চ’ৰাঘৰ / কথাশিল্প / এই এন্ধাৰতেই আমি নাচি আছোঁ৷৷ অচ্যুৎ মাধৱ দাস৷৷

এই এন্ধাৰতেই আমি নাচি আছোঁ৷৷ অচ্যুৎ মাধৱ দাস৷৷

সকলোবোৰেই পাহৰিলোঁ
পাহৰি আহিলোঁ এৰি অহা বাট
বাটৰ কাঁইট
পাহৰি পেলালোঁ এৰি অহা সময়
সময়ৰ শৰ
মাথোঁ পাহৰিব পৰা নাই সেই এন্ধাৰ
যি এন্ধাৰত আমি এতিয়াও নাচি আছোঁ।
.
চাৰিটা হাতী চৈধ্যজন সাক্ষী
তুমি মোক ভাণ্ডা মই তোমাক
বাৰে বাৰে বধোঁ ৰাৱণ কংস
সেই একেই ভাওনা, একেই দৰ্শক
পুৱা নহওঁতেই নিঃপালি দিয়ে,
আৰু সাৰ পায় উঠে হাজাৰ ৰক্তবীজ দৈত্য-দানৱ।
.
কিয় বাৰে বাৰে সীৰলুত লাগি ধৰে সৰুকণৰ নাঙল
অষ্টাশীৰ গল্প এটা কওঁ বুলি সৰুকণ থমকি ৰয়
এইবাৰো বানপানী হ’ব
ৰজাৰ দেশত প্ৰজাবোৰ ৰাজদ্ৰোহী হ’ব।
.
ছিৰিলা-ছিৰিল হোৱা কলাপাত এখনৰ স’তে নিয়ৰ সৰাই
নাঙঠ ৰাতিবোৰ হালি-জালি নাচি আছে
কাৰো চকুত কোনো ভ্ৰূক্ষেপ নাই, নাই লাজ অথবা ঘৃণা,
কাপোৰ ক’লা হোৱা সেই একেই অন্তহীন কাহিনী
ধোবা নোহোৱা দেশত
পাৰ হয় ৰঘুনাথ, পাৰ নহয় প্ৰজা
আৰু সেই এন্ধাৰতেই আমিও লালকাল হৈ নাচি আছোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে