চ’ৰাঘৰ / কথাশিল্প / জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ্ৰামৰ উত্তৰাধিকাৰ ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ্ৰামৰ উত্তৰাধিকাৰ ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কোনো এখন ঠাইত কোনো এটা যুগত এজন প্ৰতিভাবান মানুহ বা মনীষীৰ আবিৰ্ভাৱ সেইখন সমাজ বিকাশৰ এটা বিশেষ স্তৰত ঠাই খনৰ এটা সামাজিক প্ৰয়োজন, সামাজিক চাহিদা বা সমাজ আকুতিক ভিত্তি কৰিয়েই ঘটে। সেই কাৰণেই মহাপুৰুষ শঙ্কৰদেবৰ যুগত জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগত মহাপুৰুষ শঙ্কৰদেবৰ আবিৰ্ভাৱ সম্ভৱ হোৱা নাছিল। সেই অৰ্থত মহাপুৰুষ শঙ্কৰদেব আৰু জ্যোতিপ্ৰসাদৰ আদৰ্শ-ভাৱনা আৰু কৰ্মৰাজিক তেওঁলোকৰ সময়ৰ প্ৰেক্ষাপটতত তেওঁলোকৰ চিন্তাৰ সীমাবদ্ধতাৰ কথা মনত ৰাখি বুজিব লাগিব।

এখন গণতান্ত্ৰিক সমাজত থাকিব লগা মানৱতাবাদী ধাৰণাসমূহ – ব্যক্তিস্বাধীনতা, মানুহৰ মাজত সমতাৰ ধাৰণাৰ পৰা নৰ-নাৰীৰ সমমৰ্যদা, নৰ-নাৰীৰ মাজত প্ৰেমৰ সামাজিক স্বীকৃতিৰ ধাৰণালৈকে সকলো হৈছে নৱজাগৰণ বা ৰেনেচাৰ ফচল। বহুমুখী প্ৰতিভাধাৰী জ্যোতিপ্ৰসাদৰ স্বল্পায়ু অথচ বহুদিশত সমৃদ্ধিশালী শিল্পীজীৱনত প্ৰবন্ধ-গল্প-উপণ্যাস-কবিতা-নাটক-গান-চিনেমা সকলোতে ফুটি উঠিছে পাঠকৰ হৃদয়তন্ত্ৰত স্পৰ্শ কৰি যোৱা এই মানৱতাবাদী মতাদৰ্শৰ সুৰ। মাত্ৰ ১৪ বছৰীয়া নাবালক জ্যোতিপ্ৰসাদে লিখি উলিওৱা ‘শোণিত কুঁৱৰী’ নাটকখনৰ বিষয়ে অতুল চন্দ্ৰ হাজৰিকাই কৈছে– ‘প্ৰাচীন লোকগাথাঁৰ নান্দনিক ঐশ্বৰ্য্য আৰু বক্তব্যক আধুনীক সময়ৰ ভাষা আৰু ষ্টাইলৰে নতুনকৈ তুলি ধৰাৰ সফল প্ৰয়াস।’ ইয়াৰ পাছত লিখা ‘কাৰেঙৰ লিগিৰী’ নাটকৰ যোগেদি জ্যোতিপ্ৰসাদে বলিষ্ঠভাবে ফুটাই তুলিছিল সামাজিক অন্যায় আৰু বিধিনিষেধৰ বিৰুদ্ধে ব্যক্তিৰ সংগ্ৰাম, আশা-আকাংক্ষা আৰু মুক্তিৰ আকুতি। এইয়া আছিল ৰেনেচাৰ ৰোমান্টিছিজম – সামন্তবাদী সমাজত ধনী-দুখীয়াৰ মাজৰ বান্ধোন চিঙি, ধন-মানৰ উৰ্দ্ধত প্ৰেমত পৰাৰ স্বাধীনতাৰ স্বীকৃতি নোপোৱা দুটি নবীন হৃদয়ৰ আত্মহত্যাৰ দৰে কৰুণ পৰিণতি উপস্থাপনৰে তেওঁ সামন্তবাদী সমাজৰ প্ৰতি ঘৃণা সৃষ্টি কৰাৰ এক সফল প্ৰয়াস।

ভাৰতবৰ্ষৰ কিছুমান বামপন্থীৰ মতে ভাৰতবৰ্ষত এতিয়াও হেনো ৰেনেচা হোৱাই নাই। তেওঁলোকৰ মতে ভাৰতবৰ্ষ হৈছে অৰ্ধ-সামন্ততান্ত্ৰিক সাম্ৰাজ্যবাদৰ বহতীয়া পুঁজিবাদী ৰাষ্ট্ৰ। যদি সেয়া সঁচা হ’লহেঁতেন তেনেহ’লে বিশ্বায়নৰ যুগৰ তীব্ৰ প্ৰতিযোগিতামূলক বিদেশৰ বজাৰত বৰ্তমান সময়ত ভাৰতবৰ্ষৰ পুঁজিপতি মুকেশ আম্বানীয়ে বিশ্বত প্ৰথম স্থান আৰু লক্ষ্মী মিট্টালে ৫ম স্থান অধিকাৰ কৰি ইমান দপদপাই স্বাধীন ভাবে নিজৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰি বিশ্বৰ লেখত ল’বলগীয়া পুঁজিপতিৰ লগত স্থান লাভ কৰিব নোৱাৰিলহেঁতেন। প্ৰকৃত সত্য হৈছে ভাৰতত কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ মাজেদি ভাৰতীয় জাতি গঠনৰ প্ৰক্ৰিয়া আৰু পুঁজিবাদী সমাজ প্ৰতিষ্ঠাৰ বাবে ৰেনেছা সংগ্ৰাম এনে এটা সময়ত হৈছিল যেতিয়া বিশ্বত পুঁজিবাদে ইতিমধ্যে সাম্ৰাজ্যবাদৰ পিনে অগ্ৰসৰ হৈ তাৰ বৈপ্লৱিক চৰিত্ৰ হেৰুৱাই পেলাইছিল। তদুপৰি ভাৰতত পুঁজিবাদ গঢ়ি উঠিছিল ইয়াৰ চাৰিওফালে থকা সামন্তবাদী সম্পৰ্কৰ মাজতে বিদেশী বণিক পুঁজিৰ অধীনত৷ ভাৰতীয় বুৰ্জোৱা শ্ৰেণীয়ে ভাৰতত পুঁজিবাদী গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল যদিও তেওঁলোক আছিল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয় মুক্তিৰ বাবে গঢ়ি উঠা আপোচহীন ধাৰাটোৰ বিৰোধী৷ কিয়নো তেওঁলোকৰ এই আশংকাত ভূগিছিল যে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আপোচহীন বিপ্লবী জাতীয় মুক্তি আন্দোলন সফল হ’লে ই দেশৰ পৰা মাথোন সাম্ৰাজ্যবাদী শোষককেই উৎখাত কৰি ক্ষান্ত নহ’ব, স্বাধীনতা আন্দোলনৰ নেতৃত্বৰ পৰা বুৰ্জোৱা শ্ৰেণীক উচ্ছেদ কৰি দেশত পুঁজিবাদী শাসন প্ৰতিষ্ঠাৰ সকলো সম্ভাৱনা নোহোৱা কৰি পেলাব৷ এহাতে সাম্ৰাজ্যবাদৰ বিৰোধিতা আৰু আনহাতে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনসাধাৰণৰ আপোচহীন বিপ্লৱী জাতীয় মুক্তি আন্দোলনৰ ধাৰাটোৰ প্ৰতি চূড়ান্ত ভয়ৰ বাবে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীৰ জাতীয়তাবাদী অংশ হৈ পৰে সংস্কাৰমূলক বিৰুদ্ধবাদী৷ অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মন্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত বিজ্ঞানসন্মত পুঁজিবাদী গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাত বলিষ্ঠ ভূমিকা লোৱাৰ পৰিবৰ্তে সামন্তবাদী ভাৱধাৰাৰ প্ৰতি ই হৈ পৰে সমানেই আপোচকামী৷ ইয়াৰ ফলস্বৰূপে ফ্ৰান্স, ইংলণ্ড সহ ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকা, কানাডা আদি দেশত নানা জনগোষ্ঠী থকা স্বত্বেও সুসংহত এখন দেশ-এটা জাতি গঢ়ি তোলাৰ সংগ্ৰাম কৰাৰ দৰে ভাৰতৰ জাতীয় বুৰ্জোৱা শ্ৰেণীয়ে অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মন্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত সমাজক গণতন্ত্ৰীকৰণ কৰাৰ লগতে ভাৰতৰ বিভিন্ন ভাষা-ভাষী, ধৰ্ম্মালম্বী জনগোষ্ঠী সমূহৰ একত্ৰীকৰণৰ মাজেৰে এটি অখণ্ড জাতি গঠনৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লবৰ কাম সমাধা কৰিব নোৱাৰিলে৷ গতিকে ভাৰতীয় জনসাধাৰণ সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা সংগ্ৰামৰ মাজেৰে ৰাজনৈতিকভাবে এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেদি এটা জাতি ৰূপে গঢ়ি উঠিল যদিও জাতি-ধৰ্ম-ভাষা-বৰ্ণ-গোষ্ঠীৰ ভিত্তিত সামাজিক আৰু সাংস্কৃতিক ভাবে হৈ থাকিল বিভিন্ন সম্প্ৰদায়ত বিভক্ত আৰু বিভিন্ন সামন্তবাদী মূল্যবোধত আসক্ত। ১৯৪৭ চনৰ ১৫ আগষ্টত সাম্ৰাজ্যবাদ আৰু সামন্ততন্ত্ৰৰ সৈতে আপোচমুখী ‘সংস্কাৰপন্থী বিৰুদ্ধবাদী’ কংগ্ৰেছৰ নেতৃত্বত ভাৰতবৰ্ষত গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতিস্থাৰ জৰিয়তে কিছু পৰিবৰ্তন আহিলেও গণতন্ত্ৰৰ নামত শোষণমূলক সমাজব্যৱস্থাহে প্ৰতিষ্ঠা হোৱাত ইয়াৰ স্বৰূপ দেখি জ্যোতিপ্ৰসাদে কৈ উঠিছিল-‘..স্বাধীনতা আহিল…মানুহৰ তেজৰে, চকুৰ পানীৰে আৰু আমি আজি সেই স্বাধীনতাক কলুষিত কৰিলোঁ আমাৰ দুৰ্নীতিৰে, আমাৰ নৈতিক অধ:পতনৰে।'(বিয়াল্লিছৰ কাহিনী)৷ আৰু কৈছিল-‘সিদিনালৈকে দেৱতা যেন দেখা আমাৰ দেশৰ নেতাসকলক আজি জনতাই কিয় সন্দেহ কৰিবলৈ ধৰিছে? সকলো ৰাষ্ট্ৰক্ষমতা হাতত থকা, জনশক্তিৰ ওপৰত সুপ্ৰতিষ্ঠিত হৈ থকা বুলি ভবা আমাৰ জাতীয় গৱৰ্ণমেন্ট কিয় দেশত থকা মুষ্টিমেয় চোৰাংকাৰবাৰীক ইমান দিনে উভালি পেলাব পৰা নাই?….আজীৱন কংগ্ৰেছ কৰ্ম্মী, কোনো ত্যাগলৈ কুন্ঠা নকৰি কংগ্ৰেছৰ নিৰ্দ্দেশ পালন কৰি অহা শিল্পী মই আজি অন্তৰে অন্তৰে অনুভৱ কৰিছো যে There is something wrong in the State of Denmark.(শিল্পীৰ পৃথিবী)

প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধ সম্পন্ন ধৰ্ম-জাত-পাত-বৰ্ণ-ভাষাৰ গোড়ামিৰ উৰ্দ্ধত সকলোকে সম দৃষ্টিৰে এখন বিশাল সমাজৰ পৰিধিলৈ আদৰিব খোজা এই ধাৰাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব লগীয়া সৰ্ব্বশ্ৰেষ্ঠ প্ৰতিনিধি হৈছে জ্যোতিপ্ৰসাদ৷ সমাজৰ মাজত ধনী-দুখীয়া, শোষক-শোষিতৰ বিভাজন লক্ষ্য কৰাৰ লগতে জ্যোতিপ্ৰসাদে বিছাৰিছিল সমাজৰ শতকৰা নবৈ ভাগ জনতা- খাটিখোৱা মানুহৰ ঐক্য। জ্যোতিপ্ৰসাদে সেই সময়ৰ অবিভক্ত অসমত অসমীয়া মানে বুজিছিল-
“ময়েই খাছীয়া/মই জয়ন্তীয়া/ডফলা-আবৰ-অঁকা/ময়ে চিংফৌ/ভৈয়ামৰ মিৰি/ সোৱণশিৰীয়া ডেকা/বিজয়ী আহোম কাছাৰী-কোঁচৰ/মেছৰ কুমাৰ মই/ৰাজবংশীয় ৰাভা/কপালত জ্বলে শত গৌৰৱৰ আভা/মই/লালুং-চুটীয়া/লুচাই-মিকিৰ-গাৰো/ মিছিমি-খামতি/নগা-আঙ্গামী বীৰ/পৰ্ব্বতে-পাহাৰে/জ্বলিছে উচ্চ শিৰ/সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা/চাহ-বাগিচাৰ ময়েই বনুৱা/ন-অসমীয়া মৈমনছিঙীয়া/থলুৱা নেপালী/ নৃত্য-কুশলী মণিপুৰীয়া মই।”(অসমীয়া ডেকাৰ উক্তি)

জ্যোতিপ্ৰসাদে বিশ্বভ্ৰাতৃত্ববোধৰ চিন্তাও গ্ৰহণ কৰিছিল। তেওঁ কৈছিল –‘বিশ্ববৈচিত্ৰ্য ৰক্ষা কৰিবলৈ আমি আমাৰ অসমীয়া সভ্যতা-সংস্কৃতি ৰক্ষা কৰিৰবলৈ যি চিন্তা বা কৰ্ম্ম কৰিম সি সঙ্কীণ প্ৰদেশিকতা হব নোৱাৰে। কিন্তু আমি যদি আমাৰ সভ্যতা-সংস্কৃতি এই সাৰ্ব্বভৌম আদৰ্শৰ পৰা আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বৰচাপৰিতেই এৰাল দি থওঁ তেন্তে আমাৰ মনটো অসমৰ অসমৰ গৰুৰ দৰেই টিলিকা হৈ থাকিব। আমাৰ সংস্কৃতি, সাহিত্য, কলা, সকলোৱেই থাকিব অসমৰ নামঘৰত পৰি।……বিশ্ববৈচিত্ৰ্যবোধৰ ভাবেৰে সকলো জাতি, মহাজাতি, উপজাতিয়ে নিজৰ সভ্যতা-সংস্কৃতি গঢ়িবলৈ আগবাঢ়িলে তাত আৰু সংঘৰ্ষৰ ঠাই ক’ত?….অসমীয়া ভৈয়ামীয়াসকলেও তেতিয়া আমাৰ অসমৰ জনজাতিসকলৰ সভ্যতা সংস্কৃতি যে ৰক্ষা কৰিব লাগিব তাকো বুজিব পাৰিব ভালকৈয়ে।'(অসমীয়া স্থাপত্যৰ নৱৰূপ)

জ্যোতিপ্ৰসাদে ‘নতুনৰ পূজা’ লেখাত মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ সময়ত বহুধাভক্ত অসমৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ ইতিহাসক বিজ্ঞানসন্মত পদ্ধতিৰে বিশ্লেষণ কৰাৰ কথা উল্লেখ কৰি কৈছে যে অসমৰ পৰ্ব্বতে-ভৈয়ামে জকমকাই থকা নানা ভাষা-ভাষী মানুহৰ বিচিত্ৰ সংস্কৃতি, তেওঁলোকৰ মাতৃভাষা, দোৱান আদি এৰিবলৈ কোৱাতো মহাপুৰুষ জনাৰ সমন্বয় নীতিৰ ফালৰ পৰাও অসংগত। শঙ্কৰদেৱে সংস্কৃতিৰ এই সমন্বয় কৰিবলৈ যাওঁতে যেনেকৈ নিজৰ ভিতৰত বৈপ্লৱিক ৰূপান্তৰ ঘটাইছিল, সেইদৰে যাৰ সৈতে সমন্বয় কৰিছিল তাৰো জাতীয় ৰীতি-নীতি, বৈশিষ্ট্য নষ্ট হ’বলৈ নিদিয়াকৈ নতুন সংস্কৃতিৰ পোহৰত চালি-জাৰি অসমীয়া সংস্কৃতিৰ এক নৱ প্ৰকাশ ঘটাব বিছাৰিছিল। কাৰণ জ্যোতিপ্ৰসাদে তেতিয়াই বুজিছিল যে অসমীয়াভাষীসকলে যেনেকৈ নিজৰ ভাষা-সংস্কৃতিকলৈ গৌৰৱ অনুভৱ কৰে; নগা, মিজো, খাচিয়া, গাৰো, বড়ো,ৰাভা, মিচিং বা কাৰ্বি এজনেও নিজ নিজ মাতৃভাষা-সংস্কৃতিকলৈ গৌৰৱ অনুভৱ কৰে। এটা স্বাভাৱিক সুস্থ পৰিবেশত সমতাৰ ভিত্তিত দীৰ্ঘদিনৰ আদান-প্ৰদানৰ মাজেৰে সংমিশ্ৰণৰ বিজ্ঞানসন্মত প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কথা তেতিয়াই তেওঁ উপলদ্ধি কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত আমাৰ দেশত চলা স্বাধীনতা সংগ্ৰামৰ সময়ত যেতিয়া ভাৰতীয় জাতীয়তাবোধে জীৱন্তৰূপে কাম কৰি আছিল, তেতিয়া এই অঞ্চলৰ সকলো মানুহক এটা ঐক্যবদ্ধ সমূহীয়া জনগোষ্ঠীলৈ ৰুপান্তৰিত কৰাৰ পূৰ্ণ সুযোগ আছিল যদিও কংগ্ৰেছে ইয়াৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ কাম হাতত নল’লে৷ তাৰ পৰিবৰ্তে ৰাজ্যখনত স্বাধীনোত্তৰ অধিক কাল ক্ষমতাসীন কংগ্ৰেছ দলে ব্ৰিটিছৰ দৰে ‘ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)’ নীতি অনুসৰণ কৰায়েই নহয়, অধিক বৃদ্ধি কৰাৰ চেষ্টাত লিপ্ত হৈ অসমৰ কিছুমান জনগোষ্ঠীয়ে বিচৰা-নিবিচৰাকৈয়ো স্বায়ত্ব শাসিত আৰু উন্নয়ন পৰিষদসমূহ গঠন কৰি অসমৰ জনগণক বহুধাভক্ত কৰি পেলালে।

আজি বিশ্বায়নে অৰ্থনীতিক বিশ্বায়িত কৰাৰ ফলত পণ্য প্ৰযুক্তি আৰু তথ্যৰো বিশ্বব্যাপী অবাধ যাতায়ত হৈছে। ইয়াৰ ফলত আজি বাতৰি কাকত-আলোচনী, ডিস্ক টিভি, স্মাৰ্টফোন, ইন্টাৰনেট আদিয়ে আমেৰিকান কালচাৰৰ নামত এক ভোগবাদী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ সমগ্ৰ বিশ্বতে ঘটাইছে। ই সাধাৰণ মানুহৰ জীৱনলৈ কঢ়িয়াই আনিছে অভূতপূৰ্ব সামাজিক আৰু সাংস্কৃতিৰ সংকটৰ বীজাণু। এই অনৈতিক অমানবীয় পৰিকল্পনাত আছে এক অধ:পতিত নৈতিক সাংস্কৃতিক ধ্যানধাৰণা। কৃত্ৰিম এই সংস্কৃতিৰ জন্ম ক্ষয়িষ্ণু পুঁজিবাদী অৰ্থনীতিৰ মুনাফাৰ লোভ আৰু বৈজ্ঞানিক মানসিকতাৰ পৰা বিচ্যুত প্ৰযুক্তিৰ হাতত ধৰি। ইয়াৰ মূল কথা হল কনজুমাৰিজিম বা ভোগবাদ। উন্নত প্ৰযুক্তিৰ হাতত ধৰি ভাইৰাছৰ দৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে এই বিকৃতি। এই ভয়ংকৰ প্ৰচাৰৰ ষ্ট্ৰীমৰোলাৰত উন্নত পুঁজিবাদী দেশবোৰতকৈয়ো বেছিকৈ পিষ্ট হৈছে দৰিদ্ৰ দেশৰ কিশোৰ-কিশোৰীসকল। ইয়াৰ প্ৰভাৱ পৰিছে আমাৰ বিহু উদযাপনৰ ওপৰতো। আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনতো ভৰিপৰিছে স্থূল চিন্তা, অদ্ভূত বেশভূষা, যৌনতা, অবাস্তৱতা, উদ্দেশ্যহীনতা। এই ক্ষেত্ৰত এজন প্ৰকৃত শিল্পীৰ কৰ্তব্য সন্বন্ধে জ্যোতিপ্ৰসাদে ‘শিল্পীৰ পৃথিবী’ শীৰ্ষক প্ৰবন্ধটিত কৈছিল -‘এই জনতাক শিল্পীৰূপ দি, সংস্কৃতি এই জনতাৰ হাতত পৃথিৱীখন দিয়াই শিল্পীৰ পলিটিক্স। এই জনতাক খাই বৈ সুস্থ-সবল হৈ শিল্পীৰূপে প্ৰকাশ হ’বলৈ সকলো বাস্তৱিক সুযোগ-সুবিধা দিয়াই শিল্পীৰ অৰ্থনীতি। যি সমাজৰ গাঁথনিত, মাথোন সকলো শিল্পী প্ৰকাশৰ-বিকাশৰ সমান অধিকাৰ সুযোগ-সুবিধা সেয়েই শিল্পীৰ সমাজনীতি। যি প্ৰকাৰৰ সংঘাতৰেই দুস্কৃতিৰ বিনাশ হ’ব সেয়াই শিল্পীৰ সমৰ-নীতি।….আজি সকলো কথাকেই জনতাৰ কল্যাণৰ কষটি শিলত ঘঁহি সি আচল সোণ নে পিতল পৰীক্ষা কৰি চাব লাগিব। যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী। সি সংস্কৃতিক অৰ্থনীতি নহয় সি দুস্কৃতিমূলক অৰ্থনীতি। সাম্ৰাজ্যবাদ আৰু পশ্চিমীয়া যি ধনতন্ত্ৰবাদৰ অৰ্থনীতি সি দেখাতেই দুস্কৃতিমূলক।…. এই দুই অৰ্থনীতি আমাৰ নিশ্চয় শিল্পীৰ নহয়।’ গতিকে আজি শিল্প-সংস্কৃতিৰ চৰ্চাৰ উদ্দেশ্য হোৱা উচিত এই ভোগবাদী অধ:পতিত নৈতিক সংস্কৃতি অৰ্থাৎ দুস্কৃতিৰ বিনাশৰ বাবে শিল্প-সংস্কৃতিক ব্যৱহাৰ কৰা, তাৰ আলম লৈ শিল্প-সংস্কৃতি চৰ্চা কৰা নহয়। জ্যোতিপ্ৰসাদৰ মতে মাথোঁ শিল্প-সাহিত্য সৃষ্টি কৰিলেই নহ’ব, যি শিল্পী-সাহিত্যিকে মানুহৰ জীৱন সাংস্কৃতিক কৰি তোলে, প্ৰগতিৰ পথ দেখুৱাই তেৱেঁই যথাৰ্থ শিল্পী। তেওঁৰ সাহিত্য-সংস্কৃতি-প্ৰেম- ভালপোৱা-দৰদী হৃদয়বৃত্তি সকলো আহিছে সমাজৰ অত্যাচাৰিত, বঞ্চিত মানুহৰ প্ৰতি আন্তৰিক ভালপোৱা, দায়বদ্ধতা আৰু তেওঁলোকৰ বাবে এখন সুন্দৰ শোষণহীন সমাজ গঢ়িব খোজাৰ আকুতিৰ পৰা। সেয়াই হৈছে প্ৰকৃত জনতাৰ শিল্পীৰ লক্ষণ। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰো এজন বাটকটিয়া। পিছে তেওঁ আজি বহুতৰ দৰে চলচ্চিত্ৰৰ ৰঙীন চৌখিনতাত ভোল যোৱাৰ পৰিবৰ্তে চলচ্চিত্ৰকো সংগ্ৰামৰ আহিলা হিচাবে বিবেচনা কৰিছিল। তেওঁ ভাৰতৰ প্ৰথমখন বাস্তৱবাদী সবাক ৰাজনৈতিক চলচ্চিত্ৰ ‘জয়মতী’ৰ জৰিয়তে নায়িকা জয়মতীয়ে ৰজাৰ ইমান অত্যাচাৰৰ পিচতো নিজে গিৰিহঁতৰ সম্ভেদ নিদি ৰজাৰ অত্যাচাৰ নীৰৱে সহি মৃত্য বৰণ কৰা ঘটনাৰ জৰিয়তে মহাত্মা গান্ধীৰ অহিংসাবাদৰ কথা প্ৰচাৰ কৰিব বিছাৰিছিল। সেইদৰে তেওঁৰ নাটক খনিকৰত আছে নাৰী স্বাধীনতাৰ বাণী আৰু লভিতাত নেতাজী সুভাস চন্দ্ৰ বসুৰ আপোচহীন আদৰ্শৰে গঠিত আজাদ হিন্দ ফৌজৰ দেশপ্ৰেমৰ এক আপোচহীন সংগ্ৰামী চেতনা।

জ্যোতিপ্ৰসাদে তেওঁৰ সময়ৰ আদৰ্শৰ প্ৰেক্ষাপটত ভাৰতীয় আৰু অসমীয়া সমাজৰ গৰ্ভত জন্ম হোৱা নৱজাগৰণ বা ৰেনেচাৰ আকাঙ্খাক বাস্তৱ ৰূপ দিবলৈ গৈ কি পথ গ্ৰহণ কৰিছিল, তাৰ যথাৰ্থ উপলদ্ধিৰ ভিত্তিত আজিৰ ভিন্ন পৰিস্থিতিত শিল্প-সাহিত্য সম্পৰ্কে, আজিৰ দিনৰ সমাজ সম্পৰ্কে বিজ্ঞানসন্মত যুগোপযোগী ধাৰণা গঢ়ি তোলাৰ বাবে জ্যোতিপ্ৰসাদৰ জীৱন সংগ্ৰামৰ পৰা শিক্ষা গ্ৰহণ কৰাই হ’ব তেওঁৰ প্ৰতি যথাৰ্থ শ্ৰদ্ধা জ্ঞাপন। দেশৰ শোষিত মানুহ, ছাত্ৰ-যুবকৰ অনুপ্ৰেৰণা যোগাবলৈ জ্যোতিপ্ৰসাদ প্ৰকৃতপক্ষে কেনে ধৰণৰ আপোচহীন বিপ্লবী মনীষী আছিল, সত্যৰ বাবে, দেশৰ শোষিত মানুহৰ বাবে, যি আন্তৰিকতাৰে সমাজৰ পৰা অত্যাচাৰ, অনাচাৰ, বৈষম্য দূৰ কৰাৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল তাৰ বহল চৰ্চা হোৱা উচিত। কাৰণ তেওঁৰ দৰে এজন মহান বহুমুখী বিপ্লৱী মানৱতাবাদী মনীষীৰ চিন্তা, আদৰ্শ আমি গ্ৰহণ কৰি আমাৰ মাজত বিলীন নকৰাকৈ আজিৰ যুগত উত্তৰণৰ বাবে প্ৰয়োজনীয় তাতোকৈ উন্নত সমাজবাদী গণতন্ত্ৰৰ আদৰ্শ-সংস্কৃতি আমি গঢ়ি তুলিব নোৱাৰো, কাৰণ তেওঁ য’ত শেষ কৰিছে তাৰ পৰায়েই আমি আৰম্ভ কৰিব লাগিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে