চ’ৰাঘৰ / কথাশিল্প / সৌৰভ কুমাৰ চলিহা আৰু স্বাধীন অসম (টুনুজ্যোতি গগৈ)

সৌৰভ কুমাৰ চলিহা আৰু স্বাধীন অসম (টুনুজ্যোতি গগৈ)

অসমীয়া গল্প সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট সৌৰভ কুমাৰ চলিহাৰ নামৰ সৈতে ‘স্বাধীন অসম’ শব্দ যুগল আচহুৱা যেন লাগিলেও চলিহাই স্বাধীন অসমৰ পোষকতা কৰিছিল৷ চলিহাই কৈছিল– ‘… আলফাৰ দৰে আমিও অসম স্বাধীন হোৱাটো বিচাৰো, কিন্তু আমি বাৰে বাৰে কৈ আহিছো যে তাৰ বাবে মানুহ মাৰি ফুৰিব নালাগে, আমাৰ মানুহৰ মাজত স্বাধীনতাকাংক্ষাৰ বীজ ৰোপণ কৰি দিব পাৰিলে আৰু আমাৰ অৰ্থনীতি আমাৰ নিজৰ হাতত ৰাখিব পাৰিলেই আমি স্বাধীন হ’ব পাৰিম৷ সশস্ত্ৰ বিপ্লৱৰ দিন উঠি গৈছে৷ চাহ বাগানৰ বিষয়াক গুলি কৰাতকৈ চাহ বাগানৰ মালিক হোৱাৰ অৰ্হতা আয়ত্ত কৰাটোৱেহে বুজাব যে আমি স্বাধীন হোৱাৰ যোগ্য৷ ব্যৱসায়-বাণিজ্য, পঢ়া-শুনা আৰু ঐকান্তিক কৰ্ম-অনুৰাগেই স্বাধীন হোৱাৰ পথ, ডকাইতি আৰু পুঠি-খলিহনা গুলীয়াই মাৰি ফুৰাটো নহয়৷’ [পৰাগলৈ বিদায়, ভাল খবৰ, লয়াৰ্ছ বুক ষ্টল, প্ৰথম প্ৰকাশঃ ১৯৯৮, পৃঃ ২৯]

আলফা জন্মৰ বহু আগৰ পৰাই সৌৰভ কুমাৰ চলিহাই অসমৰ জাতীয় মুক্তিৰ সপক্ষে মাত মাতি আহিছিল৷ তেওঁ কৈছিল যে অসমত এক স্বতন্ত্ৰ আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতি থাকিলে আৰু অসমবাসীৰ সাৰ্বিক দিশতে উৎকৰ্ষ সাধনৰ অধ্যৱসায় থাকিলে জাতীয় মুক্তি সম্ভৱ হ’ব৷ অৱশ্যে, জাতীয় মুক্তিৰ স্বাৰ্থত অসমৰ জাতীয় অৰ্থনীতি কেনেদৰে গঢ় লৈ উঠিব বা জাতীয় অৰ্থনীতিৰ বৈশিষ্ট্যনো কি, সেই সম্পৰ্কে চলিহাই কোনো স্পষ্ট বক্তব্য প্ৰকাশ কৰি থৈ যোৱা নাই৷ বিজ্ঞানৰ নিষ্ঠাবান অধ্যাপক-গৱেষক হিচাবে[সুৰেন্দ্ৰ নাথ মেধিৰ পৰিচয়েৰে] বিদ্যায়তনিক ক্ষেত্ৰত আৰু গল্পকাৰ হিচাবে সৃষ্টিশীল সাহিত্য ক্ষেত্ৰত ব্যস্ত হৈ থাকিব লগা হোৱা চলিহাই জাতীয় অৰ্থনীতি সম্পৰ্কত বিস্তৃতভাৱে চিন্তা-চৰ্চা কৰিবলৈ আহৰি পোৱা নাছিল৷ কিন্তু, পৰৱৰ্তী প্ৰজন্মৰ সাংবাদিক-অৰ্থনীতিবিদ পৰাগ কুমাৰ দাসৰ জাতীয় অৰ্থনীতি সম্পৰ্কীয় বস্তুনিষ্ঠ আৰু পৰিকল্পিত অধ্যয়ন-বিশ্লেষণে চলিহাক যেন আশ্বস্ত কৰিছিল–‘যোৱা মাঘ বিহুৰ দিনা তেওঁ মোৰ ঘৰলৈ আহি তেওঁৰ শেহতীয়া কিতাপ ‘স্বাধীন অসমৰ অৰ্থনীতি’ মোক উপহাৰ দি থৈ গ’ল, যিখন পঢ়ি দেখিলো যে মই স্বাধীন অসমৰ বুনিয়াদৰ বাবে আশা কৰি থকা কিতাপখন হয়তো এইখনেই – অৰ্থনীতিৰ জ্ঞান নোহোৱাৰ বাবে মই যিবোৰ সম্ভাৱনাৰ কথা মাথেঁা অস্পষ্ট ধেঁাৱাময় ৰূপত কৰি আহিছিলো, সেইবোৰেই [আৰু অন্যান্য বহুতো প্ৰসংগ] তেওঁ তেওঁৰ প্ৰশস্ত অৰ্থনীতিৰ জ্ঞানেৰে তথ্যসমৃদ্ধ, বস্তুনিষ্ঠ বিশ্লেষণেৰে উপস্থাপন কৰি গৈছে৷’ [উল্লিখিত গ্ৰন্থ, পৃঃ ৩০] ৷

চলিহাই উচ্চ প্ৰশংসা কৰা আৰু তেওঁৰ অস্পষ্ট চিন্তাৰ স্পষ্ট প্ৰতিফলন ঘটা বুলি কোৱা পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থত অসমৰ থলুৱা পুঁজিৰ তথ্যসমৃদ্ধ ইতিহাসৰ উপৰি এই পুঁজিৰ পুনৰ্গঠন, বিকাশ আৰু প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে বৰ্ণিত হৈছে৷ দাসৰ জাতীয় অৰ্থনীতি সম্পৰ্কীয় দৃষ্টিভংগীয়েই চলিহাৰো দৃষ্টিভংগী বুলি ধৰি ল’লেও চলিহা আৰু দাসৰ মাজত বিভিন্ন ক্ষেত্ৰত মতানৈক্য আছিল৷ সেই মতানৈক্য স্বাধীন অসমৰ দাবীদাৰ আলফাৰ প্ৰসংগত বেছি প্ৰকট হৈ পৰিছিল৷ কিন্তু, ‘এইবোৰ মতানৈক্য সত্বেও তেওঁৰ মোৰ প্ৰতি থকা আস্থা আৰু শ্ৰদ্ধাৰ বাবেই তেওঁৰ ‘বুধবাৰ’ (আৰু পিছলৈ ‘প্ৰতিদিন’) কাগজত নিয়মীয়াকৈ মোৰ যি ইচ্ছা লিখিবলৈ স্বাধীনতা দি মোক বহুবাৰ হেঁচা দিছিল, … মই সেই সাদৰ আহ্বানৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলো, নহ’লে তেওঁৰ কাকততেই আলফা আদিৰ সৰ্বনশীয়া কাৰ্যকলাপৰ বিৰুদ্ধে মানুহক সচেতন কৰাৰ চেষ্টা কৰিব পাৰিলোহেঁতেন…৷ ‘ছাংলট ফেনলা’খন পঢ়ি উঠি মই তেওঁক ক’বলৈ বাধ্য হৈছিলো যে পৰাগ কুমাৰ দাসক আমি অতদিনে জানিছিলো ক্ষুৰধাৰ কলমৰ আপোচবিহীন সাংবাদিক হিচাবে, আৰু এতিয়া জানিলো যে তেওঁ সুদক্ষ ঔপন্যাসিকো, কিন্তু এইখন কিতাপৰ পৰা কোমলমনা ডেকা-গাভৰুৰ ক্ষতি হ’ব, এটা ভুল পথ আৰু হিংসাৰ প্ৰৱণতাৰ পিনে স্বাধীনতাপ্ৰয়াসী যুৱশক্তি ঢাল খাব, মই ইয়াৰ এটা বিৰূপ সমালোচনা বা গ্ৰন্থ-পৰিচিতি লিখিম [উপন্যাস হিচাবে নহয়, তাৰ পাঠৰ ওপৰত], আৰু পৰাগে সাগ্ৰহে তাকেই লিখি দিব কৈছিল– কিন্তু নানান আহুকালত সেইটোও মোৰ কৰা হৈ নুঠিল…৷’ [উল্লিখিত গ্ৰন্থ, পৃঃ ৩০]

চলিহাই পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেনলা’খনে অসমৰ কোমলমনা ডেকা-গাভৰুক ক্ষতি কৰিব বুলি কিয় ভাবিছিল? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে চলিহা আৰু দাসৰ ৰাজনৈতিক দৰ্শনৰ বিষয়ে কৈ ল’ব লাগিব৷ চলিহাই কোনো এক বিশেষ ৰাজনৈতিক দৰ্শনৰ দ্বাৰা উদ্বুদ্ধ হৈ অসমৰ শোষিত-নিপীড়িত জনগণক মুক্তিৰ সেন্দূৰীয়া পথৰ সন্ধান দিবলৈ চেষ্টা কৰিছিল বুলি ক’ব নোৱাৰি, বৰং তেওঁ নিজেই পথৰ প্ৰশ্নত বিভ্ৰান্তিত ভুগিছিল৷ অসমীয়া সাহিত্যৰ অমূল্য সম্পদৰূপে পৰিগণিত হোৱা তেওঁৰ গল্পসমূহত আধুনিক জীৱনৰ জটিলতা, আশা-ভংগুৰতা, মানসিক দ্বন্দ্ব আদি শিল্পসন্মতভাৱে চিত্ৰিত হ’লেও শোষিত-নিপীড়িতৰ মৰ্মন্তুদ জীৱন সংগ্ৰাম বা তেওঁলোকৰ সমাজ পৰিৱৰ্তনৰ স্বপ্ন চিত্ৰিত হোৱা নাই৷ যি মাৰ্ক্সবাদে কলা, সাহিত্য, সংস্কৃতি আদি সমাজৰ অৰ্থনৈতিক ভেটিটোৰ ওপৰত নিৰ্ভৰশীল বুলি গণ্য কৰি আহিছে, সেই মাৰ্ক্সবাদৰ প্ৰতি তেওঁ মাজে-সময়ে তীব্ৰ শ্লেষপূৰ্ণ মন্তব্য কৰিছিল৷ তেওঁৰ বিখ্যাত গল্প ‘অশান্ত ইলেক্ট্ৰন’ত যদুবাবুক বাক্যবাগীশ মাৰ্ক্সবাদী তাত্ত্বিকৰূপে ব্যংগ কৰা হৈছে৷ তেওঁৰ গল্পৰ চৰিত্ৰই ভাবে যে মাৰ্ক্সবাদে মানুহৰ জীৱনশৈলীৰ মান নকমাই, বৰং অলপ হ’লেও বঢ়াইহে !

লক্ষ্যণীয় যে মাৰ্ক্সবাদ বিৰোধী সৌৰভ কুমাৰ চলিহা ছাত্ৰকালত নিষিদ্ধ ঘোষিত আৰ চি পি আইৰ আন্দোলনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিল৷ তেওঁ দলৰ সক্ৰিয় সদস্য নহ’লেও দলীয় বৃত্তৰ অন্তৰ্ভুক্ত লোক আছিল – গোপন বাৰ্তা সৰবৰাহৰ পৰা কিতাপ অনুবাদ কৰালৈকে বহু গুৰুত্বপূৰ্ণ অথচ বিপদসংকুল কাম নিষ্ঠা আৰু সাহসেৰে কৰিছিল৷ সেই সূত্ৰেই চলিহাৰ মাৰ্ক্সবাদৰ সৈতে সুপৰিচয় ঘটিছিল আৰু জীৱনৰ আগছোৱাত লিখা তেওঁৰ গল্প ‘কাৰ্ল মাৰ্ক্স, এৰা’ আৰু ‘বিজ্ঞান, দীনবাবু আৰু তিনি লাখ বনুৱা’ত মাৰ্ক্সীয় চেতনা প্ৰতিফলিত হৈছিল৷ কিন্তু পাছলৈ এই গল্প দুটিৰ সম্পৰ্কত তেওঁ মন্তব্য কৰিছিল যে ডেকা বয়সত মাৰ্ক্সবাদৰ ভূতে সকলোকে লম্ভিলেও পৈণত বয়সত সেই ভূতে এৰা দিয়ে৷ সেই বয়সত আৰ চি পি আইৰ আন্দোলনৰ সৈতে জড়িত হোৱাৰ ঘটনাটোক তেওঁ এক তাৎপৰ্যহীন আকস্মিক যোগাযোগ বুলি ক’ব খুজিছিল৷

চলিহাৰ ৰাজনৈতিক দৰ্শন সম্পৰ্কত ডঃ হীৰেন গোহাঁইৰ এটি মন্তব্য প্ৰণিধানযোগ্য–‘এই মাৰ্ক্সবাদবিৰোধী অৱস্থানত চলিহা অটল-অচল৷ এই দৃষ্টিভংগীৰ পৰাই তেওঁ অসমৰ বিদেশী বিতাড়ন আন্দোলনৰ প্ৰতি ইমান উৎসাহী আৰু আশাবাদী হৈছিল যে তেওঁ অসম আন্দোলনৰ জন্মক্ষণ আৰু আইনষ্টাইনৰ জন্ম-তাৰিখৰ মাজত কিবা অপূৰ্ব সংগতি আৱিষ্কাৰ কৰি এটা কথিকাত পুলকিত হৈছিল৷ পিছত অৱশ্যে আন্দোলনৰ তথা তাৰ নেতৃবৃন্দৰ স্বাৰ্থপৰ, সুবিধাবাদী আৰু দায়িত্বহীন চৰিত্ৰই তেওঁক তাৰ প্ৰতি অতিশয় বিৰূপ আৰু বীতশ্ৰদ্ধ কৰি তুলিছিল৷ মধ্যবিত্ত ৰাজনীতিৰ এনে অনিবাৰ্য বিভ্ৰান্তি আৰু মোহভংগই মধ্যবিত্ত বুদ্ধিজীৱীক নতুন বিকল্পৰ অনুসন্ধানত উদ্যোগী নকৰে৷ ঘূৰি-পকি পুনৰ একে ধৰণৰ বিভ্ৰান্তিৰ বলি হয় তেওঁ৷ [সৌৰভ কুমাৰ চলিহা আৰু সাহিত্য সাধনা, গৰীয়সী, অষ্টাদশ বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১১, পৃঃ ৭] গোহাঁয়ে যৰ্থাৰ্থ ভাৱেই কৈছিল যে চলিহাৰ গল্পত সমাজ-ব্যৱস্থাৰ কোনো স্পষ্ট আভাস বা ধাৰণা নাই৷ সকলো বিমূৰ্ত (মধ্যবিত্ত) ব্যক্তিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া৷ অথচ তেওঁৰ বহুতো গল্পই এক অকথিত, অনুল্লেখিত ব্যৱস্থাটোৰ বিষয়ে পাঠকৰ মনত প্ৰশ্ন তোলে৷

জাতীয় জীৱনৰ এক সংকটপূৰ্ণ সময়ত আত্মপ্ৰকাশ কৰা পৰাগ কুমাৰ দাসো মাৰ্ক্সবাদী নাছিল, তেওঁ নিজকে প্ৰগতিশীল জাতীয়তাবাদী বুলিহে ক’ব বিচাৰিছিল৷ অসমৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিক লৈ অতিশয় উদ্বিগ্ন দাসে মূলতঃ সাংবাদিকতাৰ জৰিয়তে অসমৰ জ্বলন্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷ বিদেশী বিতাড়ন আন্দোলনৰ গৰ্ভত জন্ম লাভ কৰা আলফাৰ উত্থানৰ সময়ছোৱাতে অৰ্থাৎ ১৯৮৯ চনৰ ২১ মে’ত ‘বুধবাৰ’ৰ সৌজন্যত আয়োজন কৰা হৈছিল ‘আলফাৰ মেজমেল’৷ এই মেজমেলতে তেওঁ আলফাৰ লক্ষ্য-উদ্দেশ্য, কৰ্মপদ্ধতি আদি সম্পৰ্কত মনত উদয় হোৱা প্ৰশ্নবোৰ মুকলিকৈ উত্থাপন কৰিছিল আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ পোৱাৰ পাছত তেওঁ সশস্ত্ৰ সংগঠনটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল৷ অৱশ্যে, আলফাৰ মতাদৰ্শৰ সৈতে তেওঁৰ মৌলিক মতাদৰ্শৰ প্ৰভেদ আছিল বাবে তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে আলফাৰ ‘সশস্ত্ৰ সংগ্ৰাম’খনক হয় দিহা-পৰামৰ্শৰে, নহয় গঠনমূলক সমালোচনাৰে শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰিছিল৷

আলফা আৰু দাসৰ মতাদৰ্শৰ মাজত মূল পাৰ্থক্য এয়াই আছিল যে আলফাই স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সংগ্ৰাম কৰি অহাৰ বিপৰীতে দাসে ভাৰতৰ ভিতৰত থাকিয়েই স্বনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিল৷ থলুৱা সম্পদৰ ওপৰত পূৰ্ণ অধিকাৰ লাভ কৰিলেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত চামিল হোৱা অসমে স্বনিয়ন্ত্ৰণৰ সুযোগ পাব বুলি তেওঁ বিশ্বাস কৰিছিল৷ চলিহায়ো সম্ভৱতঃ এনে স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ কথাই ক’ব খুজিছিল৷ লক্ষ্যণীয় যে আলফাই পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৯৫ চনত সাংবিধানিকভাৱে মাৰ্ক্সীয় দৰ্শন গ্ৰহণ কৰি বিভিন্ন সংগ্ৰামী কাৰ্যসূচী হাতত ল’লেও সেই দৰ্শনৰ বাস্তৱ ৰূপয়ণৰ ক্ষেত্ৰত বিভিন্ন সীমাবদ্ধতাৰ বাবে অদ্যপি সফল হ’ব পৰা নাই৷ সীমাবদ্ধতা দাসৰো আছিল – মধ্যবিত্তীয় জীৱন শৈলীয়ে আনি দিয়া সীমাবদ্ধতা৷ কিন্তু, তেনে সীমাবদ্ধতাবোৰ অতিক্ৰমণেৰে তেওঁ সমসাময়িক প্ৰজন্মটোৰ বৃহৎ অংশৰ ধ্যান-ধাৰণাক প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ জনসাধাৰণক ন্যায্য জাতীয় অধিকাৰৰ প্ৰতি সচেতনো কৰি তুলিছিল৷ দাসৰ এই প্ৰভাৱশালী ব্যক্তিত্বৰ বিষয়ে চলিহা অৱগত আছিল বাবেই তেওঁ ‘ছাংলেট ফেনলা’ই অসমৰ কোমলমনা ডেকা-গাভৰুৰ ক্ষতি কৰিব বা তেওঁলোকক এক ‘ভুল পথ আৰু হিংসাৰ প্ৰৱণতাৰ পিনে’ ঢাল খোৱাব বুলি আশংকা কৰিছিল৷ কিন্তু, আলফাৰ সশস্ত্ৰ সংগ্ৰাম পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধনৰ বাবে লিখা উপন্যাসখনত দাসে আলফাৰ কিছুমান হঠকাৰী হিংসাত্মক আৰু অমানৱীয় কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷

সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্ব পৰাগ কুমাৰ দাসে উপলব্ধি কৰিছিল বাবেই অসমৰ পৰিৱৰ্তনকামী ব্যক্তিসকলৰ সহযোগত গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ) গঢ়ি তুলি ভাৰত ৰাষ্ট্ৰযন্ত্ৰক ব্যতিব্যস্ত কৰি তুলিছিল৷ ত্ৰিশোত্তীৰ্ণ যুৱক এজনৰ বাবে সেয়া নিশ্চয় এক ডাঙৰ সফলতা আছিল৷ লক্ষ্যণীয় যে দাসে অসম আন্দোলনৰ সময়ৰ পৰা উদ্ভুত কেতবোৰ ধাৰণাক সমল হিচাবে লৈয়ে আগুৱাইছিল আৰু তেনেদৰে আগুৱাই যাওঁতে তেওঁ সেই ধাৰণাসমূহৰ সীমাবদ্ধতাও অনুভৱ কৰিছিল৷ কাৰণ, সেই ধাৰণাসমূহেৰে তথাকথিত মূলসুঁতিৰ অসমীয়াসকলৰ সমস্যা সমাধান কৰিব পাৰিলেও জনজাতীয় বা চৰচাপৰিৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সমস্যা সমাধান কৰাটো অসম্ভৱ আছিল৷ সৌৰভ কুমাৰ চলিহাই পৈণত বয়সতো জাতীয় মুক্তিৰ বাবে কোনো স্পষ্ট অৰু সঠিক সিদ্ধান্ত দিবলৈ সক্ষম নহ’লেও দাসে পৈণত বয়সত নিশ্চয় তেনে এক সিদ্ধান্ত দিবলৈ সক্ষম হ’লহেঁতেন৷ কিয়নো, দাসে পাছলৈ উপলব্ধি কৰিছিল যে কেৱল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহ’ব, কৃষক-শ্ৰমিক শ্ৰেণীৰ সন্মিলিত প্ৰচেষ্টা আৰু সহযোগিতাতহে জাতীয় মুক্তি সম্ভৱ হ’ব৷

চলিহাই ‘বিৰূপ সমালোচনা’ কৰিব বিচৰা দাসৰ ‘ছাংলেট ফেনলা’ক অসমৰ গুৰুত্বপূৰ্ণ সময় এছোৱা(১৯৮৯-১৯৯২)ৰ ৰাজনৈতিক ইতিহাস বুলিও ক’ব পাৰি৷ এই উপন্যাসখনিত আলফাৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশৰ লগতে অসমৰ সমাজ জীৱনত সংগঠনটোৰ কাম-কাজৰ প্ৰতিক্ৰিয়া নিৰ্মোহভাৱে বৰ্ণিত হৈছে৷ উপন্যাসখনত দাসে গ্ৰাম্যাঞ্চলৰ কেইটিমান চৰিত্ৰৰ কথোপকথনৰ মাজেৰে সংগ্ৰামৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ দিগন্তৰ লগতে তেওঁৰ মাতৃ, প্ৰেয়সী আৰু চৰ-চাপৰিৰ চাচা আদিৰ মুখত দিয়া সংলাপে তুলনামূলকভাৱে পিছপৰা সমাজখনৰ প্ৰতিবাদী সত্তা আৰু আলফাৰ সংগ্ৰামৰ ন্যায্যতা প্ৰতিফলিত কৰিছে৷ তেওঁৰ মতে, সংগঠনটোৰ মাজত পৰিলক্ষিত হোৱা বিবিধ বিশৃংখলতা নগৰৰ ভুৱা বিপ্লৱীসকলেহে সৃষ্টি কৰি আহিছে৷

চলিহাই কি দৃষ্টিকোণৰ পৰা ‘ছাংলেট ফেনলা’ৰ ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দিলেহেঁতেন, সেয়া অনুমান কৰাটো সহজ নহয়৷ হয়তো তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিহাৰ কৰি ডেকা-গাভৰুসকল ‘ব্যৱসায়-বাণিজ্য, পঢ়া-শুনা আৰু ঐকান্তিক কৰ্ম-অনুৰাগে’ৰে আগুৱাই যোৱাটোৱেই শ্ৰেয় বুলি ক’লেহেঁতেন৷ কিন্তু, প্ৰচলিত শাসন ব্যৱস্থাৰ আওতাত তৎকালীন অসমৰ পৰিৱৰ্তনকামী প্ৰজন্মটো যে তেনেদৰে কিমান দূৰ আগুৱাই যাবলৈ সক্ষম হ’লহেঁতেন, সেয়া এক লাখটকীয়া প্ৰশ্ন৷ সি যি নহওক, মাৰ্ক্সীয় দৃষ্টিকোণেৰে চাবলৈ গ’লে উপন্যাসখনত পৰিলক্ষিত হোৱা প্ৰথম ত্ৰুটি হ’ল এই যে ঔপন্যাসিকে পাঠক(সৰ্বসাধাৰণ)ক মুক্তিৰ সঠিক পথৰ সন্ধান দিবলৈ সক্ষম হোৱা নাই৷ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ দিগন্তই কেতিয়াবা আছু বা অগপৰ আঞ্চলিকতাবাদক সমৰ্থন কৰাৰ কথা কৈছে আৰু কেতিয়াবা সংগঠনৰ বৰমূৰীয়াসকলৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱাৰ কথাও কৈছে [ইমানৰ পাছতো তেওঁ হ’লে সংগঠন ত্যাগ কৰিব পৰা নাই]৷ ঔপন্যাসিকৰ সেয়া নিজৰে দুদোল্যমান অৱস্থান আছিল, আলফাৰ কেতবোৰ হঠকাৰী কাৰ্যকলাপক কঠোৰভাৱে সমালোচনা কৰাৰ পাছতো তেওঁ আলফাৰ বিকল্প নাই বুলি বাৰম্বাৰ কৈছিল৷ সন্দেহ নাই, মতাদৰ্শৰ স্পষ্টতা থকা হ’লে দাসৰ উপন্যাসখন অসমীয়া সাহিত্যত মেক্সিম গৰ্কীৰ ‘মা’ৰ দৰেই কালোত্তীৰ্ণ হৈ পৰিলহেঁতেন৷

অহা দহ বছৰৰ ভিতৰত আলফাৰ অস্তিত্ব কেনেদৰে বৰ্তি থাকিব বা আলফাৰ সশস্ত্ৰ সংগ্ৰামখনৰ প্ৰাসংগিকতা আজিৰ তাৰিখত আছে নে নাই, সেয়া সুকীয়া আলোচনাৰ প্ৰসংগ: কিন্তু এয়া সঁচা যে কেন্দ্ৰীয় চৰকাৰৰ দীৰ্ঘদিনীয়া শোষণ-বঞ্চনা-উপেক্ষাৰ ফলশ্ৰুতিতে আলফাৰ দৰে এক সশস্ত্ৰ সংগঠনৰ জন্ম হৈছিল৷ ঐতিহাসিকভাৱে এয়াও সঁচা যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পূৰ্বলৈকে অসম এখন স্বাধীন সাৰ্বভৌম দেশ আছিল৷ ১৮২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানী নিজে নিজেহে অসমৰ গৰাকী হৈছিল, আইনসংগতভাৱে বা কোনো যুদ্ধত জয়ী হৈ তেওঁলোকে অসম দেশ লোৱা নাছিল৷ সেয়ে অসমৰ হৃত স্বাধীনতা ফিৰাই আনিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে গোমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ডা-ডাঙৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰিছিল৷ তেওঁলোকে ব্ৰিটিছ কোম্পানীৰ খাৰঘৰবোৰত জুই দি আৰু কোম্পানীৰ সৈন্যক আক্ৰমণ কৰি দেশ ঘূৰাই ল’বলৈ আঁচনি কৰিছিল৷ আঁচনি মতে তেওঁলোকে কোম্পানীৰ পূব সীমান্তৰ শদিয়াস্থ খাৰঘৰত এৰাতি জুই দিলেও খাৰঘৰৰ দায়িত্বত থকা লেফটেনেণ্ট ৰথাৰফোৰ্দে চিপাহীবোৰৰ সহযোগত বেছিভাগ সংগ্ৰামীকে আটক কৰিলে৷ ১৮২৮ চনৰ নৱেম্বৰ মাহত ডেভিদ স্কটে ৰাজদ্ৰোহৰ অভিযোগ তুলি বিদ্ৰোহীসকলক উক্ত পঞ্চায়তৰ দ্বাৰা বিচাৰ কৰালে৷ বিচাৰ মতে গোমধৰ কোঁৱৰক ১৪ বছৰ ফাটেক দি বংগদেশৰ ৰংপুৰ জেললৈ পঠিয়ালে আৰু বাকীকেইজনক পাঁচ বছৰৰ পৰা সাত বছৰলৈকে ফাটেক দিলে৷ গোমধৰ কোঁৱৰৰ পাছত ব্ৰিটিছৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে হৰনাথ বৰগোহাঞি, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই বিদ্ৰোহ ঘোষণা কৰিলেও বিদ্ৰোহত সফল হ’ব নোৱাৰিলে৷ বৰং পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা ফাঁচী কাঠত ওলমিব লগা হ’ল৷

পিয়লি-জীউৰাম আদি শ্বহীদসকলৰ ফাঁচী-ফাটেক হ’ল যদিও বিদ্ৰোহৰ জুই উমি উমি জ্বলি থাকিল৷ ছশবছৰকৈ ধাৰাবাহিকভাৱে ৰাজত্ব কৰা আহোম জনগোষ্ঠীৰ ক্ষোভৰ বিষয়ে অনুমান কৰিয়েই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৩৩ চনৰ দুই মাৰ্চত পুৰন্দৰ সিংহৰ লগত এখন চুক্তি কৰি তেওঁক উজনি অসমৰ অবিভক্ত শিৱসাগৰ আৰু লক্ষীমপুৰ অঞ্চলক বছৰি পঞ্চাছ হাজাৰ টকা খাজনাৰ বিনিময়ত শাসন কৰিবলৈ দিলে৷ কিন্তু ২৫ বছৰীয়া পুৰন্দৰ সিংহই একাংশ ৰাজ বিষয়াৰ গাফিলতি(ষড়যন্ত্ৰ?)ৰ বাবে সময় মতে সেই খাজনা দিবলৈ সমৰ্থ নোহোৱাত অসম দেশৰ স্বাধীনতা বেলি চিৰদিনলৈ অস্তমিত হ’ল৷ এই প্ৰসংগত ঐতিহাসিক ৰামেশ্বৰ বড়াই লেখিছে–‘অসম দেশ ভাৰতৰ অঙ্গ হোৱা এয়ে প্ৰথম৷ জয় কৰি অসমক ভাৰতৰ অঙ্গ কৰা নাছিল বা অসমে নিজে ইচ্ছা কৰি ভাৰতৰ এক অংশবিশেষ হোৱা নাছিল৷ বিদেশী কোম্পানী এটাই শাসনৰ সুবিধাৰ্থে মাত্ৰ ভাৰতৰ লগত অসমক সাঙুৰি লৈছিল আৰু আসাম ক’দ নামেৰে এবিধ নিয়ম বান্ধি অসম শাসন কৰিছিল৷ ভূমি আৰু খাজনা সম্পৰ্কীয় কাম-কাজ ‘বেঙ্গল ৰেগুলেছন’ বুলি এবিধ আইনমতে চলালে৷ [বৃহৎ তাই জাতি (আহোম বুৰঞ্জী), দ্বিতীয় প্ৰকাশঃ ডিচেম্বৰ, ২০১৫ চন, পৃঃ ৩২৮-৩২৯]

অসমত সাম্ৰাজ্যবাদী ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছত পূৰ্বৰ সম্ভ্ৰান্ত শ্ৰেণীটোৱে, বিশেষকৈ আহোম জনগোষ্ঠীৰ ব্যক্তিসকলে হৃত মান-মৰ্যাদা ফিৰাই আনিবলৈ যত্ন নকৰা নহয়৷ এনে যত্নৰ ফলশ্ৰুতিতে পদ্মনাথ গোহাঞি বৰুৱা, ৰাধাকান্ত সন্দিকৈ, পানীন্দ্ৰ নাথ গগৈ আদিৰ উদ্যোগত ১৮৯৩ চনৰ ১৩ মে’ত শিৱসাগৰত ‘আহোম হিত সাধিনী সভা’ৰ শুভাৰম্ভণিৰে ‘সদৌ অসম আহোম সভা’ৰ জন্ম হয়৷ এই অনুষ্ঠানটোৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি পোৱাৰ বহু বছৰৰ পাছত অৰ্থাৎ ১৯৩৩ চনত অন্যান্য খিলঞ্জীয়া তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীসমূহৰ উদ্যোগত নামনি অসমত ‘ট্ৰাইবেল সংঘ’ জন্ম হৈছিল৷ তৎকালীন অসমীয়া বৰ্ণহিন্দু শিক্ষিতচামে সদৌ অসম আহোম সভাক ‘আহোম লীগ’ বুলি কোৱাৰ বিপৰীতে হিন্দু ধৰ্মৰ আওতাত নথকা মংগোলীয় জনগোষ্ঠীসমূহক ‘ট্ৰাইবেল লীগ’ বুলি কৈছিল৷

১৯৪৬ চনত সদৌ অসম আহোম সভাৰ উদ্যোগতে অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক লৈ ‘সৰ্বদল’ নামৰ এক ৰাজনৈতিক দল জন্ম হৈছিল আৰু সেই নতুন দলটোৱে অসমৰ সাৰ্বভৌমত্বৰ দাবী তুলিছিল৷ অধিবক্তা কিৰণ কুমাৰ গগৈৰ মতে–‘বৃটিছ ৰাজত্বত চাহ উদ্যোগৰ বাবে আসামলৈ অনা চাহ জনগোষ্ঠীৰ নেতাসকলেও তেওঁলোকৰ ন্যায্য অধিকাৰৰ দাবীত সদৌ অসম আহোম সভাৰ নেতৃত্বত গঠন হোৱা ‘সৰ্বদল’ত অংশ্ৰগ্ৰহণ কৰিছিল৷ এই পটভূমিতে ১৯৪৬ চনত বৃটিছ কেবিনেট মিছনে যেতিয়া গ্ৰুপিং প্ৰস্তাৱ গৃহীত কৰিছিল, তেতিয়া আহোম সভাৰ নেতৃত্বত আসামৰ পাহাৰ-ভৈয়ামৰ খিলঞ্জীয়া অষ্ট্ৰিক-মংগোলীয় নেতাসকলে আৰু চাহ জনগোষ্ঠীয়ে মুছলিম লীগৰ সহযোগত গ্ৰুপ ‘চি’ত যোগ দিবলৈ সাজু হৈছিল৷ কিন্তু বৃটিছৰ সেই গ্ৰুপিং ব্যৱস্থাতো স্বায়ত্ত শাসনৰ সুফল নাপালে, আসামৰ পৰ্বত-ভৈয়ামৰ জনগোষ্ঠীসমূহে গ্ৰুপিঙৰ পৰা ওলাই আহি সাৰ্বভৌম আসামৰ চৰ্তও ৰাখিছিল৷ … পৰ্বত-ভৈয়ামৰ তিব্বতবৰ্মী জনগোষ্ঠীৰ দাবীবোৰৰ ফলস্বৰূপেহে ১৯৫০ চনৰ স্বাধীন ভাৰতৰ সংবিধানে বৰ অসমৰ কাৰণে ষষ্ঠ অনুসূচীৰ দৰে সুৰক্ষাৰ ব্যৱস্থা ৰাখিবলগীয়া হৈছিল৷'[জনজাতি আৰু অনুসূচীত জাতিৰ উৎসৰে অসমীয়া জাতিৰ ইতিহাস, প্ৰকাশকঃ সঞ্চালক, জনজাতি আৰু অনসূচীত জাতি গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী-২২, প্ৰথম প্ৰকাশঃ ২০১৪ চন, পৃঃ ১৬৫-১৬৬]

ইয়াৰ পৰাই বুজিব পাৰি যে আলফাৰ পূৰ্বেই অৰ্থাৎ বৃটিছ চৰকাৰৰ দিনতেই খিলঞ্জীয়া তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীসমূহে স্বনিয়ন্ত্ৰণৰ স্বাৰ্থত সাৰ্বভৌম অসমৰ দাবী উত্থাপন কৰি আহিছিল৷ কিন্তু, বৰ্তমান বিভিন্ন কাৰণত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা অসম সম্পূৰ্ণভাৱে বিচ্ছিন্ন হোৱাটো অকল্পনীয় আৰু অসম্ভৱ কথা হৈ পৰিছে৷ ইয়াৰ লগে লগে স্বাধীন অসমৰ দাবীত আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰাসংগিকতাও ক্ৰমশঃ হ্ৰাস হৈ আহিছে৷ সেই বুলিয়েই অসমৰ জাতীয় মুক্তি সংগ্ৰামখনৰ প্ৰাসংগিকতা হেৰাই গৈছে বুলি ক’ব নোৱাৰি, বৰং সাম্ৰাজ্যবাদী বিশ্বায়নৰৰ গ্ৰাসৰ পৰাই হওক বা অতি ৰাষ্ট্ৰীয়তাবাদী আভ্যন্তৰীণ ঔপনিৱেশিক হাঁতোৰাৰ পৰাই হওক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক ৰক্ষা কৰাৰ স্বাৰ্থত এই সংগ্ৰামখনৰ প্ৰাসংগিকতা বৃদ্ধিহে পাইছে৷ লক্ষ্যণীয় যে আলফা উত্থানৰ সময়ত এখন শোষণমুক্ত স্বাধীন অসমৰ ধাৰণাটোৱে অসমৰ গ্ৰাম্যাঞ্চলসমূত ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাপুষ্ট অসমৰ একাংশ মধ্যবিত্ত বুদ্ধিজীৱী, দেশীয় পুঁজিপতি শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল একাংশ আঞ্চলিক বুৰ্জোৱা আৰু সৰ্বহাৰাৰ একনায়কত্ববাদত বিশ্বাসী বামপন্থী বুদ্ধিজীৱী-কৰ্মীসকলৰ বাদে অসমীয়া মধ্যবিত্তৰ বৃহৎ অংশটোৱে আলফাৰ প্ৰতি কুহুমীয়া সমৰ্থন আগবঢ়াইছিল৷ কিন্তু, আলফাৰ সাংগঠিনক ভেটি দুৰ্বল হৈ অহাৰ লগে লগে জাতীয় মুক্তিক এক অলীক সপোন বুলি ভাবিয়েই সেই মধ্যবিত্তসকলৰ বেছিভাগেই নিজৰ সুবিধাবাদী স্থিতি সলনি কৰিলে৷ সন্দেহ নাই, দৰিদ্ৰ কৃষক-শ্ৰমিক শ্ৰেণীৰ লগতে বামপন্থী শিবিৰ বিভিন্ন কাৰণত সুসংগঠিত হ’ব নোৱাৰাৰ ফলত এই সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীটোৱে অসমৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আহিছে আৰু ইয়াৰ ফলত সৃষ্ট বাস্তৱ ৰাজনৈতিক ক্ষেত্ৰত সৌৰভ কুমাৰ চলিহা বা পৰাগ কুমাৰ দাসে ক’ব বিচৰা স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ ধাৰণাটোৱেই সুপ্ৰতিষ্ঠিত হোৱা নাই৷

লক্ষ্যণীয় যে ১৯৯১ চনত আলফা নিৰ্মূলৰ বাবে চলোৱা প্ৰথমটো সামৰিক অভিযানৰ অন্তত অসমত অনুষ্ঠিত হোৱা সাধাৰণ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ, নতুন অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, অসম সংযুক্ত জন কংগ্ৰেছ আদি দলে যিবোৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল, সেই ইস্তাহাৰবোৰত সংবিধান সংশোধনৰ জৰিয়তে ভাৰতক এখন প্ৰকৃত যুক্তৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰি ৰাজ্যৰ হাতত অধিক ক্ষমতা দিয়াৰ প্ৰসংগ উল্লেখ আছিল৷ চিপিএম দলে ‘বিচ্ছিন্নতাবাদ’ক বিৰোধিতা কৰিলেও ৰাজ্যৰ হাতত অধিক ক্ষমতা দিয়াৰ পোষকতা কৰিছিল৷ কিন্তু, সেই নিৰ্বাচনত স্থিতাৱস্থাৰ সমৰ্থক কংগ্ৰেছ দলে জয় লাভ কৰাত আঞ্চলিক দলবোৰে উত্থাপন কৰা স্বনিয়ন্ত্ৰণৰ প্ৰসংগও সিমানতে তল পৰিল৷ অৱশ্যে, আশী দশকত প্ৰবল জাতীয় আৱেগৰ ভেটিত গঢ় লৈ উঠা আৰু দুবাৰকৈ চৰকাৰ গঠনৰ সুবিধা পোৱা আঞ্চলিক দল অসম গণ পৰিষদে এক প্ৰগতিশীল আদৰ্শৰ ভেটিত স্বনিয়ন্ত্ৰণৰ দাবী তুলি আলফাৰ সমান্তৰালভাৱে জাতীয় মুক্তি সংগ্ৰামখনক এক নিৰ্ণায়ক পৰ্যায়লৈ আগুৱাই নিব পাৰিলহেঁতেন৷ কিন্তু, ক্ষমতালোভী, স্বাৰ্থপৰ আৰু অপৰিপক্ক নেতাসকলে তেনে সম্ভাৱনাৰ সুযোগ লোৱাটো দূৰৰ কথা, অসমবাসীৰ অলেখ স্বপ্ন, প্ৰত্যাশা আৰু আদৰ-চেনেহক অংগুষ্ঠ দেখুৱাই আঞ্চলিক দলটোৰ অস্তিত্বই সংকটাপন্ন কৰি তুলিলে৷ শেহতীয়াভাৱে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বোকোচাত উঠিহে আঞ্চলিক দলটোৱে আপোন অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰিণতিত একালৰ ‘জয় আই অসম’ শ্ল’গান ৰূপান্তৰিত হৈছে ‘ভাৰত মাতা কী জয়’লৈ৷ সন্দেহ নাই, ভাৰতীয় ৰাজনীতিৰ আধিপত্যকামী শক্তিসমূহে ভাৰতীয় জাতীয়তাবাদৰ নামত হিন্দী ভাষা আৰু বৈদিক ধৰ্ম-সংস্কৃতিকে ৰাষ্ট্ৰীয় সংস্কৃতি বুলি অভিহিত কৰি আহিছে আৰু অহিন্দী-অবৈদিক ভাষা-সংস্কৃতিৰ ভেটিত গঠিত ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ওপৰত সেই সংস্কৃতি কৌশলেৰে জাপি দিব বিচাৰি সফলো হৈছে৷

সি যি নহওক, বিপ্লৱ পূৰ্ব ৰুছ দেশত জাৰৰ আমোলে শতাধিক ক্ষুদ্ৰ জাতিসত্তাৰ ওপৰত ঔপনিৱেশিক শোষণ-শাসন চলাই অহাৰ পৰিপ্ৰেক্ষিতত সেই জাতিসত্তাসমূহৰ স্বনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰি লেনিনৰ নেতৃত্বত বলশ্বেভিকসকলে কৈছিল যে ইচ্ছা কৰিলেই বহুজাতিক ৰাষ্ট্ৰখনৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ অধিকাৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ আছে বুলি পতিয়ন যাব পাৰিলেহে এই জাতিসমূহৰ মাজত থকা ঔপনিৱেশিক শোষণপ্ৰসূত অবিশ্বাসৰ ভাব দূৰ হ’ব৷ তেওঁলোকে এইবুলিও কৈছিল যে সকলো জাতিসত্তাক বিচ্ছিন্নতাৰ অধিকাৰ দিয়াৰ পাছতো যদি জাতিসমূহে একেখন ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত হৈ থাকিব বিচাৰে, তেন্তে জাতিসমূহৰ মাজত এক সমতাভিত্তিক একতাৰ সৃষ্টি হ’ব৷ কিন্তু, বিপ্লৱোত্তৰ ছোভিয়েট ৰাছিয়াত জাতিসত্তাসমূহৰ স্বনিয়ন্ত্ৰণ বা বিচ্ছিন্নতাৰ অধিকাৰৰ বাস্তৱ প্ৰয়োগ নোহোৱাৰ বাবেই জাতি সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিলে৷ কিন্তু, তাৰ বাবে দায়ী স্বনিয়ন্ত্ৰণৰ তত্ত্বটো নাছিল, দায়ী তত্ত্বৰ অপপ্ৰয়োগ কৰোঁতাসকলহে আছিল৷ ভাৰতৰ ক্ষেত্ৰতো এই স্বনিয়ন্ত্ৰণৰ তত্ত্বটো সুপ্ৰয়োগ কৰা হ’লে অসমৰ দৰে প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য এখনত স্বনিৰ্ভৰশীল অৰ্থনীতি সহজেই গঢ লৈ উঠিলহেঁতেন৷ কিন্তু, ভাৰতত এনে তত্ত্বৰ প্ৰয়োগ হোৱাটো দূৰৈৰ কথা, কোনো জাতিসত্তাৰ প্ৰতিনিধিয়ে স্বনিয়ন্ত্ৰণৰ প্ৰসংগ উত্থাপন কৰিলেই ৰাষ্ট্ৰযন্ত্ৰই তেওঁলোকক ৰাষ্ট্ৰবিৰোধী বা সংবিধান বিৰোধী বুলি কৈ তেওঁলোকৰ বিৰুদ্ধে দমন নীতি প্ৰয়োগ কৰি আহিছে৷ ৰাষ্ট্ৰযন্ত্ৰৰ এনে দমনমূলক নীতিৰ বাবেই পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকে বাৰে বাৰে নিৰ্যাতিত হৈ শেষত অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল৷

লক্ষ্যণীয় যে ভিন্ন জনগোষ্ঠীৰে ভৰপূৰ অসমত দুটিমান বিশেষ জনগোষ্ঠীয়ে¸ স্বায়ত্ত শাসন আৰু পৃথক ৰাজ্যৰ দাবীত দীৰ্ঘদিনৰ পৰা ৰক্তক্ষয়ী সংগ্ৰাম চলাই আহিছে৷ প্ৰশ্ন হয়, অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্ৰামখনক এই বিশেষ জনগোষ্ঠীসমূহৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামবোৰে ক্ষতি কৰিব নেকি? বা এক নতুন গোষ্ঠীদ্বন্দ্বৰ উদ্ভৱ হৈ মুক্তি সংগ্ৰামখন মষিমূৰ কৰি পেলাব নেকি? এই প্ৰশ্নবোৰৰ উত্তৰত ক’ব লাগিব যে বৰ্তমান বিশ্বায়নৰ যুগত কোনো জাতিসত্তাৰ বাবেই আছুতীয়া মুক্তি সম্ভৱপৰ হৈ থকা নাই৷ জনগোষ্ঠী বিশেষে গাইগুটীয়া মুক্তিৰ স্বপ্ন দেখিলেও সেই স্বপ্ন শীঘ্ৰেই সাম্প্ৰদায়িকতাৰ ঘৃণ্য চক্ৰান্তৰ বলি হৈ পৰিব পাৰে৷ সংগ্ৰামী নেতৃত্বই সৰ্বক্ষণ মনত ৰখা উচিত যে প্ৰতিক্ৰিয়াশীল শাসন-শোষণ ব্যৱস্থা চিৰকালেই ক্ষুদ্ৰ-বৃহৎ সকলো জাতিসত্তাৰ স্বাধীন বিকাশ আৰু স্বাধীন অস্তিত্বৰ বাবে প্ৰতিবন্ধকস্বৰূপ৷ তেনে শাসন-শোষণ ব্যৱস্থাৰ ওৰ পৰিলেহে সংগ্ৰামী জাতি সত্তাবোৰৰ মৌলিক স্বাৰ্থৰক্ষা সম্ভৱ হ’ব৷ অৰ্থাৎ জাতিসত্তাৰ আন্দোলনবোৰ মূলতঃ হ’ব লাগিব প্ৰতিষ্ঠানবিৰোধী, অন্য জাতিসত্তাবিৰোধী নহয়৷ জাতীয় মুক্তিৰ বাবে চলা একোখন সংগ্ৰামক আপাত দৃষ্টিত প্ৰগতিশীল যেনেই লাগে, কিন্তু ই কিমান দূৰ প্ৰগতিশীল, সেয়া নিৰ্ভৰ কৰে অন্যান্য জাতীয় মুক্তি সংগ্ৰামবোৰৰ লগত থকা সম্পৰ্কৰ চৰিত্ৰৰ ওপৰত৷ অন্যান্য জাতিসত্তাৰ ন্যায্য সংগ্ৰামৰপৰা বিচ্ছিন্ন বা অন্যান্য জাতিসত্তাৰ সংগ্ৰামৰ বিৰোধী শিবিৰত অৱস্থান লোৱা জাতীয়তাবাদী সংগ্ৰাম দৰাচলতে জনবিমুখ-জনবিচ্ছিন্ন-জনবিৰোধী৷ সেইবাবেই তেনেকুৱা সংগ্ৰাম শেষ বিচাৰত প্ৰতিক্ৰিয়াশীলৰ হাথিয়াৰ হৈ পৰে৷ মাও-চে-তুঙে কৈছিল– ‘শেষ বিচাৰত জাতীয় মুক্তি সংগ্ৰাম মূলতঃ শ্ৰেণী সংগ্ৰাম৷’ এই আপাহতে আমি বুজিব লাগিব যে জাতীয় মুক্তিৰ অৰ্থ কেৱল মধ্যবিত্ত শ্ৰেণীৰ ৰাজনৈতিক অভিলাষ পূৰণ বা শিক্ষিত নিবনুৱাৰ বাবে চাকৰি-ঠিকাদাৰী নহয়, ইয়াৰ অৰ্থ শোষণ-উৎপীড়ন-বঞ্চনাৰ কবলৰ পৰা সৰ্বাধিক জনসংখ্যাৰ, বিশেষতঃ খাটিখোৱা শ্ৰমিক-কৃষকৰ মুক্তিহে৷

বৰ্তমান অসমৰ বেছি ভাগ লোকেই ৰাষ্ট্ৰীয়তাবাদৰ ঢৌত শিপা বিচ্ছিন্ন হৈ উটি-ভাহি যোৱাৰ সময়ত, তথাকথিত জাতীয়তাবাদী বা আঞ্চলিকতাবাদী নেতা-পালিনেতাসকলৰ নিৰ্ল্লজ স্বৰূপ উন্মোচিত হোৱাৰ সময়ত সমূহীয়া জাতীয় মুক্তি সংগ্ৰামখনৰ প্ৰসংগ সাময়িকভাৱে অনালোচিত-অনুচ্চাৰিত হৈ পৰিছে৷ কিন্তু, এই জটিল সন্ধিক্ষণতে আমি স্মৰণ কৰিব পাৰো সৌৰভ কুমাৰ চলিহাৰ ‘ছে’মেষ্টাৰ শেষ’ গল্পটি – য’ত তাৰুণ্যৰ অক্ষয় তেজ, আশাবাদ আৰু সপোনৰ মনোৰম ছবি এখন ফুটি উঠিছে৷ নিৰাশাৰ পটভূমিত বাৰে বাৰে উজলি উঠা মানুহৰ অজেয় আশাবাদ আৰু স্বপ্নৰ আলোকেই হ’ল গল্পটিৰ সাৰমৰ্ম৷ এনে আশাবাদ আৰু স্বপ্নৰ আলোকেৰে আলোকিত হৈয়ে আমি ক’ব বিচাৰো যে স্বনিয়ন্ত্ৰণৰ অধিকাৰ আমাৰ ন্যায্য অধিকাৰ, সাময়িকভাৱে স্থবিৰ হোৱা জাতীয় মুক্তি সংগ্ৰামখন আন এচাম অসম সন্তানে– চলিহাই ‘সিহঁতে পাহাৰ বগালে’ গল্পত চিত্ৰিত কৰা মানুহৰ অধ্যাৱসায়, উদ্যম আৰু ধৈৰ্যক সাৰথি কৰিয়েই– নতুন প্ৰত্যয়েৰে চলাই যাব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে