চ’ৰাঘৰ / কথাশিল্প / ‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : সমাজ চিন্তাৰ এক অভিনৱ সংযোজন ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : সমাজ চিন্তাৰ এক অভিনৱ সংযোজন ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

  • “Every ideology is historically conditional, but it is unconditionally true that to every scientific ideology, there corresponds an objective truth, absolute nature.” – ভি আই লেনিন

মানৱ সমাজত মতবাদবিলাকৰ ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰাৰ পাছতো এইটো অনস্বীকাৰ্য যে প্ৰতিটো প্ৰতিষ্ঠিত মতবাদৰ এক স্থিতাৱস্থাবাদী প্ৰৱণতা আছে৷ ভিন্ন সময়ত ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অথবা অৰ্থনৈতিক মতবাদবিলাক বিভিন্ন ৰাজনৈতিক আদৰ্শবাদলৈ ৰূপান্তৰ হৈ আৰ্থ-সামাজিক শক্তিবিলাকৰ সুৰক্ষা কবচ হৈ পৰে। গতিকে এই মতবাদবিলাকৰ ঐতিহাসিক স্থিতিৰ অন্বেষণ হ’ল সমাজ অধ্যয়নৰ গুৰুদায়িত্ব। এই অনুশীলনত এফালেদি প্ৰতিষ্ঠিত অৰ্থনীতিবাদৰ যান্ত্ৰিকতা আৰু আনফালেদি গোড়া প্ৰতিক্ৰিয়াশীল প্ৰৱণতাই সমাজ অন্বেষণত নিৰ্দিষ্ট বিদ্যায়তনিক আয়তনৰ সৃষ্টি কৰে। পিছে, ঐতিহাসিক বস্তুবাদৰ তত্বীয় আয়তন বৃদ্ধি কৰি সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক পৰিস্থিতিতন্ত্ৰবিলাকৰ আচহুৱা যেন লগা প্ৰশ্নবোৰ প্ৰতিক্ৰিয়াশীল প্ৰৱণতাৰ পৰা মুক্ত কৰাটো দুঃসাধ্য কিন্তু অত্যাৱশ্যকীয়। মতাদৰ্শগত চৰ্চাৰ সীমিত আৰু যান্ত্ৰিক গণ্ডীয়ে সেয়া হয়তো বাগধাৰামূলক বুলি উলাই কৰিলেও, প্ৰকৃতাৰ্থত এই বাগধাৰাবিলাকৰ আলোচনাই ভিত্তি-উপৰিসৌধৰ ধাৰণাৰ পৰিসৰ বৃদ্ধি কৰি মতাদৰ্শলৈকে গতিশীলতা আনি দিব। তৰুণ প্ৰাবন্ধিক জিতেন বেজবৰুৱাই তেখেতৰ প্ৰবন্ধৰ সংকলন ‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ৰ যোগেদি এই গুৰুত্বপূৰ্ণ দিশটো সংযোজন কৰি এক নতুন পৰিধিৰ সৃষ্টি কৰিছে। এই সংকলনটিত লেখকে সামাজিক পৰিচিতিবিলাকৰ এক নব্য বিশ্লেষণাত্মক পৰিধি শ্ৰেণীগত ফ্ৰেমৱৰ্কৰ ভিতৰতে দাবী কৰিছে।

মতাদৰ্শগত চৰ্চাত প্ৰান্তীয় হিচাবে প্ৰায় অৱহেলিত হৈ থকা এই চিন্তাধাৰাবিলাকৰ সফল উপস্থাপনত ভাষাৰ গুৰুত্ব অপৰিসীম। ‘অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা’ শীৰ্ষক প্ৰাৰম্ভিক প্ৰবন্ধটিত লেখকে কৈছে যে অসমীয়া ভাষাত বৌদ্ধিক চৰ্চাৰ সমস্যাটো ভাষাকেন্দ্ৰিক নহয়, বৰঞ্চ সমাজ-ৰাজনৈতিক আৰু তাত্বিক ফ্ৰেমৱৰ্ক সম্বন্ধীয়। সমাজ-ৰাজনৈতিক চৰ্চাৰ সৰ্বাত্মক বিকাশ অবিহনে ভাষাই বৌদ্ধিক চৰ্চা কৰিব নোৱাৰে আৰু সেয়ে সমাজ অধ্যয়ন সাহিত্য সমালোচনাতেই সীমাবদ্ধ হৈ পৰে। অৱশ্যে সমাজ-ৰাজনীতিৰ চৰ্চাৰ পৰিধি সম্প্ৰসাৰিত হ’লে অসমীয়া ভাষাইও নতুন প্ৰাণ পাই উঠিব বুলি লেখক আশাবাদী।

সংকলনটিত লেখকে সাম্প্ৰতিক সময়ত বিভিন্ন বাগধাৰা অথবা মতবাদৰ সৈতে সন্নিৱিষ্ট হৈ থকা জাতীয়তাবাদ, বৰ্ণবাদ, সাম্প্ৰদায়িকতাবাদ, মৌলবাদ, উত্তৰআধুনিকতাবাদ আৰু নাৰীবাদৰ মাজত নিহিত হৈ থকা প্ৰাসঙ্গিক কিন্তু আচহুৱা প্ৰশ্নবোৰ আৰু সেইবোৰৰ আন্তঃসম্পৰ্ক বিশদভাৱে আলোচনা কৰিছে। ‘ভাৰতীয় ভাবাদৰ্শ’, ‘ঔপনিৱেশিকতাবাদৰ অন্তৰ্জীৱন’, ‘পৰিৱৰ্তনৰ আলিদোমোজাত’, ‘বিকল্প ৰাজনীতিৰ প্ৰসংগত’ আৰু ‘মাৰ্ক্সীয় চিন্তাত মতাদৰ্শ আৰু অন্যান্য কিছু প্ৰশ্ন’ শীৰ্ষক প্ৰৱন্ধৰ যোগেদি লেখকে বিশ্লেষণৰ তাত্ত্বিক পটভূমিৰ সৃষ্টি কৰিছে। লেখকে এণ্ডাৰ্ছনৰ ‘The Indian Ideology’ নামৰ কিতাপখন প্ৰসংগলৈ আনি দেখুৱাইছে যে ভাৰতীয় ভাৱাদৰ্শৰ বস্তুনিষ্ঠ আলোচনাত ব্ৰিটিছ ঔপনিৱেশিক মতাদৰ্শৰ দাম্ভিকতা আৰু পূৰ্বধাৰণা সম্বলিত সৰলীকৃত আৰু ৰেডিমেড সজ্জা এটাৰ প্ৰয়োগে সদায় বাধা দি আহিছে৷ এই সজ্জাটোৰ যান্ত্ৰিকতাৰ মাজত সোমাই পুঁজিবাদী ব্যৱস্থাৰ অন্তৰ্নিহিত বিৱৰ্তন আৰু তাৰ সৈতে ভাৰতীয় সমাজখনৰ ওতপ্ৰোতঃ সম্পৰ্ক অনুধাৱন কৰিব নোৱাৰাটোৱেই হ’ল ভাৰতীয় সমাজখনৰ বিৱৰ্তনত সচৰাচৰ পশ্চিমীয়া পণ্ডিতসকলে কোনো গতিশীলতা দেখা নোপোৱাৰ ঘাই কাৰণ৷ তেনেকৈ, দ্বিতীয়টো প্ৰবন্ধত লেখকে পৰ্যালোচনা কৰিছে যে ঔপনিবশিকতাবাদৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক আয়তনসমুহৰ পয়োভৰৰ মাজত সাংস্কৃতিক আয়তনটো তুলনামূলকভাৱে অৱহেলিত হৈ ৰৈছে৷ উত্তৰ ঔপনিৱেশিক চিন্তা-চৰ্চাৰ বাবে ভাৰতত তাত্বিক-ৰাজনৈতিক কাঠামো তৈয়াৰ কৰে অশীষ নন্দীয়ে৷ আশীষ নন্দীৰ সমালোচনাৰে লেথকে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে যে সাংস্কৃতিক মতাদৰ্শ হিচাবে বৰ্তী থাকিবলৈ ঔপনিবেশিকতাবাদে অৰ্থনৈতিক-ৰাজনৈতিক ভেটিৰ ওপৰতে নিৰ্ভৰ নকৰে৷ ঔপনিৱেশিকতাবাদৰ সংস্কৃতি হাড়ে-হিমজুৱে পুৰুষত্ববাদী যি হ’ল দমনৰ আচল শক্তি৷ অন্যহাতেদি ইউৰোপীয়-অনাইউৰোপীয় সমাজৰ মাজত ইতিহাসৰ বয়স বিভাজনেৰে এক তুলনাত্মক পৰিপক্কতাৰ ধাৰণাও ঔপনিৱেশিকতাবাদৰেই সৃষ্টি৷ তেনেকৈয়ে নন্দীয়ে গান্ধীৰ জীৱনাদৰ্শৰ মাজত ঔপনিৱশিকতাবাদৰ পৰা মুক্তি বিচাৰি পাইছে৷ এইখিনিতে আশীষ নন্দীৰ থলুৱা পৱিত্ৰতাত আওকাণ হৈ ৰৈ যোৱা আভ্যন্তৰিণ ক্ষমতা-সম্পৰ্কসমুহৰ সমাধানৰ বাবে লেখকে এক বৈকল্পিক আধুনিকতাৰ কথা কৈছে৷ তৃতীয়টো প্ৰবন্ধৰ বিষয়বস্তু হ’ল স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক পৰিৱৰ্তনৰ সমীক্ষা। আধিপত্যশীল নেহৰুবাদী ছেকুলাৰ গণতন্ত্ৰ আৰু তাৰ প্ৰতিষ্ঠানিক কাঠামোটোত বৃহৎ খহনীয়া হবলৈ ধৰাৰ লগে লগে ভাৰতীয় ৰাজনীতি আৰু সমাজত এক আমূল পৰিৱৰ্তন ঘটে ৷ ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিকতাবাদী বিচ্ছিন্নতাবাদী আন্দোলন, দলিত নিম্নবৰ্গ আদিৰ সামাজিক আন্দোলন, কৃষক আন্দোলন আদি বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ আন্দোলনে মুৰ দাঙি উঠি ভাৰতীয় জাতিৰাষ্ট্ৰৰ ভেটি কঁপাই তুলিছিল ৷ সিবোৰৰ সমসাময়িকভাৱে হিন্দুত্ববাদেও ব্যাপকতা লাভ কৰে৷ কিন্তু বাকীবোৰ ক্ষুদ্ৰ তথা এক অৰ্থত সংকীৰ্ণতাবাদী আন্দোলনৰ বিপৰীতে হিন্দুত্ববাদে দাঙি ধৰিছিল এক ঐক্যবদ্ধ আৰু সমসত্ব ভাৰতীয় জাতিৰ ধাৰণা৷ এই হিন্দুত্ববাদ হল পৰম্পৰাগতভাবে অন্তৰ্নিহিতভাবেই পুৰুষতান্ত্ৰিক, বৰ্নবাদী, সংখ্যালঘুবিদ্বেষী আৰু গণতন্ত্ৰ বিৰোধী৷ ই হ’ল এক ৰূপান্তৰকামী গণ আন্দোলন, যাৰ উদ্দেশ্য হল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা৷ আৱশ্য, এই মতাদৰ্শৰ ৰাজনৈতিক ৰূপান্তৰৰ মাজত উন্নয়নবাদী আধিপত্যৰ অৱক্ষয়ে অনা উপাদানসমূহ নথকা নহয়৷ এইখিনিতে সাংস্কৃতিক নিৰাপত্তাৰ ৰাজনীতিৰ পৰা মুক্ত ৰাজনীতিলৈ হোৱা হিন্দুত্ববাদৰ প্ৰত্যৱৰ্তনেই নিৰ্ণয় কৰিব গণমুখী ৰাজনীতিৰ নতুন দিশ৷ তেনেকৈ অন্য এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল, নব্য উদাৰতাবাদৰ অগ্ৰগতি। সম্প্ৰতি নব্য উদাৰবাদী সমাজখনৰ কেন্দ্ৰবিন্দু হ’ল আন্তৰ্জাতিক পুঁজিপতি শক্তিসমূহ আৰু তাক চাৰিওফালৰ পৰা আৱৰি থকা বহুতৰপীয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীসমূহ৷ বজাৰে এই মডেলৰ প্ৰমূল্যগত আধাৰ ৰচনা কৰে৷ আত্মকেন্দ্ৰিক ভোগবাদ আৰু উৎকট বুদ্ধিমত্তা-বিদ্বেষ হ’ল এই বহু তৰপীয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীসমূহৰ জীৱন দৰ্শম নিৰ্ণায়ক প্ৰমূল্য৷ এই দুটা প্ৰমূল্যই চৌদিশে দেখিবলৈ পোৱা শোষণ আৰু অন্যায়ৰ প্ৰতি পিঠি দি নিচিন্তে থাকিবলৈ মানসিক শক্তি যোগায় ৷ এনে সন্ধিক্ষণত ‘মাৰ্ক্সীয় চিন্তাত মতাদৰ্শ আৰু অন্যান্য কিছু প্ৰশ্ন’ শীৰ্ষক প্ৰৱন্ধত লেখকে আলোচনা কৰিছে যে সংস্কৃতিৰ চিন্তাক জীৱন্তভাৱে সামৰি ল‘ব পৰাকৈ তাত্ত্বিক আধাৰৰ সৃষ্টি কৰিব নোৱাৰিলে মাৰ্ক্সবাদী চিন্তাৰ পৰিসৰৰ বাহিৰত পৃথককৈ সংস্কৃতিবাদৰ জন্ম হোৱাটো স্বাভৱিক৷ তেনেকৈ অৰ্থনীতিবাদৰ বিপৰীতে সংস্কৃতিবাদৰ এটা পৃথক ধাৰাৰ সৃষ্টি হ’লে সমাজ চিন্তাৰ ভবিষ্যতেই সংকটাপন্ন হ’ব ৷

‘জাতীয়তাবাদী ইতিহাসৰ সমস্যা’, ‘জয়মতী সম্পৰ্কে কিছু কথা’, ‘জাতীয়তাবাদ আৰু নাৰী: এটি চমু আলোচনা’, ‘মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ: এক বিক্ষিপ্ত পৰ্যালোচনা’, ‘হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ; এটি আধৰুৱা টোকা’, ‘বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছুকথা’, ‘মুছলমান সমাজৰ সংকট : দুটামান কথা’, ‘আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ’, ‘বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা’, ‘নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থুলমূলকৈ দুষাৰমান’ আৰু ‘ক্ৰিকেটীয় জাতীয়তাবাদ সম্পৰ্কে কিছু কথা’ শীৰ্ষক প্ৰবন্ধবিলাকৰ মূল বিষয়বস্তু হ’ল সামাজিক পৰিচিতিবিলাকৰ তাত্ত্বিক বিশ্লেষণেৰে এইবিলাকৰ স্থান আৰু গুৰুত্ব নিৰ্ণয়। আকৌ পৰিশিষ্ট হিচাবে প্ৰকাশ কৰা ‘জয়মতী, জাতীয়তাবাদ, মাৰ্ক্সবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এটি বিতৰ্ক’ শীৰ্ষক আলোচনা হ’ল লেখকৰ নতুন পদাতিক আলোচনীখনৰ মুখ্য সম্পাদক স্বনামধন্য ড০ হীৰেন গোহাঁইৰ লগত হোৱা বাদানুবাদ। ই হ’ল এক সুস্থ আৰু ইতিবাচক বিতৰ্কৰ নিদৰ্শন। এনে বিতৰ্কই নিঃসন্দেহে অসমৰ বৌদ্ধিক জগতলৈ নতুন সম্ভাৱনীয়তা কঢ়িয়াই আনিব।

‘জাতীয়তাবাদী ইতিহাসৰ সমস্যা’ শীৰ্ষক প্ৰবন্ধত লেখকে ভাৰতৰ প্ৰক্ষাপটত তিনিটা পৃথক আৰু প্ৰতিদন্দ্বিতামূলক জাতীয়তাবাদী ধাৰাৰ কথা কৈছে৷ ইয়াৰে এটা হ’ল নিম্নবৰ্ণ গোষ্ঠীসমুহৰ ৰাজনৈতিক জাতীয়তাবাদ, দ্বিতীয়তো জনজাতীয় আৰু আঞ্চলিক সাংস্কৃতিক গোটসমুহৰ নৃভাষিক জাতীয়তাবাদ আৰু তৃতীয়টো হ’ল উত্থানশীল সৰ্বভাৰতীয় উচ্চবৰ্ণ উচ্চ শ্ৰেণীৰ এলিটৰ দ্বাৰা পৰিচালিত সাংস্কৃতিক জাতীয়তাবাদ৷ স্বাধীনতা লাভৰ পৰৱৰ্তী কালত ৰাষ্ট্ৰ পৰিচালিত সাংস্কৃতিক জাতীয়তাবাদৰ আধিপত্যই ৰাজনৈতিক জাতীয়তাবাদক প্ৰান্তীয় কৰিবলৈ সক্ষম হ’লেও নেহৰুবাদী ছেকুলাৰ জাতীয়তাবাদী ধাৰাটোৰ খহনীয়াৰ লগে লগে ইয়াৰ পুনৰুত্থান হয়৷ লেখকৰ পৰ্যবেক্ষণ মতে, ভাৰতীয় জাতীয়তাবাদে তাৰ বাহ্যিক আয়তনটো বাস্তবায়িত কৰিবলৈ সক্ষম হ’ল যদিও তাৰ আভ্যন্তৰীণ প্ৰতিশ্ৰুতি পুৰণ কৰাত ব্যৰ্থ হ’ল৷ বৈষম্যপুৰ্ণ পদানুক্ৰমিক প্ৰাক-আধুনিক খোলাৰ পৰা সি ওলাই অহাটো দূৰৈৰ কথা, সেই ক্ষমতাৰ সম্পৰ্ক সমুহক সাংস্কৃতিক জাতীয়তাবাদৰ মাধ্যমেৰে আৰু জাতিৰাষ্ট্ৰৰ দখলেৰে আইনগত ন্যায্যতা প্ৰদান কৰি আধুনিকীকৃত আৰু অধিক সুদৃঢ় কৰি দীৰ্ঘস্থায়ীহে কৰি তুলিলে৷

‘জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা’ শীৰ্ষক প্ৰবন্ধটোত লেখকে কৈছে যে জাতীয়তাবাদ হ’ল অন্তৰ্নিহিতভাৱেই এক পুৰুষতান্ত্ৰিক, বৰ্ণবাদী আৰু হিংসাপ্ৰৱণ সাংস্কৃতিক-ৰাজনৈতিক প্ৰজেক্ট৷ তেনেহ’লে নাৰীমুক্তি আন্দোলনে জাতীয়তাবাদৰ প্ৰতি কেনে দৃষ্টিভংগী আৰু ৰণকৌশল গ্ৰহণ কৰিব ? লেখকে এই ক্ষেত্ৰত পাৰ্থ চেটাৰ্জীৰ বিশ্লেষণ আনি কৈছে যে কেনেকৈ উনবিংশ শতিকাৰ আগভাগ আৰু মাজভাগৰ বংগৰ সামাজিক সংস্কাৰৰ পাছতেই সেই শতিকাৰ শেষৰ ভাগত নাৰীৰ প্ৰশ্নটোক জাতীয়তাবাদৰ আভ্যন্তৰীণ পৰিসৰৰ ভিতৰত প্ৰতিষ্ঠা কৰি এক জাতীয়তাবাদী মীমাংসা কৰা হৈছিল। সেয়ে লেখকে কৈছে, নাৰীবাদীয়ে আৰ্থ-সামাজিক ক্ষেত্ৰত জাতীয়তাবাদৰ দাবীসমূহ মানি লৈও সমান্তৰালভাৱে জাতীয়তাবাদী পুৰুষতন্ত্ৰক প্ৰশ্নৰ কাঠগৰাত থিয় কৰাব পাৰিব লাগিব ৷

লেখকে ‘মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা’ শীৰ্ষক প্ৰবন্ধৰ যোগেদি বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতৰণ কৰিছে। জাতিৰ ধাৰণাটো প্ৰশ্নৰ উৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান জনাব পাৰিন? দৰিদ্ৰ-নিৰক্ষৰ জনগণৰ প্ৰাক-আধুনিক ধৰ্মীয় অন্ধবিশ্বাসক সংসদীয় ৰাজনীতিৰ বিভিন্ন স্বাৰ্থান্বেষী শক্তিয়ে বিপথে পৰিচালিত কৰাটোৱেই সাম্প্ৰদায়িকতা নে তাৰ আঁৰত আধুনিকতাৰ জটিল প্ৰশ্ন কিছুমানো জড়িত হৈ আছে? আজি সাম্প্ৰদায়িকতাবাদ, মৌলবাদ আদি প্ৰশ্নক প্ৰাক-আধুনিক বুলি ব্যাখ্যা কৰাটোৱেই জনপ্ৰিয় আৰু স্বস্তিদায়ক প্ৰৱণতা ৷ উৎপত্তিগতভাবে আৰু সাধাৰণ দৃষ্টিত ধৰ্মীয় যেন লাগিলেও মৌলবিদৰ সাৰমৰ্মটো অনা-ধৰ্মীয় ৰাজনৈতিক-অৰ্থনৈতিকহে৷ মৌলবাদ প্ৰকৃতাৰ্থত আধুনিক প্ৰপঞ্চ, কাৰণ ই আধুনিক জটিল সমস্যাসমূহৰ প্ৰাচীন, সৰল বিশুদ্ধ সমসত্ব সাংস্কৃতিক সত্তা নিৰ্মানেৰে সমাধান আগবঢ়াবলৈ যত্ন কৰে৷ সম্প্ৰতি মৌলবাদ প্ৰন্তীয় আৰু দৰিদ্ৰ চামটোতকৈ উৰ্ধমুখী সামাজিক গতিশীলতাৰ প্ৰথমিক স্তৰত থকা শিক্ষিত আৰু উদ্যমী যুৱক চামটোৰ ওপৰতহে নিৰ্ভৰশীল৷ মৌলবাদে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সজ্জাটো ব্যৱহাৰ কৰে৷ মৌলবাদৰ জাতীয়তাবাদৰ সৈতে সম্পৰ্ক জটিল আৰু দুয়োটাৰ মাজত জৈৱিক মিল আছে৷ অৱশ্যে ৰাজনৈতিক দৰ্শন হিচাবে প্ৰগতিশীল জাতীয়তাবাদ আৰু প্ৰতিক্ৰিয়াশীল মৌলবাদৰ মাজত মৌলিক পাৰ্থক্য আছে৷ যেনেকৈ উত্তৰ ঔপনিবেশিক যুগৰ জাতীয়তাবাদী চৰকাৰসমূহে দেশীয় এলেকাৰ ভিতৰত বাস কৰা সকলো বাসিন্দালৈকে নাগৰিকত্বৰ অধিকাৰ প্ৰদান কৰে৷ গতিকে, সাম্প্ৰদায়িকতাবাদ জাতীয়তাবাদৰ বিপৰীতে সংজ্ঞায়িত হ’ল৷ আকৌ সত্তৰ দশকৰ পৰা উন্নয়নবাদী আধুনিকীকৰণপন্থী জাতীয়তাবাদৰ মডেলটো সংকটাপন্ন হোৱাৰ লগে লগে সাম্প্ৰদায়িকতাই মূৰ তুলি উঠে ৷ গতিকে, ৰাষ্ট্ৰ আৰু জাতীয়তাবাদ দুয়োটাই প্ৰশ্নৰ উৰ্ধত নহয় ৷ এইক্ষেত্ৰত ছেকুলাৰবাদৰ সমস্যাবোৰ আহিব ৷

‘হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা’ত লেখকে কৈছে যে ছেকুলাৰ আধুনিকতাবাদী ভাৰতীয় জাতিৰাষ্ট্ৰৰ বৃহৎ নেৰেটিভৰ অৱক্ষয়ে আশীৰ দশকত জন্ম দিছিল বহু ক্ষুদ্ৰ ক্ষুদ্ৰ আন্দোলনৰ৷ ভাৰতীয় জাতীয়তাবাদৰ অন্তৰ্ভাগত অধিপত্যৰ বাবে প্ৰতিযোগিতাত আছিল বহুসংখ্যক প্ৰতিদন্দ্বী আৰু সংঘৰ্ষৰত ৰাজনৈতিক কল্পনা৷ এই সমূহীয়া সত্তাবিলাক হৈ উঠিছিল পুঁজিৰ বিকাশৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান হেঙাৰ। তাৰ বিপৰীতে এক পৰিশোধিত ব্যক্তিসত্তাৰ ধাৰণাৰে হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ মৈত্ৰীবন্ধনৰ বাট মুকলি হৈছে ৷

লেখকে ‘বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছুকথা’ শীৰ্ষক প্ৰবন্ধত লিখিছে যে বৰ্ণবাদক তত্ত্বায়ন কৰোতে ভিত্তি উপৰিসৌধৰ আধাৰৰ প্ৰশ্নটো আহিব৷ শ্ৰেণীৰ প্ৰথমিকতা আৰু একাধিপত্যৰ পৰিপ্ৰেক্ষিতত বৰ্ণগত বা লৈংগিক পৰিচিতিক গুৰুত্ব দিয়াটো দুঃসাধ্য আৰু অস্বস্তিকৰ৷ আম্বেদকাৰো এই যান্ত্ৰিকতাৰ বলি হৈছিল আৰু সেয়ে তেওঁ বৰ্ণবাদৰ বস্তুগত আধাৰৰ তত্ত্বায়ন কৰাত বিফল হৈছিল৷ বৰ্ণবাদ হৈ পৰিছিল কেৱল মাত্ৰ চেতনা আৰু মতাদৰ্শৰ বস্তু৷ সেয়ে, লেখক স্পষ্ট যে বৰ্ণবাদ সম্পৰ্কে নতুন চিন্তাৰ বিকাশ ঘটাবলৈ এফালে ছেকুলাৰ আধুনিকতা আৰু আনফালে ভিত্তি উপৰিসৌধৰ ধাৰণৰ মৌলিক পুনৰালোচনা হোৱাৰ দৰকাৰ৷

তেনেকৈ, ‘মুছলমান সমাজৰ সংকট : দুটামান কথা’ত লেখকে লিখিছে যে কেৱল হিন্দু-মুছলমানৰ সমন্বয়ৰ ঐতিহ্যৰ দোহাই দি নহয়, হিন্দু-মুছলমান উভয়েই আভ্যন্তৰীণভাবেও আধুনিকীকৰণ আৰু ৰাজনৈতিক ৰূপান্তৰৰ প্ৰগতিশীল সংগ্ৰামখন চলাই যাব লাগিব৷ লেখকে ‘আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ’ শীৰ্ষক প্ৰবন্ধটোত হিন্দুধৰ্মীয় সমাজব্যৱস্থাৰ এক আভ্যন্তৰীণ সমালোচনাৰ বিকাশ কৰোতা হিচাবে, ভাৰতীয় প্ৰেক্ষাপটত আধুনিকতাৰ এক বৈপ্লবিক পথৰ সন্ধান কৰোতা হিচাবে আৰু ভাৰতীয় সমাজত পুৰুষতন্ত্ৰৰ বিশিষ্ট ৰূপ তথা নাৰী শোষণৰ স্বৰূপ দাঙি ধৰোতা হিচাবে আম্বেদকাৰৰ প্ৰাসংগিকতাৰ বিচাৰ কৰিছে৷ লেখকে আম্বেদকাৰৰ মাজত এক বৈপ্লৱিক আধুনিকতা বিচাৰি পাইছে৷ কাৰণ আম্বেদকাৰে সমাজ বিশ্লেষণৰ সঁজুলিখিনি পদানুক্ৰমবদ্ধ সামাজিক গাঁথনিটোত তলৰ পিনৰ পৰা প্ৰয়োগ কৰিছিল, যদিও হয়তো সেইবোৰ এনলাইটেনমেন্টৰ পৰা আহৰণ কৰা৷ এই বৈপ্লৱিক আধুনিকতা এফালেদি সৰ্বসাধাৰণ জনতাৰ মনোজগতৰ বাহিৰত অৱস্থিত নেহৰুবাদী এলিট গোষ্ঠীৰ আধুনিকতা আৰু আনফালে আশীষ নন্দীৰ সমালোচনাত্মক পৰম্পৰাবাদতকৈ অগ্ৰগামী হ’ব লাগিব৷

‘বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা’ত লেখকৰ তীক্ষ্ণ পৰ্যবেক্ষণ মতে নাৰীৰ কোনো বিমুৰ্ত ধাৰণাৰে জটিল পুৰুষতন্ত্ৰৰ অনুধাৱন অসম্ভৱ৷ পুৰুষতন্ত্ৰ হ’ল পুৰুষসত্তা আৰু নাৰীসত্তাৰ এক সংজ্ঞাবদ্ধ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল এক সামাজিক ব্যৱস্থা, যি বিশেষধৰণৰ যৌন আৰু সম্পত্তিগত ব্যৱস্থাপনাৰ জৰিয়তে নাৰীৰ স্বাৰ্থ আৰু ইচ্ছা অনিচ্ছাৰ ওপৰত পুৰুষৰ স্বাৰ্থ আৰু ইচ্ছা অনিচ্ছাৰ আধিপত্য প্ৰতিষ্ঠা কৰে৷ ভাৰতবৰ্ষত এই ব্যৱস্থাক নিটোল ৰূপ প্ৰদান কৰিছে আৰু তাত্ত্বিক আধাৰ যোগান ধৰিছে বৰ্ণবাদে ৷ সমাজৰ প্ৰমূল্যগত আধাৰ হিচাবে বৰ্ণবাদে এতিয়াও নিৰ্ণায়ক ভূমিকা পালন কৰি আছে৷

লেখকে ‘নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থুলমূলকৈ দুষাৰমান’ শীৰ্ষক প্ৰবন্ধটোত সাম্প্ৰতিক নাৰীবাদৰ এক দোদোল্যমানতা উন্মোচন কৰিছে। পৰম্পৰাগত ক্ষমতাৰ গাঁথনিসমূহ যেনেকৈ নাৰীৰ প্ৰতি শোষণমূলক, সেইসমূহ পুঁজিৰ প্ৰতিও উদাৰ নহয়, বৰং সেইসমূহে পুঁজিক প্ৰতিৰোধহে কৰে। গতিকে সেইসমূহ গাঁথনি ভঙাৰ ক্ষেত্ৰত নাৰীবাদ আৰু পুঁজিবাদ দুয়োটাই একমত। বজাৰৰ সৰ্বাত্মক আধিপত্য প্ৰতিষ্ঠা কৰাৰ বাবেই হওক, অনুন্নত সমাজবিলাকত এনে গাঁথনিবিলাক ভঙাৰ ক্ষেত্ৰত নব্য উদাৰবাদে প্ৰগতিশীল ভূমিকা লৈছে। কিন্তু এই নব্য উদাৰতাবাদী পৃথিৱীৰ প্ৰান্তত বাস কৰা বিপুলসংখ্যক নাৰী ইয়াৰ আওতাত নাহে। তেন্তে পৰিচিতি আৰু বিভিন্নতাৰ সাংস্কৃতিক স্বীকৃতিৰ দাবীৰ সৈতে পুঁজিবাদৰ আৰ্থ-সামাজিক সমালোচনাও সমানভাৱে চামিল হ’ব লাগিব। পুঁজিবাদ কোনো বাহিৰা শক্তি নহয়, ই এক সৰ্বব্যাপী ব্যৱস্থা। ইয়াৰ মাজতেই নব্য উদাৰতাবাদী পুঁজিবাদে দাঙি ধৰা সামাজিক-নৈতিক পৃথিৱীখনতকৈ আধিক কাম্য আৰু অগ্ৰগামী বিকল্পৰ সন্ধানত লেখক আশাবাদী।

তেনেদৰে ‘শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে’ আৰু ‘সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ’ প্ৰবন্ধৰ যোগেদি লেখকে উপস্থাপন কৰিছে যে জনপ্ৰিয় সংস্কৃতিৰ বিশ্লেষণ কৰিবলৈ অপ্ৰস্তুত হোৱাৰ মূল কাৰণ হ’ল অশ্লীলতা আৰু যৌনতাই সমাজৰ পুৰুষতান্ত্ৰিক প্ৰমূল্যত কৰা পোনপটীয়া আঘাত। কিন্তু যিহেতু এই পুৰুষতান্ত্ৰিক নৈতিকতাবিলাকৰ ঐতিহাসিক ভিত্তি অন্বেষণে সমাজ-সাংস্কৃতিক সম্পৰ্কবিলাকৰ আন্তঃগাঁথনিৰ আভাস দিব পাৰে, সমাজ অধ্যয়নৰ বাবে ইও হ’ব পাৰে এক বিশাল সম্ভাৱনীয়তা। ইয়াৰ যোগদি লেখকে যৌন ৰাজনীতিৰ এক পটভূমিও উন্মোচন কৰিছে। লেখকে এই প্ৰশ্নবোৰ একাত্মভাৱে আলোচনা নোহোৱাৰ দুটা কাৰণ দিছে। আৰ্থ-সামাজিক পৰিসৰৰ মাজত সীমাবদ্ধ প্ৰভাৱশালী মতাদৰ্শসমূহে সমাজ-সাংস্কৃতিক ক্ষেত্ৰবোৰক গৌণ কৰি একাষৰীয়া কৰি থয় আৰু নিৰ্লিপ্ততা অৱলম্বন কৰে৷ অন্যহাতেদি জনপ্ৰিয় মানেই সাধাৰণ আৰু ভ্ৰান্ত বুলি উলাই কৰাৰ এক উচ্চাত্মিকাও কম জগৰীয়া নহয়৷ কিন্তু এনে সমস্যাবিলাক আভ্যন্তৰীনভাৱে মকামিলা কৰিব পৰাকৈ তাত্ত্বিক কাঠামো বিকশাই তুলিব লাগিব ৷ আকৌ, ‘সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ’ প্ৰৱন্ধৰ যোগেদি লেখকে দেখুৱাইছে যে সাম্প্ৰতিক অসমীয়া গানকে ধৰি শক্তিশালী জনপ্ৰিয় সংস্কৃতিৰ ধাৰাটোৰ ধাৰক বাঢ়ক হ’ল নগৰীয়া মধ্যবিত্ত শ্ৰেণীটো৷ তাৰ একমাত্ৰ বিষয়বস্তু হ’ল নৰ-নাৰীৰ প্ৰেম, যি হ’ল আধুনিক ব্যক্তিবাদী প্ৰমূল্যৰ অৱদান৷ নগৰীয়া মধ্যবিত্তৰ ফেন্টাছি হ’ল এক বিশুদ্ধ জীৱনধাৰা, য’ত সমাজৰ দৰিদ্ৰ-পশ্চাদপদ উপাদানসমূহ নাথাকিব আৰু তেনেকৈ এৰি অহা কল্পস্বৰ্গীয় গাঁওখন৷ এয়া অসমীয়া জাতীয়তাবাদৰো ৰেহৰূপ৷ তেনেকৈ লেখকে অসমৰ উদাৰনৈতিক তথা জাতীয়তাবাদী চিন্তাধাৰাৰ তৰাং আৰু দেউলীয়া ছবিখন দেখুৱাইছে সাম্প্ৰতিক অসমৰ জনপ্ৰিয় সংস্কৃতিৰ মাজত৷ অন্যহাতেদি নাৰী স্বাধীনতা জাতীয়তাবাদী বাগধাৰাৰ বাবে বৰ অসহনীয় আৰু অস্বস্তিকৰ বস্তু৷ সেয়ে এই গানবিলাকত প্ৰকাশ পাইছে নাৰীৰ স্বধিকাৰচেতনা আৰু মুক্ত জীৱনশৈলীৰ প্ৰতি জাতীয়তাবাদী বাগধাৰাৰ অহৰহ সতৰ্কবাণী ৷

মানুহৰ বিশ্লেষণাত্মক পৰিধিয়েই বস্তুনিষ্ঠ সমাজ অধ্যয়নৰ গৱেষণাগাৰ। আত্মজ মানুহজনৰ নিৰংকুশ আত্মপ্ৰকাশতহে আছে সুসংগত অভিব্যক্তি। এফালেদি বেজবৰুৱা যেনেকৈ এক স্বতন্ত্ৰ চিন্তাশীল সত্তা তেনেকৈ তেখেতৰ ৰচনাশৈলী সৰল, সাৱলীল আৰু অত্যন্ত মনোগ্ৰাহী। এটা অতি জটিল আৰু স্পৰ্শকাতৰ বিষয়বস্তুৰ মাজত সোমাই অনায়াসে বাট মোকলাই লৈ যোৱাটোৱে বেজবৰুৱাৰ বৌদ্ধিক পৰিধিৰ সুস্পষ্ট আভাস দিয়ে। অসমৰ বৌদ্ধিক জগতত এই গুৰুত্বপূৰ্ণ সংকলনটিয়ে যে সমাজ চিন্তাৰ এক নতুন দিশ উন্মোচন কৰিব, সি সত্য ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে