চ’ৰাঘৰ / পৰ্যালোচনা / জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা নিজা গ্ৰন্থত। গতিকে জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্কৰ বিষয়ে আলচ কৰিবলৈ গ’লে পোনপ্ৰথমেই চকুত পৰা সমস্যাটো হ’ল জাতীয়তাবাদ সম্পৰ্কীয় চৰ্চাত লিংগ তথা নাৰীৰ প্ৰশ্নৰ প্ৰতি উদাসীনতা। জাতিৰ গঠন, জাতীয়তাবাদী আন্দোলন আৰু মতাদৰ্শৰ প্ৰতি সমাজৰ বিভিন্ন গোটৰ অৱদান-সহযোগিতাৰ ভিন্নতা তথা এই বিভিন্ন গোটসমূহৰ মাজৰ আন্তঃসম্পৰ্কৰ জটিলতা; আনহাতে, জাতি তথা জাতীয়তাবাদী মতাদৰ্শৰ মাজত এই বিভিন্ন গোটসমূহৰ ভিন্ন স্থান আৰু মৰ্যাদাৰ বিষয়ে আলোচনা সুলভ। কিন্তু এইসমূহত শ্ৰেণী, বৰ্ণ, নৃগোষ্ঠী আদিৰ ভিত্তিত বিভিন্ন সামাজিক গোটৰ বিষয়েহে ঘাইকৈ পোৱা যায়; লিংগ তথা নাৰীৰ প্ৰশ্নটো যেন স্বতঃসিদ্ধ হিচাপে ধৰি লৈ বাদ দিয়া হয়। ভাৰতৰ প্ৰেক্ষাপটতো এনেধৰণৰ আলোচনাসমূহ ঘাইকৈ‘অৱদানমূলক’, অৰ্থাৎ স্বাধীনতা সংগ্ৰামৰ প্ৰতি নাৰীসমাজে আগ বঢ়োৱা অৱদানৰ ওপৰত আধাৰিত হোৱাহে দেখা যায়; স্বতন্ত্ৰভাৱে জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্কৰ প্ৰশ্নটোৱে সিবোৰত ঠাই নাপায়। এয়াও জানো একধৰণে পুৰুষতন্ত্ৰৰে সূক্ষ্ম প্ৰকাশ নহয়? অৱশ্যে, অসমৰ ৰাজহুৱা পৰিসৰৰ যিটো অৱস্থা, অসমীয়া জাতীয়তাবাদী সংস্কৃতিৰ যিটো চৰিত্ৰ – তাৰ মাজত থাকি আন্তঃৰাষ্ট্ৰীয় বা সৰ্বভাৰতীয় স্তৰৰ বিদ্যায়তনিক আলোচনাৰ এনে সীমাবদ্ধতাৰ কথা উনুকিয়াব খোজাটো হয়তো একপ্ৰকাৰ অতিশয়তা মাথোন।

জাতীয়তাবাদ হ’ল মূলতঃ এক সাংস্কৃতিক প্ৰজেক্ট যি ৰাজনৈতিক ক্ষমতাৰ যোগেদি নিজকে সাব্যস্ত কৰাৰ চেষ্টা কৰে। জাতীয়তাবাদে নিজৰ বিৰুদ্ধ এক চিৰন্তন ‘অন্য’ সত্তাৰ বিপৰীতে নিজৰ জাতীয়তাবাদী সত্তাটো নিৰ্মাণ কৰে। উক্ত ‘অন্য’ সত্তাটোও দৰাচলতে জাতীয়তাবাদেই নিৰ্মাণ কৰে – যাৰ বিপৰীতে আৰু যাৰ বহিষ্কৰণৰ মাধ্যমেৰে নিজৰ মাজত এক সমসত্ত্ব পৰিচিতি নিৰ্মাণ কৰাৰ বাট মুকলি হয়। গতিকে উক্ত তথাকথিত ‘অন্য’ সত্তাটোৰ বিৰুদ্ধাচৰণ আৰু নিজৰ পৰিসৰৰ ভিতৰৰ সকলো ভিন্নতা-বৈষম্যৰ সমসত্ত্বকৰণ – এই দুয়োটা প্ৰক্ৰিয়া জাতীয়তাবাদৰ মাজত একেৰাহে চলি থাকে। এই সাংস্কৃতিক প্ৰজেক্টটোত লিংগৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ক’বলৈ গ’লে, জাতীয়তাবাদ অন্তৰ্নিহিতভাৱেই এক লৈংগিক প্ৰক্ৰিয়া। জাতীয়তাবাদে নাৰী আৰু পুৰুষৰ পৰিচয়ক দুটা পৃথক ধৰণে নিৰ্মাণ কৰে আৰু তাক শিলীভূত ৰূপ দিয়ে। নাৰী আৰু পুৰুষৰ এই বেলেগ বেলেগ পৰিচয়, আৰু তেওঁলোক দুয়োজনৰ জাতি আৰু জাতীয়তাবাদৰ প্ৰতি বেলেগ বেলেগ প্ৰতিক্ৰিয়া তথা দায়িত্ব; আনহাতে, জাতীয় সমাজখনত নাৰী আৰু পুৰুষৰ বেলেগ বেলেগ স্থান আৰু মৰ্যাদা, আৰু তেওঁলোকৰ প্ৰতি জাতিৰ বেলেগ বেলেগ উপহাৰ – এই দ্বিবিভাজন হ’ল জাতীয়তাবাদৰ এক প্ৰধান অৱলম্বন। সহজ কথাত, জাতিয়ে নাৰীৰপৰা যিটো বিচাৰে পুৰুষৰপৰা সেইটো নিবিচাৰে, একেদৰে জাতিয়ে পুৰুষক যিটো দিয়ে নাৰীক সেইটো নিদিয়ে। জাতিৰ বাবে নাৰী মানে হ’ল মাতৃ। মাতৃত্ব হ’ল জাতীয়তাবাদী মতাদৰ্শৰ ঘাই শিপাস্বৰূপ। ইয়াৰ কেইবাটাও দিশ দেখা যায়। প্ৰথম, এটা জাতিৰ সকলো সদস্যৰ জৈৱিকভাৱে জন্ম দিয়ে নাৰীয়ে। ইয়াৰ জৰিয়তে নাৰীয়ে জাতিটোৰ ব্যাপ্তি নিৰ্ধাৰণ কৰাৰ লগতে তাৰ পৰিসীমাও নিৰ্ধাৰণ কৰে। পৃথিৱীৰ আন আন জাতিৰপৰা নিজৰ জাতিৰ পাৰ্থক্য চিহ্নিত কৰে আৰু জাতিৰ বিৰুদ্ধ ‘অন্য’ সত্তাটোৰপৰা দূৰত্ব নিৰ্ণয় কৰে নাৰীয়ে। দ্বিতীয়, নাৰীয়ে কেৱল জাতিৰ সদস্যসকলৰ জন্মই দিয়ে, তেনে নহয়। জাতিটোৰ মতাদৰ্শগত পুনৰুৎপাদনৰ কামো নাৰীয়েই কৰে। সন্তানৰ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ দায়িত্ব সমৰ্পিত থাকে নাৰীৰ হাতত। ইয়াৰ জৰিয়তে নাৰীয়ে এটা জাতিৰ সংস্কৃতি-পৰম্পৰাৰে সন্তানক দীক্ষিত কৰি ভৱিষ্যৎ প্ৰজন্মলৈ জাতিটোৰ ধাৰাবাহিকতা বৰ্তাই ৰাখে। গতিকে মাতৃত্বই কেৱল জৈৱিক সন্তান উৎপাদনকে নুবুজায় – মাতৃত্ব বুলিলে বুজা যায় এটা জাতিৰ আৰু জাতীয়তাবাদী মতাদৰ্শৰ পুনৰুৎপাদন, আৰু মাতৃত্বৰ জৰিয়তে নাৰীয়ে জাতিৰ বৈ অহা সুঁতিটো অনন্ত কাললৈকে বোৱাই নিয়াৰ নিশ্চয়তা প্ৰদান কৰে। তৃতীয়তে, নাৰী হ’ল জাতিৰ কেন্দ্ৰবিন্দু আৰু প্ৰতীক। জাতিৰ পৱিত্ৰতা, উচ্চ আদৰ্শ আৰু স্বাভিমানক প্ৰতিধিধিত্ব কৰে নাৰী-প্ৰতিমাই। সেই জাতি আৰু জাতিৰ প্ৰতীক নাৰীক সুৰক্ষা প্ৰদান কৰাটো প্ৰতিটো জাতিৰে প্ৰাথমিক কৰ্তব্য বুলি ভবা হয়। একেদৰে শত্ৰু জাতিৰ মৰ্মমূলত আঘাত কৰিবৰ বাবেও লক্ষ্য কৰি লোৱা হয় নাৰীকেই। জাতিকেন্দ্ৰিক হিংসাৰ মূল কেন্দ্ৰবিন্দু হ’ল নাৰী – আক্ৰমণকাৰীৰ বাবেও, প্ৰতিৰোধকাৰীৰ বাবেও। জাতিকেন্দ্ৰিক সংঘাতৰ প্ৰেক্ষাপটত নাৰীৰ ওপৰত যৌন হিংসা হৈ পৰে জাতীয়তাবাদৰ মোক্ষম অস্ত্ৰ। আনহাতে, যিহেতু জাতীয়তাবাদৰ বাবে নাৰী হ’ল মূলতঃ মাতৃ, গতিকে সেই পৱিত্ৰ ভাবমূৰ্তি বৰ্তাই ৰখাৰ স্বাৰ্থত নাৰীৰ যৌনতাৰ ওপৰত সৰ্বাত্মক নিয়ন্ত্ৰণ বৰ্তাই ৰখাটো জাতীয়তাবাদৰ এটা ঘাই চৰিত্ৰ। বিষমলৈংগিক একক বিবাহৰ স্বীকৃত গণ্ডীৰ বাহিৰত যদি কেনেবাকৈ নাৰীৰ যৌনতাৰ প্ৰকাশ ঘটে তেন্তে সেয়া হ’ব জাতিৰ ওপৰত এক কুঠাৰাঘাত। গতিকে জাতীয়তাবাদে নাৰীৰ ওপৰত দুইতৰপীয়া যৌন নিয়ন্ত্ৰণ জাপি দিয়ে। দেখা গ’ল যে জাতীয়তাবাদে নাৰীৰ ওপৰত যি জাতীয় দায়িত্ব অৰ্পণ কৰে সেয়া নিষ্ক্ৰিয়ভাৱে পালন কৰি যোৱাটোৱেই নাৰীৰ কৰ্তব্য বুলি গণ্য কৰা হয়। ইয়াত নাৰীৰ আত্মচেতনা আৰু সচেতন ৰাজনৈতিক কৰ্মকাণ্ডৰ কথা নাই। প্ৰকৃতাৰ্থত নাৰীৰ আত্মচেতনাক জাতীয়তাবাদে সমীহ কৰে, কিয়নো সি জাতিৰ প্ৰতি বহুতো ভাবুকি কঢ়িয়াই আনে। এইখিনিতে নাৰীৰ আন এটা ভূমিকাৰ কথা উল্লেখ কৰিব পাৰি। সেইটো হ’ল জাতীয়তাবাদী আন্দোলনসমূহত নাৰীৰ সক্ৰিয় ভূমিকা। তেনে ভূমিকাক জাতীয়তাবাদে স্বীকাৰ কৰে, কেৱল সি নাৰীৰ বাবে অনুমোদিত নৈতিক প্ৰমূল্যৰ ক্ষতিসাধন নকৰিলেই হ’ল। আৰু দেখা যায় যে জাতীয় আন্দোলনত নাৰীৰ তেনে ভূমিকা থাকিলেও তাৰ পৰৱৰ্তী ৰাজনৈতিক-সামাজিক ব্যৱস্থাত নাৰীসমাজে যে তদনুৰূপ অধিকাৰ লাভ কৰিব তাৰ কোনো নিশ্চয়তা নাথাকে। মুঠতে ক’ব পাৰি যে মাতৃৰ ৰূপত নাৰীৰ এক নিষ্ক্ৰিয় আৰু শিলীভূত পৰিচিতি জাতীয়তাবাদে নিৰ্মাণ কৰে। আনহাতে, সেই পৱিত্ৰ নাৰী-প্ৰতিমা তথা জাতিৰ সুৰক্ষাৰ দায়িত্ব কাৰ? নিঃসন্দেহে পুৰুষৰ। জাতিৰ বাবে পুৰুষৰ মৌলিক পৰিচয় হ’ল যোদ্ধা – যি জাতিক ৰক্ষা কৰিব। পুৰুষৰ বাবে জাতিৰ উচ্চতম আদৰ্শ হ’ল যোদ্ধাৰ আদৰ্শ। নাৰীৰ দৰে পুৰুষে এক কূপমণ্ডূক নৈতিক গণ্ডীৰ ভিতৰত আবদ্ধ থাকি কালাতিপাত কৰিব নালাগে। জাতিৰ বাকী সমস্ত কাম-কাজৰ দায়িত্ব পুৰুষেই বহন কৰিব লাগিব আৰু সেইসমূহৰ প্ৰয়োজনত যেনেকৈ লাগে তেনেকৈয়েই পুৰুষৰ জীৱন-আচৰণ পৰিচালিত হ’ব – পুৰুষৰ জীৱন হ’ল বৈচিত্ৰ্য আৰু প্ৰত্যাহ্বানেৰে ভৰপূৰ। কিন্তু তৎসত্ত্বেও, পুৰুষৰ মজ্জাত সোমাই থাকিব লাগিব যোদ্ধাৰ পৰিচয়টো। জাতিয়ে যেতিয়াই আহ্বান কৰে তেতিয়াই নামি পৰিব লাগিব যোদ্ধাৰ ৰূপত। আক্ষৰিক অৰ্থত নহ’লেও প্ৰতীকী ৰূপত প্ৰত্যেক পুৰুষেই অৱতীৰ্ণ হ’ব লাগিব যোদ্ধা হিচাপে। পুৰুষৰ প্ৰতি জাতিৰ এই আহ্বান অনস্বীকাৰ্য – ঠিক যেন মৃত্যুৰ আহ্বানৰ দৰে। যোদ্ধাৰ ৰূপত পুৰুষে ৰক্ষা কৰিব লাগিব জাতি আৰু তাৰ প্ৰতিমূৰ্তি নাৰীক। সেইবাবেই হিংসা হ’ল পুৰুষৰ অন্তৰ্নিহিত চৰিত্ৰ। হিংসা প্ৰয়োগ কৰাটো পুৰুষৰ বাবে কোনো ব্যতিক্ৰম বা অপৰাধ নহয়, বৰং হিংসা প্ৰয়োগ নকৰাটোহে তেনে বুলি পৰিগণিত হ’ব পাৰে। হিংসা প্ৰয়োগ কৰিব নোৱাৰিলে পুৰুষে পুৰুষ হৈ থাকিব নোৱাৰে – তেওঁ নপুংসকলৈ পৰ্যবসিত হ’ব বা নাৰীত পৰিণত হ’ব। ইমানলৈকে আমি যি নাৰী (আৰু পুৰুষ)ৰ কথা ক’লো সেয়া হ’ল ঘাইকৈ জাতিৰ আধিপত্যশীল গোষ্ঠীৰ। কিন্তু জাতিয়ে নিজৰ পৰিচিতি নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াত আমি আৰু দুইধৰণৰ নাৰীৰ উপস্থিতি দেখিবলৈ পাওঁ। প্ৰথম হ’ল বিৰুদ্ধ ‘অন্য’ গোষ্ঠীটোৰ নাৰী, আৰু দ্বিতীয় হ’ল জাতিৰ ভিতৰৰ নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় গোষ্ঠীসমূহৰ নাৰী। এই দুইবিধেই হ’ল ‘অন্য’ নাৰী যাৰ বিপৰীতে জাতিৰ মূলসুঁতিৰ নাৰীসত্তাটো নিৰ্মাণ কৰা হয়। গতিকে মূলসুঁতিৰ নাৰী (মাতৃ, ভগ্নী, পত্নী, জী) যেনেকৈ যৌনতা-ৰহিত মাতৃস্বৰূপা, যাক সুৰক্ষা প্ৰদান কৰাটো এটা জাতীয় দায়িত্ব হিচাপে বিবেচনা কৰা হয়; তাৰ বিপৰীতে ‘অন্য’ নাৰীৰ মূল পৰিচয় হ’ল যৌন বস্তুৰূপে – জাতীয়তাবাদী পুৰুষে স্বয়ংক্ৰিয়ভাৱেই সেই নাৰীৰ ওপৰত যৌন বিশেষাধিকাৰ লাভ কৰে। জাতিকেন্দ্ৰিক সংঘাতৰ সময়ত যৌন হিংসা পৰিচালিত হয় বিৰুদ্ধ গোষ্ঠীৰ ‘অন্য’ নাৰীৰ ওপৰত। কিন্তু সাধাৰণ অৱস্থাত জাতীয়তাবাদী পুৰুষৰ অহৰহ আৰু অবাধ যৌন হিংসাৰ বলি হ’বলগা হয় নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় গোষ্ঠীৰ ‘অন্য’ নাৰী – শাৰীৰিক আৰু সাংস্কৃতিক উভয় ৰূপতে। সি যি নহওক, ইমানলৈকে আলোচনাৰপৰা দেখা গ’ল যে নাৰীসত্তা আৰু পুৰুষসত্তাক জাতীয়তাবাদে সুকীয়া সুকীয়া ধৰণে নিৰ্মাণ কৰে, আৰু সেই নিৰ্মাণ জাতীয়তাবাদ বৰ্তি থকাৰ এক প্ৰধান অৱলম্বন। এক কথাত কোনো সন্দেহ নোহোৱাকৈ ক’ব পাৰি যে জাতীয়তাবাদ হ’ল অন্তৰ্নিহিতভাৱেই এক পুৰুষতান্ত্ৰিক, বৰ্ণবাদী আৰু হিংসাপ্ৰৱণ সাংস্কৃতিক-ৰাজনৈতিক প্ৰজেক্ট। তেনেহ’লে নাৰীমুক্তিৰ আন্দোলনে জাতীয়তাবাদৰ প্ৰতি কেনে দৃষ্টিভংগী আৰু ৰণকৌশল গ্ৰহণ কৰিব? পোনপটীয়া বিৰোধৰ? উত্তৰটো ইমান সহজ নহয়।

উপৰোক্ত প্ৰশ্নটোৰ উত্তৰটো পোৱাৰ আগতে আমি ভাৰতীয় তথা অসমৰ প্ৰেক্ষাপটত নাৰীৰ প্ৰশ্নটো জাতীয়তাবাদে কেনেকৈ মোকাবিলা কৰি আহিছে তাৰ কিছু গম-গতি লওঁ। এই ক্ষেত্ৰত আমি পাৰ্থ চেটাৰ্জীয়ে তেওঁৰ The Nation and its Fragments: Colonial and Postcolonial Histories গ্ৰন্থত (‘The Nation and its Women’, ‘Women and the Nation’নামৰ দুখন ৰচনাত) দাঙি ধৰা ফ্ৰেমৱৰ্কটো গ্ৰহণযোগ্য বুলি বিবেচনা কৰিছো। চেটাৰ্জীয়ে দেখুওৱা মতে, ঊনবিংশ শতিকাৰ আগভাগ আৰু মাজভাগৰ বংগত ঘটা সামাজিক সংস্কাৰ আন্দোলনসমূহত (যাক বহুতে বহলভাৱে ভাৰতীয় নৱজাগৰণ বুলি অভিহিত কৰে) ‘নাৰীৰ প্ৰশ্ন’টোৰ এক কেন্দ্ৰীয় ভূমিকা আছিল। সেয়া সতীদাহ প্ৰথা, বিধৱাৰ পুনৰ্বিবাহ, বাল্য বিবাহ, বহুবিবাহ, বিবাহৰ সন্মতিৰ বয়স, স্ত্ৰীশিক্ষা আদি বিভিন্ন ইছ্যুৰ মাজেদি ফুটি উঠিছিল। কিন্তু ইতিহাসবিদসকলৰ বাবে আশ্চৰ্যজনক কথাটো হ’ল এই যে ঊনবিংশ শতিকাৰ শেষভাগলৈ ৰাজহুৱা বাদ-বিবাদৰপৰা নাৰীৰ প্ৰশ্নটোৰ একেবাৰে নাম-নিচান নোহোৱা হৈ পৰিল। নাৰীৰ সামাজিক অৱস্থানৰ প্ৰশ্নটোৱে পূৰ্বে যিমানখিনি সামাজিক আলোড়নৰ সৃষ্টি কৰি আছিল, সি যেন হঠাতে নাইকিয়া হৈ গ’ল। তাৰ কাৰণ কি? কেৱল জাতীয়তাবাদৰ ৰাজনৈতিক প্ৰশ্নসমূহৰ গুৰুত্ব বাঢ়ি যোৱাটোৱেই তাৰ কাৰণ নে? চেটাৰ্জীয়ে কৈছে যে সেয়া নহয়, বৰং জাতীয়তাবাদে ইতিমধ্যে নাৰীৰ প্ৰশ্নটোৰ এক সফল সমাধানসূত্ৰ উলিয়াই পেলাইছিল। ই নাৰীৰ প্ৰশ্নটোক জাতীয়তাবাদৰ আভ্যন্তৰীণ পৰিসৰৰ ভিতৰৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছিল, যিটো ঔপনিবেশিক ৰাষ্ট্ৰৰ সৈতে ৰাজনৈতিক অৰিয়াঅৰিৰে পূৰ্ণ বাহিৰা পৃথিৱীৰ হুলস্থূলৰপৰা বহু নিলগত অৱস্থিত। যদিও জাতীয়তাবাদী আন্দোলনৰ কালছোৱাত মধ্যবিত্ত নাৰীসমাজৰ সামাজিক অৱস্থাৰ প্ৰভূত পৰিবৰ্তন সাধিত হৈছিল, তথাপি জাতীয়তাবাদে সৃষ্টি কৰা ‘ঘৰ’ আৰু ‘বাহিৰ’, ‘আভ্যন্তৰীণ’ আৰু ‘বাহ্যিক’ – এই দুই পৰিসৰৰ ধাৰণাই নাৰীসমাজক ঘৰুৱা পৰিসৰৰ মাজত আবদ্ধ কৰি ৰাখিছিল। গতিকে নাৰীৰ প্ৰশ্নটো মীমাংসা হৈছিল ঘৰৰ ভিতৰত, আৰু সেই ক্ষেত্ৰত যিমান যি পৰিবৰ্তন ঘটিছিল সেই সকলোখিনি ঘটিছিল ঘৰৰ ভিতৰতে। নাৰীৰ প্ৰশ্নটোৰ ৰাজহুৱা পৰিসৰৰপৰা ঘৰুৱা পৰিসৰলৈ যি গমন, তাক চেটাৰ্জীয়ে আধুনিকীকৰণৰপৰা ৰক্ষণশীলতালৈ পশ্চাদপসৰণ নহয় বুলি অভিহিত কৰিছে। বৰং সেয়া আছিল নাৰীৰ প্ৰশ্নটোৰ এক সফল জাতীয়তাবাদী মীমাংসা। (সুমিত সৰকাৰে তেওঁৰ Beyond Nationalist Frames: Relocating Postmodernism, Hindutva, History গ্ৰন্থৰ ‘Nationalism and Stri-Swadhinata’ ৰচনাত ৰবীন্দ্ৰনাথৰ ‘ঘৰে-বাইৰে’ উপন্যাস আৰু একে সময়ৰ অন্যান্য ৰচনাৰ আলোচনাৰ মাধ্যমেৰে জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্কৰ বিভিন্ন জটিল দিশ উন্মোচন কৰিছে আৰু পাৰ্থ চেটাৰ্জীৰ ফ্ৰেমৱৰ্কটোৰ সমালোচনা কৰিছে। শেষত তেওঁ উল্লেখ কৰিছে যে চিধাচিধি অনুপ্ৰেৰণা, সম্পূৰ্ণ উদাসীনতা বা ‘ঘৰ’ আৰু ‘বাহিৰ’ৰ বিভাজনৰ মাজেদি এক নিৰ্দিষ্ট সমাধানসূত্ৰ – এইবোৰৰ কোনোটোৱেই জাতীয়তাবাদ আৰু নাৰীৰ প্ৰশ্নটোৰ মাজৰ ক্ৰমপৰিবৰ্তনশীল, জটিল আৰু দ্বন্দ্বাত্মক সম্পৰ্কক বুজাবৰ বাবে যথেষ্ট নহয়। আমাৰ এই চমু আলোচনাত এই সম্পৰ্কীয় সূক্ষ্ম আৰু বিস্তৃত বিতৰ্কৰ পাতনি মেলাৰপৰা বিৰত থাকিলো।)

সি যি নহওক, ‘আধুনিক’ সমাজত নাৰীৰ অৱস্থানক কেন্দ্ৰ কৰি উত্থাপন হোৱা সামাজিক-সাংস্কৃতিক সমস্যাসমূহৰ এক উত্তৰ জাতীয়তাবাদে দাঙি ধৰিছিল – পশ্চিমীয়া সমাজৰ আধুনিকতাৰ বিপৰীতে থিয় দি। তাৰ স্বৰূপটো কেনেকুৱা আছিল? ভাৰতত ব্ৰিটিছৰ ঔপনিবেশিক শোষণক ন্যায্য প্ৰতিপন্ন কৰিবৰ বাবে ব্ৰিটিছে প্ৰাক-ব্ৰিটিছ ভাৰতৰ নৈৰাজ্য, স্বেচ্ছাচাৰী শাসন, ৰাজনৈতিক অস্থিৰতাৰ ছবি এখন দাঙি ধৰিছিল। মতাদৰ্শগত ন্যায্যতাৰ দ্বিতীয়টো ঘাই যুক্তি আছিল ভাৰতীয় সমাজৰ ‘অধঃপতিত আৰু অসভ্য’ সামাজিক পৰম্পৰা, যি পৰম্পৰাক শাস্ত্ৰীয় স্বীকৃতি প্ৰদান কৰিছে ধৰ্মই। ব্ৰিটিছে ভাৰতত যেনেকৈ এক আইনসম্পন্ন, শৃংখলিত, যুক্তিসন্মত শাসনযন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ইচ্ছা কৰিছিল, তেনেকৈ সামাজিক ক্ষেত্ৰতো ‘সভ্যতা প্ৰদানৰ অভিযান’ বা ‘চিভিলাইজিং মিছন’ৰ কথা কৈছিল। শোষণমূলক সামাজিক পৰম্পৰাৰদ্বাৰা সবাতোকৈ বেছি নিপীড়িত হিচাপে নাৰীসমাজ আছিল ব্ৰিটিছৰ সংস্কাৰবাদী মিছনৰ প্ৰধান কেন্দ্ৰবিন্দু। শোষিত আৰু বঞ্চিত ভাৰতীয় নাৰীসত্তাৰ প্ৰতি ব্ৰিটিছে সহানুভূতি প্ৰদৰ্শন কৰিছিল আৰু সেই নাৰীসত্তাৰ উদ্ধাৰকৰ্তাৰ ৰূপত নিজকে অৱতীৰ্ণ কৰিছিল। স্বাভাৱিকতেই তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আছিল ভাৰতীয় পৰম্পৰা। সি যি নহওক, ভাৰতীয় সংস্কাৰকসকলৰ সংস্কাৰ প্ৰচেষ্টা আছিল ঘাইকৈ এই পৰিস্থিতিৰ প্ৰতি এক প্ৰতিক্ৰিয়া। তেওঁলোকৰ বাবে নাৰীৰ সামাজিক অৱস্থানৰ প্ৰশ্নটো নিজে সিমান ডাঙৰ কথা নাছিল, আচল কথাটো আছিল ঔপনিবেশিক ৰাষ্ট্ৰ আৰু পৰাধীন জাতিৰ তথাকথিত ‘পৰম্পৰা’ৰ মাজত ঘটা ৰাজনৈতিক মুখামুখি। আৰু এই তথাকথিত ‘পৰম্পৰা’ও আছিল এক ঔপনিবেশিক নিৰ্মাণ। ঔপনিবেশিক বাগধাৰা মতে, ব্ৰাহ্মণ্যবাদী ধৰ্মীয় ঐতিহ্যটো আছিল ভাৰতজুৰি আধিপত্যশীল আৰু সকলো হিন্দুৱেই এই ঐতিহ্য মানি চলে, আৰু এয়াই হ’ল ভাৰতীয় পৰম্পৰা। এনেকৈয়ে ঔপনিবেশিক বাগধাৰাই ভাৰতীয় পৰম্পৰাক সংজ্ঞায়িত কৰিছিল। ভাৰতীয় জাতীয়তাবাদীসকলেও সেই সংজ্ঞাকেই গ্ৰহণ কৰিছিল। তেওঁলোকে নাৰীৰ প্ৰশ্নটো ব্ৰিটিছসকলে গঢ়ি থোৱা ৰূপতেই গ্ৰহণ কৰিছিল। স্বাভাৱিকতেই নাৰীৰ প্ৰশ্নটো হৈ পৰিছিল ভাৰতীয় পৰম্পৰাৰ ভিতৰৰ প্ৰশ্ন।

জাতীয়তাবাদে সংস্কৃতিৰ ক্ষেত্ৰখনক উপৰোক্ত দুটা পৰিসৰত ভাগ কৰিছিল –‘ঘৰ’ আৰু ‘বাহিৰ’, অন্য ভাষাত ‘পাৰ্থিৱ’ আৰু ‘আধ্যাত্মিক’। পাৰ্থিৱ বা বাহিৰৰ পৃথিৱীখনত পশ্চিমীয়া সভ্যতা আগ বঢ়া। বিজ্ঞান-প্ৰযুক্তি, অৰ্থনীতি, ৰাষ্ট্ৰ পৰিচালনাৰ আধুনিক প্ৰণালী আদি বিষয়ত পশ্চিমীয়া দেশবিলাক আগৰণুৱা আৰু সেইগতিকে সেইবিলাকে পৃথিৱীৰ অনুন্নত দেশবিলাকৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিছে। গতিকে পাৰ্থিৱ ক্ষেত্ৰত সেইবিলাক দেশৰ সৈতে ফেৰ মাৰিবলৈ হ’লে ভাৰতে সেই কৌশল আৰু প্ৰযুক্তিসমূহ আয়ত্ত কৰিব লাগিব। গতিকে পাৰ্থিৱ ক্ষেত্ৰত পশ্চিমীয়া দেশবিলাকৰ সৈতে শেষ অৰ্থত ভাৰতৰ কোনো পাৰ্থক্য থাকিব নোৱাৰে। কিন্তু সেইটোৱে ভাৰত বা ভাৰতীয় জাতিক পশ্চিমীয়া দেশ বা সমাজৰ সৈতে একাকাৰ কৰি নেপেলায়। কিয়নো ভাৰতীয় সমাজৰ সাৰমৰ্ম নিহিত হৈ আছে ইয়াৰ আধ্যাত্মিক পৰিসৰৰ মাজত। সেই সাৰমৰ্ম আছে ইয়াৰ সংস্কৃতিৰ মাজত, আৰু সংস্কৃতিৰ দিশৰপৰা ই পশ্চিমীয়া সমাজতকৈও উচ্চ খাপৰ। গতিকে যদি এই সংস্কৃতিক সুৰক্ষিত ৰাখিব পৰা যায় তেন্তে পাৰ্থিৱ ক্ষেত্ৰত ঘটা হাজাৰ পৰিবৰ্তনেও ভাৰতৰ আচল পৰিচিতিক বিঘ্নিত কৰিব নোৱাৰে। ঘৰ আৰু বাহিৰৰ এই বিভাজনটো লৈংগিক ক্ষেত্ৰতো আৰোপিত হ’ল। বাহিৰৰ পৃথিৱীখন হ’ল বস্তুগত স্বাৰ্থৰ এখন ছলনাময় আৰু প্ৰত্যাহ্বানপূৰ্ণ জগত। গতিকে সেয়া পুৰুষৰ জগত। আনহাতে, ঘৰুৱা পৰিসৰটো হ’ল বাহিৰৰ বতাহ-ধুমুহাৰপৰা দূৰত অৱস্থিত, য’ত পৰম্পৰাৰ নিবাস। এয়া হ’ল নাৰীৰ জগত। পৰম্পৰা অনুসৰণ কৰাৰ জৰিয়তে নাৰীয়ে জাতিৰ আধ্যাত্মিক সত্তাটো, প্ৰকৃত সাৰমৰ্মটোক ৰক্ষা কৰিব। ঔপনিবেশিক শাসনে ভাৰতীয় জাতিক পদানত কৰিছে পাৰ্থিৱ পৃথিৱীখনতহে, আধ্যাত্মিক পৃথিৱীখনত নহয়। গতিকে ভাৰতীয় জাতিৰ যদি পৰিচয় ৰক্ষা কৰিব লাগে তেন্তে ইয়াৰ আধ্যাত্মিক পৃথিৱীখনত যাতে কোনো কাৰণতে ঔপনিবেশিক শক্তিয়ে প্ৰবেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। ৰাজনৈতিক, আইনগত, সাংস্কৃতিক – কোনো ৰূপতেই ঔপনিবেশিক শক্তিক ভাৰতীয় পৰম্পৰাৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়া নহ’ব। এনেকৈয়ে জাতীয়তাবাদে নাৰীৰ প্ৰশ্নটোক নিজৰ আভ্যন্তৰীণ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছিল, আৰু সেইবাবেই ঊনবিংশ শতিকাৰ শেষভাগলৈ ৰাজহুৱা পৰিসৰৰপৰা বিষয়টো নোহোৱা হৈ পৰিছিল।

জাতীয়তাবাদৰ আভ্যন্তৰীণ পৰিসৰৰ ভিতৰত নাৰীৰ প্ৰশ্নটোৱে কেনে ৰূপ লাভ কৰিছিল? জাতীয়তাবাদে নাৰীক প্ৰাক-আধুনিক পুৰুষতন্ত্ৰৰ কঠোৰতাৰপৰা কিছু দূৰ মুকলি কৰি আনি পুনৰ বন্দী কৰিছিল এক নতুন পুৰুষতন্ত্ৰৰ কাৰাগাৰত। এই পুৰুষতন্ত্ৰক নতুন বুলি এইবাবেই ক’ব পাৰি যে ই আছিল প্ৰকৃতাৰ্থতেই এক জাতীয়তাবাদী পুৰুষতন্ত্ৰ, এক আধুনিক পুৰুষতন্ত্ৰ। ই যেনেদৰে পশ্চিমীয়া সমাজৰপৰা পৃথক আছিল, তেনেদৰে প্ৰাক-আধুনিক পুৰুষতন্ত্ৰৰপৰাও পৃথক আছিল। পশ্চিমীয়া সমাজৰপৰা পাৰ্থক্য সূচিত কৰিবৰ বাবে ই ভালেমান উপাদান গ্ৰহণ কৰিছিল নিজৰ প্ৰাচীন পৰম্পৰাৰপৰা, কিন্তু সেই ‘পৰম্পৰা’ও আছিল এক পুনৰ্নিৰ্মিত আৰু সংস্কাৰসাধিত নব্য পৰম্পৰা – যাক ইতিমধ্যে ঔপনিবেশিক সমালোচকসকলে কোৱা ‘অসভ্যতা’ আৰু ‘অযুক্তি’ৰপৰা মুক্ত কৰি তোলা হৈছিল। আনহাতে, এই পুৰুষতন্ত্ৰ দেশীয় সমাজখনৰ অধিকাংশ জনসাধাৰণৰ বাস্তৱিক জীৱন-পৰিস্থিতিৰপৰাও বহু দূৰ নিলগত আছিল। জাতীয়তাবাদে নিৰ্মাণ কৰা ‘নতুন নাৰী’গৰাকী এফালে যেনেকৈ ব্ৰিটিছ মেম চাহেবৰপৰা পৃথক আছিল, আনফালে তেনেকৈ বহল সমাজৰ ‘সাধাৰণ’ নাৰীগৰাকীৰ বিপৰীত আছিল। নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় ‘সাধাৰণ’ নাৰীগৰাকী আছিল জধলা, হুলস্থূলীয়া, কাজিয়াখোৰ, অসভ্য, যৌনভাৱে চঞ্চল, নৈতিকতাৰহিত। এই দুই নাৰীৰ বিপৰীতে জাতীয়তাবাদৰ নতুন নাৰীগৰাকী আছিল পৱিত্ৰ আৰু উচ্চ নৈতিকতা আৰু আদৰ্শসম্পন্ন। এনেকৈ জাতীয়তাবাদে নতুন নাৰীগৰাকীক এক সাংস্কৃতিক শ্ৰেষ্ঠতাৰ বেদীত প্ৰতিষ্ঠা কৰিছিল। মধ্যবিত্ত নাৰীয়ে নিজৰ প্ৰচেষ্টাৰে উচ্চতৰ জাতীয় সংস্কৃতি আয়ত্ত কৰি সেই স্থানলৈ উত্তীৰ্ণ হ’ব পৰাটোৱেই আছিল নাৰী হিচাপে সৰ্বোচ্চ কৃতিত্ব – আৰু সেয়াই আছিল জাতীয়তাবাদে প্ৰদান কৰা নাৰীৰ স্বাধীনতা। এইটো আছিল নাৰীৰ প্ৰশ্নটোৰ জাতীয়তাবাদী সমাধানসূত্ৰৰ প্ৰধান গুণ, কিয়নো তাৰ সৈতে নাৰীয়ে একাত্মবোধ কৰিছিল আৰু তাৰ মাজত বিচাৰি পাইছিল নিজৰ কাম্য স্বাধীনতাৰ পথ। আত্মচেতনা আৰু আত্মমুক্তিৰ পথ হিচাপে বিবেচনা কৰিয়েই প্ৰথম প্ৰজন্মসমূহৰ শিক্ষিতা নাৰীসমাজে জাতীয়তাবাদী ‘নতুন নাৰী’গৰাকীৰ জোৰদাৰ পোষকতা কৰিছিল। এই প্ৰক্ৰিয়াত প্ৰধান ভূমিকা পালন কৰিছিল আধুনিক শিক্ষা-দীক্ষাই। চেটাৰ্জীয়ে দেখুওৱা মতে, ভাৰতৰ আঞ্চলিক ভাষাসমূহত আধুনিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এক প্ৰধান কাৰক হিচাপে কাম কৰিছিল নাৰীৰ প্ৰশ্নটোৱে, কিয়নো সেই শিক্ষাক নাৰীৰ বাবে সহজবোধ্য কৰি তোলাটো আছিল গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। শিক্ষাৰ যোগেদি উচ্চ সাংস্কৃতিক আদৰ্শ আয়ত্ত কৰাটো বহুতো নাৰীয়ে নিজৰ ব্যক্তিগত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰতো পশ্চিমীয়া নাৰীৰ সৈতে পাৰ্থক্যটো মন কৰিবলগীয়া : পশ্চিমীয়া নাৰীয়ে শিক্ষাৰ যোগেদি বাহিৰৰ পৃথিৱীখনৰ কৌশল-প্ৰযুক্তি আয়ত্ত কৰে, যাৰ উদ্দেশ্য হ’ল পুৰুষৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, আৰু এনেকৈয়ে তেওঁলোকে নিজৰ ‘নাৰীসুলভ’ গুণসমূহ হেৰুৱাই পেলায়। কিন্তু শিক্ষিত ভাৰতীয় নাৰীয়ে মেম চাহেবৰ পথটো গ্ৰহণ কৰিব নোৱাৰে। শিক্ষাৰ যোগেদি তেওঁলোকে নিজৰ মাজত ‘নাৰীসুলভ’ গুণসমূহো আয়ত্ত কৰিব লাগিব – সতীত্ব, আত্মত্যাগ, বিনয়, ভক্তি, কোমলতা, উদাৰতা, ধৈৰ্য আদি। তাৰ লগতে নাৰীয়ে আয়ত্ত কৰিব লাগিব আধুনিক জীৱনৰ বুৰ্জোৱা গুণসমূহো – শৃংখলাবদ্ধতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, দায়িত্ববোধ, পঢ়া-লিখা-গণনা, আৰু সবাতোকৈ ডাঙৰ কথা হ’ল বাহিৰৰ পৃথিৱীৰ অৰ্থনৈতিক-ৰাজনৈতিক পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ ঘৰখন চম্ভলাৰ দায়িত্ব। ইয়াৰ বাবে বাহিৰৰ পৃথিৱীখনৰ বিষয়ে তেওঁ পৰ্যাপ্ত ধ্যান-ধাৰণা আয়ত্ত কৰিব লাগিব। তেওঁ বাহিৰৰ পৃথিৱীখনত বিচৰণ কৰিবও পাৰিব, যদিহে সি তেওঁৰ নাৰীত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই নানে। এনেকৈ জাতীয়তাবাদে নাৰীক ঘৰখনৰপৰা বাহিৰ ওলাই যোৱাৰ পথটো মুকলি কৰি দিছিল – নাৰীৰ বাবে বান্ধি দিয়া সংকীৰ্ণ পৰিসীমাটো আঁতৰাই দিছিল। কিন্তু তাৰ সলনি বান্ধি দিয়া হৈছিল এক সাংস্কৃতিক পৰিসীমা – নাৰী আৰু পুৰুষৰ পৃথক পৃথক সামাজিক আচৰণৰ আধাৰত। যেতিয়া নাৰীৰ নাৰীত্ব কিছুমান নিৰ্দিষ্ট সাংস্কৃতিক প্ৰমূল্যৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া সেইসমূহ ৰক্ষা কৰি নাৰীয়ে বাহিৰৰ পৃথিৱীত পুৰুষৰ সমানেই কৰ্মব্যস্ত হৈ বিচৰণ কৰিব পাৰে কোনো অসুবিধা নোহোৱাকৈ। নাৰীৰ পোছাক, সামাজিক আচৰণ, কথা-বাৰ্তা, ধৰ্মপৰায়ণতা আদিৰ মাজেদি নাৰীত্বৰ গুণসমূহ তথা তাৰ যোগেদি জাতীয় সংস্কৃতিৰ পৰিচয়টো বৰ্তি থাকিলেই হ’ল। এনেকৈয়ে জাতীয়তাবাদে নাৰীৰ ওপৰত এক বিৰাট সামাজিক দায়িত্ব অৰ্পণ কৰিছিল আৰু এক জাতীয় পুৰুষতন্ত্ৰৰ শোষণ-অৱদমন জাপি দিছিল। কিন্তু এই জাতীয়তাবাদী পুৰুষতন্ত্ৰই নগ্ন শোষণ-অৱদমনতকৈ বেছি পৰিমাণে নিৰ্ভৰ কৰিছিল সূক্ষ্ম প্ৰৰোচনা আৰু নাৰীৰ সন্মতি অৰ্জনৰ ওপৰত। এই ক্ষেত্ৰত প্ৰধান মতাদৰ্শগত অস্ত্ৰপাটেই হ’ল দেৱী বা মাতৃৰ ৰূপত নাৰীৰ পৱিত্ৰ ভাবমূৰ্তিৰ প্ৰতিষ্ঠা আৰু জাতিক নাৰীৰ ৰূপত চিত্ৰায়ণ। আত্মত্যাগ, উদাৰতা, ভক্তি আদি যিসমূহ নাৰীত্বৰ অবিচ্ছেদ্য অংগ, সেইবোৰ জাতিৰো লক্ষণ। আনহাতে, নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় নাৰীৰ ওপৰত জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ প্ৰভাৱ আছিল অধিক ভয়ংকৰ। তেওঁলোকক দুৰৱস্থাৰপৰা মুক্তি দিয়াটোতো দূৰৰ কথা, বৰং তেওঁলোকক প্ৰান্তীয়কৰণ ঘটাই সমাজৰ এচুকলৈ ঠেলি পঠোৱা হৈছিল। তেওঁলোকৰ বাবে জাতীয়তাবাদ আছিল এক পূৰাপূৰি প্ৰতাৰণা।

জাতীয়তাবাদে নিৰ্ধাৰণ কৰা নাৰীৰ প্ৰশ্নটোৰ সমাধানসূত্ৰই ঊনবিংশ শতিকাৰ শেষলৈ ভাৰতীয় পৰম্পৰাৰ ক্ষেত্ৰত ঔপনিবেশিক শক্তিৰ হস্তক্ষেপ ৰোধ কৰাত সফল হৈছিল। বাহিৰত ঔপনিবেশিক ৰাষ্ট্ৰ আৰু জাতীয়তাবাদী আন্দোলনৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ বিপৰীতে ঘৰুৱা পৰিসৰৰ ভিতৰত নাৰীৰ স্বাধীনতাৰ প্ৰশ্নটো মীমাংসা কৰা হৈছিল আৰু সেইধৰণেই জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ স্বাভাৱিকীকৰণ হৈছিল। বিংশ শতিকা আগ বঢ়াৰ লগে লগে, বিশেষকৈ গান্ধীৰ আগমনৰ পাছত স্বাধীনতা আন্দোলনত নাৰীয়ে ব্যাপক ৰূপত অংশগ্ৰহণ কৰিছিল। ঔপনিবেশিকতাবাদে প্ৰতিনিধিত্ব কৰা উগ্ৰ পুৰুষবাদৰ বিপৰীতে গান্ধীয়ে এক নাৰীসুলভ ৰাজনীতিৰ পোষকতা কৰিছিল, হিংসাৰ বিপৰীতে অহিংসাৰ পোষকতা কৰিছিল। খাদী, যঁতৰ, লোণ আদিকে ধৰি বিভিন্নধৰণে গান্ধীয়ে এক নাৰীসুলভ প্ৰতীকীবাদৰ সমাহাৰ ঘটাইছিল স্বাধীনতা আন্দোলনৰ মাজত। এই ঘটনাই বহু পৰিমাণে আন্দোলনটোত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰিছিল। তথাপি সেই ক্ষেত্ৰত নাৰীৰ সক্ৰিয়তা ঘাইকৈ এক সুৰক্ষিত পৰিসৰৰ ভিতৰত আবদ্ধ ৰাখিবলৈ চেষ্টা চলোৱা হৈছিল, নেতৃত্বদায়ী আৰু নীতি-নিৰ্ধাৰণকাৰী ভূমিকাত অৱতীৰ্ণ হ’বলৈ নাৰীয়ে সাধাৰণতে সুযোগ পোৱা নাছিল। ইয়াৰ বিপৰীতে আন্দোলনৰ আন আন ৰেডিকেল ধাৰাসমূহৰ মাজত নাৰীয়ে অধিক সক্ৰিয়তাৰে আৰু অধিক আত্মচেতনাৰে যোগ দিছিল। কিন্তু এইসমূহ বিষয় পাৰ্থ চেটাৰ্জীয়ে আলোচ্য গ্ৰন্থত আলোচনা কৰা নাই। হয়তো তেওঁৰ ধাৰণা এয়ে যে এই সকলোবোৰ সত্ত্বেও জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ আধিপত্যত কোনোধৰণৰ হানি-বিঘিনি ঘটা নাছিল, আৰু নাৰীৰ ৰাজনৈতিক সক্ৰিয়তাই বহল অৰ্থত জাতীয়তাবাদে বান্ধি দিয়া সাংস্কৃতিক পৰিসীমা ভাঙিব পৰা নাছিল।

সি যি নহওক, স্বাধীনতাৰ পাছত জাতীয়তাবাদী নেতৃত্বৰ উদ্যোগত গঠন হোৱা নতুন জাতি-ৰাষ্ট্ৰই নাৰীৰ প্ৰশ্নটো মীমাংসা কৰিবৰ বাবে স্বয়ংক্ৰিয়ভাৱেই নৈতিক ন্যায্যতা লাভ কৰিলে। সংস্কাৰৰ ধাৰণাটোৱে এতিয়া প্ৰকাশ লাভ কৰিলে আইন-কানুনৰ ৰূপত – বিবাহ, সম্পত্তিৰ অধিকাৰ, নাৰীৰ সামাজিক-অৰ্থনৈতিক অধিকাৰ আদি বিভিন্ন বিষয়ত। নতুন জাতি-ৰাষ্ট্ৰত এনেকৈয়ে নাৰীৰ প্ৰশ্নটো পুনৰ এক ৰাজহুৱা-ৰাজনৈতিক ইছ্যুত পৰিণত হ’ল। সি যি নহওক, স্বৰাজোত্তৰ ভাৰতীয় জাতীয়তাবাদৰ পৰিপ্ৰেক্ষিতত নাৰী প্ৰশ্নটোৰ গম-গতি লোৱাৰ পূৰ্বে আমি প্ৰশ্নটোৰ জাতীয়তাবাদী সমাধানসূত্ৰৰ বিষয়ে পাৰ্থ চেটাৰ্জীয়ে আগ বঢ়োৱা আন এটি সমালোচনাত্মক দিশৰ উল্লেখ কৰিব খুজিছো। ঔপনিবেশিক সময়ত জাতীয়তাবাদৰ সংজ্ঞাই যিসমূহ গোষ্ঠীক সামৰি লোৱা নাছিল তেওঁলোকে নিজকে প্ৰতাৰিত অনুভৱ কৰিছিল আৰু পৃথক গোষ্ঠী হিচাপে ৰাজনৈতিকভাৱে সংগঠিত হৈছিল। নতুন জাতি-ৰাষ্ট্ৰখনতো তেওঁলোকে এঘৰীয়াৰ নিচিনাকৈ বাস কৰিবলগা হৈছিল, সেইবাবে ৰাষ্ট্ৰই নতুনকৈ হাতত লোৱা সংস্কাৰ কাৰ্যসূচীৰ কোনো নৈতিক ন্যায্যতা তেওঁলোকৰ ওচৰত নাছিল। এনে কাৰণতে স্বৰাজোত্তৰ ভাৰতত মুছলমান জনসাধাৰণৰ মাজত সংস্কাৰ কাৰ্যসূচী বিশেষ ফলৱতী হোৱা নাছিল। আধিপত্যশীল জাতীয়তাবাদী মতাদৰ্শই যিহেতু মুছলমান জনসাধাৰণক নিজৰ অবিচ্ছেদ্য অংগ বুলি গণ্য নকৰিছিল, গতিকে তেওঁলোকেও নিজৰ পৰম্পৰাৰ ওপৰত জাতীয়তাবাদী হস্তক্ষেপৰ বিৰোধিতা আৰু প্ৰতিৰোধ কৰিছিল। এই ক্ষেত্ৰত এক নতুন ধৰণৰ ঔপনিবেশিক সম্পৰ্কই ক্ৰিয়া কৰা দেখা যায়। ঘৰ-বাহিৰ, পাৰ্থিৱ-আধ্যাত্মিক, পুৰুষসুলভ-নাৰীসুলভ আদি দ্বিবিভাজনে ইয়াতো কাম কৰিছিল। যিধৰণৰ সামাজিক সংস্কাৰে গোষ্ঠীটোৰ প্ৰকৃত মৰ্মমূলত, সাংস্কৃতিক পৰিচিতিক প্ৰভাৱিত কৰিব পাৰে সেইধৰণৰ সংস্কাৰ সাধন কৰাৰ নৈতিক ন্যায্যতা গোষ্ঠীটোৰ কেৱল নিজৰহে আছে – ৰাষ্ট্ৰৰ সেই অধিকাৰ নাই। মুছলমান নাৰীক কেন্দ্ৰ কৰি জাতি-ৰাষ্ট্ৰই হাতত লোৱা বা ল’ব খোজা বিভিন্ন সংস্কাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত এইটো প্ৰতিক্ৰিয়াই হৈ আহিছে। এনেকৈয়ে জাতীয়তাবাদে সংখ্যালঘু নাৰীক গোষ্ঠীগত সাংস্কৃতিক কূপমণ্ডূকতাৰ মাজত আবদ্ধ ৰখাৰ বাট মুকলি কৰিছিল।

ভাৰতীয় প্ৰেক্ষাপটত জাতীয়তাবাদে নাৰীৰ প্ৰশ্নটো কিদৰে মীমাংসা কৰিছে বা জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্ক কেনেকুৱা, সেই প্ৰসংগটো পাৰ্থ চেটাৰ্জীৰ ফ্ৰেমৱৰ্কটোৱে সুন্দৰ ৰূপত দাঙি ধৰিছে। ইয়াৰ আধাৰত আৰু ইয়াৰ সমালোচনাৰ মাধ্যমেৰে জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্কৰ প্ৰসংগটোৰ আন আন জটিল অনালোচিত দিশসমূহো বিশ্লেষণ কৰিব পৰা যাব বুলি আমাৰ ধাৰণা।

স্বৰাজোত্তৰ ভাৰতত জাতি-ৰাষ্ট্ৰই জাতীয়তাবাদী পুৰুষতন্ত্ৰকে নতুন ৰূপত বৰ্তাই ৰাখিছে। পৃথিৱীৰ তথা ভাৰতৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক পৰিবৰ্তনৰ লগত খাপ খুৱাই নাৰীসমাজেও ক্ৰমবৰ্ধমান ৰূপত নিজৰ অধিকাৰ আৰু স্বাধীনতা সাব্যস্ত কৰিছে। কিন্তু বিভিন্ন সূক্ষ্ম ৰূপত সাংস্কৃতিক নিয়ন্ত্ৰণৰ মাধ্যমেৰে জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ আধিপত্য অটুট ৰাখিছে অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হোৱা জাতি-ৰাষ্ট্ৰই। তাতোকৈ ডাঙৰ কথা হ’ল নাৰীসমাজৰ আন্দোলনৰ ফলত জন্ম পোৱা নাৰীবাদী পৰিভাষাটো, ‘নাৰী সবলীকৰণ’ৰ ধাৰণা জাতি-ৰাষ্ট্ৰই আত্মসাৎ কৰিছে। এতিয়া নাৰী সবলীকৰণৰ নামতেই নাৰীৰ ওপৰত নিয়ন্ত্ৰণ কায়েম ৰখা হৈছে। চৰকাৰী বিভিন্ন আইন-কানুন, নীতি-নিৰ্দেশনা, শিক্ষা, স্বাস্থ্যসেৱা, গণমাধ্যম আদি বিভিন্ন দিশেৰে এই সাংস্কৃতিক অভিযান চলাই অহা হৈছে। উদাহৰণস্বৰূপে, গৰ্ভপাতৰ অধিকাৰ ভাৰতীয় নাৰীয়ে অতি সহজেই লাভ কৰিছে, ইউৰোপ-আমেৰিকাৰ নাৰীৰ দৰে যুদ্ধ কৰিবলগা হোৱা নাই। কিন্তু সেই গৰ্ভপাত আহিছে নাৰীৰ নিজৰ শৰীৰৰ ওপৰত অধিকাৰ হিচাপে নহয়, বৰং নাৰীৰ শৰীৰৰ ওপৰত, গৰ্ভৰ ওপৰত ৰাষ্ট্ৰৰ এক নিয়ন্ত্ৰণ হিচাপেহে, যাৰ উদ্দেশ্য হ’ল জনসংখ্যা নিয়ন্ত্ৰণ। পৰিয়াল পৰিকল্পনা, প্ৰসূতি-কেন্দ্ৰিক বিভিন্ন আঁচনি আদিৰ মাজেৰে প্ৰকাশ পোৱা চৰকাৰী বাগধাৰাই নাৰীক একোটা শৰীৰ, এখন জৰায়ুৰ গৰাকী হিচাপে প্ৰতিষ্ঠা কৰিছে। আন ভাষাত ক’বলৈ গ’লে, নাৰীৰ ওপৰত জাতি-ৰাষ্ট্ৰৰ সাংস্কৃতিক নিয়ন্ত্ৰণৰ ঘাই চৰিত্ৰ হ’ল যৌনতাৰ ওপৰত লেকাম লগোৱা, নাৰীক মাতৃত্বৰ মাজত বান্ধি থোৱা। যৌনতাৰ ওপৰত স্বনিয়ন্ত্ৰণ লাভ কৰে কেৱল ‘অন্য’ নাৰীয়েহে – বেশ্যালয়, বিনোদন উদ্যোগ আদিত যাৰ অৱস্থান। বিশ্বায়নৰ পৰৱৰ্তী কালছোৱাত যৌনতা প্ৰশ্নটোৰ যথেষ্ট পৰিবৰ্তন ঘটিছে, পূৰ্বৰ নৈতিক বান্ধোন ক্ৰমাৎ শিথিল হৈ পৰা দেখা গৈছে। বিশেষকৈ জনপ্ৰিয় সংস্কৃতিত নিজৰ যৌনতা প্ৰকাশ কৰিও মৰ্যাদাপূৰ্ণ নাৰীৰ স্থান অটুট ৰাখিব পৰা অৱস্থা দেখা গৈছে। কিন্তু এইবিলাকে বহল সমাজত মূলগত পৰিবৰ্তন সূচনা কৰিব পৰা নাই। অৱশ্যে কেৱল যৌনতা সম্পৰ্কীয় ধাৰণাৰ পৰিবৰ্তনে তেনে পৰিবৰ্তন সূচনা কৰিব নোৱাৰেও। কিয়নো যিটো আৰ্থ-সামাজিক গাঁথনিয়ে জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ মতাদৰ্শক ধাৰণ কৰি আছে তাৰ আমূল ৰূপান্তৰ অবিহনে এনে পৰিবৰ্তন অসম্ভৱ। অতীতলৈ উভতি চাই ক’ব পাৰি যে ইমান দিনে ভাৰতৰ নাৰীয়ে যিমানখিনি অধিকাৰ আৰু স্বাধীনতা লাভ কৰিলে সেয়া মূলতঃ ৰাজনৈতিক আৰু আইনগত – নাৰীৰ পূৰ্ণাংগ সামাজিক মুক্তি এতিয়াও সুদূৰপৰাহত। এই ক্ষেত্ৰত নাৰীৰ সন্মুখত থিয় দি আছে জাতীয়তাবাদী পুৰুষতন্ত্ৰ আৰু তাৰ পহৰাদাৰ জাতি-ৰাষ্ট্ৰ। শেহতীয়া সময়ছোৱাত হিন্দু জাতীয়তাবাদৰ উত্থান আৰু আধিপত্য লাভে পৰিস্থিতিটো আৰু অধিক জটিল কৰি তুলিছে। জাতীয়তাবাদৰ যিমানবোৰ প্ৰতিক্ৰিয়াশীল সম্ভাৱনা সেই সকলোবিলাকেই চূড়ান্ত আৰু নগ্ন ৰূপত প্ৰতিনিধিত্ব কৰিছে হিন্দু জাতীয়তাবাদে। ই হ’ল উৎকট ধৰণে পুৰুষতান্ত্ৰিক, বৰ্ণবাদী আৰু হিংসাপ্ৰৱণ। ই সংখ্যাগুৰু, নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় আৰু সংখ্যালঘু, সকলো নাৰীৰ বাবেই অধিক বিপদজনক। ই নাৰীমুক্তি আন্দোলনৰ প্ৰতি অধিক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।

এতিয়া অসমৰ প্ৰেক্ষাপটত দুটামান কথা ক’ব খুজিছো। জাতীয়তাবাদ আৰু নাৰীৰ আন্তঃসম্পৰ্কৰ কথাটো অসমতো কম-বেছি পৰিমাণে একেই। ঘাই পাৰ্থক্যটো হ’ল ইয়াত আমি পাওঁ এক অসমীয়া জাতীয়তাবাদী পুৰুষতন্ত্ৰ। এই পুৰুষতন্ত্ৰই অসমৰ সমাজজীৱনত সৰ্বব্যাপী আধিপত্য বৰ্তাই ৰাখিছে, অসমৰ ৰাজহুৱা পৰিসৰত সদাসতৰ্ক পহৰাদাৰৰ ভূমিকা পালন কৰিছে। এইখিনিতে অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ বিষয়ে দুই-এটা প্ৰাথমিক কথা কৈ লোৱা দৰকাৰ। ভাৰত জাতি-ৰাষ্ট্ৰৰ প্ৰান্তীয় অঞ্চলত কৰা অৱস্থান, প্ৰব্ৰজন আৰু নৃগোষ্ঠীগত সংঘাতে সৃষ্টি কৰা পৰিচিতিৰ ভাবুকি, মূলসুঁতিৰ ভাৰতীয় সংস্কৃতিৰ সৈতে ঘটা সংঘাত-বিনিময় তথা কেন্দ্ৰৰ সৈতে ঘটা ৰাজনৈতিক অৰিয়াঅৰিৰ ইতিহাসে অসমীয়া জাতীয়তাবাদী ৰাজনীতিৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিছে। ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি অসমীয়া জাতীয়তাবাদৰ মনোভাব সদায়েই ফেপেৰি পাতি ধৰাবিধৰ। অসমীয়া জাতীয়তাবাদৰ এই স্বাভিমানী আৰু প্ৰবল আত্মঘোষণাই ইয়াৰ অস্তিত্বৰ সাৰমৰ্ম, ইয়াৰ পৰিচয়। সেইবাবেই অসমৰ ভিতৰতো ইয়াৰ চোক অধিক মাত্ৰাত অনুভূত হয়। অসমীয়া মানুহৰ বাবে জাতীয়তাবাদৰ ব্যাপ্তি বতাহৰ দৰেই সৰ্বব্যাপী, জাতীয়তাবাদৰ আৱেগ প্ৰেমৰ দৰেই তীব্ৰ আৰু মৌলিক। এনে পৰিস্থিতিত জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ সাংস্কৃতিক নিয়ন্ত্ৰণ নিশ্ছিদ্ৰ হোৱাটোৱেই স্বাভাৱিক। আনহাতে, এনে নিয়ন্ত্ৰণৰ বাবে অসমীয়া মধ্যবিত্ত নেতৃত্বৰ হাতত নিজাকৈ কোনো ৰাজনৈতিক বা আইনগত উপায় নাই। গতিকে এই শ্ৰেণীটোৱে নাৰীৰ সাংস্কৃতিক নিয়ন্ত্ৰণতেই সৰ্বশক্তি প্ৰয়োগ কৰিছে। গণমাধ্যম, সংগীত, চিনেমা, সাহিত্য আদি বিভিন্ন উপায়েৰে বৈষ্ণৱী আৰু ভিক্টোৰীয় নৈতিকতাৰ ধাৰক-বাহক অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে এই মতাদৰ্শগত অভিযান অব্যাহত ৰাখিছে। জনপ্ৰিয় সংস্কৃতিৰপৰা এটা সাম্প্ৰতিক উদাহৰণ লৈ কথাটো ব্যাখ্যা কৰিব পাৰি। শেহতীয়াভাৱে দেখা গৈছে যে যৌন নৈতিকতাৰ ওপৰত আঘাত কৰা ভালেমান ‘অশ্লীল’ গীতৰ বিৰুদ্ধে ৰাইজে গৰজি উঠিছে আৰু তেনে অপকৰ্ম ৰোধৰ বাবে তৎপৰ হৈ উঠিছে। কিন্তু একে সময়তে বা তাৰো বহুত আগৰপৰাই চলি অহা ভালেমান অত্যন্ত নাৰীবিদ্বেষী গীতৰ প্ৰতি কোনেও প্ৰতিক্ৰিয়া দেখুওৱা নাই। ইয়াৰপৰা বুজিব পাৰি যে নাৰীৰ ওপৰত ‘জাতীয় সংস্কৃতি’ৰ ৰূপত পুৰুষতান্ত্ৰিক সাংস্কৃতিক নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰখাটো সকলোৰে বাবে স্বাভাৱিক কথা, ‘অশ্লীলতা’ৰ জৰিয়তে সেই ব্যৱস্থাটোত খেলিমেলিৰ সৃষ্টি কৰিলেহে সকলোৰে সমস্যা হয়। চমুকৈ ক’বলৈ গ’লে, অসমীয়া সমাজত বিৰাজমান বৈষ্ণৱী আৰু ভিক্টোৰীয় প্ৰমূল্যৰ প্ৰেক্ষাপটতেই উক্তধৰণৰ ‘অশ্লীল’ গীত আদিৰ জন্ম : সেই প্ৰমূল্যক পিৰপিৰাই দিবলৈকেই এনে গীত সৃষ্টি কৰা হৈছে আৰু এনে গীতৰ বিৰুদ্ধে হোৱা ক্ৰোধান্বিত প্ৰতিক্ৰিয়াও সেই প্ৰমূল্যৰপৰাই উৎসাৰিত হৈছে। এই প্ৰমূল্য হ’ল অসমীয়া জাতীয়তাবাদী পুৰুষতন্ত্ৰৰে অংগ। আনহাতে, এই পুৰুষতন্ত্ৰৰ আনটো দিশ দেখিবলৈ পোৱা যায় নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় নাৰীৰ বিৰুদ্ধে হোৱা যৌন হিংসাৰ মাজত। লক্ষ্মী ওৰাং এই ইতিহাসৰ আটাইতকৈ উজ্জ্বল সাক্ষী। গতিকে ক’ব পাৰি যে আন আন জাতীয়তাবাদৰ দৰেই অসমীয়া জাতীয়তাবাদো অন্তৰ্নিহিতভাৱেই পুৰুষতান্ত্ৰিক, বৰ্ণবাদী, হিংসাপ্ৰৱণ। মূলসুঁতিৰ নাৰী আৰু সংখ্যালঘু-জনগোষ্ঠীয়-নিম্নবৰ্ণীয় নাৰী – উভয়েই জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ শোষণ বেলেগ বেলেগধৰণে ভোগ কৰিবলগা হয়।

তেনেহ’লে অসমীয়া নাৰীবাদীসকলে জাতীয়তাবাদৰ প্ৰতি কেনে দৃষ্টিভংগী ল’ব? অসমৰ প্ৰগতিশীল মহলৰ মাজত ‘প্ৰগতিশীল জাতীয়তাবাদ’ৰ ধাৰণাটো একপ্ৰকাৰ শ্লোগানৰ নিচিনা। ‘প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদ’ৰ বিপৰীতে এই ধাৰণাটো দাঙি ধৰা হয় – য’ত জাতীয়তাবাদে তাৰ প্ৰতিক্ৰিয়াশীল দিশসমূহৰপৰা মুক্তি লাভ কৰিব আৰু শোষিত-নিপীড়িত বিভিন্ন জনগোটৰ স্বাৰ্থক নিজৰ মাজত প্ৰতিফলিত কৰিব। স্বাভাৱিকতেই তাত পুৰুষতান্ত্ৰিক দমন-নিপীড়নো নাথাকিব। কিন্তু প্ৰগতিশীল জাতীয়তাবাদৰ কথা কোৱাসকলে বৰ্তমানৰ জাতীয়তাবাদৰ মাজত দেখিবলৈ পোৱা পুৰুষতান্ত্ৰিক, বৰ্ণবাদী, হিংসাপ্ৰৱণ উপাদানসমূহৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰা দেখা নাযায়। ডাঙৰ ঘটনাৰ ৰূপত জাতীয়তাবাদৰ সেই উপাদানসমূহৰ প্ৰকাশ ঘটিলে তাৰ বিৰুদ্ধে থিয় দিয়াটো বেলেগ কথা, কিন্তু তাত্ত্বিক স্তৰত সেইসমূহক মোকাবিলা কৰিব নোৱাৰিলে প্ৰগতিশীল জাতীয়তাবাদৰ ধাৰণাটো টিকাই ৰখা টান। আমি ভাবো যে প্ৰগতিশীল জাতীয়তাবাদ আৰু প্ৰতিক্ৰিয়াশীল জাতীয়তাবাদ – এই দুটাক অতি-ঐতিহাসিক কেটেগৰি হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰি। জাতীয়তাবাদে এটা সময়ত প্ৰগতিশীল ভূমিকা পালন কৰিছিল, ঔপনিবেশিক শাসনৰ বিৰুদ্ধে নিপীড়িত জাতিৰ সংগ্ৰামৰ আদৰ্শ হিচাপে। সেই সময়ত আন প্ৰগতিশীল দিশসমূহৰ লগতে নাৰীৰ প্ৰশ্নটোৱেও কেন্দ্ৰীয় গুৰুত্ব লাভ কৰিছিল। আমাৰ জ্যোতিপ্ৰসাদৰ কল্পনাত আধুনিক অসমীয়া নাৰীৰ এক মুক্ত, আত্মচেতনাসম্পন্ন, সক্ৰিয় প্ৰতিমূৰ্তিৰ জন্ম লাভ হৈছিল লভিতা আদি চৰিত্ৰৰ মাজেদি। কিন্তু কালক্ৰমত সেইবোৰ বহল সমাজখনত বাস্তৱায়িত নহ’ল। অসমীয়া জাতীয়তাবাদৰ প্ৰতিক্ৰিয়াশীল উপাদানসমূহ অধিক মূৰ দাঙি উঠা দেখা গ’ল, জনগোষ্ঠীসমূহৰ ওপৰত চলোৱা আধিপত্যৰ ফলত ইতিহাসে সোনকালেই বিপৰীত মোৰ ল’লে আৰু নৃগোষ্ঠীগত সংঘাতৰ জুই জ্বলি উঠিল। এইটো অসমীয়া জাতীয়তাবাদৰ ঐতিহাসিক বিকাশৰ প্ৰক্ৰিয়া। কিন্তু আমি নাভাবো যে পুনৰ এক প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ ভেটি গঢ়িব পৰা যাব, যিটোৱে সকলো শোষিত-নিপীড়িত জনগোটৰ (নাৰীকো ধৰি) স্বাৰ্থক প্ৰতিনিধিত্ব কৰিব আৰু সামাজিক ৰূপান্তৰৰ সূচনা কৰিব। গতিকে এইটো আশা নকৰাই ভাল যে অসমীয়া জাতীয়তাবাদে কেতিয়াবা প্ৰগতিশীল ৰূপ লাভ কৰি তাৰ পুৰুষতান্ত্ৰিক, বৰ্ণবাদী, হিংসাপ্ৰৱণ উপাদানসমূহক চিৰকাললৈ বিদায় জনাব। তেনেহ’লে কি অসমৰ নাৰীবাদীসকলে অসমীয়া জাতীয়তাবাদৰ প্ৰতি পোনপটীয়া বিৰোধৰ নীতি গ্ৰহণ কৰিব লাগিব? আমি তেনেকৈ নাভাবো। আমি এটা কেটেগৰি হিচাপে প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ ধাৰণাটো অস্বীকাৰ কৰিছো। কিন্তু তাৰ মানে এইটো নহয় যে জাতীয়তাবাদক নস্যাৎ কৰা যাব, আৰু সেইটো সম্ভৱো নহয়। বৰ্তমানৰ নিচিনাকৈ অসমৰ যেতিয়ালৈকে অৰ্থনৈতিক আৰু সামাজিক পশ্চাদপদতা থাকিব, প্ৰব্ৰজন আৰু নৃগোষ্ঠীয় সংঘাত-জনিত পৰিচিতিৰ সংকট থাকিব, কেন্দ্ৰ চৰকাৰৰ সৈতে ঔপনিবেশিক চৰিত্ৰৰ সম্পৰ্ক বৰ্তি থাকিব – তেতিয়ালৈকে অসমত জাতীয়তাবাদী ৰাজনীতিৰ আধিপত্যৰ হৰণ-ভগন হোৱাৰ হয়তো কোনো সম্ভাৱনা নাই। আৰু সৰ্বভাৰতীয় জাতীয়তাবাদৰ আগ্ৰাসনৰ বিৰুদ্ধে সজোৰে থিয় দি অসমীয়া জাতীয়তাবাদে থলুৱা জনসাধাৰণৰ বাবে একপ্ৰকাৰে প্ৰগতিশীল ভূমিকাই পালন কৰিছে। অৱশ্যে এইটোৱে তাক সামাজিকভাৱে প্ৰগতিশীল জাতীয়তাবাদত পৰিণত নকৰে। সি যি নহওক, এনে পৰিস্থিতিত কেৱল নাৰীবাদী আন্দোলনেই নহয়, শ্ৰেণী-ৰাজনীতিকে ধৰি আন সকলো সামাজিক মুক্তিৰ আন্দোলনে জাতীয়তাবাদৰ প্ৰতি এক সতৰ্ক ৰণকৌশলগত, অৰ্থাৎ ষ্ট্ৰেটেজিক, মনোভাব গ্ৰহণ কৰাটো দৰকাৰী যেন ভাব হয়। সেয়া হ’ব একে সময়তে সহযোগিতা আৰু সমালোচনাৰ। এনে আন্দোলনসমূহে যেনেকৈ দৰকাৰী ক্ষেত্ৰত জাতীয়তাবাদী দাবী-দাবাৰ প্ৰতি সহযোগিতা আগ বঢ়াব লাগিব, সমান্তৰালভাৱে জাতীয়তাবাদক কঠোৰ সমালোচনাৰে থকা-সৰকাও কৰিব লাগিব। অৰ্থাৎ, জাতীয়তাবাদৰ প্ৰতি কোনোধৰণৰ মোহ থাকিব নালাগিব, তাক ৰণকৌশলগতভাৱে মোকাবিলা কৰি নিজৰ মুক্তিকামী ৰাজনীতি আগ বঢ়াই নিব পাৰিব লাগিব। গতিকে অসমীয়া নাৰীবাদীয়ে আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদৰ দাবী-দাবাসমূহ মানি লৈও সমান্তৰালভাৱে জাতীয়তাবাদী পুৰুষতন্ত্ৰক প্ৰশ্নৰ কাঠগৰাত থিয় কৰাব পাৰিব লাগিব। এয়া হ’ল বৰ্তমানৰ ঐতিহাসিক সন্ধিক্ষণটোত থিয় হৈ কৰা নাৰীবাদৰ এক ৰণকৌশলগত ৰাজনীতিৰ ধাৰণা।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে