চ’ৰাঘৰ / কথাশিল্প /  খোজ ৷৷ হিমাংগ দাস৷৷

 খোজ ৷৷ হিমাংগ দাস৷৷

মোৰ প্ৰাত:ভ্ৰমণৰ খোজবোৰ
আইৰ বাঢ়নিয়ে মচি দিয়ে
.
বাঢ়নিৰ আঁচবোৰ
পাণ বেপাৰীৰ চাইকেলবোৰে মচি দিয়ে
.
চাইকেলৰ চিনবোৰ
ধান বেপাৰীৰ গাড়ীবোৰে মচি দিয়ে
.
গাড়ী যোৱা বাট
গাড়ীয়ে আঁকে
গাড়ীয়ে মচে
.
পশ্চিমৰ বাঁহনিত বেলি লুকায় মানে
টুকুৰা-টুকুৰ হয় মোৰ খোজ
মোৰ দৰে হাজাৰ পথিকৰ খোজ
.
মই জী থকালৈকে
খোজৰ এই অপমৃত্যু
কাৰো আলোচ্য বিষয় নহয়
আনকি আইৰো !
.
প্ৰতিদিনে খোজবোৰ মৰি থকাটোও
মোৰ জী থকাৰ অন্যতম কাৰণ ।

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে