চ’ৰাঘৰ / সমকাল / গুণোৎসৱৰ নিৰীক্ষক লুৎফৰ ৰহমান আৰু ছাইফুল ইছলামৰ ঘটনাৰ আঁত ধৰি কিছু কথা (ভৱেশ নাথ)

গুণোৎসৱৰ নিৰীক্ষক লুৎফৰ ৰহমান আৰু ছাইফুল ইছলামৰ ঘটনাৰ আঁত ধৰি কিছু কথা (ভৱেশ নাথ)

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শোণিতপুৰ জিলাত অনুষ্ঠিত গুণোৎসৱ কাৰ্যসূচী পৰিচালনাৰ বাবে নগাঁও জিলাৰ জুৰীয়া মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপক ক্ৰমে লুৎফৰ ৰহমান আৰু ছাইফুল ইছলাম ডাঙৰীয়াক বহি:মূল্যায়নকাৰী (external evaluator) হিচাপে নিযুক্তি দিয়া হৈছিল। নগাঁও জিলাৰ উপায়ুক্তৰ লিখিত নিৰ্দেশনা মৰ্মে দুয়োগৰাকী প্ৰবক্তাই ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাণীটাপু, গাইটাপু, তিনিকেটীয়া আৰু ফৰচেটাপু প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ পৰ্যবেক্ষক হিচাপে গৈছিল। ৰাণীটাপু আৰু গাইটাপু প্ৰাথমিক বিদ্যালয়ত চাৰি জানুৱাৰী তাৰিখে বহি: মূল্যায়নকাৰী হিচাপে দুয়োগৰাকী অধ্যাপকে নিজ নিজ দায়িত্ব পালন কৰি উঠি বিদ্যালয় দুখনৰ পৰিচালনা কমিটিৰ আহ্বান মৰ্মে সেই অঞ্চলৰে স্থানীয় বাসিন্দা জাবেদ আলীৰ ঘৰত নিশা থাকিবলৈ লয়। কিন্তু নিশা প্ৰায় এক বজাত হঠাতে স্থানীয় কালীস্থান আৰক্ষী চকীৰ এগৰাকী উপ পৰিদৰ্শকৰ নেতৃত্বত যোৱা সেনা আৰক্ষীৰ দল এটিয়ে অধ্যাপক দুজনক বিছনাৰ পৰা উঠাই আনি বিভিন্ন ধৰণে শাৰিৰীক তথা মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। লগতে দুয়োগৰাকী অধ্যাপকক বোমা বনোৱাৰ মাষ্টাৰ মাইণ্ড হিচাপে অভিহিত কৰি সেই ৰাতিয়েই মুখত কলা কাপোৰ পিন্ধাই কালীস্থান আৰক্ষী চকীলৈ লৈ আহে৷ লগতে তেওলোকৰ বিপৰীতে শোণিতপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। দুয়োগৰাকী অধ্যাপকে তেওলোকৰ নথি-পত্ৰ সহিতে জিলা উপায়ুক্তৰ নিৰ্দেশনাও আৰক্ষীৰ আগত দেখুৱাই যদিও আৰক্ষীয়ে তেওলোকৰ সেই প্ৰমাণ পত্ৰসমূহক নসাৎ কৰি এইবোৰ বজাৰত কিনিব পোৱা সামগ্ৰী বুলিহে ইতিকিং কৰে।

উপৰোক্ত ঘটনাটো সাধাৰণ দৃষ্টিত সাধাৰণ এটা ঘটনা যেন লাগিলেও, ঘটনাটোক এটা সাধাৰণ ঘটনা বুলি যদি আমি উলাই কৰোঁ, ভবিষ্যতে হয়তো এই ধৰণৰ ঘটনাবোৰৰ জৰিয়তেই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ প্ৰচেষ্টা চলিব। লুৎফৰ ৰহমান আৰু ছাইফুল ইছলাম ডাঙৰীয়াক বিভাগীয় কৰ্তৃপক্ষই সকলোবোৰ নথি-পত্ৰ সহিতে গুণোৎসৱৰ নিৰীক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছতো তেওঁৰ ওপৰত সন্দেহ কৰি অসম আৰক্ষীয়ে কিয় এই ধৰণৰ এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰিলে? যদি তেওলোক সচাকেই বোমা বনোৱা মানুহেই আছিল, তেতিয়াহলে তেওলোকৰ বিষয়ে অসম আৰক্ষীয়ে কিয় আগতীয়াকৈ তথ্য পোৱা নাছিল। বোমা বনোৱা দুজন মানুহে বাৰু ইমান বছৰ ধৰি কেনেকৈ এখন কলেজত অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকিব পাৰিলে? কোনোধৰণৰ প্ৰমাণ আৰু তথ্য অবিহনে যিকোনো ব্যক্তিক এনেদৰে হাৰাশাস্তি কৰাটো যুক্তিসংগত নে বাৰু ?? জুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় লুৎফৰ ৰহমান আৰু ছাইফুল ইছলামক গুণোৎসৱৰ নিৰীক্ষক হিচাপে তেওঁলোকৰ জিলা উপায়ুক্তই নিযুক্তি দিছিল। উপায়ুক্তই নিযুক্তি দিয়া ব্যক্তিদ্বয়ৰ যাৱতীয় নথি-পত্ৰ সমূহক কি কাৰণত বজাৰত কিনিব পোৱা সামগ্ৰী বুলি কলে অসম আৰক্ষীয়ে?? নে নামৰ পিছত থকা ৰহমান আৰু ইছলাম উপাধিটোৰ বাবেই তেনে এক ঘটনাৰ পৰিকল্পনা ৰচনা কৰা হ’ল??

আজি কেইদিনমানৰ পৰা আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশখনতেই এক বিশেষ ধৰ্মাৱলম্বী লোকক সকলো ক্ষেত্ৰতে লক্ষ্য কৰি লোৱা হৈছে। কেইদিনমান আগত বৰপেটাৰ পৰা কাম কৰিব যোৱা এক বিশেষ সম্প্ৰদায়ৰ কেইজনমান লোকক উজনীত বাংলাদেশী বুলি সন্দেহ কৰি অকথ্য নিৰ্যাতন চলোৱা হ’ল। ছিপাঝাৰতো বাংলাদেশীৰ সন্দেহতেই বহুতকে উচ্ছেদ কৰা হ’ল, যিবোৰ লোকৰ আনকি ১৯৬৫ চনৰ ভোটাৰ তালিকাতো নাম আছিল। যোৱা বৰ্ষটোত এনেকুৱা কিছুমান অমানৱীয় ঘটনা ঘটিছে, যিবোৰ অবৰ্ণনীয়। জেহাদীৰ নামত আজি কেইদিনমান আগত এজন ব্যক্তিক মুকলি ভাৱেই কেমেৰাৰ আগত হত্যা কৰি চছিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰা হ’ল, অথচ হত্যাকাৰী আজিলৈকে ধৰা নপৰিল। আখলাক নামৰ ব্যক্তিজনক ঘৰত গো মাংখ ৰখাৰ সন্দেহতেই হত্যা কৰা হ’ল। গৰুৰ চামৰাৰ ব্যৱসায় কৰাৰ বাবেই দলিতক অকথ্য নিৰ্যাতন দিয়াৰ দৃশ্য ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। কালবাৰ্গি, ডাভোলকাৰ, গৌৰী লংকেশৰ দৰে ব্যক্তিক হত্যা কৰা হল, যিবোৰে তথাকথিত এচামৰ ধৰ্মক লৈ কৰা ৰাজনীতিৰ বিৰোধিতা কৰিছিল। লাভ জেহাদ, গো মাতা, কোনে কি খাব , কি পিন্ধিব এই ধৰণৰ বিষয়ক লৈ যোৱা সময়ছোৱাত বহু অমানৱীয় ঘটনা ঘটি গৈছে।

এই যে ঘটনাবোৰ, এইবোৰক স্বাভাৱিক ঘটনা বুলি আমি উলাই কৰিব পাৰো জানো? এটা কথা আমি সকলোৱে বুজা উচিত যে সমাজ জীৱনত সংঘটিত হোৱা প্ৰত্যেকটো ঘটনাৰে উৎস থাকে, ওপৰৰ পৰা এনেই ঘটনা এটা সংঘটিত নহয়, ঘটনা বোৰৰ সৃষ্টি কৰোৱা হয় মানুহৰ চেতনাক সেইবোৰত ব্যস্ত কৰি ৰাখিবলৈ। ধৰ্ম যিহেতু এটা স্পৰ্শ কাতৰ বিষয় আৰু আমাৰ দেশখনো যিহেতু সাম্প্ৰদায়িক ৰাজনীতিৰে পৰিচালিত এটা দলৰ শাসনৰে বৰ্তমানে শাসিত হৈ আছে, সেয়ে এই ঘটনাবোৰৰ লগত শাসক শ্ৰেণীৰ ৰাজনীতি জড়িত থকাৰ প্ৰশ্নটো একে আষাৰে আমি নসাৎ কৰিব নোৱাৰোঁ। লুৎফৰ ৰহমান আৰু ছাইফুল ইছলাম ডাঙৰীয়াক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনাটোও যদি সেই ৰাজনীতিৰে এক অংশ হয়, তেতিয়া হ’লে নিশ্চিত ভাৱেই ই আমাৰ সমাজ জীৱনৰ বাবে চিন্তাৰ বিষয়। সাম্প্ৰদায়িক ৰাজনীতিৰে শাসন ক্ষমতা হস্তগত কৰিব বিচৰা সকলে এনেধৰণৰ ঘটনাৰ সুযোগেই সদায় বিচাৰি থাকে। সেয়ে সচেতন গণতান্ত্ৰিক ভাৱাপন্ন লোকসকলে এই বিষয়বোৰত সতৰ্ক থাকিলেহে হয়তো ঘটনাবোৰক সাম্প্ৰদায়িক ৰূপ দিব খোজাৰ ৰাজনীতিক বাধা দিব পৰা যাব। শেষত এই ঘটনাটোৰ এক উচিত নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰিছোঁ লগতে আশা কৰিছোঁ নামৰ পিছত এক বিশেষ ধৰ্মৰ উপাধি থকাৰ বাবেই যেন কোনো মানুহকে হাৰাশাস্তি কৰা নহয়।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে