মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভোগবাদ : এক প্রহসন ৷৷ বিদ্যুৎ বিকাশ চিৰিং৷৷

ভোগবাদ : এক প্রহসন ৷৷ বিদ্যুৎ বিকাশ চিৰিং৷৷

‘এডি ভেডাৰ’ নামৰ সংগীত শিল্পীজনে তেওঁৰ ‘ছোচাইটি’ শীৰ্ষক গীতটিত গাইছে -“When you want more than you have, you think you need; and when you think more than you want your thoughts begin to bleed.”( যেতিয়া তুমি তোমাৰ থকাখিনিতকৈ অধিক বিচাৰা, তুমি ভাবা যে তোমাক প্ৰয়োজন; আৰু যেতিয়াই তুমি নিজে বিচৰাখিনিতকৈ অধিক ভাবিবলৈ ধৰা, তেতিয়াই তোমাৰ ভাৱনাৰ ৰক্তস্ৰোত ব’বলৈ ধৰিব)। এয়াই প্রকাৰান্তৰে ভোগবাদজনিত অৱক্ষয়।

‘ভোগবাদ’ এক সামাজিক আৰু অৰ্থনৈতিক ধাৰা, যাৰ ভিত্তি প্ৰতিষ্ঠিত হৈছে মানুহৰ মনত প্ৰক্ৰিয়াগত তথা পৰিকল্পিতভাৱে কৃত্ৰিম অভাৱ বা প্ৰয়োজন সৃষ্টি কৰাৰ ওপৰত। ভোগবাদৰ জৰিয়তে মানুহৰ মনত এনেদৰে কৃত্ৰিম প্ৰয়োজন কিছুমানৰ সৃষ্টি হয় যাৰ ফলত মানুহে অধিকৰ পৰা অধিকতৰ ভোগ্য সামগ্ৰী আহৰণ কৰিব বিচাৰে। আন কথাত, ভোগবাদ হৈছে এগৰাকী ব্যক্তিৰ এনে এক মানসিক অৱস্থা, যাৰ ফলত তেওঁৰ মনত অহৰহ কৃত্ৰিম অভাৱ কিছুমানৰ সৃষ্টি হৈ এনে এক পৰ্যায় পায়গৈ, য’ত তেওঁৰ মুখ্য প্ৰয়োজনবোৰ গৌণ হৈ পৰে আৰু গৌণ প্ৰয়োজনবোৰ মুখ্য হৈ পৰে।

ভোগবাদৰ উৎপত্তিৰ কাৰণবোৰ জানিবলৈ আমাৰ অভাৱবোৰনো প্ৰকৃততে কি কি তাক বিচাৰ কৰি চোৱাৰ প্ৰয়োজন। খাদ্য, বস্ত্ৰ আৰু বাসস্থান- এই তিনিটা মানুহৰ মৌলিক প্ৰয়োজন বুলি আমি জানো। কিন্তু এই তিনিটা মৌলিক প্ৰয়োজনত কি কি উপাদান অন্তৰ্ভুক্ত হ’ব সেয়া এক বৃহৎ প্ৰশ্ন। কাৰণ খাদ্য বুলিলে এচামৰ বাবে মাত্ৰ দুবেলা দুসাঁজ ভাত আৰু এচামৰ বাবে ৰাতিপুৱা দক্ষিণ-ভাৰতীয় ব্ৰেকফাষ্ট, দুপৰীয়া ফাইভ-ষ্টাৰ হোটেলত ডিনাৰ আৰু ৰাতিলৈ ৰঙীন বাৰত বিদেশী পানীয়। সেইদৰে, কিছুমানৰ বাবে বস্ত্ৰ হৈছে শীত-তাপ তথা লজ্জা নিবাৰণৰ আহিলা মাথোঁ আৰু আন কিছুমানৰ বাবে বস্ত্ৰ শৰীৰ প্ৰদৰ্শন কৰাৰ অস্ত্ৰ। বাসস্থান গৰিষ্ঠ সংখ্যক লোকৰ বাবে একো একোটা সাধাৰণ ঘৰ বা পঁজা আৰু মুষ্টিমেয় এচামৰ বাবে একো একোটা অট্টালিকা।

যাৰ খাদ্য মাথোঁ দুবেলা দুমূঠি ভাত, যাৰ বস্ত্ৰ বুলিবলৈ এডোখৰ কাপোৰ মাত্ৰ, বাসস্থান বুলিবলৈ এটি জুপুৰি, সেইসকলে নিজৰ নূন্যতম প্ৰয়োজনখিনি পূৰণ কৰাৰ বাহিৰে আন আকাংক্ষা কৰিব নোৱাৰে। যিসকলে এই নূন্যতম প্ৰয়োজনৰ সীমাৰেখা অতিক্ৰম কৰে, অৰ্থাৎ যিসকলে আৰ্থিক স্বচ্ছলতা লাভ কৰে তেওঁলোকৰ মৌলিক প্ৰয়োজনসমূহ নিৰ্ধাৰণ কৰে সমাজ-সংস্কৃতিয়ে। তেওঁলোকৰ বেশ-ভূষা, খাদ্য, বাসস্থান আদিলৈ আমূল পৰিৱৰ্তন আহি পৰে, জীৱন নিৰ্বাহৰ পদ্ধতি তথা জীৱন শৈলী সলনি হৈ পৰে। এইদৰে তেওঁলোক ক্ৰমাৎ উচ্চ আৰু আধুনিক জীৱন কটাবলৈ লোৱাৰ লগে লগে তেওঁলোকক অধিক সম্পদৰ প্ৰয়োজন হৈ পৰে। অৱধাৰিতভাৱে তেওঁলোক অধিক সম্পদৰ প্ৰতি আগ্ৰহী তথা আগ্ৰাসী হৈ পৰে। গোলকীকৰণ, মুক্ত অৰ্থনীতি আৰু দৃশ্যমান প্ৰচাৰ মাধ্যমৰ অভূতপূৰ্ব প্ৰসাৰে সমাজৰ এই চাম লোকৰ উত্থান তথা ব্যাপ্তি লাভত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। কাজেই এইচাম হৈছে বজাৰৰ দ্বাৰা নিয়ন্ত্ৰিত এক শ্ৰেণীৰ উপভোক্তা। ভোগবাদৰ লক্ষণসমূহ এইচাম উপভোক্তাৰ মাজত সততে দেখা দিয়ে৷

অৰ্থনৈতিকভাৱে ভোগবাদ প্ৰকাশ পায় চক্ৰীয়ভাৱে অৰ্থাৎ পুন: পুন: নতুন সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ অচিলাৰে। ইয়াত সামগ্ৰীৰ প্ৰকৃত প্ৰয়োজনীয়তা, গুণাগুণ, স্থায়িত্ব আদিৰ ওপৰত নজৰ দিয়া নহয়, গুৰুত্ব দিয়া নহয় সামগ্ৰীবোৰ ব্যৱহাৰ অযোগ্য হোৱাৰ পিছত পৰিৱেশৰ ওপৰত পেলোৱা ঋণাত্মক প্ৰভাৱৰ বিষয়ে। বিজ্ঞাপনৰ জৰিয়তে বস্তুৰ আপাত মূল্য বঢ়াই এটা ট্ৰেণ্ড সৃষ্টি কৰা হয়। এই ট্ৰেণ্ডৰ পিছে পিছে ভোগবাদী সমাজ দৌৰি থাকে আৰু সামগ্ৰী আহৰণ কৰি ক্ষণিকৰ বাবে আত্মসুখপ্ৰাপ্তি অনুভৱ কৰে । এনে ক্ষেত্রত ইপ্সিত বস্তুটো নোপোৱালৈকে মানুহ সুখী হ’ব নোৱাৰে।
.
ভোগবাদে আমাৰ সমাজ জীৱনত অকল্পনীয়, অভূতপূৰ্ব প্ৰভাৱ পেলাইছে। শিক্ষাবিদসকলে মত পোষণ কৰিছে যে ভোগবাদে নতুন প্ৰজন্মক অধ্যয়নৰ পৰা ক্ৰমাৎ আঁতৰাই আনিছে। মনোবিজ্ঞানীসকলে কৈছে যে ভোগবাদে মানুহক নিসংগ, অসামাজিক আৰু হতাশ কৰি তুলিছে কাৰণ বস্তুৱে মানুহক প্ৰকৃত সুখ দিব নোৱাৰে। শৰীৰ বিজ্ঞানীসকলৰ মতে ভোগবাদে মানুহক অধিক পৰিশ্ৰমৰ বাবে প্ৰলোভিত কৰিছে আৰু তাৰ ফলত মানুহৰ বিভিন্ন ৰোগ,শাৰীৰিক- মানসিক চাপ তথা নানা পীড়াৰ কবলত পৰিছে। ভোগৰ বাবে হাবাথুৰি খোৱা মানুহৰ অৱস্থাটোক ডেভিদ ফিনছাৰৰ ‘ফাইট ক্লাব’ নামৰ চিনেমাখনৰ তলৰ সংলাপটোৱে বাৰুকৈয়ে ফুটাই তুলিছে- “তুমি নিজেই পছন্দ নকৰা চাকৰি এটা কৰিছা, চাকৰিটোও কৰিছা এনে এসোপা বস্তু কিনিবলৈ যিসোপা তুমি নিজে পছন্দ নকৰা, আৰু এইবোৰ বস্তু কিনিছা সেইবোৰ মানুহৰ আগত নিজৰ সন্মান বঢ়াবলৈ যিবোৰক তুমি নিজে মুঠেই ভাল নোপোৱা।”
.
ভোগবাদৰ কবলত পৰি এচামে অধিক পৰিমাণে ভোগ কৰিবলৈ লোৱা কাৰ্যই আন এচামক নিম্নতম প্ৰয়োজনীয় ভোগৰ অধিকাৰৰ পৰাও বঞ্চিত কৰিছে। আনহাতে এচামৰ অবাধ ভোগে সীমিত আৰু অনবীকৰণযোগ্য সম্পদৰ অৱক্ষয় ঘটাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অধিক ভোগ মানে অধিক অপচয় যাৰ ফলত পৰিৱেশ প্ৰদূষণৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভোগৰ অনিয়ন্ত্ৰিত আকাংক্ষা পূৰণ কৰিবলৈ মানুহে চকুৰ সমুখতে পৃথিৱীৰ হাওঁফাঁওৰূপী বনাঞ্চলসমূহ এফালৰ পৰা নি:শেষ কৰি নিছে; আনফালে আকৌ কল-কাৰখানা, গাড়ী-মটৰৰ ধোঁৱাৰে নিজৰ মূৰৰ ওপৰতে মৃত্যুৰ আচ্ছাদন এখন সৃষ্টি কৰিছে। ভোগৰ বাসনাই মানুহক কিমান চেতনাহীন, অসংবেদনশীল কৰি তুলিছে সেয়া এই প্ৰবাদটিয়ে উদঙাই “যিদিনা পৃথিৱীৰ অন্তিম গছজোপা কাটি পেলোৱা হ’ব, যিদিনা পৃথিৱীৰ অন্তিম নদীখনত বিহ ঢালি দিয়া হ’ব আৰু অন্তিম মাছটো ধৰি পেলোৱা হ’ব, সিদিনাহে আমি উপলব্ধি কৰিম যে আমি টকা (মুদ্ৰা) খাব নোৱাৰো।”
.
আমাৰ সমাজ জীৱনত ভোগবাদ বিয়পি পৰাত মানুহ কেনেকৈ আত্মকেন্দ্ৰিক হৈ পৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মানুহ ধনী হৈছে কিন্তু অসুখী হৈছে। আত্মীয়তাহীন, স্বাৰ্থপৰ, কেৱল ভোগতে মত্ত থকা একো একোখন পঙ্গু সমাজৰ সৃষ্টি হৈছে য’ত সামান্য মানৱীয় প্ৰমূল্যবোধো লোপ পাইছে। ভোগৰ হাবিয়াস পূৰণৰ স্বাৰ্থত হত্যা, লুণ্ঠন, অপহৰণ,ধৰ্ষণ আদি আজিৰ সমাজৰ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

গতিকে মানৱ সমাজৰ বৃহত্তৰ স্বাৰ্থত, পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত তথা পৰৱৰ্তী প্রজন্মৰ বাবে এখন সুন্দৰ আৰু সমৃদ্ধিশালী পৃথিৱী এৰি যোৱাৰ স্বাৰ্থত ভোগবাদৰ কৰাল গ্ৰাসৰ পৰা মানুহ আৰু মানৱ সমাজক মুক্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ বাবে সৰ্বপ্ৰথমে আমি কম সংখ্যক আৰু কম পৰিমাণৰ ভোগ্য সামগ্ৰী ৰখাৰ অভ্যাস গঢ়ি তুলিব লাগিব; কাৰণ কমকৈ ৰখা ভোগ্য সামগ্ৰীয়ে সামগ্ৰীৰ যথাযথ তথা পূৰ্ণ ৰূপত ব্যৱহাৰ কৰা বুজায়। ইয়াৰ পৰা অপচয় ৰোধ হয়, পৰিৱেশ সুৰক্ষিত থাকে, আনৰ বাবেও ভোগ্য সামগ্ৰী এৰি দিয়া হয় আৰু সৰ্বোপৰি বস্তুৰ পৰিপূৰ্ণ ব্যৱহাৰে মানসিক প্ৰশান্তি আনে। ভোগৰ দ্ৰব্য কমকৈ থকা মানেই এহাতে পৰিয়াল, চুবুৰীয়া আৰু সমাজখনক দিবলৈ অধিক সময়, আনহাতে অতিৰিক্ত শাৰীৰিক-মানসিক পৰিশ্ৰমৰ পৰা ৰেহাই। পৰিশেষত মহামানৱ মহাত্মা গান্ধীৰ এই উক্তি প্রসংগক্রমে প্রযোজ্য–‘আমাৰ প্ৰত্যেকৰে অভাৱ পূৰণ কৰাৰ সামৰ্থ্যহে এই পৃথিৱীৰ আছে, লোভ পূৰণ কৰাৰ নহয়৷’

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে