চ’ৰাঘৰ / সমকাল / যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা৷৷ জিতেন বেজবৰুৱা৷৷

যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা৷৷ জিতেন বেজবৰুৱা৷৷

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ প্ৰধান কাৰণ হ’ল নৈতিকতাবাদী বাধা। পুৰুষতান্ত্ৰিক-বিষমলৈংগিক বিবাহ ব্যৱস্থাটোক সমাজ সংগঠনৰ স্বাভাৱিক আৰু অবিসম্বাদী ৰূপ হিচাপে গণ্য কৰা হয়, আৰু তাক কেন্দ্ৰ কৰিয়েই গঢ় লয় যৌন নৈতিকতা। এই নৈতিকতাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলক ভবা হয় বিবাহ ব্যৱস্থাৰ সম্পূৰ্ণ ওলোটা বস্তু হিচাপে, নাৰকীয় পতনৰ প্ৰতিৰূপ হিচাপে, সকলো মানৱীয় প্ৰমূল্যৰপৰা বিচু্যতি হিচাপে। এই নৈতিকতাবাদৰ প্ৰভাৱ সমাজৰ ৰক্ষণশীল মহলৰপৰা একেবাৰে সমাজবাদী-নাৰীবাদী মহললৈকো ব্যাপ্ত। সেইবাবেই যৌন কৰ্ম আৰু যৌন কৰ্মী সম্পৰ্কে আলোচনা কৰাটো একপ্ৰকাৰ নিষিদ্ধ। যেতিয়া দুই-এটা কথা আলোচনা কৰা হয়ো, সেয়াও পৰিচালিত হয় মধ্যবিত্তীয় উদ্ধাৰকৰ্তাৰ মনোবৃত্তিৰে। যৌন কৰ্মীসকল সমাজৰ অন্ধ গলিত পতিত, তেওঁলোকে তাৰপৰা মুক্তি বিচাৰে – গতিকে আমি তেওঁলোকৰ মুক্তিৰ পোষকতা কৰিব লাগে। এনে সৰলীকৃত দৃষ্টিভংগীৰ আঁৰত লুকাই আছে নৈতিকতাবাদী আত্মশ্ৰেষ্ঠতাৰ ধাৰণা তথা যৌন কৰ্মীসকলৰ নিজৰ জীৱন-অভিজ্ঞতা তথা ধ্যান-ধাৰণাৰ প্ৰতি চূড়ান্ত অৱজ্ঞা। গতিকে যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আলোচনা কৰিব বিচাৰিলে আমি প্ৰথমেই অতিক্ৰম কৰিব লাগিব যৌন নৈতিকতাৰ এই দেৱালখন।

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰতি উপৰোক্ত যিটো বহুলব্যাপী দৃষ্টিভংগী তাৰে অৱধাৰিত পৰিণাম হ’ল এই গোটেই ব্যৱস্থাটোৰ বিলোপ সাধনৰ পোষকতা। ইয়াক বিলোপবাদী অৱস্থান বুলি ক’ব পাৰি। এইটো চৰকাৰৰো দৃষ্টিভংগী। যদিও স্বাস্থ্য মন্ত্ৰণালয়-শ্ৰম আয়োগ আদিয়ে সময়ে সময়ে কিছু ভিন্ন আৰু যৌন কৰ্মীসকলৰ প্ৰতি সংস্কাৰমূলক দৃষ্টিভংগী পোষণ কৰি আহিছে, তথাপি ভাৰত চৰকাৰৰ সাধাৰণ দৃষ্টিভংগী হ’ল বিলোপবাদী। কিন্তু এয়া কেৱল ভাৰতৰে প্ৰসংগ নহয়। এসময়ত আমেৰিকাৰ বুশ্ব প্ৰশাসনৰ নেতৃত্বত গোটেই বিশ্বজুৰি এটা জোৰদাৰ বিলোপবাদী প্ৰচেষ্টা চলোৱা হৈছিল, য’ত স্বেচ্ছাই হওক বা ইচ্ছাৰ বিপৰীতেই হওক, বিশ্বৰ বিভিন্ন দেশ আৰু অনুষ্ঠানে সহযোগ কৰিছিল। ইয়াৰ আঁৰত আছিল একে সময়তে ৰেডিকেল নাৰীবাদীসকল আৰু ধৰ্মীয় ৰক্ষণশীল মহলৰ সমৰ্থন। ইয়াৰ লগতে যোগ হৈছিল আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যসেৱামূলক অনুষ্ঠানসমূহৰ এইডছ ৰোগৰ বিৰুদ্ধে জোৰদাৰ অভিযান। এই সকলো মিলি বিলোপবাদী প্ৰচেষ্টাক ন্যায্য ৰূপ দিছিল। ভাৰতেও এই অভিযানত যোগ দিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে আন নাৰীবাদী মহলৰ লগতে যৌন কৰ্মীসকলৰ নিজৰ মাজৰপৰাও প্ৰতিবাদ হৈছিল। ১৯৮৬ চনৰ ‘অনৈতিক সৰবৰাহ প্ৰতিৰোধ আইন’ সংশোধনৰ মাধ্যমেৰে যৌন কৰ্মীৰ গ্ৰাহকসকলক অপৰাধী সাজিব বিচৰাৰ বিৰুদ্ধে চাৰি হাজাৰ যৌন কৰ্মীয়ে সংসদ ভৱনলৈ বুলি প্ৰতিবাদী সমদল উলিয়াইছিল ২০০৬ চনত। এই ঘটনাৰাজিয়ে সহজ বিলোপবাদী দৃষ্টিভংগীৰ বিপৰীতে যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগত বহুতো জটিল প্ৰশ্নৰ উদ্ৰেক কৰে।

যৌন কৰ্ম আৰু যৌন কৰ্মী সম্পৰ্কত ব্ৰিটিছ-মাৰ্কিন নাৰীবাদৰ তাত্ত্বিক স্তৰত ঘাইকৈ দুটা দৃষ্টিভংগী দেখা যায় : এটা হ’ল উপৰোক্ত বিলোপবাদী, আনটো হ’ল যৌন কৰ্মৰ পোষকতাকাৰী। ৰেডিকেল নাৰীবাদীসকলে প্ৰথমটোক প্ৰতিনিধিত্ব কৰে। দ্বিতীয়টোক প্ৰতিনিধিত্ব কৰে যৌন কৰ্মীৰ সংগঠনসমূহ তথা যৌন ৰেডিকেল নাৰীবাদীসকলে। বিলোপবাদীসকলৰ মতে, যৌন কৰ্ম হ’ল নাৰীৰ বিৰুদ্ধে হিংসাৰ অন্য নাম মাত্ৰ আৰু ই হ’ল যৌন শোষণৰ চূড়ান্ত আৰু আটাইতকৈ ঘনীভূত ৰূপ। যৌন কৰ্মীসকল হ’ল এক প্ৰাতিষ্ঠানিক হিংসাৰ দুৰ্ভগীয়া বলি; গতিকে তেওঁলোকৰ নিজৰ সমৰ্থন-অসমৰ্থনৰ কোনো মূল্য বা অৰ্থ নাই। বিলোপবাদীসকলে যৌনতাৰ পণ্যায়নৰ বিৰোধিতা কৰে। আনহাতে, যৌন কৰ্মৰ প্ৰবক্তাসকলে যৌন কৰ্মৰ গোটেই ব্যৱস্থাটোৰ শোষণমূলক চৰিত্ৰ আৰু বাধ্যতামূলক পৰিস্থিতিৰ কথা স্বীকাৰ কৰে, কিন্তু একে সময়তে তেওঁলোকে তাৰ মাজতো যৌন কৰ্মীসকলৰ সচেতন কৰ্তাৰ ভূমিকা তথা দৰাদৰিৰ ক্ষমতাৰ কথা স্বীকাৰ কৰে। সি যি নহওক, ৰণনীতিৰ স্তৰত যৌন কৰ্মৰ উদ্যোগটোৰ প্ৰতি ঘাইকৈ চাৰিধৰণৰ নিয়ন্ত্ৰণমূলক দৃষ্টিভংগী দেখা যায় : প্ৰথমটো হ’ল সম্পূৰ্ণ অপৰাধীকৰণ, য’ত উদ্যোগটোৰ লগত জড়িত সকলোটিকে অপৰাধী বুলি আৰু সকলো কৰ্মকে অপৰাধ বুলি গণ্য কৰা হ’ব; দ্বিতীয়টো সম্পূৰ্ণ অপৰাধমুক্তকৰণ, য’ত যৌন কৰ্ম-বিৰোধী সকলোধৰণৰ বিশেষ আইন-কানুন খাৰিজ কৰা হ’ব, আৰু তেতিয়া দেশৰ আন নাগৰিকৰ লগত যৌন কৰ্মীসকলৰ কোনো আইনগত পাৰ্থক্য নাথাকিব, আন সাধাৰণ আইনসমূহৰ জৰিয়তেই তেওঁলোকক তথা যৌন কৰ্মক সামৰি লোৱা হ’ব; তৃতীয়টো আংশিক অপৰাধমুক্তকৰণ, য’ত যৌন কৰ্মৰ উদ্যোগটোৰ আন সকলো কৰ্ম আৰু কৰ্মীকে অপৰাধ আৰু অপৰাধী বুলি গণ্য কৰা হ’ব, কিন্তু যৌন কৰ্মীসকলক ৰেহাই দিয়া হ’ব; আৰু চতুৰ্থটো হ’ল বৈধকৰণ, য’ত যৌন কৰ্ম-বিৰোধী আইন-কানুন নাথাকিব, কিন্তু যৌন কৰ্ম আৰু যৌন কৰ্মীসকলক বিশেষ আইন প্ৰণয়নৰদ্বাৰা সুৰক্ষা প্ৰদান কৰা হ’ব। ৰেডিকেল নাৰীবাদী বিলোপবাদীসকলে সাধাৰণভাৱে আন্তঃৰাষ্ট্ৰীয় স্তৰত সম্পূৰ্ণ বিলোপ সাধনৰ আৰু ৰাষ্ট্ৰীয় স্তৰত আংশিক অপৰাধমুক্তকৰণৰ পোষকতা কৰে। যৌন ৰেডিকেল নাৰীবাদী আৰু যৌন কৰ্মৰ প্ৰবক্তাসকলে সাধাৰণতে সম্পূৰ্ণ অপৰাধমুক্তকৰণ আৰু বৈধকৰণৰ পোষকতা কৰে। সেইবুলি তেওঁলোকে পৰম্পৰাগত ধৰণৰ আইন-কানুনৰ পোষকতা নকৰে। পৰম্পৰাগত আইন-কানুনৰ জৰিয়তে যৌন কৰ্মীসকলৰ জ’নিং বা বিভিন্ন মণ্ডলত বিভক্তকৰণ, ৰেজিষ্ট্ৰেচন, বাধ্যতামূলক স্বাস্থ্যপৰীক্ষা আদি কৰোৱা হয়। ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আৰু নজৰদাৰি বৃদ্ধি কৰা এনে আইন-কানুনৰ বিৰুদ্ধে যৌন কৰ্মীসকলৰ মাজৰপৰাও প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা যায়। (‘Introduction’, Prabha Kotiswaran edited ‘Sex Work’, Women Unlimited, 2011; লেখাটোৰ অন্য অংশতো গ্ৰন্থখনৰ সহায় লোৱা হৈছে।)

ভাৰতৰ নাৰীবাদী মহলৰ মাজত হোৱা এই সম্পৰ্কীয় বিতৰ্কবিলাকতো প্ৰধানকৈ ব্ৰিটিছ-মাৰ্কিন দৃষ্টিভংগীবিলাকৰে প্ৰতিধ্বনি শুনা যায় যদিও কিছু পাৰ্থক্য পৰিলক্ষিত হয়। ভাৰতীয় ৰেডিকেল নাৰীবাদীসকলৰ যুক্তিৰাজি বহু সময়ত সমাজবাদী নাৰীবাদী দৃষ্টিভংগীৰ সৈতে মিলি পৰিছে। আনহাতে, যৌন ৰেডিকেল নাৰীবাদীসকলৰ দৃষ্টিভংগীত ভাৰতীয় সাংস্কৃতিক জাতীয়তাবাদৰ সমালোচনাও অন্তৰ্নিহিত হৈ আছে। জাঁ ডিকুনহা আদি নাৰীবাদীয়ে দেখুৱাইছে যে যৌন কৰ্ম হ’ল নাৰী শ্ৰমিক শক্তিয়ে কৰা আটাইতকৈ বিচ্ছিন্ন বা এলিয়েনেটেড চৰিত্ৰৰ শ্ৰমসমূহৰ ভিতৰত এটা, য’ত শ্ৰমৰ পৰিস্থিতিসমূহ নাৰীৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। পুঁজিবাদী পুৰুষতান্ত্ৰিক এই শোষণমূলক ব্যৱস্থাটোৰ ভিতৰত থাকি যৌন কৰ্মীয়ে নিজৰ সচেতন কৰ্তা বা সমৰ্থনৰ কথা ক’বলৈ যোৱাটো হাস্যকৰ, সি তেওঁলোকৰ ভ্ৰান্ত চেতনাৰহে পৰিচায়ক। পশ্চিমীয়া প্ৰেক্ষাপটৰ বিপৰীতে ভাৰতত শ্ৰেণীগত, বৰ্ণগত, লৈংগিক বৈষম্য আৰু শোষণে নাৰীক এনেদৰে হেঁচা মাৰি ধৰি আছে যে ইয়াত নাৰীয়ে স্বেচ্ছাই যৌন উদ্যোগত প্ৰবেশ কৰিছে বুলি কোৱাটো অৰ্থহীন। এই বিলোপবাদীসকলে স্বাভাৱিকতেই যৌন কৰ্মীসকলৰ আন্দোলন, দাবী-দাবাসমূহৰ প্ৰতিও বিৰূপ মনোভাব পোষণ কৰি আহিছে, বহু সময়ত পোনপটীয়া বিৰোধো প্ৰদৰ্শন কৰিছে। বাঁওপন্থীসকলেও সময়ে সময়ে এনে স্থিতি গ্ৰহণ কৰি আহিছে : পুঁজিবাদে কেনেকৈ যৌন উদ্যোগক পোহপাল দিছে সেই কথা তেওঁলোকে সাব্যস্ত কৰিব খোজে আৰু সেই সত্য উপলব্ধি কৰিব নোৱৰা বাবে যৌন কৰ্মীৰ আন্দোলনসমূহক সমালোচনা কৰে। সি যি নহওক, ডিকুনহাৰ দৰে নাৰীবাদীয়ে উন্নয়নশীল দেশসমূহৰ দাৰিদ্ৰ্যৰ ওপৰত ভিত্তি কৰি যেনেকৈ যৌন কৰ্মৰ এক অ-পশ্চিমীয়া নাৰীবাদী সমালোচনা বিকশিত কৰিছে, আন কোনো কোনো বিলোপবাদীয়ে আকৌ ভাৰতীয় সংস্কৃতিৰ প্ৰশ্ন টানি আনিছে। এইসকলৰ মতে যৌন কৰ্মীসকলৰ অধিকাৰৰ হকে মাত মতাসকল হ’ল পশ্চিমীয়া ধ্যান-ধাৰণাৰদ্বাৰা পৰিচালিত আৰু পশ্চিমীয়া পুঁজিৰদ্বাৰা লাভান্বিত, তাৰ মানে ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী।

ইয়াৰ বিপৰীতে অৱস্থান কৰি ৰত্না কাপুৰ আদি নাৰীবাদীয়ে সাংস্কৃতিক জাতীয়তাবাদৰ সমালোচনা দাঙি ধৰিছে। কাপুৰৰ মতে, ভাৰতত চলা যৌন কৰ্ম-কেন্দ্ৰিক আইনৰ সংশোধন প্ৰচেষ্টাও প্ৰকৃততে হ’ল এইডছ ৰোগে ভাৰতীয় যৌনতাৰ পৱিত্ৰতালৈ কঢ়িয়াই অনা প্ৰদূষণ আৰু তৎজনিত সাংস্কৃতিক সংকটৰ প্ৰতি এক সঁহাৰিহে। ভাৰতীয় নাৰীবাদীসকলে নিজকে পাশ্চাত্যৰ বিপৰীতে থিয় কৰাবলৈ গৈ যৌন কৰ্মী নাৰীৰ যিটো বিশুদ্ধ ভাৰতীয় সত্তা নিৰ্মাণ কৰিছে সেইটো ভাৰতীয় সাংস্কৃতিক জাতীয়তাবাদৰ ওপৰতহে প্ৰতিষ্ঠিত। এই অনুসৰি পাশ্চাত্যক থিয় কৰোৱা হৈছে ব্যক্তিসত্তাৰ ভিত্তিত আৰু প্ৰাচ্যক থিয় কৰোৱা হৈছে সম্প্ৰদায়ৰ ভিত্তিত; ভাৰতীয় সতী-সাধ্বী নাৰীসকল যৌন শোষণৰ বলি হৈছে, কিন্তু উপভোক্তাবাদৰদ্বাৰা পৰিচালিত হৈ পশ্চিমীয়া ব্যক্তিবাদী নাৰীসকলে যৌন কৰ্মত প্ৰবৃত্ত হৈছে। এইদৰে বিশুদ্ধ ভাৰতীয় সত্তা নিৰ্মাণ কৰিবলৈ যাওঁতে নাৰীবাদীসকলে অৱশেষত হিন্দু জাতীয়তাবাদীসকলৰ সৈতে একেটা সমদলত থিয় দিছেগৈ। তেওঁলোকে যৌন কৰ্মী নাৰীসকলৰ সচেতন কৰ্তাৰূপী ভূমিকাক সমূলে নস্যাৎ কৰিছে আৰু তাৰ লগে লগে মুক্তিকামী ৰাজনীতিৰ সম্ভাৱনাও অকল্পনীয় হৈ পৰিছে। ইয়াৰ পৰিণাম হ’ল আইন-কানুনৰ জৰিয়তে ৰাষ্ট্ৰক অবাধ নিয়ন্ত্ৰণ আৰু নজৰদাৰি চলাবলৈ উৎসাহিত কৰা। ইয়াৰ বিপৰীতে কাপুৰে যৌন কৰ্মীৰ আকাংক্ষা আৰু সচেতন কৰ্তাৰ ভূমিকা স্বীকাৰ কৰিছে; দাসত্ব আৰু স্বাধীন লিবাৰেল ব্যক্তিসত্তা – এই দুটাৰ মাজত অলপ ঠাই মোকলাব খুজিছে। ই শোষণ আৰু যন্ত্ৰণাক নুই নকৰে, বৰং তাৰ মাজতে নাৰীৰ বাবে স্বাধীন ইচ্ছা আৰু দৰাদৰিৰ ক্ষমতাক স্বীকাৰ কৰে। ইয়াৰ জৰিয়তে নাৰীয়ে কেৱল নিজৰ দাসত্বৰ অৱস্থানকে নহয়, জাতি-যৌনতা-পৰিয়াল আদি প্ৰসংগত অন্যান্য সামাজিক প্ৰমূল্যসমূহকো প্ৰত্যাহ্বান জনায়। কিন্তু প্ৰভা কোতিশ্বৰণে ক’বৰ দৰে, কাপুৰৰ বিলোপবাদৰ সমালোচনা মূলতঃ সাংস্কৃতিক। ইয়াৰ বিপৰীতে বিলোপবাদৰ পোষকতা কৰা ভাৰতীয় ৰেডিকেল নাৰীবাদীসকলে নিজে যি আলোচনা দাঙি ধৰিছে, সি কিন্তু ঘাইকৈ অৰ্থনৈতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলোকে কেৱল সাংস্কৃতিক প্ৰতীকীবাদৰ মাজত আবদ্ধ নাথাকি নাৰীৰ অৰ্থনৈতিক শোষণৰ কথা কৈছে, বিশ্বজোৰা যৌন বজাৰখনৰ অৰ্থনৈতিক সমালোচনা দাঙি ধৰিছে। গতিকে কেৱল নাৰীৰ সচেতন কৰ্তাৰ উন্মোচনে ইয়াৰ সমাধান দিব নোৱাৰে।

ৰেডিকেল নাৰীবাদীসকল আৰু যৌন কৰ্মৰ প্ৰবক্তাসকলৰ মাজত এটা অৱস্থান ল’বলৈ চেষ্টা কৰিছে ৰাজেশ্বৰী সুন্দৰ ৰাজনে। যৌন কৰ্মীৰ পতিত অৱস্থাৰ ষ্টিৰিঅ’টাইপটো সমালোচনা কৰিলেও তেওঁ সচেতন কৰ্তাৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে – যৌন কৰ্মীৰ জীৱনক যাতে আদৰ্শনীয় ৰূপত দাঙি ধৰা নহয়, সেই লৈ তেওঁ সতৰ্ক কৰি দিছে। অপৰাধ, স্বাস্থ্যজনিত সমস্যা আৰু অন্যান্য সমাজবিৰোধী প্ৰৱণতাই আৱৰি ৰখা যৌন কৰ্মক সাধাৰণ শ্ৰম হিচাপে স্বাভাৱিক ৰূপত গ্ৰহণ কৰাটো অসুবিধাজনক। খুব বেছি ইয়াক অস্তিত্ব ৰক্ষাৰ সংকটাকীৰ্ণ উপায় হিচাপে ধৰিব পাৰি। তথাপি তাক আন্তৰ্জাতিক পুঁজিবাদৰ প্ৰেক্ষাপটত নিৰাপত্তাহীন অসংগঠিত খণ্ডৰ অংশ বুলিয়ে ধৰিব লাগিব। বিলোপবাদীসকলে দাঙি ধৰা যৌন কৰ্মৰ ব্যৱস্থাটো বা ছিষ্টেমটো আৰু যৌন কৰ্মৰ প্ৰবক্তাসকলে দাঙি ধৰা সচেতন কৰ্ম বা প্ৰেক্টিচ – সুন্দৰ ৰাজনে এই দুইটাকে শুদ্ধ বুলি কৈছে, আৰু এই দুইটাৰ মাজৰ এটা মধ্যম সমাধান দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ মতে, নাৰীবাদীসকলে এক স্ববিৰোধপূৰ্ণ ৰণনীতি লোৱা উচিত – তেওঁলোকে ছিষ্টেমটোৰ বিলোপ সাধনৰ পোষকতা কৰিব লাগে আৰু একে সময়তে প্ৰেক্টিচটো শক্তিশালী কৰাৰ চেষ্টা কৰিব লাগে। তাৰ মানে হ’ল ব্যক্তিগত যৌন কৰ্মীসকলৰ অধিকাৰক সুৰক্ষা দিয়া, কিন্তু একে সময়তে যৌন কৰ্মৰ উদ্যোগটোৰ বিৰোধিতা কৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত যৌন কৰ্মৰ অপৰাধমুক্তকৰণ কৰা হ’ব নে নতুন আইন-কানুন প্ৰণয়নেৰে তাক অধিক সুৰক্ষিত কৰা হ’ব সেই লৈ সুন্দৰ ৰাজন বিশেষ আগ্ৰহী নহয়, কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ উদ্যোগটোৰ অৱসান হোৱাটো বিচাৰে। কিন্তু এনে ৰণনীতি বাস্তৱসন্মত হয়নে? এহাতে ব্যক্তিগত যৌন কৰ্মীসকলৰ অধিকাৰক সমৰ্থন কৰি আনহাতে যৌন কৰ্মৰ উদ্যোগটোৰ বিলোপ সাধনৰ প্ৰচেষ্টা চলোৱা সম্ভৱপৰ হয়নে?

ওপৰত আমি নাৰীবাদীসকলৰ মাজত হোৱা বিতৰ্কসমূহৰ এটা চমু আভাস দাঙি ধৰিলো। এতিয়া চমুকৈ যৌন কৰ্মীসকলে নিজে কি কয় সেই লৈ আলোচনা কৰা যাওক। মূলসুঁতিৰ নাৰীবাদী আন্দোলনসমূহে আওকাণ কৰি চলিলেও, ভাৰতৰ যৌন কৰ্মীসকলে নিজাববীয়াকৈ যোৱা প্ৰায় দুটা দশকত বিভিন্নধৰণে নিজৰ দাবী-দাবাক লৈ আন্দোলন, আলোচনা আদি কাৰ্যসূচীৰ মাজেৰে সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰি আহিছে। তেওঁলোকে দাবী কৰে যে আইনগতভাৱে নহ’লেও সামাজিকভাৱে যৌন কৰ্ম হ’ল এক শ্ৰম। তেওঁলোকে সামাজিকভাৱে প্ৰয়োজনীয় এক শ্ৰম হিচাপে যৌন কৰ্মক দাঙি ধৰিছে, আৰু শ্ৰমৰ বজাৰখনত শ্ৰেণীগত প্ৰক্ৰিয়াবিলাকৰ মাজত কেনেদৰে এই শ্ৰম বান্ধ খাই আছে সেই কথাও আঙুলিয়াই দেখুৱাইছে। তেওঁলোকে পৰিয়ালৰ উপাৰ্জনৰ উৎস হিচাপে ভূমিকা পালন কৰা একোগৰাকী দায়িত্বশীল কৰ্মী মহিলা হিচাপে নিজকে গণ্য কৰে। তেওঁলোকে প্ৰতিকূল ক্ষমতাৰ গাঁথনিবিলাকৰ মাজত যৌন কৰ্মক নিজৰ ক্ষমতা আৰু আয়ৰ উৎস হিচাপে গণ্য কৰে যি তেওঁলোকক মূৰ তুলি জীয়াই থকাত সহায় কৰে। তেওঁলোকে গ্ৰাহকৰ লগত কেৱল যৌন কৰ্মই নকৰে, বিভিন্ন শাৰীৰিক-আৱেগিক আচৰণ-কৰ্মৰে তেওঁলোকক শাৰীৰিক-মনস্তাত্ত্বিক পৰিচৰ্যাও কৰে। ইয়াৰ মাজত কোনখিনি শাৰীৰিক, কোনখিনি মনস্তাত্ত্বিক বিচাৰি উলিয়াব নোৱাৰি। ইয়াৰ জৰিয়তে যৌন কৰ্ম চৰিত্ৰগতভাৱে অন্যান্য পৰিচৰ্যা কৰ্মৰ সৈতে একে হৈ পৰে। গতিকে যৌন কৰ্ম হ’ল একে সময়তে এক শাৰীৰিক শ্ৰম, সামাজিক প্ৰয়োজন পূৰণ কৰা এক সেৱা, এক থেৰাপি আৰু এক বিনোদন। এই যৌন কৰ্মৰ বাবে বিশেষ কাৰিকৰী কৌশল আৰু যত্নৰ প্ৰয়োজন হয়।

পাশ্চাত্যৰ যৌন কৰ্মীসকলে নিজকে স্বনিয়োজিত প্ৰফেছনেল হিচাপে প্ৰতিষ্ঠিত কৰিব খোজে, কিন্তু তাৰ বিপৰীতে ভাৰতৰ যৌন কৰ্মীসকলে যৌন কৰ্মক এক ব্যৱসায় বা ধাণ্ডা হিচাপেহে উপস্থাপন কৰিব খোজা দেখা যায়। তেওঁলোকে নিজকে অসংগঠিত খণ্ডৰ শ্ৰমিক হিচাপে গণ্য কৰে। এই হিচাপে তেওঁলোক নিৰাপত্তাহীনতা আৰু বৈষম্যপূৰ্ণ অৰ্থনৈতিক পৰিস্থতিৰ মাজত শ্ৰম কৰা আন আন সকলো অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সহযাত্ৰী। এই হিচাপেই তেওঁলোকে নিজৰ অধিকাৰ দাবী কৰে, যৌন কৰ্মৰ আইনী বৈধতা দাবী কৰে, ইউনিয়ন গঠনৰ অধিকাৰ দাবী কৰে আৰু যৌন কৰ্মীৰ বাবে বিশেষ সংৰক্ষণমূলক আইন প্ৰণয়নৰ দাবী কৰে। যৌন উদ্যোগৰ ভিতৰচ’ৰাত তেওঁলোকে ন্যায়সংগত অৰ্থনৈতিক বিতৰণৰ দাবী কৰে। বৰ্তমান সময়ত ভাৰতত যৌন কৰ্মীসকলৰ বহুসংখ্যক এন জি অ’ তথা সম্প্ৰদায়ভিত্তিক সংগঠনে বিভিন্ন দিশত কাম কৰি আছে। দুই-এটা উদাহৰণ ল’ব পাৰি। কলকাতা-কেন্দ্ৰিক ‘দুৰ্বাৰ মহিলা সমন্বয় কমিটি’ এটা বৰ্তমানে ৬৫০০০ নাৰী, পুৰুষ আৰু ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীৰ সদস্যযুক্ত প্ৰভাৱশালী সংগঠন। ১৯৯২ চনৰপৰা সংগঠনটোৱে যৌন কৰ্মীসকলৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান, বাসস্থান আৰু কৰ্মস্থানৰ উন্নয়ন তথা সুৰক্ষা, পৰিয়ালৰ সুব্যৱস্থা আদিৰ বাবে চেষ্টা কৰি আহিছে। তাৰ বাবে সংগঠনটোৱে স্বাস্থ্য ক্লিনিক, ক্ৰেডিট সমবায়, যৌন কৰ্মী আৰু তেওঁলোকৰ শিশুৰ বাবে স্কুল আদি পাতিছে; সামূহিকভাৱে যৌন কৰ্মীসকলৰ ভাবমূৰ্তি উন্নয়নৰ বাবে সাংস্কৃতিক অনুষ্ঠান স্থাপন কৰিছে; যৌন কৰ্মী, স্থানীয় চৰকাৰী কৰ্মচাৰী আৰু সমাজৰ প্ৰতিনিধিক লৈ স্বনিয়ন্ত্ৰণমূলক ব’ৰ্ড গঠন কৰিছে। এই ব’ৰ্ডসমূহে যৌন উদ্যোগলৈ বলপূৰ্বকভাৱে মানুহ অনাত বাধা প্ৰদান কৰে – সেয়া লাগিলে শিশুৱেই হওক বা বয়স্কই হওক। সংগঠনৰ শাখা কমিটিসমূহে ৰে’ড লাইট এৰিয়াৰ ভিতৰত হোৱা বিবাদ নিষ্পত্তি কৰে। তদুপৰি সংগঠনটোৱে অযথা পুলিচ ৰেইডৰ বিৰুদ্ধে, উপযুক্ত সংস্থাপন নোহোৱাকৈ চলাব খোজা উচ্ছেদ অভিযানৰ বিৰুদ্ধে, জোৰকৈ কৰাব খোজা স্বাস্থ্য পৰীক্ষাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, গণিকালয়ৰ মালিক, স্থানীয় গুণ্ডা, ৰাষ্ট্ৰ, এন জি অ’ আদিয়ে চলোৱা হিংসা আৰু হাৰাশাস্তিৰ বিৰুদ্ধে সজোৰে থিয় দিয়ে। মে’ দিৱস, আন্তঃৰাষ্ট্ৰীয় যৌন কৰ্মী দিৱস, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, আন্তঃৰাষ্ট্ৰীয় এইডছ দিৱস আদি পালন কৰে। সংগঠনটোৱে পতা বছৰেকীয়া কনফাৰেন্সসমূহত দেশৰ হাজাৰ হাজাৰ যৌন কৰ্মীৰ লগতে এন জি অ’ৰ কৰ্মকৰ্তা, বুদ্ধিজীৱী, ৰাজনীতিবিদ, চৰকাৰী প্ৰতিনিধি, বিশ্ব স্বাস্থ্য সংস্থা আদি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰতিনিধি, ট্ৰেড ইউনিয়নৰ কৰ্মকৰ্তা আদিয়েও অংশগ্ৰহণ কৰে। এই সংগঠনটোৰ দৰে সৰু-বৰ আন সংগঠনসমূহেও যৌন কৰ্মীসকলৰ হৈ কাম-কাজ কৰাৰ উপৰি বিভিন্ন অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক দাবী-দাবা উত্থাপন কৰি আহিছে। ইয়াৰ ভিতৰত ‘কৰ্ণাটক ছেক্স ৱৰ্কাৰ্ছ ইউনিয়ন’-এ ট্ৰেড ইউনিয়নৰ স্বীকৃতিও লাভ কৰিছে। এই সংগঠনটোৱে যৌন কৰ্মৰ অপৰাধমুক্তকৰণৰ উপৰি উপযুক্ত কৰ্ম পৰিবেশ, উপযুক্ত চিকিৎসাৰ ব্যৱস্থা, থকা ঘৰৰ সুবিধা, অৱসৰকালীন পেন্সনৰ সুবিধা, প্ৰভিডেণ্ট ফাণ্ড আৰু বীমা, শিশুৰ বাবে উপযুক্ত শিক্ষা আৰু নিৰাপত্তাৰ দাবী তুলি আহিছে।

সামগ্ৰিকভাৱে ক’বলৈ গ’লে, যৌন কৰ্মীসকলে সদায়েই লেছবিয়ান, গে’, ট্ৰেন্সছেক্সুৱেল আদি যৌন সংখ্যালঘুসকলৰ অধিকাৰৰ পক্ষত মাত মাতি আহিছে; পুৰুষতান্ত্ৰিক-বিষমলৈংগিক বিবাহ ব্যৱস্থাৰ বাহিৰৰ যৌন পছন্দ আৰু যৌন বৈচিত্ৰ্যক সমৰ্থন কৰি আহিছে। এতিয়া প্ৰশ্ন হ’ল, এল জি বি টি আদি আন্দোলনৰপৰা যৌন কৰ্মীসকলে সমধৰ্মী সমৰ্থন-সহযোগিতা পাবনে আৰু ভৱিষ্যতে কেতিয়াবা তেওঁলোক একেটা ৰাজনৈতিক সমদলত থিয় দিবলৈ সক্ষম হ’বনে? এই প্ৰশ্নৰ উত্তৰৰ সন্ধান ভৱিষ্যতলৈ এৰিলো। সামৰণিত আমি ২০০৬ চনত কৰ্ণাটক ছেক্স ৱৰ্কাৰ্ছ ইউনিয়নে মে’ দিৱসৰ ৰেলি অনুষ্ঠিত কৰি প্ৰকাশ কৰা বিবৃতিৰ একাংশ উদ্ধৃত কৰিব বিচাৰিছো :

“Sex work is a dignified form of labour. We are nothing less or more than any other worker. We want no special rights but equal rights like every other worker or citizen. Let’s form a united front with other progressive-democratic unions and wage a militant working class struggle against the anti-labour policies of the Government.” (ibid., p. 266)

সেই প্ৰগতিশীল-গণতান্ত্ৰিক সংগঠনসমূহে যৌন কৰ্মীসকলৰ এই সজোৰ ৰাজনৈতিক আহ্বানৰ প্ৰতি সঁহাৰি দিব কেতিয়া?

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে