মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / ইত্যাদি / শ্ৰমিকৰ ছদ্মৱেশত অধ্যাপক ৷৷ পূৰ্ণ কাকতি৷৷

শ্ৰমিকৰ ছদ্মৱেশত অধ্যাপক ৷৷ পূৰ্ণ কাকতি৷৷

১৯৭৭ চন মানৰ কথা। সমাজৰ পৰিবৰ্তনৰ বাবে পথ বিচাৰি ফুৰোঁতে এক পৰিঘটনাক্ৰমে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ লগত অনিল কুমাৰ বৰুৱাৰ যোগাযোগ হয়। ইয়াৰ আগেয়ে এই পাৰ্টিয়ে নক্সালবাৰীত কৃষক সংগ্ৰাম সংঘটিত কৰিছিল। দেশৰ বহু মেধাবী যুৱক সেই সংগ্ৰামত জপিয়াই পৰিছিল। ৰাষ্ট্ৰৰ বৰ্বৰ দমনে পাৰ্টিটো ছিন্ন-ভিন্ন কৰি দিছিল। বিভিন্ন নেতাই পাৰ্টিক পুনৰ সংহত কৰিবলৈ চেষ্টা কৰিছিল। তাৰ ভিতৰত বিনোদ মিশ্ৰই (চমু নাম VM) পুনৰ সংগঠিত কৰা পাৰ্টিৰ (লিবাৰেচন গোটে) বিভিন্ন সংগঠকে দেশজুৰি সাংগঠনিক আৰু আদৰ্শগত শক্তি সঞ্চাৰ কৰিবলৈ দিশে দিশে ধাৱমান হৈছিল। ছাঁইৰ দমৰ পৰা ওলোৱা ফিনিক্স পক্ষীৰ দৰে দমন-পীড়নৰ পৰা বাচি গোপনে (underground) কাম-কাজ চলাই পাৰ্টিটোৱে দেশৰ শ্ৰমিক-কৃষক জনগণৰ মাজত তাৰ বীজ বিয়পাই দিয়ে।

এনে এক সংগ্ৰামী আদৰ্শৰ লগত পৰিচয়ৰ লগে লগে অনিল কুমাৰ বৰুৱাৰ জীৱনত আৰম্ভ হয় বিপ্লৱী কামৰ অনুশীলন। ঘৰত নৱ-বিবাহিতা পত্নী আৰু অবোধ কন্যা সন্তান এৰি থৈ শ্ৰমিকৰ এলেকাত বিপ্লৱী শিক্ষা দিব লাগে। উদ্যোগ নগৰ তিনিচুকীয়া হৈছে এক শ্ৰমিক প্ৰধান এলেকা। প্ৰশ্ন হ’ল, তেওঁলোকৰ মাজত কেনেকৈ সোমোৱা যায়। এজন কলেজৰ প্ৰফেচাৰক শ্ৰমিকসকলে আপোন বুলি বিশ্বাস কৰিবই বা কিয়। গতিকে আৰম্ভ হ’ল এক ছদ্মবেশৰ জীৱন। এদিন গধূলি হোৱাৰ লগে লগে শ্ৰমিকৰ আৱাসিক এলেকাত প্ৰৱেশ কৰে। কেতিয়াবা পোন বাটেদি কেতিয়াবা লংপেণ্ট কোচাই পথাৰৰ একাঁঠু বোকা-পানী গছকি শ্ৰমিকৰ ঘৰত উপস্থিত হয়গৈ।

এদিন এজন শ্ৰমিকৰ লগত নিজকে শ্ৰমিক হিচাপে পৰিচয় দাঙি ধৰিলে। সেইজন শ্ৰমিকৰ যোগেদি অন্য এজনৰ লগত চিনাকি হ’ল। এইদৰে তিনি-চাৰিজন শ্ৰমিকৰ লগত পৰিচয় হৈ শ্ৰমিকৰ জীৱন-ধাৰা সম্পৰ্কে সাহিত্যৰ না না গল্প-গুজৱ আৰম্ভ কৰিলে। দেশ-বিদেশৰ কথা, দেশৰ অৰ্থনীতিৰ কথা, মালিকে শ্ৰমিকৰ ওপৰত কৰা শোষণৰ কথা তেওঁলোকে ৰ’ লাগি শুনি যায়। শ্ৰমিকসকলে তেওঁৰ ওচৰত অভিনৱ ৰস বিচাৰি পালে। লগতে শ্ৰমিকসকলে নিজৰ শোষিত জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পালে। ইচ্ছা কৰিলে তেওঁলোকেও যে এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে সেই আশাৰ ৰেঙনি দেখি শ্ৰমিকসকলে তেওঁৰ চৌপাশে সমাৱেশিত হ’বলৈ ধৰিলে। কেতিয়াবা আকৌ মোৰ চেকেণ্ড চিফ্ট বা নাইট ডিউটি আছে বুলি লৰালৰিকৈ উঠি আহে। আধাকোৱা বিষয়ৰ সম্পূৰ্ণতা বিচাৰি শ্ৰমিকে পিছদিনা আকৌ লগ ধৰে। এনেকৈ শ্ৰমিকৰ ভাও ধৰি উদ্যোগ নগৰত শ্ৰমিকৰ মাজত বিপ্লৱী শিক্ষা প্ৰদান, সাংগঠনিক ভিত্তিভূমি প্ৰস্তুত কৰিবলৈ ধৰিলে, মেক্সিম গৰ্কীৰ মা উপন্যাসৰ দৰে। শ্ৰমিকসকলেও তেওঁক এজন জ্ঞানী সহকৰ্মী বুলিয়েই ভাৱি থাকে। মাজে মাজে না না বিষয় লৈ আলোচনা চক্ৰ পাতে। শ্ৰমিকসকলে বিতৰ্কও কৰে, তাৰ উত্তৰ স্বৰূপে আলোচনাই উচ্চস্তৰলৈ গতি কৰে আৰু তেওঁলোকে বহু নজনা কথাৰ সম্ভেদ পায়। এই আলোচনা চক্ৰবোৰ দিনে দিনে সংখ্যাগতভাৱে সমৃদ্ধ হয়। সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে গুণগত মানদণ্ডও বৃদ্ধি হয়। এইদৰে গৈ গৈ এদিন শ্ৰমিক দিৱস আহি পালে। ক’ব নোৱাৰাকৈয়ে শ্ৰমিকসকলে উদ্যোগ নগৰত বহল ভিত্তিত শ্ৰমিক দিৱসত যুক্ত হৈ পৰিল।

বহুদিনৰ মূৰত তেওঁলোকে কোনো কলেজীয়া পুত্ৰৰ পৰা গম পালে যে তেওঁলোকৰ মাজত ছদ্মবেশী শ্ৰমিক হৈ দেশ-বিদেশৰ নানা শিক্ষাৰে তেওঁলোকক পুষ্টি যোগোৱাজন আচলতে শ্ৰমিক নহয়। তেওঁ তিনিচুকীয়া কলেজৰ গণিত বিভাগৰ এজন প্ৰফেছাৰ। শ্ৰমিকসকলৰ চকু কপালত। এনে মোটা বেতনপ্ৰাপ্ত উচ্চ পদবীৰ এজন ব্যক্তিয়ে যে বোকা-পানী ফালি চহৰৰ সম্ভ্ৰান্ত সুখ-স্বাচ্ছন্দ্যৰ পৰিৱেশ এৰি শ্ৰমিকৰ মাজত অভাৱী, কঠোৰ পৰিবেশত স্থিত ল’ব সেই কথা ভাৱিবলৈকে কষ্ট পালে। তথাপি তেওঁলোকৰ জ্ঞান চকু মুকলি কৰি দিয়া মানুহজনৰ ত্যাগৰ কথা সকলোৱে একমুখে স্বীকাৰ কৰিলে। তেওঁলোকৰ সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানবোৰ বন্ধ হৈ নগ’ল, বৰঞ্চ দুগুণ উৎসাহেৰে চলি থাকিল।

পিছলৈ অব্যাহত থকা উদ্যোগ নগৰৰ শ্ৰমিকৰ মাজত সাহিত্যৰ আলোচনা চক্ৰবোৰত তিনিচুকীয়া কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক সিদ্ধেশ্বৰ তামুলী, ৰাজনীতি বিভাকৰ অধ্যাপক কনক চন্দ্ৰ বৰা, ভূগোলৰ অধ্যাপক সুখমল ভূঞা, শিক্ষক পূৰ্ণানন্দ বৰুৱা আদিয়েও অংশ গ্ৰহণ কৰা দেখিবলৈ পাইছিলো। তেখেতসকলৰ মাজত কনিষ্ঠতম ব্যক্তি হিচাপে মই নিজেও তাত উপস্থিত থাকি বহু মানসিক শক্তি সঞ্চয় কৰিছিলো৷

এটা মন্তব্য

  1. এই লেখাটো পঢ়ি আপ্লুত হ’লো । ইয়াত উল্লিখিত কেউজন ব্যক্তিক মই ওচৰৰ পৰা পাইছিলোঁ। সিদ্ধেশ্বৰ তামুলী আছিল মোৰ নিজৰ দদাইদেউ। তেখেতৰ লগত থাকিয়েই মই তিনিচুকীয়াত পঢ়া-শুনা কৰিছিলোঁ। ভাৰতৰ জৰুৰীকালীন অৱস্থাত দদাইদেউ অন্তৰীণ হৈ প্ৰায় ওঠৰমাহ জেললৈ গ্ৰেপ্তাৰ কৰি নিয়াৰ দিনাও মই তেখেতৰ লগতে আছিলোঁ।
    লেখটোৱে মোৰ অন্তৰত কিছঙ পুৰণি স্মৃতি জগাই তূলিলে। লেখকক ধন্যবাদ জনালোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে