চ’ৰাঘৰ / কথাশিল্প / ফ্ৰেমৰ বাহিৰৰ অৰণ্য ( কল্যাণী বৰ্মন )

ফ্ৰেমৰ বাহিৰৰ অৰণ্য ( কল্যাণী বৰ্মন )

পোহ মানিব নোখোজা কথাবোৰেই
পোহ দিব খোজোঁ প্ৰায়ে

পুৰণি কেলেণ্ডাৰ আৰু নতুন কেলেণ্ডাৰবোৰে
একেবোৰ কথাকে সোঁৱৰায়
মাথোঁ বাঢ়ি যায়
বহু আহ্নিক গতিৰ
নিৰন্তৰ পৰিক্ৰমাৰ খতিয়ান

পাতবোৰ এখিলা-দুখিলাকৈ সৰি পৰে
শুকাই যায় ডাল

খৰি লুৰিবলৈ অহা ল’ৰাটোৱে
ভাঙিবলৈ লওঁতেই
দেখা পাওঁ
কুঁহিপাতে ঠুঁটিওৱা
ফ্ৰে’মৰ বাহিৰৰ এখনি অৰণ্য>

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে