৰতি গুৰুত্ব আৰু নাৰীৰ প্ৰতি উপেক্ষাৰ এই ছবিখন প্ৰকৃততে সমাজ-মানসত শিপাই থকা লিংগ-বৈষম্যৰেই এক প্ৰকাশ।

সকলো নাৰীৰ মাজত যে এগৰাকী ‘মা’ বৰ্তমান, সেই কথা পুৰুষপ্ৰধান সমাজে বিচাৰ কৰি নাচায়। পুত্ৰ বা কন্যাৰ প্ৰতি সেই মাতৃ-হৃদয়ৰ একেই টান। কিন্তু প্ৰচলিত সমাজ-ব্যৱস্থাই সেই চিৰন্তন বৈশিষ্ট্যৰ ওপৰত আঘাত হানিছে। ‘মা’ৰ মাজত একো একোগৰাকী ‘পুৰুষসৃষ্ট সামাজিক নাৰী’ জোৰকৈ স্থাপন কৰা হৈছে। অৰ্থাৎ, নাৰী-মন গঢ় দিছে সমাজে আৰু সেয়ে সেই নাৰী-মনক ‘সামাজিক নিৰ্মাণ’(Social Construct) বুলিব পাৰি। ‘চিলনীৰ জীয়েকৰ সাধু’ত পুত্ৰ সন্তানৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ পাইছে। “এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ।”[১০] সন্তান-সম্ভৱা পত্নীৰ যত্ন লোৱাতকৈ কুমাৰে তাইৰ ওচৰত এক অসম্ভৱ দাবীহে কৰিছে— “যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছোঁ, তোক ক’ৰবাত বেচিম।”[১১]

পেটত সন্তান। অথচ কুমাৰৰ পত্নীয়ে এক ভয়ৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। মাতৃৰ এনে অৱস্থাই গৰ্ভস্থ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কিন্তু কুমাৰৰ শেষ কথা— তেওঁক কেৱল এটা ল’ৰাহে লাগে। যদি ছোৱালী জন্ম দিয়ে, তেতিয়া তাইক ক’ৰবাত বেচি দিব। তেওঁৰ ওচৰত ছোৱালী সন্তান জন্ম দি থকা পত্নীৰ কোনো মূল্য নাই। কুমাৰৰ পত্নীয়ে বাৰে বাৰে ছোৱালীহে জন্ম দিছে আৰু তাৰ বাবে দায়ী কৰা হৈছে কেৱল তাইক। (কিন্তু প্ৰকৃত সত্য হ’ল— সন্তান ল’ৰা নে ছোৱালী হ’ব, সেয়া পিতৃৰ ক্ৰম’জমৰ ওপৰতহে নিৰ্ভৰশীল।) পুৰুষপ্ৰধান সমাজখনত কুমাৰৰ পত্নীৰ স্থান আৰু ভৱিষ্যৎ কেনেধৰণৰ, সেয়া তাই বুজি উঠিছে। সেয়ে ল’ৰা পাবৰ ওচৰা-উচৰি হ’লত কুমাৰৰ ঘৈণীয়েকে মাকৰ ঘৰলৈ গুচি গৈছে আৰু ছোৱালী ওপজা দেখি চৰুত ভৰাই নৈত উটাই দিছে।

পুৰুষপ্ৰধান সমাজৰ ভয়তে কুমাৰৰ ঘৈণীয়েকে সদ্যোজাত কন্যা শিশুটিক নৈত উটুৱাই দিছে। কাৰণ, সেইখন সমাজত কন্যা সন্তানৰ আদৰ নাই, কন্যা সন্তান জন্ম দিয়াও অপৰাধ। সামাজিক অনুশাসনে নাৰী-মনৰ মাজত থকা ‘মা’ৰ সৰলতা আৰু মমতালৈও কঠিনতা আনি দিছে। অৱশ্যে, সমাজৰ ভয়ৰ মাতৃ-হৃদয়ৰ সকলো স্নেহ শেষ হৈ যোৱা নাই। সেইবাবে কন্যা শিশুটিক চৰুত ভৰাইহে নৈত উটুৱাই দিছে। এফালে পুৰুষপ্ৰধান সমাজত নাৰীৰ নিৰাপত্তাহীন জীৱন আৰু আনফালে তথাপিও মাতৃ-হৃদয়ৰ এটা ক্ষীণ আশা— তাইৰ বাবে হয়তো জীৱন এটা ক’ৰবাত ৰৈ আছেই! সেয়ে একেবাৰে উটুৱাই দিয়া নাই। চৰুত ভৰাইহে উটুৱাই দিছে।

পাৰিবাৰিক নিৰ্যাতনঃ

‘চিলনীৰ জীয়েকৰ সাধু’ত পাৰিবাৰিক অত্যাচাৰৰ (Domestic Violance) ছবি এখন স্পষ্ট। কুমাৰ ঘৈণীয়েকক লৈ অসুখী। কাৰণ, তাই বাৰে বাৰে ছোৱালী সন্তানহে পায়। এটা সময়ত কুমাৰে অতিষ্ঠ হৈ ঘৈণীয়েকক কন্যা সন্তান জন্ম দিলে বেচিম বুলি কৈছে (অথচ, সন্তান ল’ৰা নে ছোৱালী হ’ব, সেয়া পিতৃৰ ওপৰতহে নিৰ্ভৰশীল)। যিজন স্বামীয়ে নিজৰ পত্নীক আনৰ ওচৰত পণ্য-সামগ্ৰীৰ দৰে বিক্ৰী কৰাৰ কথা ভাবিব পাৰে, সেইজন স্বামীয়ে পত্নীক যে শাৰীৰিক-মানসিক অত্যাচাৰ নকৰিব, তাৰ কোনো মানে নাই।

ন্যায়-বিচাৰত অসমতা আৰু পুৰুষ-প্ৰাধান্যঃ

‘মেকুৰীৰ জীয়েকৰ সাধু’ত সতিনীৰ কু-মন্ত্ৰণা বুজিব পাৰি মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি ঘৰৰপৰা খেদাই দিছে। এই সমস্যাটোৰ কিয় জন্ম হ’ল, তাৰ উৎস বিচাৰিবৰ প্ৰয়াস কৰা নাই। বহুবিবাহেই এই সমস্যা উদ্ভৱৰ মূল কাৰণ বুলিব পাৰি। আকৌ, সৰু ঘৈণীয়েকৰ সন্তান প্ৰসৱৰ সময়তো তেওঁ উপস্থিত নাছিল। সতিনীয়েকহঁতে তাই ‘ঢেঁকীথোৰা’ আৰু ‘ৰঙালাও’ পালে বুলি কোৱা কথা তেওঁ বিনা বাচ-বিচাৰে মানি লৈছিল। তেওঁ কৰা ভুলৰ শাস্তি দিওঁতা কিন্তু কোনো নাই। কাৰণ তেওঁ ‘পুৰুষ’। মুদৈয়ে কৰা ভুল কেতবোৰ এনেদৰে আঙুলিয়াই দেখুৱাব পাৰি—

  • মেকুৰীৰ সৰু জীয়েকক নদীৰ পাৰৰপৰা উঠাই অনা।
  • তাইৰ বায়েকক উদ্ধাৰৰ যত্ন নকৰা।
  • ছোৱালীজনীৰ ইচ্ছা-অনিচ্ছাক আওকাণ কৰি নিজৰ পত্নী কৰা।
  • সৰু ঘৈণীয়েকৰ সন্তান প্ৰসৱৰ সময়ত উপস্থিত নথকা।
  • মূল কাৰণ বিচাৰ নকৰি ডাঙৰ ঘৈণীয়েক দুজনীৰ নাক-কাণ কটা।

‘চিলনীৰ জীয়েকৰ সাধু’ৰ মাজতো দেখা যায় যে, সদাগৰে নিজৰ ঘৈণীয়েকহঁতক কঠোৰ শাস্তি বিহিছে। ঘৈণীয়েকহঁতে চিলনীৰ জীয়েকৰ প্ৰতি তেনে আচৰণ কৰাৰ ঘাই গুৰি ক’ত, তাক বিচাৰি চাবলৈ তেওঁ কিন্তু কিঞ্চিতো যত্ন কৰা নাই।

বহু বিবাহঃ

‘মেকুৰীৰ জীয়েকৰ সাধু’ত আছে মুদৈয়ে নৈৰ পাৰত বহি কান্দি থকা মেকুৰীৰ সৰু জীয়েকক ‘নাৱত ভৰাই লৈ’ গুচি আহিছে। মুদৈয়ে তাই নৈৰ পাৰত বহি কিয় কান্দি আছিল, তাৰ কাৰণ বিচাৰিবলৈ চেষ্টা কৰা নাই। মুদৈৰ ঘৰত দুজনীকৈ পত্নী আছে। তথাপিও তেওঁ মেকুৰীৰ সৰু জীয়েকক পত্নী কৰাৰ কথা ভাবিছে। তাইৰ সুখ-দুখৰ বতৰা (তাইৰ মাকৰ মৃত্যু হৈছে আৰু বায়েকক জলকোঁৱৰে[১২] হৰি নিছে। এনে এক পৰিস্থিতিত এগৰাকী কম বয়সীয়া ছোৱালীৰ মনোবেদনা কিমান গভীৰ হ’ব পাৰে, সেয়া মুদৈয়ে বুজিবলৈ অকণো যত্ন কৰা নাই।) অথবা ইচ্ছা-অনিচ্ছা তেওঁৰ বাবে অপ্ৰাসংগিক। সেয়ে তাইক ‘নাৱত ভৰাই’ লৈ গুচি গ’ল আৰু “ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ আগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে।”[১৩]

‘চিলনীৰ জীয়েকৰ সাধু’ত পোৱা যায় যে, সদাগৰৰ সাতজনী ঘৈণী আছে। তাৰ পাছতো তেওঁ চিলনীৰ জীয়েকক বিয়া পাতিছে। অৱশ্যে তেওঁ এই ক্ষেত্ৰত বল-প্ৰয়োগ কৰা নাই। কিন্তু তেওঁ সাতজনীকৈ ঘৈণীয়েক থকাৰ পাছত যে আৰু নাৰীক বিয়া কৰাব নোৱাৰে বা নকৰায়, তেনে কথাও কোৱা নাই। কাৰণ, তেওঁৰ অনেক ধন-বস্তু আছে, তেওঁ এজন চহকী মানুহ। চিলনীয়ে সদাগৰক জীয়েকৰ সকলো কথা ভাঙি-পাতি কোৱাৰ পাছত তেওঁ নিজৰ মন্তব্য এনেদৰে দিছে— “মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ। কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সেইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে-সন্তোষে ৰাখিম, কেতিায়ও দুখ নিদিওঁ।”[১৪] সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হৈছে। চিলনীৰ জীয়েকক বিয়া কৰি অনাৰ পাছত ঘৰখনত কিন্তু এটা সমস্যাৰ উদ্ভৱ হ’ল— “সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েকক পাইছে যেতিয়া সিহঁতক আৰু দেখিব নোৱৰা হ’ব। ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-খিয়াল কৰি দুখ দিবলৈ ধৰিলে।”[১৫] সতিনীয়েকহঁতে কৌশল কৰি চিলনীৰ জীয়েকৰ মাকক মাৰি পেলালে আৰু সদাগৰ নথকাৰ সুযোগ লৈ তাইক মুদৈৰ ওচৰত বেচি দিলে।

নাৰীক পণ্য-সামগ্ৰী হিচাপে ব্যৱহাৰঃ

নাৰীক যে পুৰুষপ্ৰধান সমাজখনত পণ্য-সামগ্ৰীৰ দৰে বেচা-কিনা কৰা হৈছিল, সেই কথা ‘চিলনীৰ জীয়েকৰ সাধু’ৰ মাজেদি প্ৰকাশিত হৈছে। এই সাধুটোত পোৱা যায় যে, কুমাৰে ঘৈণীয়েকক ছোৱালী সন্তান জন্ম দিলে ক’ৰবাত বেচিম বুলি কৈছে।

আকৌ সদাগৰৰ ঘৈণীয়েকহঁতে মুদৈ এজনৰপৰা বিভিন্ন বস্তু কিনিছে আৰু তাৰ বেচ হিচাপে চিলনীৰ জীয়েকক মুদৈৰ হাতত অৰ্পণ কৰিছে। (এই কাৰ্যটো যদিও নাৰীৰদ্বাৰা সংঘটিত হৈছে, কিন্তু তাৰ মূলতে আছে বহুবিবাহ।) এতিয়াৰে পৰা চিলনীৰ জীয়েক মুদৈৰ ‘ব্যক্তিগত সামগ্ৰী’ হ’ল। সেয়ে মুদৈয়ে চিলনীৰ জীয়েকক নিজৰ ঘৰলৈ নি “শুকান মাছৰ ৰখীয়া পাতিলে।”[১৬]

ইয়াৰ যোগেদি এই কথা স্পষ্ট হয় যে, পুৰুষপ্ৰধান সমাজখনত নাৰীক পণ্য-সামগ্ৰী ৰূপে বিবেচনা কৰা হৈছিল। নাৰীক নিজৰ স্বাৰ্থত বেচা-কিনা কৰাটো যেন এটা সাধাৰণ কথাহে আছিল।

নাৰীক যৌন সত্ত্বা(Sexual being) হিচাপে ব্যৱহাৰঃ

নাৰী আৰু পুৰুষৰ প্ৰকৃত পৰিচয় হ’ব লাগে ‘মানৱীয় সত্ত্বা’(Human being) হিচাপে। একে মানৱ সত্ত্বা হিচাপে নাৰী আৰু পুৰুষৰ মাজত বৈষম্য থাকিব নালাগে। কিন্তু পুৰুষপ্ৰধান সমাজে নাৰীক কেৱল ‘যৌন সত্ত্বা’(Sexual being) হিচাপেহে চাব বিচাৰে।

‘মেকুৰীৰ জীয়েকৰ সাধু’টোলৈ লক্ষ্য কৰিলে দেখা যায় যে, মুদৈয়ে নৈৰ পাৰত বহি কান্দি থকা মেকুৰীৰ সৰু জীয়েকক কন্দাৰ কাৰণ সোধা নাই (যদি সুধিছিলেও, তেন্তে তাইৰ বায়েকক উদ্ধাৰৰ কোনো প্ৰচেষ্টা কৰা নাই)। কাৰণ, মুদৈ এজন ‘পুৰুষ’। তেওঁৰ মন-মগজুত নাৰী কেৱল যৌন সত্ত্বা হিচাপেহে প্ৰতিষ্ঠিত। নৈৰ নিজান পাৰত এজনী ‘অকলশৰীয়া’ ছোৱালী। তাতে ছোৱালীজনী ‘ৰূপহী’। (এই বাক্যটোলৈ মন কৰক— “… এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত লৈ গুচি গ’ল।”[১৭]) ইয়াৰ যোগেদি ছোৱালীজনীক দেখি মুদৈৰ মনত কি ভাৱে ক্ৰিয়া কৰিছিল, সেয়া সহজে অনুমেয়। “ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ আগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে।”[১৮] দুবাৰকৈ তাই গৰ্ভধাৰণো কৰিলে। অথচ, সন্তান প্ৰসৱৰ সময়ত মুদৈ নিজৰ পত্নীৰ ওচৰত নাই। বেহা-বেপাৰৰ কামত অধিক ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে মুদৈয়ে ঘৰত হয়তো অধিক সময় থাকিব নোৱাৰে। নাৰীৰ গৰ্ভত বীজ এটা এৰাতেই স্বামী বা পিতৃৰ দায়িত্ব শেষ নহয়। গতিকে তেওঁ সৰু ঘৈণীয়েকৰ সন্তান প্ৰসৱৰ সময়ত তাইৰ ওচৰত থকাটো উচিত আছিল। এগৰাকী পত্নীক স্বামীৰ উপস্থিতিয়ে তেনে সময়ত সাহস দিয়ে। এবাৰলৈ বাৰু বেপাৰত অধিক ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে আহিব নোৱাৰিলে বুলি ধৰি ল’ব পাৰি। দ্বিতীয়বাৰ সন্তান প্ৰসৱৰ সময়ত তেওঁ ওচৰত থাকিবলৈ চেষ্টা কৰিব লাগিছিল।

এই দিশবিলাক বিচাৰ কৰি ক’ব পাৰি যে, মুদৈয়ে কেৱল যৌন সুখৰ বাবেহে সৰু ঘৈণীয়েকক ‘ব্যৱহাৰ’ কৰিছিল। কাৰণ, তাই ‘ৰূপহী’ আৰু ‘কোমল বয়সীয়া’। আন দুগৰাকীৰ বয়স নিশ্চয় হৈছে। কাৰণ, সাধুটোত স্পষ্টভাৱেই কোৱা হৈছে— “কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে।”[১৯] (ইয়াত ‘মৰম’ শব্দটোৰ আঁৰত লুকাই থকা অৰ্থ বিচাৰ কৰিবলগীয়া।) সৰু ঘৈণীয়েকৰ প্ৰতি মুদৈয়ে অধিক গুৰুত্ব দিয়া দেখি মুদৈৰ আগৰ ঘৈণীয়েক দুজনীয়ে তাইৰ অহিত চিন্তা কৰিছে (বহু বিবাহৰ বাবেই এনে সমস্যাৰ জন্ম বুলিব পাৰি)। কৌশল কৰি সতিনীয়েকহঁতে তাইৰ দুটা সন্তান নৈত উটাই দিছে। অশৌচৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি ‘ঢেঁকীথোৰা’ আৰু ‘ৰঙালাও’ পালে বুলি দুটাকৈ সন্তান নৈত উটাই দিছে। মুদৈয়ে সৰু ঘৈণীয়েকৰ ক্ষেত্ৰত হোৱা এইবোৰ কথা সঁচা বুলি মানি লৈছে। তেওঁ প্ৰকৃত সত্য বা কাৰণ অনুসন্ধানৰ কোনো যত্নই কৰা নাই। কাৰণ তেওঁ ‘পুৰুষ’ আৰু তেওঁৰ বাবে ‘নাৰী’ৰ কোনো অভাৱ নাই। সেয়ে তেওঁ বেপাৰলৈ যাওঁতে দেখা ‘অকলশৰীয়া’ আৰু ‘ৰূপহী’ নাৰীক ‘নাৱত ভৰাই’ লৈ আনিব পাৰে আৰু নিজৰ ‘ঘৈণী পাতি ল’ব’ পাৰে। প্ৰয়োজন হ’লে তেওঁ কোনো মহিলাক ক্ৰয় কৰিও আনিব। কাৰণ, তেওঁ নিজৰ পত্নীকে ‘ক’ৰবাত বেচিম’ বুলি ক’ব পাৰিছে। তেনে মানসিকতাৰ এজন পুৰুষৰ বাবে নাৰী বেচা-কিনা কৰা কথাটো নিশ্চয় সহজ।

‘চিলনীৰ জীয়েকৰ সাধু’টোত চিলনীয়ে ক্ৰমে গাভৰু হৈ উঠা জীয়েকক লৈ চিন্তিত আৰু শংকিত হৈছে। এই চিন্তা আৰু শংকাৰ ঘাই কাৰণ পুৰুষ আৰু পুৰুষপ্ৰধান সমাজ। সেয়ে জীয়েকক কৈছে— “আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলৈ এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে।”[২০] ‘কোনোবাই কিবা কৰে’ এই বাক্যাংশৰ মাজেদি সমাজ-মানসৰ চৰিত্ৰ ফুটি উঠিছে। ইয়াত ‘কোনোবা’ শব্দেৰে পুৰুষকে বুজোৱা হৈছে আৰু ‘কিবা কৰে’ৰ অৰ্থ হ’ল কোনোবা ‘পুৰুষে’ চিলনীৰ জীয়েকক বলপূৰ্বকভাৱে ধৰি লৈ যাব পাৰে আৰু নিজৰ ঘৈণী পাতি ল’ব পাৰে বা আন কিবা কৰিবও পাৰে। (এই কথাটো মন কৰিবলগীয়া— চিলনীৰ জীয়েকৰ আন কোনো নাই, তাই আৰু চিলনীজনী। এক কথাত— তাই অকলশৰীয়া আৰু ৰূপহীয়ো।)

সদাগৰৰ সাতজনীকৈ ঘৈণীয়েক আছে। তাৰ পাছতো তেওঁ চিলনীৰ জীয়েকক বিয়া পাতিবলৈ সন্মতি প্ৰদান কৰিছে। সদাগৰৰ সাতজনীকৈ ঘৈণীয়েক আছে যদিও তেওঁৰ কোনো সন্তান থকাৰ কথা উল্লেখ নাই। গতিকে সন্তান জন্ম দিয়াৰ ক্ষমতা নিশ্চয় সদাগৰৰ নাই। সমস্যাটো সাতজনী ঘৈণীয়েকৰ হোৱাটো অসম্ভৱ। তেওঁ হয়তো নিজৰ দোষ স্বীকাৰ কৰি লোৱা নাই। সেয়ে সন্তানৰ আশাত বা অন্য কাৰণত ইজনীৰ পাছত সিজনীক বিয়া পাতিছে। তাতে তেওঁৰ অনেক ধন-বস্তু আছে, তেওঁ চহকী মানুহ। নিজৰ ক্ষমতা আৰু জোৰৰ বলত তেওঁ অনেকক বিয়া পাতিব পাৰে, তাত সমাজৰ বাধা নাই।

সামৰণি আৰু মন্তব্যঃ

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ মাজেদি নাৰী আৰু পুৰুষৰ প্ৰতি থকা সমাজ-মানসৰ পাৰ্থক্য প্ৰকাশিত হৈছে। এই সাধু দুটাত নাৰী সমাজে লাভ কৰা নানা প্ৰতিকূলতা, নিৰ্যাতন আৰু বৈষম্যৰ একোখন ছবি পোৱা যায়। এই সাধু দুটাৰ লিংগ বিশ্লেষণৰ যোগেদি আমি এনে কিছুমান সিদ্ধান্ত আগবঢ়াব পাৰোঁ—

  • এই সাধু দুটাৰ যোগেদি পুৰুষ-প্ৰধান সমাজ এখনৰ ছবি তথা লিংগ-বৈষম্যৰ এখন ছবি প্ৰকাশিত হৈছে।
  • সেইখন সমাজত কেৱল পুত্ৰ সন্তানকহে অগ্ৰাধিকাৰ দিয়া হয়।
  • সেই সমাজখনত নাৰীক ‘মানৱীয় সত্ত্বা’(Human being) হিচাপে নহয়, ‘যৌন সত্ত্বা’(Sexual being) হিচাপেহে চোৱা হৈছে।
  • ইয়াৰ মাজেদি পুৰুষ-প্ৰধান সমাজৰ লিংগ মনস্তত্ত্ব(Gender Psychy) ফুটি উঠিছে। সেই সমাজখনত নাৰীকণ্ঠ প্ৰকাশৰ কোনো বাট নাই।
  • এই সাধু দুটাৰ মাজেদি লিংগ-বৈষম্যৰ বিৰুদ্ধে নাৰীৰ প্ৰতিবাদী-চেতনাৰ উন্মেষ লক্ষ্য কৰা নাযায়। শোষিত নাৰী চৰিত্ৰকেইটা স্থিৰ চৰিত্ৰ।

গ্ৰন্থপঞ্জী

অসমীয়াঃ

[১] গোস্বামী, যতীন্দ্ৰনাথ (২০০৬) :  বেজবৰুৱা-বিমৃশা, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়

[২] শইকীয়া, নগেন(সম্পা.) (২০১০) বেজবৰুৱা-ৰচনাৱলী (ষষ্ঠ খণ্ড), বনলতা, ডিব্ৰুগড়

[৩] শৰ্মা, অনুৰাধা (সম্পা.) (২০১৪) : আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী

[৪] হাজৰিকা, সূৰ্য (সম্পা.) (২০০৭) : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্য, এছ. এইছ. এডুকেশ্বনেল ট্ৰাষ্ট, গুৱাহাটী

আলোচনীঃ

[১] বৰা, লক্ষ্মীনন্দন (সম্পা.) :গৰীয়সী, একবিংশ বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৪

[২] হাকাচাম, উপেন ৰাভা (সম্পা) : অসম সাহিত্য সভা পত্ৰিকা (নাৰী বিশেষ সংখ্যা), চতুঃষষ্ঠিতম বৰ্ষ, প্ৰথম সংখ্যাঃ জুন, ২০০৯

বাংলাঃ

[১] ইসলাম, শেখ মকবুল (২০১১) : লোকসংস্কৃতিবিজ্ঞানঃ তত্ত্ব, পদ্ধতি ও প্ৰয়োগ, বঙ্গীয় সাহিত্য সংসদ, কলকাতা

ইংৰাজীঃ

[1] Beauvoir, Simon De (2011) : The Second Sex (Translated by Constance Borde and Sheila Malovany-Chevallier), Vintage Books, New York

[2] Curtis, Elizabeth M. (ed.) (2007) : Introducing Women’s and Gender Studies: A Collection of Teaching Resources, The National Women’s Studies Association

[3] Holmes, Janet Mirian Meyerhoff (ed.) (2003) : The Handbook of Language and Gender, Blackwell Publishing

[4] Pilcher, Jane  Imelda Whelehan (2004) : 50 Key Concepts in Gender Studies, SAGE Publication Ltd, London

তথ্যসূত্ৰ :

[১]. শেখ মকবুল ইসলামঃ লোকসংস্কৃতিবিজ্ঞানঃ তত্ত্ব, পদ্ধতি ও প্ৰয়োগ, ২০১১, পৃ. ২৯৯

[২]. Simone De Beauvoir: The Second Sex (Translated by Constance Borde and Sheila Malovany-Chevallier), 2011, p. 14

[৩]. উদ্ধৃত, দীপামণি বৰ্মনঃ ‘সামাজিক লিংগ প্ৰসংগ আৰু অৰূপা পটংগীয়া কলিতাৰ চুটিগল্প’, গৰীয়সী, ছেপ্টেম্বৰ, ২০১৪, পৃ. ৩৫

[৪]. শেখ মকবুল ইসলামঃ পূৰ্ব উল্লেখিত গ্ৰন্থ, পৃ. ৩০০

[৫]. উল্লেখিত, পৃ. ৩০২-৩০৩

[৬]. সূৰ্য হাজৰিকা(সম্পা.): ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্য, ২০০৭, পৃ. ১

[৭]. জ্যোতিৰ্ময়ী ভট্টাচাৰ্যঃ ‘লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু-সাহিত্য’, অনুৰাধা শৰ্মা(সম্পা.): আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ২০১৪, পৃ. ৩৭৯-৩৮০

[৮]. নগেন শইকীয়া(সম্পা.): বেজবৰুৱা-ৰচনাৱলী (ষষ্ঠ খণ্ড), ২০১০, পৃ. ১২৯

[৯]. উল্লেখিত, পৃ. ১২৭

[১০]. উল্লেখিত, পৃ. ৯৩

[১১]. উল্লেখিত

[১২]. জলকোঁৱৰে হৰি নিয়া কথাটোও লিংগ বিশ্লেষণৰ দিশৰপৰা গুৰুত্বপূৰ্ণ আৰু বিচাৰযোগ্য। কাৰণ, ‘জলকোঁৱৰ’বোৰো একো একোজন পুৰুষহে। ছোৱালীজনীক জলকুঁৱৰীয়ো লৈ যাব পাৰিলেহেঁতেন! জলকোঁৱৰে বাৰু হৰি নিলেই, তাৰ আঁৰত বাৰু কি উদ্দেশ্য নিহিত আছিল!

[১৩]. উল্লেখিত, পৃ. ৭১

[১৪]. উল্লেখিত, পৃ. ৯৪

[১৫]. উল্লেখিত

[১৬]. উল্লেখিত, পৃ. ৯৬

[১৭]. উল্লেখিত, পৃ. ৭১

[১৮]. উল্লেখিত

[১৯]. উল্লেখিত

[২০]. উল্লেখিত, পৃ. ৯৪

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে