চ’ৰাঘৰ / কথাশিল্প / ফুল ফুলাৰো সময় থাকে ৷৷ ড° দীপালী বৰা৷৷

ফুল ফুলাৰো সময় থাকে ৷৷ ড° দীপালী বৰা৷৷

ফুল ফুলাৰো সময় থাকে

সময়মতে মাটি খামুচিব পাৰিলেহে
অংকুৰিত হয় বীজ

ঈশ্বৰৰ ঘৰত জোনাকৰ বীজ কোনে সিঁচে ?
কোনে
জোনে

জোন হেনো বাৰোৱাৰী প্ৰেমিকা
আকাশ উজাৰি
পোহৰ সিঁচে

বন্দৰ হেৰোৱা জাহাজবোৰে
জোনাকত
মাটি বিচাৰি মৰে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে