চ’ৰাঘৰ / কথাশিল্প / নীল তমালৰ ৰ’দ : জনগোষ্ঠীয় ৰাজনীতিৰ ধাৰাভাষ্য ৷৷ পঞ্চানন হাজৰিকা৷৷

নীল তমালৰ ৰ’দ : জনগোষ্ঠীয় ৰাজনীতিৰ ধাৰাভাষ্য ৷৷ পঞ্চানন হাজৰিকা৷৷

অসমীয়া ৰাজনৈতিক উপন্যাসৰ ধাৰাত প্ৰশান্ত কুমাৰ দাসৰ “নীল তমালৰ ৰ’দ” শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ সংযোজন।সুদীৰ্ঘদিন বিচ্ছিন্নতাবাদী চেতনাই আলোড়িত আৰু গোষ্ঠী সংঘৰ্ঘত জৰ্জৰিত কাৰ্বি ভূমিৰ পটভূমিত উপন্যাসখনৰ কথাবস্তুৰ নিৰ্মাণ হৈছে। গোষ্ঠী সংঘৰ্ঘক লৈ এখন ৰাজনৈতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যোৱা কথকে জন- ৰামচন নামৰ দুটি ভুক্তভোগী শিশুৰ মুখামুখি হৈছে- যি দুটি কাৰ্বি শিশুৱে বিদ্রোহীৰ হাতত পিতৃ- মাতৃক হেৰুৱাইছে আৰু পাটৰ উপাধিৰ এজন তিৱা সম্প্ৰদায়ৰ ব্যক্তিৰ পালিত সন্তান হিচাপে ডাঙৰ দীঘল হৈছে। ইফালে সংঘৰ্ঘৰ সময়ত দুই ভাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা তেওঁলোকৰ ডাঙৰজন ককায়েক বিদ্যা, মন্দাৰদিছা নামৰ এখন ভিতৰুৱা গাওঁত এটা ডিমাছা পৰিয়ালত তোলনীয়া পুত্ৰ হিচাপে ডাঙৰ হৈছে। বিদ্যাৰ লগত জন-ৰামছনক লগ লগাই দিবলৈ কৰা এক দুৰ্গম যাত্ৰা পথৰ অভিজ্ঞতাৰ মাজেৰে উপন্যাস খন আগবাঢ়িছে। এই যাত্ৰা পথত জন-ৰামছন , পালিত পিতৃ মনোজ পাটৰ,আৰু কথকৰ ওপৰিও যাত্ৰা পথৰ সংগী হৈছে পিপ্লি- যাৰ প্ৰেমিক এক বিচ্ছিন্নতাবাদী সংগঠনৰ নেতা ।সেই প্ৰেমিকৰ লগত সম্পৰ্ককেন্দ্ৰিক এক সিদ্ধান্তলৈ আহিবলৈ পিপ্লি সেই কষ্টকৰ বাটৰ সহযাত্ৰী হৈছেহি।চমু বাট বিচাৰি বাৰে বাৰে তেওঁলোকে বাট হেৰুৱাইছে, ইখনৰ পিছত সিখন গাওঁ পাইছেহি, অথচ লক্ষ্যস্থান মন্দাৰদিছা তেতিয়াও বহু দূৰত।এই পথ বিভ্ৰান্তি যেন কেৱল এটা যাত্ৰাৰ বিভ্ৰান্তি নহয়, স্বাধীনতাৰ পৰৱৰ্তী সময়ত ক্ষুদ্ৰ জাতি সত্তাৰ মাজত বাঢ়ি অহা অধিকাৰকেন্দ্ৰিক আন্দোলন, আন্দোলনৰ পথচুত্যি, আৰু এনে মুক্তি সংগ্রামে লোৱা ৰক্তক্ষয়ী- আত্মঘাতী ৰূপৰে যেন প্ৰতীকি ব্যাখ্যা। উপন্যাস খনত দীর্ঘদিন ধৰি কাৰ্বি আংলং ৰ জনজাতীয় সমাজৰ ওপৰত চলা অৰ্থনৈতিক অৱহেলা, এই অঞ্চলৰ সামাজিক পশ্চাদপৎতা আৰু তাৰ আঁৰৰ কাৰণবোৰক তুলি ধৰা হৈছে। বহু সময়ত এনে বিৱৰণ হৈ পৰিছে, সাংবাদিকৰ সূক্ষ্ম আৰু বস্তুনিষ্ঠ দৃষ্টিভংগীৰে কৰা নিৰ্মোহ বিশ্লেষণ।আশ্ৰয় শিবিৰবোৰত জীৱন ধাৰণৰ প্ৰাথমিক প্ৰয়োজন খিনিও নোহোৱাকৈ মানুহে কেনেকৈ জন্ম-মৃত্যু-মৈথুনৰ স্বাভাৱিক প্ৰক্ৰিয়াটোত বছৰৰ পিছত বছৰ ধৰি অংশগ্ৰহণ কৰিছে- তাৰ বৰ্ণনা অতি মৰ্মস্পৰ্শী। যুদ্ধ আৰু সন্ত্ৰাসৰ নিৰ্মমতাৰ আটাইতকৈ বেছি ভুক্তভোগী হয় শিশু আৰু নাৰী। যাত্ৰাপথত কথক আৰু তেওঁৰ সহযাত্ৰীয়ে লগ পোৱা মেৰী এনে এটা চৰিত্ৰ- ক্ষয়িষ্ণু সময়ৰ ওচৰত অসহায় হৈ যি নিজৰ যৌৱনৰ সকলো অমূল্য সম্পদ হেৰুৱাইছে।এইখন ৰাজ্যতেই কথকে উদ্ধাৰ কৰিছে এনে গাওঁ- যিখন গাওঁৰ প্ৰতিজন মানুহে ফ্লৰ’চিছ ত আক্ৰান্ত- যাৰ ভাঁজ লগা ভৰিবোৰ একোটা বৃত্তৰ ৰূপ লৈছে। এখন কল্যাণকামী ৰাষ্টত সভ্যতাৰ পোহৰ নপৰা, স্কুল- হাস্পতাল নথকা এনে বহু গাওঁ পার্বত্যভূমিত লেখকে আবিষ্কাৰ কৰিছে- চেপাৰেট ষ্টেট হলে কি পাব, তাৰ বিষয়েও বহুতৰে স্পষ্ট ধাৰণা নাই।

পাৰ্বত্য ভূমিত বাঢ়ি অহা গোষ্ঠীগত বিভাজন, অপৰাধ প্ৰৱণতা,নিবনুৱা সমস্যা,ভুৱা বিদ্ৰোহী সংগঠন- এই সকলোবোৰে সাধাৰণ জনজীৱন দুৰ্বিসহ কৰি তুলিছে।আত্মসমপৰ্ণ কাৰী বিদ্ৰোহী নেতাৰ বতৰ্মান স্থিতি,জনগোষ্ঠীয় নেতাৰ স্বৰুপ সলনিৰ হতাশাজনক বাস্তৱো উপন্যাসখনত ফুটি উঠিছে।” কমৰেড ৰংপী জিন্দাবাদ” চিঞৰত এটা সময়ত পার্বত্যভূমি উত্তাল হৈ উঠিছিল, তেওঁক “জনগোষ্ঠীয় সমাজৰ নতুন তেজ” বুলি ভবা হৈছিল।তাৰ কিছুদিন পিছত সাংবাদিক কথক যেতিয়া ডিফুলৈ গৈছিল,বীৰেন সিংহই নিৰ্মাণ কৰা ৰংফাৰপিৰ ভাস্কৰ্যৰ সন্মুখত জনগোষ্ঠীয় নেতাৰ সুবিশাল হাউলি দেখি, হাতত উদ্যত দা লৈ ৰংফাৰপী আৰু এদল ক্ষুদ্ধ মেহনতী মানুহ ৰাজহাউলি অভিমুখে অগ্ৰসৰ হোৱা যেন তেওঁৰ অনুভৱ হৈছিল। এনে বহু জীৱন্ত আৰু একেবাৰে চাক্ষুষ সত্যৰে উপন্যাস খন ভৰি আছে। আচৰিত লাগে,ডিফুৰ কোনোবা এটা ৰাতিপুৱাত কাৰ্বি স্বাভিমান আৰু বীৰত্বৰ প্ৰতীক ৰংফাৰপীৰ মূৰ্তিৰ কাষত থিয় হৈ আমিও সেই পৰিহাস উপলব্ধি কৰিছিলোঁ। নেতা আৰু জনতাৰ বৈপৰীত্যৰ আটাইতকৈ নাঙঠ ছবি খন ইয়াৰ মাজেৰেবুজি উঠা হৈছিল।

উপন্যাস খনৰ ৰাজনৈতিক ঘটনাবস্তুৰ সমান্তৰালকৈ প্ৰবাহিত হৈ আছে এটা নীৰৱ প্ৰেম কাহিনীও। উগ্ৰবাদী নেতা জেমছ ৰ প্ৰতি পিপ্লিৰ প্ৰেম আছিল, অথচ সেই পিপ্লিৰ প্ৰতি এক অনুৰাগ- আকৰ্ষণৰ মাধুৰ্য কঢ়িয়াই ফুৰিছে কথকেও। এই কোমল- আমল প্ৰেম কাহিনীটো বহু সময়ত উপন্যাসখনৰ সুখপাঠ্যতাৰ সহায়ক হৈছে।নীলমণি ফুকনৰ এটা কবিতাৰ পৰা নামকৰণ কৰা এই উপন্যাসখনে শেষলৈকে পাঠকৰ উৎকণ্ঠা ধৰি ৰাখে। লেখক আৰু তেওঁৰ সহযাত্ৰী সকলে মন্দাৰদিছা পালেগৈনে, জন ৰামচনে পালেনে স্পাইদাৰমেনক, পিপ্লিয়ে জেমছক, আৰু কথক সফল হলনে জন-ৰামছন-বিদ্যাৰ পুনৰ মিলনত ??

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিয়ে পাঠকে কথকৰ সৈতে “নীল তমালৰ ৰ’দ” ৰ শেষৰ পৃষ্ঠালৈকে যাত্ৰা কৰি থাকিব পাৰে।

( পূৰ্ব প্ৰকাশিত : সাপ্তাহিক জনমভূমি, ২৪ জানুৱাৰী)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে