চ’ৰাঘৰ / সমকাল / নাৰীৰ এক নিজস্ব পৰিচয় আছেনে? ৷৷ আনমনা গগৈ৷৷

নাৰীৰ এক নিজস্ব পৰিচয় আছেনে? ৷৷ আনমনা গগৈ৷৷

নাৰী ! কি যে এটা শব্দ। কাৰোবাৰ বাবে সপোন সুকোমল, কাৰোবাৰ বাবে সন্মোহনী, কাৰোবাৰ বাবে গৌৰৱ, কাৰোবাৰ বাবে প্ৰেম আৰু কৰুণা, কাৰোবাৰ বাবে ঘৃণা আৰু সন্ত্ৰাস। মন কৰিলেই দেখা যায় যে পূৰ্বৰে পৰা নাৰীক যাৰ যেতিয়া প্ৰয়োজন হয়, সেই নামেৰেই অভিহিত কৰে। দেৱকুল ৰক্ষা কৰিবলৈ দেৱী সজায়। পুৰুষত্বৰ শৃংখল পিন্ধাবলৈ সতী সাজে। ৰক্ষণশীলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সৰস্বতী সাজে। ঘৰৰ চাৰিবেৰৰ মাজত ৰাখিবলৈ লক্ষী সাজে। নহ’লেনো ৰামায়ণ-মহাভাৰতৰ যুগৰ পৰা নাৰীৰ ওপৰত ইমানবোৰ ফটোৱা জাৰি কৰেনে? ৰামচন্দ্ৰই সীতাক সতীত্ব প্ৰমাণ কৰিবলৈ অগ্নি পৰীক্ষা কৰিছিল, ৰামায়ণৰ সেই কাহিনী সৰ্বজন বিদিত। নহ’লেনো কুন্তীয়ে পা‍ঁচজন পুত্ৰৰ বাবে দ্ৰৌপদীক শয্যাসংগিনী কৰেনে? মধ্য যুগৰ ইতিহাসৰ পাতত জাজ্বল্যমান যে সামন্ত ৰজা-মহাৰজাই দেশে দেশে যিমানবোৰ শান্তি চুক্তি কৰিলে, তাৰ প্ৰথম চৰ্ত হিচাপে ৰাজ পৰিয়ালৰ পৰা জনসাধাৰণৰ মাজৰ পৰা অলেখ সুন্দৰীক আগবঢ়াই দিলে। সতীদাহ প্ৰথা সৃষ্টি কৰি মৃত স্বামীৰ সৈতে একেখন চিতাতে পত্নীক জীৱন্তে তুলি দিয়া হ’ল, জীৱনটোক ভালকৈ বুজি পোৱাৰ আগতেই বাল্য বিবাহ কৰোৱা হ’ল আৰু যদি স্বামীৰ মৃত্যু হয়, তেন্তে স্বামীৰ গৃহ নেদেখাকৈ সতী সাজিবলৈ বগা সাজ পিন্ধি ৰ‍‍ং-ধেমালি নকৰাকৈ মাছ মা‍ংস গ্ৰহণ নকৰাকৈ অলেখ কলংকক সাৱটি মৃত্যুৰ বাবে অপেক্ষা কৰিব লগা হল।

এতিয়াও ইতিহাসে আৰু এক ব্ৰহ্মশেল মাৰি আছে, সেয়া হ’ল সতীত্ব। যিটো শব্দ শুনিলেই গা নোম শিয়‍ঁৰি উঠে। যিয়ে এই শব্দটোৰ সৃষ্টি কৰিছিল, যাৰ মুখৰ পৰা উচ্চাৰিত হৈছিল যিসকলে যুগে যুগে এই শব্দটোৰ উকালতি কৰি আহিছে সেইসকলৰ কোনজনে পুৰুষত্ব বজাই ৰাখিছে। সেইসকলেই সৃষ্টি কৰিছিল যে এজন পুৰুষে একাধিক বিবাহ কৰিলেও, একাধিক নাৰীৰ লগত সম্পৰ্ক ৰাখিলেও পুৰুষত্ব নেহেৰায়। যেতিয়া এজন পুৰুষৰ পত্নী গৰাকী ঢুকায় তেতিয়া তেনে পুৰুষে ছমাহ-এবছৰ নৌহওঁতেই আন এগৰাকী পত্নী লৈ আনিব পাৰে। বিবাহিত পত্নী থকাৰ পিছতো  অলেখ কাৰণত তেওঁলোকে নাৰীক গোটাই আনিব পাৰে ৰক্ষিতা হিচাপে ৰাখিব পাৰে নহয়। সেইসকলেই সতী সাধী নাৰী বিচাৰি ফুৰে আৰু বিয়াৰ বজাৰ ত শাৰী পাতি থিয় দি থাকে নাৰী।

‘হৰিণাৰ আপোন মঙহেই বৈৰী’ হোৱাৰ দৰে নাৰী নিজেই নিজৰ শত্ৰু। ইতিহাসৰ পৰম্পৰাৰ দাসত্বৰ মৌলিক সূত্ৰই নাৰীক যিমান শাসন-শোষণ কৰিছে তাতকৈ হাজাৰগুণে নিৰ্যাতন কৰিছে নাৰী সমাজে।নহ’লেনো শাহুয়েকে বোৱাৰীয়েকক যৌতুকৰ বাবে মাৰ-ধৰ কৰিবলে ধৰি বান্ধি দিয়েনে? গাত তেল ঢালি জুই জ্বলাই দিব পাৰেনে? পৰপুৰুষৰ লগত কথা পতা দেখিলেই সন্দেহ কৰি বোৱাৰীয়েকক মিছা অপবাদ দি ঘৰত বিশৃংখলতাৰ সৃষ্টি কৰেনে? শাহুয়েকবোৰেই পুত্ৰ শোকৰ যন্ত্ৰণা পাহৰিবলৈ নাৰীক বিধৱা সজাৰ তত্ত্বৰে নিতৌ নিৰ্যাতন কৰিব বিচাৰেনে ? এখন ঘৰৰ বোৱাৰী জনীৰ লগত ননদৰ যিমান কাজিয়া হয়, দেওৰেক-শহুৰৰ লগত সিমান নহয়। ছোৱালী হোষ্টেলবোৰত, বিশ্ববিদ্যালয়, মহাবিদ্যালয় বিলাকত ছোৱালীবোৰে লগৰীয়া ছোৱালীক যিমান নিৰ্যাতন কৰে, বদনাম কৰে, লগৰ লৰাক কিন্তু সেই দৃষ্টি ভংগীৰে নাচায়। নাৰীসকল গ্রহ-নক্ষত্ৰ বিজয়ৰ যুগতো সঁচাকৈ প্ৰগতিশীল আধুনিকা হৈছেনে? তেওঁলোকে বিয়াৰ দিনা স্বামীৰ ঘৰৰ পৰা অহা আ-অলংকাৰে বান্ধি নিনিয়াকৈ সন্তুষ্ট হ’ব পাৰিবনে?আচলতে সেইবোৰ নাৰীক প্ৰয়োজনৰ খাতিৰতহে ব্যৱহাৰ কৰে আৰু সেইবোৰৰ মাজত নাৰীসকলে নিজৰ ঠিকনা হেৰুৱাই পৰিচয় হয়গৈ স্বামী পৰিচয়েৰে, সন্তানৰ পৰিচয়েৰে।এইসকলেই প্ৰথম দুজনী ছোৱালী হোৱাৰ পিছত তৃতীয়তো পুত্ৰ্সন্তান হ’বলৈ ভগৱানৰ ওচৰত খাটে। তেওঁলোকেই ভাৱে, পুত্ৰই যেনেকৈ পঢ়িব লাগে, কন্যা সন্তানে নালাগে। স্বামীয়ে অন্যায় কৰি অনা টকা নাৰীসকলেই চপাই লৈ উৎসাহিত কৰে। স্বামীৰ সৈতে টকা-পইচা লেনদেনতো ব্যস্ত হৈ পৰে। বিজ্ঞাপনত নাৰী হৈ উঠে লাস্যময়ী শৰীৰ প্ৰদৰ্শন কাৰী প্ৰিয়দৰ্শিনী। পুৰুষে চিগাৰেট খাওঁতে, মটৰ পাৰ্টছ, নতুন চাইকেলৰ খবৰ ৰাইজক দিওঁতে, লিৰিল, লাক্স চাবোন ,মবাইল ফোন আদিৰ বিজ্ঞাপনত যুৱতীসকল নহলেও হ’লহেঁতেন৷ নাৰীসকলেই সেই দুৱাৰ মুকলি কৰি দিয়া নাই নে? কাৰ্যালয়ত ওপৰৱালাই, সহকৰ্মীয়ে দৈহিক সুখৰ সুযোগ বিচাৰি নাৰীসকলকেই লালসা কৰে। সেই চৰিত্ৰ পুজিঁপতি দেশ আমেৰিকাৰ পৰা দৰিদ্ৰ বাংলাদেশলৈকে বিয়পি আছে। দৰমহা দিব নোৱাৰা অসম চৰকাৰৰ কাৰ্যালয়ৰ পৰা কোনোবা প্ৰাইভেট কোম্পানীৰ ছেক্ৰেটাৰী বিষয়ালৈকে সকলোতে নাৰীক তেনেকৈয়ে বিচাৰে। অৱশ্যে নাৰীসকলেও দেহৰ ব্যৱসায় কৰি টকা আৰ্জনৰ বাট খুলি লৈছে।

হে নাৰী, ইমানবোৰ হোৱাৰ পিছতো, ইমান ভালৰ মাজতো, সুখ-স্বাচ্ছন্দ্যৰ মাজতো, ইমান নিৰ্যাতনৰ ইতিহাসৰ পিছতো, দিন দুপৰতে অগ্নিদগ্ধ হোৱাৰ সময়ত, প্ৰৰোচনাৰ ভূৱন মোহিনী ৰূপত উটি ভাঁহি যোৱাৰ সময়ত চেতনা জাগ্ৰত হবনে?

মান-সন্মান শাৰীৰিক মৰ্যাদা মানসিক সততাৰে মানুহৰ শাৰীত থিয় দিব পাৰিলেহে ৰাজনৈতিক সামাজিক সাংস্কৃতিক শিক্ষা আদি সকলো দিশতে সচেতন হৈ দেশৰ প্ৰগতিশীলতাত যোগ দিব পাৰিলেহে নাৰীৰ এক আত্ম পৰিচয়ৰ ঠিকনা বিচাৰি পোৱা যাব। প্ৰচাৰ মাধ্যমসমূহেও এইক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইতিহাসৰ পাতৰ আত্মমৰ্যাদা সম্পন্ন আত্মবিশ্বাসী নাৰীৰ উজ্জ্বল চৰিত্ৰসমূহক নতুন দৃষ্টি ভংগীৰে মূল্যায়ন কৰাৰ উপৰি বৰ্তমানৰ দুৰ্যোগপূৰ্ণ সমাজত যিসকলে নাৰী হৈও প্ৰকৃত অৰ্থত নাৰীৰ মৰ্যাদা লাভ কৰা নাই, সেইসকল নাৰীৰ জীৱন চৰিত্ৰ বহুলভাৱে প্ৰচাৰ কৰাৰ লগতে উদীয়মান মহিলাৰ সংগ্ৰামী চেতনা ক অনুপ্ৰাণিত কৰিব লাগিব আৰু তেতিয়াহে নাৰীৰ জয়যাত্ৰাৰ পথো কিছুদূৰ প্ৰশস্ত হ’ব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে