চ’ৰাঘৰ / উপন্যাসিকা / বন্দুকৰ বেৰেলত ফুলিব বকুল৷৷ টুনুজ্যোতি গগৈ৷৷

বন্দুকৰ বেৰেলত ফুলিব বকুল৷৷ টুনুজ্যোতি গগৈ৷৷

বেলতলা বজাৰ৷

মহানগৰীৰ চুকে-কোণে অলেখ শ্বপিংমল গঢ়ি উঠিলেও পৰম্পৰাগত বেলতলা বজাৰৰ গুৰুত্ব আৰু আবেদন অকণো কমি যোৱা নাই৷ বৰং আগতকৈ বাঢ়িছেহে৷

এতিয়াও হোৰাত বনৰীয়া আলু-কচু ভৰাই বেলতলা বজাৰত বেছিবলৈ আহে বুকুত মেথনি মৰা জনজাতীয় গাভৰু আৰু সেই আলু-কচু দৰাই মেলি কিনি নিয়ে জিনছ্-লেংগিছ পিন্ধা চৌখিন আধুনিকাই৷
নগৰায়নে ক্ৰমশঃ গ্ৰাস কৰিব খোজা বহু ঐতিহ্যৰ নীৰৱ বাহক এই বেলতলা বজাৰৰ বিষয়ে ইমানদিনে ৰক্তপ্লাবন চাওদাং বৰুৱাই আনৰ মুখত শুনিহে আহিছিল৷ বজাৰখনৰ বিষয়ে ক’ৰবাত এটা নে দুটা প্ৰবন্ধও পঢ়িছিল৷

আজি দুপৰ বেলা তেওঁ বজাৰত অকলশৰে ঘূৰি-ফুৰি ভাবিছে যে এই বজাৰখন সঁচায়ে অনন্যঃ আধুনিকতা আৰু পৰম্পৰাৰ মণি-কাঞ্চন সংযোগ ঘটা বজাৰখনত কেকোঁৰাৰ পৰা ভেদাইলতা, নিগনি মৰা ঔষধৰ পৰা আজমল কোম্পানীৰ আতৰলৈকে পোৱা যায়৷

বজাৰ কৰাৰো আনন্দ আছে৷ কথাষাৰ আকৌ এবাৰ উপলব্ধি কৰিলে ৰক্তপ্লাবনে৷ বিভিন্ন বয়সৰ আৰু বিভিন্ন মেজাজৰ ক্ৰেতাসকলৰ মাজত ঘূৰি ফুৰি তেওঁ ভাবিলেঃ পৰম্পৰাগত বজাৰত সততে উপলব্ধ হোৱা ক্ৰেতা-বিক্ৰেতাৰ মাজত চুপতা-চুপতি, দীৰ্ঘদিনৰ মূৰত সাক্ষাৎ ঘটা দুই ক্ৰেতাৰ বাৰ্তালাপৰ দৃশ্য আদি শ্বপিং মলততো কেতিয়াও উপলব্ধ নহয়৷

বজাৰত ঘূৰি ফুৰাৰ সময়ত ৰক্তপ্লাবনৰ মনৰ চেতক দৌৰি গৈছে অতীতৰ বুকুলৈ–নৰেশ কাইটিৰ চাইকেলৰ কেৰিয়াৰত উঠি লেংৰাইৰ শনিবৰীয়া বজাৰলৈ যোৱা দিনবোৰৰ মাজলৈ৷

বজাৰৰ প্ৰতিটো বস্তুৱেই অবাক বিস্ম¸য়েৰে লক্ষ্য কৰিছিল তেওঁ আৰু ঘৰলৈ আহি সেই বস্তুবোৰৰ বিৱৰণ মাকৰ আগত পুংখানুপুংখভাৱে দিছিল৷ বজাৰৰ পৰা আইতাকৰ বাবে কিনি আনিছিল এমুঠি বান্দৰ বিড়ি৷

আঃ আজি কিমান বছৰ যে সেই বজাৰখনলৈ যোৱা নাই! বজাৰখনৰ মাজৰ সেই পিপল গছজোপা আৰু সেই মিঠাই বেচা মানুহকেইজন আছে নে নাই জানো?

মুহূৰ্তত ভিতৰতে কাতৰ হৈ পৰে তেওঁ৷ স্মৃতিৰ বঁকিয়াইদি হুৰমূৰকৈ যেন উভতি আহিব খুজিছে দূৰ অতীতৰ খণ্ড-বিখণ্ড অনেক চিত্ৰ৷

হঠাৎ কোনোবাই তেওঁক গতা মাৰি থৈ যোৱাত তেওঁ বাস্তৱলৈ ফিৰি আহিল আৰু অভ্যাসবশতঃ চাৰিওফালে সন্তৰ্পণে চাই পঠিয়ালে৷

জেকেটৰ ভিতৰত হাত ভৰাই নিৰ্দিষ্ট অংশটোতো হাত থ’লে৷ আছে, আত্মৰক্ষাৰ বাবে অনবৰত লগত লৈ ফুৰা ধাতব বস্তুবিধো জেগাতেই আছে৷

এই বেলতলা বজাৰত তেওঁ ঘূৰি ফুৰাৰ কথানো কোনে জানিব? বহুতেই তেওঁৰ নাম শুনিলেও তেওঁকতো দেখা নাই৷ সংগঠনৰ দ্বিতীয় বেটেলিয়নৰ নেতাসকলে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ কেমেৰাৰ আগত সহাস্য বদনে থিয় দিলেও তেওঁ দিয়া নাই৷ এতিয়াও তেওঁ লুকুৱাই ৰাখিব বিচাৰিছে নিজৰ কায়া৷

তেওঁ বজাৰৰ ভিতৰৰ পৰা ওলাই আহি পথৰ দাঁতিত থিয় হ’ল আৰু ক’ৰবাত চাহ একাপ পান কৰি ভেটাপাৰাৰ বাহাৰলৈ উভতি যোৱাৰ বিষয়ে ভাবিলে৷ অৱশ্যে, তাৰ পূৰ্বে এই বজাৰৰ পৰা কিনি ল’ব লাগিব কিছু বনশাক আৰু এটা নোদোকা পাতিহাঁহ৷

পথৰ দাঁতিত এটি সৰু ল’ৰাই কমলা টেঙা বিক্ৰী কৰিছে৷ তেওঁৰো কমলাৰ সোৱাদ ল’বলৈ মন যোৱাত ল’ৰাজনৰ কাষ চাপিল৷

ঠিক, সেই সময়তে ল’ৰাজনৰ কাষলৈ কমলা কিনিবৰ বাবে আগুৱাই আহিল এগৰাকী সুদৰ্শনা ভদ্ৰ মহিলাও৷ তেওঁৰ পিছে পিছে এগৰাকী কণমনি ছোৱালী৷

তেওঁৰ নাকত লাগিল এক সতেজ সুবাস৷ এই সুবাস দামী আতৰৰ নে ভদ্ৰ মহিলাৰ শৰীৰৰ? কিছুমান নাৰীক ক’ব পাৰি সুগন্ধি কন্যা বুলি, যাৰ শৰীৰৰ সুগন্ধই বিচলিত কৰি তুলিব খোজে সাধু-সন্ন্যাসীকো৷

তেওঁ আঁৰ চকুৰে চাই পঠিয়ালে সুগন্ধি কন্যালৈ৷ বয়সৰ ছাপ ঈষৎভাৱে পৰিলেও অম্লান হৈ আছে তেওঁৰ সৌন্দৰ্য৷ উজ্জ্বল গৌৰ বৰ্ণ৷ দীৰ্ঘ কেশ৷ কঁকাল, বাহু আদিত সামান্য মেদ জমা হ’লেও মেদখিনিয়ে তেওঁৰ সৌন্দৰ্যক তুলি ধৰাৰ লগতে ব্যক্তিত্বক কৰি তুলিছে আকৰ্ষণীয়৷

কপালত সেন্দূৰৰ ফোঁট নাই৷ তেওঁ হয়তো মুছলমান বা খ্ৰীষ্টান সম্প্ৰদায়ৰ হ’ব৷ তেওঁক বিধৱা হিন্দু বুলি মানি ল’বলৈ টান লাগে৷ মুখত যে কাৰুণ্য বা উদাসীনতাৰ কোনো প্ৰলেপ নাই৷

কমলা কিনি উভতিব বিচাৰোতেই মহিলাগৰাকীৰ দৃষ্টি নিবন্ধ হ’ল ৰক্তপ্লাবনৰ ওপৰত৷ বুটাম টিপি দিয়া যন্ত্ৰৰ দৰেই হঠাৎ স্তব্ধ হৈ ৰ’ল তেওঁ, কণ্ঠত কিছু কৌতুহল আৰু কিছু সন্দেহ সানি ৰক্তপ্লাবনক সুধিলে–আপুনি বাৰু চম্পক বৰুৱা নেকি?

অপাৰ বিস্ময়ত হতবাক হৈ পৰিল ৰক্তপ্লাবন৷ তেওঁকতো সকলোৱে ৰক্তপ্লাবন চাউদাং বৰুৱা ওৰফে মেচিনগান ফুকন বুলিহে জানে৷ কিন্তু, এই বেলতলা বজাৰত তেওঁক পিতৃ প্ৰদত্ত নামেৰে মতা মহিলাগৰাকীনো কোন?

খুলি গ’ল স্মৃতিৰ আৰু এখন ৰুদ্ধ কপাট৷ বহু বছৰৰ পূৰ্বে, যৌৱনৰ প্ৰথমজাক বৰষুণত তিতিবলৈ লওঁতেই লগ পোৱা এগৰাকী কিশোৰীৰ মুখ মনঃচক্ষুত ভাহি উঠিল৷

টনা টনা চকুৰে কৌতুক ভৰা মুখৰ সেই কিশোৰীগৰাকীয়েই এই ভদ্ৰ মহিলাগৰাকীনে? হয় হয়, এওঁ দেখোন সুনয়নাই, নিবাৰণ কোঁৱৰ ছাৰৰ একমাত্ৰ দুহিতা৷

: ছৰি, বেয়া নাপাব৷ আপোনাৰ দৰে প্ৰায় একে চেহেৰাৰ দাদা এজন মোৰ চিনাকি৷ তেওঁ বুলি ভাবি আপোনাক আমনি কৰিলো৷ – ভদ্ৰ মহিলাই বিনয়েৰে ক’লে আৰু ছোৱালীজনীৰ হাতত ধৰি আঁতৰি যাব খুজিলে৷
: নয়না, এক মিনিট ৰ’বা৷ তোমাৰ একো ভুল হোৱা নাই৷ কিন্তু, তোমাক ইয়াত, এনেদৰে লগ পাম বুলি ভবা নাছিলো৷– ৰক্তপ্লাবন ওৰফে চম্পকে ক’লে৷

বহু দিনৰ মূৰত হেৰুওৱা বস্তু এটা ঘূৰাই পালে মানুহৰ মুখত যি অভিব্যক্তি ফুটি উঠে, সেই অভিব্যক্তিয়েই ফুটি উঠিল সুনয়নাৰ মুখতো৷ চকু আৰু ওঁঠত যেন অংকিত হৈছে অজস্ৰ প্ৰশ্ন৷

স্থান-কাল-পাত্ৰৰ বিষয়ে সচেতন হৈ পৰিল ৰক্তপ্লাবন৷ চেপা কণ্ঠেৰে ক’লে–
: মোৰ বিষয়ে তুমি নিশ্চয় অলপ হ’লেও জানা৷ ৰাজপথত আমি বেছি সময় কথা পাতিব নোৱাৰিম৷ তোমাক অতি সোনকালেই এক নিৰাপদ স্থানত লগ ধৰিম নয়না, বহুত কথা আছে৷
: হ’ব চম্পকদা৷ –সুনয়নাই মূৰ দুপিয়ালে আৰু নিজৰ ছোৱালীজনীলৈ দেখুৱাই ক’লে–এয়া মোৰ ছোৱালী, বাৰ্বী৷ মামণি এয়া তোমাৰ আংকুল, নমস্কাৰ দিয়া৷

ৰক্তপ্লাবনে বাৰ্বীৰ সঘন চুলিকোছাত অপাৰ চেনেহৰে আঙুলি বুলাই দিলে৷ এজনী মৰম লগা সৰু ছোৱালী, দেখাত সাইলাখ মাকৰ দৰেই৷

পৰম্পৰৰ ম’বাইল নম্বৰ লোৱাৰ পাছত সুনয়না যাওঁ-নাযাওঁকৈ আঁতৰি গ’ল৷ তেওঁ নিজে গাড়ী চলাই আহিছিল৷ যান-বাহনৰ ভিৰৰ মাজত সুনয়নাৰ গাড়ীখন হেৰাই নোযোৱালৈকে ৰক্তপ্লাবনে গাড়ীখন চায়েই থাকিল৷

ৰক্তপ্লাবনে বুুকুৰ মাজৰ অনুভৱ কৰিলে এক অদ্ভূত হাহাকাৰ৷ অতীতে আজি তেওঁক কাতৰ কৰি তোলাই নহয়, কন্দুৱাবও খুজিছে৷

পাঁচ মিনিটৰ ভিতৰতে বজাৰ কৰি বাহৰলৈ উভতি গ’ল তেওঁ৷ তেওঁৰ আজি নিজৰ লগত বহুত কথা পাতিব লগা আছে৷ এৰা, বহুত কথা৷

ভেটাপাৰাৰ হাউচিং কলনীৰ দুটামান কোঠাত নিষিদ্ধ ঘোষিত জাতীয় মুক্তি পৰিষদৰ যুদ্ধ বিৰত গোটৰ কে’বাজনো সদস্যই বাহৰ পাতি আছে৷ চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলাই নিয়াৰ স্বাৰ্থত গুৱাহাটীত নাথাকিলেই নহয়৷ যুদ্ধ বিৰত গোটৰ এজন আগশাৰীৰ নেতা হিচাপে তেৱোঁ গুৱাহাটীত বেছি ভাগ সময় থাকিবলগীয়া হৈছে৷

: ল’ৰাহঁত, এয়া তোমালোকৰ বাবে মই আজি নিজেই বজাৰ কৰি আনিছো৷ তোমালোকে ভালদৰে ৰন্ধা-বঢ়া কৰা৷ মই এতিয়া অলপ জিৰাম৷ মই কিছু পৰিমাণে অসুস্থ৷ –ৰক্তপ্লাবনে কেডাৰসকললৈ বজাৰৰ মোনাটো আগবঢ়াই দি ক’লে৷

তেওঁ নিজৰ কোঠাত সোমায়েই দুৱাৰখন বন্ধ কৰি দিলে৷ কেতিয়াবা যে মানুহক নিসংগতাৰো প্ৰয়োজন হয়, নিজকে চিকুটি চাবৰ বাবেই৷

কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়াৰ লগে লগে এখন এখনকৈ খোল খাই যাব ধৰিছে স্মৃতিৰ ৰুদ্ধ দুৱাৰবোৰ৷ আৰু সেই দুৱাৰবোৰেৰে সোমাই আহিব খুজিছে সুনয়না, নিবাৰণ Îকাঁৱৰ ছাৰ, ভাস্কৰদা আদিৰ মুখবোৰ৷
সুনয়নাক বাৰু প্ৰথমবাৰৰ বাবে ক’ত দেখিছিলো? ওঁ, মনত পৰিছে তেওঁৰ, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ গীতৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ আহোঁতে প্ৰথম দেখিছিল৷
প্ৰতিযোগিতাত ভাগ লৈ সুনয়নাই গাইছিল–‘বিলতে হালিছে ধুনীয়া পদুমী… ফুলনিত ফুলিছে ফুল… সেই ফুলে ফুলে পখিলা উৰিছে… সানিছে ৰেণুৰে বোল৷’

তেতিয়া তেওঁ নৱম শ্ৰেণীত পঢ়ি আছিল৷ সুনয়নাৰ কণ্ঠই তেওঁৰ মনতো ফুলাই তুলিলে এপাহ ধুনীয়া পদুম, যাৰ পাহে পাহে ক’ৰবাৰ পৰা উৰি আহি জুৰি বহিছিল একোজনী সুগন্ধি পখিলা৷

বন্ধুসকলক কৌশলেৰে সুধি-মেলি তেওঁ জানিব পাৰিলে যে সুনয়না নিবাৰণ কোঁৱৰ ছাৰৰ কন্যা৷ কোঁৱৰ ছাৰে তেওঁলোকক ইংৰাজী পঢ়াইছিল৷ তেখেতৰ শিক্ষণ পদ্ধতি অতি সুন্দৰ আছিল৷

কোঁৱৰ ছাৰৰ ওচৰত বহুতো ছাত্ৰই ইংৰাজীৰ টিউচন লৈছিল৷ তেওঁ টিউচন প্ৰথাৰ বিৰোধী আছিল যদিও কোঁৱৰ ছাৰৰ ওচৰত টিউচন লোৱাৰ সিদ্ধান্ত ল’লে কেৱল সুনয়নাক ওচৰৰ পৰা চোৱাৰ উদ্দেশ্যেৰেই৷

পুৱাৰ ভাগত তেওঁলোকৰ বেটচ্ছটোৱে ছাৰৰ ওচৰত টিউচন লৈছিল৷ ছাৰে তেওঁলোকৰ লগত নিজ কন্যা সুনয়নাকো ইংৰাজী ব্যাকৰণ শিকাইছিল৷ টিউচন লোৱাৰ গোপন উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত তেওঁৰ মনটো তৃপ্তিৰে ভৰি পৰিছিল৷

সুনয়নাৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতাৰ কথা বন্ধুসকলে জানিব পাৰিছিল আৰু তেওঁক বুদ্ধি কৰি সদায়ে সুনয়নাৰ মুখামুখিকৈ বা ওচৰত বহিবলৈ দিছিল৷ তেওঁৰ লাজ লাগিলেও সেই লাজ লগাত ভাল লগাও সোমাই থাকে৷

সুনয়নাই তেওঁক নামাতিলেও মুখলৈ চাই হাঁহি দিয়ে আৰু সেই হাঁহিত তেওঁ বিচাৰি পায় জীৱনৰ অমিয়া সুখ৷ লাজুক চাৱনিয়ে যেন ক’ব খোজে নোকোৱা বহুত কথা৷

ছাৰে ইংৰাজী ব্যাকৰণৰ ‘টেনছ’, শিকাই থকাৰ সময়ত তেওঁ ভাবে, বৰ্তমানৰ এই ‘ভাললগা’ ভৱিষ্যতে ‘ভালপোৱা’ হ’বগৈনে? ‘হেল্পিং ভাৰব’ শিকাই থকাৰ সময়ত ভাবে, তেওঁক ভালপোৱাৰ প্ৰস্তাৱ দিবৰ বাবে কাৰোবাক ‘হেল্প’ ল’ব লাগিব নেকি?

কেতিয়াবা ছাৰৰ ‘ভয়েচ চেঞ্জ’ৰ নিয়মৰ বৰ্ণনাবোৰ কাণত নুসুমালেও তেওঁ স্পষ্টভাৱেই শুনা পায় সুনয়নাৰ কঁহুৱা কোমল উশাহৰ শব্দ, তেওঁৰ হাতৰ খাৰুৰ জুনজুননি আৰু আঙুলি ফুটুৱাৰ শব্দ৷

তেওঁ আঁৰ চকুৰে চাই পঠিয়াই সুনয়নাৰ অবাধ্য অলককেইডাল, ডালিমৰ দৰে প্ৰকট হৈ পৰা কুমাৰী বুকু, লিহিৰি আঙুলি, কলাফুলৰ সুঠাম গোট আদি৷

কেতিয়াবা দেখে, বগা হাতত জিলিকি থকা আশ্চৰ্য নীলা শিৰডাল৷ সঁচায়ে ইমান নীলা–নিৰ্মেঘ আকাশতকৈও, দুপৰৰ সাগৰতকৈও, চেলপাৰ্ক চিয়াঁহীতকৈ নীলা!

তেওঁ বুজিছিল, সুনয়নাৰ মন জয় কৰিবৰ বাবে ভালদৰে পঢ়িব লাগিব আৰু ছাৰৰো প্ৰিয়পাত্ৰ হ’ব লাগিব৷ অন্যথা, বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰেহে হ’ব৷

পঢ়িছিল, মনপুতি আৰু লক্ষ্য যোগ্য দৃঢ়তাৰেই পঢ়িছিল৷ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থান লৈ উত্তীৰ্ণ হোৱাত আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱাত নিবাৰণ কোঁৱৰ ছাৰে তেওঁক অভিনন্দন জ্ঞাপন কৰিছিল৷

ছাৰে তেওঁক মাঘৰ বিহুত ভাত খাবৰ বাবে ঘৰলৈ মতাত তেওঁৰ মন আনন্দেৰে নধৰা হৈছিল৷ ছাৰক তেওঁ ভাবী শহুৰ বুলিয়েই কল্পনা কৰি লৈছিল৷

বিহুৰ দিনা ছাৰৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে ছাৰৰ পৰিয়ালৰ সদস্যসকলে তেওঁক লৈয়ে ব্যস্ত হৈ পৰিছিল৷ প্ৰথমবাৰৰ বাবে সুনয়নাই তেওঁক ‘দাদা’ বুলি সম্বোধন কৰি মাতিছিল৷

ছাৰে সেইদিনা তেওঁক বিভিন্ন দিহা-পৰামৰ্শ দিছিল আৰু প্ৰৱেশিকা পৰীক্ষাত এটা ভাল ফলাফল কৰি বিদ্যালয়ৰ নাম জিলিকাব লাগিব বুলি কৈছিল৷ তেওঁৰ ক’বলৈ মন গৈছিল–‘ছাৰ, আপোনাক শহুৰ দেউতা হিচাপে পাবৰ বাবে লাগিলে মই হিমালয় পৰ্বতো বগাম৷’

ভাত-পানী খাই ঘৰলৈ উভতিবৰ সময়ত ছাৰে তেওঁক পদূলি মুখলৈকে আগবঢ়াই দিছিল৷ সুনয়না ওলাই নহাত তেওঁৰ মনত অকণমান বেয়াও লাগিছিল৷ তেওঁ চাইকেলত উঠিবলৈ লৈ ছাৰৰ ঘৰৰ ফালে এনেয়ে চাই পঠিয়াওঁতে দেখিলে, খিৰিকীৰ পৰ্দা দাঙি তেওঁলৈ একেথিৰে চাই আছে সুনয়নাই৷

ৰক্তপ্লাবনে ভাবিলে, তেওঁ সকলোৰে দৃষ্টিত ভাল ল’ৰা হিচাপে পৰিচিত বাবে সুনয়নাক কেতিয়াও এই বয়সত ভালপোৱাৰ প্ৰস্তাৱ দিব নোৱাৰে৷ কেৱল দৃষ্টি বিনিময় আৰু দুই-এষাৰ বাৰ্তা বিনিময় কৰিয়েই সম্পৰ্কটো জীয়াই ৰাখিব৷ প্ৰৱেশিকা পৰীক্ষাত পঢ়িবলৈ যোৱাৰ আগে আগেই তেওঁক ভালপোৱাৰ প্ৰস্তাৱ দিব৷

সময়ত প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ’ল আৰু ফলাফলো ওলাল৷ কিন্তু তেওঁৰ সকলো বিশ্বাস-কল্পনা-সপোনক ধূলিসাৎ কৰি আৰু সকলো শুভাকাংক্ষীকে আচৰিত কৰি তুলি তেওঁ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল৷

নাই, কোনেও বিশ্বাসত ল’ব নোৱাৰিলে তেওঁ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা কথাটো৷ টেষ্ট পৰীক্ষাত ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা ছাত্ৰজন প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ কাৰণ হিচাপে সকলোৱে পৰীক্ষা পদ্ধতিৰ বিসংগতিলৈ আঙুলিয়ালে৷ ইংৰাজী বিষয়ত ১৮ নম্বৰ পোৱা বাবে নিবাৰণ কোঁৱৰ ছাৰে বহীবোৰ পুনৰীক্ষণৰ উদ্যোগ ল’লে৷

কিন্তু, তেওঁ সেইবোৰ একো কৰাৰ আগ্ৰহ অনুভৱ নকৰিলে৷ জীৱনৰ প্ৰথমটো সপোনৰ সৌধ বাস্তৱৰ কঠিন মাটিত ভাগি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পাছত তেওঁৰ অৱস্থা পাখি কটা পখীৰ দৰেই হৈ পৰিল৷

সেই সময়তে তেওঁ লগ পালে ভাস্কৰ দাক৷ অসম আন্দোলনৰ সক্ৰিয় নেতা ভাস্কৰ দাই আন্দোলনৰ পাছত নতুন সংগঠন এটাত জড়িত হোৱাৰ খবৰ তেওঁলোকে পাইছিল৷ ঘুনুক-ঘানাককৈ শুনিছিল, সংগঠনটোৱে হিলৈ-বাৰুদ লৈ অসমৰ হৃত স্বাধীনতা ঘূৰাই আনিব বিচাৰিছে৷

ভাস্কৰ দাই তেওঁৰ পৰীক্ষাৰ খবৰ জানিব পাৰি দুখ প্ৰকাশ কৰিলে আৰু বুজনিৰ সুৰত ক’লে–
: বুজিছা, এই সমাজ ব্যৱস্থাত কাৰোৱে সপোন পূৰণ নহয়৷ সপোন দেখাৰ আগতে ছিষ্টেমটো সলাব লাগিব৷ এইধৰণৰ পতনুৱা শিক্ষা পদ্ধতি, পৰীক্ষা পদ্ধতি সলাবৰ বাবেই আমি হাতত বন্দুক লৈছো৷

ভাস্কৰ দাৰ কথাত তেওঁ অতি মুগ্ধ হৈছিল৷ হয়তো এই সমাজ পদ্ধতি সলনি কৰিব নোৱাৰিলে ডাঙৰ ডাঙৰ সপোন দেখাৰ কি অৰ্থ আছে? এফালৰ পৰা সমাজখন গেলিবলৈ ধৰাৰ সময়ত তেওঁলাকেইতো ওলাই আহিব লাগিব সমাজ সংস্কাৰক হিচাপে৷

এদিন তেওঁ ভাস্কৰদাৰ আঙুলিত ধৰি ঘৰৰ পৰা ওলাই গ’ল অৰণ্যলৈ৷ সশস্ত্ৰ সংগঠন জাতীয় মুক্তি পৰিষদৰ সদস্য হিচাপে যোগদান কৰাৰ পাছত তেওঁৰ নাম চম্পক বৰুৱাৰ পৰিৱৰ্তে হৈ পৰিল ৰক্তপ্লাবন চাউদাং বৰুৱা৷

অৰণ্যলৈ যোৱাৰ পূৰ্বে তেওঁ দুখন চিঠি লেখি থৈ গৈছিল–এখন মাক-দেউতাকলৈ আৰু আনখন সুনয়ানলৈ৷

মাক-দেউতাকক তেওঁ দুখ নকৰিবলৈ আৰু সকলো সময়তে প্ৰেৰণা যোগায় থাকিবলৈ অনুৰোধ কৰিছিল৷ চিঠিত আৰু লেখিছিল–‘তোমালোকে মোক লৈ দেখা সপোনবোৰ এতিয়াৰ পৰা ভাইটিক লৈ দেখিবলৈ আৰম্ভ কৰা৷ মই সমাজখন সলাবৰ বাবেই ওলাই আহিছো৷’

সুনয়ানৰ প্ৰতি অনুভৱ কৰা গভীৰ ভালপোৱাৰ কথা চিঠিত প্ৰকাশ কৰিছিল তেওঁ৷ হৃদয়ৰ সমগ্ৰ আকুলতাৰে তেওঁ লেখিছিল–‘পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ অৰ্থ এইটো নিশ্চয় নহয় যে মোৰ যোগ্যতা নাই৷ মোৰ আস্থা হেৰাই গৈছে৷ সেই কাৰণেই মই এই বাট ল’লো আৰু এই বাটেৰে আগুৱাওঁতে সদায় তোমাক স্মৰণ কৰিম৷ মই য’তেই নাথাকো কিয়, তুমি মোৰ মংগল কামনা কৰাটো বিচাৰিম৷’

: খট খট খট৷ –দুৱাৰত কাৰোবাৰ কৰাঘাত৷ ভাবত যতি পৰে ৰক্তপ্লাবনৰ, কোনোবা এজনে হয়তো তেওঁক ভাত খাবলৈ মাতিবলৈ আহিছে৷ তেওঁ বিছনাৰ পৰা উঠে আৰু ডাইনিং টেবুললৈ যাবৰ বাবে সাজু হয়৷

ইমান পৰে ভোক-পিয়াহ পাহৰিয়েই গৈছিল দেখোন৷ বতাহত ভাহি অহা ৰন্ধা হাঁহৰ মাংসৰ গন্ধ নাকত লগাৰ লগে লগে তেওঁৰ পেটে কলমলাবলৈ ধৰিলে৷

: চিন্ময় দা, টোপনি গৈছিল নেকি? বেয়া নাপাব, নিশা এপৰত ফোন কৰাৰ বাবে৷ আপোনাক বহু দিনৰ মূৰত দেখাৰ পাছত মোৰ কথা পাতিবলৈ বৰ মন গ’ল৷ মই মানে মনটোক কোনোপধ্যেই বুজাব নোৱাৰিলো৷ সেয়ে, আমনি কৰিলো৷ অসুবিধা হয় যদি আজি কথা নাপাতো, কাইলৈ দিনত পাতিম৷

: একো অসুবিধা নহয়৷ মই কোঠাত অকলশৰেই আছো৷ আচলতে তোমাৰ কথাই ভাবি আছিলো৷
: আজি খুউব কান্দিলো জানে৷ বন্ধ কোঠাত সোমাই কান্দি কান্দি চকুলো ৰঙা কৰি পেলালো৷
: কিয় কান্দিলা?
: পুৰণি দিনৰ কথাবোৰ মনত পৰিল৷ বিশ্বাস কৰক দাদা, আপুনি গৌতমৰ হাতত দি থৈ যোৱা চিঠিখন পঢ়াৰ পাছৰ পৰাই মই অকলশৰে কান্দি আহিছো৷ সেই চকুলোবোৰ জমা কৰি ৰাখিব পৰা হ’লে হয়তো সাতটা জয়সাগৰ পুখুৰী খান্দিব লাগিলেহঁতেন৷
: নয়না৷ তোমাৰ সকলো কথাই মোৰ জানিবলৈ মন গৈছে৷ খুউব৷ ভাঙি-পাতি কোৱানা৷
: আপোনাৰ প্ৰতি বহুত অভিমান জমা কৰি ৰাখিছো জানে৷ বহুত অভিমান৷ লগতে অনুযোগো৷ কওক দাদা, আপুনি কিয় এবাৰো মোক লগ নধৰিলে?
: আচলতে কি জানা, সেই সময়ত আমাৰ সংগঠনৰ সংবিধানখন অতি কঠোৰ আছিল৷ সংবিধান মতে ছোৱালীৰ প্ৰেমত পৰা, বিয়া-বাৰু কৰোৱা আদিত নিষেধ আছিল৷ আমাক ৰবটৰ দৰে গঢ়ি তুলিব বিচাৰিছিল নেতৃত্বই৷ বহু পাছতহে সকলোৱে উপলব্ধি কৰিলে যে তেজ-মঙহৰ চিৰন্তন দাবীক সংবিধানৰ অনুচ্ছেদে দমন কৰি ৰাখিব নোৱাৰে৷
: কিন্তু, আমাৰ দেউতাক লগ ধৰাত জানো বাধা আছিল?
: ছাৰলৈ মোৰ ভয় লাগিছিল৷ তেখেতে মোক আবেগিকভাৱে এটা ভুল বাটত ভৰি দিছো বুলি গালি নাপাৰিলেহঁতেন জানো? হয়তো তেখেতে মোক ঘৰলৈ উভতি আহিবলৈ ক’লেেহঁতেন৷
: ময়ো ক’লোহেঁতেন৷ আপোনাক আকৌ পঢ়িবলৈ অনুৰোধ কৰিলোহেঁতেন৷ কিন্তু, আপুনি যি গ’ল, গ’ল আৰু৷ এবাৰৰ বাবেও কাকো সাক্ষাৎ নকৰিলে৷
: দুদিনমানৰ পাছতে মই সামৰিক প্ৰশিক্ষণৰ বাবে কাচিনলৈ যাবলগীয়া হ’ল৷ কাচিনৰ পৰা উভতি আহি তোমাৰ খবৰ লৈছিলো৷ তুমি তেতিয়া ডিব্ৰুগড়ৰ কলেজত পঢ়ি আছিলা৷ তাৰ পাছত মই সংগঠনৰ কামত পূৰ্ণোদ্যমে লাগি পৰিছিলো৷ দায়িত্বও বাঢ়িছিল৷
: দায়িত্বৰ হেঁচাত চাগৈ মোক পাহৰি গ’ল৷ অথচ, আপোনাৰ কথা ভাবি ভাবি মই উজাগৰে কটালো বহু ৰাতি৷
: নহয়, এক মুহূৰ্তৰ বাবেও তোমাক পাহৰা নাছিলো৷ সেই সময়ত আমাৰ সংগঠনৰ অৱস্থা জয়জয় ময়ময় আছিল৷ ভাবিছিলো, পাঁচ বছৰমানৰ পাছত স্বাধীনতা পায়েই যাম যেতিয়া স্বাধীনতা পোৱাৰ পাছতেই তোমাক লগ ধৰিম৷
: স্বাধীনতা? বেয়া নাপাব, আপোনালোকে অসমৰ স্বাধীনতাক মৰ্টন-লজেন্স জাতীয় বস্তু বুলি ভাবিছিল নেকি? অলপ চিঞৰ-বাখৰ কৰিলেই যে দিল্লীয়ে দি দিব?
: সেইদৰে হয়তো ভবা নাছিলো৷ কিন্তু, অসমত সৃষ্টি হোৱা ব্যাপক জনজাগৰণলৈ লক্ষ্য কৰি সোনকালেই স্বাধীনতা আহিব যেন ভাব হৈছিল৷ কিন্তু, সামৰিক অভিযান আৰম্ভ হোৱাৰ লগে লগে সেই জাগৰণ স্তিমিত হৈ পৰিল৷ দুটাকৈ সামৰিক অভিযানত সংগঠনৰ কঁকাল ভাগি পৰিল৷
: সেনাৰ অভিযানৰ সময়ত মোৰ আপোনাক লৈ বহুত চিন্তা হৈছিল৷ ‘নেদেখাজন’ৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো, আপুনি যেন সেনাৰ আক্ৰমণৰ পৰা বাচি থাকে আৰু ধৰা নপৰাকৈ দিন কটায়৷
: তোমাৰ শুভ কামনা, মা-দেউতাৰ আশীৰ্বাদৰ বাবেই মই চাগৈ বাচি থাকিলো৷ বহুবাৰ সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছো, বহু সতীৰ্থক চকুৰ আগতে হেৰুৱাইছো, অথচ মই দেখোন বাচি থাকিলো৷ কেতিয়াবা মোৰ নিজৰেই আচৰিত লাগে৷
: আপুনি কি মা-দেউতাকো লগ কৰা নাছিল?
: অসমত থকাৰ সময়ত ৰাতিৰ অন্ধকাৰত মা-দেউতাক লগ নকৰা নহয়৷ চিঠি-পত্ৰৰ যোগাযোগ আছিল৷ কিন্তু, আমাৰ এচাম সতীৰ্থই আত্মসমৰ্পণ কৰি সংগঠনলৈ বিপৰ্যয় কঢ়িয়াই আনিলে৷ আমি নেতৃত্বৰ নিৰ্দেশ মৰ্মে ভূটানলৈ গুচি গ’লো৷ তেতিয়ালৈ আমাৰ সংগঠনৰ মূল কাৰ্যালয় কাচিনৰ পৰা ভূটানলৈ সলনি হৈছিল৷
: তাৰ পাছত?
: তাৰ পাছত, অসমৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত মই পুনৰ অসমলৈ উভতি আহো৷ আহি খবৰ পাওঁ যে তোমাৰ বিয়া ঠিক হৈছে কোনোবা এজন ইঞ্জিনিয়াৰৰ লগত৷
: মই কি কৰিম কওক· আপোনালৈ বহুত দিন ৰ’লো৷ কোনো খবৰ-খাতি নাপালো আপোনাৰ৷ ঘৰে বিয়াৰ বাবে যো-জা চলোৱাত মই সন্মতি দিবলৈ বাধ্য হ’লো৷ সন্মতি নিদি কি কৰিম?
: তোমাক মই দূষিব খোজা নাই নয়না৷ তোমাৰ বিয়াৰ সময়ত আমাৰ সংগঠনৰ সংবিধান কিছু সংশোধন হৈছিল৷ আমাৰ বহু সতীৰ্থই সংগঠনৰ মহিলা কেডাৰকে বিয়া-বাৰু কৰাই সংসাৰ গঢ়িছিল৷ মই তোমাক বিয়াৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিব নোৱাৰিলো৷ নাখায়-নবৈ হাবিয়ে-বননিয়ে ঘূৰি ফুৰা মানুহ, মোৰ জীৱনলৈ তোমাক মাতি আনিবলৈ সত নগ’ল৷
: মই বিয়াৰ দিনালৈকে আপোনাৰ হৈ আছিলো৷ বিয়াৰ পাছত আপোনাক পাহৰি যাম বুলি ভাবিছিলো যদিও নোৱাৰিলো৷ ৰাজীৱ বৰুৱাৰ অৰ্ধাংগিনী হোৱাৰ পাছতো মোৰ মনলৈ আপুনি কোনোবা এটা সুৰুঙাৰে বাৰে বাৰে আহিছিল৷
: বৰুৱাই গম নোপোৱাকৈয়ে?
: হয়, তেওঁ গম নোপোৱাকৈয়ে৷
: নয়না, মই ইমান পৰে তোমাক সুধিম সুধিম বুলি জিভাৰ আগত লৈ ফুৰা প্ৰশ্নটো সোধোনে? তুমি বেয়া নোপোৱাতো?
: মই জানিব পাৰিছো, আপুনি মোক কি প্ৰশ্ন সুবিধ৷ মোৰ কপালত সেন্দূৰৰ ফেঁাটটো নেদেখি আৰু ৰাতি এপৰত ফোন কৰা বাবে আপুনি জানিব বিচাৰিছে, ৰাজীৱ বৰুৱা এতিয়া জীয়াই আছে নে নাই৷ নহয় জানো?
: তেখেত নিশ্চয় জীয়াই আছে৷ তুমি কোনো কাৰণত ডিভোৰ্চ কৰিছা অথবা ধৰ্মান্তৰিত হৈছা৷
: তেওঁ জীয়াই থকা নাই দাদা৷ জাতীয় মুক্তি পৰিষদৰ বোমা বিস্ফোৰণত পাঁচ বছৰৰ পূৰ্বেই এই পৃথিৱীৰ পৰা বিদায় ল’লে৷
: ন…য়…না৷
: সত্য সদায় নিৰ্মম দাদা৷ শিৱসাগৰত সংঘটিত বোমা বিস্ফোৰণত আন পাঁচজন নিৰীহ লোকৰ লগতে মোৰ স্বামীও নিহত হয়৷ বিধৱা হোৱাৰ পাছত চৰকাৰী অফিচে অফিচে ঘূৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডত চাকৰি এটা যোগাৰ কৰি ল’লো৷ সেই চাকৰিৰেই চলি যাওঁ৷ এতিয়া মামণি ক্লাছ টুত পঢ়ি আছে৷ তাইক লৈয়ে জীয়াই আছো৷

: আচৰিত৷ ইমানৰ পাছতো তুমি মোৰ প্ৰতি ইমান আকুলতা কিয় প্ৰকাশ কৰিছা নয়না? তোমাৰ স্বামীৰ প্ৰাণ কাঢ়ি লোৱা সংগঠনটোৰ এই তথাকথিত নেতাজনৰ প্ৰতি তোমাৰ ইমান দৰদ কিয়? তুমি মোক ঘৃণা কৰা, গালি পাৰা আৰু…
: মুক্তি পৰিষদৰ প্ৰতি মোৰ বুকুত জমা হৈ থকা ঘৃণা কোনোদিনেই শেষ হৈ নাযাব৷ সংগঠনটোক মই কিয় গালি পাৰিব লাগে, ইমান বছৰে অসমৰ ৰাইজে গালি পাৰিয়েই আছে৷ মোৰ দৃঢ় বিশ্বাস, আপুনি সেই বিস্ফোৰণত জড়িত নাছিল৷
: সেইটোত মই জড়িত নাছিলো, কিন্তু বহু বিস্ফোৰণ সংঘটিত হৈছে মোৰ নিৰ্দেশতে৷ এটা মিছা সপোনৰ পিছে পিছে দৌৰি, এটা ভুল বাটেৰে বহু দূৰ আগুৱাই গৈ মই নিজৰ যৌৱনৰ বহু সম্ভাৱনা অপচয় কৰাই নহয়, বহু মানুহৰ ঘৃণা, গৰিহণা আৰু ক্ষোভৰ পাত্ৰ হৈ ৰ’লো৷
: ‘অমুক’ত সংঘটিত বিস্ফোৰণত ৰক্তপ্লাবন চাউদাং বৰুৱা জড়িত’ জাতীয় খবৰবোৰ পঢ়িলেই মোৰ বুকু কঁপি উঠিছিল৷ সংগঠনৰ বহু সদস্যই আত্মসৰ্পণ কৰাৰ, ধৰা পৰাৰ খবৰ পাওঁ, অথচ আপোনাৰ তেনে কোনো খবৰ নাপাওঁ৷ মই অধৈৰ্য হৈ পৰিছিলো৷ আপুনি মূলসুঁতিলৈ উভতি অহাটো মই মনে-প্ৰাণে বিচাৰিছিলো৷
: তোমাৰ স্বামীহন্তাৰ প্ৰতি ইমান দৰদৰ কাৰণ…?
: প্লিজ, তেনেকৈ নক’ব দাদা৷ মুক্তি পৰিষদৰ দৰে এটা সংগঠন জন্ম দিছিল আমাৰ সমাজ ব্যৱস্থাই, যি ব্যৱস্থা আপোনালোকে সলনি কৰিব নোৱাৰিলে৷ ব্যক্তিগতভাৱে আপোনাক দোষ দি কি লাভ হ’ব, আপোনাৰ দৰে বহুজনে পোন বাট এৰি অবাটে ওলাই গৈছিল স্বপ্নভংগৰ বেদনা আঁকোৱালি লৈ, বঞ্চনা-শোষণৰ বলি হৈ৷
: আৰু যেতিয়া পৰিষদৰ দ্বিতীয় বেটেলিয়নে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ খবৰ পাইছিলা, তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হৈছিল?
: মূৰত কঢ়িয়াই লৈ ফুৰা বোজা এটা যেন খহি পৰিল, তেনেকুৱা লাগিছিল৷ অৱশ্যে, আপোনাক এনেদৰে হঠাৎ লগ পাই যাম বুলি ভবা নাছিলো৷ অথচ লগ পাবলৈ খুবেই মন গৈছিল৷ কাকত বা টিভিত আপোনাৰ ফটো ওলাই নেকি বুলি সদায় চাওঁ–ক’তো কিন্তু দেখা নাপাওঁ৷
: তুমি মানে মোক এতিয়াও ভালপোৱা?
: ভালপাওঁ বাবেইতো আপোনাৰ প্ৰতি অন্তৰত কোনো ঘৃণা-বিদ্বেষ ৰাখি থোৱা নাই৷ স্বামীক হেৰুৱাৰ পাছতো আপোন অহংকাৰেৰে আৰু ইতিবাচক চেনতাৰে জীয়াই অাছো আপুনি থকাৰ বাবেই৷ জানে, মই এটা বস্তু সদায় নিজৰ লগত ৰাখিছো, দুৰ্লভ মাণিকৰ দৰে৷
: কি সেই বস্তু?
: আপুনি দিয়া চিঠিখন৷ চিঠিখনৰ প্ৰতিটো শব্দ মোৰ চেতনাত এনেভাৱে অঁকা হৈ গ’ল যে মই সেয়া নোচোৱাকৈ, স্পৰ্শ কৰিয়েই পঢ়িব পাৰো৷ হয়তো প্ৰেমক সন্মান কৰিবলৈ শিকিছিলো বাবেই মোৰ ক্ষেত্ৰত প্ৰথম প্ৰেমৰ প্ৰভাৱ থাকি গ’ল৷
: নয়না, মই আনুষ্ঠানিক পঢ়া-শুনা বৰ বেছি নকৰিলেও দুখনমান ধ্ৰুপদী উপন্যাস পঢ়িছো৷ তাৰ ভিতৰত মাৰ্কুইজৰ ‘লাভ ইন দা টাইম অৱ কলেৰা’ অন্যতম৷ এজন পুৰুষে প্ৰিয় নাৰীগৰাকীৰ প্ৰেম-সান্নিধ্যৰ বাবে অপেক্ষা কৰিছিল অৰ্ধশতাব্দীৰো কাল৷ এপিনে কলেৰা বিধবস্ত এখন দেশ আৰু আনপিনে বৃদ্ধত্ব আৰু মৃত্যুক অতিক্ৰমি প্ৰেমৰ অমৰত্ব৷ উপন্যাসৰ কাহিনীভাগে মোক গভীৰভাৱে স্পৰ্শ কৰিছিল৷
: মাৰ্কুইজ জীয়াই থকা হ’লে অসমৰ পটভূমিত তেওঁক নিশ্চয় ‘লাভ ইন দ্য টাইম অৱ টেৰৰ’ নামৰ উপন্যাস এখন লেখিবলৈ অনুৰোধ কৰিব পাৰিলোহেঁতেন৷ এপিনে হিংসা-সন্ত্ৰাসত বিধ্বস্ত এখন ৰাজ্য আৰু আনপিনে ঘৃণা আৰু বিদ্বেষ অতিক্ৰমি প্ৰেমৰ অমৰত্ব৷ আৰু সেই উপন্যাসৰ নায়ক- নায়িকা হ’ব…৷
: তুমি বৰ দুষ্ট হৈ গৈছা নয়না৷
: দুষ্ট হৈছো? দাদা, এয়া যে কেৱল কল্পনা৷ আপোনাৰ বাবে মোৰ অন্তৰে হাহাকাৰ কৰি উঠিলেও আপুনিতো মোক আঁকোৱালি ল’ব নোৱাৰিব৷ মই মোৰ কৌমাৰ্য সঁপি দিলো ৰাজীৱ বৰুৱাৰ ওচৰত, তেওঁৰ এটি সন্তানৰ মাতৃও হ’লো৷ সমাজৰ শেন দৃষ্টিলৈ মই কেয়াৰ নকৰো, কিন্তু সেই বুলিয়েই আপোনাক মোৰ ক্ষেত্ৰত উদাৰ হ’বলৈ অনুৰোধো জনাব নোৱাৰো৷
: জীৱনটো অথলেই গ’ল যেন ভাব হয় নয়না৷ ইমান বছৰ বন্দুক-বাৰুদ লৈ হাবিয়ে-বননিয়ে, পৰ্বতে-কন্দৰে ঘূৰি ফুৰিও সমাজলৈ আমি একো পৰিৱৰ্তন আনিব নোৱাৰিলো৷ যিখন অসমক স্বাধীন কৰাৰ সপোন দেখিছিলো, সেইখন অসমক অনুপ্ৰৱেশকাৰীৰ সমস্যাই গিলি পেলালে৷ আৰু আমাৰ প্ৰস্তাৱিত স্বাধীনতাক লৈ কোনেও মূৰ নঘমায়৷ সকলোৱে আমাৰ সংগঠনক আইন-শৃংখলাৰ সমস্যা হিচাপেহে গণ্য কৰিবলৈ ল’লে৷ যুদ্ধ বিৰতিৰ চুক্তি কৰাৰ পাছত নিজৰ জীৱনৰ পোৱা-নোপোৱাৰ হিচাপে কৰি চাইছো আৰু সেই হিচাপৰ বহীত এটা ডাঙৰ শূন্যৰ বাহিৰে একোৱেই পোৱা নাই
: পৃথিৱীত শূন্যই সঁচা দাদা৷ এতিয়াতো বহু সময় আছে, সেই শূন্যৰ পৰাই জীৱনটো আকৌ এবাৰ আৰম্ভ কৰকচোন, সপোনৰ পিছে পিছে আকৌ দৌৰক৷ দেখিব সম্ভাৱনাৰ এখন দুৱাৰ খটকৈ খোল খাই গৈছে৷
: তুমি মোৰ কাষে কাষে থাকিবা বুলি কোৱা নয়না, জীৱনৰ হেৰুওৱাখিনিক হেৰুৱালো আৰু, থকাখিনিৰ পৰাই আকৌ জীৱনটো আৰম্ভ কৰো আহোঁ৷
: কিন্তু, দাদা মই যে এগৰাকী বিধৱা মহিলা, মোৰ এটি সন্তান আছে৷ আপুনি হয়তো মোক নিদ্বিৰ্ধাই আঁকোৱালি ল’ব৷ কিন্তু, আপোনাৰ ঘৰখনে জানো মোক বোৱাৰী হিচাপে স্বীকৃতি দিব?
: মই কাকোৱেই এৰিব নোখোজো৷ তোমাকো, ঘৰখনকো৷ ঘৰৰ পৰা সেই স্বীকৃতি আদায় কৰিবলৈ চেষ্টা কৰিম৷ মোৰ বিশ্বাস, মই সফলো হ’ম৷
: অতি সোনকালেই আপোনাক লগ পাম নহয়, তেতিয়াই কথাবোৰ ভালদৰে পাতিম৷ কথাবোৰ আপুনি আকৌ এবাৰ ভাবি চাব৷
: এৰা, নিশা বহুত হ’ল৷ তোমাৰ ম’বাইলৰ বিলো চাগৈ বহুত উঠিল৷ফোন থোৱাৰ আগতে মোক গান এটা শুনাবা নেকি? মই যে তোমাৰ গান শুনিয়েই তোমাৰ প্ৰেমত পৰিছিলো৷ গোৱানা, তোমাৰ গান শুনি শুনি ঢলি পৰো নিদ্ৰাৰ কোলাত৷
: কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত যোৱা বুলাই…৷

(ৰচনা কালঃ ২০০৯)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে