চ’ৰাঘৰ / কথাশিল্প / শতবৰ্ষৰ পদূলিমুখত অসমীয়া চনেট সাহিত্যঃ ডিছপোজেবল সূৰ্য৷৷ প্ৰাণজ্যোতি নাথ৷৷

শতবৰ্ষৰ পদূলিমুখত অসমীয়া চনেট সাহিত্যঃ ডিছপোজেবল সূৰ্য৷৷ প্ৰাণজ্যোতি নাথ৷৷

অসমীয়াত চনেট বুলিলে আপোনাৰ মনলে’ ছাগৈ ‘প্ৰিয়তমাৰ চিঠি’ৰ কথাকে আহে। তাৰ পাছত! তাৰ পাছত আমাৰ মাজত খুব কম সংখ্যক কবিতাপ্ৰেমীৰহে চনেটৰ সৈতে পুনৰবাৰ ভেটাভেটি হ’ল অথবা নহ’ল। ২০১৭ চনটো অসমীয়া ‘চনেট’ সাহিত্যৰ বাবে শুভবৰ্ষ। কাৰণ এইবৰ্ষতে নৱপ্ৰজন্মৰ এজন স্বীকৃত লেখক; একাধাৰে কবি, চিত্ৰশিল্পী, সমালোচক, গল্পকাৰ, প্ৰাৱন্ধিক সমুদ্ৰ কাজল শইকীয়াৰ প্ৰথমখন চনেট পুথি ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট’ প্ৰকাশিত হৈছে। প্ৰথমখন অসমীয়া চনেট-কাব্য, কবি হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ ছপা হৈছিল, ১৯১৮ চনত। ‘মালচ’ত বৰবৰুৱা বিৰচিত ১১৮টি চনেট অন্তৰ্ভুক্ত হৈছিল। সম্পূৰ্ণ এশ বছৰৰ পাছত প্ৰকাশ হৈছে সমুদ্ৰ কাজল শইকীয়াৰ মুঠ নিৰানব্বৈটা চনেট সনিবিষ্ট ডিছপোজেবল সূৰ্য। অৰ্থাৎ ই অসমীয়া চনেট সাহিত্যৰো শতবৰ্ষ। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলিয়েই স্ব-সম্পাদনাৰে পুথি প্ৰকাশৰ গুৰু-দায়িত্ব মূৰ পাতি লৈছিল কবিয়ে নিজে। প্ৰকাশক-বিতৰক দুয়োজনেই একেজন– কাণখোৱা। কিয়! কাৰণ হিচাপে পাতনিত পুথি প্ৰকাশৰ স’তে হোৱা তিক্ত কঠিন অভিজ্ঞতাৰ বৰ্ণনা কবিয়ে দিছে; লগতে দায় সাৰিছে এইদৰে– ‘এইখিনি কবিতা পঢ়ি ভাল নাপালে তাৰ দায়ৰ ভাগী কাণখোৱা নহ’ব।’ সভয়ে সৎসাহস কৰাটোও ভালৰ লক্ষণ। প্ৰকাশক প্ৰকাশককৈ ঢপলিয়াই ফুৰাৰ লেঠাটো কবিকূলৰ বাবে নতুন নহয়। তাহানিতে হীৰু দায়ো মূৰ থিয়কৈ নিজা কিতাপ নিজে প্ৰকাশ কৰিছিল। অজিৎ বৰুৱায়ো কৰিছিল। কিতাপৰ কথা ক’বলৈ গৈ প্ৰকাশন-বিতৰণৰ জেউৰ ভঙাৰ উৎসাহ আমাৰ নাই। আমি কিতাপৰ কথালৈ আহোঁ।

‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট’ক ভগোৱা হৈছে সাতোটি ভাগত– পুত্তলিকা, ডিছপোজেবল সূৰ্য, মন ডিমৰুৰ ফুল, দেশ, বিৰহী যক্ষ, অক্ষৌহিণী মেঘ আৰু বিস্ময়। পৰিশিষ্টত ছয়টি চনেটৰ নাটকীয় পুনাৰ্বিভাৱ আৰু পৰিশেষত সংযোজিত হৈছে চনেটৰ দেহবিচাৰ সম্পৰ্কীয় এটি উপাদেয় টোকা। শইকীয়া কেৱল কবি নহয়। সেয়া ওপৰত উল্লেখ কৰা হৈছে। কবি পাৰফৰমেঞ্চ আৰ্টৰো হোতা তথা বক্তাও। সেয়ে ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট’ শুৱাই আছে দহখন পাৰফৰমেঞ্চ আৰ্ট সম্পকীয় অৰ্থৱহ ছবি। উকাপিঠিত আছে ছবি সম্পৰ্কীয় পৰিচিতি। কিতাপৰ প্ৰচ্ছদ সম্পৰ্কেও পৰিশেষত এটি টোকা অন্তৰ্ভুক্ত।

‘কবিতা আৰু কবিতাৰ কিতাপ দুটা বস্তু। কবিতা ভাল হ’লেই কিতাপ ভাল আৰু কবিতা বেয়া হ’লেই কিতাপো বেয়া নহ’বও পাৰে।’ কবিৰ স্ব-উক্তিৰ সাক্ষ্য প্ৰমাণ ডিছপোজেবল সূৰ্য। কিতাপখনৰ মূল্য শিল্পৰসিক পঢ়ুৱৈয়ে বুজিব।

‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট’ প্ৰকৃততে ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য’ৰ আনটো খণ্ড। অৰ্থাৎ ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য’ আৰু ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট’ — একত্ৰে দুখন কিতাপ। সম্পূৰ্ণ এখন অন্য কিতাপ ৰূপে চনেটসমূহ নিলগাই ৰখাটো নিজৰ কবিতাৰ প্ৰতি কবিৰ উচিত বিচাৰ। কিতাপৰ প্ৰথম খণ্ডত আছে কবিৰ ক’বলগীয়াখিনি। অন্যান্য চনেটৰ সৈতে একে শিৰোনামেৰে ‘ অন্যান্য পদ্য’কো সাতভাগ কৰা হৈছে। প্ৰতিটো নাম এখন সেতু, ইখন কিতাপৰ পৰা সিখনলৈ। দুখন মঞ্চ, সাজসজ্জাত সমগোত্ৰীয় ভাব, বিষয় ভিন্ন, তথাপি অভিন্ন– কবিয়ে কোৱাৰ দৰে, ‘যেন ঘৰৰ ভিতৰত ঘৰ।’ আকৌ, প্ৰতিখন কিতাপৰ প্ৰতিটো ভাগেই একোখন কিতাপ। এই অৰ্থতো একেষাৰ কথা– ‘ঘৰৰ ভিতৰত ঘৰ।’ চমকবোৰ নতুন, কিন্তু একেবোৰ ঘটনা, একেটাই জীৱন। সেয়ে বোধহয় কবি নিৰাসক্ত কিছু পৰিমাণে। এই প্ৰসংগতে বোধহয় কবিয়ে উনুকিয়াইছে– সমুদ্ৰই প্ৰেমৰ কবিতা লিখি পপুলাৰ কবি হ’বগৈ নোৱাৰিব। ৰূপ, বৰ্ণ, বাকেৰে বৰ্ণময় কবিতাক এখন বৰ্ণহীন প্ৰচ্ছদ আৱৰণেৰে ঢাকিব খোজাটোও এটা সাঁথৰ। যেন ইয়াতো কবিৰ বৈৰাগ্য ভাবৰ আভাস।

‘Do not touch the art objects, but feel free to step in my house’ এই আহ্বানেৰে ‘ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য’ত কবিয়ে মুকলি কৰিছে পদ্যৰ পৃথিৱীৰ দুৱাৰ, সংযোজিত হৈছে নখন ছবি, ‘উপপাঠ’ত দুখন। একেদৰেই উকাপিঠিত ছবিৰ পৰিচিতি। একত্ৰে ডিছপোজেবল সূৰ্যই সহজেই পঢ়ুৱৈক আকৰ্ষণ কৰিব আৰু এবাৰ কিতাপ দুখনত চকু ফুৰোৱাৰ লালসাৰে কিতাপৰ পোকবোৰ লালায়িত যে হ’ব, ই নিৰ্ঘাত। কবিৰ শিল্পকৰ্মক নুচুৱলৈ কৰা আহবান প্ৰতি এগৰাকী পঢ়ুৱৈৰ শ্ৰদ্ধা ৰূপে এই লেখাত কবিৰ কবিতা সম্পৰ্কে আলোচনাৰ পৰা বিৰত থাকিলোঁ। এই মিঠা-তিতাৰ বিচাৰ গুণীজনে কৰিব। আমি মাত্ৰ এগৰাকী তৃপ্ত পঢ়ুৱৈৰ উৎসাহেৰে কিতাপখনৰ নাম ল’লোঁ। কবিতা নপঢ়া বা কবিতা নুবুজাৰ অজুহাত দিয়া প্ৰতিজন পঢ়ুৱৈয়ে সমুদ্ৰ কাজল শইকীয়াৰ ‘ডিছপোজেবল সূৰ্য’ ক্ৰয় কৰি উৎসাহিত হ’ব। কেৱল চনেট, সমুদ্ৰ অথবা সমুদ্ৰৰ কবিতাৰ বিষয়ে জানিব যে সেয়াই নহয়; পঢ়ুৱৈৰ বাবে সুচলকৈ কিতাপ এখন প্ৰকাশ কৰি উলিওৱাত কবি নিজে কিমান পৰিপক্ক –সেই কথাও জানিব। কেৱল লেখা-মেলাতে নহয়, এখন ভাল কিতাপৰ আঁৰতো মগজুৰ কিমানবোৰ কছৰৎ থাকে সেইবিষয়েও ডিছপোজেবল সূৰ্যই পঢ়ুৱৈক এক অনন্য অনুভূতি দিব। কিতাপৰ বজাৰত কাণখোৱাৰ কিতাপ এক নতুন চমক। প্ৰকাশক কাণখোৱালৈ শুভেচ্ছা যাচি কাণখোৱা প্ৰকাশনৰ পৰৱৰ্তী কিতাপলৈ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে