মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কোন দিশে আমাৰ সমাজ ? ৷৷ ইফটিখাৰ হুছেইন৷৷

কোন দিশে আমাৰ সমাজ ? ৷৷ ইফটিখাৰ হুছেইন৷৷

বহুত আগৰ কথা নাজানো, কিন্তু ১৯৯১ চনৰ মুক্ত অৰ্থনীতিৰ পিছৰ পৰা ভাৰতীয় সমাজ জীৱনৰ পৰিৱৰ্তন নিজ চকুৰে দেখিছোঁ। বিদেশী সামগ্ৰী আৰু সংস্কৃতিৰ পয়োভৰে ভাৰতৰ সাধাৰণ মানুহকো চুবলৈ ধৰিলে। ভোগবাদ ভাৰতত অধিক জনপ্ৰিয় হ’বলৈ ধৰিলে। পিছে ইয়াতনো বেয়া পাবলৈ কি আছে? কোনোবাই বহুত বেছি উপাৰ্জন কৰি বেছি সুখ শান্তিত থকাটো নিশ্চয় বেয়া কথা নহয়। কিন্তু এই কথা এজন দুজনত সীমাবদ্ধ হৈ নাথাকিল। অধিক বেছি ধনী হোৱাৰ মানসিকতাৰে সকলো দৌৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ধনী হোৱাৰ পথবোৰ কি? এটা দুটা উদাহৰণৰ বাহিৰে বেছি ভাগে সহায় ল”ব লগীয়া হৈছে দুৰ্নীতি আৰু ক’লা ব্যৱসায়ৰ। আচলতে মানুহ স্বাৰ্থপৰ জীৱ। নিজক সদায় বেছিকৈ লাগে। ভোগবাদৰ সংস্কৃতিত সামাজিক চিন্তা অৰ্থহীন বুলিবই পাৰি। নিজে অন্যায় ভাৱে ধনী হোৱাৰ ফলত সমাজত কাৰ কিমান ক্ষতি হ’ল, সেই কথা ভবাৰ অৱকাশ নাথাকে। আনহাতে, এই দৌৰত যিসকল সফল হ’ব নোৱাৰে, তেওঁলোকে ছন্দপতনৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। মানসিক অস্থিৰতা বা ভাৰসাম্যহীনতা অন্যতম সমস্যা।
.
ভোগবাদৰ পাৰ্শ্ব ক্ৰিয়া হিচাপে অবৈধ সম্পৰ্ক, দেহ ব্যৱসায়, উচ্ছৃংখলতা ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰে।( এই বিষয়ে বহলাই লিখাৰ থল আছে।) ভাৰতীয় সংস্কৃতিত এইবোৰ কথা মানি লোৱাটো সহজ কথা নহয়। অথচ এইবোৰ সমস্যা ভাৰতত নতুন নহয়। কিন্তু লাহে লাহে বহুত বাঢ়িছে। তেন্তে উপায় কি ? সাধাৰণ মানুহৰ ভাগ্য নিৰ্ভৰ কৰে চৰকাৰৰ ওপৰত। চৰকাৰ এখনে সকলো নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু ৰাইজে চৰকাৰ পাতিব পাৰে । আপুনি বিচৰা চৰকাৰ এখনে যদি আপুনি বিচৰা ধৰণে কাম নকৰে, তেন্তে সময়ত আপুনি উত্তৰ দিব পাৰে। তাৰ বাবে লাগিব সামাজিক আৰু ৰাজনৈতিক সচেতনতা। সমাজ বা দেশখনত কি ঘটি আছে, ৰাইজৰ দুখ কষ্ট বাঢ়িছে নে কমিছে – তাৰ খবৰ ৰাখিব লাগিব । বাতৰি কাকত বা টিভিৰ নিউজ চাইও সজাগ হ’ব পাৰি  আজিকালি ছচিয়েল মিডিয়া যোগে ফেইচবুক আদিতো বহুত কথা আলোচনা হৈ থাকে। সেইবোৰ পঢ়িব পাৰে। তাত মন্তব্যও দিব পাৰে। মূল কথা – আমি কিমান বেছি সামাজিক , কিমান বেছি স্বাৰ্থপৰ ! ইয়াতেই সকলো উত্তৰ লুকাই আছে।

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে