মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ‘মূল্যবোধ বনাম ভোগবাদ বিশেষ’ৰ সম্পাদকীয় টোকা

‘মূল্যবোধ বনাম ভোগবাদ বিশেষ’ৰ সম্পাদকীয় টোকা

আমাৰ সাম্প্রতিক সমাজ জীৱনত সততে চৰ্চিত হোৱা এটা শব্দ হৈছে— অৱক্ষয়। দৈনন্দিন জীৱনৰ তুচ্ছ প্রাত্যহিকতা আৰু আত্মকেন্দ্রিকতাই আমাক এনেদৰে আৱৰি ৰাখিছে যে আমি কেওফালে সংঘটিত নেতিবাচক ক্রিয়া-কাণ্ডক দেখি থাকিও প্রতিবাদৰ ভাষা পাহৰিছোঁ বা ইচ্ছাকৃতভাবে মৌনতা অৱলম্বনেই শ্রেয় বুলি ভাবিছোঁ। ভাবিবলৈ বাধ্য হৈছোঁ। এনে পৰিস্থিতিত বিশেষকৈ ক্ষতিগ্রস্ত হৈছে আমাৰ উঠি অহা চাম। এইক্ষেত্রত আমাৰ কৰণীয় কি ?
.
পূঁজিবাদী সমাজ ব্যৱস্থাই ভোগবাদৰ হাতোৰাৰে মানুহৰ মনস্তত্বক নিয়ন্ত্রণ কৰি জগাই তোলে অনিৰ্বাপিত ভোগৰ লালসা। আজিৰ শিশুৱে জন্ম হৈয়ে দেখে ভোগৰ এখন ৰমৰমীয়া পৃথিৱী। আকাশলংঘী আকাংক্ষাৰ দৌৰত শৈশৱ হেৰুওৱা সিহঁতৰ মনত অৱধাৰিতভাবে খোদিত কৰা হয় মানুহৰ পৰা যন্ত্র হোৱাৰ অমোঘ মন্ত্র। পৰিণতি ভয়াবহ, অথচ পৰিত্রাণৰ উপায় বিচৰাৰ অৱকাশেই বা ক’ত ? সকলোতে মাথোঁ আহৰণৰ আগ্রাসী আঁচনিৰ পয়োভৰ। নহ’লে যে যুগৰ লগত খাপ খাব নোৱাৰাৰ ভয়। ভয় প্রতিযোগিতাৰ দৌৰত পিছ পৰি ৰোৱাৰ। অন্তহীন এই প্রতিযোগিতাই ক’ৰ পৰা ক’লৈ নি আছে মানৱ জাতিক ? এই কথা হয়তো কালৰো অজ্ঞাত।

সভ্যতাৰ পাতনিৰে পৰা মানুহে নিৰন্তৰ উত্তৰণৰ প্রয়াস কৰি আহিছে। সেয়াই প্রগতিৰো মূল। আজিৰ বিজ্ঞান আৰু প্রযুক্তিৰে প্রগতিৰ চৰম শিখৰত আৰোহণ কৰা মানুহৰ বাবে আবিস্কৃত হৈছে জীৱনৰো নিত্য নতুন সংজ্ঞা। সলনি হৈছে জীৱন শৈলী, জীৱন যাপনৰ মাপকাঠি। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় তিনিটা মৌলিক প্রয়োজনৰ উপৰি আজিৰ মানুহে জীৱনকালত বিভিন্ন সময়ত বিভিন্ন প্রয়োজনৰ অভাৱ অনুভৱ কৰে। অন্তহীন এই অভাৱ হ’ব পাৰে বৈষয়িক বা মানসিক। ভোগ বিলাসৰ নিৰন্তৰ চাহিদা পূৰণৰ তাগিদাৰেই ঘূৰে আধুনিক মানুহৰ জীৱন ৰথৰ চকৰি। এটা পৰ্যায়লৈ বিশেষ অভাৱ পুৰণৰ জৰিয়তে বৈষয়িক ভোগৰ তাড়না নিবাৰণৰ চাবিকাঠি মানুহে আয়ত্ব কৰিবলৈ সক্ষম হয় যদিও মানসিক অসন্তুষ্টি বা ক্ষুধাৰ কবলত পতিত হৈ পুনৰ সৃষ্ট হয় অন্য এক অভাৱৰ। এনেকৈয়ে অনিয়ন্ত্রিত ভোগস্পৃহাত পতিত সংখ্যাগৰিষ্ঠ মানুহ নিজৰ অজ্ঞাতে সহজ চিকাৰ হয় ভোগবাদৰ।
.
নেতিবাচক এই প্রৱণতাৰে ভোগবাদৰ সংস্কৃতিত স্বয়ং মানুহো গণ্য হয় পণ্যৰূপে। নিত্য নতুন ভোগ্য সামগ্রীৰ ৰংচঙীয়া বিজ্ঞাপনেৰে সহজেই আকৰ্ষিত হয় অগণন ক্রেতা। শ্রেণীবিভক্ত সমাজব্যৱস্থাত এচামে প্রচুৰ উপাৰ্জনলব্ধ ক্রয়ক্ষমতাৰে নিজৰ তুচ্ছাতিতুচ্ছ চাহিদা পুৰণৰ বাবেও উদগ্রীৱ হৈ ৰোৱাৰ বিপৰীতে ক্ষুধা আৰু দাৰিদ্র্য পীড়িত এচামে যাপন কৰিবলগা হৈছে জন্তুতকৈও নিকৃষ্ট জীৱন। সৌ সিদিনা অসমৰে কাৰ্বিআংলঙৰ বৈঠালাংচ’ত দাৰিদ্র্যপীড়িত পিতৃ-মাতৃয়ে ৰোগৰ চিকিৎসা আৰু ভোক নিবাৰণৰ অক্ষমতাৰ হেতু নিজৰ সন্তানক বিক্রী কৰিব লগা হৈছে কেৱল ১৫০০টকা দৰত। অথচ এইসময়ত সমগ্র উত্তৰ পূবৰে বাণিজ্যকেন্দ্র ৰূপে স্বীকৃত গুৱাহাটীত আয়োজিত হৈছে Advantage Assam শীৰ্ষক বিশ্ব-অৰ্থনৈতিক বিনিয়োগৰ বৃহৎ আঁচনিৰ ৰূপায়ণৰ প্রাৰম্ভিক কুচ কাৱাজ। কিন্তু এই আঁচনিৰ বিনিয়োগকল্পে বিশেষ আগতীয়া প্রস্তুতিৰ অবিহনেই আগবঢ়াই দিয়া অসম বা উত্তৰ পূবৰ ভূমিকা কেনে হ’ব ? আৰ্থিক দেনা পাওনাত কেনেদৰে, কিমান শতাংশ আয় বা লাভাংশ থলুৱাৰ স্বাৰ্থ অনুকূলে ব্যৱহৃত তথা সুৰক্ষিত হ’ব, সেয়া সময়েহে ক’ব।
.
বিশ্বায়নৰ প্রেক্ষাপটত সমগ্র পৃথিৱীৰ পৰিসৰ সংকুচিত হৈছে এখন গাঁৱলৈ। ক্ষিপ্রতাৰে সলনি হৈছে মানুহৰ চিন্তাধাৰা, মূল্যবোধ, জীৱনৰ মান। মুক্ত বাণিজ্যৰ যুগত ব্যক্তিগত ৰুচি-অভিৰুচিও নিয়ন্ত্রিত হয় বিজ্ঞাপন আৰু ব্যৱসায়িক চাতুৰ্যৰে। এই চাতুৰ্য যেতিয়া কেৱল শোষণ আৰু বঞ্চনানিৰ্ভৰ হয়, তেন্তে ভোগবাদ বা Consumerismৰ প্রভাৱ হ’ব স্বাভাবিকতেই নেতিবাচক। ফলস্বৰূপে ই পৰিগণিত হয় সামাজিক ব্যাধি বা অৱক্ষয়ৰূপে। বিগত কিছু বছৰ ধৰি আমাৰ ৰাজ্যখনত এনে কৰ্মকাণ্ডৰ সংখ্যা বৃদ্ধি পাইছে গাণিতিক হাৰত। নেতিবাচক চিন্তা, অৰ্থহীন কাৰ্যকলাপেৰে আমি পৰ্যবসিত হৈছোঁ অকমৰ্ণ্য, মেৰুদণ্ডহীন জাতিলৈ। অৰ্থনৈতিক অনগ্রসৰতা, ভয়াবহ নিবনুৱা সমস্যা, বন্ধ সংস্কৃতি, মূল্যবৃদ্ধি, বান- গৰাখহনীয়া আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্য এখনত মাহৰ পাছত মাহ জুৰি পালিত হয় বিভিন্ন উৎসৱ-পাৰ্বণ। আৰ্থিক উপাৰ্জনৰ নিৰ্ভৰযোগ্য উৎস নথকা এচামৰ দ্রুতগতিত সলনি হোৱা লাইফষ্টাইল দেখিলে অনুভৱ নহয় যে, এই দেশ তৃতীয় বিশ্বৰ দৰিদ্ৰ দেশ।

মানুহৰ ধনী হোৱাৰ বাসনা চিৰন্তন। ভিক্ষাৰীৰ পৰা কোটিপতিলৈ প্রায় সকলো মানুহে অধিকতকৈও অধিক সম্পদ আহৰণৰ সপোন দেখে। এই সপোনক কেন্দ্র কৰিয়েই আবৰ্তিত হয় ভোগবাদৰ ৰমৰমীয়া বজাৰখন। অবাধ ক’লাধন আৰু কৰফাকিৰ সুৰুঙাৰে প্রসাৰিত ভোগবাদৰ এই ৰম্যভূমিত মানুহৰ স্বপ্ন-বাস্তৱ, সুখ-দুখ ,আবেগ-অনুভূতি, আশা- আকাংক্ষা, প্রেম-ঘৃণা-যৌনতা আদিও Commodity। কোনে কাক ৰোধিব পাৰে ? Sky is the limit. আলাউদ্দিনৰ চাকিৰ দৰে এটা মাত্র ক্লিকত মুহূৰ্ততে সমগ্র বিশ্বৰ বাণিজ্য সম্ভাৰ চকুৰ আগত হাজিৰ হোৱাৰ সুযোগ আনি দিছে ই-মাকেটিং বা Online shoping-এ। অথচ সেই অনুপাতে আমাৰ দৰে বহিখোৱা জাতিৰ মানুহৰ মাজত গঢ় লৈ উঠা নাই কৰ্মসংস্কৃতি বা পৰিশ্রমৰ বিনিময়ত উপাৰ্জিত ধনৰ সদ প্রয়োগৰ মানসিকতা। ‘আয় চাই ব্যয়’, ‘আঁঠুৱা চাই ঠেং মেলা’ আদি প্ৰবচনবোৰৰ মৰ্ম আজিৰ ভোগবাদী অসমীয়া সমাজত অপ্রাসংগিক। কানি বৰবিহতকৈও মাৰাত্মক ‘শ্রমবিমুখিতা’ ক্রমাৎ পৰিণত হৈছে আসক্তিলৈ। এই আসক্তিকে ইন্ধন ৰূপে লৈ ন্যস্তস্বাৰ্থ জড়িত মহলৰ লগতে সাধাৰণ খাটিখোৱা শ্রেণীৰ মাজতো প্রসাৰিত হৈছে সহজে ধন ঘটাৰ মানসিক বিকাৰগ্রস্ততা ।
.
চাকৰিমুখী শিক্ষা ব্যৱস্থাই আমাক শাৰীৰিক শ্রমৰ বাবে উদগনি নিদিয়ে। বিপৰীতে ৰাজ্যৰ উদ্যোগখণ্ডতো অচলাৱস্থা পৰিলক্ষিত হৈছে৷ প্রয়োজন অনুপাতে নিয়োগৰ অ-ব্যৱস্থা, বজাৰৰ দ্রব্যৰ দৰেই চাকৰিৰ কিনা-বেচা , খেতি-মাটি বিক্রী কৰি হ’লেও বহিঃৰাজ্যত সাধাৰণ শ্রমিক হিচাপে নিয়োগৰ সন্ধানত হোৱা গমন, ‘ব্রেইন ড্রেইন’ এইবোৰ আজি সাধাৰণ কথা হৈ পৰিছে। ক্ষুদ্র উদ্যোগ বা কুটিৰ শিল্প গঠনৰ বাবে আগ্ৰহীসকলৰ সন্মুখতো হেজাৰটা প্রত্যাহ্বান। মূৰকত আহি পৰে হতাশা। ক্রমবৰ্দ্ধমান হতাশাৰে সঞ্চাৰিত হয় নৈৰাশ্য। নবপ্রজন্মৰ মেধাবী, সৌভাগ্যবান এচামক বাদ দি বেছিভাগৰ সন্মুখত ভাহি উঠে ভৱিষ্যতৰ এখন অন্ধকাৰ পৃথিৱী।
.
মানুহৰ ক্ষেত্রত আনতকৈ শ্রেয় হোৱাৰ প্রৱণতা সততে বিদ্যমান। ব্যতিক্রমী হোৱাৰ বাসনাৰে অত্যধিক ধন-সম্পদ অথবা ক্ষমতা কুক্ষিগত কৰাৰ মোহত মানুহে নিকৃষ্টতম পন্থা ল’বলৈও কুণ্ঠাবোধ নকৰে। পথৰ ভিক্ষাৰীৰো থাকে নৃপতি হোৱাৰ বাসনা। এনেকৈয়ে মানুহ নেতিবাচক ভোগবাদী মানসিকতাৰ চিকাৰ হয়, পতিত হয় প্রৱঞ্চনাৰ জালত। Who will be a millionaire ৰ ভাৰতীয় সংস্কৰণ ‘কৌন বনেগা কড়ৌৰপতি?’ নামৰ টেলিভিচন চেনেল যোগে প্রচাৰিত ভাগ্যপৰীক্ষাৰ খেলখনত কেৱল কেইটামান প্রশ্নৰ উত্তৰ দিয়েই যিদৰে নিৰ্ধাৰিত মূল্যৰ টকাৰ উপাৰ্জনেৰে লক্ষ লক্ষ ভাৰতীয়ক কোটিপতি হোৱাৰ অলীক সপোন দেখুওৱা হয়, তেনেদৰে হেজাৰ বিজাৰ ভণ্ড প্রতাৰকে ঠগ-প্রৱঞ্চনাৰে মানুহক বিভ্রান্ত কৰি আহিছে ধনী হোৱাৰ সহজ প্রলোভনেৰে। প্রতাৰণাৰ এই জালখনত যে কেৱল অশিক্ষিত, অৰ্ধশিক্ষিত সাধাৰণ নিম্নবিত্ত বা মধ্যবিত্ত শ্রেণীৰ লোকহে পৰে তেনে নহয়, বৰঞ্চ শিক্ষিত, উচ্চশিক্ষিত বহু সম্ভ্রান্ত, উচ্চাকাংক্ষী লোকো এই দৌৰাত্ম্যৰ সহজ চিকাৰ হয়। আমাৰ অসম আৰু পশ্চিমবংগ জোকাৰি যোৱাকৈ ফাদিল হোৱা সৌ সিদিনাৰ সাৰদা চিটফাণ্ড কেলেংকাৰী এনে এক উদাহৰণহে।

‘দ্য টাইমছ’ আলোচনীৰ এটা সাক্ষাৎকাৰত বিল গেইটছক সোধা হৈছিল, এজন মানুহ ধনী হোৱাৰ আৰু ৰাষ্ট্রক সহায় কৰিব পৰা সক্ষমতাৰ বাবে কেনে বিশেষ গুণৰ প্রয়োজন? উত্তৰত গেইটছে কৈছিল, High levels of personal probity of commercial arrangements , but “high levels of personal probity and honest dealing’ are essential for efficient and effective markets.’’ বিল গেইটছে প্রথম গুৰুত্ব আৰোপ বিষয়টোৱেই হৈছে ব্যক্তিগত চাৰিত্রিক সততা অথবা স্বচ্ছতা। কিন্তু দুখৰ বিষয় যে, easy money culture ৰ বোকাত লেটি লোৱা আমাৰ ক্ষেত্রত মূল্যবোধৰ অৱক্ষয়েই প্রথম চৰ্ত হৈ পৰে।
.
সকলোতে অন্যায়, অনিয়ম আৰু সুবিধাবাদৰ আগ্রাসন। সাহিত্যক্ষেত্রৰ দৰে সমাজ জীৱনক প্রতিনিধিত্ব কৰা সন্মানীয় ক্ষেত্রলৈও ক্রমে বিয়পিছে ভোগবাদ। আচৰিত ধৰণে সুবিধাবাদৰ নীতিৰে নিয়ন্ত্রিত ৰাজনৈতিক ক্ষেত্রৰ দৰেই কদৰ্যময় হৈ পৰিছে জনসাধাৰণে সন্মানৰ চকুৰে চোৱা বৌদ্ধিক জগতখনো। তুংগত উঠিছে গণ্য-মাণ্য সাহিত্য সাধকে সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা অৰিহণাৰ বাবে স্বীকৃতি জ্ঞাপক বঁটা প্রদানক লৈ হোৱা অনিয়মৰ বাক-বিতণ্ডা। এনে অৱস্থাত সমাজ জীৱনৰ গুৰিবঠা ধৰিব কোনে? কাণ্ডাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ব কোন? দেশৰ মুষ্টিমেয় এচাম ধনীক শ্রেণীক প্রতিনিধিত্ব কৰা বহুজাতিক কম্পেনীৰ মালিকৰ পত্নীয়ে ব্যৱহাৰ কৰা বিলাসী সামগ্রী, অত্যাধুনিক পোচাক, গহনা, মোবাইল ফোন, সন্তানে মাহে মাহে সলোৱা অত্যাধুনিক বিলাসী গাড়ীৰ নাম আৰু দামৰ তালিকা নেটত উপলব্ধ হোৱাৰ এই সময়ত নৈৰাজ্য, নৈৰাশ্যৰে অৱক্ষয়ৰ গৰাহত পতিত গৰিষ্ঠ সংখ্যক জনতাক কোনে দিব সুখী হোৱাৰ প্রকৃত পথৰ সন্ধান ? বিপথগামী তৰুণক ফিৰাই আনি কোনে নেতৃত্ব দিব জীৱনৰ নতুন সম্ভাৱনাৰ ?
.
ভয়াবহ এই যুগসন্ধি। তথাপি আমি ভাবো, অৰ্থনৈতিক তথা আত্মিক সমৃদ্ধিৰ হেতু স্বনিয়ন্ত্রণেই হওক প্রগতিৰ সঁচাৰ কাঠি। ইতিবাচক প্রৱণতাৰে, সুস্থ প্রতিযোগিতামূলক মানসিকতাৰে মানুহে বিচাৰক উত্তৰণৰ প্রকৃত সোপান। ‘বৌদ্ধিক বিচাৰ’ৰ ফেব্রুৱাৰি’ ২০১৮ সংখ্যাৰ অতিথি সম্পাদকৰ দায়িত্ব বহন কৰি পোনতে এটা ‘বিষয়’ নিৰ্ধাৰণৰ কথা আহি পৰাত ভোগবাদজনিত অৱক্ষয়ৰ প্রসংগই মনলৈ আহিল। এই সংখ্যাটো যিসকলৰ বহুমূলীয়া লেখাৰে সমৃদ্ধ কৰিলে, সেই সকলোলৈ আন্তৰিক কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি সুযোগ প্রদানৰ বাবে কৃতজ্ঞ হৈ ৰ’ম ‘বৌদ্ধিক বিচাৰ’ৰ কৰ্তৃপক্ষৰ ওচৰত। কিছু অধিক পৰিকল্পনা আছিল যদিও মূৰকত সেয়া সম্ভৱ নহ’ল বাবে কিছু ব্যথিত হ’লেও সামগ্রিকভাবে এটা ‘ভাল সংখ্যা’ বুলি যদি পাঠকে আদৰি লয় , সেয়াই হ’ব প্রাপ্তি। ধন্যবাদেৰে।

অনিতা গগৈ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে