চ’ৰাঘৰ / কথাশিল্প / ধ্বনিময় অনল শিখা : এখন অগতানুগতিক উপন্যাস ৷৷ টুনুজ্যোতি গগৈ৷৷

ধ্বনিময় অনল শিখা : এখন অগতানুগতিক উপন্যাস ৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা এক দশক ধৰি নিৰৱচ্ছিন্নভাৱে সাৰস্বত সাধনাত ব্ৰতী হৈ অহা গীতালী বৰুৱা অসমীয়া পাঠক সমাজৰ বাবে এটি চিনাকি নাম৷ কেইবাখনো কবিতা, গল্প আৰু উপন্যাস সংকলন বাণীৰ বেদীলৈ আগবঢ়োৱা বৰুৱাৰ ৰচনাৰাজিত অবিভক্ত গোৱালপাৰা জিলাৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক জীৱনৰ লগতে আধুনিক চিন্তন, মনন, জটিল যৌন মনস্তত্ব আদি সুন্দৰকৈ ফুটি উঠিছে৷ বৰুৱাৰ শেহতীয়া উপন্যাস ‘ধ্বনিময় অনল শিখা’তো ভোগবাদী সমাজ জীৱনৰ লগতে আধুনিক মানুহৰ অন্তৰ্জগতৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷

উপন্যাসখনৰ নায়ক মোহিত ৰায়ে সকলো সময়তে এক বিলাসবহুল জীৱন কামনা কৰিলেও তেওঁ জীৱন যুদ্ধত সফলতাৰে অৱতীৰ্ণ হ’ব পৰা নাই, কেৱল পৰজীৱী উদ্ভিদৰৰ দৰে জীৱনৰ বিভিন্ন সময়ত বিভিন্নজনৰ আশ্ৰয়ত নিজৰ অস্তিত্ব বৰ্তাই আহিছে৷ কোনোধৰণৰ অভাৱ অনুভৱ নকৰাকৈয়ে ডাঙৰ-দীঘল হোৱা মোহিত আছিল ঘৰখনৰ জ্যেষ্ঠ সন্তান৷ তেওঁৰ তলত ভায়েক-ভনীয়েক এহাল৷ গুৱাহাটীত উচ্চ পদস্থ বিষয়া হিচাবে কৰ্মৰত খুড়াকৰ ঘৰত থাকিয়েই তেওঁ শিক্ষা গ্ৰহণ কৰিছিল৷ কৈশোৰতে মোহিতে লাভ কৰিছিল নিষিদ্ধ যৌৱনৰ স্বাদ, গৃহ শিক্ষয়িত্ৰী ৰমা মিচেই জগাই তুলিছিল তেওঁৰ প্ৰথম যৌনানুভূতি৷ প্ৰেমৰ পূৰ্বে যৌনতাৰ স্বাদ লাভ কৰাৰ বাবেই হয়তো মোহিতৰ মনোদৈহিক গঠন অন্য পুৰুষতকৈ পৃথক হৈ পৰে, পৰৱৰ্তী জীৱনত তেওঁ নাৰীৰ হৃদয়লৈ জুমি চোৱাৰ পৰিৱৰ্তে জুমি চাব খুজিছিল নাৰীৰ ভৌগোলিক অবয়ব৷ দেহসৰ্বস্ব প্ৰেমত উটি-ভাহি গৈ ‘প্ৰেমৰ খেলাত মত্ত হৈ পৰিছিল মোহিত৷ যি প্ৰেমত আছিল বিশ্বাস, ভৰষা, শ্ৰদ্ধা আৰু সততাৰ চূড়ান্ত অভাৱ৷ মোহিতৰ মনোভাবক লৈয়ো এইসকল প্ৰেমিকাৰো কোনো অসুবিধা হোৱা নাছিল৷ কাৰণ, সিহঁতৰ লক্ষ্যই আছিল মোহিতৰ লংপেন্টৰ উখহা তপিনা৷’

সন্দেহ নাই, কামাতুৰ ৰমা মিচৰ প্ৰতাৰণাই মোহিতৰ মনত নাৰী জাতিটোৰ প্ৰতিয়েই তীব্ৰ বিতৃষ্ণা জগাই তুলিছিল৷ জীৱনৰ প্ৰথম আৰু নিভাঁজ প্ৰেম ঠুনুকা কাঁচ ভঙাদি চকুৰ আগতেই ভাগি যোৱাৰ পাছতো মোহিতৰ জীৱনলৈ যে প্ৰেম অহা নাছিল, তেনে নহয়, মনন-চিন্তনক এক নতুন অৰ্থ প্ৰদান কৰিব পৰা প্ৰেমো তেওঁৰ জীৱনলৈ আহিছিল৷ দেউতাকৰ ব্যৱসায় চোৱা-চিতা কৰিবলৈ লৈ আৰ্থিকভাৱে স্বচ্ছল হৈ থকাৰ সময়ত মোহিতৰ প্ৰেমৰ কক্ষপথত ভৰি থৈছিল অনিন্দিতা চৌধুৰীয়ে, যি নাৰীৰ তেওঁৰ পেন্টৰ উখহা জেপলৈ চকু নাছিল৷ সেয়ে তেৱেঁা আন দহজনী প্ৰেমিকাতকৈ অনিন্দিতাক ভিন্ন দৃষ্টিৰে চাইছিল৷ তথাপি, ‘নাৰীৰ প্ৰতি অশ্ৰদ্ধা আৰু অসন্মানৰ বীজ ৰোপিত কলিজাখনে কিমানখিনি নিৰ্মল প্ৰেমৰ উৎপত্তি কৰিব পাৰে, সেয়া নিশ্চয় সন্দেহৰ উৰ্ধত নহয়৷’

সেই অনিন্দিতাক মোহিতে ঘৰৰ প্ৰচণ্ড বাধাৰ বাবে পত্নীৰূপে আঁকোৱালি ল’ব নোৱাৰিলে৷ মোহিতৰ সন্তানৰ বীজ গৰ্ভত লৈয়ে আত্মহত্যা কৰা অনিন্দিতাক হেৰুওৱাৰ দুখ মোহিতৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন কৰি দিয়াটো কঠিন হৈ পৰিছিল৷ তথাপি, তেওঁ নাৰীৰ প্ৰতি অশ্ৰদ্ধা-অসন্মান মনত পুহিয়েই পৌৰুষত্বৰ গৌৰৱ বৰ্তাই ৰখাৰ চেষ্টাত ৰত আছিল৷ অত্যধিক নাৰী আসক্তিৰ বাবেই তেওঁ পাছলৈ ব্যৱসায়তো সফলতা লাভ কৰিব নোৱাৰিলে৷ পাছত কাপোৰৰ ব্যৱসায় ভায়েকে চমজি লোৱাত তেওঁ ঘৰুৱা দায়-দায়িত্বৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ আৰম্ভ কৰে নিজস্ব খেয়ালী জীৱন– কেৱল কিতাপ পঢ়ে, গান শুনে, সন্মুখত আগুৱাই দিয়া ভাত মুঠি খায় আৰু শোৱে৷ ইয়াৰ মাজতে সুযোগ পালে মদ্যপান কৰাৰ লগতে নাৰী সংগৰ সন্ধান কৰে৷

অস্থিৰ, উদভ্ৰান্ত আৰু জীৱন সম্পৰ্কে নিৰ্দিষ্ট দৰ্শনহীন মোহিতে এসময়ত জেউতি নামৰ নিঠৰুৱা গাভৰুগৰাকীক ইটো-সিটো কামত সহায় কৰিবলৈ গৈ, ঘৰৰ প্ৰবল বিৰোধিতা সত্বেও, পত্নী হিচাবে গ্ৰহণ কৰিছে৷ কিন্তু, জেউতিৰ প্ৰতি স্বামী হিচাবে থাকিব লগা দায়িত্ব পালন কৰাত চূড়ান্ত গাফিলতি প্ৰদৰ্শন কৰিছে৷ ঔপন্যাসিকাৰ ভাষাৰে–‘জেউতিৰ বিৰুদ্ধে নিঃশব্দ ৰণশিঙা বজাই, নতুন যৌন জীৱনৰ, মৌন শ্ল’গানেৰে টলমল হৈ জীয়াই থাকিব খোজে৷ অথচ পত্নীৰ পৰা কোনো মূল্যতে অাঁতৰিব নিবিচাৰে৷ সুখ-স্বাচ্ছন্দ্য বজাই ৰাখিবলৈ, চাকৰিটোৰে সৈতে জেউতিক প্ৰয়োজন আছে৷ পুৰুষত্ব সমূলি বিসৰ্জন দিয়া, সেই মুহূৰ্তৰ মোহিত হৈ পৰিছিল পৃথিৱীৰ নিকৃষ্টতম ব্যক্তি৷’

বিবাহৰ পাছতো বহু বিবাহিতা বা অবিবাহিতা নাৰী মোহিতৰ জীৱনলৈ আহিছে৷ কিন্তু, সেই সকলোবোৰ ‘যৌৱনৰ উষ্ণ জলত হিয়া উজাৰি স্নান কৰি গুচি গৈছে৷ আবেগ-মৰম শূন্য তেনেবোৰ সম্পৰ্কই ক্ষণিক সময়ৰ বাবে কিমান সন্তুষ্টি প্ৰদান কৰিব পাৰে, তাৰো জোখ-মাখ, তাইহঁতৰ অস্তিত্বৰ দৰেই মচ খাই গৈছে স্মৰণ-শক্তিৰ পৰা৷’ অৱশ্যে, মোহিতে এদিন মৰ্মে মৰ্মে উপল¿ব্ধ কৰিছে–‘জেউতিক ফাকি দিছো¯ নাই দিয়া৷ মই ফাকি দিছো নিজক৷ ফাকি দিলে ঠগ খাবই লাগিব৷ মোক ঠগিছে মোৰ জীৱনে৷ পৃথিৱীৰ সকলো ঠগতকৈ জীৱনৰ ঠগ আটাইতকৈ ভয়ংকৰ৷’ কিন্তু. তেতিয়ালৈ বহু পলম হৈ পৰিল বাবে জেউতি আৰু ঔৰসজাত পুত্ৰও অন্যান্য আত্মীয়-স্বজনৰ দৰে তেওঁৰ কাষৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে৷

এই এহালিছা বৰ্ণনাৰ পৰাই স্পষ্ট হৈ পৰিছে যে উপন্যাসৰ নায়ক মোহিত আদৰ্শবাদী পুৰুষ নহয়, মনৰ মাজত অহৰহ বেহিচাপী জীৱন আৰু যৌৱন ক্ষুধা কঢ়িয়াই লৈ ফুৰা মোহিত ভোগবাদী সভ্যতাৰ এক আবিল প্ৰতিনিধিহে৷ অৱশ্যে, জৈৱিক বিলাসত বাৰে বাৰে অন্ধ হ’লেও মোহিতৰ হৃদয়তো সংগোপনে জীপ লৈ আছিল প্ৰেমৰ এটি নিৰ্মল নিজৰা, যাৰ বাবেই জীৱন বাটত লগ পোৱা অলেখ নাৰীৰ মাজৰ দুগৰাকী নাৰী ক্ৰমে শ্যামা আৰু বসুন্ধৰাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে তেওঁ দুটি মিউজিকেল লাইটাৰ আমৃতু্য লগত কঢ়িয়াই লৈ ফুৰিছিল৷

যৌনকৰ্মী ‘শ্যামাৰ উশাহৰ ঘনত্বত, মোহিতে বিচাৰি পাইছিল এটুকুৰা আপোন ঠাই৷’ সেয়ে মিউজিকেল লাইটাৰৰ দৰে শ্যামা প্ৰায়ে মোহিতৰ হৃদয়ত ধ্বনিময় হৈ উঠিছিল৷ ‘আনকি শ্যামা নামৰ যি সত্তাক হিয়াৰ একোণত সজীৱ কৰি ৰাখিছে, সেই সত্তাৰ শুদ্ধ আৰু আচল নামটো জানিবলৈ নোপোৱাটোতো মোহিতৰ কোনো আক্ষেপ নাই৷’ সেইদৰে, সংস্থাপনদাত্ৰী সুন্দৰী বিধৱা বসুন্ধৰা শৰ্মাৰ জীৱনৰ গোপন উতলা ফাগুণজাকে মোহিতক প্ৰথম দিনাই আলফুলে চুই গৈছিল৷ বসুন্ধৰাই মোহিতক সংস্থাপন দিয়াৰ লগতে যৌনসংগী হিচাবেও পচন্দ কৰিছিল৷ কিন্তু, জীৱনৰ বহু সংঘাতে কোবাই যোৱা চতুৰা বসুন্ধৰাই মোহিতৰ সৈতে সদায় এক নিৰাপদ দূৰত্ব বৰ্তাই ৰাখিব বিচাৰিছিল৷ সেই দূৰত্ব এনেধৰণৰ–‘শাৰীৰিক মিলন এনেকুৱা এক সাংঘাতিক ঘটনা নহয়, যিয়ে মনৰ সুন্দৰতাক বন্দী কৰিব পাৰিব৷ সৌন্দৰ্যবান হৃদয়েহে হৃদয়ক বশ কৰিব পাৰে৷ কোনো স্বাৰ্থপৰায়ণৰ শাৰীৰিক সক্ষমতাই নহয়৷ … জানা মোহিত, জীৱনটোৰ কথা দকৈ ভাবিলে হতাশাই ছানি ধৰে৷ নিঃস্বাৰ্থ মৰম শূন্য হৈ পৰিছে মানৱতাৰ আকাশ৷ হৃদয়ৰ হাটত বহি প্ৰেমৰ ব্যৱসায়ত নমাৰ মুঠেই মন নাই মোৰ৷ বিয়া বোলা শব্দটোৰ পৰা মোৰ মানসিকতাক চিৰকালৰ বাবে অঁাতৰাই আনিছো৷’

মোহিতে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ বিচৰাৰ পৰিণতিত তেওঁ বসুন্ধৰাৰ কাষৰ পৰা অঁাতৰি আহিব লগা হ’ল৷ অঁাতৰি আহিলেও মোহিতৰ বাবে বসুন্ধৰাক পাহৰি যোৱাটো সম্ভৱপৰ নাছিল, তেওঁ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবেইবসুন্ধৰাই উপহাৰ স্বৰূপে দিয়া মিউজিকেল লাইটাৰটো অনবৰত লগত কঢ়িয়াই লৈ ফুৰিছিল৷ বহু বছৰৰ পাছত বসুন্ধৰাৰ ভ্ৰাতৃৰ বিয়া খাবলৈ আহি তেওঁ বৰ আকুলতাৰে বিচাৰিছিল সেই নাৰীৰ দৰ্শন, যি সৌভাগ্য হ’লে তেওঁৰ নহ’ল৷

ইংৰাজী ৰোমান্টিক উপন্যাসৰ নায়কৰ জীৱন দৰ্শনৰ দ্বাৰা অন্ধভাৱে প্ৰভাবন্বিত মোহিতৰ জীৱন কাহিনী সাবলীলভাৱে বৰ্ণনা কৰিবলৈ যাওঁতে ঔপন্যাসিকাই মোহিতে জীৱনৰ বাটে বাটে লগ পোৱা নাৰীসকলৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া, ৰাগ-অনুৰাগ আদিও দক্ষতাৰে ফুটাই তুলিছে৷ এইখিনিতে নাৰীবাদৰ কথাও আহে৷ বিশ্ব সাহিত্যত এক বিশেষ বাগধৰা হিচাবে পৰিগণিত হোৱা নাৰীবাদে ‘নাৰী’ক বিশ্ব সভ্যতাৰ অগ্ৰগতিত এক দুৰ্বল শ্ৰেণী বুলি চিহ্নিত কৰিছে৷ ঔপন্যাসিকাই নাৰাবাদী দৃষ্টিকোণেৰে ধ্বনিময় অনল শিখা ৰচনা নকৰিলেও উপন্যাসত নাৰীবাদ হৈ উঠিছে এক বিশেষ দৃষ্টিকোণ৷

সাধাৰণতে গল্প, উপন্যাস আদি পৰম্পৰাগত কাহিনী নিৰ্মাণ শৈলীত নাৰীক ঔপজীব্যৰ সহায়ক ৰূপে আৰু অলংকৰণৰ বাবে ব্যৱহাৰ কৰা হয়৷ এনে পৰম্পৰাৰ বাহক হৈয়ো অসমীয়া সাহিত্যৰ দুখনমান উপন্যাসত আশ্চৰ্যজনকভাৱে নাৰীৰ প্ৰতি সহমৰ্মিতা ফুটি উঠিছে৷ নাট্য-সাহিত্যৰ জৰিয়তে বিশ্বৰ আধুনিক সাহিত্যত ইবচন নাৰী চেতনাৰ বাটকটীয়া হৈ উঠাৰ দৰে অসমীয়া সাহিত্যৰ মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঞি, অৰূপা পটংগীয়া কলিতা আদি লেখক-লেখিকাৰ কলমত নাৰীৰ প্ৰতি সহমৰ্মিতা পৰিলক্ষিত হয়৷ গীতালী বৰুৱাৰ এই উপন্যাসখনতো প্ৰত্যক্ষ কৰো যে জেউতি, বসুন্ধৰা শৰ্মা, বন্তি আদি চৰিত্ৰৰ প্ৰতি তেওঁৰ সহমৰ্মিতা যৰ্থাৰ্থভাৱেই ফুটি উঠিছে৷

নাৰী যে কেৱল পুৰুষৰ ক্ৰীড়নক নহয়, সেয়া ঔপন্যাসিকাই জেউতি চৰিত্ৰটিৰ জৰিয়তে ফুটাই তুলিব খুজিছে৷ প্ৰথমাৱস্থাত মানসিকভাৱে দুৰ্বলা কিন্তু উপাৰ্জনক্ষম জেউতিয়ে পাছলৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে৷ প্ৰেম-ক্ষমা-দয়া আদি গুণেৰে বিভূষিতা হৈয়ো মোহিতৰ আদব-কায়দাত চূড়ান্তভাৱে উত্যক্ত জেউতিয়ে এদিন উপলব্ধি কৰিছে–‘মোৰ জানো নিজস্ব এটা পৰিচয় নাই! মই মাথোঁ অকৰ্মণ্য, চৰিত্ৰহীন এজনৰ পত্নীহে নেকি? নাৰী হৈ জন্মাই মোৰ অপৰাধ নে· মই কৰি যোৱা কৰ্ম আৰু কৰ্তব্যৰ হিচাপ নহ’বনে সমাজৰ দৃষ্টিত?’

সাহিত্যত নাৰীৰ যৌনতাৰ প্ৰসংগ উপস্থাপন কৰিবলৈ গৈ অসমীয়া লেখক-লেখিকাসকলে স্বাভাৱিকভাৱেই কিছু সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ তথাপি, পদ্ম বৰকটকী, হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদি লেখকসকলে অসমীয়া সাহিত্যত নাৰীৰ যৌনতা সাহসেৰে উপস্থাপন কৰি গৈছে৷ ‘ধ্বনিময় অনল শিখা’ত যৌনতাৰবহুল উল্লেখ আছে৷ সংবেদনশীল উপন্যাসিকাই নাৰীৰ যৌনতাৰ প্ৰসংগত বসুন্ধৰা শৰ্মা চৰিত্ৰটিৰ অঁাৰ লৈ কৈছে–‘সমাজত প্ৰচলিত নিয়ম-নীতি আৰু বিশ্বাসৰ মেৰপাকত বন্দী হৈ আছে নাৰীৰ যৌন স্বাধীনতা৷ আবেগ-কামনাক মুকলিকৈ প্ৰকাশ কৰাতো বাহাল থাকে সামাজিক নিষেধাজ্ঞা৷ শিক্ষা-দীক্ষা, সামাজিক পটভূমি, অৰ্থনৈতিক শ্ৰেণী বিভাজন, সংস্কৃতিৰ উচ্চ-নীচ সকলোতে কষ্টৰ মাজেৰেও সমতা নিৰ্ণয় হ’লেও, নাৰীৰ যৌন কামনাৰ অধিকাৰ চিৰ ঘৃণনীয়৷’

উপন্যাসখনিত নায়ক মোহিতকে ধৰি কেতবোৰ চৰিত্ৰই কৰুণ পৰিণতি আেকাঁৱালি লোৱাৰ পৰিৱৰ্তে জেউতি, বন্তিকে ধৰি কেইটিমান চৰিত্ৰই আকৌ শত সংঘাত নেওচি গাইছে জীৱনৰ জীয়গীতি৷ উপন্যাসখনত আদিৰ পৰা অন্তলৈকে উচিত-অনুচিত, সৎ-অসৎ, পাপ-পূণ্যৰ দ্বন্দ্ব পৰিলক্ষিত হয়ঃ যি চিৰন্তন দ্বন্দ্বৰ মাজেদিয়ে মানৱ জীৱনৰ গতি প্ৰবাহিত হয়৷ এনে দ্বiদ্বক উপস্থাপন কৰিবলৈকে লেখিকাই নিৰ্বাচিত কৰি ল’লে এক অগাতনুগতিক কাহিনী৷

উপন্যাসৰ দৰে এক অনুপম শিল্পকৰ্ম ৰসোত্তীৰ্ণ কলালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অন্যান্য উপাদানৰ লগতে পৰিৱেশ সৃষ্টিও অপৰিহাৰ্য৷ এখন সাৰ্থক উপন্যাস উপভোগ্য কৰি তোলাত পৰিৱেশ চিত্ৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ পৰিৱেশ চিত্ৰণত ঔপন্যাসিকৰ দক্ষতা শলাগিবলগীয়া৷ সেইদৰে,সংবেদনশীল ঔপন্যাসিকাই সমসাময়িক অন্যান্য লেখকে চাব নোৱাৰা, চুব নিবিচৰা ভালেমান বাস্তৱ আধাৰিত চৰিত্ৰ উপন্যাসখনলৈ বুটলি আনিছে৷ যিপৰিৱেশৰ পৰাই সেই চৰিত্ৰবোৰ বুটলি নানক কিয়, প্ৰায়বোৰ চৰিত্ৰই পাঠকৰ হৃদয়ত গভীৰভাৱে দাগ কাটি যাবলৈ সক্ষম হ’ব৷ উপন্যাসৰ চৰিত্ৰবোৰ দ্বiদ্ব-বিৰোধেৰে উত্তাল হৈ প্ৰাণ পাই উঠাৰ মূল কাৰণ হ’ল সংবেদনশীল ঔপন্যাসিকাই চৰিত্ৰ সৃষ্টি আৰু পৰিৱেশ চিত্ৰণত দিয়া অত্যাধিক গুৰুত্ব৷

আমি গীতালী বৰুৱাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷ ভৱিষ্যতলৈ তেখেতৰ কলম যেন অধিক উৎপাদনক্ষম আৰু পৰিপক্ক হৈ পৰে, সেই প্ৰত্যাশাও থাকিল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে